পৰ্যালোচনাসাময়িকী

ৰাছিয়া-ইউক্ৰেইন সংঘাত

কুৰি শতিকাৰ প্ৰথম পাঁচটা দশকৰ ভিতৰতে বিশ্বক কোঙা কৰি থৈ গ’ল দুখন বিশ্বযুদ্ধই। এতিয়া বিশ্বজুৰি আশংকা ঘনীভূত হৈছে পুনৰ এক বিশ্বযুদ্ধৰ। বিশ্বৰ সকলো দেশৰ মাজতে এটা কথাৰেই উকমুকনি আৰম্ভ হ’ব নেকি পুনৰ এক প্ৰলয়ংকাৰী বিশ্বযুদ্ধৰ? হিটলাৰৰ নেতৃত্বত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰি দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ কৰাৰ দৰে পুটিনৰ নেতৃত্বত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰি আৰম্ভণি ঘটাব নেকি তৃতীয় বিশ্বযুদ্ধৰ? নে ই ৰাছিয়া আৰু আমেৰিকাৰ মাজত চলি থকা আভ্যন্তৰীণ শীতল যুদ্ধৰ এক প্ৰতিৰূপ? ৰাছিয়া ইউক্ৰেইনৰ সংঘাত আজিৰ নহয়। ৰাছিয়া ইউক্ৰেইনৰ এই সংঘাতৰ ইতিহাস আছে। এই ইতিহাসো আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজৰ শীতল যুদ্ধৰে এক অংশ মাথোন। এতিয়া মাথোঁ এটাই প্ৰশ্ন ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ সংঘাতৰ ফলত কি হ’ব? বিশ্বত ইয়াৰ কি প্ৰভাৱ পৰিব?

ৰাছিয়া-ইউক্ৰেইন সম্পৰ্কৰ ইতিহাস –

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অতীজৰে পৰা এটা সম্পৰ্ক আছে। জাৰৰ শাসনকালৰে পৰাই ৰাছিয়া আৰু ইউক্ৰেইনৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। ইয়াৰ পাছতেই ইউক্ৰেইন আছিল ছোভিয়েট ইউনিয়ন(USSR)ৰ এটা অংশ। ইউক্ৰেইন আছিল ৰাছিয়াত বলচেভিক বিপ্লৱৰ পাছতে গঠন হোৱা ছোভিয়েট ইউনিয়নৰ এখন প্ৰতিষ্ঠাপক সদস্য দেশ যি ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পৰা স্বতন্ত্ৰতা ঘোষণা কৰিছিল।

ছোভিয়েট ইউনিয়ন

ছোভিয়েট ইউনিয়ন আছিল ৰাছিয়াৰ দ্বাৰা অধ্যুষিত এক ৰাজনৈতিক কেন্দ্ৰ য’ত ইউক্ৰেইনৰ কমিউনিষ্ট পাৰ্টি মস্কোত থকা কেন্দ্ৰীয় কৰ্তৃপক্ষৰ হাতৰ পুতলাৰ দৰে আছিল। ইউক্ৰেইনৰ সংস্কৃতি আৰু ভাষাক গৌণ বুলি গণ্য কৰি ৰাছিয়ান ভাষাক অধিক গুৰুত্ব দিয়া হৈছিল।

ইউক্ৰেইনক ছোভিয়েট ইউনিয়নৰ নেতা জোচেফ ষ্টেলিনৰ সময়ত সৌহাদ্যপূৰ্ণ ব্যৱহাৰ কৰা নাছিল। ষ্টেলিনৰ ভূমিৰ মালিকীস্বত্বৰ বিৰুদ্ধে যুদ্ধই অধিকাংশ ইউক্ৰেইনভাষী কৃষকক প্ৰভাৱিত কৰিছিল আৰু তেওঁৰ কৃষিৰ বলপূৰ্বক সংগ্ৰহৰ ফলত এক দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল যাৰ বাবে ১৯৩০ ৰ দশকৰ আৰম্ভণিতে ইউক্ৰেইনত ৭-১০ নিযুত লোকৰ মৃত্যু হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰে ৰাছিয়া আক্ৰমণ কৰাৰ সময়ত নাজী বাহিনীয়ে ইউক্ৰেইন অতিক্ৰম কৰিছিল আৰু ভয়ংকৰভাৱে ধ্বংসপ্ৰাপ্ত হৈছিল। যুদ্ধৰ সময়ত প্ৰায় 8 নিযুত ইউক্ৰেইনৰ লোকে প্ৰাণ হেৰুৱাইছিল আৰু লগতে প্ৰায় ১-২ নিযুত ইউক্ৰেইনৰ ইহুদীক মৃত্যুদণ্ড দিয়া হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়নত ইউক্ৰেইনৰ মৰ্যাদা বৃদ্ধি পাইছিল, ইউক্ৰেইনে ছোভিয়েট ইউনিয়নৰ ভিতৰত নামমাত্ৰ স্বাধীনতাৰ সৈতে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্যৰ পদ লাভ কৰিছিল আৰু লিঅ’নিড ব্ৰেজনেভ নামৰ এজন ইউক্ৰেনীয় ব্যক্তিয়ে ১৯৬৪ চনৰ পৰা ১৯৮২ চনলৈ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

কিন্তু প্ৰকৃততে ইউক্ৰেইনক মস্কোত থকা কমিউনিষ্ট দলৰ দ্বাৰা পোনপটীয়াকৈ শাসন কৰা হৈছিল। লগতে ইউক্ৰেইন হৈ পৰিছিল ছোভিয়েট অস্ত্ৰ উদ্যোগৰ এক মূল কেন্দ্ৰ আৰু অধিকাংশ পাৰমাণৱিক অস্ত্ৰাগাৰৰ স্থান।

ছোভিয়েট ইউনিয়নৰ পতন

ছোভিয়েট ইউনিয়নত সদায়ে এক শক্তিশালী পৃথকতাবাদী আন্দোলন আছিল আৰু ইউক্ৰেইনে 1976 চনৰ হেলচিঙ্কি চুক্তিত উল্লেখ কৰা মানৱ অধিকাৰ আৰু স্বাধীনতা ৰূপায়ণৰ বাবে জোৰ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যি পৰৱৰ্তী সময়ত ছোভিয়েট ইউনিয়নৰ পতনত অৰিহণা যোগাইছিল।

ইউক্ৰেইনে ছোভিয়েট ইউনিয়নৰ পৰা ১৯৯১ চনৰ ২৩ আগষ্টত স্বাধীনতা ঘোষণা কৰিছিল। ডিচেম্বৰৰ আৰম্ভণিতে ইউক্ৰেইনৰ স্বাধীনতা ঘোষণাক লৈ গণভোট হয় আৰু প্ৰায় 90% ভোটৰ সৈতে ইউক্ৰেইনৰ স্বাধীনতাক অনুমোদন জনোৱা হয়। লিঅ’নিড ক্ৰাভচুক ইয়াৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। একে মাহত গৰ্বাচেভে ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতিৰ পদৰ পৰা পদত্যাগ কৰে আৰু সাংগঠনিকভাৱে ছোভিয়েট ইউনিয়ন ধ্বংসপ্ৰাপ্ত হয় আৰু ইউক্ৰেইনৰ লগতে ৰাছিয়াকে ধৰি সৰ্বমুঠ পোন্ধৰ(১৫) খন ৰাষ্ট্ৰ গঠন হয়।

এই ছোভিয়েট ইউনিয়নৰ পতনে আনুষ্ঠানিকভাৱে বিশ্বত আমেৰিকাৰ নেতৃত্বত পুঁজিবাদী আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত সাম্যবাদী শিবিৰৰ মাজত চলি থকা শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটায়।

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত –

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘাতৰ অন্তৰালত বহুতো কাৰণ লুকাই আছে। ছোভিয়েট ইউনিয়নৰ ভাঙোন ঘটি আন তেৰ(১৩)খন স্বাধীন দেশৰ লগতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৃষ্টি হয়। আৰু ক্ৰমান্বয়ে দুয়োখন দেশৰ মাজত সংঘাতৰ আৰম্ভণি হয়।

যিহেতু ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে ৱাৰ্শ্ব সন্ধিও ভঙ্গ হয়। সেয়ে, আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন নাটো(NATO)য়ে বিশ্বত নিজৰ প্ৰভাৱ বৃদ্ধিৰ এই সুযোগৰ অপব্যয় হ’বলৈ নিদিলে। নাটো মিত্ৰশক্তিয়ে পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় আৰু পূৱ ইউৰোপীয় দেশসমূহৰ সদস্যভুক্তিত গুৰুত্ব দিলে যিবোৰ পূৰ্বতে ছোভিয়েট ইউনিয়ন নেতৃত্বাধীন ৱাৰ্শ্ব সন্ধিৰ অংশ আছিল। ১৯৯২ চনত ইউক্ৰেইনে আনুষ্ঠানিকভাৱে মিত্ৰতাৰ যোগেদি নাটোৰ লগত সম্পৰ্ক স্থাপন কৰে যদিও ই নাটোত যোগ নিদিলে। নাটোৰ সচিবে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ ভ্ৰমণ কৰে আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি লিঅ’নিড ক্ৰাভচুকে ব্ৰাচেলছত থকা নাটোৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে।

ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত, ইউক্ৰেইন বিশ্বৰ তৃতীয় সৰ্ববৃহৎ পাৰমাণৱিক ভাণ্ডাৰৰূপে পৰিগণিত হয়। ১৯৯৪ চনৰ ডিচেম্বৰত “বুডাপেষ্ট স্মাৰকপত্ৰ” নামৰ এক চুক্তিত, ইউক্ৰেইনে ইয়াৰ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল, ৱাৰহেড আৰু অন্যান্য পাৰমাণৱিক আন্তঃগাঁথনি বিক্ৰী কৰিবলৈ সন্মত হয় আৰু ইয়াৰ বাবদ এই চুক্তি স্বাক্ষৰকাৰী চুক্তি স্বাক্ষৰকাৰী – আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আৰু ৰাছিয়াই ইউক্ৰেইনৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিব আৰু ইয়াৰ বিদ্যমান সীমাক সন্মান কৰিব বুলি নিশ্চিতি প্ৰদান কৰে।

ৰাছিয়া-ইউক্ৰেইনৰ মাজত বৰ্তমান চলি থকা সংঘৰ্ষৰ উৎপত্তি হয় আজিৰ পৰা প্ৰায় বাইশ(২২) বছৰৰ আগতে ভ্লাডিমিৰ পুটিনে ২০০০ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰিয়েই পূৰণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ এই উচ্চাকাংক্ষাৰ কাৰণ আছিল ইউক্ৰেইনক অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে ৰাছিয়াৰ বাবে হাতৰ মুঠিত ৰখা। আৰম্ভণিতে তেওঁৰ ৰণনীতি কিছু শিথিল আৰু নৰম আছিল, কিন্তু সময়ৰ লগে লগে পুটিনৰ নীতি অধিক দৃঢ় আৰু আক্ৰমণাত্মক হৈ পৰিছিল আৰু বৰ্তমান তাৰ প্ৰভাৱেই দেখা পোৱা গৈছে।

২০০৪ চনত ইউক্ৰেইনত সংঘটিত হোৱা অৰেঞ্জ ৰিভলিউচনে পুটিনক ইউক্ৰেইনক লৈ তেওঁৰ কৌশলবোৰ পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰিছিল। ২০০৪ চনৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি পদৰ বাবে পুটিনৰ পছন্দৰ প্ৰাৰ্থী ভিক্টৰ ইয়ানুকোভিচক নিৰ্বাচনৰ ফলাফলত ৰিগিং কৰাত জড়িত হোৱাৰ পিছত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত পশ্চিমীয়া বিৰোধী দলৰ প্ৰাৰ্থী ভিক্টৰ য়ুশ্চেঙ্কো ইউক্ৰেইনৰ ক্ষমতালৈ আহিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত সময়ত য়ুশ্চেঙ্কোৰ দেহত বিষক্ৰিয়া হৈছিল আৰু ই ৰাছিয়াই কৰাইছিল বুলি ৰাছিয়াক দোষাৰোপ কৰিছিল।

২০০৫ চনৰ জানুৱাৰী মাহত ভিক্টৰ য়ুশ্চেঙ্কোয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰূপে আৰু ইউলিয়া টাইম’শ্চেঙ্কোয়ে ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে।

ইউক্ৰেইনক নাটোৰ সদস্যভুক্ত কৰিবৰ বাবে য়ুশচেঙ্কো আৰু টাইম’চেঙ্কোয়ে ২০০৮ চনৰ জানুৱাৰীত নাটোক আনুষ্ঠানিকভাৱে ইউক্ৰেইনক নাটোৰ সদস্যপদ প্ৰদান কৰিবলৈ আৱেদন কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশে ইউক্ৰেইনৰ সদস্যপদ সমৰ্থন কৰে, কিন্তু এইক্ষেত্ৰত ৰাছিয়াই অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছত ফ্ৰান্স আৰু জাৰ্মানীয়ে ইউক্ৰেইনক নাটোৰ অন্তৰ্ভুক্তকৰণৰ বিৰোধিতা কৰে। তাৰপাছত, এপ্ৰিলত নাটোৱে এক আপোচ মীমাংসাৰে সঁহাৰি জনায় আৰু ই প্ৰতিশ্ৰুতি দিয়ে যে ইউক্ৰেইন এদিন নাটো মিত্ৰজোঁটৰ সদস্য ৰাষ্ট্ৰ হ’ব, কিন্তু এইটো কেনেদৰে কৰিব লাগে তাৰ বাবে ইয়াক এক নিৰ্দিষ্ট পথ উলিওৱা হ’ব।

২০০৮ চনৰ আগষ্টত দক্ষিণ অচেটিয়ানৰ বিচ্ছিন্নতাবাদীসকলৰ বিৰুদ্ধে জৰ্জিয়াৰ সামৰিক অভিযানৰ পিছত ৰাছিয়াৰ সৈন্যই জৰ্জিয়া আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত পাঁচ দিনীয়া যুদ্ধ হয় আৰু ইয়াৰ ফলত জৰ্জিয়াৰ পৰা বিচ্ছিন্ন হোৱা জৰ্জিয়ান গণৰাজ্য আবখাজিয়া আৰু দক্ষিণ অচেটিয়াত ৰাছিয়াই নিজৰ সৈন্য সংখ্যা বৃদ্ধি কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি য়ুশ্চেঙ্কোৱে এই সংঘৰ্ষত জৰ্জিয়াৰ পক্ষ লয়, ইয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰে। পৰৱৰ্তী সময়ত ৰাছিয়াই আবখাজিয়া আৰু দক্ষিণ অচেটিয়া গণৰাজ্যক স্বাধীন ৰাজ্য হিচাপে স্বীকৃতি দিয়ে, যদিও বিশ্বৰ অধিকাংশ দেশৰ দ্বাৰা এই দুখন স্বাধীন ৰাজ্য হিচাপে স্বীকৃত নহয়।

২০০৮ চনৰ ছেপ্টেম্বৰত ইউক্ৰেইন ইউৰোপীয়ান ইউনিয়নত যুক্ত হোৱাক লৈ ইউৰোপীয়ান ইউনিয়ন আৰু ইউক্ৰেইনৰ মাজত “এছ’চিয়েছন এগ্ৰিমেণ্ট”ক কেন্দ্ৰ কৰি এক আলোচনা আৰম্ভ হয়। ইউৰোপীয় ইউনিয়নে এনে চুক্তিবোৰক আইনীভাৱে বাধ্যতামূলক চুক্তি বুলি বিবেচনা কৰে যি দেশবোৰক ইউৰোপীয় ইউনিয়নৰ সৈতে ঘনিষ্ঠভাৱে ৰাজনৈতিক, আইনী আৰু বাণিজ্যিক সম্পৰ্কৰ বিকাশ কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে আৰু কেতিয়াবা দেশসমূহক ইউৰোপীয়ান ইউনিয়নত অন্তৰ্ভুক্তিৰ দিশলৈ লৈ যায়।

২০০৯ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখে, গেছৰ মূল্যক লৈ কেইবা মাহধৰি চলি থকা ৰাজনৈতিকভাৱে ভৰপূৰ আলোচনাৰ পিছত ৰাছিয়াৰ চৰকাৰী গেছ কোম্পানী গেজপ্ৰমে হঠাতে ইউক্ৰেইনলৈ গেছ পঠিওৱা বন্ধ কৰি দিয়ে। যিহেতু পূৱ আৰু মধ্য ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ পৰা গেছ আমদানি কৰিবলৈ ইউক্ৰেইনৰ মাজেৰে যোৱা পাইপলাইনৰ ওপৰত নিৰ্ভৰ কৰে, এই গেছৰ সংকট দ্ৰুতগতিত ইউক্ৰেইনৰ সিপাৰে থকা ইউৰোপৰ অন্য দেশবোৰতো পৰে।

এই সংকট সমাধানৰ বাবে আন্তৰ্জাতিক চাপৰ বাবে ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী টাইম’চেঙ্কোৱে পুটিনৰ সৈতে এক নতুন চুক্তি কৰে, আৰু 20 জানুৱাৰীৰ পৰা ৰাছিয়াৰ পৰা ইউক্ৰেইন আৰু ইয়াৰ পশ্চিমৰ দেশবোৰলৈ গেছৰ প্ৰবাহ পুনৰ আৰম্ভ হয়। 

২০১০ চনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইয়ানুকোভিচে সেই সময়ৰ প্ৰধানমন্ত্ৰী টাইম’চেঙ্কোক পৰাজিত কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈয়েই ইয়ানুকোভিচে ঘোষণা কৰে যে ইউক্ৰেইন এখন নিৰপেক্ষ ৰাষ্ট্ৰ হৈ থাকিব আৰু ৰাছিয়া আৰু পশ্চিমীয়া দেশ সকলোকে সহযোগিতা আগবঢ়াব।

তাৰ পৰৱৰ্তী বৰ্ষতেই, ইউক্ৰেইনত প্ৰাক্তন প্ৰধানমন্ত্ৰী টাইম’চেঙ্কোৰ ওপৰত অপৰাধমূলক তদন্ত আৰম্ভ হয় আৰু তেওঁৰ ওপৰত দুৰ্নীতি আৰু চৰকাৰী সম্পদৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হয়। ২০১১ চনৰ অক্টোবৰত এখন আদালতে টাইম’চেঙ্কোক ৰাছিয়াৰ সৈতে ২০০৯ চনৰ গেছ সংকটৰ আলোচনাৰ সময়ত “ক্ষমতাৰ অপব্যৱহাৰ”ৰ বাবে দোষী সাব্যস্ত কৰে আৰু সাত বছৰৰ কাৰাদণ্ড প্ৰদান কৰে। ইয়াৰ ফলতেই পশ্চিমীয়া দেশসমূহত ইউক্ৰেইনক লৈ উদ্বেগ প্ৰকাশ হয় যে ইউক্ৰেইনৰ নেতাসকলে ৰাজনৈতিক বিৰোধীসকলক ক্ষমতাৰ অপব্যৱহাৰ কৰি হাৰাশাস্তি কৰিছে।

২০১৩ চনত ইউক্ৰেইনৰ ৰাইজৰ জনমতত ৰাষ্ট্ৰপতি ইয়ানুকোভিছে ইউৰোপীয়ান ইউনিয়নত ইউক্ৰেইনৰ যোগদান কৰিবলৈ চুক্তি স্বাক্ষৰিত কৰিবলৈ আগবাঢ়ে। কিন্তু ৰাছিয়াৰ হেঁচাৰ পৰিপ্ৰেক্ষিতত চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰাকমুহূৰ্তত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ইয়ানুকোভিছে চুক্তিত স্বাক্ষৰিত কৰিবলৈ অস্বীকাৰ কৰে।

এই ঘোষণাই সমগ্ৰ ইউক্ৰেইনত ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰে ২০০৪ চনৰ অৰেঞ্জ ৰিভলিউচনৰ পিছত সৰ্ববৃহৎ এই প্ৰতিবাদে ইয়ানুকোভিছক পদত্যাগ কৰিবলৈ আহ্বান জনায়। প্ৰতিবাদকাৰীসকলে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ মেইডেন স্কোৱেৰত ঘাটি পাতে আৰু কিয়েভৰ চিটি হল আৰু ন্যায় মন্ত্ৰালয়কে ধৰি চৰকাৰী ভৱনসমূহ দখল কৰে। ২০১৪ চনৰ ফেব্ৰুৱাৰীৰ শেষৰফালে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ইয়ানুকোভিছৰ নিৰ্দেশত সেনাই এসপ্তাহৰ ভিতৰত প্ৰায় শতাধিক ইউক্ৰেইনৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰে।

২২ ফেব্ৰুৱাৰীত হ’ব লগা নিৰ্ধাৰিত মহাভিযোগৰ আগতেই ইয়ানুকোভিচ ৰাছিয়ালৈ পলাই যায়। ইউক্ৰেইনৰ সংসদে সৰ্বসন্মতিক্ৰমে ইয়ানুকোভিচক আঁতৰাবলৈ আৰু এখন অন্তৱৰ্তীকালীন চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ ভোটদান কৰে আৰু এই চৰকাৰে ঘোষণা কৰে যে ইউক্ৰেইনে ইউৰোপীয় ইউনিয়নৰ লগত চুক্তিত স্বাক্ষৰ কৰিব আৰু টাইমোচেঙ্কোক কাৰাগাৰৰ পৰা মুক্ত কৰিব।

এই নৱগঠিত চৰকাৰখনে ইয়ানুকোভিছক মেইডেন স্কোয়েৰৰ প্ৰতিবাদকাৰীসকলৰ গণ হত্যাৰ অভিযোগত অভিযুক্ত কৰে আৰু তেওঁৰ গ্ৰেপ্তাৰৰ বাবে ৱাৰেণ্ট জাৰী কৰে।

ৰাছিয়াই ঘোষণা কৰে যে ইউক্ৰেইনৰ চৰকাৰৰ পৰিৱৰ্তন এটা অবৈধ অভ্যুত্থান। আৰু প্ৰায় ইয়াৰ লগে লগে, ৰাছিয়াই ক্ৰিমিয়া উপদ্বীপ দখল কৰে আৰু পূৱ ইউক্ৰেইনত বিছিন্নতাবাদী আন্দোলনৰ সূচনা কৰে। ইউৰোপত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মিত্ৰশক্তিয়ে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। তেওঁলোকে কেতিয়াও ক্ৰিমিয়াত ৰাছিয়াৰ অধিকাৰক স্বীকৃতি প্ৰদান কৰা নাই। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সামৰিক শক্তিৰ দ্বাৰা ইউৰোপীয় ৰাষ্ট্ৰৰ সীমা সলনি হোৱাৰ এইটোৱেই একমাত্ৰ উদাহৰণ।

ইউক্ৰেইনৰ পূব সীমান্তত প্ৰায় ৪০,০০০ ৰাছিয়াৰ সৈন্য একত্ৰিত হোৱাৰ লগে লগে পূৱ ইউক্ৰেইনৰ অঞ্চল ডনবেছত হিংসাত্মক ঘটনা সংঘটিত হয় যিয়ে আজিও অব্যাহত আছে আৰু এই সংঘাত সেয়ে বৰ্তি আছে। ৰাছিয়াৰ দ্বাৰা সমৰ্থিত বিচ্ছিন্নতাবাদী বাহিনীয়ে এই অঞ্চলটোক ইউক্ৰেইনৰ মূল সুঁতিৰ পৰা আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে।

২০১৪ চনৰ মে’ত হোৱা ইউক্ৰেইনৰ নিৰ্বাচনত প্ৰাক্তন চৰকাৰৰ মন্ত্ৰী পশ্চিমপন্থী ৰাজনীতিবিদ পেট্ৰো পোৰোচেঙ্কো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়। তেওঁ ইউক্ৰেইনত সংস্কাৰ আৰম্ভ কৰে যাৰ ভিতৰত দুৰ্নীতি নিবাৰণ আৰু শক্তি আৰু বিত্তীয় সমৰ্থনৰ বাবে ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা।

এইবৰ্ষৰে পাঁচ(৫) ছেপ্টেম্বৰত ৰাছিয়া, ইউক্ৰেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ প্ৰতিনিধিসকলে বেলাৰুছত মিলিত হৈ ডনবেছত সংঘটিত হোৱা হিংসাৰ পৰিসমাপ্তিৰ বাবে আলোচনা কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে প্ৰথম মিনস্ক চুক্তি স্বাক্ষৰ কৰে। এই চুক্তি কৰা হৈছিল ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধবিৰতিৰ কৰি হিংসা হ্ৰাস কৰিবলৈ। কিন্তু যুদ্ধবিৰতি সোনকালেই ভাঙি যায় আৰু এই যুঁজ অব্যাহত থাকে।

মিনস্ক গোটে পুনৰ ২০১৫ চনৰ ১১-১২ ফেব্ৰুৱাৰীত বেলাৰুছত বৈঠকত বহে যাৰ ফলত মিনস্ক ২ চুক্তি স্বাক্ষৰিত হয় কিন্তু এইটোও সফল নহয়। ২০১৪ চনৰ পৰা বৰ্তমানলৈ, ইয়াত প্ৰায় ১৪,০০০ তকৈও অধিক লোক নিহত হৈছে, হাজাৰ হাজাৰ লোক আহত হৈছে আৰু এক মিলিয়নতকৈও অধিক লোক স্থানচ্যুত হৈছে। ইয়াৰ লগতে ইউক্ৰেইনৰ প্ৰায় ১০ বিলিয়নতকৈ অধিক অৰ্থৰ ক্ষতি হৈছে।

ৰাছিয়াৰ দ্বাৰা ক্ৰিমিয়া দখল আৰু পূব ইউৰোপত ৰাছিয়া সমৰ্থিত হিংসাই ইউক্ৰেইনৰ জনসাধাৰণৰ আৱেগক ৰাছিয়া বিৰোধী কৰি তুলিছে। যাৰ ফলত ইউক্ৰেইনৰ নাগৰিকৰ নাটো আৰু ইউৰোপীয় ইউনিয়নত যোগদানৰ প্ৰতি আগ্ৰহ শক্তিশালী হৈ উঠিছে।

ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অধীনত, ২০১৭ৰ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনলৈ মাৰাত্মক অস্ত্ৰ বিক্ৰীত অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে ইউক্ৰেইনক সুৰক্ষাৰ বাবে অতিৰিক্ত সামৰিক সাহায্যৰ বাবে এশ কোটি ডলাৰ প্ৰদান কৰিছিল।

২০১৯ চনৰ জানুৱাৰীত ইউক্ৰেইনৰ অৰ্থোডক্স গীৰ্জাই ৰাছিয়াৰ অৰ্থোডক্স গীৰ্জাৰ কৰ্তৃত্বৰ পৰা স্বাধীন হয়। ৰাছিয়াই এই ঘটনাৰ বাবে আমেৰিকাক জগৰীয়া কৰে।

২০১৯ চনৰ এপ্ৰিলত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভ্লাডিমিৰ জেলেনস্কি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। তেওঁৰ প্ৰচাৰৰ সময়ত, ৰাছিয়াৰ সৈতে শান্তি স্থাপন আৰু ডনবেছত যুদ্ধ সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

২০২১ চনৰ এপ্ৰিলত ৰাছিয়াই ইউক্ৰেইনৰ সীমালৈ সামৰিক অনুশীলনৰ বাবে এক(১) লাখ সৈন্য প্ৰেৰণ কৰে। ইয়াৰ সমান্তৰালভাৱে প্ৰতিক্ৰিয়াৰূপে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে নাটো নেতৃত্বক ইউক্ৰেইনক নাটোৰ সদস্যপদ দিবলৈ অনুৰোধ কৰে। সেই মাহৰ শেষৰ ফালে, ৰাছিয়াই কয় যে তেওঁলোকে সৈন্য প্ৰত্যাহাৰ কৰিব কিন্তু তাৰ দহ(১০) হাজাৰ সৈন্য প্ৰত্যাৱৰ্তন নকৰে।

এই বৰ্ষৰ আগষ্টত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাষ্ট্ৰপতি বিডেনৰ সৈতে সাক্ষাৎ কৰিবলৈ হোৱাইট হাউচ ভ্ৰমণ কৰে। বিডেনে আমেৰিকা যুক্তৰাষ্ট্ৰক ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা ৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বুলি কয় কিন্তু লগতে এইটোও কয় যে ইউক্ৰেইনে এতিয়ালৈকে নাটোত যোগদান কৰাৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলী পূৰণ কৰা নাই।

নৱেম্বৰত পুনৰ নৱেম্বৰ ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তলৈ নিজৰ সৈন্য প্ৰেৰণ কৰে। আমেৰিকাৰ লগতে নাটো এই বিষয়ত উদ্বিগ্ন হৈ পৰে।

ডিচেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে এটা ফোন কলত কথা পাতি ৰাছিয়াক ইউক্ৰেইন আক্ৰমণ নকৰিবলৈ সকীয়াই দিয়ে আৰু এনে কৰিলে ভৱিষ্যত পৰিণতি সম্পৰ্কে সতৰ্ক কৰি দিয়ে।

ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে পুটিনে নিৰাপত্তাৰ এক বিতৰ্কিত দাবী জাৰী কৰে। এইবিলাকৰ ভিতৰত তেওঁ নাটোক ইউক্ৰেইনক সদস্যপদৰ পৰা স্থায়ীভাৱে বাধা দিবলৈ আৰু বলকান দেশসমূহ আৰু ৰোমানিয়াকে ধৰি 1997 চনৰ পিছত নাটোত যোগদান কৰা দেশবোৰত নিয়োজিত সৈন্য বাহিনী প্ৰত্যাহাৰ কৰিবলৈ কয়। পুটিনে এইক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৰ পৰা লিখিত প্ৰতিশ্ৰুতিও দাবী কৰে।

২০২২ বৰ্ষৰ সংঘাত –

২০২২ বৰ্ষৰ জানুৱাৰী মাহত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু ইউৰোপীয় দেশসমূহৰ নেতা আৰু কূটনীতিবিদসকলে সংকট প্ৰতিহত কৰিবলৈ বাৰে বাৰে মিলিত হয়। জানুৱাৰীৰ আৰম্ভণিতে ৰাছিয়াৰ উপ বৈদেশিক মন্ত্ৰী ছেৰ্গেই ৰিয়াবকভে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলক কয় যে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ কৰাৰ কোনো পৰিকল্পনা নাই।

আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টে দূতাবাসৰ কৰ্মচাৰীৰ পৰিয়ালক ২৩ জানুৱাৰীত ইউক্ৰেইন এৰি যাবলৈ নিৰ্দেশ দিয়ে। নাটোৱে পিছদিনা আমেৰিকা যুক্তৰাষ্ট্ৰত ৮,৫০০ সৈন্য সাজু থাকিবলৈ নিৰ্দেশ দিয়ে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৰ প্ৰতিনিধিসকলে ২৬ জানুৱাৰীত পুটিনৰ দাবীৰ প্ৰতি তেওঁলোকৰ লিখিত সঁহাৰি প্ৰদান কৰে। প্ৰতিক্ৰিয়াবোৰত নাটোৰ বিষয়াসকলে কয় যে তেওঁলোকে ইউক্ৰেইনক নাটোত যোগদান কৰাত বাধা দিব নোৱাৰে, কিন্তু অস্ত্ৰ নিয়ন্ত্ৰণৰ দৰে সৰু বিষয়বোৰৰ ওপৰত আলোচনা কৰিবলৈ ইচ্ছুক হোৱাৰ সংকেত প্ৰদান কৰে।

যোৱা ফেব্ৰুৱাৰীৰ আৰম্ভণিতে কূটনৈতিক প্ৰচেষ্টাই সমগ্ৰ ইউৰোপত গতি বৃদ্ধি কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু জাৰ্মান চাঞ্চেলৰ ওলফ শ্চোলজে মস্কো আৰু কিয়েভৰ মাজত ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি বিডেনে জাৰ্মানীৰ পৰা ৰোমানিয়ালৈ ১,০০০ আমেৰিকান সৈন্য প্ৰেৰণ কৰে আৰু পোলেণ্ড আৰু জাৰ্মানীলৈ ২,০০০ অতিৰিক্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে।

ৰাছিয়া আৰু বেলাৰুছে ১০ ফেব্ৰুৱাৰীত যুটীয়া সামৰিক অনুশীলন আৰম্ভ কৰে, ইউক্ৰেইনৰ উত্তৰ সীমান্তত প্ৰায় ৩০,০০০ ৰাছিয়াৰ সৈন্য নিয়োজিত কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ নাগৰিকসকলক ১১ ফেব্ৰুৱাৰীত ইউক্ৰেইন এৰি যাবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰপতি বিডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পোলেণ্ডলৈ আৰু ২,০০০ সৈন্য প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে।

ইফালে ৰাছিয়াই কৈছে যে যোদ্ধাভ্যাসৰ পাছত তেওঁলোকে ইউক্ৰেইন সীমান্তৰ পৰা সৈন্য প্ৰত্যাৱৰ্তন কৰিছে কিন্তু আমেৰিকাৰ ফালৰ পৰা দাবী কৰিছে যে ৰাছিয়াই প্ৰায় ১,৬৯,০০০-১,৯০,০০০ সৈনিক ইউক্ৰেইন সীমান্তত অৱস্থান কৰোৱাইছে।

ইয়াৰোপৰি ৰাছিয়াই পূৱ ইউক্ৰেইনৰ পৰা পৃথক কৰা দুটা অঞ্চল ডনস্তক আৰু লুহানস্কক স্বাধীনৰূপে স্বীকৃতি প্ৰদান কৰি উত্তেজনাৰ বৃদ্ধি কৰিছে। ইয়াৰ লগতে ৰাছিয়াই এই দুয়োখন দেশৰ লগত চুক্তি কৰিবলৈ লোৱাক লৈও উত্তেজনা সৃষ্টি হৈছে। ৰাছিয়াই ইউক্ৰেইনৰ পৰা কূটনৈতিকসকলক ঘূৰাই অনা আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালকৈ ইউক্ৰেইনে জাতীয় জৰুৰী অৱস্থা ঘোষণাৰ পথত আগবাঢ়িছে।

Embed from Getty Images

ইউক্ৰেইনৰ জনতাই শান্তিৰ বাবে কৰা সমদল

সংঘাতৰ ফলত হ’ব পৰা ক্ষয়-ক্ষতি

বৰ্তমান চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতে বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। যদি কেনেবাকৈ ৰাছিয়া-ইউক্ৰেইন মাজত পূৰ্ণ পৰ্যায়ৰ যুদ্ধ সংঘটিত হয় তেন্তে ই নিৰ্ঘাত বিশ্বযুদ্ধৰ ৰূপ ল’ব আৰু সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিব। যিহেতু যুদ্ধই প্ৰত্যক্ষৰূপে প্ৰথমতে অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলায়। ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰিলে তৈলজাত সামগ্ৰীৰ লগতে আন ভালেমান খাদ্য সামগ্ৰী তথা ধাতুজাতীয় সামগ্ৰীৰ দৰ বৃদ্ধি পাব।

বিশ্বৰ সকলো দেশেই ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ এই সংঘাত ইমানতে নিৰাময় হোৱাৰ আশা কৰিছে আৰু পূৰ্ণ পৰ্যায়ৰ যুদ্ধ নোহোৱাকৈ কূটনৈতিকভাৱে এই সংঘাতৰ পৰিসমাপ্তি ঘটাটো বিচাৰিছে, যুদ্ধৰ দৰে ধ্বংসাত্মক পৰিস্থিতিলৈ যাবলৈ কোনেও ইচ্ছা নকৰে।

আজিৰ দৰে পাৰমাণৱিক যুদ্ধাস্ত্ৰ থকা বিশ্বত নিশ্চয় দুখন পাৰমাণৱিক শক্তিসম্পন্ন দেশৰ মাজত ইমান সহজতে যুদ্ধ সংঘটিত নহ’ব। যদি হয়, সমগ্ৰ বিশ্ব এই সংঘাতত জড়িত হৈ পৰিব আৰু বিশ্বৰ বাবে ই হৈ পৰিব এক অভিশাপস্বৰূপ। আশাকৰোঁ, ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণৰ পন্থা সলনি কৰি কূটনৈতিক পন্থা অৱলম্বন কৰি দুয়ো দেশৰ মাজৰ অচলাবস্থা শেষ কৰাৰ প্ৰয়াস কৰিব আৰু আমেৰিকাৰ লগতে পশ্চিমীয়া দেশমূহেও যাতে উত্তেজনা বৃদ্ধিত যাতে হাত উজান নিদিয়ে তাৰে আশা। ইমান পৰ্যায় অতিক্ৰম কৰাৰ পাছতো ৰাষ্ট্ৰসংঘই এই বিষয়ত কোনো বিবৃতি জাৰী নকৰাটো বৰ এটা শুভলক্ষণ নহয়। ভৱিষ্যতৰ দিনত অতি শীঘ্ৰে নিশ্চয় ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাত ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ সমাধান সূত্ৰ ওলাব। কিন্তু তেতিয়ালৈ বিশ্ববাসীৰ মনত এটা প্ৰশ্নই নিশ্চয় দোলা দি থাকিব “তৃতীয় বিশ্বযুদ্ধ আসন্ন নেকি?”

3.2 5 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

1
0
Would love your thoughts, please comment.x
()
x