তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

বিশ্বৰত্ন ড০ ভূপেন হাজৰিকাৰ জীৱন আৰু সংগীত

সাগৰ সংগমত… সাগৰ সংগমত…

সাগৰ সংগমত কতনা সাঁতৰিলো

তথাপিটো হোৱা নাই ক্লান্ত,

তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ

উৰ্মিমালাই অশান্ত,

মনৰ প্ৰশান্ত সাগৰৰ বক্ষ

জোৱাৰৰ নাই আজি অন্ত,

অজস্ৰ লহৰে নৱ-নৱ গতিৰে

আনি দিয়ে আশা-অফুৰন্ত 

        —–

   ডঃ ভূপেন হাজৰিকা -অসমীয়া জাতি তথা সমাজৰ এক পৰিচিত নাম,কোনোৱে কয় ভূপেন মামা,খেনোৱে কয় আকৌ ভূপেন দা,আন কোনোবাই কয় আকৌ ভূপেন ককা। অসমীয়াৰ প্ৰাণৰ ভূপেনদা। বিশ্বৰ দৰবাৰত অসম তথা অসমীয়া বুলি যি আমাক পৰিচয় কৰাই থৈ গ’ল,তেঁৱেই আছিল আমাৰ অতিকে শ্ৰদ্ধাৰ,মৰমৰ ভূপেন দা। ডঃ ভূপেন হাজৰিকাই বিশ্বৰ অগণন শ্ৰোতাক তেওঁৰ সুৰৰ লালিত্যৰে অপৰূপ সুধা পান কৰাইছিল। সাগৰ সংগমত সাঁতুৰি-নাদুৰি ভূপেন দাই গাই গ’ল এটাৰ পাছত এটাকৈ গান,কৰি গ’ল তেওঁ এটাৰ পাছত এটাকৈ সৃষ্টি কিন্তু তেওঁ কেতিয়াও থমকি নৰ’ল। আমাৰ ভূপেনদা সদায় অক্লান্ত আৰু অবিচ্ছিন্ন। 

■ ভূপেন হাজৰিকাৰ পৰিচয়::

   ডঃ ভূপেন হাজৰিকা এজন জীৱন্ত কিংবদন্তি আছিল। ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰৰ দিনা শদিয়াৰ বলুংগাঁৱত। তেখেতৰ পিতৃ আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ আছিল শান্তিপ্ৰিয়া হাজৰিকা। ঘৰৰ দহটা সন্তানৰ ভূপেন হাজৰিকা আছিল জ্যেষ্ঠ সন্তান। ভূপেন হাজৰিকাক পিতৃ-মাতৃয়ে মৰমতে মাতিছিল ডাঙৰ মইনা বুলি। ভূপেন হাজৰিকাৰ ঘৰত সৰুৰে পৰাই এক সাংস্কৃতিক পৰিৱেশে বিৰাজ কৰিছিল। ভূপেন হাজৰিকাৰ পিতৃ নীলকান্ত হাজৰিকা আছিল এজন শিক্ষক। তেওঁ সৰুৰে পৰাই ভূপেন হাজৰিকাৰ লগতে আনকেইটি সন্তানক প্ৰত্যেকটো শব্দৰ স্পষ্টকৈ উচ্চাৰণ কৰাৰ বিষয়ত সদা সতৰ্ক কৰিছিল।

 ■ ভূপেন হাজৰিকাৰ শিক্ষা::

   ডঃ ভূপেন হাজৰিকাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ত। তাৰপাছত তেওঁ তেজপুৰ  চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ কৰে। প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পাছতেই তেওঁ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰা তেওঁ কলাশাখাত ইণ্টাৰমেডিয়েট উত্তীৰ্ণ হয়। তাৰপাছতেই ভূপেন হাজৰিকাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু ১৯৪৪ চনত দৰ্শন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছতেই তেওঁ ১৯৪৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপাছতেই ভূপেন হাজৰিকাই গৱেষণা কৰাৰ বাবে জলপানি লাভ কৰে আৰু আমেৰিকা ৰ কলম্বিয়া বিশ্ববিদ্যালয়ত তেওঁ গৱেষণা কৰে আৰু তাৰপৰাই ১৯৫২ চনত “ৰ’ল অফ মাছ কমিউনিকেচন ইন ইণ্ডিয়াজ এডাল্ট এডুকেচন”(Role of Mass Communication in India’s Adult Education) বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। 

■ ভূপেন হাজৰিকাৰ বৈবাহিক জীৱন::

   ভূপেন হাজৰিকাই ১৯৫০ চনত প্ৰিয়ম্বদা পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৫২ চনত তেওঁলোকৰ এটা পুত্ৰ সন্তানৰ জন্ম হয়। কিন্তু ভূপেন হাজৰিকা আৰু প্ৰিয়ম্বদা পেটেলৰ এই সম্পৰ্ক বেছিদিন নিটিকিল আৰু ১৯৬২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। 

■ ভূপেন হাজৰিকাৰ সাংস্কৃতিক যাত্ৰা:

   ভূপেন হাজৰিকাৰ সংগীতৰ যাত্ৰা তথা তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ মূলতে তেওঁৰ সেই জীপাল ঘৰখন আছিল যিখন ঘৰৰ দহোজন ভাতৃ-ভগ্নীয়েই অসমীয়া সংস্কৃতিৰ প্ৰতি কিবা নহয় কিবা এটা অৱদান আগবঢ়াই গ’ল। ভূপেন হাজৰিকাৰ অন্তৰস্পৰ্শী মৌ মিঠা অমৃতময়ী কণ্ঠই প্ৰতিজনকেই ঝংকাৰিত কৰি তোলে। তাৰ চিকাৰ হৈছে ৰুসৰাজ লক্ষ্মীনাথ বেজবৰুৱাও। ১৯৩০ চনৰ ৩০ অক্টোবৰৰ দিনা গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ সভাত পিতৃৰ লগত ভূপেন হাজৰিকা গান গাবলৈ আহিছিল। সেইখন সভাৰেই বিশিষ্ট অতিথি আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাদেৱ ভূপেন হাজৰিকাৰ কণ্ঠত “কি সতে হিয়াৰে” শীৰ্ষক গীত শুনি অতি আহ্লাদিত হৈছিল আৰু বেজবৰুৱাদেৱে ভূপেন হাজৰিকাক প্ৰশংসাৰে উপচাই চুমা খাইছিল আৰু কলিকতাৰ সুগায়ক “মাষ্টাৰ মদন”ৰ লগত তুলনা কৰিছিল। 

   ভূপেন হাজৰিকাৰ সাংস্কৃতিক প্ৰতিভাৰ বিকাশ ঘটে অসমৰ সাংস্কৃতিক নগৰী তেজপুৰত। দেউতাকৰ চাকৰিৰ বদলিৰ বাবে ভূপেন হাজৰিকা তেজপুৰলৈ যাবগৈ লগা হৈছিল। তেজপুৰতেই ভূপেন হাজৰিকাৰ প্ৰতিভাত জ্যোতি-বিষ্ণু-ফণীৰ পৰশ পৰে আৰু ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ বৰ্ণিল সাংস্কৃতিক জীৱন। 

   ভূপেন হাজৰিকাক ১৯৩৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই গীত ৰেকৰ্ডিং কৰোৱাবলৈ কলিকতাৰ “হিজ মাষ্টাৰ ভইছ” ষ্টুডিঅ’লৈ লৈ গৈছিল আৰু ভূপেন হাজৰিকাৰ কণ্ঠত জয়মতী কুঁৱৰী,শোণিত কুঁৱৰী আদি নাটৰ গীতৰ ৰেকৰ্ড কৰোৱাইছিল। লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ স্বৰচিত দুটা গীত “কাষতে কলচি লৈ” আৰু ” উলাহতে নাচি বাগি হলি ব্যাকুল” ভূপেন হাজৰিকাৰ কণ্ঠত ৰেকৰ্ডিং কৰোৱায়। ইয়াৰ মাজতেই ভূপেন হাজৰিকাই ১৯৩৭ চনত মাত্ৰ এঘাৰ(১১) বছৰ বয়সতে নিজে এটা গীত ৰচনা কৰে আৰু সেই গীতটি আছিল “কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান”। ১৯৩৯ চনত ভূপেন হাজৰিকাক প্ৰথম চিনেমাৰ পৰ্দাত দেখা যায় আৰু সেই চিনেমাখন আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী। এই ইন্দ্ৰমালতী ছবিত ভূপেন হাজৰিকাই এটা গৰখীয়া ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু “বিশ্ববিজয়ী নৱজোৱান” শীৰ্ষক গীতটিত কণ্ঠদান কৰিছিল। 

   তাৰপাছতেই ১৯৪৮ চনত ভূপেন হাজৰিকা পুনৰ অসমীয়া চলচ্চিত্ৰ জগতলৈ উভতি আহে। এই বছৰতে তেওঁ “সতী বেউলা” ছবিত প্ৰথমবাৰৰ বাবে সংগীত পৰিচালনা কৰে। বিষ্ণু ৰাভা পৰিচালিত “চিৰাজ” চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল আৰু লগতে শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰিছিল। 

   ১৯৫৬ চনত প্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকাই চলচ্চিত্ৰ পৰিচালনাত নামে “এৰা বাটৰ সুৰ” ছবিৰ জৰিয়তে। ১৯৫৮ চনত ভূপেন হাজৰিকাই “মাহুত বন্ধুৰে” শীৰ্ষক জীৱনৰ  একমাত্ৰ বাংলা কথাছবি পৰিচালনা কৰে। ১৯৬১ চনত ভূপেন হাজৰিকাই প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি “শকুন্তলা” পৰিচালনা কৰে। ভূপেন হাজৰিকাই এখন হিন্দী ছবিও পৰিচালনা কৰিছিল আৰু সেইখন আছিল অৰুণাচল প্ৰদেশৰ প্ৰথম চিনেমা “মেৰা ধৰম মেৰী মা”। ভূপেন হাজৰিকাই এখন টেলিফিল্ম পৰিচালনা কৰিছিল আৰু সেইখন আছিল “মিৰি জীয়ৰী”। ভূপেন হাজৰিকাই অসমীয়া আৰু ইংৰাজী ভাষাৰ কেইবাখনো তথ্যচিত্ৰ পৰিচালনা কৰিছিল। সেইকেইখন হৈছে-For Whom the Sun Shines(১৯৭৪),এমুঠি চাউলৰ কাহিনী(১৯৭৪),ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জয়মতী(১৯৭৬),থ্ৰ মেলডি এণ্ড ৰিডম(১৯৭৭)এলং দা ৰিভাৰ ব্ৰহ্মপুত্ৰ (১৯৮১),গ্লিমপচেছ অফ দা মিষ্টি ইষ্ট(১৯৯৬)। 

   ভূপেন হাজৰিকাই ১৯৭৩ চনত প্ৰথমবাৰৰ বাবে আত্মাৰাম পৰিচালিত হিন্দী ছবি “আৰোপ”ত সংগীত পৰিচালনা কৰে। ১৯৫৭ চনত ভূপেন হাজৰিকাই প্ৰথমবাৰৰ বাবে বাংলা ছবি “জীৱন তৃষ্ণা”ত সংগীত পৰিচালনা কৰে। 

ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা আন আন অসমীয়া চলচ্চিত্ৰসমূহ হৈছে – পিয়লি ফুকন(১৯৫৫),ধুমুহা(১৯৫৭),কেঁচা সোণ(১৯৫৯), পুৱতি নিশাৰ সপোন(১৯৫৯),মণিৰাম দেৱান(১৯৬৩), ভাগ্য(১৯৯৬৩), প্ৰতিধ্বনি(১৯৬৪),লটি-ঘটি(১৯৬৬), চামেলি মেমচাব(১৯৭৫),খোজ(১৯৭৫),কাঁচঘৰ (১৯৭৫),পলাশৰ ৰং(১৯৭৬),বনহংস(১৯৭৭),বনজুই(১৯৭৮),অকণ(১৯৮০),অপৰূপা(১৯৮৩),অংগীকাৰ(১৯৮৫),যুগে যুগে সংগ্ৰাম(১৯৮৬),সংকল্প(১৯৮৬),মা(১৯৮৬),প্ৰতিশোধ(১৯৮৭),চিৰাজ(১৯৮৮),পানী(১৯৯০),মিৰি জীয়ৰী(১৯৯০),প্ৰিয়জন(১৯৯৩),অশান্ত প্ৰহৰ(১৯৯৪),সতী ৰাধিকা(২০০৪)

   ভূপেন হাজৰিকাই পৰিচালনা কৰা আন আন অসমীয়া চলচ্চিত্ৰসমূহ হৈছে – প্ৰতিধ্বনি(১৯৬৪),লটি-ঘটি(১৯৬৬),চিকমিক বিজুলী(১৯৬৯),মন প্ৰজাপতি(১৯৭৯),চিৰাজ(১৯৮৮)

   ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা হিন্দী চিনেমাসমূহ হৈছে – অপেক্ষা(১৯৮৪),এক পল(১৯৮৬),ৰুদালি(১৯৯২),দৰমিয়া(১৯৯৭),মিল গয়া মঞ্জিল তুজে(১৯৯৭),চাজ(১৯৯৭), দমন(২০০০),গজগামিনি(২০০১),কিউ(২০০৩), চিংগাৰ(২০০৬)। 

ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা বাঙালী চলচ্চিত্ৰসমূহ হৈছে -কড়ি ও কমল(১৯৫৭), জোনাকীৰ আলোক(১৯৫৮),দুই বেচেৰা(১৯৭৬) এখানে পিঞ্জৰ(১৯৭১),দম্পতি(১৯৭৬), মহুয়া(১৯৭৭),সীমনা পেৰিয়ে(১৯৭৬)নাগিনী কন্যাৰ কাহিনী(১৯৭৯),কালী সিঁদূৰ(১৯৮৪),কোমল আন্ধাৰ(১৯৮৪)। 

   ভূপেন হাজৰিকাই আন আন ভাষাৰো গীত গাইছিল তথা সংগীত পৰিচালনা কৰিছিল। সেইবোৰ হৈছে – সঠ মাইয়া কী মহিমা (ভোজপুৰী)

ৰিং আং তং (কাৰ্বি, ১৯৮৭),জিউনি চিমাং (বড়ো, ১৯৮৭ )। 

■ সাহিত্য ক্ষেত্ৰত ভূপেন হাজৰিকাৰ অৱদান::

   ভূপেন হাজৰিকাই গোৱা অধিকাংশ গীতেই স্বৰচিত। আৰু তেওঁৰ গীতবোৰৰ ভাষাৰ সাহিত্যিক লালিত্যই সকলোকে মোহিত কৰে। ভূপেন হাজৰিকাৰ প্ৰতিটো গীতেই আছিল সাহিত্যৰ এটা এটা অমূল্য সৃষ্টি। 

   ভূপেন হাজৰিকাই আলোচনীও সম্পাদনা কৰিছিমল। তেওঁ সম্পাদনা কৰা আলোচনীসমূহ হৈছে – গতি,বিন্দু,আমাৰ প্ৰতিনিধি আৰু প্ৰতিধ্বনি। 

   ভূপেন হাজৰিকাই  অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে বহুতো অমূল্য তথা সুন্দৰ সাহিত্যিক বৈশিষ্ট্যসম্পন্ন প্ৰবন্ধ ৰচনা কৰি থৈ গৈছে। সেই প্ৰবন্ধসমূহ নিৰ্দিষ্ট কিছুমান সংকলনত সন্নিৱিষ্ট হৈ আছে। 

   ভূপেন হাজৰিকাই বহুতো কবিতা ৰচনা কৰিছে আৰু কবলৈ গলে ভূপেন হাজৰিকাৰ প্ৰতিটো গানেই এটা এটা সুন্দৰ কবিতা। 

   ভূপেন হাজৰিকাৰ অনুলিখিত আত্মজীৱনীখনৰ নাম হ’ল “মই এটি যাযাবৰ”। ইয়াৰ গদ্য ভূপেন হাজৰিকাৰ গানৰ দৰেই সুমধুৰ আৰু সুমিষ্ট। 

   ভূপেন হাজৰিকাই শিশুসকলৰ বাবে “ভূপেন মামাৰ অ আ ক খ” নামৰ এখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। 

■ ৰাজনৈতিক ভূপেন হাজৰিকা::

   ভূপেন হাজৰিকাই ৰাজনীতিৰ পথাৰতো খোজ পেলাইছিল। আৰু ১৯৬৭-৭২ লৈ তেওঁ নাওবৈছা সমষ্টিৰ বিধায়কৰূপে নিৰ্দলীয়ভাৱে নিৰ্বাচিত হৈছিল। তাৰোপৰি তেওঁ লোকসভাৰ নিৰ্বাচনতো প্ৰাৰ্থীত্ব আগবঢ়াইছিল কিন্তু পৰাজয়ৰ সন্মুখীন হ’বলগা হৈছিল। 

■ ভূপেন হাজৰিকাই লাভ কৰা সন্মান::

   ভূপেন হাজৰিকা কেৱল অসমৰে নহয় তেওঁ এজন বিশ্বশিল্পী। তেওঁৰ প্ৰতিভাৰে তেওঁ জগত জিনিবলৈ আৰু জগতক মোহিবলৈ সক্ষম হৈছিল। ভূপেন হাজৰিকাই দেশৰ সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বিভিন্ন সন্মানেৰে বিভূষিত কৰা হৈছে। ভূপেন হাজৰিকাই অসমক বিশ্বৰ প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সক্ষম হৈছিল আৰু বিভিন্ন সন্মান তথা বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছিল। 

ভূপেন হাজৰিকাই লাভ কৰা বিভিন্ন বঁটা বাহন তথা সন্মানসমূহ হৈছে-

◆ ভূপেন হাজৰিকাই শকুন্তলা, প্ৰতিধ্বনি আৰু লটি-ঘটি চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে। 

◆ ১৯৭৩ চনত ভূপেন হাজৰিকাই বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত যোগদান কৰে আৰু তাত সংগীত পৰিৱেশন কৰি স্বৰ্ণপদক লাভ কৰে। 

◆ ১৯৭৫ চনত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা “চামেলি মেমচাব” চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। 

◆ ১৯৭৭ চনত পশ্চিমবঙ্গৰ “বঙালী চলচ্চিত্ৰ পুৰস্কাৰ সমিতি”ৰ পৰা “দম্পত্তি” ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। 

◆১৯৭৭ চনত ভূপেন হাজৰিকাই ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী লাভ কৰে। 

◆ ১৯৭৮ চনত ভূপেন হাজৰিকাই “সীমনা পেৰিয়ে” চলচ্চিত্ৰত সংগীত পৰিচালনাৰ  “বাংলাদেশ ফিল্ম ইণ্ড্ৰাটিজ”ৰ তৰফৰ পৰা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। 

◆ ১৯৭৬ চনত ভূপেন হাজৰিকাই “মেৰা ধৰম মেৰী মা”চলচ্চিত্ৰ নিৰ্মাণৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা সোণৰ পদক লাভ কৰে। 

◆ ১৯৭৯ চনত ভূপেন হাজৰিকাই “মহুৱা সুন্দৰী” নাটকৰ বাবে শ্ৰেষ্ঠ লোকসংগীত শিল্পী বঁটা লাভ কৰে। 

◆ ১৯৮৭ চনত ভূপেন হাজৰিকাই “শ্ৰীমন্ত শংকৰদেৱ বঁটা” লাভ কৰে। 

◆ ১৯৮৭ চনত ভূপেন হাজৰিকাই সংগীত নাটক অকাডেমি বঁটা লাভ কৰে। 

◆ ১৯৯৩ চনত ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত সভাপতি পদত অধিষ্ঠিত হৈছিল। 

◆ ১৯৯২ চনত ভূপেন হাজৰিকাই ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। 

◆ ২০০১ চনত ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ লাভ কৰে।

◆ ২০০৮ চনত ভূপেন হাজৰিকাই সংগীত নাটক অকাডেমিৰ সৰ্বোচ্চ সন্মান অকাডেমি ফিল’শ্বিপ লাভ কৰে। 

◆ ২০০৯ চনত ভূপেন হাজৰিকাই অসম চৰকাৰৰ তৰফৰ পৰা অসম ৰত্ন সন্মান লাভ কৰে। 

◆ ২০০৯ চনত ভূপেন হাজৰিকাই সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা নিৰ্মিত নিজৰ প্ৰতিমূৰ্তি নিজেই উদ্বোধন কৰে। 

◆ ২০১১ চনত ভূপেন হাজৰিকাই বাংলাদেশৰ সৰ্বোচ্চ মুক্তিযোদ্ধা সন্মান লাভ কৰে। 

◆ ২০১২ চনত ভূপেন হাজৰিকাই মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্মবিভূষণ লাভ কৰে। 

◆ ২০১৯ চনত ভূপেন হাজৰিকাই ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰে। 

■ ভূপেন হাজৰিকাই লাভ কৰা উপাধি::

   ভূপেন হাজৰিকাক আমি বিভিন্ন উপাধিৰে চিনি পাওঁ। তেওঁক বহুতে বহুত অভিধা দিয়ে। তেওঁৰ দৰে এগৰাকী বিশ্বশিল্পীৰ বাবে এই উপাধিবোৰো কম হয় যায়। 

   ১৯৬৮ চনত ভূপেন হাজৰিকাক মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত আনন্দ চন্দ্ৰ বৰুৱাই “সুধাকণ্ঠ” উপাধি দিয়ে। 

তাৰোপৰি, তেওঁক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধিও প্ৰদান কৰে। 

অসম সত্ৰ মহাসভাই ভূপেন হাজৰিকাক “সংগীত চূড়ামণি” উপাধি প্ৰদান কৰিছিল। 

ভূপেন হাজৰিকাক সংগীত সূৰ্য্য,বিশ্বৰত্ন আদি বিভিন্ন অভিধাৰে জনা যায়। 

■ভূপেন হাজৰিকাৰ মৃত্যু::

   ভূপেন হাজৰিকাৰ মৃত্যু হয় ২০১১ চনৰ ৫ নৱেম্বৰত। প্ৰায় চাৰি মাহ সুদীৰ্ঘ চিকিৎসাৰ অন্তত ভূপেন হাজৰিকাই মুম্বাইৰ কোকিলাবেন আম্বানী হাস্পতালত ৫ নৱেম্বৰৰ দিনা মৃত্যুক সাৱটি লয়। ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত তেওঁক শ্ৰদ্ধা জনাবলৈ তেওঁৰ মৃতদেহ গুৱাহাটীৰ জৰ্জ ফিল্ডত ৰখা হয়। তাত লাখ লাখ গুণমুগ্ধই ভূপেন হাজৰিকাক অন্তিমবাৰৰ বাবে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু ৯ নৱেম্বৰ তাৰিখে জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ে দান দিয়া এডোখৰ মাটিৰ ভূপেন হাজৰিকাৰ মৃতদেহ সৎকাৰ কৰা হয়। আৰু এই সৎকাৰ কৰে তেওঁৰ একমাত্ৰ পুত্ৰ তেজ হাজৰিকাই। 

   “কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে”ৰ পৰা “বৰ্তমান পৃথিৱীৰ ভীষণ অসুখ”লৈকে ভূপেন হাজৰিকাই হাজাৰ হাজাৰ গীত ৰচনা কৰি থৈ গ’ল। ইন্দ্ৰমালতীৰ “বিশ্ববিজয়ী নৱজোৱান”ৰ পৰা গান্ধী টু হিটলাৰৰ “বৈষ্ণৱ জন” লৈকে অবিৰতভাৱে ভূপেন হাজৰিকাই হাজাৰ হাজাৰ বিভিন্ন ভাষাৰ গীত গাই থৈ গ’ল। ভূপেন হাজৰিকা আছিল অসমীয়া জাতিৰ হিয়াৰ আমঠু। “মই এটি যাযাবৰ”,”বিস্তীৰ্ণ পাৰৰে”,”অসম আমাৰ ৰূপহী”,”শ্বহীদ প্ৰণামো তোমাক”,”বুকু হম হম কৰে”,”মানুহে মানুহৰ বাবে” আদি অসংখ্য চিৰসেউজ গীত তেওঁৰ সুমধুৰ কণ্ঠেৰে গাই থৈ গ’ল। অসম আৰু অসমীয়া যেতিয়ালৈ থাকিব তেতিয়ালৈ ভূপেন হাজৰিকাৰ সৃষ্টি অমৃত আৰু অমৰ হৈ ৰব। ভূপেন হাজৰিকাৰ ভাষাত কবলৈ গ’লে ভূপেন হাজৰিকা কেৱল এটা নাম নাছিল তেওঁ আছিল অসমীয়া জাতিৰ আয়ুসৰেখা। 

মই এটি যাযাবৰ

মই এটি যাযাবৰ,

ধৰাৰ দিহিঙে-দিপাঙে

ল’ৰো নিবিছাৰি নিজা ঘৰ

মই এটি যাযাবৰ

মই এটি যাযাবৰ….

   ভূপেন হাজৰিকাই যাযাবৰী মনেৰে বিশ্বৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি বিভিন্ন পৰিস্থিতি দেখি-শুনি বহুতো গীত ৰচনা কৰি থৈ গ’ল। ভূপেন হাজৰিকা আজিও অসমীয়াৰ মনত আৰু প্ৰাণত যাযাবৰৰ দৰে বিচৰণ কৰি আছে যাৰ কেতিয়াও অন্ত নপৰে।

4 3 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] নয়নীয়ে এই চলচ্চিত্ৰত অভিনয় কৰিছিল। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই তেখেতৰ সুমধুৰ সুৰেৰে এই চিনেমাখনৰ […]

Mohsin Dewan
1 year ago

ধন্যবাদ। তথ্য খিনি দিয়া বাবে।।

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

2
0
Would love your thoughts, please comment.x
()
x