তথ্যকোষসাময়িকী

ৰাষ্ট্ৰীয় হিন্দী দিৱস

   হিন্দী ভাৰতবৰ্ষৰ অফিচিয়েল ভাষা। ইংৰাজীৰ লগতে হিন্দীও ভাৰতৰ এটা অফিচিয়েল ভাষা। এই হিন্দী ভাষাৰ প্ৰচাৰ তথা প্ৰসাৰৰ অৰ্থে আৰু ভাৰতৰ এই ৰাষ্ট্ৰভাষা হিন্দীৰ সন্মানাৰ্থে প্ৰত্যেক বছৰে ১৪ ছেপ্টেম্বৰৰ দিনটোত ভাৰতে ৰাষ্ট্ৰীয়ভাৱে ৰাষ্ট্ৰীয় হিন্দী দিৱস পালন কৰে লগতে হিন্দী ভাষাৰ অধিক প্ৰাধান্য থকা ভাৰতৰ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ,বিহাৰ,দিল্লী, হাৰিয়ানা,ঝাৰখণ্ড,উত্তৰাখণ্ড,ছট্টিশগড়,ৰাজস্থান আদি ৰাজ্যত বিশেষকৈ ৰাষ্ট্ৰীয় হিন্দী দিৱস পালন কৰা হয়। 

হিন্দী ভাষা::

   হিন্দী হৈছে এটা ইণ্ডো-আৰ্য ভাষা যিটো ভাৰতত বহুলভাৱে প্ৰচলিত। ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দী দেৱনাগৰী লিপিত লিখা হয়। হিন্দীক হিন্দুস্তানী ভাষাৰ এটা উন্নত পৰ্যায় আৰু সংস্কৃতৰ প্ৰাধান্য থকা এটা ভাষা বুলি জনা যায়। বৰ্তমানৰ হিন্দী ভাষাটো পূৰ্বৰ হিন্দুস্তানী ভাষাৰ দিল্লীত প্ৰচলিত খাৰিবলি উপভাষাৰ পৰা প্ৰভাৱিত হৈছে। 

   হিন্দী ভাৰতৰ সংবিধানস্বীকৃত ২২ টা ভাষাৰ এটা অন্যতম ভাষা লগত ই ভাৰতৰ নখন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যভাষা আৰু লগতে ই তিনিখন ভাৰতীয় ৰাজ্যৰ উপ-ৰাজ্যভাষা। 

   হিন্দীয়ে ফিজি দেশৰ এটা অফিচিয়েল ভাষাৰূপে স্বীকৃতি লাভ কৰিছে আৰু তাক ফিজি হিন্দী বুলি কোৱা হয়। ত্ৰিনিদাদ এণ্ড টবেগ’,গুয়েনা,চুৰিনামতো হিন্দী ভাষায়ে স্বীকৃতি লাভ কৰিছে,তাক কেৰিবিয়ান হিন্দী বোলা হয়। হিন্দী হৈছে পৃথিৱীৰ সৰ্বাধিকভাৱে প্ৰচলিত চতুৰ্থ জনপ্ৰিয় ভাষা। হিন্দী আৰু উৰ্দু লগ লাগি হোৱা হিন্দুস্তানী ভাষা পৃথিৱীৰ তৃতীয় সৰ্বাধিকভাৱে প্ৰচলিত ভাষা। 

ৰাষ্ট্ৰীয় হিন্দী দিৱস পালনৰ ইতিহাস::

   ভাৰতত প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় হিন্দী দিৱস পালনৰ এটা ইতিহাস আছে। ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰ দিনটিতেই ভাৰতবৰ্ষৰ সংবিধান সভাই দেৱনাগৰী লিপিত লিখিত হিন্দী ভাষাক ভাৰতৰ দুটা অফিচিয়েল ভাষাৰ এটা ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিছিল। সেইবাবেই হিন্দী ভাষাক স্বীকৃতি দিয়া এই ১৪ ছেপ্টেম্বৰ দিনটোক সোঁৱৰণ কৰিবলৈ ৱাৰ্ধাৰ ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ অনুৰোধ আৰু তৎপৰতাত ভাৰতত ১৯৫৩ চনৰ পৰা ১৪ ছেপ্টেম্বৰৰ দিনটোতে ৰাষ্ট্ৰীয় হিন্দী দিৱস পালন কৰা হয়। 

   ৰাজেন্দ্ৰ সিনহা,হাজাৰী প্ৰসাদ দ্বিবেদী,কাকা কালেনকাৰ,মৈথিলী চৰণ গুপ্ত,শেঠ গোবিন্দ দাস আদি মহান মনীষীৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলতে হিন্দী ভাষাই ভাৰতৰ এটা অফিচিয়েল ভাষাৰূপে স্বীকৃতি লাভ কৰিছিল। আৰু এই ৰাজেন্দ্ৰ সিনহাৰ পঞ্চাশ সংখ্যক জন্মদিনতেই অৰ্থাৎ ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰৰ দিনাই ভাৰতৰ সংবিধান সভাই হিন্দীক ভাৰতৰ এটা অফিচিয়েল ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু লগতে হিন্দী ভাষাৰ উত্তৰণৰ বাবে দেহে-কেহে খাটি থকা ব্যক্তিসকলৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছিল।

   ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই হিন্দীক অফিচিয়েল ভাষাৰূপে গ্ৰহণ কৰা এই সিদ্ধান্ত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সমগ্র ভাৰতবৰ্ষত বলবৎ কৰা হৈছিল। ভাৰতীয় সংবিধানৰ ৩৪৩(ক) নং অনুচ্ছেদমতে,দেৱনাগৰী লিপিত লিখা হিন্দী ভাষাক ভাৰতৰ অফিচিয়েল ভাষা হিচাপে গ্ৰহণ কৰা হৈছে।  হিন্দী আৰু ইয়াৰ লগত সংপৃক্ত ভাষাসমূহক সমগ্ৰ বিশ্বৰ প্ৰায় ৩২.২ কোটি মানুহে প্ৰাথমিক তথা মাতৃভাষা হিচাপে হিন্দী ভাষা কয় আৰু প্ৰায় ২৭ কোটি মানুহে দ্বিতীয় ভাষাৰূপে হিন্দী ভাষা কয়। 

   ভাৰতত তথা বিশ্বত হিন্দী ভাষা জনপ্ৰিয় কৰিবলৈ তথা ভাৰতত হিন্দীক অফিচিয়েল ভাষা হিচাপে গ্ৰহণ কৰাৰ দিনটো স্মৰণীয় কৰি ৰাখিবলৈ ভাৰতত ৰাষ্ট্ৰীয় হিন্দী দিৱস পালন কৰি আহিছে। ভাৰতৰ প্ৰায় ৭৭ শতাংশ লোকে হিন্দী বুজি পায়,কব পাৰে আৰু লিখিব-পঢ়িবও পাৰে। ভাৰতত বহুতো কাৰ্য্যালয়ৰ কামত হিন্দী ভাষা ব্যৱহাৰ কৰা হয়। আমি সকলোৱে ভাৰতৰ এজন দায়িত্ববোধসম্পন্ন নাগৰিক হিচাপে হিন্দীক জনপ্ৰিয় কৰি তুলিবলৈ তথা সকলোকে হিন্দী ভাষা জানিবলৈ উৎসাহিত কৰিব লাগে কিয়নো যিকোনো ভাষা সম্পৰ্কে জ্ঞান অৰ্জন কৰা তথা ভাষা শিকাটো নিজৰ বাবে লাভদায়ক তথা নিজৰ দেশ তথা ৰাজ্যৰ বাবেও গৌৰৱ। হিন্দীক ভাৰতৰ ৰাষ্ট্ৰভাষা কৰাৰ হকে ভাৰতৰ সংবিধান সভাত বহুদিন জুৰি বিতৰ্ক চলিছিল যদিও এটা পক্ষৰ বিৰোধিতাৰ বাবে ইংৰাজীৰ লগতে হিন্দীক অফিচিয়েল ভাষাৰূপেহে স্বীকৃতি প্ৰদান কৰা হয়। হিন্দী ৰাষ্ট্ৰভাষা হ’ব লাগে নে নালাগে এইটো এতিয়াও এটা অন্যতম বিতৰ্কিত বিষয়। আমাৰ আশা এই বিতৰ্ক যাতে ওৰ পৰিব আৰু হিন্দী ভাষাই বিশ্বৰ বিভিন্ন পৰিধি ভাঙি জনপ্ৰিয়তা পাব। 

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

0
Would love your thoughts, please comment.x
()
x