আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুৰমফা বা ভগা ৰজা – আহোমৰ অষ্টাদশজন স্বৰ্গদেউ

১৬৪১ খ্ৰীষ্টাব্দত আহোমৰ সপ্তদশজন স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুৰ পাছতে তেওঁৰ বৰপুত্ৰ চুৰমফাই অষ্টাদশজন স্বৰ্গদেউৰূপে আহোম ৰাজসিংহাসনত আৰোহণ কৰিলে। ইতিহাসত স্বৰ্গদেউ চুৰমফা ভগা ৰজা হিচাপেহে বেছি পৰিচিত কিয়নো তেওঁক ৰজা ভাঙি পাত্ৰ-মন্ত্ৰীসকলে তেওঁৰ ভাতৃ চুত্যিনফাক আহোম ৰাজ্যৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰিছিল। চুৰমফা বা ভগা  ৰজাৰ ৰাজত্বকালত কিন্তু বৰ এটা বিশেষ উল্লেখযোগ্য ঘটনা ঘটা নাছিল। তেওঁৰ বিষয়ে অসম বুৰঞ্জীত বৰ বিশেষ তথ্য সন্নিৱিষ্ট হোৱা নাই।

চুৰমফা আহোম স্বৰ্গদেউ হোৱাৰ কাহিনী –

স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যু হোৱাৰ আগত তেওঁ কিছুদিন নৰিয়াপাটিত পৰি আছিল। তেওঁৰ তিনিজন পুত্ৰ আছিল একাদিক্ৰমে চুৰমফা কোঁৱৰ, চুত্যিনফা কোঁৱৰ আৰু চাই কোঁৱৰ। স্বৰ্গদেউ প্ৰতাপ সিংহ নৰিয়াপাটিত পৰি থাকোতে তিনিওজন কোঁৱৰেই তেওঁৰ শুশ্ৰূষাত ব্যস্ত আছিল। কিন্তু সেই সময়তে প্ৰতাপ সিংহৰ নুমলীয়া পুত্ৰ চাই কোঁৱৰে তেওঁৰ অনুগত কিছুমানক লৈ দুয়োজন ককায়েক চুৰমফা আৰু চুত্যিনফাক বন্দী কৰি আহোম ৰাজ্যৰ পৰৱৰ্তী স্বৰ্গদেউ হোৱাৰ পাং পাতিলে। এই ভয়ানক ষড়যন্ত্রৰ উমান পাই চুৰমফা কোঁৱৰে চাই কোঁৱৰ আৰু তেওঁৰ অনুগতসকলক আহোম ৰাজধানী গড়গাঁৱৰ পৰা বহিষ্কাৰ কৰিলে আৰু স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যুৰ পাছত চুৰমফাই আহোম ৰাজ্যৰ সিংহাসন অধিকাৰ কৰিলে। চুৰমফাৰ এই সকলো কাৰ্যতে ছাঁটোৰ দৰে লাগি থাকি তেওঁক সহায় কৰিছিল ভাতৃ চুত্যিনফা কোঁৱৰে। চ্যুতিনফায়ো সিংহাসন লাভৰ আশাতে জ্যেষ্ঠ ভাতৃ চুৰমফাক সহায় কৰিছিল। অপুত্ৰক চুৰমফাৰ মৃত্যুৰ পাছত সিংহাসন লাভৰ আশাতে চুৰমফাক চুত্যিনফাই সহায় কৰিছিল।

সেইসময়ৰ আহোম ডা-ডাঙৰীয়াসকলেও চুত্যিনফা কোঁৱৰকে পৰৱৰ্তী আহোম স্বৰ্গদেউৰূপে বিচাৰিছিল কিন্তু চুত্যিনফাই জ্যেষ্ঠ ভাতৃ চুৰমফাকহে সিংহাসনৰ প্ৰকৃত উত্তৰাধিকাৰী বুলি কৈ ডা-ডাঙৰীয়াসকলৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু অৱশেষত স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যুৰ পাছত সৰ্বসন্মতিক্ৰমে ১৬৪১ খ্ৰীষ্টাব্দত চুৰমফাই আহোম ৰাজ্যৰ অষ্টাদশজন স্বৰ্গদেউৰূপে সিংহাসনত আৰোহণ কৰে।

স্বৰ্গদেউ চুৰমফা বা ভগা ৰজাৰ ৰাজত্বকালৰ ডা-ডাঙৰীয়াসকল –

স্বৰ্গদেউ চুৰমফা বা ভগা ৰজাৰ ৰাজত্বকালত আহোম ৰাজ্যত দুজন লোক বুঢ়াগোঁহাই পদত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল ক্ৰমে শুকুলাহুদু আৰু সৰিয়হ। সেইসময়ত আহোম ৰাজ্যৰ বৰগোঁহাই আছিল সৰুবুঢ়া আৰু বৰপাত্ৰগোঁহাইৰূপে কাৰ্যনিৰ্বাহ কৰিছিল লাকু মৰাণে।

স্বৰ্গদেউ চুৰমফাৰ দিনতো তেওঁৰ পিতৃ স্বৰ্গদেউৰ দিনৰ দক্ষ মন্ত্ৰী মোমাই তামুলীয়েই বৰবৰুৱা পদবীত অধিষ্ঠিত হৈ আছিল কিন্তু মোমাই তামুলী বৰবৰুৱাৰ মৃত্যু হোৱাত লাহোক বৰবৰুৱা পদবী প্ৰদান কৰা হৈছিল।

কছাৰী ৰজাৰ সৈতে বিবাদ –

স্বৰ্গদেউ চুৰমফাৰ ৰাজত্বকালত আহোম-কছাৰীৰ মাজত বিবাদ হৈছিল। স্বৰ্গদেউ প্ৰতাপ সিংহৰ মৃত্যুৰ পাছত কছাৰী ৰজা ইন্দ্ৰবল নাৰায়ণে কটকীৰ জৰিয়তে আহোম ৰাজসভালৈ এটা শোকপ্ৰস্তাৱ প্ৰেৰণ কৰিছিল। এই পত্ৰত কছাৰী ৰজাই সিংহ চাপ মাৰি পঠিয়াইছিল কিন্তু আহোমসকলৰ তলতীয়া ৰজাস্বৰূপে কছাৰী ৰজাই ফুল চাপহে মাৰিব পাৰে। এই দেখি আহোম স্বৰ্গদেউ চুৰমফা ক্ৰোধিত হ’ল আৰু সেয়ে, স্বৰ্গদেউ চুৰমফাই লাকু বৰপাত্ৰগোঁহাইৰ জৰিয়তে কছাৰী কটকীক আহোম ৰাজসভাৰ পৰা গতিয়াই খেদাই পঠিয়ালে। ইয়াৰপাছত স্বৰ্গদেউ চুৰমফাৰ দিনত আহোম-কছাৰীৰ কোনো সদ্ভাৱ স্থাপন হোৱা নাছিল।

স্বৰ্গদেউ চুৰমফাৰ অবিবেচকী কাৰ্য –

স্বৰ্গদেউ চুৰমফাৰ ৰাজত্বকাল তেওঁৰ অবিবেচকী কাৰ্যৰ বাবে বিখ্যাত। স্বৰ্গদেউ চুৰমফা ৰজা কু-চৰিত্ৰৰ অধিকাৰী আছিল। এগৰাকী বিবাহিত তিৰোতাক তেওঁৰ ভাল লগাত সেই তিৰোতা গৰাকীৰ স্বামীক হত্যা কৰোৱাই নিজেই সেই তিৰোতাগৰাকীৰ লগত বিবাহপাশত আবদ্ধ হৈছিল আৰু স্বৰ্গদেউ চুৰমফাই সেই তিৰোতাগৰাকীক নিজৰ বৰকুঁৱৰী কৰিছিল। সেই তিৰোতাগৰাকী আছিল ভাণ্ডাৰী চেতিয়াৰ বংশৰ পেটকামুৰীয়াৰ কন্যা। স্বৰ্গদেউ চুৰমফা নিঃসন্তান হোৱাত বৰকুঁৱৰী হৈ সেই তিৰোতাগৰাকীয়ে নিজ ককায়েকৰ ল’ৰা এজনক তোলনীয়া পুত্ৰ কৰি লৈছিল আৰু স্বৰ্গদেউ চুৰমফাই সেই ল’ৰাজনক নিজৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰিছিল। কিন্তু তাৰ কিছুদিন পাছতেই স্বৰ্গদেউ চুৰমফাৰ তোলনীয়া পুত্ৰজনৰ মৃত্যু হ’ল।

স্বৰ্গদেউ চুৰমফা অত্যন্ত তিৰোতাসেৰুৱা আছিল। নিজ বৰকুঁৱৰীৰ কথামতে স্বৰ্গদেউ চুৰমফাই নিজ ভাতৃ চুত্যিনফাৰ পুত্ৰ লাপলুপ গোঁহায়ে তেওঁৰ পুত্ৰক বিহ খুৱাই হত্যা কৰিলে বুলি অভিযোগ কৰিলে আৰু এই অভিযোগ তুলি স্বৰ্গদেউ চুৰমফাই ভাতৃ চুত্যিনফাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে আৰু তেওঁৰ তলত থকা মানুহ-দুনুহ সকলো কাঢ়ি ল’লে।

স্বৰ্গদেউ চুৰমফা আৰু তেওঁৰ বৰকুঁৱৰী ইয়াতো সন্তুষ্ট নহ’ল। স্বৰ্গদেউ চুৰমফাৰ তোলনীয়া পুত্ৰক মৈদাম দিবলৈ জো-যা কৰোঁতেই বৰকুঁৱৰীয়ে তেওঁক ক’লে যে তেওঁলোকৰ পুত্ৰই মৈদামত কাৰ সৈতে খেলিব? অকলে কেনেকৈ তাত থাকিব? বৰকুঁৱৰীৰ কথা শুনি এইবাৰ স্বৰ্গদেউ চুৰমফাই তেওঁৰ পাত্ৰ-মন্ত্ৰী, বিষয়াসকলক তেওঁলোকৰ এজন এজনকৈ পুত্ৰক মৈদামত দিবলৈ আদেশ দিলে। এই আদেশ পালন হ’ল নে নহ’ল তাৰ বিষয়ে কোনো তথ্য লাভ কৰা নাযায়।

স্বৰ্গদেউ চুৰমফাক ৰজা ভঙা –

আহোম স্বৰ্গদেউ হোৱাৰ পাছত স্বৰ্গদেউ চুৰমফাৰ কাণ্ড-কাৰখানাই আহোম ৰাজ্যৰ সাধাৰণ প্ৰজাৰ লগতে ডা-ডাঙৰীয়া তথা ৰজাঘৰীয়া লোককো অতিষ্ঠ কৰি তুলিছিল। স্বৰ্গদেৱে নিজ বৰকুঁৱৰীৰ কথামতে ৰাজ্য শাসন কৰাত সকলো লোকৰ ধৈৰ্যৰ বান্ধ ছিঙিছিল।

আহোম ৰাজ্যৰ সকলো ডা-ডাঙৰীয়াই আলোচনা কৰি চুত্যিনফা কোঁৱৰক আহোম ৰজা হোৱাৰ প্ৰস্তাৱ দিলে। ককায়েক স্বৰ্গদেউ চুৰমফাৰ অবিবেচকী সিদ্ধান্তৰ বাবে চুত্যিনফাও অসন্তুষ্ট হৈছিল। চুত্যিনফাই ডা-ডাঙৰীয়াসকলৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। অৱশেষত, ১৬৪৪ খ্ৰীষ্টাব্দৰ ২৩ ভাদৰ দিনা স্বৰ্গদেউ চুৰমফাক সিংহাসনচ্যুত কৰা হ’ল আৰু আহোম ৰাজ্যৰ নতুন স্বৰ্গদেউৰূপে চুত্য়িনফাক আহোম ৰাজসিংহাসনত অধিষ্ঠিত কৰা হ’ল।

স্বৰ্গদেউ চুৰমফাৰ মৃত্যু –

১৬৪১ খ্ৰীষ্টাব্দৰ পৰা ১৬৪৪ খ্ৰীষ্টাব্দলৈ তিনি(৩)বছৰ ৰাজত্ব কৰাৰ পাছত স্বৰ্গদেউ চুৰমফাক আহোম ৰাজসিংহাসনৰ পৰা সিংহাসনচ্যুত কৰা হৈছিল। তাৰপাছত নতুন স্বৰ্গদেউ চুত্য়িনফাই তেওঁক পৰ্বতৰ টকৌবাৰীত গৃহবন্দী কৰি থলেগৈ। তাতেই ১৬৪৫ খ্ৰীষ্টাব্দৰ ১৮ ফাগুণত স্বৰ্গদেউ চুৰমফাৰ মৃত্যু হয়। কোনোৱে কয় তেওঁৰ স্বাভাৱিক মৃত্যু হৈছিল আৰু আন কোনোৱে কয় তেওঁক নিজ ভাতৃ স্বৰ্গদেউ চুত্য়িনফাই হত্যা কৰোৱাইছিল।

স্বৰ্গদেউ চুৰমফা আহোম ৰাজত্বৰ এজন অন্যতম  অবিবেচকী ৰজা। পত্নীপ্ৰেমত মুগ্ধ হৈ স্বৰ্গদেউ চুৰমফাই এই কামবোৰ কৰিছিল। তেওঁৰ স্বভাৱ-চৰিত্ৰও বৰ এটা ভাল নাছিল। তেওঁৰ ৰাজত্বকালত আহোম ডা-ডাঙৰীয়া তথা প্ৰজাসকলে তেওঁৰ কিছুমান সিদ্ধান্তৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছিল। তেওঁৰ জনকল্যাণকামী কাৰ্যৰ ভিতৰত কেৱল শলগুৰি আলিৰ নিৰ্মাণৰ কথাই উল্লেখ আছে। স্বৰ্গদেউ চুৰমফাৰ ৰাজত্বকালত আন কোনো উল্লেখনীয় ঘটনা-পৰিঘটনা সংঘটিত হোৱা নাছিল।

তথ্য়ৰ উৎস –

১)  আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা

২) অসমৰ বুৰঞ্জী – পদ্মনাথ গোহাঞি বৰুৱা

4 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] ৰাজ্যৰ অষ্টাদশজন স্বৰ্গদেউ চুৰমফা বা ভগা ৰজাক সিংহাসনচ্যুত কৰি বন্দী […]

1
0
Would love your thoughts, please comment.x
()
x