আজিৰ বাতৰিসাময়িকী

আজিৰ সংবাদ শিৰোনাম

আজিৰ সংবাদ শীৰ্ষ–১৮ ডিচেম্বৰ,২০২০ চন

ৰাজ্যিক-

১) শিৱসাগৰৰ অসম জাতীয় পৰিষদৰ সভাত দলটোৰ সমিতি গঠন। অসম জাতীয় পৰিষদৰ প্ৰথম সভাপতিৰূপে নিযুক্তি হ’ল লুৰিণজ্যোতি গগৈ। সাধাৰণ সম্পাদকৰূপে নিযুক্ত কৰিলে দল বাগৰা সুবিধাবাদী ৰাজনীতিবিদ জগদীশ ভূঞাক। 

২) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হ’ল সু‍ধাংশু ঢুলীয়াক। 

৩) হায়দৰাবাদত ধৰ্ষণ কৰি হত্যা কৰা হ’ল অসমীয়া যুৱতীক। বহিঃৰাজ্যত অধ্যয়ন কৰিবলৈ যোৱা অসমৰ তিনি যুৱকেই কৰিলে এই নৃশংস কাণ্ড। 

৪) তিৱা জাতীয় পৰিষদৰ নিৰ্বাচনত ৭১ শতাংশ ভোটদান। 

উৎস – অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয় –

১) দেশৰ কৃষক বিদ্ৰোহে লাভ কৰিছে উচ্চতম ন্যায়ালয়ৰ নৈতিক সমৰ্থন। কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিবাদী কৃষকলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ – দুয়োপক্ষই আলোচনা কৰি সমাধান কৰক এই সমস্যাৰ। 

২) পশ্চিমবঙ্গত ভেঁটি খহিছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ। দিদিৰ নিকট সম্পৰ্কীয় মন্ত্ৰী তথা বিধায়ক শুভেন্দু অধিকাৰীয়ে ত্যাগ কৰিলে মমতাৰ সংগ। অতি শীঘ্ৰে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা। আৰু অধিক পদত্যাগৰ জোৱাৰ উঠাৰ সম্ভাৱনা। 

৩) যোৱা নিশা ১১.৪৬ত প্ৰায় ৪.২ প্ৰাৱল্য ভূমিকম্পৰ জোকাৰণি ৰাজস্থানৰ আলৱাৰত। দিল্লী-এন চি আৰতো অনুভূত জোকাৰণি। 

৪) বিদেশী বিনিয়োগৰ ফলত অভূতপূৰ্ব উত্থান ছেনচেক্সৰ। দৈনিক উত্থানৰ বলত ছেনচেক্স পালেগৈ ৪৬,৮৯০ পইণ্ট। 

উৎস – টাইম্ছ অফ ইণ্ডিয়া

আন্তঃৰাষ্ট্ৰীয়-

১) আমেৰিকাত অনুমোদন পাবলৈ গৈ আছে দেশখনৰ দ্বিতীয়টো কোভিদ ১৯ ভেকচিনে। মডাৰ্ণা ভেকচিনে অতি শীঘ্ৰে কৰিব কৰিব আমেৰিকাৰ নিৰ্দিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমোদন। 

২) যোৱা সপ্তাহত উত্তৰ-পশ্চিম নাইজেৰিয়াৰ বিদ্যালয়ৰ পৰা বকো হাৰামে অপহৰণ কৰা এশৰো অধিক ছাত্ৰক প্ৰদান কৰিলে মুক্তি। 

৩) স্পেইনৰ সংসদত আজি ইউঠেনচিয়াক আইনসংগত কৰিবলৈ ভোট। অধিক কষ্টপ্ৰাপ্ত ৰোগীক ইচ্ছামৃত্যু প্ৰদান কৰিবলৈ চিকিৎসকে ব্যৱহাৰ কৰে এই ইউঠেনচিয়া ঔষধ। 

৪) কোভিদ ১৯ৰ ফলত হোৱা ক্ষতিৰ বাবে বিশ্বজুৰি প্ৰায় ২২০০ চাকৰি কৰ্তন কৰিব কোকাক’লাই। 

উৎস – বি বি চি

1 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x