আজিৰ শিৰোনাম-১৯-১২-২০২০
আজিৰ সংবাদ শীৰ্ষ–১৯ ডিচেম্বৰ,২০২০ চন
ৰাজ্যিক-
১) অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে প্ৰদান কৰা বীৰাংগনা সতী সাধনী বঁটা লাভ কৰিলে মিনতি বৰঠাকুৰে।
২) শপত গ্ৰহণ কৰি মুখথেকেছা প্ৰমোদ বড়োৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ – স্থিতাৱস্থা বাহাল ৰখা হ’ব বি টি চিত।
৩) সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিত পৰিয়াল পৰিষদৰ কাৰ্য্যালয়ৰ বাবে দুবিঘা মাটি আবন্টনৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।
৪) আজি ঘোষণা হ’ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল।
উৎস – অসমীয়া প্ৰতিদিন
ৰাষ্ট্ৰীয় –
১) নতুন কৃষি নীতিৰ সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী-নতুন কৃষি নীতি কেৱল এদিনত অনা নাই। কৃষকৰ হিত চিন্তা কৰিহে অনা হৈছে এই নীতি। আমি কৃষকৰ লগত হাত ধৰি,শিৰনত কৰি আলোচনা কৰিম।
২) ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ঘোষণা – কোটা নীতিয়ে মেধাক গ্ৰহণ নকৰা নুবুজায়।
৩) উত্তৰ প্ৰদেশৰ চুন্নী ৱাকফ বৰ্ডে আজি মুকলি কৰিব অযোধ্যাত নিৰ্মাণ কৰিবলগা মছজিদৰ নক্সা।
৪) কাইলৈ অমিত শ্বাহে দুদিনৰ বাবে কৰিব পশ্চিমবংগ ভ্ৰমণ।
উৎস- হিন্দুস্তান টাইম্ছ
আন্তঃৰাষ্ট্ৰীয়-
১) আমেৰিকা যুক্তৰাষ্ট্ৰই অনুমোদন জনালে দ্বিতীয়টো কোভিড প্ৰতিৰোধী ভেকচিন মডাৰ্ণাক।
২) ছুইডেনত পুনৰ আৰম্ভ কৰা হৈছে কোভিড ১৯ৰ গাইডলাইন। ৰাজহুৱা পৰিবহণত বাধ্যতামূলক কৰা হৈছে মাস্ক পৰিধান।
৩) আফগানিস্তানৰ গজনীত হোৱা বোমা বিস্ফোৰণত নিহত ১৫ টি শিশু। আহত হৈছে ২০ জন লোক।
৪) ছুইজাৰলেণ্ডৰ সংসদে অনুমোদন জনালে সমলিঙ্গ বিবাহত।
উৎস – বি বি চি