শংকৰী যুগৰ অসমীয়া কবিতা

অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ আটাইতকৈ গৌৰবোজ্জল যুগটোৱেই হৈছে শংকৰী যুগ। এই সময়খিনিতেই অসমীয়া সাহিত্যৰ বাগিছাখন ফলে-ফুলে জাতিষ্কাৰ হৈ উঠিছিল। এই সময়ছোৱাত বিভিন্ন কবিয়ে কাব্য-চৰ্চা কৰিছিল যদিও বিশেষকৈ শংকৰদেৱৰ প্ৰসিদ্ধিৰ ওপৰত ভিত্তি কৰিয়েই এই সময়ছোৱাক শংকৰী যুগ বুলি নামাকৰণ কৰা হৈছে। অসমীয়া সাহিত্যৰ পণ্ডিতসকলৰ মতে, ১৪৯০ খ্ৰী.ৰ পৰা ১৭০০ খ্ৰী. লৈকে এই সময়ছোৱাক শংকৰী যুগ বুলি অভিহিত কৰিব পাৰি। এতিয়া আমি শংকৰী যুগৰ আটাইকেইজন বৈষ্ণৱ কবিৰ বিষয়ে আলোচনা কৰাৰ লগতে অবৈষ্ণৱ পাঁচালি কবিসকলৰ বিষয়েও আলোচনা কৰিম।

শংকৰদেৱ

১৪৪৯ চনত জন্মগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱক যদিও এজন ধৰ্মগুৰু হিচাপে গণ্য কৰা হয় কিন্তু তাতোতকৈ ব্যাপক আছিল তেওঁৰ কাব্যিক বা সাহিত্যিক প্ৰতিভাহে। শংকৰদেৱৰ সমসাময়িক সমাজখন আছিল বিভিন্ন ধৰণৰ কুসংস্কাৰেৰে পৰিপূৰ্ণ। সেয়ে তেওঁ সেইখন সমাজক সংস্কাৰ সাধন কৰিবলৈ ধৰ্মৰ মাধ্যমক গ্ৰহণ কৰিছিল আৰু নিজা চিন্তা-চেতনাৰেই অসমত এক শৰণ নাম-ধৰ্মৰ প্ৰচাৰ কৰিছিল। শংকৰদেৱে অসমীয়া সমাজখনৰ পৰা অসূয়া-অপ্ৰীতি, হিংসা-বিদ্বেষ আদিবোৰ দূৰ কৰি এক সুস্থিৰ সামাজিক-সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতা আৰু সেইসময়ত উত্তৰ ভাৰতত চলি থকা ভক্তি আন্দোলনৰ আলম লৈ তেওঁ নৱ বৈষ্ণৱ ধৰ্মৰ নীতি-নিয়ম আৰু দৰ্শনৰ সৃষ্টি কৰিছিল।

শংকৰদেৱে তেওঁৰ ধৰ্মৰ দৰ্শন আৰু নীতি-নিয়মবোৰক মানুহৰ মাজলৈ লৈ গৈছিল নৃত্য-গীত, কাব্য-নাট আৰু সংগীত আদিৰ মাজেৰে। শংকৰদেৱে তেওঁৰ সাহিত্য কৰ্মসমূহক শ্ৰৱণ-কীৰ্তন কৰোতাৰ মানসিক প্ৰশান্তিৰ কাৰক হিচাপে পৰিগণিত কৰিবলৈ যত্ন কৰিছিল। আৰু এই ক্ষেত্ৰত তেওঁ বহু পৰিমাণে সফলো হৈছিল। কোনো ধৰণৰ বিশেষ সুস্থিৰতা নথকা সেই সময়ৰ সমাজখনৰ অশান্ত মনেৰে ভাৰাক্ৰান্ত প্ৰত্যকজন ব্যক্তিয়েই বিষ্ণুৰ মাহাত্ম্যযুক্ত উপাখ্যানসমূহৰ লগত সাঙুৰি দিয়া নৈতিক বাণীবোৰ শুনি প্ৰশান্তি লাভ কৰিছিল। সাধাৰণ মানুহক আকৃষ্ট কৰিবলৈ শংকৰদেৱে তেওঁৰ সাহিত্যৰ ভাষাকো গাম্ভীৰ্যতা প্ৰদান কৰিছিল আৰু শ্ৰীকৃষ্ণৰ লীলাভূমি বজ্ৰধামৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সংযোগ ঘটাই বজ্ৰাৱলী নামৰ এক কৃত্ৰিম ভাষাৰ সৃষ্টি কৰিছিল।

শংকৰদেৱৰ ৰচনাৰাজি

শংকৰদেৱৰ সৃষ্টিৰাজিৰ কালানুক্ৰমিক তালিকা শিৱনাথ বৰ্মন সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’(২য় খণ্ড)ত এনেদৰে দেখুওৱা হৈছে-

প্রথম সময়ৰ ৰচনাৱলী

(ক) ভাগৱত ভিন্ন উৎসৰ ভেঁটিত
১। হৰিশ্চন্দ্ৰ উপাখ্যান (মাৰ্কেণ্ডেয় পুৰাণ)
২। ভক্তি প্রদীপ (গৰুড় পুৰাণ)
৩। কীর্তন ঘোষাৰ উৰেষা বর্ণন (ব্রহ্ম পুৰাণ)

(খ) ভাগৱতৰ আধাৰত ৰচিত
৪। ৰুক্মিনী হৰণ কাব্য (হৰিবংশ পুৰাণৰ দ্বাৰা প্ৰভাৱিত)
৫। ভাগৱত-ষষ্ঠ স্কন্ধ (অজামিল উপাখ্যান)
৬। ভাগৱত-অষ্টম স্কন্ধ (অমৃত মন্থন)
৭। গুণমালা- (দ্বিতীয়-ষষ্ঠ অধ্যায়)
৮। কীর্তন ঘোষা–(অজামিলোপাখ্যান, প্রহ্লাদ চৰিত্ৰ, গজেদ্রোপাখ্যান, হৰমোহন, বলিছলন, চতুর্বিংশতি অৱতাৰ, ধ্যান বর্ণন।)
৯। বৰগীত -মন মেৰি ৰাম চৰণহি লাণ্ড
ৰাম মেৰি হৃদয় পঙ্কজে কৈছে

মধ্যকালৰ ৰচনাৱলী ( আহোম ৰাজ্যান্তৰ্গত, ১৫১৬-১৫৪৩ খ্রী. )

১। কীর্তন ঘোষা – ( নামাপৰাধ আৰু পাষণ্ড মর্দন, শিশুলীলা, কালিয় দমন, ৰাস- ক্রীড়া, কংসবধ, গোপী-উদ্ধৱ সংবাদ, কুঁজীৰ বাঞ্চা পূৰণ, অক্ৰুৰৰ বাঞ্চা পূৰণ।)
২। পত্নী প্রসাদ নাট

অন্ত্যকালৰ ৰচনাৱলী (কোঁচ ৰাজ্যান্তৰ্গত, ১৫৪৩-১৫৬৮ খ্রী.)

১। কীর্তন ঘোষা–(জৰাসন্ধ বধ, কালযবন বধ, মুচুকুন্দ স্তুতি, স্যমন্ত হৰণ, নাৰদৰ কৃষ্ণ দর্শন, বিপ্র-পুত্র আনয়ন, দামোদৰ বিপ্ৰাখ্যান, দৈৱকীৰ পুত্ৰ আনয়ন, বেদস্তুতি, লীলামালা, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্রয়ান, ভাগৱতৰ তাৎপর্য।)
২। ভাগৱত – (প্রথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধ(অনাদি পাতন), অষ্টম স্কন্ধ(বলিছলন), দশম স্কন্ধ (আদি দশম, কুৰুক্ষেত্র), একাদশ স্কন্ধ(নিমি নৱসিদ্ধ সংবাদ সহিত) আৰু দ্বাদশ স্কন্ধ।)
৩। গুণমালা (প্রথম অধ্যায়)
৪। গীত-বৰগীত (সংকলন), তোটয়, ভটিমা
৫। প্রকৰণ গ্রন্থ – ভক্তি ৰত্নাকৰ
৬। ৰামায়ণ (উত্তৰাকাণ্ড)
৭। কালিয় দমন নাট
৮। কেলিগোপাল নাট
৯। ৰুক্মিনীহৰণ নাট
১০। পাৰিজাত হৰণ নাট
১১। ৰামবিজয় নাট (১৫৬৮ খ্রী.)

শংকৰদেৱৰ কাব্য প্ৰতিভা

বাৰ বছৰ বয়সতেই মৌলিক কাব্য প্ৰতিভাৰ পৰিচয় দিয়া শংকৰদেৱৰ সমস্ত কাব্যৰাজিত এক অতুলনীয় কাব্য প্ৰতিভা লক্ষ্য কৰা যায়। শংকৰদেৱৰ আটাইতকৈ বিখ্যাত কাব্য ‘কীৰ্তন-ঘোষা’ৰ কথাই বিচাৰ কৰিলে আমি দেখো যে,কীৰ্তন ঘোষা হৈছে এখন ভক্তিমূলক কাব্য। একো একোটা আখ্যান ব্যাখ্যাৰ জড়িয়তে শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিপাদ্য ভক্তিত্ত্বৰ প্ৰকাশ কৰিছে এক শ্ৰুতিমধুৰ কৌশলেৰে। সাধাৰণ পাঠকে তেনে আখ্যানত ভক্তিত্ত্বৰ উমান নাপালেও তাৰ পৰা প্ৰত্যেকেই বিমল আনন্দ লাভ কৰিব পাৰিব। প্ৰত্যক আখ্যানতে পৰমপুৰুষখ্যাত শ্ৰীকৃষ্ণৰ অপাৰ্থিৱ মহিমাৰ বৰ্ণনা দি কবিয়ে ভক্ত শ্ৰুতাসকলক অনাবিল আনন্দ প্ৰদান কৰিছে। তেওঁৰ হৰমোহন, স্যমন্ত হৰণ আদি কাব্যত এই কথাষাৰ অধিকভাৱে প্ৰযোজ্য হয়।
পদ ছন্দত নিবন্ধিত হৰমোহনৰ দুটা পদ পাঠকৰ বাবে তুলি ধৰা হ’ল—
তুমিসে কেৱলে সত্য মিছা সবে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান।।
নাবাঞ্জোহো সুখ ভোগ নামাগো মুকুতি।
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি।।

শংকৰদেৱে তেওঁৰ কাব্যত অলংকাৰ প্ৰয়োগৰ ক্ষেত্ৰতো যথেষ্ট সচেতন আছিল। হৰমোহন কাব্যত প্ৰয়োগ কৰা উপমা কাব্যৰ উদাহৰণ পাঠকৰ বাবে তলত আগবঢ়োৱা হ’ল—
তুমি কাৰ্য-কাৰণ সমস্ত চৰাচৰ।
সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।

মাধৱদেৱ

মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰিয়তম শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী। মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ আন্দোলন সবল আৰু সাৰ্থক ৰূপত পৰিণত কৰাৰ কৃতিত্ব কেৱল শংকৰদেৱৰে প্ৰাপ্য নহয়, মাধৱদেৱৰো সমানেই প্ৰাপ্য। এওঁলোক দুয়োগৰাকীৰ জীৱন এনেভাৱে জড়িত যে এজনক বা দি আনজনৰ ব্যক্তিত্বৰ মূল্যাংকন কৰা সম্ভৱ নহয়। গুৰুসেৱাত ক’ৰবাত বাধা পৰে বুলি আজীৱন কৌমাৰ্য ব্ৰত পালন কৰি সুখে-দুখে, সম্পদে-বিপদে, আলাপে-আলোচনাই সকলো অৱস্থাতে গুৰুক সহায় কৰি একশৰণীয়া ধৰ্ম প্ৰচাৰ আৰু প্ৰতিষ্ঠাত মাধৱদেৱে আত্মোত্‍‍সৰ্গা কৰিছিল। এই ঐকান্তিক নিষ্ঠা, গভীৰ ভক্তি আৰু বহুমুখী প্ৰতিভা দেখিয়েই শংকৰ-মাধৱৰ মিলন বা সংযোগক লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছে।

মাধৱদেৱৰ সাহিত্য কৃতি

শংকৰদেৱৰ দৰে মাধৱদেৱো বহুমুখী প্ৰতিভাৰ গৰাকী আছিল। তেওঁ একাধাৰে ধৰ্মপ্ৰচাৰক, শাস্ত্ৰজ্ঞ, ভক্ত, কবি, নাট্যকাৰ আৰু সুগায়ক আছিল। মহাপুৰুষ শংকৰদেৱৰ জীৱিত অৱস্থাতে তেওঁ মাধৱ কন্দলীৰ ‘ৰামায়ণ’ৰ আদিকাণ্ড ৰামায়ণৰ ভাঙণি কৰি অসমীয়া কাব্য সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়ায়। শংকৰদেৱে ৰচনা কৰা বৰগীতসমূহ কমলা গায়নে আওৰাবলৈ নি নষ্ট কৰাত গুৰুৰ আদেশমতে ভালেখিনি বৰগীত ৰচনা কৰে। শংকৰৰ আদেশ ক্ৰমেই শুক্লধ্বজৰ উত্সাহ পাই ‘ৰাজসূয় কাব্য’ আৰু ‘জন্ম ৰহস্য’ ৰচনা কৰি উলিয়ায়।

শংকৰদেৱৰ তিৰোধানৰ পিছত ১৫৯০-১৫৯৬ চনৰ ভিতৰত কোচবিহাৰৰ ভেলাবাঙত তেওঁৰ জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ ‘নামঘোষা’ৰ ৰচনা সম্পূৰ্ণ কৰে। মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি এই গ্ৰন্থত দেখা যায়। তেওঁৰ শাস্ত্ৰজ্ঞান বা পাণ্ডিত্য, কবিত্ব, ধাৰ্মিক মতবাদ, আধ্যাত্মিক আদৰ্শ আৰু ধৰ্মৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ ই পূৰ্ণ প্ৰকাশ। গুৰুৰ পৰা লাভ কৰা শিক্ষা, শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰা সিদ্ধান্ত আৰু নিজ হৃদয়ত উপলব্ধি হোৱা সত্যৰ স্বৰূপ এই গ্ৰন্থত প্ৰকাশিত হৈছে।

ৰাম সৰস্বতী

ষোড়শ শতাব্দীৰ কোঁচ নৃপতি নৰনাৰায়ণৰ সভাকবি ৰাম সৰস্বতীয়ে ৰজা নৰনাৰায়ণত আৰম্ভ কৰি ৰঘূদেৱ, পৰীক্ষিত নাৰায়ণ, দৰঙা ৰজা ধর্মনাৰায়ণ আৰু সুন্দৰ নাৰায়ণলৈকে কেইবাজনো ৰজাৰ পৃষ্ঠপোষকতাত মহাভাৰতৰ বিভিন্ন পৰ্বৰ ভাঙনি কৰাৰ লগতে আন পুথি ৰচনাতো অগভাগ লয়। পচৰিয়াত জন্মগ্রহণ কৰা কবিৰ আচল নাম হ’ল – অনিৰুদ্ধ। কবিচন্দ্র, ভাৰতভূষণ, ৰামসৰস্বতী, ভাৰতচন্দ্ৰ আদি কবিজনাৰ পাণ্ডিত্যৰ স্বীকৃতিজ্ঞাপক উপাধি মাথোন। কবিয়ে মহাভাৰতৰ আদি পর্ব, ভীষ্ম পর্ব, গোপীনাথ দ্বিজৰ সহযোগত দ্রোণপর্ব আৰু কর্ণপৰ্বৰ ভাঙনি কৰাৰ উপৰি মহাভাৰতৰ কথাবস্তুৰ আধাৰত সাবিত্রী উপাখ্যান, ব্যাসাশ্রম, পাঞ্চালী বিবাহ, ব্যঞ্জনপর্ব, সুধন্বা বধ আদি বর্ণনামূলক কাব্যও প্রণয়ন কৰে। হংসকাকী, শিৱৰহস্য, যামলসংহিতা, ধৰ্মোত্তৰ আদিৰ বিষয়স্তুৰ সৈতে মহাভাৰতৰ চৰিত্ৰ সংলগ্ন কৰি ৰচনা কৰা পুষ্পহৰণ পর্ব, মনিচন্দ্র ঘোষ পর্ব, বিজয় পর্ব, কালজংঘ বধ, খটাসুৰ বধ, অশ্বকর্ণ বধ, জংঘাসুৰ বধ, সিন্ধুযাত্ৰা আদি বধ কাব্যসমূহ ৰাম সৰস্বতীৰ অমৰ সৃষ্টি। জনপ্রিয় ভীম চৰিত আৰু জয়দেৱৰ গীত গোবিন্দৰো ভঙনি কৰা ৰাম সৰস্বতী নিঃসন্দেহে অসমীয়া সাহিত্যত ব্যাস । কবিজনৰ উদ্ভৱ কাল ষোড়শ শতাব্দীৰ চতুর্থ দশকৰ পৰা সপ্তদশ শতাব্দীৰ চতুর্থ দশক।

অনন্ত কন্দলি

মহাপুৰুষ শঙ্কৰদেৱৰ মহান আদৰ্শৰ পথেদি আগবাঢ়ি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা অনন্ত কন্দলীয়ে আত্ম পৰিচয় প্রসংগত কৈছে- ৰত্ন পাঠকৰ পিতৃ ৰোহিনী ঠাকুৰে কপিলী নৈৰ পাৰৰ দিহিংগা গাঁৱত বাস কৰিছিল । তেওঁৰ তৃতীয় পুত্র ধ্বজে ৰৌতালৈ আহি চন্দ্ৰ ভাৰতীৰ কন্যা বনমালাৰ পানি গ্রহণ কৰি হাজোলৈ আহে, আৰু তাতে থাকি তেওঁ ৰত্ন পাঠক নামেৰে প্রসিদ্ধি লাভ কৰে। এই ৰত্ন পাঠকৰে জ্যেষ্ঠ পুত্র শ্রী হৰিচৰণে ভাগৱত প্ৰমুখ্যে নানা শাস্ত্ৰত পাৰদৰ্শী হৈ ভাগৱত ভট্টাচার্য আৰু তর্ক শাস্ত্ৰত পাৰ্গত হৈ অনন্ত কন্দলি বিভূষণ লাভ কৰিবলৈ সমৰ্থ হয়। শিৱাই মণ্ডলে তেওঁলৈ আগবঢ়ায় শ্ৰীচন্দ্ৰ ভাৰতী উপাধি। বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা অনন্ত কন্দলিয়ে কুমাৰ হৰণ, বৃত্রাসুৰ বধ, ‘দশম স্কন্ধ ভগৱত’ৰ মধ্য আৰু অন্তিম খণ্ড আৰু পাঁচ কাণ্ডযুক্ত ৰামায়ণ ৰচনা কৰি অসমীয়া সাহিত্যত এখন বিশিষ্ট স্থান ৰাখি থৈ যায়। অনন্ত কন্দলি খ্রীষ্টিয় ষোড়শ শতাব্দীৰ তৃতীয় বা চতুর্থ দশকৰ ভিতৰত জন্ম গ্রহণ কৰি উক্ত শতাব্দীৰ প্রায় শেহলৈকে জীৱিত আছিল ।

সার্বভৌম ভট্টাচার্য

সার্বভৌম ভট্টাচার্যৰ অস্তিত্ব সন্দেহজনক বুলি ডাঃ মহেশ্বৰ নেওগে মত পোষণ কৰিছিল। অৱশ্যে গুৰু চৰিতত তেওঁৰ নাম শঙ্কৰদেৱৰ শিষ্য হিচাপে উল্লেখ কৰা হৈছে। কবি গৰাকীয়ে নিজৰ কাব্যত দিয়া আত্ম পৰিচয়ো গুৰু চৰিতৰ তথ্যৰ অনুকুলে। সার্বভৌম ভট্টাচার্যই ৰচনা কৰা কাব্য দুখন হ’ল – সৰু বা ক্ষুদ্র স্বর্গখণ্ড আৰু বৰ স্বৰ্গখণ্ড।

কংসাৰি কায়স্থ

বৈষ্ণৱ কবি কংসাৰি কায়স্থৰ বিষয়েও বিশেষ তথ্য পোৱা নাযায়। অনুমান কৰা যায় যে তেওঁ ৰাম সৰস্বতীৰ সমসাময়িক। অসম আৰু বর্তমান বাংলাদেশৰ ৰংপুৰত প্রাপ্ত নিদর্শন অনুযায়ী এইজনা কবিয়ে মহাভাৰতৰ বনপর্ব অন্তর্গত কিৰাত অনুপৰ্ব তথা বিৰাট পৰ্বৰ অন্তর্গত দক্ষিণ গোগ্রাহ আৰু উত্তৰ গোগ্রাহৰ পদ ৰচনা কৰিছিল।

শ্ৰীধৰ কন্দলি

শ্ৰীধৰ কন্দলি ৰামসৰস্বতী আৰু অনন্ত কন্দলিৰ সমসাময়িক অথবা সামান্য পাছৰ কালৰ। তেওঁ পোনপটীয়াভাৱে শংকৰদেৱৰ শিষ্য আছিল নে নাই ক’ব পৰা নাযায় ; কিন্তু তেওঁ যে শঙ্কৰদেৱৰ ধৰ্ম আৰু আদৰ্শৰ প্রতি আস্থাশীল লোক আছিল; সেই বিষয়ে সন্দেহৰ অৱকাশ নাই। শ্ৰীধৰ কন্দলিৰ ভানিতাযুক্ত চাৰিখন পুথি: (১) ঘুনুচা যাত্রা, (২) কানখোৱা, (৩) অশ্বমেধ পর্বৰ ভাঙনি, (৪) কানাই ধেমেলীয়া। কিন্তু চাৰিওখন পুথি একেজন শ্ৰীধৰ কন্দলিৰে হয়নে নহয়, নিশ্চয়কৈ কোৱা টান।

ৰত্নাকৰ কন্দলি

ৰত্নাকৰ কন্দলিৰ বিষয়ে নির্ভৰযোগ্য তথ্য পোৱা নাযায়। তেওঁৰ ৰচনাসমূহৰ মাজত কবিশেখৰ আৰু দ্বিজ কবিশেখৰ নাম দুটাও পোৱা যায়। কন্দলিয়ে শঙ্কৰদেৱৰ কীর্তন পুথিৰ অন্তৰ্গত বিষ্ণুৰ সহস্রনাম বৃত্তান্ত খণ্ড ৰচনা কৰিছিল। ৰত্নাকৰ কন্দলি নামৰ অন্য এজন লেখকো অসমত আছিল। তেওঁ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ‘সাৰ দীপিকা’ নাম দি জয়দেৱৰ গীত গোবিন্দৰ এটি টোকা ৰচনা কৰিছিল।

ৰত্নাকৰ মিশ্র

ৰত্নাকৰ মিশ্ৰ আৰু ৰত্নাকৰ কন্দলি একেজন মানুহ বুলি বহুতে ক’ব খোজে। সূক্ষ্মভাবে পর্যবেক্ষণ কৰিলে সেয়া যে সত্য নহয় বুজা যায়। কবি মিশ্রই ব্ৰহ্মগীতা আৰু গীতা-কীর্তন ৰচনা কৰিছিল।

নাৰায়ণ দাস (ঠাকুৰ আতা)

নাৰায়ন দাস শঙ্কৰদেৱৰ প্রিয় শিষ্য আছিল। তেওঁ মাধৱদেৱৰো বন্ধু আছিল। নাৰায়ন দাস নামটো শঙ্কৰদেৱে দিয়া; পাছত তেওঁ ঠাকুৰ আতা নামেৰেহে পৰিচিত হৈছিল । তেওঁৰ কাব্য কৰ্মৰ ভিতৰত কিছুমান ভকতীয়া ফকৰা আৰু কেইটামান গীত পোৱা যায়।

চান্দসাই

চান্দসাইৰ প্রকৃত নাম চান্দ খাঁ বুলি অনুমান কৰা যায়। শঙ্কৰদেৱৰ সান্নিধ্যলৈ আহি তেওঁ শঙ্কৰদেৱৰ শিষ্যত্ব গ্রহণ কৰে। চান্দসাইৰ কাব্যকৃতিৰ ভিতৰত দুটামান গীত মাথো পোৱা যায়।

হৰিদেৱ

হৰিদেৱক কবি বা সাহিত্যিকৰূপে স্বীকৃতি দিয়া বেছিদিন হোৱা নাই। হৰিদেৱৰ নামত ভনিতা থকা দুখন পুথি আৰু কিছুমান গীত বর্তমান পোৱা গৈছে। পুথি দুখন হ’ল শৰণ সংহিতা আৰু ভক্তিৰস তৰঙ্গিনী। ইয়াৰে প্ৰথমখন কাব্য। দ্বিতীয়খন পুথি ৰচনা কৰা হৈছে গদ্যত। এইটো অতিশয় তাৎপর্যপূর্ণ কথা যে, হৰিদেৱ সর্বজন স্বীকৃত হ’লে ভট্টদেৱৰ সলনি তেৱেঁই হ’ব অসমীয়া গদ্য সাহিত্যৰ জনক।

পাঁচালী সাহিত্য (শংকৰী যুগৰ অবৈষ্ণৱ সাহিত্য)

পঞ্চদশ শতিকাৰ অন্তিম দশকৰপৰা ষষ্টদশ শতিকাৰ প্ৰথম ভাগৰ ভিতৰত অসমত কেইগৰাকীমান ব্যতিক্রমী কবিৰ জন্ম হৈছিল। তেওঁলোকে শংকৰদেৱ তথা শংকৰদেৱৰ অনুগামীসকলে প্ৰৱলভাৱে বোৱাই নিয়া বৈষ্ণৱ ভাৱাদৰ্শৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ থাকি কাব্য ৰচনা কৰিছিল। কাব্যৰ ঠাঁচ আছিল লৌকিক। এই কবিসকল পাঁচালী কবি হিচাপে পৰিচিত। তেওঁলোকৰ ভিতৰত পীতাম্বৰ, দুর্গাকৰ, মনবৰ আৰু সুকবি নাৰায়নদেৱ প্রখ্যাত। পাঁচালী সাহিত্যৰ দুটা ভাগ দেখা যায়। এটা ভাগত মনসাদেৱীৰ মাহাত্ম্য প্রকাশ কৰা হয় আৰু আনটো ভাগত ৰামায়ণ-মহাভাৰত আদিৰ কাহিনী বৰ্ণনা কৰা হয়। পাঁচালী সাহিত্য ৰচনা কৰা হৈছিল ওজাপালিৰ উদ্দেশ্যে। কোনো ধর্মীয় আবেষ্টনী তথা অনুশাসন নথকাৰ বাবে এইবিধ সাহিত্যত চিন্তাৰ স্বাধীন প্ৰকাশ দেখা যায়। ড⁰ মহেশ্বৰ নেওগৰ মতে, লৌকিকতাক প্ৰাধান্য দিয়াৰ বাবে এই সাহিত্যত স্বতঃফূৰ্ত প্ৰাণ আছে। তলত কেইজনমান পাঁচালি কবিৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল-

পীতাম্বৰ

শংকৰদেৱৰ সমসাময়িক এইজন কবিৰ জীৱন বুৰঞ্জী সম্পর্কে আমাৰ সাহিত্যৰ বুৰঞ্জীকাৰসকল নিমাত। কবিৰ জীৱন সম্পর্কীয় তথ্য বিশেষ পাবলৈ নাই। তদুপৰি বাঙালীসকলে পীতাম্বৰক বাঙালী কবি বুলি দাবী কৰিও যথেষ্ট আহুকালৰ সৃষ্টি কৰিছে। অৱশ্যে সম্প্রতি পীতাম্বৰৰ বাসস্থান কোঁচৰজা বিশ্বসিংহৰ ৰাজধানী কমতা নগৰ বুলি স্বীকৃত হৈছে। তদুপৰি ৰজা নৰনাৰায়ণৰ ভ্ৰাতৃ যুৱৰাজ চিলাৰায় বা সমৰ সিংহৰ পৃষ্ঠপেষকতাত পীতাম্বৰে সাহিত্য সাধনা কৰাটোও সর্বসন্মত বিষয়।
শংকৰদেৱে পীতাম্বৰ কবিক শাক্ত তামসিক কবি বুলি ৰায় দিছিল। আনুমানিক ১৫৪৬ খ্রী: ত শংকৰদেৱে বৰপেটাত থাকোতে তেওঁৰ ন-শিষ্য নাৰায়ন ঠাকুৰক সেই অঞ্চলৰ শাস্ত্রজ্ঞ ব্যক্তিসকলৰ বিষয়ে সুধিলে। তেতিয়া ঠাকুৰে পীতাম্বৰ কবিৰ নাম কৈ কবিৰ দ্বাৰা ৰচিত নিম্নোক্ত শাৰী দুটা উদাহৰণ স্বৰূপে আগবঢ়ালে –
বিলাপ কৰি কান্দে দেৱী ৰুক্মিণী ।
কোন অঙ্গে খুন দেখি নাইলা যদুমণি।।

শংকৰদেৱে দেহজ প্রেমৰ বৰ্ণনা শুনি পীতাম্বৰ কবি ধর্ম প্রচাৰৰ বাবে অনুপযুক্ত বুলি ৰায় দিয়ে। কথা গুৰু চৰিতত উল্লিখিত এই ঘটনাই ইঙ্গিত দিয়ে যে নিজৰ সমকালীন পণ্ডিতসকলৰ দ্বাৰা পীতাম্বৰ কবি উৎসাহিত হোৱা নাছিল। বিশেষকৈ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলে তেওঁক প্রকাশ্যেই নিন্দা কৰিছিল। তেনে ফলশ্রুতিতেই কবিগৰাকী আৰু তেওঁৰ কৃতিসমূহ অৱহেলিত হৈছিল বুলি ভাৱিব পাৰি।

পীতাম্বৰ কবিৰ সাহিত্য কৃতিসমূহ হ’ল – ঊষা পৰিণয়, ভাগৱত প্ৰথম আৰু দশম স্কন্ধ, নল দময়ন্তী, মার্কণ্ডেয় পুৰাণ আৰু কুমাৰ হৰণ। ইয়াৰে সৰহকেইখনেই উদ্ধাৰ কৰিব পৰা হোৱা নাই। অন্যহাতে পীতাম্বৰে ৰচনা কৰা আৰু পুথি পোৱা যাব পাৰে বুলিও পণ্ডিত প্রতাপ চন্দ্র গোস্বামীয়ে মত প্ৰকাশ কৰিছে! সেয়ে হলে পীতাম্বৰ কবিৰ যশস্যা বহুগুণে বৃদ্ধি পাব।

দুৰ্গাবৰ কায়স্থ

ষোড়শ শতাব্দীৰ কোঁচ ৰজা বিশ্বসিংহৰ দিনৰ ( ১৫১৫-১৫৪০ খ্রীঃ ) কবি দুৰ্গাবৰ কায়স্থ সংগীতত কৃতবিদ্যা লোক আছিল। সংগীত পটু মনসাৰ সেৱক বাহুবল শিকদাৰ আছিল কায়স্থ চন্দ্ৰধৰপুত্র দুৰ্গাবৰৰ পৃষ্ঠপোষক। কোনোৱে তেওঁক কামৰূপৰ হাজো অঞ্চলৰ লোক বুলিও কব খোজে যদিও কবিৰ লেখাৰ মাজত উক্ত ঠাইৰ নামটো পোৱা নাযায়। বেউলাৰ আখ্যানত উল্লিখিত পর্বত গহন নীলাচল কবিৰ জন্মস্থান নহ’লেও সাহিত্য সাধনাৰ থলী বুলি ভাবিব পাৰি। বর্তমানলৈকে কবিৰ দুখন গ্রন্থ পোৱা গৈছে, এখন আদিকাব্য ৰামায়ণৰ ওজাপালি তাঙৰণ ‘গীতি ৰামায়ণ’ আৰু আনখন ‘বেউলাৰ আখ্যান’ বা ‘পদ্মৰপুৰাণ’ । বহু সংখ্যক ৰাগৰ সাৰ্থক প্রয়োগে দুৰ্গাবৰৰ ৰচনাখনিক অমৰত্ব প্রদান কৰিছে ।

মনকৰ

মনকৰৰ সময় ষোড়শ শতাব্দীৰ প্রথম ভাগ বুলি অনুমান কৰা হয় । তেওঁৰ কাব্যত কমতাৰ ৰজা বিশ্বসিংহৰ উল্লেখ পোৱা যায়। গতিকে মনকৰ কমতা অৰ্থাৎ কোঁচবিহাৰ অঞ্চলৰেই কবি আছিল। মনকৰৰ সাহিত্যকৃতি হিচাপে কেৱল পদ্মাপুৰাণৰ অংশ বিশেষহে পোৱা গৈছে। তেওঁৰ কাব্যৰীতি সৰল আৰু ভাষা পোনপটীয়া। বহুতে তেওঁক গাঁৱলীয়া চহা কবি আখ্যা দিব খোজে।

সুকবি নাৰায়ণদেৱ

সুকবি নাৰায়ণদেৱৰ জীৱন সম্পর্কে মত দ্বৈধতাৰ অন্ত নাই। তথাপিত্ত তেওঁ দৰঙী ৰজা ধর্মনাৰায়ণ(১৬১৫-১৬৩৭)ৰ পৃষ্ঠপোষকতা লাভ কৰাৰ সপক্ষে অধিক যুক্তি পোৱা যায়। কবিৰ সাহিত্যকৃতি হ’ল পদ্মাপুৰাণ। মন কৰিবলগীয়া বিষয় এয়ে যে সুকবি নাৰায়নদেৱে নিজৰ সৃষ্টিক নিজে পাঁচালী আখ্যা দি গৈছে।

ষষ্ঠীবৰ

ষষ্ঠীবৰ নামৰ কবিজনৰ অস্তিত্ব এতিয়াও বিতর্কত উর্ধত নহয়। তদুপৰি ষষ্ঠীবৰক বাঙালী পণ্ডিতসকলে শ্রীহট্টৰ লোক বুলি দাবী কৰে আৰু তেওঁৰ সৃষ্টিক বাঙালী সাহিত্যৰ ভিতৰুৱা কৰিব খোজে। এই সম্পর্কে নতুন তথ্য আৱিস্কাৰ হোৱাৰ সম্ভাৱনা নথকা নহয়। ষষ্ঠীবৰ সাহিত্য কৃতি হ’ল মনসা-পুৰাণ।

সহায়ক গ্ৰন্থৰাজী-
১) অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তঃ সত্যেন্দ্ৰনাথ শৰ্মা
২) অসমীয়া সাহিত্যৰ ৰূপৰেখাঃ মহেশ্বৰ নেওগ

আৰু পঢ়ক পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল

3 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক শংকৰী যুগৰ অসমীয়া কবিতা […]

1
0
Would love your thoughts, please comment.x
()
x