ড০ ভবেন্দ্ৰ নাথ শইকীয়া -জীৱন আৰু কৰ্ম

১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে নগাঁও জিলাৰ ফৌজদাৰীপট্টীত জন্মলাভ কৰা ড° ভবেন্দ্ৰনাথ শইকীয়া অসমীয়া সমাজৰ (অন্ততঃ পঢ়ুৱৈ আৰু বুদ্ধিজীৱী সমাজৰ) বাবে এটা অচিনাকি নাম নহয়। সূক্ষ্মদৃষ্টিগুণসম্পন্ন মানসিকতাৰ প্ৰয়োগেৰে ৰচিত তেখেতৰ প্ৰতিটো চুটিগল্পই অসমীয়া সাহিত্যৰ এটা টনকিয়াল, নিভাঁজ আৰু মূল্যৱান ভঁৰালৰ কথা সূচায়। নিজৰ সত্তৰ বছৰীয়া জীৱনকালত চাৰিকুৰিৰো অধিক চুটিগল্প লিখি শইকীয়াই যি অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিলে, তাৰ ‘উত্তৰাধিকাৰ-স্বত্ব’ (legacy)ৰ উচিত দাবীদাৰ কেৱল তেওঁৰ নিজৰেই গল্পসম্ভাৰ।

সাহিত্যিক হিচাপে ভবেন্দ্ৰনাথ শইকীয়া

কিন্তু এই প্ৰতিভাৰ অভ্যুত্থান মাথোঁ ধুমকেতু সদৃশ নে কি ? নিজৰ জীৱনৰ পাৰ কৰি বছৰকেইটাৰ অভিজ্ঞতাবহুল স্মৃতিবোৰ গোটাই হঠাতে তেওঁ এদিন ‘গল্পই লিখা যাওক তেনেহ’লে’ বুলি ঠিক কৰি পেলালে নে কি ? নাই, নহয়। শইকীয়াৰ নিজৰ ভাষাত : ‘ক্লাছ ফাইভত পদ্য লিখাৰ নিচিনা কামৰ প্ৰতি যি উৎসাহে দেখা দিছিল, সেই উৎসাহে অলপ গহীন-গম্ভীৰ ৰূপত দেখা দিলে ক্লাছ এইটলৈ প্ৰমোছন পোৱাৰ পাছত। গহীন-গম্ভীৰ মানে ,— এইবাৰ গদ্যত হাত দিয়াৰ উৎসাহে দেখা দিলে।’ এই জোৱাৰৰ জোৰতে তেওঁ সহপাঠী প্ৰমোদ দাসৰ লগত লাগি স্কুলখনৰ কাৰণে এখন অসমীয়া আলোচনী উলিয়াবলৈ ঠিক কৰিলে। উলিয়ালে। নাম থ’লে ‘উদয়’। প্ৰৱন্ধ-পাতি ঠিক-ঠাক কৰাৰ লগতে তেওঁ নিজেও এটা গল্প লিখি উলিয়াইছিল। নাম আছিল ‘পথ নিৰূপণ’। গল্পটো ‘উদয়’ আলোচনীৰ দ্বিতীয় সংখ্যাত প্ৰকাশ পোৱাৰ পিছত হেনো সেইটো সংখ্যাৰ তিনিটা কপি তেওঁ যোগাৰ কৰিছিল, আৰু বহুদিনলৈ এটা কপি হাতত বা কাষলতিৰ তলত সুমুৱাই লৈ ফুৰিছিল। কাৰোবাৰ লগত কথা পাতিলে কথা নি-নি সেই সংখ্যাৰ উদয়ত পেলাইছিলগৈ আৰু আলোচনীখন আগবঢ়াই দি সুধিছিল — এইখন দেখিছেনে? আৰু ঠিক এই একেই মানসিকতাৰ পৰিচয় আমি শইকীয়াৰপৰা পিছৰ সময়ছোৱাতো পাওঁ। এবাৰ তেওঁক ‘গল্প এটা লিখি শেষ কৰাৰ পিছত আপুনি কেনেকুৱা অনুভৱ কৰে?’ বুলি সোধোঁতে তেওঁ কৈছিল ‘বিশেষ একো অনুভৱ হয় বুলি ক’ব নোৱাৰি। কিন্তু পঢ়ুৱৈ এজনে নো গল্পটো পঢ়ি কেনেকুৱা পালে, সেয়া জানিবলৈ বৰ আগ্ৰহেৰে লৈ থাকোঁ।’।

এই যে ‘পথ নিৰূপণ’ নামৰ জুইকুৰা জ্বলিল, সেয়া জ্বলিয়েই থাকিল। মেট্ৰিক দি উঠি আকৌ তেওঁ ডিটেক্টিভ্ ধৰ্মী এখন উপন্যাস লিখি উলিয়ালে — ‘আতংকৰ শেষত’। আৰু ষ্টাৰ মাৰ্কসহ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কলেজত পঢ়িবলৈ ওলাল। কটন কলেজত। তাতো শিক্ষা-সমাজ আৰু হোষ্টেল-সমাজ ,— এই দুয়োখন সমাজৰ লগত মোটামুটিভাৱে খাপ খাই পৰাৰ পাছত শইকীয়াৰ ধান্দা হ’ল ,— অন্যান্য ক্ৰিয়া-কৰ্মও আৰম্ভ কৰা দৰকাৰ। স্বাভাৱিকতে গল্প লিখাৰ কথাই মনলৈ আহিল। কিছুদিন পাছত কটন কলেজ ষ্টুডেণ্টছ ইউনিয়ন ছ’ছাইটিয়ে বছৰেকীয়া সাহিত্য-প্ৰতিযোগিতা ঘোষণা কৰিলে। এসপ্তাহমানৰ আজৰি সময় খৰচ কৰি তেওঁ গল্প এটা লিখি উলিয়ালে। নাম — ‘শান্তিৰ বুকুৰ ধুমুহা’। ফলাফল ঘোষণা আৰু বঁটা বিতৰণীৰ দিনা মঞ্চৰ পৰা ঘোষণা কৰা হ’ল ,— তেওঁ তৃতীয় পুৰস্কাৰ পাইছিল। লগতে সেই একেটা গল্প কিছুদিনৰ পিছত আৱাহনৰ পাতত ছপা হৈ ওলাইছিল। গোটেই অসমত চলা, জনপ্ৰিয়, গুৰুত্বপূৰ্ণ আলোচনীত ছপা হোৱা সেইটোৱেই শইকীয়াৰ প্ৰথম লেখা। তেওঁৰ গল্প-সংকলনকেইখন হ’ল : প্ৰহৰী, সেন্দূৰ, গহ্বৰ, শৃংখল, উপকন্ঠ, এই বন্দৰৰ আবেলি, বৃন্দাবন, তৰংগ, সান্ধ্যভ্ৰমণ, আকাশ। আৰু তেওঁৰ উপন্যাস কেইখনৰ নাম হ’ল : আতংকৰ শেষত, অন্তৰীপ, ৰম্যভূমি।

চলচ্চিত্ৰ নিৰ্মাতাৰূপে ড° ভবেন্দ্ৰনাথ শইকীয়া

কেৱল গল্পই নে ? কেৱল সাহিত্যই নে ? ড° ভবেন্দ্ৰনাথ শইকীয়াৰ আৰু এটা পৰিচয় আছে, আৰু সেয়া হ’ল বোলছবি নিৰ্মাতাৰ পৰিচয়। বিয়াৰ পিছত শইকীয়াই তেওঁৰ পত্নী প্ৰীতি শইকীয়াক মাজে-মাজে হেনো কোৱা কৰিছিল — ‘চিনেমা এখন কৰিবলৈ বৰ মন আছিল হে !’। সেই ভবামতে নিজৰ গল্প ‘বানপ্ৰস্থ’ৰ কাহিনীকে ভিত্তি কৰি ‘সন্ধ্যাৰাগ’ বোলছবি নিৰ্মাণ কৰি উলিয়াইছিল। কেইবাখনো ৰেডিঅ’ নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।

শইকীয়াই নিৰ্মাণ কৰি উলিওৱা বোলছবি কেইখন হ’ল : সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। 

বঁটা আৰু সন্মান

তেখেতে ১৯৭৬ চনত ‘শৃংখল‘ নামৰ চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰে।

মৃত্যু

মাথোঁ ব্যক্তি নহৈ অনুষ্ঠানস্বৰূপ হৈ পৰা এইজন মহন পুৰোধাই ২০০৩ চনৰ ১৩ আগষ্ট তাৰিখে নশ্বৰ দেহ ত্যাগ কৰে।

যুগুতাইছেঃ  ত্ৰিদিৱ দুৱৰাই

আৰু পঢ়ক- কাৰ্ল গুষ্টাভ য়ুং আৰু বিশ্লেষণাত্মক মনোবিজ্ঞান

0 0 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] বিলাক উপস্থাপিত কৰােৱাব। আৰু পঢ়ক ড০ ভবেন্দ্ৰনাথ শইকীয়া- জীৱন আৰু কৰ্ম 0 0 vote Article […]

trackback

[…] দেখুওৱা হৈছে। আন এগৰাকী গল্পকাৰ ভৱেন্দ্ৰনাথ শইকীয়ায়ো কল্পবিজ্ঞান গল্প লিখাত হাত […]

2
0
Would love your thoughts, please comment.x
()
x