তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

ভাৰতৰ ন্যায়পালিকা – ভাৰতীয় সংবিধান (৫-গ)

(এই অধ্যায়টোত ভাৰতৰ ন্যায়পালিকা আৰু ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ বিষয়ে আলোচনা কৰা হৈছে। এই অধ্যায়ত ভাৰতৰ ন্যায়পালিকা আৰু ইয়াৰ অন্তৰ্গত ভাৰতৰ উচ্চতম ন্যায়ালয় ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হৈছে। অধ্যায়টোত ভাৰতীয় সংবিধানৰ পঞ্চম ভাগৰ  চতুৰ্থ আৰু পঞ্চম অধ্যায়ৰ সম্পূৰ্ণ অসমীয়া অনুবাদ আগবঢ়োৱা হৈছে।)

পঞ্চম ভাগ

সংঘ বা কেন্দ্ৰ

চতুর্থ অধ্যায় 

সংঘৰ ন্যায়পালিকা

অনুচ্ছেদ ১২৪-উচ্চতম ন্যায়ালয়ৰ স্থাপন আৰু গঠন :

(১) ভাৰতৰ মুখ্য ন্যায়াধিপতি এজন আৰু যেতিয়ালৈকে সংসদে বিধিৰ দ্বাৰা আৰু বেছি সংখ্যা নিৰ্দ্ধাৰণ নকৰে তেতিয়ালৈকে অনধিক সাতজন আন ন্যায়াধীশেৰে গঠিত ভাৰতৰ এখন উচ্চতম ন্যায়ালয় হ’ব ।
(২) উচ্চতম ন্যায়ালয়ৰ আৰু ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয় সমূহৰ যি সকল ন্যায়াধীশৰ লগত ৰাষ্ট্রপতিয়ে সেই প্রয়ােজনত আৱশ্যক বিবেচনা কৰে, সেই সকলৰ লগত পৰামৰ্শ কৰাৰ পাছত, ৰাষ্ট্রপতিয়ে নিজ হস্তাক্ষৰ আৰু মুদ্রাংকিত অধিপত্ৰৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ প্ৰতিজন ন্যায়াধীশক নিযুক্ত কৰিব আৰু তেওঁ পয়ষষ্ঠি বছৰ বয়স নােহােৱালৈকে পদ ধাৰণ কৰিব।
পৰন্তু, মুখ্য ন্যায়াধিপতিৰ বাহিৰে আন ন্যায়াধীশৰ নিযুক্তিৰ বিষয়ত ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ সৈতে সদায় পৰামৰ্শ কৰিব:
অধিকন্তু,–
(ক) কোনাে ন্যায়াধীশে স্বহস্ত লিখনৰ দ্বাৰা ৰাষ্ট্রপতিক সম্বােধন কৰি, তেওঁৰ পদ ত্যাগ কৰিব পাৰে ;
(খ) খণ্ড (৪) ত উপবন্ধিত ৰীতিৰে কোনাে ন্যায়াধীশক তেখেতৰ পদৰ পৰা অপসাৰিত কৰিব পৰা যাব ।
(২) (ক) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বয়স এনে প্রাধিকাৰীৰ দ্বাৰা আৰু এনে ৰীতি অনুসাৰে নিদ্ধাৰিত কৰা হ’ব যিটোনেকি সংসদে বিধিৰ দ্বাৰা উপবন্ধিত কৰে ।
(৩) কোনাে ব্যক্তি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হ’বলৈ যোগ্য নহ’ব যদিহে তেওঁ ভাৰতৰ নাগৰিক নহয় আৰু – 
(ক) এখন উচ্চ ন্যায়ালয়ত অথবা দুখন বা ততােধিক তেনে ন্যায়ালয়ত একে লেঠাৰিয়ে অতি কমেও পাঁচ বছৰ কাল ন্যায়াধীশ হােৱা নাছিল, অথবা
(খ) এখন উচ্চ ন্যায়লয়ত অথবা দুখন বা ততােধিক তেনে ন্যায়ালয়ত একে লেঠাৰিয়ে অতি কমেও দহ বছৰ কাল অধিবক্তা হােৱা নাছিল, অথবা
(গ) ৰাষ্ট্ৰপতিৰ বােধেৰে এজন প্রখ্যাত ন্যায়বিশাৰদ নহয় । 
স্পষ্টীকৰণ ১- এই খণ্ডত ‘উচ্চ ন্যায়ালয়’ বুলিলে যি উচ্চ ন্যায়ালয়ে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনাে ভাগত ক্ষেত্ৰাধিকাৰ প্ৰয়ােগ কৰিছে অথবা এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে যিকোনাে সময়ত প্রয়ােগ কৰিছিল তেনে উচ্চ ন্যায়ালয়ক বুজাব । 
স্পষ্টীকৰণ ২- এই খণ্ডৰ প্রয়ােজনৰ নিমিত্তে কোনাে ব্যক্তিৰ অধিবক্তা হৈ থকা কালছােৱা সংগণনা কৰােতে তেওঁ অধিবক্তা হােৱাৰ পিছত জিলা ন্যায়াধীশতকৈ নিম্ন স্তৰৰ নােহােৱা ন্যায়িক পদ ধাৰণ কৰা কালছােৱাকো অন্তর্ভুক্ত কৰা হ’ব ।
(৪) সিদ্ধ কদাচাৰ আৰু অসমর্থতাৰ হেতুত অপসাৰণ কৰিবৰ নিমিত্তে সংসদৰ প্রত্যেক সদনৰ মুঠ সদস্য সংখ্যাৰ সংখ্যাধিক্যৰ দ্বাৰা আৰু তেনে সদনত উপস্থিত আৰু ভােট দিয়াড়সদস্য সংখ্যাৰ নুন্যতম দুই-তৃতীয়াংশ সংখ্যাধিক্যৰ দ্বাৰা সমর্থিত সমাবেদন ৰাষ্ট্ৰপতিৰ ওচৰত সেই একে অধিবেশনতে নিবেদন কৰাৰ পিছত ৰাষ্ট্রপতিয়ে আদেশ নিদিলে উচ্চতম ন্যায়ালয়ৰ কোনাে ন্যায়াধীশক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব নােৱাৰিব। 
(৫) খণ্ড (৪) ৰ অধীনত কোনাে সমাবেদন নিবেদিত কৰিবৰ কাৰণে আৰু কোনাে ন্যায়াধীশৰ কদাচাৰ আৰু অসমর্থতা অনুসন্ধান আৰু সিদ্ধ কৰাৰ প্রক্রিয়া সংসদে বিধিৰ দ্বাৰা বিনিয়মন কৰিব পাৰে।
(৬) উচ্চতম ন্যায়লয়ৰ ন্যায়াধীশ স্বৰূপে নিযুক্ত প্রত্যেক ব্যক্তিয়ে তেওঁৰ পদ গ্রহণ কৰাৰ পূৰ্ব্বে ৰাষ্ট্ৰপতিৰ অথবা তেওঁৰ দ্বাৰা সেইমর্মে নিযুক্ত কোনাে ব্যক্তিৰ আগত তৃতীয় অনুসূচীত এই প্রয়ােজনৰ নিমিত্তে দিয়া প্র-পত্র অনুসাৰে শপত ল’ব অথবা প্রতিজ্ঞান কৰিব আৰু তাত হস্তাক্ষৰ কৰিব । 
(৭) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰূপে পদ ধাৰণ কৰি অহা কোনাে ব্যক্তিয়ে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনাে ন্যায়ালয়ত বা কোনাে প্রাধিকাৰীৰ আগত ওকালতি বা কাৰ্য্য কৰিব নােৱাৰিব । 

অনুচ্ছেদ ১২৫- ন্যায়ধীশসকলৰ বেতন আদি:

(১) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলক এনে বেতন দিয়া হ’ব যি সংসদে, বিধিৰ দ্বাৰা, অৱধাৰিত কৰে আৰু যেতিয়ালৈকে এই মর্মে এনে প্ৰকাৰৰ উপবন্ধ কৰা নহয়, তেতিয়ালৈকে এনে বেতন দিয়া হ’ব যি দ্বিতীয় অনুসুচীত বিনিৰ্দিষ্ট কৰা হৈছে । 
(২) প্রত্যেকজন ন্যায়াধীশ এনে বিশেষাধিকাৰৰ আৰু ভাত্তাৰ, তথা অনুপস্থিতি ছুটী আৰু অৱসৰ বেতন সম্বন্ধত এনে অধিকাৰৰ অধিকাৰী হ’ব যিটো নেকি সংসদে কৰা বিধিৰ দ্বাৰা বা অধীনত সময়ে সময়ে নিৰ্ধাৰিত কৰে, আৰু এনেকৈ নিৰ্ধাৰিত নােহােৱা পৰ্য্যন্ত এনে বিশেষাধিকাৰ, ভাত্তা আৰু অধিকাৰৰ অধিকাৰী হ’ব যিবােৰ নেকি দ্বিতীয় অনুসূচীত বিনিদিষ্ট কৰা হৈছে ।
পৰন্তু, কোনাে ন্যায়াধীশৰ নিযুক্তিৰ পিছত তেওঁৰ প্ৰতিকূলে তেওঁৰ কোনাে বিশেষাধিকাৰৰ, ভাত্তাৰ নাইবা তেওঁৰ অনুপস্থিতি ছুটী অথবা অৱসৰ বেতন সম্বন্ধীয় অধিকাৰৰ কোনাে পৰিৱৰ্তন কৰিব নােৱাৰিব । 

অনুচ্ছেদ ১২৬- কাৰ্যকাৰী মুখ্য ন্যায়াধিপতিৰ নিযুক্তি:

যেতিয়া ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ পদ খালি হয় অথবা যেতিয়া মুখ্য ন্যায়াধিপতিয়ে অনুপস্থিতি বা অন্য কোনাে কাৰণত তেওঁৰ নিজ পদৰ কৰ্তব্য পালন কৰিবলৈ অসমর্থ হয় তেতিয়া ৰাষ্ট্রপতিয়ে সেই প্রয়ােজনৰ বাবে নিযুক্ত কৰা সেই ন্যায়ালয়ৰ আন ন্যায়াধীশ সকলৰ এজনে সেই পদৰ কৰ্তব্যসমূহ পালন কৰিব ।

অনুচ্ছেদ ১২৭- তদর্থ ন্যায়াধীশৰ নিযুক্তি

(১) যদি কোনাে সময়ত উচ্চতম ন্যয়ালয়ৰ ন্যায়াধীশ সকলৰ উক্ত ন্যায়ালয়ৰ সত্ৰ বহুৱাবলৈ বা চলাই থাকিবলৈ থুল গঠন নহয়, তেতিয়া ভাৰতৰ মুখ্য ন্যায়াধিপতিয়ে ৰাষ্ট্ৰপতিৰ পূর্বসন্মতি ক্রমে আৰু সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিৰ লগত পৰামৰ্শ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হােৱাৰ যথাৰীতি অৰ্হতাসম্পন্ন আৰু ভাৰতৰ মুখ্য ন্যায়াধিপতিয়ে নামােদিষ্ট কৰা কোনাে উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ বৈঠকত যিমানখিনি কালৰ বাবে আৱশ্যক সিমানখিনি কালৰ বাবে তদর্থ ন্যায়াধীশ স্বৰূপে উপস্থিত থকাৰ কাৰণে লিখিতভাৱে অনুৰােধ কৰিব পাৰে ।
(২) এনেকৈ নামােদিষ্ট ন্যায়াধীশৰ কৰ্ত্তব্য হ’ব তেওঁৰ নিজ পদৰ আন কৰ্তব্যতকৈয়াে অগ্রাধিকাৰ দি উচ্চতম ন্যায়লয়ৰ বৈঠকত তেওঁৰ উপস্থিতি প্রয়ােজন হােৱা সময়ত আৰু কালছােৱাত উপস্থিত হােৱা, আৰু যেতিয়া তেওঁ এনেকৈ উপস্থিত থাকে তেতিয়া তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সকলাে ক্ষেত্ৰাধিকাৰ , ক্ষমতা আৰু বিশেষাধিকাৰ লাভ কৰিব আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কৰ্তব্য নির্বহন কৰিব। 

অনুচ্ছেদ ১২৮: অৱসৰ প্রাপ্ত ন্যায়াধীশৰ উচ্চতম ন্যায়ালয়ৰ বৈঠকত উপস্থিতি:

এই অধ্যায়ত যিকোনাে কথা থকা সত্ত্বেও ভাৰতৰ মুখ্য ন্যায়াধিপতিয়ে যিকোনাে সময়তে, ৰাষ্ট্ৰপতিৰ পূর্বসম্মতিক্রমে, উচ্চতম ন্যায়ালয়ৰ বা ফেডাৰেল ন্যায়ালয়ৰ ন্যায়াধীশৰ পদ ধাৰণ কৰি অহা অথবা কোনাে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদ ধাৰণ কৰি অহা আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হ’বলৈ অৰ্হতা সম্পন্ন যি কোনাে ব্যক্তিক উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ স্বৰূপে বহিবলৈ আৰু কাৰ্য্য কৰিবলৈ অনুৰােধ কৰিব পাৰিব, আৰু এনেকৈ অনুৰােধ কৰা তেনে প্রত্যেক ব্যক্তিয়েই তেনেকৈ বহা আৰু কাৰ্য্য কৰা কালত এনে ভাত্তাৰ আধিকাৰী হ’ব যিটো নেকি ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা নিৰ্ধাৰিত কৰে, আৰু তেওঁ সেই ন্যায়ালয়ৰ ন্যায়াধীশৰ সকলাে ক্ষেত্ৰাধিকাৰ, ক্ষমতা আৰু বিশেষাধিকাৰ সমূহ লাভ কৰিব, কিন্তু অন্যথা সেই ন্যায়ালয়ৰ ন্যায়ধীশ বুলি গণ্য নহ’ব :
পৰন্তু, উপৰােক্ত তেনেকুৱা কোনাে ব্যক্তিয়ে তেনে কৰিবলৈ সন্মত নহ’লে এই অনুচ্ছেদৰ কোনাে কথাই তেওঁক সেই ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰূপে বহিবলৈ আৰু কাৰ্য্য কৰিবলৈ বাধ্য কৰােৱা বুলি নুবুজাব ।     

অনুচ্ছেদ ১২৯- উচ্চতম ন্যায়ালয় অভিলেখ ন্যায়ালয় হ’ব :

উচ্চতম ন্যায়ালয় এখন অভিলেখ ন্যায়ালয় হ’ব আৰু নিজৰ অৱমাননাৰ নিমিত্তে দণ্ড দিয়া ক্ষমতাকে ধৰি এনে ন্যায়ালয়ৰ সকলাে ক্ষমতা থাকিব ।

অনুচ্ছেদ ১৩০- উচ্চতম ন্যায়ালয়ৰ স্থান:

উচ্চতম ন্যায়ালয় দিল্লীত অথবা ৰাষ্ট্ৰপতিৰ অনুমােদন লৈ মুখ্য ন্যায়াধিপতিয়ে সময়ে সময়ে নির্দিষ্ট কৰা এনে কোনাে স্থানত বা স্থানবােৰত বহিব ।

অনুচ্ছেদ ১৩১- উচ্চতম ন্যায়ালয়ৰ প্ৰাৰম্ভিক ক্ষেত্ৰাধিকাৰ-

এই সংবিধানৰ উপবন্ধাৱলীৰ সাপেক্ষে আন কোনাে ন্যায়ালয়ক বহির্ভূত কৰি নিম্নলিখিত যিকোনাে বিবাদৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰাৰম্ভিক ক্ষেত্ৰাধিকাৰ থাকিব–
(ক) ভাৰত চৰকাৰ আৰু এখন বা ততােধিক ৰাজ্যৰ মাজত; অথবা
 (খ) এক পক্ষে ভাৰত চৰকাৰ আৰু কোনাে ৰাজ্য বা ৰাজ্য সমূহ আৰু আনপক্ষে এখন বা ততােধিক আন ৰাজ্য সমুহৰ মাজত; অথবা
(গ) দুই বা ততােধিক ৰাজ্যসমূহৰ মাজত হােৱা বিবাদৰ ওপৰত; যদিহে আৰু যি পৰ্য্যন্ত সেই বিবাদত এনে প্রশ্ন (লাগিলে বিধিৰেই হওক বা তথ্যৰেই হওক) অন্তগ্রস্ত হয় যাৰ ওপৰত বিধিক অধিকাৰৰ অস্তিত্ব বা বিস্তাৰ নিৰ্ভৰ কৰে:
পৰন্তু, উক্ত ক্ষেত্ৰাধিকাৰ, কোনাে সন্ধি, চুক্তি, প্ৰসংবিদা(কভেনেন্ট), বচনবন্ধ, চনদ অথবা তেনেকুৱা অন্যান্য লেখাৰ পৰা যিবিলাকনেকি এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে কৰা বা নিস্পাদিত হয় আৰু এনে প্ৰাৰম্ভণিৰ পিচতাে প্ৰৱৰ্তিত হৈ থাকে অথবা যি বিলাকনেকি উক্ত ক্ষেত্ৰাধিকাৰ তেনে বিবাদলৈ বিস্তৃত হ’ব নােৱাৰিব বুলি উপবন্ধিত থাকে, তেনে বিলাকৰ পৰা উদ্ভৱ হােৱা কোনাে বিবাদলৈ বিস্তৃত হ’ব নােৱাৰিব ।
অনুচ্ছেদ ১৩১ ক- নিৰসিত

অনুচ্ছেদ ১৩২- কিছুমান গােচৰত উচ্চ ন্যায়ালয়ৰ পৰা হােৱা আপীলত উচ্চতম ন্যায়ালয়ৰ আপীল সম্বন্ধীয় ক্ষেত্ৰাধিকাৰ

(১) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনাে উচ্চ ন্যায়ালয়ে কোনাে চিভিল কাৰ্যবাহীতেই বা দাণ্ডিক কাৰ্যবাহীতেই হওক অথবা আন কাৰ্যবাহীতেই হওক দিয়া কোনাে নির্ণয়, ডিক্রী বা চূড়ান্ত আদেশৰ বিৰূদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰিব, যদি সেই উচ্চ ন্যায়ালয়ে সেই গােচৰত এই সংবিধানৰ নির্বচন বিষয়ক কোনাে সাৰপূর্ণ বিধি-প্রশ্ন জড়িত আছে বুলি (অনুচ্ছেদ ১৩৪ ক ৰ অধীনত) প্রমাণ পত্র দিয়ে ।
(২) নিৰসিত
(৩) যি ক্ষেত্ৰত এনে প্রমাণ পত্ৰ দিয়া হয় তেনে ক্ষেত্ৰত গােচৰৰ সেই পক্ষই উপৰােক্ত কোন প্রশ্ন ভুলকৈ বিনিশ্চিত হােৱাৰ আধাৰত উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰিব।
স্পষ্টীকৰণ- এই অনুচ্ছেদৰ প্রয়ােজনার্থে “চূড়ান্ত আদেশ” বােলা কথাষাৰে এনে বিচার্য বিষয়ৰ বিনিশ্চয় কৰা আদেশকে অন্তর্ভুক্ত কৰিছে যিটো নেকি আপীলাৰ্থীৰ অনুকূলে বিনিশ্চিত হ’লে গােচৰটো চুড়ান্ত নিষ্পত্তিৰ অৰ্থে পৰ্যাপ্ত হ’ব। 

অনুচ্ছেদ ১৩৩ – উচ্চ ন্যায়ালয়ৰ পৰা চিভিল বিষয়ক আপীলত উচ্চতম ন্যায়ালয়ৰ আপীল সম্বন্ধীয় ক্ষেত্ৰাধিকাৰ

(১) ভাৰত ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনাে উচ্চ ন্যায়ালয়ৰ কোনাে চিভিল কাৰ্য্যবাহীৰ ওপৰত দিয়া কোনাে নির্ণয়, ডিক্রী বা চূড়ান্ত আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰিব,যদিহে উচ্চ ন্যায়ালয়ে অনুচ্ছেদ ১৩৪-ক ৰ অধীনত প্রমাণিত কৰে যে, 
(ক) গােচৰটোত সাৰ্বজনিক গুৰুত্ব পূর্ণ কোনাে সাৰবান বিধিগত প্রশ্ন জড়িত আছে, আৰু
(খ) উচ্চ ন্যায়ালয়ৰ বিবেচনামতে সেই প্রশ্নটো উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বিনিশ্চিত হােৱাটো আৱশ্যক । 
(২) অনুচ্ছেদ ১৩২ ত যি কোনাে কথা থকা সত্ত্বেও, খণ্ড (১) ৰ অধীনত উচ্চতম ন্যায়ালয়ত আপীল কৰা কোনাে পক্ষই এই বুলি ক’ব পাৰে যে, এই সংবিধানৰ নির্বাচন সম্পৰ্কে কোনাে সাৰ পূর্ণ বিধিমূলক প্রশ্ন ভুলভাৱে বিনিশ্চিত হােৱাটোও এনে আপীলৰ আধাৰ সমূহৰ অন্যতম । 
(৩) এই অনুচ্ছেদত যিকোনাে কথা থকা সত্ত্বেও, সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধিত নকৰিলে কোনাে উচ্চ ন্যায়ালয়ৰ এজন মাত্র ন্যায়াধীশৰ নির্ণয়, ডিক্রী বা চুড়ান্ত আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কোনাে আপীল নেখাটিব।

অনুচ্ছেদ ১৩৪- দণ্ড সম্বন্ধীয় বিষয়ত উচ্চতম ন্যায়ালয়ৰ আপীল সম্বন্ধীয় ক্ষেত্ৰাধিকাৰ :

(১) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনাে উচ্চ ন্যায়ালয়ৰ কোনাে দণ্ড সম্বন্ধীয় কাৰ্য্যবাহীত দিয়া হােৱা কোনাে নির্ণয়, চুড়ান্ত আদেশ বা দণ্ডাদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰিব, যদি উচ্চ ন্যায়ালয়ে–
(ক) আপীলত অভিযুক্ত ব্যক্তিৰ দোষ মুক্তিৰ আদেশ ওলােটা কৰে আৰু তেওঁক মৃত্যুৰ দণ্ডাদেশ দিয়ে; অথবা
(খ) ইয়াৰ প্ৰাধিকাৰৰ অধীনস্থ কোনাে ন্যায়ালয়ৰ পৰা নিজৰ দ্বাৰা বিচাৰৰ অৰ্থে কোনাে গােচৰ উঠাই আনে আৰু এনে বিচাৰত অভিযুক্ত ব্যক্তিক দোষসিদ্ধ কৰে আৰু মৃত্যুৰ দণ্ডাদেশ দিয়ে; অথবা
(গ) অনুচ্ছেদ ১৩৪-ক ৰ অধীনত প্রমাণিত কৰে যে, গােচৰটো উচ্চতম ন্যায়ালয়ত আপীলৰ যােগ্য: 
পৰন্তু, সেই অর্থে অনুচ্ছেদ ১৪৫ ৰ খণ্ড (১) ত কৰা এনে উপবন্ধাৱলীৰ সাপেক্ষে আৰু উচ্চ ন্যায়ালয়ে নির্ধাৰিত কৰা বা প্রয়ােজনীয় বুলি ধৰা এনে চৰ্ত্তবােৰৰ সাপেক্ষে উপখণ্ড (গ) ৰ অধীনত আপীল খাটিব।
(২) সংসদে বিধিৰ দ্বাৰা এনে বিধিত যথা বিনির্দিষ্ট কৰা চৰ্ত্ত আৰু পৰিসীমাৰ সাপেক্ষে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনাে উচ্চ ন্যায়ালয়ৰ কোনাে দণ্ড সম্বন্ধীয় কাৰ্যবাহীত দিয়া হােৱা কোনাে নির্ণয়, চূড়ান্ত আদেশ বা দণ্ডাদেশৰ বিৰুদ্ধে আপীল গ্ৰহণ কৰিবলৈ আৰু শুনিবলৈ উচ্চতম ন্যায়ালয়ৰ ওপৰত যিকোনাে অধিকাৰৰ ক্ষমতা প্রদান কৰিব পাৰে। 

অনুচ্ছেদ ১৩৪-ক -উচ্চতম ন্যায়ালয়ত আপীলৰ বাবে প্রমাণ পত্র :

অনুচ্ছেদ ১৩২ ৰ খণ্ড (১) বা অনুচ্ছেদ ১৩৩ ৰ খণ্ড (১) অথবা অনুচ্ছেদ ১৩৪ ৰ খণ্ড (১) ত উল্লিখিত কোনাে নির্ণয়, ডিক্রী, চুড়ান্ত আদেশ বা দণ্ডাদেশ পাৰিত কৰা বা দিয়া প্রত্যেক উচ্চ ন্যায়ালয়ে–
(ক) যদি তেনে কৰাটো উপযুক্ত বুলি ভাবে তেনেহ’লে স্বপ্রণােদিত ভাবে; আৰু 
(খ) যদি এনে নির্ণয়, ডিক্রী, চূড়ান্ত আদেশ বা দণ্ডাদেশ পাৰিত কৰাৰ বা দিয়াৰ ঠিক পিছতেই ব্যথিত পক্ষৰ দ্বাৰা বা হকে কোনাে মৌখিক আবেদন কৰে, তেনেহ’লে–
এনে নির্ণয়, ডিক্রী, চুড়ান্ত আদেশ বা দণ্ডাদেশ পাৰিত কৰাৰ বা দিয়াৰ পিছত যথাশীঘ্ৰে অনুচ্ছেদ ১৩২ ৰ খণ্ড (১), বা অনুচ্ছেদ ১৩৩ ৰ খণ্ড (১) অথবা যথাস্থিতি অনুচ্ছেদ ১৩৪ ৰ খণ্ড (১) ৰ উপখণ্ড (গ) ত উল্লিখিত ধৰণৰ প্রমাণ পত্র সেই মােকৰ্দ্দমাত দিব পাৰিবনে নােৱাৰিব তাৰ নির্ণয় কৰিব।

অনুচ্ছেদ ১৩৫- বর্তমান বিধিৰ অধীনত থকা ফেডাৰেল ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা প্রয়ােগ যােগ্য : সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰালৈকে, অনুচ্ছেদ ১৩৩ বা অনুচ্ছেদ ১৩৪ ৰ উপবন্ধাৱলী প্রয়োগ নােহােৱা কোনাে বিষয় সম্বন্ধেও উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা থাকিব, যদিহে সেই বিষয় সম্পর্কে ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা কোনাে বিদ্যমান বিধিৰ অধীনত এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে ফেডাৰেল ন্যায়ালয়ৰ দ্বাৰা প্রয়ােগ যােগ্য আছিল । 

অনুচ্ছেদ ১৩৬- আপীল কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বিশেষ অনুমতি প্রদান :

(১) এই অধ্যায়ত যিকোনাে কথা থকা সত্ত্বেও, ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত থকা কোনাে ন্যায়ালয় বা ন্যায়াধিকৰণৰ দ্বাৰা কোনাে বাদ বা বিষয়ত দিয়া হােৱা বা বিহা কোনাে নির্ণয়, ডিক্রী, নিৰ্দ্ধাৰণ, দণ্ডাদেশ বা আদেশৰ বিৰুদ্ধে আপীল কৰিবলৈ উচ্চতম ন্যায়ালয়ে স্ববিবেচনাৰে বিশেষ অনুমতিৰ মঞ্জুৰী দান কৰিব পাৰিব । 
(২) খণ্ড (১) ত থকা কোনাে কথাই সামৰিক বাহিনী সম্পর্কীয় কোনাে বিধিৰ দ্বাৰা বা অধীনত গঠিত কোনাে ন্যায়ালয় বা ন্যায়াধিকৰণৰ দ্বাৰা দিয়া হােৱা বা বিহা কোনাে নির্ণয়, নিৰ্দ্ধাৰণ, দণ্ডাদেশ বা আদেশত প্রয়ােগ নহ’ব।

অনুচ্ছেদ ১৩৭- উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নির্ণয় অথবা আদেশৰ পুনর্বিলোকন :

সংসদৰ দ্বাৰা প্ৰণীত কোনাে বিধিৰ উপবন্ধাৱলী বা অনুচ্ছেদ ১৪৫ ৰ অধীনত প্রণীত কোনাে নিয়মাৱলীৰ সাপেক্ষে, নিজে ঘােষণা কৰা কোনাে নির্ণয়ৰ অথবা দিয়া আদেশৰ পুর্নবিলােকন কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা থাকিব। 

অনুচ্ছেদ ১৩৮- উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ সম্প্ৰসাৰণ :

(১) সংঘ-সূচীত থকা যিকোনাে বিষয় সম্পর্কে সংসদে বিধিৰ দ্বাৰা যেনে ভাবে প্রদান কৰে তেনে ভাবে উচ্চতম ন্যায়ালয়ৰ অধিকতৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা থাকিব ।
(২) যিকোনাে বিষয়ৰ সম্বন্ধত উচ্চতম ন্যায়ালয়ৰ এনেকুৱা অধিকতৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা থাকিব যিবিলাকনেকি ভাৰত চৰকাৰে আৰু কোনাে ৰাজ্যৰ চৰকাৰে বিশেষ চুক্তিৰ দ্বাৰা প্ৰদান কৰে, যদিহে সংসদে এনে ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা উচ্চতম ন্যায়লয়ৰ দ্বাৰা প্ৰয়ােগ কৰিবলৈ বিধিৰ দ্বাৰা উপবন্ধিত কৰে । 
অনুচ্ছেদ ১৩৯- কিছুমান লেখ জাৰি কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ ওপৰত ক্ষমতা প্রদান :
অনুচ্ছেদ ৩২ ৰ খণ্ড (২) ত উল্লিখিত প্রয়ােজনবােৰৰ বাহিৰে অন্য যিকোনাে প্রয়ােজনৰ কাৰণে সংসদে বিধিৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ ওপৰত নির্দেশ, আদেশ বা বন্দী প্রত্যক্ষীকৰণ, পৰমাদেশ, প্রতিষেধ, অধিকাৰ পৃচ্ছা আৰু উতপ্রেষণ লেখৰ প্ৰকৃতিৰ লেখ সমূহক অন্তর্গত কৰি লেখ সমূহ বা তাৰ যিকোনােটো জাৰি কৰিবলৈ ক্ষমতা প্রদান কৰিব পাৰে। 

অনুচ্ছেদ ১৩৯ ক- কোনাে কোনাে মাের্কদ্দমা হস্তান্তৰকৰণ :

(১) যেতিয়া একে বা সাৰতঃ একে বিধি সম্বন্ধীয় প্রশ্ন জড়িত মােকর্দমা উচ্চতম ন্যায়ালয়ত আৰু এক বা ততােধিক উচ্চ ন্যায়ালয়ত অথবা দুই বা ততােধিক উচ্চন্যায়ালয়ত বিচাৰাধীন হৈ থাকে আৰু ভাৰতৰ মহান্যায়বাদীৰ বা সেই গােচৰ সমূহৰ কোনাে এটা পক্ষৰ আবেদনক্রমে বা স্বপ্রণােদিত ভাবে উচ্চতমন্যায়ালয় এইবুলি সন্তুষ্ট হয় যে, সেই প্রশ্নবােৰ সাৰ্বজনিক মহত্বপূর্ণ সাৰবান প্রশ্ন, তেতিয়া উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ত বা উচ্চ ন্যায়ালয়বােৰত বিচাৰাধীন হৈ থকা সেই মােকৰ্দ্দমা বা মােকৰ্দ্দমাবােৰ তাৰ পৰা প্রত্যাহাৰ কৰি নিজে সকলোেবােৰ মােকৰ্দ্দমা নিষ্পত্তি কৰিব পাৰে :
পৰন্তু, উচ্চতম ন্যায়ালয়ে উক্ত বিধি সম্বন্ধীয় প্রশ্নৰ বিনিশ্চয় কৰাৰ পিছত এনেকৈ প্রত্যাহৃত কোনাে মােকর্দমা উচ্চতম ন্যায়ালয়ৰ নির্ণয়ৰ এক প্রতিলিপি সহ যি উচ্চ ন্যায়ালয়ৰ পৰা মােকর্দমা প্রত্যাহাৰ কৰা হৈছিল সেই উচ্চ ন্যায়ালয়লৈ ঘূৰাই পঠাব পাৰে আৰু তাক প্রাপ্তিৰ পিছত উচ্চ ন্যায়ালয়ে তেনে নির্ণয় অনুসৰি মােকৰ্দ্দমাটো নিস্পত্তি কৰিব ।
(২) উচ্চতম ন্যায়ালয়ে যদি ন্যায় বিচাৰৰ উদ্দেশ্য তেনে কৰাটো সমীচীন বুলি ভাবে, তেনেহ’লে কোনাে উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা কোনাে মােকৰ্দ্দমা, আপীল বা আন কাৰ্যবাহী আন কোনাে উচ্চ ন্যায়ালয়লৈ হস্তান্তৰণ কৰিব পাৰে ।

অনুচ্ছেদ ১৪০- উচ্চতম ন্যায়ালয়ৰ আনুষঙ্গিক ক্ষমতাসমূহ :

সংসদে উচ্চতম ন্যায়ালয়ৰ ওপৰত এই সংবিধানৰ উপবন্ধ সমূহৰ যিকোনােটোৰ লগত অসংগত নােহােৱা এনে বিলাক অনুপূৰক ক্ষমতা প্রদান কৰিবলৈ বিধিৰ দ্বাৰা উপবন্ধ কৰিব পাৰে যিবিলাকনেকি এই সংবিধানৰ দ্বাৰা বা অধীনত উচ্চতম ন্যায়ালয়ৰ ওপৰত প্রদত্ত ক্ষেত্ৰাধিকাৰ অধিক কাৰ্য্যকৰীৰূপে প্রয়ােগ কৰিবলৈ ন্যায়ালয়ক সমর্থবান কৰিবৰ কাৰণে আৱশ্যকীয় বা বাঞ্চনীয় বুলি প্রতীত হয়। 

অনুচ্ছেদ ১৪১- উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ঘোষিত বিধি সকলাে ন্যায়ালয়ৰ বাবে অৱশ্য পালনীয় হ’ব:

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ঘােষিত বিধি ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত সকলাে ন্যায়ালয়ৰ বাবে অৱশ্য পালনীয় হব ।

অনুচ্ছেদ ১৪২- উচ্চতম ন্যায়ালয়ৰ ডিক্রী আৰু আদেশ আৰু আবিষ্কাৰ আদি সম্বন্ধে আদেশৰ বলবৎকৰণ :

(১) উচ্চতম ন্যায়ালয়ে ইয়াৰ ক্ষেত্ৰাধিকাৰ প্ৰয়ােগ কৰােতে এনে ডিক্রী বা আদেশ দিব পাৰে যিটো নেকি ইয়াৰ বিচাৰাধীন হৈ থকা কোনাে বাদ বা বিষয়ৰ সম্পূর্ণ ন্যায় কৰিবলৈ আৱশ্যক হয়, আৰু এনেকৈ পাৰিত কোনাে ডিক্রী অথবা এনেকৈ দিয়া কোনাে আদেশ ভাৰতৰ সর্ব ৰাজ্যক্ষেত্ৰতে, সংসদে প্রস্তুত কৰা কোনাে বিধিৰ দ্বাৰা বা অধীনত যথা বিহিত ৰীতিৰে আৰু সেই অর্থে সেইদৰে উপবন্ধ নকৰালৈকে ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা যথাবিহিত কৰা ৰীতিৰে প্ৰৱৰ্ত্তনীয় হ’ব।
(২) এই বিষয়ে সংসদে কৰা কোনাে বিধিৰ উপবন্ধাৱলীৰ সাপেক্ষে ভাৰতৰ গােটেই ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত কোনাে ব্যক্তিক হাজিৰ কৰােৱাৰ, কোনাে দলিল আৱিষ্কাৰ বা দাখিল কৰােৱাৰ অথবা ইয়াৰ নিজৰ অৱমাননাৰ অনুসন্ধান কৰােৱাৰ বা দণ্ড দিয়াৰ প্ৰয়ােজনৰ বাবে যি কোনাে আদেশ দিবলৈ উচ্চতম ন্যায়ালয়ৰ সকলাে আৰু প্ৰত্যেকটো ক্ষমতা থাকিব।

অনুচ্ছেদ ১৪৩- উচ্চতম ন্যায়ালয়ৰ লগত পৰামৰ্শ কৰিবলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা :

(১) যদি কোনাে সময়ত এইটো ৰাষ্ট্ৰপতিৰ প্রতীত হয় যে বিধি বা তথ্যৰ এনে এটা প্রশ্ন উঠিছে বা উঠাৰ সম্ভাৱনা আছে যিটো নেকি এনে প্রকৃতিৰ বা এনেকুৱা সাৰ্বজনিক গুৰুত্বৰ হয় যে, সেই প্রশ্নৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ ৰায় লােৱাটো সমীচীন হয়, তেনেহ’লে ৰাষ্ট্রপতিয়ে সেই প্রশ্নটো বিচাৰৰ বাবে সেই ন্যায়ালয়লৈ পঠিয়াব পাৰে আৰু ন্যায়ালয়ে যথােচিত বুলি ভবা মতে লােৱা শুনানীৰ পিচত সেই প্রশ্নৰ ওপৰত দিয়া ইয়াৰ ৰায় ৰাষ্ট্রপতিক জনাব পাৰে। 
(২) অনুচ্ছেদ ১৩১ ৰ পৰন্তুকত যিকোনাে কথা থকা সত্ত্বেও, ৰাষ্ট্রপতিয়ে উক্ত পৰন্তুকত উল্লিখিত ধৰণৰ বিবাদ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ অৰ্থে পঠিয়াব পাৰে আৰু উচ্চতম ন্যায়ালয়ে যথােচিত বুলি ভবা মতে লােৱা শুনানীৰ পিছত সেই প্রশ্নৰ ওপৰত ইয়াৰ ৰায় ৰাষ্ট্রপতিক জনাব লাগিব। 

অনুচ্ছেদ ১৪৪- চিভিল আৰু ন্যায়িক প্রাধিকাৰী সকলে উচ্চতম ন্যায়ালয়ৰসহায়ক ৰূপে কাৰ্য্য কৰিব :

ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ চিভিল আৰু ন্যায়িক সকলাে প্ৰাধিকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ সহায়ক ৰূপে কাৰ্য্য কৰিব।অনুচ্ছেদ ১৪৪ ক- নিৰসিত

অনুচ্ছেদ ১৪৫- ন্যায়ালয়ৰ নিয়ম আদি :

(১) সংসদে প্রণয়ন কৰা কোনাে বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে; উচ্চতম ন্যায়ালয়ে সময়ে সময়ে, ৰাষ্ট্ৰপতিৰ অনুমােদন লৈ তলত দিয়া বােৰ অন্তর্ভুক্ত কৰি সাধাৰণভাৱে ন্যায়ালয়ৰ কাৰ্য্য প্রণালী আৰু প্রক্রিয়া বিনিয়মনৰ অৰ্থে নিয়মাৱলী প্রস্তুত কৰিব পাৰিব – 
(ক) ন্যায়ালয়ত ওকালতি বৃত্তি কৰা ব্যক্তিসকলৰ সম্পর্কে নিয়মাৱলী, 
(খ) আপীলৰ শুনানীৰ অৰ্থে প্ৰক্ৰিয়াৰ নিয়মাৱলী আৰু ন্যায়ালয়ত আপীল দাখিল কৰাৰ সময়কে ধৰি আপীল সম্বন্ধীয় অন্য বিষয়বােৰৰ সম্পর্কে নিয়মাবলী,
(গ) ৩য় ভাগৰ দ্বাৰা প্রদত্ত যিকোনাে অধিকাৰ বলবৎ কৰাৰ নিমিত্তে ন্যায়ালয়ত কাৰ্য্যবাহী সম্পর্কে নিয়মাৱলী,
(ঘ) অনুচ্ছেদ ১৩৯ ক ৰ অধীনত ন্যায়ালয়ৰ কাৰ্যবাহী সম্পর্কে নিয়মাৱলী,
(ঙ) অনুচ্ছেদ ১৩৪ ৰ খণ্ড (১) ৰ উপখণ্ড (গ) ৰ অধীনত আপীল গ্ৰহণ কৰা সম্পর্কে নিয়মাৱলী; (ঙ)ন্যায়ালয়ৰ দ্বাৰা প্রদত্ত কোনাে নির্ণয় বা দিয়া কোনাে আদেশ যি চৰ্ত্তৰ সাপেক্ষে পুনর্বিলােকিত হ’ব পাৰে, সেই চৰ্ত্তবােৰ সম্পর্কে নিয়মাবলী, আৰু তেনে পুনর্বিলােকন বাবে কিমান সময়ৰ ভিতৰত ন্যায়ালয়ত আবেদন দাখিল কৰিব লাগিব তাক অন্তর্গত কৰি তেনে পুনর্বিলােকনৰ প্রক্রিয়া সম্পর্কে নিয়মাৱলী;
(চ) ন্যায়ালয়ৰ কোনাে কাৰ্যবাহীৰ আৰু তৎপ্রাসংগিক খৰচৰ সম্পর্কে আৰু ন্যায়ালয়ত কাৰ্যবাহী সম্বন্ধে ল’ব লগীয়া মাচুল সম্পর্কে নিয়মাৱলী,
(ছ)জামিন মঞ্জুৰ কৰা সম্পর্কে নিয়মাৱলী, (জ)কাৰ্যবাহী বন্ধ ৰখা সম্বন্ধে নিয়মাৱলী,
(ঝ)ন্যায়ালয়ৰ অভিমতত অকিঞ্চিকৰ বা বিৰক্তিকৰ বা বিলম্বৰ উদ্দেশ্যে অনা কোনাে আপীলৰ সংক্ষিপ্ত নিৰ্দ্ধাৰণৰ উপবন্ধ কৰা নিয়মাৱলী; 
(ঞ) অনুচ্ছেদ ৩১৭ ৰ খণ্ড (১) ত উল্লিখিত তদন্তৰ অৰ্থে প্রক্রিয়া সম্পর্কে নিয়মাৱলী; 
(২) খণ্ড (৩) ৰ উপবন্ধাৱলীৰ সাপেক্ষে এই অনুচ্ছেদৰ অধীনত প্রস্তুত নিয়মাৱলীয়ে কোনাে প্রয়ােজনৰ বাবে বহিব লগা ন্যায়াধীশৰ ন্যূনতম সংখ্যা স্থিৰ কৰি দিব পাৰিব আৰু একক ন্যায়াধীশ আৰু খণ্ড ন্যায়ালয় সমূহৰ ক্ষমতাৰ বাবেও উপবন্ধ কৰিব পাৰিব।
(৩) এই সংবিধান ব্যাখ্যা সম্পর্কে সাৰবান বিধিমূলক প্রশ্ন জড়িত কোনাে গােচৰ বিনিশ্চয়ৰ উদ্দেশ্যে অথবা অনুচ্ছেদ ১৪৩ ৰ অধীনত কৰা কোনাে নির্দেশ শুনানীৰ উদ্দেশ্যে বহা ন্যায়াধীশৰ ন্যূনতম সংখ্যা পাঁচজন হ’ব লাগিব ।
পৰন্তু, যি স্থলত অনুচ্ছেদ ১৩২ ৰ বাহিৰে এই অধ্যায়ৰ অন্য কোনাে উপবন্ধৰ অধীনত কোনাে আপীল শুনা ন্যায়ালয় পাঁচজন ন্যায়াধীশৰ কমে গঠিত হয়, আৰু আপীল শুনি থাকোতে এই বুলি ন্যায়ালয় সন্তুষ্ট হয় যে উক্ত আপীলত এই সংবিধানৰ ব্যাখ্যা সম্পর্কে সাৰবান বিধিমূলক প্রশ্ন জড়িত আছে যাৰ নিৰ্দ্ধাৰণ আপীল নিষ্পত্তিৰ কাৰণে আৱশ্যকীয় হয়, তেনেস্থলত এনে ন্যায়ালয়ে এনে প্রশ্ন জড়িত থকা কোনাে গােচৰৰ বিনিশ্চয় কৰাৰ উদ্দেশ্যে এই খণ্ডৰ দ্বাৰা অপেক্ষিত অনুসাৰে গঠিত হােৱা ন্যায়ালয়লৈ অভিমতৰ কাৰণে সেই প্রশ্নটো নির্দেশিত কৰিব আৰু অভিমত পালে সেই অভিমতৰ অনুৰূপে আপীলটো নিষ্পত্তি কৰিব । 
(৪) প্রকাশ্য ন্যায়ালয়ৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কোনাে নির্ণয় প্রদত্ত নহ’ব, আৰু প্রকাশ্য ন্যায়ালয়ত প্রদত্ত ৰায় অনুসাৰ ব্যতিৰেকে অনুচ্ছেদ ১৪৩ ৰ অধীনত কোনাে প্রতিবেদন দিয়া নহ’ব ।
(৫) গােচৰৰ শুনানীত উপস্থিত থকা ন্যায়াধীশসকলৰ সংখ্যাধিক্যৰ সন্মতি নহ’লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কোনাে নির্ণয় আৰু এনে কোনাে ৰায় প্রদত্ত নহ’ব, কিন্তু এই খণ্ডৰ কোনাে কথাই সহমত নােহোৱা কোনাে ন্যায়াধীশক অসন্মতিমূলক নির্ণয় বা ৰায় প্রদান কৰাৰ পৰা নিবাৰণ কৰা বুলি গণ্য কৰা নহ’ব। 

অনুচ্ছেদ ১৪৬- উচ্চতম ন্যায়লায়ৰ পদাধিকাৰী আৰু সেৱকসকল আৰু ব্যয়সমূহ :

(১) উচ্চতম ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকলৰ নিযুক্তি ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ দ্বাৰা অথবা তেওঁৰ নিৰ্দেশ ক্রমে সেইন্যায়ালয়ৰ অন্য কোনাে ন্যায়াধীশ বা পদাধিকাৰীৰ দ্বাৰা কৰিব লাগিব : 
পৰন্তু, ৰাষ্ট্রপতিয়ে নিয়মৰ দ্বাৰা এইটো অপেক্ষিত কৰিব পাৰে যে নিয়মিত যথা বিনিৰ্দিষ্ট অৱস্থা সমূহত ন্যায়ালয়ৰ লগত পূৰ্বৰ পৰা সংশ্লিষ্ট নথকা কোনাে ব্যক্তিক সংঘ লােক সেৱা আয়ােগৰ লগত পৰামর্শ ব্যতিৰেকে ন্যায়ালয়ৰ লগত সংযুক্ত কোনাে পদত নিযুক্ত নকৰিব।
(২) সংসদে প্রস্তুত কৰা কোনাে বিধিৰ উপবন্ধাৱলীৰ সাপেক্ষে, উচ্চতম ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকলৰ সেৱাৰ চৰ্ত সমূহ ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ দ্বাৰা প্রণীত নিয়মাৱলীৰ দ্বাৰা অথবা সেই প্রয়ােজনৰ বাবে নিয়মাৱলী প্রস্তুত কৰিবলৈ মুখ্য ন্যায়াধিপতিৰ দ্বাৰা প্ৰাধিকৃত সেই ন্যায়ালয়ৰ আন কোনাে ন্যায়াধীশ বা পদাধিকাৰীৰ দ্বাৰা প্রস্তুত নিয়মাৱলীৰ দ্বাৰা যথা বিহিত অনুসৰি হ’ব।
পৰন্তু, এই খণ্ডৰ অধীনত প্রণীত নিয়মাৱলীৰ যি পৰ্য্যন্ত দৰমহা, ভাত্তা , ছুটী বা অৱসৰ বেতনৰ লগত সম্পর্ক থাকে সেই পৰ্য্যন্ত ৰাষ্ট্ৰপতিৰ অনুমােদনৰ আৱশ্যক হ’ব।
(৩) ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকলক বা তেওঁলােকৰ সম্বন্ধত দিব লগা সকলাে দৰমহা, ভাত্তা আৰু অৱসৰ বেতনক অন্তর্ভুক্ত কৰি উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনীয় ব্যয়সমূহ ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত হ’ব, আৰু সেই ন্যায়ালয়ে গ্রহণ কৰা কোনাে মাচুল বা অন্যান্য ধন সেই নিধিৰ অংশ হ’ব।

অনুচ্ছেদ ১৪৭- নিৰ্বচন বা বাখ্যা :

এই অধ্যায়ত আৰু ষষ্ঠ ভাগৰ ৫ম অধ্যায়ত এই সংবিধানৰ ব্যাখ্যা সম্পর্কে কোনাে সাৰবান বিধিমূলক প্রশ্নৰ প্ৰতি থকা নির্দেশে গৱর্ণমেন্ট অফ ইণ্ডিয়া এক্ট, ১৯৩৫ ৰ (যাৰ অন্তৰ্গত সেই অধিনিয়মৰ সংশােধন আৰু অনুপূৰণ কৰা কোনাে অধিনিয়মো হ’ব) অথবা পৰিষদ হুকুমৰ বা তদধীনে প্রস্তুত কোনাে আদেশৰ অথবা ভাৰতীয় স্বাধীনতা অধিনিয়ম, ১৯৪৭ ৰ বা তদধীনে প্রস্তুত কোনাে আদেশৰ, ব্যাখ্যা সম্পর্কে কোনাে সাৰবান বিধিমূলক প্রশ্নৰ প্ৰতি থকা নির্দেশকো অন্তর্গত কৰা বুলি অর্থ কৰিব। 
পঞ্চম অধ্যায়
ভাৰতৰ নিয়ন্ত্রক-মহালেখা পৰীক্ষক

অনুচ্ছেদ ১৪৮- ভাৰতৰ নিয়ন্ত্রক-মহালেখা পৰীক্ষক :

(১) ৰাষ্ট্রপতিয়ে নিজ হস্তাক্ষৰ আৰু মুদ্ৰাৰ সৈতে অধিপত্ৰৰ দ্বাৰা নিযুক্ত কৰা ভাৰতৰ এজন নিয়ন্ত্রক-মহালেখা পৰীক্ষক থাকিব আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজন যি ৰীতিৰে আৰু যিহেতুত, তেওঁৰ পদৰ পৰা অপসাৰিত হয় সেই অনুৰূপ ৰীতিৰে আৰু হেতুতহে তেওঁ পদৰ পৰা অপসাৰিত হ’ব পাৰিব।
(২) ভাৰতৰ নিয়ন্ত্রক-মহালেখা পৰীক্ষক ৰূপে নিযুক্ত হােৱা প্রত্যেক ব্যক্তিয়ে পদত অধিষ্ঠিত হােৱাৰ আগেয়ে, ৰাষ্ট্ৰপতিৰ আগত অথবা সেই উপলক্ষে তেওঁৰ দ্বাৰা নিযুক্ত কৰা কোনাে ব্যক্তিৰ আগত তৃতীয় অনুসূচীত এই উদ্দেশ্যে দিয়া হােৱা প্ৰ-পত্র অনুসাৰে শপত ল’ব বা প্রতিজ্ঞান কৰিব আৰু তাত স্বাক্ষৰ দিব । 
(৩) নিয়ন্ত্রক-মহালেখা পৰীক্ষকৰ বেতন আৰু সেৱাৰ আন আন চৰ্ত্তবােৰ সংসদে বিধিৰ দ্বাৰা যেনেকৈ নিদ্ধাৰিত কৰে তেনেকুৱা হ’ব আৰু এনে ভাবে নির্ধাৰিত নােহােৱালৈকে দ্বিতীয় অনুসূচীত যেনেদৰে বিনিৰ্দিষ্ট কৰা আছে তেনেদৰে হ’ব :
পৰন্তু নিয়ন্ত্রক-মহালেখা পৰীক্ষক এজনৰ বেতন নাইবা তেওঁৰ অনুপস্থিতিৰ ছুটী, অৱসৰ বেতন অথবা অৱসৰ গ্ৰহণৰ বয়সৰ অধিকাৰ সমূহ তেওঁৰ নিযুক্তিৰ পিছত তেওঁৰ পক্ষে হানিকৰ হােৱাকৈ পৰিৱৰ্তন কৰা নহ’ব ।
(৪) নিয়ন্ত্রক-মহালেখা পৰীক্ষকজন তেওঁৰ পদত নথকা হােৱাৰ পিছত ভাৰত চৰকাৰৰ অথবা কোনাে ৰাজ্যৰ চৰকাৰৰ অধীনত আৰু কোনাে পদ গ্রহণ কৰাৰ পাত্র নহ’ব ।
(৫) এই সংবিধানৰ আৰু সংসদে প্রণয়ন কৰা কোনাে বিধিৰ উপবন্ধাৱলী সাপেক্ষে ভাৰতৰ লেখা-পৰীক্ষা আৰু লেখা বিভাগত সেৱা কৰা ব্যক্তি সকলৰ সেৱাৰ চৰ্তসমূহ আৰু নিয়ন্ত্রক-মহালেখা পৰীক্ষকৰ প্ৰশাসনীয় ক্ষমতা নিয়ন্ত্রক-মহালেখা পৰীক্ষকৰ সৈতে পৰামৰ্শ কৰাৰ পিছত ৰাষ্ট্ৰপতিৰ দ্বাৰা প্রস্তুত নিয়মাৱলীৰ দ্বাৰা যথা বিহিত অনুসাৰে হ’ব ।
(৬) সেই কার্যালয়ত সেৱা কৰি থকা ব্যক্তি সকলৰ বা তেওঁলােকৰ সম্বন্ধত দিবলগীয়া বেতন, ভাত্তা আৰু অৱসৰ বেতনক অন্তৰ্ভুক্ত কৰি নিয়ন্ত্রক-মহালেখা পৰীক্ষকৰ কাৰ্যালয়ৰ প্ৰশাসনীয় ব্যয় সমূহ ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত হ’ব ।

অনুচ্ছেদ ১৪৯- নিয়ন্ত্রক-মহালেখা পৰীক্ষকৰ কৰ্ত্তব্য আৰু ক্ষমতাসমূহ :

নিয়ন্ত্রক-মহালেখা পৰীক্ষকে সংঘ আৰু ৰাজ্যৰ আৰু আন কোনাে প্রাধিকাৰী বা নিকায়ৰ লেখা সম্বন্ধে সংসদৰ দ্বাৰা প্ৰস্তুত কৰা কোনাে বিধিৰ দ্বাৰা বা অধীনত যেনে বিহিত কৰা হৈছে, তেনে কর্তব্য পালন আৰু ক্ষমতা প্রয়ােগ কৰিব আৰু সেই উপলক্ষে এনে উপবন্ধ নকৰালৈকে সংঘৰ আৰু ৰাজ্যবােৰৰ লেখা সম্বন্ধে এনে কর্তব্য পালন আৰু ক্ষমতা প্রয়ােগ কৰিব যিবিলাকনেকি এই সংবিধানৰ প্ৰাৰম্ভণিৰ ঠিক পূৰ্বে যথাক্রমে ভাৰত ডমিনিয়ন আৰু প্রদেশ বিলাকৰ লেখা সম্পর্কে ভাৰতৰ মহালেখা-পৰীক্ষকৰ ওপৰত প্রদত্ত কৰা হৈছিল বা তেওঁৰ দ্বাৰা প্ৰযােজ্য আছিল।

অনুচ্ছেদ ১৫০- সংঘ আৰু ৰাজ্যবােৰৰ লেখাৰ প্ৰ-পত্র :

সংঘ আৰু ৰাজ্যসমূহৰ লেখা সমূহ এনে প্ৰ-পত্ৰত ৰখা হ’ব যি প্ৰ-পত্ৰ ভাৰতৰ নিয়ন্ত্রক-মহালেখা পৰীক্ষকৰ পৰামর্শ মতে, ৰাষ্ট্ৰপতিয়ে বিহিত কৰে।

অনুচ্ছেদ ১৫১- লেখা পৰীক্ষা প্রতিবেদন :

(১) সংঘৰ লেখা সম্পর্কে ভাৰতৰ নিয়ন্ত্রক – মহালেখা পৰীক্ষকৰ প্রতিবেদন ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা হ’ব আৰু তেখেতে সংসদৰ উভয় সদনৰ আগত সেই বিলাক উপস্থাপিত কৰােৱাব।
(২) কোনাে ৰাজ্যৰ লেখা সম্পর্কে ভাৰতৰ নিয়ন্ত্রক-মহালেখা পৰীক্ষকৰ প্রতিবেদন ৰাজ্যৰ ৰাজ্যপালৰ ওচৰত দাখিল কৰা হ’ব, আৰু তেখেতে সেই ৰাজ্যৰ বিধান মণ্ডলৰ আগত সেই বিলাক উপস্থাপিত কৰােৱাব।
0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x