গুণাভিৰাম বৰুৱা

(গুণাভিৰাম বৰুৱা আছিল অসমীয়া সাহিত্যৰ এজন বটবৃক্ষস্বৰূপ ব্যক্তিত্বৰ সাহিত্যিক ও সমাজ সংস্কাৰক। গুণাভিৰাম বৰুৱা সম্পৰ্কে সাৰথিৰ পাঠকসকললৈ চমুকৈ আগবঢ়ালো।)

তেওঁ লিখিছিল প্ৰথম খন আধুনিক অসমীয়া নাটক “ৰাম-নৱমী”। বিষয় আছিল বিধবা বিবাহ।আৰু এই মানুহজনেই ১৮৭০ চনত সেই সময়ৰ সমাজ ব্যৱস্থাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰিছিল অসমৰ প্ৰথমখন বিধবা বিবাহ। পাত্ৰী আছিল পৰশুৰাম বৰুৱাৰ বিধবা পত্নী বিষ্ণুপ্ৰিয়া দেৱী। এই মানুহ জনেই আছিল সাহিত্যিক, সমাজ সংস্কাৰক ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱা আছিল অসমতে এলাগী হৈ পৰা অসমীয়া ভাষাৰ পুনৰ উদ্ধাৰকাৰী আনন্দৰাম ঢেকিয়াল ফুকনৰ এজন সুযোগ্য উত্তৰাধিকাৰী। লগতে ৰাজা ৰাম মোহন ৰায় আৰু ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ নেতৃত্বত  বংগ দেশত আৰম্ভণি হোৱা ভাৰতীয় নৱজাগৰণৰে প্ৰভাৱিত হোৱাৰ প্ৰথম পৰ্যায়ৰ অসমীয়াসকলৰ এজন। এই লেখাটিত গুণাভিৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰ বিষয়ে বিশদভাবে আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে।

গুণাভিৰাম বৰুৱাৰ জন্ম আৰু শৈশৱ

গুণাভিৰাম বৰুৱাৰ জন্ম হৈছিল যোৰহাটত। সেই সময়ত তেখেতৰ পিতৃ ৰণৰাম বৰুৱাই আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ আমন্ত্ৰণ ক্ৰমে আহোম ৰাজ্যৰ  দুটা অতি গুৰুত্বপূৰ্ণ পদবী ঢেকিয়াল ফুকন আৰু খাৰঘৰীয়া ফুকন পদবীত কাৰ্যনিৰ্বাহ কৰি আছিল। গুণাভিৰাম ৰণৰাম বৰুৱাৰ দ্বিতীয় পত্নী শচী দেৱীৰ প্ৰথম সন্তান আছিল।

গুণাভিৰাম বৰুৱাৰ জন্মৰ সঠিক চন-তাৰিখ ক’তো উল্লেখ নাই যদিও পুত্ৰ জ্ঞানদাভিৰাম বৰুৱাই পিতৃ গুণাভিৰামৰ জন্ম ১৮৩৪ চনৰ ১২ জানুৱাৰীত হৈছিল বুলি উল্লেখ কৰি গৈছে। (আন বহুতো লেখকৰ মতে পিছে তেওঁৰ জন্ম চন ১৮৩৭ হে।) জন্ম হৈয়ে গুণাভিৰামৰ জীৱনলৈ দুদৰ্শা নামি আহিছিল। তেখেতৰ চাৰি বছৰ বয়সতেই ১৮৩৮ চনত গুৱাহাটীত পিতৃ ৰণৰাম বৰুৱাৰ মৃত্যু হয় আৰু তাৰ আঠ বছৰৰ পাছত মাতৃ শচী দেৱীৰো মৃত্যু হয়। তাৰ পাছত তেওঁৰ জীৱনৰ দায়িত্ব বৰদেউতাক গঙ্গাৰামে লৈছিল যদিও আনন্দৰাম ঢেকিয়াল ফুকনৰ একান্ত অভিভাৱকত্বতহে তেওঁ ডাঙৰ হৈছিল বুলি তেওঁ নিজেই লিখি গৈছে।

গুণাভিৰামৰ বৰুৱাৰ শিক্ষা

গুণাভিৰাম বৰুৱাই পঞ্চম শ্ৰেণী লৈকে গুৱাহাটীৰ স্কুলত শিক্ষা লৈছিল বুলি জনা যায়। তাৰ পাছত তেওঁ আনন্দৰাম ঢেকিয়াল ফুকন দ্বিতীয় বাৰ কলিকতালৈ (১৮৫১ চনৰ ৪ ছেপ্টেম্বৰ) যাব লগা হওঁতে, তেওঁৰ লগতে কলিকতালৈ গুচি আহে আৰু তাতেই তেওঁ পুনৰ শিক্ষা আৰম্ভ কৰে। ১৯৫২ চনত আনন্দৰাম কলিকতাৰ পৰা গুচি আহে যদিও গুণাভিৰামক তাতেই পঢ়িবলৈ থৈ আহে। গুণাভিৰাম বৰুৱাৰ মতে, সেই সময়ত তেওঁৰ খৰছ আনন্দৰাম ঢেকিয়াল ফুকনে বহন কৰিছিল। ১৮৫৪ চনত গুণাভিৰাম বৰুৱাই জুনিয়ৰ স্কলাৰশ্বিপ পৰীক্ষাত উত্তীৰ্ণ হয়। আৰু তাৰ পাছত তেওঁ প্ৰেচিডেঞ্চি কলেজত দুবছৰ পঢ়ে যদিও দ্বিতীয় বছৰৰ পৰীক্ষাত তেওঁ উত্তীৰ্ণ হব নোৱাৰিলে। অৱশ্যে তেওঁ আইনৰ এটা পাঠ্যক্ৰমত নাম লগাই সেই পাঠ্যক্ৰমত উত্তীৰ্ণ হয় আৰু ইমানতে শিক্ষা সাং কৰি অসমলৈ উভতে।

প্ৰথম বিবাহ আৰু চাকৰি জীৱন

কলিকতাৰ পৰা ঘূৰি অহাৰ পাছত ১৮৫৭ চনৰ ৯ ডিচেম্বৰ তাৰিখে আনন্দৰাম ঢেকিয়াল ফুকনৰ পত্নী মহিন্দ্ৰী দেৱীৰ ভনীয়েক বজ্রসুন্দৰী লগত গুণাভিৰাম বৰুৱাৰ বিয়া হয়। কিন্তু বজ্রসুন্দৰী দুৰ্বল স্বাস্থ্যৰ হোৱা বাবে কেইবাটাও মৃত সন্তান জন্ম দি অৱশেষত ১৮৬৭ চনত অকাল মৃত্যু ঘটে।

১৮৫৯ চনৰ অক্টোবৰ মাহত বৰুৱা পোনপ্ৰথম বাৰৰ বাবে চৰকাৰী চাকৰিত সোমায়। প্ৰথমে তেওঁ ‘চাব এছিষ্টেণ্ট কমিছনাৰ’ হৈ তেজপুৰলৈ যায়। তাৰ পাছত তেওঁ ১৮৬০ চনৰ জানুৱাৰীৰপৰা গোৱালপাৰাত, ১৮৬৪ চনত বৰপেটাত আকৌ পুনৰ গোৱালপাৰাত, ১৮৬৬ চনৰ আৰম্ভণিৰে পৰা নগাঁৱত, ১৮৬৭ চনৰ জুলাই মাহৰ পৰা ধুবুৰীত, ১৮৬৯ চনৰ এপ্ৰিল মাহৰ পৰা গোৱালপাৰাত, ১৮৭১ চনৰ পৰা পুনৰ নগাঁৱত কাৰ্যনিৰ্বাহ কৰে। অৱশেষত সুদীৰ্ঘ ৩১ বছৰ কাল চৰকাৰী দায়িত্বত থাকি ১৮৯০ চনৰ ৩১ মাৰ্চ তাৰিখে তেওঁ ‘এক্সট্ৰা এছিষ্টেণ্ট কমিছনা’ৰ হিচাপে অৱসৰ গ্ৰহণ কৰে।

ব্যক্তিগত জীৱন আৰু দ্বিতীয় বিবাহ

গুণাভিৰাম বৰুৱা এজন অতি আধুনিক আৰু উদাৰ মনৰ মানুহ আছিল। তেওঁ মানুহক সহায় কৰি ভাল পাইছিল আৰু চৰকাৰী বিষয়া হৈ থকা সময়ত বিভিন্ন মানুহক সহায় কৰিছিল বুলি জনা যায়। কলিকতাত থকা কালতেই তেওঁৰ মন ‘ব্ৰহ্ম ধর্ম’ৰ ফালে ঢাল খাইছিল যদিও ১৮৬৯ চনত ধুবুৰীত থকা সময়তহে তেওঁ সেই ধৰ্ম আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰিছিল বুলি জনা যায়।

১৮৬৭ চনত  প্ৰথমা পত্নীৰ মৃত্যু হোৱাৰ পাছত ১৮৭০ এপ্ৰিল মাহত গুণাভিৰাম বৰুৱাই দ্বিতীয় বাৰৰ বাবে বিয়া কৰায়। গুণাভিৰামৰ এই দ্বিতীয় বিবাহ অসমৰ সমাজ জীৱনত বাবে এক তীব্ৰ জোকাৰণি আছিল। কলিকতাত থকা সময়তে গুণাভিৰাম বৰুৱা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰাৰ দ্বাৰা বিশেষ ভাবে প্ৰভাবিত হৈছিল। তেওঁ যি বিধৱা বিবাহ আৰু নাৰী শিক্ষাৰ সপক্ষে আন্দোলন গঢ়ি তুলিছিল, সেই আন্দোলনৰ দ্বাৰা প্ৰভাবিত গুণাভিৰামেও ভৱিষ্যতে বিধৱা বিবাহ কৰি সমাজত এক বিপ্লৱ অনাৰ কথা ভাবিছিল। আৰু সেই সপোনাকে তেওঁ সাকাৰ ৰূপ দিছিল লাম্বোদৰ কটকীৰ মধ্যমা কন্যা আৰু আনন্দৰাম ঢেকিয়াল  ফুকনৰ বাল্য বন্ধু পৰশুৰাম বৰুৱাৰ বিধবা পত্নী বিষ্ণুপ্ৰিয়া দেৱীক বিয়া কৰায়। গুণাভিৰামৰ এই বিবাহ ১৮৭২ চনৰ আইন মতে সেই বছৰৰে ডিচেম্বৰ মাহত ৰেজিষ্টাৰ হয় অসমৰ প্ৰথমখন ‘ৰেজিষ্টাৰ্ড বিবাহ’ হিচাপে।

গুণাভিৰাম বৰুৱাৰ দ্বিতীয় পত্নীৰ ফালৰ চাৰিগৰাকী সন্তান আছিল–স্বৰ্ণলতা, কৰুণাভিৰাম, কমলাভিৰাম আৰু জ্ঞানদাভিৰাম। তেখেতৰ প্ৰত্যেকজন সন্তানেই অসমীয়া সাহিত্যৰ বাবে বিশেষ অৱদান আগবঢ়াই থৈ গৈছে।

এগৰাকী সুযোগ্য চৰকাৰী বিষয়াৰ পৰিচয় দিয়া গুণাভিৰামক বিভিন্ন সা-সন্মানৰ ওপৰিও ১৮৮৭ চনত মহাৰাণী ভিক্টৰীয়াৰ ৰাজত্ব কালৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে ‘ৰায়বাহাদুৰ’ উপাধিৰে বিভূষিত কৰা হৈছিল।

শেষ জীৱন আৰু মৃত্যু

গুণাভিৰাম বৰুৱাই প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে গৈ এক বৈপ্লৱিক কাম সমাধা কৰিছিল যদিও তেওঁ বাৰে বাৰে সেই সময়ৰ ৰক্ষণশীল অসমীয়া সমাজ খনৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেয়ে তেওঁ পত্নী আৰু সন্তানে যাতে জীৱনৰ বাকী কেইটা দিন সুখেৰে কটায় আৰু তেওঁৰ মৃত্যুৰ সময়ত যাতে বিশেষ সামাজিক লাঞ্চনাৰ সন্মুখীন নহয়, তাৰ কথা চিন্তা কৰি জীৱনৰ শেষৰ সময়ছোৱা কলিকতাতে কটোৱাৰ ইচ্ছা কৰিলে। আৰু সেইবাবেই তেওঁ তাত মাটি কিনাৰ লগতে ঘৰ বনোৱাৰ কথাও ভাবিলে। মাটি কিনা হল যদিও তেওঁৰ জীৱন কালত তাত ঘৰ বনোৱা নহ’ল।

গোটেই জীৱন তেওঁ অসম আৰু অসমীয়া ভাষা-সাহিত্যৰ হকে  কাম কৰি গ’ল যদিও  ইয়াৰ বাবে জীৱন কালত তেওঁ অসমীয়াৰ পৰা কোনো প্ৰতিদিন নাপালে। পালে বহুতো অবাঞ্চিত লাঞ্চনা-গ্লানিহে। অৱশেষত, ১৮৯৪ চনৰ ২৫ মাৰ্চ দেওবাৰৰ দিনা কলিকতা মহানগৰীতে গুণাভিৰাম বৰুৱাই জীৱন নাটৰ সামৰণি মাৰে।

গুণাভিৰাম বৰুৱাৰ সাহিত্য

সাহিত্যৰ বুৰঞ্জীকাৰ সকলে বেজবৰুৱা যুগৰ আগৰ যিটো যুগৰ কথা কৈছে সেই যুগটো দুজন মানুহৰ নামেৰে নামাংকৃত কৰিছে- হেমচন্দ্ৰ-গুণাভিৰামৰ যুগ। ইয়াৰ পৰাই অসমীয়া সাহিত্যলৈ গুণাভিৰাম বৰুৱাৰ অৱদানৰ কথা বুজিব পাৰি। সৰু কালৰে পৰা লাভ কৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ সান্নিধ্যই তেখেতক অসমীয়া ভাষাৰ উন্নতিৰ হকে কাম কৰাৰ লগতে সাহিত্য চৰ্চাৰ বাবে গোটেই জীৱন অনুপ্ৰাণিত কৰিছিল বুলি ক’ব পাৰি।

ৰাম-নৱমী

হেমচন্দ্ৰ বৰুৱাৰ দৰে গুণাভিৰাম বৰুৱাইও ‘অৰুনোদই’ কাকতৰ জৰিয়তে সাহিত্যৰ জগতত প্ৰৱেশ কৰে। তেওঁৰ প্ৰথম সাহিত্যিক প্ৰচেষ্টা আছিল ‘ৰাম-নৱমী’ নাটক। ৰচনা কাল আছিল ১৮৫৭ চন। সেই সময়ত বংগত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে বিধবা বিবাহ প্ৰচলনৰ সপক্ষে আন্দোলন চলাইছিল। আৰু তাৰে পৰিপ্ৰেক্ষিতত ১৮৫৮ চনত বিধবা বিবাহ আইন পাছ হয়। আৰু নাটক খনত তাৰ প্ৰভাৱ বিশেষ ভাবে পৰিছিল বুলি কব পৰা যায়। কেবাটাও অংকত বিভক্ত এই নাটখনতে পোনপ্ৰথমে পশ্চিমীয়া নাটৰ কলা-কৌশল প্ৰয়োগ কৰা দেখা যায় আৰু ভাৰতীয় নাটৰ ঐতিহ্যৰ বিপৰীতে বিয়োগাত্মক পৰিসমাপ্তি ইয়াত প্ৰথমবাৰৰ বাবে দেখা যায়। উদাৰপন্থী ডেকা ৰামচন্দ্ৰ আৰু বাল-বিধৱা নৱমীৰ সমাজবিৰোধী প্ৰণয়ৰ শোকাবহ পৰিণতি নাটখনত অংকিত কৰিছে।

ইয়াৰ উপৰিও ‘আসাম বন্ধু’ কাকতত প্ৰকাশ হৈ আধৰুৱাভাবে শেষ হোৱা ‘বিধৱা-ৰসহ্য” নামৰ নাটখনো গুণাভিৰামৰেই সৃষ্টি বুলি সন্দেহ কৰা হয়।

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ

অসমীয়া ভাষাত জীৱনী সাহিত্যৰ আৰম্ভণি কাৰোঁতাও গুণাভিৰাম বৰুৱাই আছিল। ১৮৮০ চনত তেওঁ লিখি উলিয়াইছিল তেওঁৰ পিতৃতুল্য আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনী ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ’। আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনৰ সৰু-বৰ বহু ঘটনাৰ উল্লেখ থকা এই কিতাপখনেই আছিল অসমীয়া ভাষাত লিখা প্ৰথমখন জীৱনী।

আসাম বুৰঞ্জী

১৮৮৪ চনত গুণাভিৰাম বৰুৱাৰ প্ৰসিদ্ধ আসাম বুৰঞ্জী প্ৰকাশ হয়। আধুনিক বৈজ্ঞানিক দৃষ্টিভংগীৰে ৰচনা কৰা প্ৰাচীন কালৰে পৰা ইংৰাজৰ ৰাজত্বলৈকে সকলো ঘটনা সম্বলিত এই বুৰঞ্জীখন ঐতিহাসিক বিচাৰৰ কাৰণে আৰু সৰল অথচ গাম্ভীৰ্যপূৰ্ণ গদ্যৰীতিৰ কাৰণে বিশেষ মূল্যৱান।

আসাম-বন্ধু আলোচনীৰ সম্পাদনা

১৮৮৫ চনৰ মাঘ মাহৰ পৰা তেখেতে আসাম বন্ধু আলোচনী সম্পাদনা কৰিবলৈ লয়। এই মাহেকীয়া আলোচনীখন মাত্ৰ ডেৰ বছৰ কাল জীয়াই আছিল যদিও আলোচনী খনে বহুতো লেখক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। হেমচন্দ্ৰ গোস্বামী, বেজবৰুৱা, ৰত্নেশ্বৰ মহন্ত, সত্যনাথ বৰা, লম্বোদৰ বৰা, ভোলানাথ দাস আদি বহুতো লেখকক আসাম-বন্ধুৰ মাজেৰেই গুণাভিৰাম বৰুৱাই সাহিত্য জগতলৈ আকৰ্ষণ কৰিছিল।

ইয়াৰ উপৰিও ‘কঠিন শব্দৰ ৰহস্যব্যাখ্যা’, ‘সৌমাৰ ভ্ৰমণ বৃত্তান্ত’ নামৰ দুখন উল্লেখযোগ্য পুথিৰ উপৰিও বিভিন্ন আলোচনীত আৰু বহুতো বিষয়ৰ প্ৰবন্ধ-পাতি লিখি গুণাভিৰাম বৰুৱাই নিজৰ জীৱন কালতেই অসমীয়া সাহিত্য জগতৰ বটবৃক্ষ স্বৰূপ হৈ পৰিছিল।

0 0 votes
Article Rating
Subscribe
Notify of
guest
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Sadhana Devi
Sadhana Devi
1 year ago

অতি বৰ্ণনাত্মক আৰু প্ৰেৰণাদায়ক লিখনি

trackback

[…] লিখি গৈছে। ১৯০৮ চনৰ মাৰ্চ মাহত তেওঁ গুণাভিৰাম বৰুৱাৰ পুত্ৰ জ্ঞানদাভিৰাম সৈতে ব্যৱসায়িক […]

3
0
Would love your thoughts, please comment.x
()
x