তথ্যকোষপৰ্যালোচনাসাময়িকী

চিপকো আন্দোলন – পৰিৱেশ ৰক্ষাৰ অস্ত্ৰ

(চিপকো আন্দোলন হৈছে ভাৰতৰ এটা উল্লেখযোগ্য পৰিৱেশ আন্দোলন। ১৯৭৩ চনত আৰম্ভ হোৱা এই চিপকো আন্দোলনে ভাৰতবৰ্ষত এটা জোৱাৰৰ সৃষ্টি কৰিছিল। এই চিপকো আন্দোলনৰ বিষয়ে সাৰথিৰ পাঠক সকললৈ এটা বিশেষ লেখা-)

যেতিয়া চৰকাৰৰ যিকোনো কাৰ্য বা সিদ্ধান্ত জনসাধাৰণৰ হিতৰ বিপৰীত দিশে যায় তেতিয়াই জনতাই চৰকাৰৰ বিৰুদ্ধে মূৰ দাঙি উঠে আৰু প্ৰতিবাদমুখৰ হৈ পৰে জনসাধাৰণে চৰকাৰৰ বিপক্ষে প্ৰতিবাদ গঢ়ি তোলে। ভাৰতৰ স্বাধীনতাৰ পৰা বৰ্তমানলৈকে এনে বহু আন্দোলন সংঘটিত হৈ গৈছে। এই আন্দোলনসমূহৰ ভিতৰত বিংশ শতিকাত সমগ্ৰ ভাৰততে জোৱাৰ সৃষ্টি কৰা এটা অন্যতম আন্দোলন হৈছে চিপকো আন্দোলন। চিপকো আন্দোলনে কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চিপকো আন্দোলনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। চিপকো আন্দোলন বন সংৰক্ষণ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ আৰম্ভ হৈছিল। আৰু কালক্ৰমত ই এক সামগ্ৰিক পৰিৱেশ আন্দোলনলৈ বিকশিত হৈছিল।

চিপকো আন্দোলন কি?

চিপকো আন্দোলন আছিল 1973 চনত আৰম্ভ হোৱা এক অহিংস পাৰিৱেশিক আন্দোলন যাৰ উদ্দেশ্য আছিল গছক সুৰক্ষা প্ৰদান কৰা আৰু সংৰক্ষণৰ মনোভাৱ গঢ়ি তোলা। বনধ্বংসৰ বিৰুদ্ধে আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাৰ বাবে ১৯৭৩ চনত তেতিয়াৰ উত্তৰ প্ৰদেশ(এতিয়াৰ উত্তৰাখণ্ড)ত চিপকো আন্দোলন আৰম্ভ হৈছিল।

চিপকো আন্দোলনৰ বিশ্লেষণ:-

উত্তৰাখণ্ডৰ গোপেশ্বৰ চহৰত গান্ধীবাদী সমাজকৰ্মী  চান্দি প্ৰসাদ ভট্টৰ নেতৃত্বত ১৯৬৪ চনত “দাচোলি গ্ৰাম্য স্বৰাজ্য সংঘ”(ডিজিএছএছ) নামৰ এটা সৰু সমবায় সংগঠন স্থাপন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল কাষৰীয়া পাহাৰৰ অৰণ্য অঞ্চলৰ সম্পদৰ প্ৰয়োগ কৰি স্থানীয় লোকসকলৰ মাজত সৰু সৰু উদ্যোগৰ সৃষ্টি কৰা । পোনপ্ৰথমে,তেওঁলোকে স্থানীয় অৰণ্যৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰি পাহাৰৰ কাষৰীয়া গাঁওবোৰৰ অধিবাসীসকলৰ বাবে কৃষিৰ সঁজুলি নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছিল। কিন্তু বন বিভাগৰ নীতি-নিয়মৰ বাবে তেওঁলোকক এইটো কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল কিন্তু বনৰ সম্পদ ব্যৱহাৰৰ বাবে ডাঙৰ,বিদেশী কোম্পানীক অগ্ৰাধিকাৰ দিয়া হৈছিল। এইসমূহ বৃহৎ বনধ্বংস প্ৰথাৰ ফলস্বৰূপে হিমালয়ৰ গাড়ৱাল অঞ্চলৰ ঠাইবোৰত ভূমিস্খলন আৰু বানপানী অধিক সচৰাচৰ হৈ পৰে।

1970 ৰ দশকৰ আৰম্ভণিৰ পৰাই স্থানীয় গাঁওবাসীয়ে বন বিভাগৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে। 1973 চনত,ভাৰত চৰকাৰে তেতিয়াৰ “ডি জি এছ এছ”ক খেতিৰ সঁজুলি তৈয়াৰ কৰিবৰ বাবে 10 জোপা গছ ব্যৱহাৰ কৰিবলৈও অনুমতি প্ৰদান কৰা নাছিল। কিন্তু একে সময়তে চৰকাৰে তেতিয়া এটা ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কৰা কোম্পানী চাইমন কোম্পানীক টেনিছ ৰেকেট নিৰ্মাণ কৰিবলৈ 300 জোপা গছ ব্যৱহাৰ কৰিবলৈ অনুমোদন জনাইছিল। এই বিষয়ে জ্ঞাত হৈ “ডি জি এছ এছ” আৰু স্থানীয় গাঁওবাসী উত্তেজিত হৈ পৰিল। যেতিয়া অলকানন্দা নদীৰ পাৰৰ মণ্ডল নামৰ গাঁৱত চাইমন কোম্পানীৰ কৰ্মচাৰীসকলে ৩০০ জোপা গছ কাটিবলৈ আহিছিল,তেতিয়া শ শ গাঁওবাসীয়ে প্ৰতিবাদ,সংগীত,শ্লোগানৰ জৰিয়তে অৰণ্যত এই লোকসকলৰ  প্ৰৱেশাধিকাৰ বন্ধ কৰি দিছিল। ১৯৭৩ চনৰ ২৪ এপ্ৰিলত এই ঘটনাটোকে মুখ্যতঃ চিপকো আন্দোলনৰ প্ৰথম ঘটনা বুলি গণ্য কৰা হয়। এই আন্দোলনৰ নেতৃত্ব লৈছিল চান্দি প্ৰসাদ ভট্টই।

গাঁওবাসীৰ অহিংস প্ৰতিবাদৰ ফলস্বৰূপে সেইসময়ৰ চৰকাৰে চাইমন কোম্পানীৰ চুক্তি বাতিল কৰে আৰু তাৰ পৰিৱৰ্তে “ডি জি এছ এছ”ক প্ৰদান কৰে। এই বন সুৰক্ষা আন্দোলনৰ বতৰা বিয়পি পৰিছিল আৰু সৰু সৰু সম্প্ৰদায়বোৰে ইয়াৰ পাছৰ পৰাই বৃহৎ চৰকাৰী চুক্তিৰ বিৰুদ্ধে যুঁজ দিছিল।

ইয়াৰ পাছৰ পৰাই “চিপকো আন্দোলন”ৰ ধাৰণা গঢ় লৈ উঠে। এই সংঘৰ্ষই চূড়ান্ত ৰূপ লৈছিল ১৯৭৪ চনৰ জানুৱাৰী মাহত উত্তৰাখণ্ডৰ হিমালয়ৰ গাড়ৱাল অঞ্চলৰ ৰেনি নামৰ গাঁৱত। ১৯৭৪ চনৰ জানুৱাৰীত চৰকাৰে ৰেনি গাঁৱৰ ওচৰত ২,৫০০ জোপা গছ বিক্ৰী কৰিবলৈ লৈছিল। তাৰ পিছত চৰকাৰে “ডি জি এছ এছ”ৰ কৰ্মীসকলক মুখ্যতঃ পুৰুষসকলক, এখন বেলেগ গাঁও চামোলীৰ অৰণ্যত গছ কটা হ’ব  বুলি জানিবলৈ দি তালৈ পঠিয়ায়। কিন্তু ১৯৭৪ চনৰ ২৫ মাৰ্চত ৰেনি গাঁৱতহে গছ কাটিবলৈ ঠিকাদাৰে মানুহ লৈ আহিল।

সেইসময়তে ৰেনি গাঁৱৰ এগৰাকী স্থানীয় যুৱতীয়ে ঠিকাদাৰসকলক দেখি গাঁৱৰ মহিলা মঙ্গল দলৰ নেত্ৰী গৌৰা দেৱীক এই বিষয়ে জনালে। গৌৰা দেৱীয়ে তেতিয়া ২৭ গৰাকী গাঁৱৰ উদ্যোগী মহিলাক সংগঠিত কৰি গছ কটা লোকসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নিৰ্দিষ্ট ঠাইলৈ গ’ল। ঠিকাদাৰসকলে গৌৰা দেৱী নেতৃত্বাধীন মহিলাৰ দলটোক বন্দুক লৈ ভাবুকি প্ৰদান দিছিল আৰু  আঁতৰি যাবলৈ অস্বীকাৰ কৰিছিল। আৰু গছ কাটিবলৈ লৈছিল। সেয়েহে,মহিলাসকলে গছবোৰ আলিঙ্গন কৰিবলৈ অনুপ্ৰাণিত হৈছিল। মহিলাসকলে গোটেই ৰাতি গছবোৰক সাৱটি ৰাখিছিল আৰু সুৰক্ষা দিছিল। পাছদিনা ৰাতিপুৱাই গাঁৱৰ পুৰুষসকল আৰু “ডি জি এছ এছ” কৰ্মীসকল চামোলী গাঁৱৰ পৰা উভতি আহিছিল। তাৰপাছত,চুবুৰীয়া গাঁওবোৰলৈ ক্ৰমাৎ এই কথা বিয়পি পৰিছিল আৰু বহুত লোক এই গছক সাৱটি ধৰা কাৰ্যত জড়িত হৈছিল। চাৰিদিন পৰ্যন্ত এনেদৰে গাঁওবাসীসকলে গছবোৰ সাৱটি ধৰি থকাত ঠিকাদাৰ আৰু গছ কাটিবলৈ অহা লোকসকলে সেই ঠাই ত্যাগ কৰিছিল। ইয়েই চিপকো আন্দোলনক অধিক জনপ্ৰিয় কৰি তোলে।

ৰেনিৰ এই পদক্ষেপে ৰাজ্য চৰকাৰক অলকানন্দা উপত্যকাত বনধ্বংসৰ ওপৰত তদন্তৰ বাবে এখন সমিতি গঠন কৰিবলৈ প্ৰেৰিত কৰিছিল আৰু অৱশেষত অঞ্চলটোত ব্যৱসায়ভিত্তিত গছ কটাৰ ওপৰত ১০ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছিল।

চিপকো আন্দোলনৰ পন্থা :-

চিপকো আন্দোলনৰ বিভিন্ন প্ৰতিবাদসমূহ মুখ্যতঃ বিকেন্দ্ৰীকৃত আৰু স্বায়ত্তশাসিত আছিল,চিপকো আন্দোলন কৃষক আৰু মহিলাৰ অধিকাৰৰ বাবে এক আন্দোলনৰূপেও আত্মপ্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। “গছ-আলিঙ্গন”ৰ উপৰিও, চিপকো আন্দোলনৰ প্ৰতিবাদকাৰীসকলে মহাত্মা গান্ধীৰ সত্যাগ্ৰহী ধাৰণাৰ ওপৰত আধাৰিত আন বহুতো কৌশল ব্যৱহাৰ কৰি আন্দোলনত প্ৰয়োগ কৰিছিল। উদাহৰণ স্বৰূপে, ১৯৭৪ চনত সুন্দৰলাল বহুগুণাই চৰকাৰৰ বন নীতিৰ বিৰুদ্ধে প্ৰতিবাদত দুসপ্তাহ অনশন কৰিছিল। ১৯৭৮ চনত চিপকো আন্দোলনৰ কৰ্মী ধুম সিং নেগীয়ে তেহৰি গড়ৱাল জিলাৰ আদৱানী বনাঞ্চলৰ নিলামৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় মহিলাসকলে গছৰ চাৰিওফালে পবিত্ৰ সূতা বান্ধি আৰু ভগৱৎ গীতা পঢ়ি গছ ৰক্ষা কৰিবলৈ ওলাই আহিছিল। অনুমান কৰা হৈছে যে ১৯৭২ আৰু ১৯৭৯ চনৰ ভিতৰত প্ৰায় ১৫০ খনতকৈও অধিক গাওঁ চিপকো আন্দোলনৰ সৈতে জড়িত হৈ আছিল,ফলত উত্তৰাখণ্ডত বন ধ্বংসৰ বিৰুদ্ধে বাৰ(১২) টা ডাঙৰ প্ৰতিবাদ হৈছিল। ১৯৮০ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সুন্দৰলাল বহুগুণাৰ আৱেদনত উত্তৰাখণ্ডৰ হিমালয় অঞ্চলত বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰৰ বাবে গছ কটা পোন্ধৰ(১৫) বছৰৰ বাবে নিষিদ্ধ কৰা হয়।

সুন্দৰলাল বহুগুণাৰ নেতৃত্বত চিপকো আন্দোলন:-

চিপকো আন্দোলনে সুন্দৰলাল বহুগুণাৰ অধীনত ব্যাপকতা লাভ কৰিছিল। তেওঁ অৰণ্য আৰু হিমালয় পৰ্বতমালা ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ হিমালয় অঞ্চলত ৫০০০ কিলোমিটাৰ জোৰা  পদযাত্ৰা কৰি চিপকো আন্দোলনৰ বাৰ্তা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। সুন্দৰলাল বহুগুণাই চিপকো আন্দোলনৰ মূল শ্লোগান “পৰিস্থিতিবিজ্ঞান হৈছে বহনক্ষম অৰ্থনীতি”ৰ উদ্ভাৱন আৰু প্ৰচাৰ কৰিছিল।

চিপকো আন্দোলনৰ গুৰুত্ব:-

চিপকো আন্দোলন মূলতঃ বহিৰাগত কোম্পানীয়ে বন ধ্বংস কৰাৰ বিৰুদ্ধে আৰম্ভ হোৱা এক বন সংৰক্ষণ আন্দোলন আছিল। “চিপকো” শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে গছবোৰ কটাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকক “আলিঙ্গন” কৰা। স্থানীয় লোকসকলে গছবোৰক আলিঙ্গন কৰি গছ কটাবলৈ অহা ঠিকাদাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিল।

চিপকো আন্দোলনৰ গুৰুত্ব আছিল বন সম্পদক ধ্বংসৰ পৰা সুৰক্ষিত কৰা। গছবোৰ কেৱল ইন্ধন-কাঠ, কাঠ, খাদ্য, পশুখাদ্য আদিৰ বাবে সম্পদ হিচাপে ব্যৱহাৰ কৰা নহয় কিন্তু ইয়াৰ অধিক গুৰুত্ব আছে। গছবোৰে ভূমিস্খলন,বানপানী আদি প্ৰতিহত কৰাত সহায় কৰে।

ভাৰতত চিপকো আন্দোলনৰ মুখ্য প্ৰভাৱবোৰ:-

ভাৰতত চিপকো আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক ১৯২৭ চনৰ ভাৰতীয় বন আইন সংশোধন কৰিবলৈ আৰু নতুনকৈ বন সংৰক্ষণ আইন ১৯৮০ প্ৰৱৰ্তন কৰিবলৈ চিপকো আন্দোলনে বাধ্য কৰিছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে হিমালয়ৰ পাদদেশত পোন্ধৰ(১৫) বছৰৰ বাবে বাণিজ্যিক ভিত্তিত গছ কটাত নিষেধাজ্ঞা আৰোপ কৰিছিল। সেইবছৰেই ১,০০০ মিটাৰ ওখ বনাঞ্চলত বাণিজ্যিক সেউজীয়া শস্য চপোৱা নিষিদ্ধ কৰা হৈছিল।

এইবোৰ ফলাফলে চিপকো আন্দোলনক এক অনন্য ৰূপ প্ৰদান কৰিছিল আৰু চিপকো আন্দোলনৰ গ্ৰহণযোগ্যতা এই ফলাফলে প্ৰমাণ কৰিছিল।

বৰ্তমান চিপকো আন্দোলনৰ প্ৰাসংগিকতা:-

সামগ্ৰিকভাৱে, চিপকো আন্দোলন বনধ্বংসৰ বিৰুদ্ধে এক অহিংস প্ৰতিবাদ হিচাপে থিয় হৈছে। চিপকো আন্দোলনে কেৱল উত্তৰাখণ্ডৰে নহয় সমগ্ৰ ভাৰতৰে আন বহুতো ৰাজ্যৰ ভৱিষ্যত সুৰক্ষিত কৰিছিল। চিপকোৰ দৰে আন্দোলনেই আমাক অৰণ্যবোৰ আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আৰু অৰণ্য অবিহনে আমাৰ কি হ’ব পাৰে তাৰ এক ধাৰণা দিয়ে।

চিপকো আন্দোলন হৈছে উত্তৰাখণ্ড গড়ৱাল অঞ্চলৰ গাঁওবাসীৰ দ্বাৰা লোৱা এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক পদক্ষেপ। তেওঁলোকে গছ কটা ঠিকাদাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ এক অহিংসা পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁলোকে পৰিৱেশৰ বাবে এক পৰিৱেশ-অনুকূল আন্দোলন হিচাপে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। মণ্ডল গাঁৱত আৰম্ভ হোৱা আন্দোলনটোৱে ভাৰতত এনে ধৰণৰ বিভিন্ন পৰিৱেশগত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছিল। চিপকো আন্দোলন কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বই এই আন্দোলনক মনত ৰাখিব। চিপকো আন্দোলনেই আমাক পথ দেখুৱাই থৈ গ’ল যে কেনেকৈ আমি অৰণ্য ৰক্ষা কৰিব লাগে।

4.2 6 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Kaustav Borgohain
Kaustav Borgohain
3 years ago

Sunderlal Bahuguna was also a leader of the chipko movement

2
0
Would love your thoughts, please comment.x
()
x