পৰ্যালোচনাসাময়িকী

কৰোণা মহামাৰীৰ শেষত:কোভিড-১৯ য়ে মানৱ সমাজলৈ কঢ়িয়াই আনিব লগা ১০ টা পৰিৱৰ্তন

    ইতিহাসৰ প্ৰত্যেকটো মহামাৰীয়েই মানৱ জীৱনলৈ কিবা নহয় কিবা প্ৰকাৰে বহুতো পৰিৱৰ্তন কঢ়িয়াই লৈ আহিছিল। বৰ্তমান আমি ভূগি থকা এই কʼভিড-১৯ মহামাৰীয়েও আমাৰ ব্যক্তি আৰু সমাজ জীৱনলৈ নিশচয়কৈ বহুতো পৰিৱৰ্তন কঢ়িয়াই আনিব। এনে ১০ টা পৰিৱৰ্তনৰ বিষয়ে আমি আলোচনা কৰি আহকচোন।

১.কৰোণা মহামাৰীৰ শেষত,আমাৰ সামাজিক স্বচ্ছতা ব্যৱস্থালৈ এটা ডাঙৰ পৰিৱৰ্তন আহিব বা অহা উচিত। ৰাজহুৱা স্থানত থু-পিক আদি পেলোৱা বন্ধ হʼব লাগে। ই বহুতো সংক্ৰামক ৰোগৰ এটা মুখ্য কাৰণ। সমাজৰ সকলো স্তৰতেই ইয়াক লৈ এটা সজাগতা অহা উচিত। ইতিমধ্যে ভাৰতত বিহাৰৰ দৰে ৰাজ্যই ইয়াক দণ্ডণীয় অপৰাধ বুলি ঘোষণা কৰি আইন প্ৰণয়ন কৰিছে।

২. ৱৰ্ক ফ্ৰম হʼম অৰ্থাৎ ঘৰৰ পৰা কাম কৰা-এই ধাৰণাটো এই লকডাউনৰ সময়ছোৱাতে যথেষ্ট চৰ্চালৈ আহিছে। ভৱিষ্যত দিনত বহুতো কোম্পানী আৰু প্ৰতিষ্ঠানে পেছাদাৰী ব্যক্তিসকলক ঘৰৰ পৰা কাম কৰাৰ সুবিধা প্ৰদান কৰিব আৰু ই বৰ্তমানতকৈ অধিক হাৰত হʼব। ই মানুহৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত এটা ভাৰাসাম্যতা আনিব ।

৩. ভিডিঅʼ কনফাৰেন্সৰ জৰিয়তে মানুহৰ লগত যোগাযোগ কৰাৰ ধাৰণাটো অধিক বিকশিত হʼব। লকডাউনৰ সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে ভাৰতৰ ছুপ্ৰিম কʼৰ্ট আৰু হাই কʼৰ্ট সমূহে ভিডিঅʼ কনফাৰেন্সিঙৰ জৰিয়তেও শুনানি গ্ৰহণ আৰু ৰায়দান কৰিছে। ভৱিষ্যত দিনত এই ধাৰণা আৰু অধিক জনপ্ৰিয় হʼব। এটা ক্ষন্তকীয়া সাক্ষাতৰ বাবে এখন চহৰৰ পৰা আনখন চহৰলৈ বিমানেৰে যাতায়ত কৰা প্ৰৱণতা যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ই পৰিৱেশৰ ভাৰাসাম্যতাৰ বাবেও সহায়ক হʼব ।

৪. ছʼছিয়েল মিডিয়াক আমি বিভিন্ন ধৰণৰ উৰাবাতৰি বিয়পোৱাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা ধাৰণাটোৰ কিছু পৰিৱৰ্তন হʼব বুলি আশা কৰিব পাৰি। বৰ্তমান আৰক্ষী প্ৰশাসনেও ইয়াৰ বাবে উচিত ব্যৱস্থা লোৱা দেখা গৈছে। সাধাৰণ মানুহৰ মাজতো যেন এই ক্ষেত্ৰত কিছু মানসিক পৰিৱৰ্তন আহিছে।

৫. ভাৰতবৰ্ষত টেলি-মেডিছিনৰ ধাৰণাটো আৰু অধিক জনপ্ৰিয় হʼব। টেলি মেডিছিন মানে হৈছে দূৰণিবটীয়া গ্ৰামাঞ্চলৰ ৰোগীসকলৰ ৰোগ নিৰ্ণয় আৰু ঔষধ প্ৰদানৰ বাবে চহৰৰ ডাক্তৰ সকলৰ সৈতে ভিডিঅʼ কনফাৰেন্সিঙৰ জৰিয়তে যোগাযোগ কৰাই দিয়াৰ এক ব্যৱস্থা। কʼভিড-১৯ মহামাৰী আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ এই সময়ছোৱাত এই ধাৰণা যথেষ্ট জনপ্ৰিয় হৈছে। ই ভৱিষ্যতৰ দিনত এটা সাধাৰণ ব্যৱস্থালৈ পৰিণত হʼব।

৬. দৈনন্দিন জীৱনৰ হেঁচাত পাহৰি পেলোৱা ব্যক্তিগত স্বাস্থ্য আৰু সমৃদ্ধিক মানুহে বেংক বেলেঞ্চতকৈ অধিক গুৰুত্ব দিবলৈ লʼব। পৰিয়ালৰ সৈতে সময় কটোৱা, ব্যায়াম কৰা বা প্ৰাৰ্থনা-ধ্যান আদি কৰা কাৰ্যক মানুহে আগতকৈ অধিক গুৰুত্ব দিবলৈ লʼব ।

৭. মানুহে হোটেল,ৰেষ্টোৰেন্ট আদিত খোৱাতকৈ বিশ্বাসযোগ্যতাসম্পন্ন ঘৰৰ ৰান্ধনীশালত খোৱাটোকেই অধিক গুৰুত্ব দিবলৈ লʼব। ৰাজহুৱা যাতায়ত ব্যৱস্থাৰ প্ৰতি মানুহৰ বিশ্বাসযোগ্যতা কমিব। ড্ৰোন বা ভাইৰাছ প্ৰতিৰোধী ৰʼবʼটৰ জৰিয়তে সামগ্ৰী ডেলিভাৰী দিয়া ব্যৱস্থা অতি শীঘ্ৰেই গঢ়ি উঠিব। ই ব্যৱসায়িক জগতখনলৈও এটা ডাঙৰ পৰিৱৰ্তন আনিব।

৮. মানুহৰ সামাজিক ব্যৱহাৰৰ ক্ষেত্ৰত এটা বৃহৎ পৰিবৰ্তন আহিব। ৰাজহুৱা সমাগমক মানুহে বিশ্বাস কৰিবলৈ টান পোৱা হʼব। ডাঙৰ ডাঙৰ পাৰ্টি আয়োজন কৰাতকৈ মানুহে সৰু-সুৰা পাৰ্টি আয়োজন কৰিবলৈহে ভাল পাব।

৯. বৰ্তমান সময়ছোৱাত জনসাধাৰণক ব্যক্তিগত পৰিষ্কাৰ-পৰিছন্নতাৰ প্ৰতি আগতকৈ অধিক সচেতন হোৱা দেখা গৈছে। ই ভৱিষ্যত দিনতো মানুহৰ অভ্যাসৰ এটা অংগ হৈ পৰিব। বাহিৰলৈ ওলাই গʼলে মাস্কৰ ব্যৱহাৰ কৰা আৰু চাবোনেৰে সঘনাই হাত ধোৱাটো ইতিমধ্যেই বহুতো মানুহৰ অভ্যাস হৈ পৰিছেই।

১০. বিভিন্ন দেশৰ চৰকাৰ সমূহে বুজি উঠিছে যে, অন্যান্য খণ্ডতকৈ স্বাস্থ্যখণ্ডত কিয় অধিক বিনিয়োগ কৰা উচিত। আশা কৰা হৈছে ভৱিষ্যত দিনত আমাৰ চৰকাৰসমূহে স্বাস্থ্যখণ্ডত অধিক গুৰুত্ব দিব,চৰকাৰী হস্পিটেল সমূহত বিচনা আৰু আইচʼলেচন ইউনিটৰ সংখ্যা বৃদ্ধি পাব ।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x