তথ্যকোষ

চাওল্যুং চ্যু-কা-ফা

   বৰ অসমীয়া মহাসংস্কৃতিৰ প্ৰবাদপ্ৰতীম পিতামহস্বৰূপ স্বৰ্গদেও চাওল্যুং চ্যুকাফাই বৰ্তমানৰ ৰঙাচীনৰ অন্তৰ্গত য়ুনান প্ৰদেশৰ নিজ গৃহৰাজ্য মঙ মাওৰ পৰা গৃহকন্দলৰ পৰিণতিত ৰাজধানী চিয়েং চেন ত্যাগ কৰি বাৰশ পোন্ধৰ খৃষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকা অভিমুখে যাত্ৰা আৰম্ভ কৰে। মায়তকিনা, ম’গাউং আৰু উজনি ইৰাৱতী উপত্যকা হৈ বাৰশ সাতাইশ চনত চ্যুকাফা নাংয়াং হ্ৰদ পায়গৈ। নাংয়াং হ্ৰদৰ পাৰত তাৰ থলুৱা কেতবোৰ জনজাতিৰ স’তে এখন যুদ্ধৰ পাছত সিসমূহক পৰাভূত কৰি বাৰশ আঠাইশ খৃষ্টাব্দত পাংচাউ পাচেৰে পাটকাই পৰ্বত পাৰ হৈ তেওঁ নামৰূপত ভৰি দিয়ে। মধ্যযুগৰ অসমৰ ইতিহাসৰ ভৰাসুঁতিয়ে সিদিনাৰ পৰাই এক নতুন গতি লয়। 

   নামৰূপ পায়েই চ্যুকাফাই চেঁচা নদীত দলং বান্ধিলে আৰু বুঢ়ীদিহিঙৰ পাৰেৰে উজাই শালি খেতিৰ বাবে সুবিধাজনক ঠাই বিছাৰিলে। কিন্তু নেপাই বাৰশ ছয়ত্ৰিশ চনত টিপামলৈ ভটিয়াই আহে। আৰু একেটা বছৰতে তেওঁ টিপাম এৰি অভয়পুৰলৈ ৰাজধানী স্থানান্তৰ কৰে। কিন্তু বানপানীৰ প্ৰকোপত তেওঁ বাৰশ চল্লিশ চনত ৰাজধানী হাবুঙলৈ তুলি নিবলৈ বাধ্য় হয়। তাতো বানপানীয়ে পোৱাত বাৰশ চৌৰাল্লিশ চনত ৰাজধানী তুলি আনে দিখৌমুখলৈ। দিখৌমুখৰ লিগিৰা গাঁৱত এটি চকী স্থাপন কৰি বাৰশ ছয়ছল্লিশ চনত পুনৰ ৰাজধানী তুলি আনে শিমলুগুৰিলৈ। আৰু বাৰশ তেৱন্ন চনত শিমলুগুৰি পুনৰ ত্যাগ কৰি চৰাইদেউত ৰাজধানী থাপেগৈ। আৰু তাতে তেওঁ জীৱন বৃত্তৰ পৰিধি ভাঙে।

   আহোম সাম্ৰাজ্য বিশ্বৰ অন্যতম সাম্ৰাজ্য যি ছশ বছৰীয়া শাসনৰ গৰিমাৰে মহিমামণ্ডিত। বিশ্বত বহু দুৰ্ধৰ্ষ যুদ্ধবাজ প্ৰতাপশালী জাতিৰ শাসনৰ ইতিহাস আছে। ব্ৰিটিছৰ দৰে মহাশক্তিয়ে এসময়ত বিশ্বত ব্ৰিটিছ সাম্ৰাজ্যৰ বেলি মাৰ নাযাব বুলি ঘোষণা কৰিছিল। কিন্তু দুটা শতিকাৰ ভিতৰত ব্ৰিটিছ উপনিবেশিকতাবাদ ধূলিত মিহলি হৈ গৈছিল। তেন্তে আহোম সাম্ৰাজ্যৰ ছশ বছৰীয়া ৰাজত্বৰ আঁৰৰ ৰহস্য কি?  ইয়াতে আছে সিংহপুৰুষ চ্যুকাফাৰ ভৱিষ্যদৰ্শী কৰ্মপন্থা আৰু ৰাজনৈতিক তথা কূটনৈতিক দূৰদৃষ্টি। প্ৰথম কথা স্বৰ্গদেৱে অস্ত্ৰ শক্তিৰে সাম্ৰাজ্যবিস্তাৰৰ তথাকথিত পন্থা পৰিহাৰ কৰি পৰাপক্ষত বৈবাহিক, ব্যৱসায়িক সম্পৰ্ক তথা সু-সন্ধিৰ মাজেৰে ৰাজ্যবিস্তাৰ কৰাৰ এক অভূতপূৰ্ব নব্য নীতি অৱলম্বন কৰিছিল। জনশ্ৰুতি আছে- দেশ জয় কৰিব পাৰি, সেই দেশৰ নাগৰিকৰ মন জয় কৰিব নোৱাৰি। কিন্তু চ্যুকাফাই দেশ জয় কৰাৰ পৰিৱৰ্তে মানুহৰ মনটোক জয় কৰাৰ কাৰ্যপন্থা ল’লে। ইয়াৰ উমান পোৱা যায়- অসম সোমোৱাৰ পথত প্ৰচণ্ড সংঘৰ্ষৰ পাছতো চ্যুকাফাই মটকৰাজ বদৌচাৰ জিয়ৰীৰ পাণি গ্ৰহণ কৰে।

   তাৰ পাছতে বৰাহী ৰজাৰ লগতো সম্পৰ্ক স্থাপন কৰে। স্বৰ্গদেৱে লগতে সেইসমূহ স্থান পৰিহাৰ কৰে যিবোৰৰ জনবসতি ঘন আছিল। সেইবোৰ স্থান সৈন্যশক্তিৰে অধিকাৰ কৰাৰ পৰিৱৰ্তে তেওঁ তেওঁৰ সৈন্য-সামন্ত তথা আন আন অনুগামীসকলক স্থানীয়ভাৱে বিবাহ কৰোৱাৰ পৰামৰ্শ দিয়ে। ইয়াৰ সমানে সমানে স্বৰ্গদেউৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠে স্থানীয় ভাষা-সংস্কৃতিক আকোঁৱালি লৈ এক দিয়া-লোৱাৰ সংস্কৃতি। যি স্থানীয় লোকসকলক আহোমসকলৰ প্ৰতি আকৃষ্ট কৰিছিল। যিয়ে পৰৱৰ্তী পৰ্যায়ত বৃহত্তৰ আহোম সাম্ৰাজ্যৰ শৈলসৌধ নিৰ্মাণ কৰিছিল। স্বৰ্গদেৱে ন-আহোম স্থানীয় লোকসকলৰ সহায়ত শালিখেতিৰ বাবে তিনিখন কৃষিপাম নিৰ্মাণ কৰিছিল। বৰাখোৱাখাট, এঙেৰাখাট আৰু গাছিকলাখাট। বাৰশ আঠষষ্ঠি চনত এই মহান বীৰপুৰুষৰ পৰলোকপ্ৰাপ্তি ঘটে। তাৰ আগেয়েই তেখেতে গঢ় দিলে আহোম সাম্ৰাজ্য আৰু অসমীয়া সংস্কৃতিৰ অভেদ্য কোঠ। যাৰ সীমা আছিল পূবে নগাপাহাৰ, পশ্চিমে মহাবাহু ব্ৰহ্মপুত্ৰ, উত্তৰে দিচাং আৰু দক্ষিণে দিখৌ নদীপৰ্যন্ত।   

যুগুতাইছে- নয়ন নীলব্ৰত   

1 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

0
Would love your thoughts, please comment.x
()
x