ৰামধ্বজ সিংহ বা চুক্লনফা – ত্ৰিবিংশতিতম স্বৰ্গদেউ
(ৰামধ্বজ সিংহ বা চুক্লনফা আছিল আহোমৰ ত্ৰিবিংশতিতম স্বৰ্গদেউ। স্বৰ্গদেউ ৰামধ্বজ সিংহ সম্পৰ্কে সাৰথিৰ পাঠকবৃন্দৰ বাবে এটি চমু লেখা)
দ্বাবিংশতিতম আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহক ডেবেৰা হাজৰিকাৰ কুমন্ত্ৰণা আৰু সহায়ত বন্দী কৰি হত্যা কৰাৰ পাছত ১৬৭২ খ্ৰীষ্টাব্দত তেওঁৰ ভাতৃ সৰুজনা গোহাঁয়ে হিন্দুমতে ৰামধ্বজ সিংহ আৰু আহোমমতে চুক্লনফা নাম গ্ৰহণ কৰি আহোম ৰাজ্যৰ ৰাজসিংহাসনত উঠে। ৰামধ্বজ সিংহই অতি কম সময়ৰ বাবে আহোম ৰাজ্যত ৰাজত্ব কৰিছিল আৰু ডেবেৰা হাজৰিকাৰ কু-পৰামৰ্শ গ্ৰহণ কৰি তেওঁ আহোম ৰাজ্যক এক সংকটৰ যুগলৈ লৈ গৈছিল। ৰামধ্বজ সিংহৰ ৰাজত্বকালৰ অধিকাংশ সময় আভ্যন্তৰীণ বিবাদৰ মাজতে পাৰ হৈছিল আৰু তেওঁৰ ৰাজত্বকালত বৰ বিশেষ গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হোৱা নাছিল।
ৰামধ্বজ সিংহৰ ৰাজত্বকালৰ ডা-ডাঙৰীয়াসকল –
স্বৰ্গদেউ ৰামধ্বজ সিংহৰ ৰাজত্বকালত আহোম ৰাজ্যৰ বুঢ়াগোহাঁই আছিল আতন বুঢ়াগোহাঁই। ৰামধ্বজ সিংহৰ ৰাজত্বকালত এজনৰ পাছত আনজনকৈ দুজন লোকে আহোম ৰাজ্যৰ বৰগোহাঁই পদবীত অধিষ্ঠিত হৈছিল। তেওঁলোক আছিল লাঙিচঙ আৰু চেংমুন। চপা বৰপাত্ৰগোহাঁই আছিল স্বৰ্গদেউ ৰামধ্বজ সিংহৰ ৰাজচৰাৰ বৰপাত্ৰগোহাঁই।
স্বৰ্গদেউ ৰামধ্বজ সিংহক আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত কৰিবলৈ সহায় কৰা বাবে তেওঁ ডেবেৰা হাজৰিকাক আহোম ৰাজ্যৰ বৰবৰুৱা পদবীত অধিষ্ঠিত কৰিলে। স্বৰ্গদেউ ৰামধ্বজ সিংহই মহাবীৰ লাচিত বৰফুকনৰ জ্যেষ্ঠ ভাতৃ তথা মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লালুকসোলাক আহোম ৰাজ্যৰ বৰফুকন পদবীত অধিষ্ঠিত কৰিছিল।
স্বৰ্গদেউ ৰামধ্বজ সিংহৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ মিথ্যা প্ৰচাৰ –
ডেবেৰা বৰবৰুৱাৰ ভাগিনীয়েক চেংমুন গোহাঁয়ে ডেবেৰা এই বুলি কাণ চোৱালে যে বাৰুকীয়াল লাঙিচঙ বৰগোহাঁয়ে স্বৰ্গদেউ ৰামধ্বজ সিংহৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। তাৰপাছত ডেবেৰা বৰবৰুৱাই স্বৰ্গদেউ ৰামধ্বজ সিংহক জনালে যে লাঙিচঙ বৰগোহাঁয়ে স্বৰ্গদেউ ৰামধ্বজ সিংহৰ নুমলীয়া ভায়েক চাৰিং ৰজাৰ সৈতে মিলিত হৈ স্বৰ্গদেউ ৰামধ্বজ সিংহক ৰজা ভঙাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এই কথা শুনি স্বৰ্গদেউ ৰামধ্বজ সিংহক ডেবেৰা বৰবৰুৱাক এই ষড়যন্ত্ৰ সম্পৰ্কে খবৰ-বাতৰি গোটাবলৈ নিৰ্দেশ দিলে।
তাৰপাছতেই স্বৰ্গদেউ ৰামধ্বজ সিংহ চৰাইদেউলৈ যোৱাত ডেবেৰা বৰবৰুৱাই তাত স্বৰ্গদেউক জনালে যে স্বৰ্গদেউৰ ভায়েক চাৰিং ৰজা আৰু লাঙিচঙ বৰগোহাঁয়ে সৈন্য-সামন্ত লৈ আহোম ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰিছে কিন্তু এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন আছিল। ডেবেৰা বৰবৰুৱাই এই বিষয়ে কোৱাত স্বৰ্গদেৱে বিশ্বাস কৰি গড়গাঁৱলৈ চৰাইদেউৰ পৰা চোৰাংচোৱা প্ৰেৰণ কৰিলে কিন্তু চোৰাংচোৱাই ৰজাক জনালে যে ডেবেৰা বৰবৰুৱাই কোৱা কথাষাৰ একেবাৰে ভিত্তিহীন। কিন্তু ডেবেৰা বৰবৰুৱায়ে নিজৰ কথাষাৰ শুদ্ধ প্ৰমাণ কৰিবলৈ একাংশ মিছা সাক্ষীৰ সহায় ললে।
এই সাক্ষীসকলে ডেবেৰা বৰবৰুৱাই কোৱা কথাষাৰ সত্য বুলি দাবী কৰিলে আৰু ইয়াৰ পৰাই লাঙিচঙ বৰগোহাঁই আৰু চাৰিং ৰজা দোষী সাব্যস্ত হ’ল আৰু তেওঁলোকক স্বৰ্গদেউ ৰামধ্বজ সিংহই মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে। এনেদৰেই ভুৱা গোচৰৰ যোগেদিয়েই ডেবেৰা বৰবৰুৱাই স্বৰ্গদেউ ৰামধ্বজ সিংহৰ ভাতৃ চাৰিং ৰজা আৰু লাঙিচঙ বৰগোহাঁইক মৃত্যুদণ্ড দিয়ালে আৰু ডেবেৰা বৰবৰুৱাই নিজৰ ভাগিনীয়েক চেংমুনক বৰগোহাঁই পদত অধিষ্ঠিত কৰোৱালে।
মিছিমি আৰু চুতীয়াৰ বিদ্ৰোহ দমন –
আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনতেই আৰম্ভ হোৱা চুতীয়াসকলৰ বিদ্ৰোহে স্বৰ্গদেউ ৰামধ্বজ সিংহৰ ৰাজত্বকালত গুৰুতৰ ৰূপ ধাৰণ কৰে। স্বৰ্গদেউ ৰামধ্বজ সিংহই চুতীয়াসকলৰ বিদ্ৰোহ দমন কৰিবলৈ ডেবেৰা বৰবৰুৱাৰ নেতৃত্বত এটা শক্তিশালী সৈন্যবাহিনী প্ৰেৰণ কৰে। ডেবেৰাৰ নেতৃত্বত এই সৈন্য দলে চুতীয়াসকলৰ বিদ্ৰোহ দমন কৰে আৰু চুতীয়াসকলে আহোমৰ বশ্যতা স্বীকাৰ কৰি লয়।
তেনেসময়তে পাহাৰীয়া মিছিমিসকলেও আহোম ৰাজ্যৰ বিপক্ষে অস্ত্ৰ তুলি লয় আৰু তেওঁলোকে ভৈয়ামৰ আহোম ৰাজ্যৰ গাঁৱত সোমাই কেইবাজনো আহোম ৰাজ্যৰ প্ৰজাক হত্যা কৰে। আহোম ৰজা ৰামধ্বজ সিংহই সৈন্যবাহিনী প্ৰেৰণ কৰি মিছিমি বিদ্ৰোহ দমন কৰে আৰু মিছিমিসকলে আহোম ৰাজ্যৰ বশ্যতা স্বীকাৰ কৰি বাৰ্ষিক কৰ-কাটল সোধাই থাকিবলৈ সন্মত হয়।
স্বৰ্গদেউ ৰামধ্বজ সিংহৰ নৰীয়া আৰু উত্তৰাধিকাৰী সংঘাত তথা ডেবেৰা বৰবৰুৱাৰ লগত সংঘাত –
১৬৭৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰামধ্বজ সিংহ জলসাৰ নৰীয়াত পৰাত ডা-ডাঙৰীয়াসকলক মতাই আনিলে আৰু স্বৰ্গদেউ ৰামধ্বজ সিংহই তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ পূৰ্বৰ স্বৰ্গদেউ উদয়াদিত্য সিংহৰ পুত্ৰ কলীয়া গোহাঁইক আহোম ৰাজ্যৰ পৰৱৰ্তী ৰজা পাতিবলৈ পৰামৰ্শ দিয়ে। কিন্তু এই আলোচনালৈ ডেবেৰা বৰবৰুৱাক স্বৰ্গদেউ ৰামধ্বজ সিংহই নিমন্ত্ৰণ জনোৱা নাছিল। ডেবেৰা বৰবৰুৱা এই সিদ্ধান্তত সুখী নাছিল কিয়নো তেওঁৰ কুমন্ত্ৰণামতেই স্বৰ্গদেউ ৰামধ্বজ সিংহই ভাতৃ স্বৰ্গদেউ উদয়াদিত্য সিংহক হত্যা কৰিছিল, তেনেস্থলত উদয়াদিত্য সিংহৰ পুত্ৰ কলীয়া গোহাঁই স্বৰ্গদেউ হ’লে ডেবেৰা বৰবৰুৱাৰ সান্দহ খোৱা বালি তল পৰিব। এইক্ষেত্ৰতে ডেবেৰা বৰবৰুৱাৰ লগত স্বৰ্গদেউ ৰামধ্বজ সিংহৰ বিবাদ হয় আৰু স্বৰ্গদেউ ৰামধ্বজ সিংহই টংচুক ডেবেৰা বৰবৰুৱাক হত্যাৰ দায়িত্ব দিয়ে। কিন্তু এই বিষয়ে ডেবেৰাই গম পাই সতৰ্ক হয় আৰু স্বৰ্গদেউ ৰামধ্বজ সিংহৰ বিপক্ষে ষড়যন্ত্ৰ কৰে।
স্বৰ্গদেউ ৰামধ্বজ সিংহৰ মৃত্যু –
স্বৰ্গদেউ ৰামধ্বজ সিংহৰ মৃত্যু হয় ১৬৭৫ খ্ৰীষ্টাব্দত। ১৬৭২ খ্ৰীষ্টাব্দৰ পৰা ১৬৭৫ খ্ৰীষ্টাব্দলৈ প্ৰায় ৩ বছৰ ৰাজত্ব কৰি স্বৰ্গদেউ ৰামধ্বজ সিংহ মৃত্যুমুখত পৰে। স্বৰ্গদেউ ৰামধ্বজ সিংহক বিহপান কৰোৱাই হত্যা কৰায় ডেবেৰা বৰবৰুৱাই। ইয়াৰ লগতে ডেবেৰাই স্বৰ্গদেউ ৰামধ্বজ সিংহৰ বৰকুঁৱৰী তথা তেওঁৰ পক্ষৰ সকলোকে হত্যা কৰে।
স্বৰ্গদেউ ৰামধ্বজ সিংহ এজন পৰনির্ভৰশীল তথা অ দূৰদৰ্শী ৰজা আছিল। তেওঁ ৰাজত্বকালৰ অধিকাংশ সময়েই ডেবেৰা বৰবৰুৱাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিল। স্বৰ্গদেউ ৰামধ্বজ সিংহৰ উপস্থিতি স্বত্বেও আহোম ৰাজ্যৰ উঠিৰজা বহিৰজা আছিল ডেবেৰা বৰবৰুৱা। স্বর্গদেউ ৰামধ্বজ সিংহৰ ৰাজত্বকালত আন কোনো উল্লেখযোগ্য কাৰ্য্য হোৱা নাছিল যদিও এটাই কাৰ্য্য হৈছিল সেইটো আছিল ডেবেৰা বৰবৰুৱাৰ ক্ষমতা বৃদ্ধি। তেওঁৰ ক্ষমতাই এইটো পৰ্যায় পাইছিলগৈ যে তেওঁ এজন ৰজাক বিহ খুৱাই হত্যা কৰোৱাই আন এজন ৰজা পাতিব পৰা হৈছিল আৰু আহোম ৰাজ্যত সংকটৰ যুগৰ সূচনা হৈছিল।
সহায়ক গ্ৰন্থপঞ্জী –
১) আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
২) লাচিত বৰফুকন – ডঃ সূৰ্যকুমাৰ ভূঞা
৩) সাতসৰী অসম বুৰঞ্জী – ডঃ সূৰ্যকুমাৰ ভূঞা
৪) ইতিহাসে সোঁৱৰা ছশটা বছৰ – সৰ্বানন্দ ৰাজকুমাৰ