তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ – ভাৰতীয় সংবিধান

দ্বাদশ ভাগ

বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ

প্ৰথম অধ্যায়– বিত্ত

সাধাৰণ

(২৬৪) নিৰ্বাচন- এই ভাগত বিত্ত আয়োগ মানে অনুচ্ছেদ ২৮০ ৰ  অধীনত গঠিত বিত্ত আয়োগক বুজাব।

(২৬৫) বিধিৰ প্ৰাধিকাৰ ব্যতিৰেতে কৰ আৰোপিত হ’ব নোৱাৰিব- বিধিৰ প্ৰাধিকাৰ নোহোৱাকৈ কোনো কৰ  আৰোপিত বা সংগৃহীত হ’ব নোৱাৰিব।

(২৬৬) ভাৰতৰ আৰু ৰাজ্যসমূহৰ সঞ্চিত নিধি আৰু লোকলেখা- (১) অনুচ্ছেদ ২৬৭ ৰ উপবন্ধ সমূহৰ আৰু কোনো কোনো কৰ আৰু শুল্কৰ শুদ্ধ  আগমৰ পূৰ্ণতঃ বা ভাগতঃ ৰাজ্যসমূহক অৰ্পণ কৰা সম্বন্ধত এই অধ্যায়ৰ  উপবন্ধ সমূহৰ সাপেক্ষে, ভাৰত চৰকাৰে পোৱা সকলো ৰাজস্ব, ট্ৰেজাৰী বিলৰ প্ৰচলন কৰি সেই চৰকাৰে গোটোৱা সকলো ঋণ, ঋণ অথবা অৰ্থোপায়ৰ অগ্ৰমিম ধন(ওৱেজ এণ্ড মিঞ্চ্ এডভাঞ্চ) আৰু ঋণ পৰিশোধন স্বৰূপে সেই চৰকাৰে পোৱা সকলো ধন গোট খুৱাই এটা সঞ্চিত নিধি তৈয়াৰ কৰিব যিটো নেকি ‘ভাৰতৰ সঞ্চিত নিধি’ বুলি অভিহিত হ’ব, আৰু এখন ৰাজ্যৰ চৰকাৰে পোৱা সকলো ৰাজস্ব, ট্ৰেজাৰী বিলৰ প্ৰচলনৰ দ্বাৰা সেই চৰকাৰে গোটোৱা সকলো ঋণ, ঋণ অথবা অৰ্থোপায়ৰ অগ্ৰিম ধন আৰু ঋণ পৰিশোধ স্বৰূপে সেই চৰকাৰে পোৱা সকলো ধন গোট খুৱাই এটা সঞ্চিত নিধি তৈয়াৰ কৰিব যিটো নেকি ‘ৰাজ্যখনৰ সঞ্চিত নিধি’ বুলি  অভিহিত হ’ব।

(২) ভাৰত চৰকাৰৰ অথবা কোনো ৰাজ্যৰ চৰকাৰৰ দ্বাৰা বা তেওঁলোকৰ হকে প্ৰাপ্ত হোৱা আন সকলো ৰাজহুৱা ধন যথাস্থিতি মতে ভাৰতৰ লোক লেখাত বা ৰাজ্যখনৰ  লোক লেখাত জমা হ’ব।

(৩) ভাৰতৰ সঞ্চিত নিধিৰ পৰা অথবা ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা কোনো ধন, বিধি অনুসাৰে ব্যতিৰেকে আৰু এই সংবিধানত উপবন্ধিত প্ৰয়োজন আৰু ৰীতি ব্যতিৰেকে বিনিয়োগ নকৰিব।

(২৬৭) আকস্মিকতা নিধি- (১) সংসদে বিধিৰ দ্বাৰা অগ্ৰদায় ৰূপে, ‘ভাৰতৰ আকস্মিকতা নিধি’ নাম দি এটি আকস্মিকতা নিধি স্থাপন কৰিব পাৰে য’ত নেকি সময়ে সময়ে এনে বিধিৰ দ্বাৰা যথানিৰ্ধাৰিত ৰাশিৰ ধন জমা কৰা হ’ব আৰু অনৰেক্ষিত ব্যয় পূৰণৰ প্ৰয়োজনৰ বাবে, অনুচ্ছেদ ১১৫ বা অনুচ্ছেদ ১১৬ ৰ অধীনত সংসদে বিধিৰ দ্বাৰা এনে ব্যয় প্ৰাধিকৃত কৰাৰ সাপেক্ষে, ৰাষ্ট্ৰপতিয়ে এনে নিধিৰ পৰা অগ্ৰিম ধন দিব পৰাকৈ উক্ত নিধিটো ৰাষ্ট্ৰপতিৰ ব্যৱস্থাধীনত থাকিব।

(২) কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা অগ্ৰদায় ৰূপে ‘ৰাজ্যখনৰ আকস্মিকতা নিধি’ নাম দি এটি আকস্মিকতা নিধি স্থাপন কৰিব পাৰে য’ত নেকি সময়ে সময়ে এনে বিধিৰ দ্বাৰা যথা নিৰ্ধাৰিত ৰাশিৰ ধন জমা কৰা হ’ব আৰু অনবেক্ষিত ব্যয় পূৰণৰ প্ৰয়োজনৰ বাবে, অনুচ্ছেদ ২০৫ বা ২০৬ ৰ অধীনত ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা এনে ব্যয় প্ৰাধিকৃত কৰাৰ সাপেক্ষে, ৰাজ্যপালে এনে নিধিৰ পৰা অগ্ৰিম ধন দিব পৰাকৈ উক্ত নিধিটো ৰাজ্যপালৰ ব্যৱস্থাধীনত থাকিব

সংঘ আৰু ৰাজ্যসমূহৰ মাজত ৰাজস্বৰ বিতৰণ

(২৬৮) সংঘৰ দ্বাৰা আৰোপিত কিন্তু ৰাজ্যৰ দ্বাৰা সংগৃহীত আৰু বিনিয়োজিত শুল্কসমূহ- (১) সংঘ-সূচীত বৰ্ণিত যিবোৰ মুদ্ৰাংক-শুল্ক আৰু ঔষধীয় আৰু প্ৰসাধনীয় দ্ৰব্যৰ ওপৰত লগোৱা উত্পাদন শুল্ক সেইবোৰ ভাৰত চৰকাৰৰ দ্বাৰা আৰোপিত হ’ব, কিন্তু সংগৃহীত হ’ব- 

(ক) যিকোনো (সংঘ ৰাজ্যক্ষেত্ৰৰ) ভিতৰত আৰোপণীয় শুল্কৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দ্বাৰা আৰু 

(খ) অন্যান্য ক্ষেত্ৰত, যি ৰাজ্যৰ ভিতৰত এনে ধৰণৰ শুল্ক আৰোপনীয় সেইবোৰত সেই সেই ৰাজ্যৰ দ্বাৰা।

(২) যিকোনো ৰাজ্যৰ ভিতৰত আৰোপণীয় এনেধৰণৰ শুল্কৰ পৰা কোনো এক বিত্তীয় বৰ্ষত হোৱা আগম ভাৰতৰ সঞ্চিত নিধিৰ অংশবিশেষ নহ’ব, কিন্তু উক্ত ৰাজ্যতে অৰ্পিত হ’ব।

(২৬৯) সংঘৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত কিন্তু ৰাজ্যসমূহত অৰ্পিত কৰসমূহ- (১) নিম্নলিখিত শুল্ক আৰু কৰসমূহ ভাৰত চৰকাৰৰৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত হ’ব কিন্তু খণ্ড-২ ত উপবন্ধিত ৰীতি অনুসৰি ৰাজ্যসমূহত  অৰ্পিত হ’ব, অৰ্থাত- 

(ক) কৃষি-ভূমিৰ বাহিৰে অন্য সম্পত্তিৰ উত্তৰাধিকাৰী বিষয়ক শুল্ক, 

(খ) কৃষি ভূমিৰ বাহিৰে অন্য সম্পত্তি বিষয়ক সম্পদা-শুল্ক,

(গ) ৰেল, সমুদ্ৰ বা বিমানেৰে কঢ়িওৱা বয়-বস্তুৰ বা যাত্ৰীৰ ওপৰত লগোৱা সীমা কৰ,

(ঘ) ৰেলৰ ভাড়া বা বস্তুৰ ভাড়াৰ ওপৰত লগোৱা কৰ।

(ঙ) ষ্টক এক্সেঞ্জ আৰু ভৱিষ্যত বজাৰৰ ক্ৰয়-বিক্ৰয়ৰ ওপৰত থকা মুদ্ৰাংক শুল্কৰ বাহিৰে আন কৰ। 

(চ) বাতৰি কাকত ভিন্ন আন বস্তৰ বিক্ৰয় বা ক্ৰয়ৰ ওপৰত লগোৱা কৰ, যেতিয়ানেকি এনে বিক্ৰয় বা ক্ৰয় অন্তঃৰাজ্যিক বেপাৰ বা বাণিজ্যৰ ক্ৰমত কৰা হয়।

(জ) বস্তুৰ চালানৰ ওপৰত কৰ(লাগিলে সেই চালান যি চালান দিয়ে তেওঁলৈকে পঠাওক বা আন কোনো ব্যক্তিলৈকে পঠাওক) যেতিয়ানেকি এনে চালান অন্তঃৰাজ্যিক বেপাৰ বা বাণিজ্যৰ অনুক্ৰমত হয়।

(২) যিকোনো বিত্তীয় বছৰত (সংঘ ৰাজ্যক্ষেত্ৰৰ) পৰা হোৱা আগমৰ বাহিৰে এনেকুৱা শুল্ক বা কৰৰ পৰা পোৱা শুদ্ধ আগম ভাৰতৰ সঞ্চিত নিধিৰ অংশ বিশেষ নহ’ব, কিন্তু যি ৰাজ্যত সেই বছৰৰ বাবে উক্ত শুল্ক বা কৰ আপোৰণীয় হয় সেই ৰাজ্যত অৰ্পিত হ’ব আৰু সংসদে বিধিৰ দ্বাৰা সূত্ৰিত কৰা বিতৰণ নীতি অনুসৰি উক্ত ৰাজ্যসমূহৰ মাজত বিতৰণ কৰা হ’ব।

(৩) কোনো (বস্তুৰ বিক্ৰয় বা ক্ৰয় বা চালান) কেতিয়া  অন্তঃৰাজ্যিক বেপাৰ বা বাণিজ্যৰ অনুক্ৰমত হয় সেইটো অৱধাৰণ কৰিবৰ কাৰণে সংসদে বিধিৰ দ্বাৰা নীতি সূচিত কৰিব পাৰে।

(২৭০) সংঘৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত আৰু সংঘ আৰু ৰাজ্যসমূহৰ মাজত বণ্টিত কৰসমূহ- (১) কৃষি-আয় ভিন্ন অন্য আয়ৰ ওপৰত লগোৱা কৰ ভাৰত চৰকাৰৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত হ’ব আৰু খণ্ড(২) উপবন্ধিত কৰা নীতি অনুসৰি সংঘ আৰু ৰাজ্য সমূহৰ মাজত বিতৰণ কৰা হ’ব।

(২) যিকোনো বিত্তীয় বছৰত (সংঘ ৰাজ্য ক্ষেত্ৰসমূহৰ) পৰা হোৱা আগম অথবা সংঘৰ উপলদ্ধিৰ সম্বন্ধত দিবলগীয়া কৰ বুলি দেখুৱা আগমৰ বাহিৰে, এনেকুৱা কৰৰ পৰা হোৱা ষুদ্ধ আগমৰ যথাবিহিত শতকৰা ভাগ ভাৰতৰ সঞ্চিত নিধিৰ অংশ বিশেষ নহ’ব, কিন্তু যি ৰাজ্যৰ ভিতৰত সেই বছৰত সেই কৰ আৰোপণীয় হয় সেই ৰাজ্য সমূহত অৰ্পিত হ’ব আৰু সেই ৰাজ্যসমূহৰ মাজত যথাবিহিত ৰীতি অনুসৰি আৰু যথাবিহিত সময়ৰ পৰা বিতৰণ কৰা হ’ব।

(৩) খণ্ড(২)ৰ প্ৰয়োজনৰ বাবে প্ৰতি বিত্তীয় বছৰতে আয়ৰ ওপৰত লগোৱা কৰৰ শুদ্ধ আগমৰ যিখিনি সংঘৰ উপলদ্ধিৰ সম্বন্ধত দিবলগীয়া হোৱা কৰৰ শুদ্ধ আগম বুলি নেদেখুৱায় সেইখিনিৰ শতকা যথা বিহিত ভাগ (সংঘ ৰাজ্যক্ষেত্ৰসমূহৰ) পৰা পোৱা আগম বুলি গণঅয কৰা হ’ব।

(৪) এই অনুচ্ছেদত-

(ক) আয়ৰ ওপৰত কৰ বুলিলে কোনো নিগম-কৰক  অন্তৰ্গত নকৰে

(খ) বিহিত মানে-

(i) কোনো বিত্ত-আয়োগ গঠিত নোহোৱা পৰ্যন্ত ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা বিহিত কৰা আৰু 

(ii) কোনো বিত্ত- আয়োগ গঠিত হোৱাৰ পিছত বিত্ত-আয়োগৰ চুপাৰিছ সমূহ বিবেচনা কৰি ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা বিহিত কৰা।

(গ) সংঘৰ উপলদ্ধিৰ অন্তৰ্গত হ’ব- ভাৰতৰ সঞ্চিত নিধিৰ পৰা দিবলগীয়া এনে সকলোবোৰ উপলদ্ধি আৰু অৱসৰ বেতন, যাৰ সম্বন্ধত আয়-কৰ আৰোপিত হ’ব পাৰে।

(২৭১) সংঘৰ বাবে কেতবোৰ কৰ আৰু শুল্কৰ ওপৰত লগোৱা অধিভাৰ- অনুচ্ছেদ ২৬৯ আৰু ২৭০ ত যিকোনো কথা থকা স্বত্বেও, সংসদে যিকোনো সময়তে সেই অনুচ্ছেদত নিৰ্দেশিত যিকোনো শুল্ক বা কৰ, সংঘৰ বাবে অধিভাৰ লগাই বৃদ্ধি কৰিব পাৰে আৰু এনে যিকোনো অধিভাৰৰ সমগ্ৰ আগম ভাৰতৰ সঞ্চিত নিধিৰ ভাগ বিশেষ হ’ব।   

(২৭২) সংঘৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত হোৱা আৰু সংঘ আৰু ৰাজ্যসমূহৰ মাজত ভগাই দিব পৰা এনে ধৰণৰ কৰ- সংঘ-সূচীত উল্লিখিত ঔষধীয় আৰু প্ৰসাধনীয় দ্ৰব্যত লগোৱা উত্পাদন শুল্কৰ বাহিৰে সংঘৰ উত্পাদন শুল্ক ভাৰত চৰকাৰৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত হ’ব, কিন্তু যদি সংসদে বিধিৰ দ্বাৰা এনে উপবন্ধ কৰে তেনেহ’লে যিবিলাক ৰাজ্যলৈ শুল্ক আৰোপণকাৰী বিধি বিস্তৃত হয় সেইবিলাক  ৰাজ্যলৈ ভাতৰ সঞ্চিত নিধিৰ পৰা সেই শুল্কৰ শুদ্ধ আগমৰ সংগ্ৰ বা কোনো অংশৰ সমপৰিমাণ ধনৰাশি দিয়া হ’ব আৰু সেই ধনৰাশি উক্ত ৰাজ্যসমূহৰ মাজত এনে বিধিৰ দ্বাৰা যথা সূত্ৰিত কৰা বিতৰণ নীতি অনুসৰি ভাগ কৰি দিয়া হ’ব।

(২৭৩) মৰাপাট আৰু মৰাপাটৰ পৰা উত্পন্ন বস্তুৰ ৰপ্তানি শুল্কৰ পৰিবৰ্তে অনুদান-  (১) মৰাপাট আৰু মৰাপাটৰ পৰা উত্পন্ন বস্তু ওপৰত ৰপ্তানি শুল্কৰ প্ৰত্যেক বছৰৰ শুল্ক আগমৰ কোনো অংশ অসম, বিহাৰ, উৰিষ্যা আৰু পশ্চিম বংগ ৰাজ্যক অৰ্পণ কৰাৰ পৰিৱৰ্তে সেই ৰাজ্যসমূহৰ বাবে ৰাজস্বৰ সাহাৰ্য-অনুদানৰ ৰূপত প্ৰত্যেক বছৰে ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত এনে ধনৰাশি ভাবিত হ’ব যিটোনেকি বিহিত কৰা হয়।

(২) যেতিয়ালৈকে মৰাপাট আৰু তাৰ পৰা উত্পন্ন বস্তুৰ ওপৰত কোনো ৰপ্তানি শুল্ক ভাৰত চৰকাৰৰ দ্বাৰা আৰোপিত হৈ থাকিব অথবা এই সংবিধান কাৰ্যকৰী হোৱা পৰা দহ বছৰ পাৰ নোহোৱা পৰ্যন্ত এই দুই বিকল্পৰ যিটোৱেই আগধৰি হ’ব, তেতিয়ালৈকে এইদৰে বিহিত ধনৰাশি ভাৰতৰ  সঞ্চিত নিধিৰ ওপৰত ভাবিত হৈয়েই থাকিব।

(৩) এই অনুচ্ছেদত বিহিত পদৰ অৰ্থ অনুচ্ছেদ ২৭০ ত থকা এই পদৰ অৰ্থৰ সৈতে একে হ’ব।

(২৭৪) ৰাজ্যসমূহৰ স্বাৰ্থ সংশ্লিষ্ট থকা কৰৰ ওপৰত প্ৰভাব পেলোৱা বিধেয়ক বিলাকত ৰাষ্ট্ৰপতিৰ পূৰ্ব চুপাৰিছ- (১) কোনো বিধেয়ক বা সংশোধন, যি ৰাজ্যসমূহৰ স্বাৰ্থ সংশ্লিষ্ট কোনো কৰ বা শুল্ক আৰোপ বা পৰিৱৰ্তন কৰে, অথবা যি ভাৰতীয়া আয়-কৰ সম্পৰ্কীয় অধিনিয়ম সমূহৰ প্ৰয়োজনৰ বাবে পৰিভাৱিত কৃষি আয় উপবন্ধসমূহৰ যি কোনোটোৰ অধীনত ৰাজ্যসমূহক ধন ভাগ কৰি দিয়া বা দিব পা নীতিসমূহক প্ৰভাৱিত কৰে, অথবা যি সংঘৰ প্ৰয়োজনৰ বাবে এই অধ্যায়ৰ বা পূৰ্বৱৰ্তী উপবন্ধসমূহত উল্লিখিত এনে কোনো অধিভাৰ আৰোপণ কৰে, তেনে বিধেয়ক বা সংশোধন সংসদৰ কোনোটো সদনতে ৰাষ্ট্ৰপতিৰ পূৰ্ব চুপাৰিছ বিনা উত্থাপিত বা প্ৰস্তাৱিত কৰিব নোৱাৰিব।

(২) এই অনুচ্ছেদত, ৰাজ্যসমূহৰ স্বাৰ্থ সংশ্লিষ্ট কৰ বা শুল্ক কথাফাঁকিৰ অৰ্থ- 

(ক) কোনো কৰ বা শুল্ক যাৰ শুদ্ধ আগমৰ সমগ্ৰ বা অংশ বিশেষ কোনো ৰাজ্যত অৰ্পিত হয়, অথবা

(খ) কোনো কৰ বা শুল্ক যাৰ শুদ্ধ আগমৰ প্ৰতি লক্ষ্য ৰাখি কোনো ৰাজ্যক ভাৰতৰ সঞ্চিত নিধিৰ পৰা সাময়িকভাৱে ধনৰাশি দিবলগীয়া হয়।

(২৭৫) কিছুমান ৰাজ্যলৈ সংঘৰ পৰা অনুদান- (১) এনে ধনৰাশি যিবিলাক নেকি সংসদে বিধিৰ দ্বাৰা উপবন্ধিত কৰে এনেবিলাক ৰাজ্যৰ ৰাজস্বৰ সাহাৰ্য-অনুদান ৰূপে প্ৰতিবছৰে ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাবিত হ’ব যিবিলাক ৰাজ্যক সংসদে সহায়ভাৱে আৱশ্যকতা থকা বুলি নিৰ্ধাৰিত কৰে, আৰু ভিন ভিন ৰাজ্যৰ বাবে ভিনি ভিন ধনৰাশি নিয়ত কৰিব পাৰে-

পৰন্তু, ভাৰতৰ সঞ্চিত নিধিৰ পৰা কোনো ৰাজ্যৰ ৰাজস্ব সাহাৰ্য অনুদান ৰূপে এনে মূলধন আৰু আৱৰ্তক ধনৰাশি দিয়া হ’ব যিখিনি সেই ৰাজ্যক এনেকুৱাবিলাক বিকাশ যোজনাৰ খৰচ বহন কৰিবৰ কাৰণে সমৰ্থবান কৰিবলৈ আৱশ্যক হয় যিবিলাক যোজনা সেই ৰাজ্যৰ অনুসূচিত জনজাতিসকলৰ কল্যাণ বৰ্ধনৰ প্ৰয়োজনৰ বাবে অথবা সেই ৰাজ্যৰ অনুসূচিত ক্ষেত্ৰৰ প্ৰশাসনীয় মান সেই ৰাজ্যৰ বাকী অঞ্চলৰ সমপৰ্যায়লৈ উন্নীত কৰাৰ প্ৰয়োজনৰ বাবে ভাৰত চৰকাৰৰৰ অনুমোদন ক্ৰমে সেই ৰাজ্যখনে হাতত লয়-

অধিবন্ধ, ভাৰতৰ সঞ্চিত নিধিৰ পৰা অসম ৰাজ্যক ৰাজস্বৰ সাহাৰ্য-অনুদান ৰূপে এনে মূলধন আৰু আৱৰ্তক ধনৰাশি দিয়া হ’ব, যাৰ পৰিমাণ- 

(ক) ষষ্ঠ অনুসূচীৰ বিশ দফাত সংলগ্ন তালিকাৰ (ভাগ-১)ত বিনিৰ্দিষ্ট জনজাতি ক্ষেত্ৰৰ প্ৰশাসনৰ সম্বন্ধত এই সংবিধানৰ প্ৰাৰম্ভণিৰ  অব্যৱহিত পূৰ্বে দুবচৰৰ ভিতৰত ৰাজস্বৰ ওপৰত হোৱা অতিৰিক্ত ব্যয়ৰ গড়ৰ সমান হয়, আৰু 

(খ) উক্ত ক্ষেত্ৰ বিলাকৰ প্ৰশাসনীয় মান সেই ৰাজ্যৰ বাকী অঞ্চলৰ সমপৰ্যায়লৈ  উন্নীত কৰাৰ প্ৰয়োজনৰ বাবে ভাৰত চৰকাৰৰ অনুমোদনক্ৰমে সেই ৰাজ্যৰ চৰকাৰৰ দ্বাৰা হাতত লোৱা বিকাশ যোজনাৰ খৰচৰ সমান হয়। 

অনুচ্ছেদ ২৪৪-ক ৰ অধীনত স্বায়ত্ব শাসিত ৰাজ্যখন গঠিত হ’লে আৰু হোৱাৰ পৰা-

(i) খণ্ড(১)ৰ দ্বিতীয় পৰন্তুকৰ খণ্ড-(ক) ৰ অধীনত দিবলগীয়া যিকোনো ধনৰাশি, যদি সেই খণ্ডত নিৰ্দেশিত সকলোবোৰ জনজাতি ক্ষেত্ৰ স্বায়ত্ব শাসিত ৰাজ্যখনত সমাবিষ্ট হয়, তেনেহ’লে স্বায়ত্বশাসিত ৰাজ্য়খনক দিয়া হ’ব আৰু যদি সেই জনজাতি ক্ষেত্ৰসমূহৰ কিছুমানহে স্বায়ত্বশাসিত ৰাজ্যখনত সমাবিষ্ট হয়, তেনেহ’লে ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা যথা বিনিৰ্দিষ্ট কৰা অনুসৰি অসম ৰাজ্য আৰু স্বায়ত্ব শাসিত ৰাজ্যখনৰ মাজত বিভাজিত হ’ব।

(ii) ভাৰতৰ সঞ্চিত নিধিৰ পৰা স্বায়ত্ব শাসিত ৰাজ্যখনৰ ৰাজস্বৰ সাহাৰ্য অনুদানৰূপে এনে মূলধন আৰু আৱৰ্তক ধনৰাশি দিয়া হ’ব। যাৰ পৰিমাম সেই ৰাজ্যৰ প্ৰশাসনীয় মান অসম ৰাজ্যৰ বাকী অঞ্চলৰ সমপৰ্যায়লৈ উন্নীত কৰাৰ প্ৰয়োজনৰ বাবে ভাৰত চৰকাৰৰ অনুমোদন ক্ৰমে স্বায়ত্ব শাসিত ৰাজ্যখনৰ দ্বাৰা হাতত লোৱা বিকাশ-যোজনাৰ খৰচৰ সমান হয়।

(২) যেতিয়ালৈকে খণ্ড(১)ৰ অধীনত সংসদৰ দ্বাৰা উপবন্ধ কৰা নহয়, তেতিয়ালৈকে সেই খণ্ডৰ অধীনত সংসদৰ ওপৰত প্ৰদত্ত ক্ষমতা সমূহ ৰাষ্ট্ৰপতিৰ দ্বাৰা দিয়া আদেশৰ দ্বাৰা প্ৰয়োগযোগ্য হ’ব আৰু এই খণ্ডৰ অধীনত ৰাষ্ট্ৰপতিৰ দ্বাৰা দিয়া যিকোনো আদেশ, সংসদৰ দ্বাৰা তেনেদৰে প্ৰস্তুত যিকোনো উপবন্ধ সাপেক্ষেহে প্ৰভাৱী হ’ব।

পৰন্তু, কোনো বিত্ত-আয়োগ গঠিত হোৱাৰ পিচত সেই বিত্ত-আয়োগৰ চুপাৰিছ সমূহ বিবেচনা কৰি দিয়া ব্যতিৰেকে এই খণ্ডৰ অধীনত ৰাষ্ট্ৰতিৰ দ্বাৰা কোনো আদেশ দিয়া নহ’ব।

(২৭৬) বৃত্তি, বেপাৰ, আজীৱিকা আৰু চাকৰিৰ ওপৰত লগোৱা কৰ– (১) অনুচ্ছেদ ২৪৬ ত যিকোনো কথা থকা স্বত্বেও ৰাজ্য বা তদন্তৰ্গত পৌৰসভা, জিলাবোৰ্ড, স্থানীয়বোৰ্ড বা আন স্থানীয় প্ৰাধিকাৰীৰ উপকাৰাৰ্থে কোনো বিধান মণ্ডলে বৃত্তি, বেপাৰ, আজীৱিকা বা চাকৰিৰ ওপৰত লগোৱা কৰ সম্বন্ধীয় বিধান এই আধাৰৰ ওপৰত অবিধিমান্য নহ’ব যে সেই বিধান আয়ৰ ওপৰত লগোৱা কৰ সম্পৰ্কীয় হয়।

(২) কোনো এক ব্যক্তিয়ে ৰাজ্যক অথবা তত্ৰস্থ কোনো এখন পৌৰসভা, জিলাবোৰ্ড, স্থানীয় বোৰ্ড বা আন স্থানীয় প্ৰাধিকাৰীক বৃত্তি, বেপাৰ, আজীৱিকা আৰু চাকৰিৰ সম্বন্ধত দিবলগীয়া কৰৰ মুঠ পৰিমাণ বছৰত (দুহাজাৰ পাঁচশ টকা)তকৈ অধিক নহ’ব। 

(৩) কোনো ৰাজ্যৰ বিধান মণ্ডলৰ বৃত্তি, বেপাৰ, আজীৱিকা আৰু চাকৰিৰ ওপৰত কৰ আৰোপণ সম্বন্ধে উপৰোক্ত মতে বিধি প্ৰণয়ন কৰাৰ  ক্ষমতাই বৃ্ত্তি, বেপাৰ, আজীৱিকা আৰু চাকৰিৰ পৰা প্ৰোদভূত বা উদ্ভুত কোনো আয়ৰ ওপৰত কৰ আৰোপণ কৰা সম্বন্ধত সংসদৰ বিধি প্ৰণয়.ন কৰা  ক্ষমতাক কোনো প্ৰকাৰে সীমাবদ্ধ কৰে বুলি অৰ্থ নকৰিব।

(২৭৭) ব্যাবৃত্তি- যি কৰ, শুল্ক  উপকৰ বা মাচুল এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে কোনো ৰাজ্যৰ চৰকাৰৰ বা কোনো পৌৰসভা বা আনস্থানীয় প্ৰাধিকাৰী বা নিকায়ৰ দ্বাৰা সেই ৰাজ্য, পৌৰসভা, জিলা বা আন স্থানীয় ক্ষেত্ৰৰ প্ৰয়োজনৰ বাবে বিধিগত ভাৱে আৰোপিত হৈছিল, সেই কৰ, শুল্ক, উপকৰ বা মাচুল সংঘ সূচীত উল্লিখি হোৱা স্বত্বেও সংসদে বিধিৰ দ্বাৰা ইয়াৰ বিপৰীত উপবন্ধ নকৰালৈকে আগৰ দৰে আৰোপিত আৰু সেই প্ৰয়োজনৰ বাবে প্ৰয়োগ হৈ থাকিব।

(২৭৮) (কোনো কোনো বিত্তীয় বিষয়ৰ সম্পৰ্কত প্ৰথম অনুসূচীৰ খ ভাগৰ ৰাজ্যসমূহৰ লগত কৰাৰ) সংবিধান(সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা নিৰসিত।

(২৭৯) ‘শুদ্ধ আগম’ আদিৰ গণনা- (১) এই অধ্যায়ৰ পূৰ্বোক্ত উপবন্ধত কোনো কৰ বা শুল্কৰ সম্পৰ্কত ‘শুদ্ধ আগম’ মানে সংগ্ৰহ কৰা ব্যয় বাদে কৰ বা শুল্কৰ পৰা পোৱা আগম আৰু সেই উপবন্ধসমূহৰ প্ৰয়োজনৰ বাবে কোনো ক্ষেত্ৰৰ ভিতৰত বা তাৰ পৰা পোৱা বুলি ধৰা যি কোনো কৰ বা শুল্কৰ শুদ্ধ আগম বা যি কোনো কৰ বা শুল্কৰ কোনো অংশৰ শুদ্ধ আগম ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ দ্বাৰা অভিনিশ্চিত আৰু প্ৰমাণিত হ’ব লাগিব আৰু তেওঁৰ প্ৰমাণ পত্ৰই চূড়ান্ত হ’ব।

(২) উপৰোক্ত উপবন্ধ, আৰু এই অধ্যায়ৰ আন যিকোনো সুস্পষ্ট উপবন্ধাধীনে এই ভাগৰ অধীনত কোনো ৰাজ্যক কোনো শুল্কৰ বা কৰৰ আগম দিয়া বা দিব পৰা বিষয়ত, সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিত অথবা ৰাষ্ট্ৰপতিৰ কোনো আদেশত আগম সমূহ গণনা কৰাৰ ৰীতি, কোন সময়ত বা সয়ৰ পৰা আৰু কি ৰীতি অনুসৰি তাক আদায় কৰিব লাগিব সেই সময় আৰু ৰীতি, কিদৰে এক বিত্তীয়  বছৰৰ লগত আন এটা বিত্তীয় বছৰৰ হিচাপ-পত্ৰ ঠিক-ঠাক কৰিব পাৰি সেই বিষয়ে আৰু অন্যান্য প্ৰাসংগিক আৰু সহায়ক বিষয়ৰ উপবন্ধ কৰিব পাৰে। 

(২৮০) বিত্ত আয়োগ- (১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা দুই বছৰৰ ভিতৰত আৰু তাৰ পাছতো প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে অথবা ৰাষ্ট্ৰপতিয়ে আৱশ্যক বুলি বিবেচনা কৰিলে ইয়াৰ আগতেই ৰাষ্ট্ৰপতিৰ আদেশৰ দ্বাৰা এটা বিত্ত-আয়োগ গটন কৰিব আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন সভাপতি আৰু চাৰিজন আন সদস্যৰে সেই আয়োগ গঠিত হ’ব।

(২) সংসদে বিধিৰ দ্বাৰা, আয়োগৰ সদস্যৰূপে নিযুক্ত হ’বৰ কাৰণে আপেক্ষিত অৰ্হতাসমূহ আৰু সদস্যসকলৰ বাছনিৰ ৰীতি নিৰ্ধাৰিত কৰিব পাৰে। 

(৩) আয়োগৰ কৰ্তব্য হ’ব- 

(ক) যিবোৰ কৰৰ শুদ্ধ আগম এই অধ্যায়ৰ অধীনত সংঘ আৰু ৰাজ্যসমূহৰ মাজত বিভাজিত হ’ব লাগে বা হয় সেইবোৰ কৰৰ শুদ্ধ আগম সংঘ আৰু ৰাজ্যসমূহৰ মাজত বিতৰণ সম্পৰ্কে আৰু ৰাজ্যসমূহৰ মাজত এনেকুৱা আগমৰ নিজ নিজ অংশৰ বাটোৱাৰা সম্পৰ্কে,

(খ) ভাৰতৰ সঞ্চিত নিধিৰ পৰা ৰাজ্য বিলাকৰ ৰাজস্ব সাহাৰ্য-অনুদান কৰোতে পালনীয় নীতি সমূহৰ সম্পৰ্কে

(খ-খ) ৰাজ্যৰ বিত্ত আয়োগৰ দ্বাৰা কৃত চুপাৰিছ সমূহৰ ভিত্তিত ৰাজ্যৰ পঞ্চায়তসমূহৰ সম্পদৰাজিৰ অনু পূৰণ কৰিবলৈ কোনো ৰাজ্যৰ সঞ্চিত নিধি বৰ্ধিত কৰিবলৈ আৱশ্যকীয় ব্যৱস্থাসমূহৰ বিষয়ত

(গ) ৰাজ্যৰ বিত্ত আয়োগৰ দ্বাৰা কৃত চুপাৰিছসমূহৰ ভিত্তিত ৰাজ্যৰ পৌৰসভাসমূহৰ সম্পদৰাজিৰ অনু পূৰণৰ বাবে কোনো ৰাজ্যৰ সঞ্চিত নিধি বৰ্ধিত কৰিবলৈ  আৱশ্যকীয় ব্যৱস্থাসমূহৰ বিষয়ত।

(ঘ) সচ্ছল বিত্তৰ স্বাৰ্থৰ হেতু ৰাষ্ট্ৰপতিৰ দ্বাৰা আয়োগলৈ নিৰ্দেশিত আন যিকোনো বিষয় সম্পৰ্কে ৰাষ্ট্ৰপতিলৈ চুপাৰিছসমূহ দিয়া।

(৪) বিত্ত আয়োগে তেওঁলোকৰ প্ৰক্ৰিয়া নিজে নিৰ্দ্ধাৰণ কৰিব আৰু তেওঁলোকৰ কৃত্য সম্পাদন বিষয়ত সংসদে বিধিৰ দ্বাৰা যি ক্ষমতা প্ৰদান কৰে সেই ক্ষমতাৰ অধিকাৰী হব।

(২৮১) বিত্ত আয়োগৰ চুপাৰিছসমূহ- ৰাষ্ট্ৰপতিয়ে এই সংবিধানৰ উপবন্ধ অনুসৰি বিত্ত আয়োগৰ দ্বাৰা কৰা প্ৰত্যেকটো চুপাৰিছ, চুপাৰিছ সম্পৰ্কে লোৱা কাৰ্যৰ ব্যাখ্যাসূচক জ্ঞাপনৰ সৈতে সংসদৰ প্ৰত্যেকটো সদনতে দিয়াব।

বিধি বিত্তীয় উপবন্ধসমূহ

(২৮২) সংঘ বা ৰাজ্যৰ দ্বাৰা নিজৰ ৰাজস্বৰ পৰা কৰিবলগীয়া ব্যয়- সংঘ বা ৰাজ্যই যিকোনো সাৰ্বজনিক প্ৰয়োজনৰ বাবে যিকোনো অনুদান দিব পাৰিব, যদিওবা সেই প্ৰয়োজনটো এনে এক প্ৰয়োজন নহয় যাৰ সম্পৰ্কত সংসদে বা যথাস্থিতি সেই ৰাজ্যৰ বিধান মণ্ডলে বিধি প্ৰণয়ন কৰিব পাৰে।

(২৮৩) সঞ্চিত নিধি, আকস্মিকতা নিধি আৰু লোকলেখাত জমা কৰা ধনৰ অভিৰক্ষা ইত্যাদি-

(১) ভাৰতৰ সঞ্চিত নিধি আৰু আকস্মিকতা নিধিৰ অভিৰক্ষা, এনে নিধিত ধন জমা দিয়া, তাৰ পৰা ধন উলিওৱা, ভাৰত চৰকাৰৰ দ্বাৰা বা হকে প্ৰাপ্ত আৰু উক্ত ধৰণৰ নিধিত জমা কৰা ধনৰ বাহিৰে আন ৰাজহুৱা ধনৰ অভিৰক্ষা, ভাৰতৰ লোকলেখালৈ সেই ধন দিয়া আৰু তেনে লেখাৰ পৰা ধন উলিওৱা আৰু পূৰ্বোক্ত বিষয়ৰ সৈতে সংযুক্ত বা তাৰ সহায়ক আন সকলো বিষয়ৰ বিনিয়মন সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা হ’ব আৰু যেতিয়ালৈকে সেই মৰ্মে উপবন্ধ প্ৰস্তুত কৰা নহয়, তেতিয়ালৈকে ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰণীত নিয়মাৱলীৰ দ্বাৰা বিনিয়মিত হ’ব।

(২) ৰাজ্যৰ সঞ্চিত নিধি আৰু আকস্মিকতা নিধিৰ অভিৰক্ষা, এনে নিধিত জমা দিয়া, তাৰ পৰা ধন উলিওৱা. ৰাজ্য চৰকাৰৰ দ্বাৰা বা হকে প্ৰাপ্ত আৰু উক্ত ধৰণৰ নিধিত জমা কৰা ধনৰ বাহিৰে আন ৰাজহুৱা ধনৰ অভিৰক্ষা, ৰাজ্যখনৰ লোকলেখালৈ সেই ধন দিয়া আৰু তেনে লেখাৰ পৰা ধন উলিওৱা আৰু পূৰ্বোক্ত বিযয়ৰ সৈতে সংযুক্ত বা তাৰ সহায়ক আন সকলো বিষয়ৰ বিনিয়মন বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা হ’ব আৰু যেতিয়ালৈকে সেই মৰ্মে উপবন্ধ প্ৰস্তুত কৰা নহয়, তেতিয়ালৈকে ৰাজ্যখনৰ ৰাজ্যপালৰ দ্বাৰা প্ৰণীত নিয়মাৱলীৰ দ্বাৰা সেইবোৰ বিনিয়মিত হ’ব।

২৮৪) লোকসেৱক আৰু ন্যায়লয়ৰ দ্বাৰা প্ৰাপ্ত বাদীসকলৰ দ্বাৰা গচ্ছিত ধন আৰু অন্যান ধনৰ অভিৰক্ষা- (ক) যথাস্থিতি ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰৰ দ্বাৰা সংগৃহীত বা প্ৰাপ্ত কৰা ৰাজস্ব কিম্বা ৰাজহুৱা ধনৰ বাহিৰে সংঘ বা ৰাজ্যৰ কামত নিযুক্ত কোনো পদাধিকাৰীৰ দ্বাৰা তেওঁৰ সেই ক্ষমতাত প্ৰাপ্ত বা তেওঁৰ ওচৰত গচ্ছিত সকলো ধন, যথাস্থিতি, ভাৰতৰ লোক লেখাত বা ৰাজ্যৰ লোক লেখাত জমা হ’ব।

২৮৫) ৰাজ্যৰ কৰ আৰোপণৰ পৰা সংঘৰ সম্পত্তি ৰেহাই- (১) সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰা পৰ্যন্ত সংঘৰ সম্পত্তি কোনো ৰাজ্যৰ বা ৰাজ্যৰ অন্তৰ্গত যিকোনো প্ৰাধিকাৰীৰ দ্বাৰা আৰোপিত কৰৰ পৰা মুক্ত হ’ব।

(২) সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰালৈকে, খণ্ড(১)ৰ একোৱেই কোনো ৰাজ্যৰ অন্তৰ্গত যিকোনো প্ৰাধিকাৰীকেই সংঘৰ যিকোনো সম্পত্তিৰ ওপৰত কৰ লগোৱাত বাধা নিদিব যদিহে এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে সেই সম্পত্তিত কৰ আৰোপনীয় আছিল বা কৰ আৰোপনীয় বুলি ধৰা আছিল আৰু যেতিয়ালৈকে উক্ত কৰ সেই ৰাজ্যৰ ভিতৰত আৰোপনীয় হৈ থাকে।

(২৮৬) বস্তুৰ ক্ৰয় বা বিক্ৰয়ৰ ওপৰত কৰ আৰোপণৰ বিষয়ে নিৰ্বন্ধন- (১) কোনো ৰাজ্যৰ বিধিয়ে বস্তুৰ ক্ৰয় বা বিক্ৰয়ৰ ওপৰত কৰ আৰোপণ নকৰিব বা কৰ আৰোপৰ অধিকাৰ প্ৰদান নকৰিব, যেতিয়া নেকি এই ক্ৰয় বা বিক্ৰ.—

(ক) ৰাজ্যৰ বাহিৰত হয়; বা

(খ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰলৈ বা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ পৰা বাহিৰলৈ বস্তুৰ আমদানি অথবা ৰপ্তানি কৰাৰ সময়ত হয়।

(২) খণ্ড (১)ত বৰ্ণিত প্ৰকাৰ সমূহৰ যিকোনোটো প্ৰকাৰে কোনো বস্তুৰ বিক্ৰয় বা ক্ৰয় কেতিয়া হয় সেইটো নিৰ্দ্ধাৰণ কৰিবৰ বাবে সংসদে বিধিৰ দ্বাৰা নীতি সূত্ৰিত কৰিব পাৰে।

(৩) যেতিয়া নেকি কোনো ৰাজ্যৰ যিকোনো বিধিয়ে—

(ক) আন্তঃৰাজ্যিক বেপাৰ বা বাণিজ্যত সংসদে বিধিৰ দ্বাৰা বিশেষ মহত্ব পূৰ্ণ বুলি ঘোষিত কৰা কোনো পণ্যৰ ক্ৰয় বা বিক্ৰয়ৰ ওপৰত কোনো কৰ আৰোপ কৰে বা আৰোপণ কৰিবলৈ প্ৰাধিকৃত কৰে; অথবা

(খ) পণ্যৰ ক্ৰয় বা বিক্ৰয় ওপৰত এনে কৰ আৰোপণ কৰে বা আৰোপণ কৰিবলৈ প্ৰাধিকৃত কৰে যিবিলাক অনুচ্ছেদ ৩৬৬ৰ খণ্ড(২৯ক) ৰ উপখণ্ড (খ), উপখণ্ড(গ) বা উপখণ্ড(ঘ)ত উল্লিখিত প্ৰকৃতিৰ কৰ হয়; তেতিয়া তেনে কৰৰ উদগ্ৰহণ পদ্ধতি, নিৰিখ আৰু অন্যান প্ৰসংগতিৰ সম্বন্ধত সেই বিধি এনেকুৱা নিৰ্বন্ধন আৰু চৰ্ত সমূহৰ অধীন হ’ব যিবিলাকনেকি সংসদে বিধিৰ দ্বাৰা বিৰ্নিদিষ্ট কৰি দিয়ে।

২৮৭) বিদ্যুতৰ ওপৰত কৰ ৰেহাই- যেতিয়ালৈকে সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰে, ৰাজ্যৰ কোনো বিদ্যুতৰ (চৰকাৰৰ দ্বাৰা উত্পাদিত হওক বা আন ব্যক্তিৰ দ্বাৰাই উত্পাদিত হওক) বিক্ৰয় বা ব্যৱহাৰৰ ওপৰত কৰ আৰোপণ নকৰিব বা কৰ আৰোপণৰ প্ৰাধিকাৰ নিদিব যি বিদ্যুত—

(ক) ভাৰত চৰকাৰৰ দ্বাৰা ব্যৱহৃত হয়, কিম্বা ভাৰত চৰকাৰক সেই চৰকাৰৰ ব্যৱহাৰৰ বাবে বিক্ৰী কৰা হয়; বা

(খ) ভাৰত চৰকাৰৰ দ্বাৰা বা ৰেল বিভাগে পৰিচালনা কৰা কোনো ৰেলৱে কোম্পানীৰ দ্বাৰা ৰেল পথৰ নিৰ্মাণ, পৰিপালন বা পৰিচালনাৰ কামত ব্যৱহাৰ হয়, কিম্বা সেই চৰকাৰৰ ওচৰত বা তেনে কোনো ৰেলৱেৰ কেম্পানীৰ ওচৰত কোনো ৰেলপথৰ নিৰ্মাণ, পৰিচালনা বা পৰিপালন কৰাত ব্যৱহাৰৰ বাবে বিক্ৰী কৰা হয়।

আৰু বিদ্যুত বিক্ৰয়ৰ ওপৰত কৰ আৰোপণকাৰী বা কৰ আৰোপণৰ প্ৰাধিকাৰ প্ৰদানকাৰী

এনে কোনো বিধিয়ে এইটো সুনিশ্চিত কৰিব যাতে ভাৰত চৰকাৰৰ ব্যৱহাৰৰ কাৰণে উক্ত চৰকাৰৰ ওচৰত বিক্ৰী কৰা বিদ্যুতৰ মূল্য বা উপৰোক্ত বিধিৰ কোনো ৰেলৱে কোম্পানীৰ ওচৰত কোনো ৰেলৱেৰ নিৰ্মাণ, পৰিপালন অথবা পৰিচালনাৰ বাবে বিক্ৰী কৰা বিদ্যুতৰ মূল্য যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা আন গ্ৰাহকৰ পৰা লোৱা মূল্যতকৈ কৰৰ পৰিমাণ বাদ দিলে যিমান হয় সিমানেই হ’ব।

(২৮৮) কোনো কোনো ক্ষেত্ৰত পানী বা বিদ্যুতৰ সম্বন্ধত ৰাজ্যৰ দ্বাৰা আৰোপিত কৰৰ পৰা ৰেহাই- (১) ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা অন্যথা উপবন্ধ নকৰিলে, এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বলৈকে বলবত্ থকা কোনো ৰাজ্যৰ বিধিয়ে কোনো আন্তঃৰাজ্যিক নদী বা নদীৰ উপত্যকাক নিয়ন্ত্ৰণ কিম্বা উন্নত কৰাৰ অৰ্থে থকা কোনো বিধিৰ দ্বাৰা অথবা সংসদে প্ৰণয়ন কৰা কোনো বিধিৰ দ্বাৰা স্থাপিত হোৱা কোনো প্ৰাধিকাৰীৰ দ্বাৰা সঞ্চিত, উত্পাদিত, ব্যৱহৃত বা বণ্টিত বা বিক্ৰিত কোনো পানী বা বিদ্যুতৰ সম্বন্ধত কোনো কৰ আৰোপ নকৰিব কিম্বা কৰ আৰোপণৰ প্ৰাধিকাৰ প্ৰদান নকৰিব।

স্পষ্টীকৰণ- এই খণ্ডত ‘’বলবত্ থকা কোনো ৰাজ্যৰ বিধি”  কথা ফাকিয়ে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে পাৰিত বা প্ৰণীত হোৱা আৰু পূৰ্বে নিৰসিত নোহোৱা ৰাজ্যৰ যিকোনো বিধিকেই বুজাব যদিওবা সেই বিধি বা তাৰ কোনো ভাগ বিশেষ সেই সময়ত ৰাজ্যৰ সকলোতে বা কোনো বিশেষ ক্ষেত্ৰত বলবত্ নাথাকিবও পাৰে।

(২) কোনো ৰাজ্যৰ বিধানমণ্ডলে বিধিৰ দ্বাৰা খণ্ড (১)ত উল্লিখিত যিকোনো কৰ আৰোপণ কৰ আৰোপণ কৰিব বা আৰোপণ কৰাৰ প্ৰাধিকাৰ দিব পাৰে, কিন্তু এনে কোনো বিধিৰ কোনো প্ৰভাৱ নাথাকিব যদিহে ৰাষ্ট্ৰপতিৰ বিবেচনাৰ্থে ৰক্ষিত হৈ তেওঁৰ অনুমতি লাভ নকৰে আৰু যদি এনে কোনো বিধিয়ে কোনো প্ৰাধিকাৰীৰ দ্বাৰা সেই বিধিৰ অধীনত প্ৰস্তুত হবলগীয়া নিয়ম বা আদেশৰ জৰিয়তে সেই কৰৰ হাৰ আৰু অন্যান প্ৰাসংগিকতা নিয়ত কৰাৰ উপবন্ধ কৰে, তেনেহ’লে সেই বিধিয়ে এনে কোনো নিয়ম প্ৰস্তুত কৰিবলৈ বা আদেশ দিবলৈ হ’লে ৰাষ্ট্ৰপতিৰ পূৰ্ব সন্মতি লোৱাৰ উপবন্ধ কৰিব।

(২৮৯) সংঘৰ কৰ আৰোপণৰ পৰা ৰাজ্যৰ আয় আৰু সম্পত্তিৰ ৰেহাই- (১) ৰাজ্যৰ আয় আৰু সম্পত্তি সংঘৰ কৰ আৰোপণৰ পৰা ৰেহাই পাব।

(২) খণ্ড (১)ৰ যিকোনো কথাই, কোনো ৰাজ্য চৰকাৰৰ দ্বাৰা বা হকে কৰা যিকোনো প্ৰকাৰৰ বেপাৰ বা কাৰবাৰৰ সম্বন্ধত অথবা সেই সম্পৰ্কিত কোনো কাৰ্যৰ সম্বন্ধত অথবা তেনে বেপাৰ বা কাৰবাৰৰ প্ৰয়োজনাৰ্থে ব্যৱহৃত বা অধিকৃত কোনো সম্পত্তিৰ সম্বন্ধত, সংসদে বিধিৰ দ্বাৰা যথা উপবন্ধিত কৰা বিস্তৃতি পৰ্যন্ত কোনো কৰ যদি থাকে, আৰোপণ কৰাৰ পৰা অথবা আৰোপণ কৰিবলৈ প্ৰাধিকৃত কৰাৰ পৰা সংঘক বাধা নিদিয়ে।

(৩) সংসদে বিধিৰ দ্বাৰা, চৰকাৰৰ সাধাৰণ কাৰ্যাৱলীৰ প্ৰাসংগিক বুলি ঘোষণা কৰা কোনো বেপাৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত বা কোনো শ্ৰেণীৰ বেপাৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত খণ্ড (২)ৰ কোনো কথাই প্ৰয়োগ নহব।

(২৯০) কিছুমান ব্যয় আৰু অৱসৰ বেতন সম্পৰ্কে সমাযোজনা- যেতিয়ানেকি এই সংবিধানৰ উপবন্ধৰ অধীনত কোনো ন্যায়লয়ৰ বা আয়োগৰ ব্যয় সমূহ বা এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে ভাৰতত সম্ৰাটৰ অধীনত অথবা  এনে প্ৰাৰম্ভণিৰ প্ৰশ্চাত, সংঘৰ বা কোনো এখন ৰাজ্যৰ কাৰ্যৰ সম্পৰ্কত সেৱা কৰা কনো ব্যক্তিক বা তেওঁৰ সম্বন্ধত দিব লগা অৱসৰ বেতন ভাৰতৰ সঞ্চিত নিধি নাইবা ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত হব তেতিয়া, যদি—

(ক)ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰ পৰা ক্ষেত্ৰত, ন্যায়লয় বা আয়োগে কোনো ৰাজ্যৰ পৃথক আৱশ্যকতা সমূহৰ কোনটো পূৰণ কৰে বা সেই ব্যক্তিয়ে সম্পূৰ্ণভাৱে বা আংশিক ভাবে কোনো এখন ৰাজ্যৰ কাৰ্যৰ সম্পৰ্কত সেৱা কৰে; অথবা

(খ) কোনো এখন ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰ পৰা ক্ষেত্ৰত, ন্যায়লয় বা আয়োগে সংঘ বা আন এখন ৰাজ্যৰ পৃথক আৱশ্যকতা সমূহৰ কোনটো পূৰণ কৰে বা সেই ব্যক্তিয়ে সম্পূৰ্ণভাৱে বা আংশিক ভাৱে সংঘ বা আন এখন ৰাজ্যৰ কাৰ্যৰ সম্পৰ্কত সেৱা কৰে,

তেনেহ’লে যথাস্থিতি মতে, সেই ৰাজ্যৰ সঞ্চিত নিধি বা ভাৰতৰ সঞ্চিত নিধি নাইবা আনখন ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত সেই ব্যয় বা অৱসৰ বেতনৰ সম্বন্ধত এনেকুৱা অংশদানৰ ভাৰ পৰিব আৰু সেই নিধিৰ পৰা দিব লাগিব যি অংশ নেকি কৰাৰ কৰা হয় অথবা কৰাৰৰ অবিহনে ভাৰতৰ মুখ্য ন্যায়ধিপতিৰ দ্বাৰা নিযুক্ত মধ্যস্থই নিৰ্দ্ধাৰণ কৰে।

২৯০)(ক) কিছুমান দেৱাস্বম নিধিলৈ বাৰ্ষিক শোধন- ছয়চল্লিছ লাখ পঞ্চাশ হাজাৰ টকাৰ এক ৰাশিৰ প্ৰত্যেক বছৰে কেৰেলা ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰ পৰিব আৰু ত্ৰিবাংকুৰ দেৱাস্বম নিধিক সেই টকা তাৰ পৰা শোধ কৰিব লাগিব আৰু তেৰ লাখ পঞ্চাশ হাজাৰ টকাৰ এক ৰাশিৰ প্ৰত্যেক বছৰে তামিলনাডু ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰ পৰিব আৰু ১৯৫৬ চনৰ নৱেম্বৰৰ পহিলা দিনৰ দিনা ত্ৰিবাংকুৰ-কোচিন ৰাজ্যৰ পৰা সেই ৰাজ্যলৈ হস্তান্তৰিত হোৱা ৰাজ্যক্ষেত্ৰত থকা হিন্দু মন্দিৰ আৰু প্ৰবিত্ৰ স্থান সমূহৰ সংৰক্ষণ কৰিবলৈ সেই ৰাজ্যত স্থাপিত দেৱাস্বম নিধিক সেই টকা তাৰ পৰা শোধ কৰিব লাগিব।

(২৯১) নিৰসিত

দ্বিতীয় অধ্যায়

ধাৰলোৱা

২৯২) ভাৰত চৰকাৰৰ দ্বাৰা ধাৰ গ্ৰহণ- সংসদে বিধিৰস দ্বাৰা সময়ে সময়ে যথা নিয়ত কৰি দিয়া পৰিসামাৰ ভিতৰত, যদি তেনে কোনো পৰিসীমা থাকে, ভাৰতৰ সঞ্চিত নিধিৰ প্ৰতিভূতিৰ ওপৰত ধাৰ লোৱালৈকে আৰু তেনেদৰে যথা নিয়ত কৰা পৰিসীমাৰ ভিতৰত, যদি তেনে কোনো পৰিসীমা থাকে, প্ৰত্যাভূতি দিয়ালৈকে সংঘৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত হৈছে। 

(২৯৩) ৰাজ্যসমূহৰ দ্বাৰা ধাৰ গ্ৰহণ- (১) কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা সময়ে সময়ে যথা নিয়ত কৰি দিয়া পৰিসীমাৰ ভিতৰত যদি তেনে কোনো পৰিসীমা থাকে, প্ৰত্যাভূতি দিয়ালৈকে এই অনুচ্ছেদৰ উপবন্ধ সাপেক্ষে কোনো এখন ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত হৈছে।

(২) সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা বা অধীনত বান্ধি দিয়া চৰ্ত সাপেক্ষে ভাৰত চৰকাৰে কোনো ৰাজ্যক ধাৰ দিব পাৰে বা যেতিয়ালৈকে অনুচ্ছেদ ২৯২ৰ দ্বাৰা নিয়ত কোনো পৰিসীমা অতিক্ৰম কৰা নহয়, তেতিয়ালৈকে কোনো ৰাজ্যই ধাৰ গ্ৰহণ কৰা সম্পৰ্কত প্ৰত্যাভূতি দিব পাৰে আৰু এনে ধাৰ দিবৰ কাৰণে যি ধন লাগে তাৰ ভাৰ ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত পৰিব।

(৩) ভাৰত চৰকাৰে বা ইয়াৰ পূৰ্বৱৰ্তী কোনো ৰাজ্যৰ হাতত দিয়া  অথবা ভাৰত চৰকাৰে বা ইয়াৰ পূৰ্বৱৰ্তী চৰকাৰে প্ৰত্যাভূতি দিয়া কোনো ধাৰৰ কোনো অংশ যদি অদ্যাৱধি অশোধিত হৈ থাকে, তেনেহ’লে কোনো ৰাজ্যই ভাৰত চৰকাৰৰ সন্মতি বিনে কোনো ধাৰ ল’ব নোৱাৰিবও পাৰে।

(৪) এনেকুৱা চৰ্ত সাপেক্ষে যদি কিবা চৰ্ত থাকে, খণ্ড(৩)ৰ অধীনত সন্মতি দিব পাৰে যি চৰ্ত নেকি ভাৰত চৰকাৰে আৰোপ কৰাটো উচিত বুলি ভাবে।

তৃতীয় অধ্যায়

সম্পত্তি, সংবিদা, অধিকাৰ, দ্বায়িত্ব, বাধ্য-বাধকতা আৰু বাদ সমূহ

(২৯৪) কিছুমান ক্ষেত্ৰত সম্পত্তি, বিভৱ, অধিকাৰ, দ্বায়িত্ব আৰু বাধ্য-বাধতকাৰ উত্তৰাধিকাৰ- এই সংবিধানৰ প্ৰাৰম্ভণিৰ লগে লগে—

এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে পাকিস্তান ডমিনিয়ন অথবা পশ্চিম বংগ,পূৰ্ব বংগ, পশ্চিম পাঞ্জাব আৰু পূৰ্ব প়ঞ্জাব প্ৰদেশ সমূহৰ সৃষ্টি হোৱাৰ কাৰণ বশতঃ কৰা বা কৰিব লগীয়া হোৱা কোনো সমাযোজন সাপেক্ষে—

(ক) যি সম্পত্তি আৰু বিভৱ এনে প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে ভাৰত ডমিনিয়ন চৰকাৰৰ প্ৰয়োজনৰ বাবে মহামান্য সম্ৰাটৰ ওপৰত ন্যস্ত আছিল আৰু যি সম্পত্তি আৰু বিভৱ এনে প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে প্ৰত্যেকখন ৰাজ্যপালৰ প্ৰদেশৰ চৰকাৰৰ প্ৰয়োজনৰ বাবে মহামান্য সম্ৰাটৰ ওপৰত ন্যস্ত আছিল, সেই সকলো সম্পত্তি আৰু বিভৱ যথাক্ৰমে সংঘ আৰু সেই স্থানীয় ৰাজ্যৰ ওপৰত ন্যস্ত হব; আৰু

(খ) ভাৰত ডমিনিয়ন চৰকাৰ আৰু প্ৰত্যেকখন ৰাজ্যপালৰ প্ৰদেশৰ চৰকাৰৰ সকলো অধিকাৰ, দ্বায়িত্ব আৰু বাধ্য-বাধকতা লাগিলে কোনো সংবিদাৰ পৰাই উদ্ভৱ হওক বা অন্যথাই উদ্ভৱ হওক, যথাক্ৰমে ভাৰত চৰকাৰ আৰু প্ৰত্যেক সেই স্থানীয় ৰাজ্যৰ চৰকাৰৰ অধিকাৰ, দ্বায়িত্ব আৰু বাধ্য-বাধকতা হব।

(২৯৫) অন্যান্য ক্ষেত্ৰত সম্পত্তি, বিভৱ, অধিকাৰ, দ্বায়িত্ব আৰু বাধ্য-বাধকতাৰ উত্তৰাধিকাৰ- (১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ লগে লগে ভাৰত চৰকাৰৰ দ্বাৰা সংশ্লিষ্ট ভাৰতীয় ৰাজ্যৰ চৰকাৰৰ লগত কৰা কোনো কৰাৰ সাপেক্ষে—

(ক) এনে প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে প্ৰথম অনুসূচীৰ খ ভাগত বিনিৰ্দিষ্ট এখন ৰাজ্যৰ সেই স্থানীয় কোনো ভাৰতীয় ৰাজ্যৰ ওপৰত ন্যস্ত থকা সকলো সম্পত্তি আৰু বিভৱ সংঘৰ ওপৰত ন্যস্ত যদিহে এনে প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্বে এনে সম্পত্তি আৰু বিভৱ- যি প্ৰয়োজন সমূহৰ বাবে ধাৰণ কৰা হৈছিল তাৰ পিছতো সংঘ সূচীত প্ৰগণিত বিষয়সমূহৰ যিকোনোটোৰ সম্পৰ্কত সংঘৰ সেই একেই প্ৰয়োজনেই হয়, আৰু

(খ) প্ৰথম অনুসূচীৰ খ ভাগত বিৰ্নিদিষ্ট এখন ৰাজ্যৰ সেই স্থানীয় কোনো ভাৰতীয় ৰাজ্যৰ সকলো অধিকাৰ, দ্বায়িত্ব, আৰু বাধ্য-বাধকতা লাগিলে কোনো সংবিদাৰ পৰাই উদ্ভৱ হওক বা অন্যথাই উদ্ভৱ হওক, ভাৰত চৰকাৰৰ অধিকাৰ, দ্বায়িত্ব আৰু বাধ্যবাধকতা হব যদিহে এলে প্ৰাৰম্ভণিৰ পূৰ্বে যি প্ৰয়োজনৰ বাবে এনে অধিকাৰ সমূহ অৰ্জন কৰা বা দ্বায়িত্ব বা বাধ্য-বাধকতাসমূহ লোৱা হৈছিল তাৰ পিছতো সংঘ-সূচীত প্ৰগণিত বিষয় সমূহৰ যিকোনোটোৰ সম্পৰ্কত সংঘৰ সেই একেই প্ৰয়োজনেই হয়।

(২) যথা উপৰোক্ত সাপেক্ষে প্ৰথম অনুসূচীৰ খ ভাগত বিৰ্নিদিষ্ট প্ৰত্যেক ৰাজ্যৰ চৰকাৰ, এই সংবিধানৰ প্ৰাৰম্ভণিৰ লগে লগে কোনো সংবিদাৰ পৰা উদ্ভৱ হোৱা বা অন্যথাই উদ্ভৱ হোৱা কিন্তু খণ্ড (১)ত উল্লেখ কৰাবোৰৰ বাহিৰে আন সকলো সম্পত্তি, বিভৱ আৰু সকলো অধিকাৰ, দ্বায়িত্ব আৰু বাধ্য-বাধকতাৰ সম্বন্ধত সেই স্থানীয় ভাৰতীয় ৰাজ্যৰ চৰকাৰৰ উত্তৰাধিকাৰী হব।

(২৯৬) ৰাজগামী বা ম্যাদ অন্ত হোৱা বা স্বামীহীনত্বৰ পৰা প্ৰাপ্ত সম্পত্তি- এই সংবিধানৰ প্ৰৱৰ্তন নোহোৱাহেতেন ভাৰতৰ ৰাজ্যক্ষেত্ৰত থকা সম্পত্তি ৰাজগামী বা ম্যাদ অন্ত হোৱাৰ দ্বাৰা অথবা অধিকাৰ প্ৰাপ্ত স্বামীৰ অবিহনে স্বামীহীনৰূপে মহামান্য সম্ৰাট বা যথাস্থিতি মতে, কোনো ভাৰতীয় ৰাজ্যৰ ৰাজন্যলৈ প্ৰাপ্ত হলহেতেন, তেনে সম্পত্তি ইয়াৰ পাছত উপবন্ধিত সাপেক্ষে কোনো এখন ৰাজ্যত থাকিলে এনে ৰাজ্যত ন্যস্ত হব আৰু যিকোনো ক্ষেত্ৰত সংঘত ন্যস্ত হব।

পৰন্তু, যি তাৰিখত কোনো সম্পত্তি মহামান্য সম্ৰাটলৈ বা কোনো এখন ভাৰতীয় ৰাজ্যৰ ৰাজন্যলৈ এনে ভাবে প্ৰাপ্ত হলহেতেন, সেই সময়ত যদি তেনে সম্পত্তি ভাৰত চৰকাৰৰ বা কোনো ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণত বা অধীনত থাকে তেনেহলে যি প্ৰয়োজনৰ বাবে তাক ব্যৱহাৰ কৰা বা ধাৰণ কৰা হৈছিল সেই প্ৰয়োজন যদি সংঘৰ হয় তেনেহলে সংঘত বা সেই প্ৰয়োজন যদি ৰাজ্যৰ হয় তেনেহলে ৰাজ্যত ন্যস্ত হব।

স্পষ্টীকৰণ- এই অনুচ্ছেদত থকা ‘ৰাজন্য’  আৰু ভাৰতীয় ৰাজ্য পদ দুফাকিৰ অৰ্থ অনুচ্ছেদ ৩৬৩ত থকা সেই পদৰ অৰ্থৰ সৈতে একেই হব।

(২৯৭) প্ৰাদেশিক জলভাগৰ বা মহাদেশীয় জলমগ্ন তীৰভূমিৰ ভিতৰত থকা মূল্যবান বস্তু অন্যান অৰ্থনৈতিক জ’নৰ সম্পদৰাজি সংঘত ন্যস্ত হব- (১) প্ৰাদেশিক জলভাগৰ বা মহাদেশীয় জলমগ্ন তীৰভূমিৰ বা অন্যান অৰ্থনৈতিক জ’নৰ ভিতৰত অৱস্থিত মহাসাগৰত থকা সকলো ভূমি, খনিজ আৰু মূল্যবান বস্তু সংঘত ন্যস্ত হব আৰু সংঘৰ প্ৰয়োজনৰ বাবে ধাৰণ কৰা হব।

(২) ভাৰতৰ অনন্য অৰ্থনৈতিক জ’নৰ আন সকলো সম্পদ ৰাজিও সংঘত ন্যস্ত হব আৰু সংঘৰ প্ৰয়োজনৰ বাবে ধাৰণ কৰা হব।

(৩) ভাৰতৰ প্ৰাদেশিক জলভাগৰ, মহাদেশীয় জলমগ্ন তীৰভূমিৰ, অন্যান অৰ্থনৈতিক জ’নৰ আৰু আন আন সামুদ্ৰিক পৰিসীমা সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা অধীনত সময়ে সময়ে বিনিৰ্দিষ্ট কৰাৰ দৰে হব।

(২৯৮) বেপাৰ আদি কৰাৰ ক্ষমতা- সংঘ আৰু প্ৰত্যেক ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা কোনো বেপাৰ বা কাৰবাৰ কৰিবলৈ আৰু যিকোনো প্ৰয়োজনৰ বাবে সম্পত্তি অৰ্জন, ধাৰণ আৰু ব্যয়ন কৰিবলৈ আৰু সংবিদা কৰিবলৈ বিস্তৃত হব।

পৰন্তু,–

(ক) সংঘৰ উক্ত কাৰ্যপালিকা ক্ষমতা, এনেবিলাক বেপাৰ বা কাৰবাৰ বা প্ৰয়োজন যেতিয়ালৈকে এনে নহয় যে সেইবিলাকৰ সম্বন্ধত সংসদে বিধি প্ৰণয়ন কৰিব পাৰে, তেতিয়ালৈকে প্ৰত্যেক ৰাজ্যতে ৰাজ্যৰ দ্বাৰা প্ৰণীত বিধিৰ অধ্যাধীন হব; আৰু

(খ) প্ৰত্যেক ৰাজ্যৰ উক্ত কাৰ্যপালিকা ক্ষমতা, এনেবিলাক বেপাৰ বা কাৰবাৰ বা প্ৰয়োজন যেতিয়ালৈকে এনে নহয় যে সেইবিলাকৰ সম্বন্ধত ৰাজ্যৰ বিধান মণ্ডলে বিধি প্ৰণয়ন কৰিব পাৰে, তেতিয়ালৈকে সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ অধ্যাধীন হব।

(২৯৯) সংবিদা সমূহ- (১) সংঘ বা কোনো এখন ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা প্ৰয়োগ কৰি কৰা সকলো সংবিদা যথাস্থিতি মতে, ৰাষ্ট্ৰপতি বা ৰাজ্যৰ ৰাজ্যপালৰ দ্বাৰা কৰা বুলি ব্যক্ত হব আৰু সেই ক্ষমতা প্ৰয়োগ কৰি কৰা এনে সকলো সংবিদা আৰু সকলো সম্পত্তি হস্তান্তৰণ প্ৰত্ৰ ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ হৈ এনে ব্যক্তিৰ দ্বাৰা আৰু এনে ৰীতিমতে সম্পাদিত কৰিব যিদৰেনেকি তেওঁলোকে নিৰ্দেশ দিয়ে বা প্ৰাধিকৃত কৰে।

(২) এই সংবিধানৰ প্ৰয়োজনৰ বাবে বা ভাৰত চৰকাৰৰ সম্পৰ্কত এতিয়ালৈকে বলবত্ থকা কোনো অধিনিয়মৰ প্ৰয়োজনৰ বাবে প্ৰস্তুত কৰা আৰু সম্পাদন কৰা কোনো সংবিদা বা সম্পত্তি হস্তান্তৰণ পত্ৰৰ সম্বন্ধত ৰাষ্ট্ৰপতি নতুবা ৰাজ্যপাল কোনোৱেই ব্যক্তিগত ভাবে দায়ী নহব নাইবা তেওঁলোকৰ কোনো এজনৰ হৈ এনে সংবিদা বা সম্পত্তি হস্তান্তৰণ পত্ৰ প্ৰস্তুত বা সম্পাদনা কৰা কোনো ব্যক্তি সেইবোৰৰ সম্বন্ধত ব্যক্তিগতভাবে দায়ী নহব।

(৩০০) বাদ আৰু কাৰ্যবাহীসমূহ- (১) ভাৰত—সংঘ নামত ভাৰত চৰকাৰ বা ভাৰত চৰকাৰৰ বিৰুদ্ধে বাদ আনিব পাৰে আৰু ৰাজ্য চৰকাৰে বা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সেই ৰাজ্যৰ নামত বাদ আনিব পাৰে আৰু সংবিধানৰ দ্বাৰা প্ৰদত্ত ক্ষমতাৰ আধাৰত অধিনিয়মিত, সংসদৰ বা এনে ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়মৰ দ্বাৰা কৰা হোৱা কোনো উপবন্ধ সাপেক্ষে, নিজ নিজ বিষয় সম্পৰ্কত তেওঁলোকে বা তেওঁলোকৰ বিৰুদ্ধে এনে প্ৰকাৰে বাদ আনিব পাৰে যি প্ৰকাৰে অনুৰূপ কথাত, এই সংবিধানখন অধিনিয়মিত নোহোৱা হ’লে ভাৰত ডমিনিয়নে আৰু সেই স্থানীয় প্ৰদেশ সমূহে বা সেই স্থানীয় ভাৰতীয় ৰাজ্যসমূহে অথবা তেওঁলোকৰ বিৰুদ্ধে বাদ আনিলেহেতেন।

(২) যদি এই সংবিধানৰ প্ৰাৰম্ভণিত—

(ক) এনে কোনো বিধিক কাৰ্যবাহী বিচাৰাধীন হৈ থাকে য’তনেকি ভাৰতীয় ডমিনিয়ন পক্ষভুক্ত আছে, তেনেহলে সেই কাৰ্যবাহীত ডমিনিয়নৰ ঠাইত ভাৰত-সংঘ থকা বুলি গণ্য কৰা হব আৰু

(খ) এনে কোনো বিধিক কাৰ্যাবাহী বিচাৰাধীন হৈ থাকে য’তনেকি কোনো প্ৰদেশ বা কোনো ভাৰতীয় ৰাজ্য পক্ষভুক্ত আছে তেনেহলে সেই কাৰ্যবাহীত প্ৰদেশ বা ভাৰতীয় ৰাজ্যৰ ঠাইত সেই স্থানীয় ৰাজ্য থকা বুলি গণ্য কৰা হব।

চতুৰ্থ অধ্যায়

সম্পত্তিত অধিকাৰ

(৩০০)(ক) বিধিৰ প্ৰাধিকাৰৰ দ্বাৰা ব্যতিৰেকে কোনো ব্যক্তি সম্পত্তিৰ পৰা বঞ্চিত নহব- বিধিৰ প্ৰাধিকাৰৰ দ্বাৰা ব্যতিৰেকে কোনো ব্যক্তি সম্পত্তিৰ পৰা বঞ্চিত নহ’ব।

0 0 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
दिवियाश
3 years ago

Awesome blog! Thanks a lot. Click Here to know complete detail about EWS Certificate

सोनिया
3 years ago

I was searching for a good topic to research and read, I got this article on your blog, Thank you so much. Check kolkata fatafat

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

2
0
Would love your thoughts, please comment.x
()
x