তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

ৰাজ্যসমূহৰ কাৰ্যপালিকা – ভাৰতীয় সংবিধান (৬-ক)

  • ষষ্ঠ ভাগ

ৰাজ্যসমূহ

প্ৰথম অধ্যায়- সাধাৰণ

(১৫২) পৰিভাষা- প্ৰসংগক্ৰমে অন্য অৰ্থ আপেক্ষিত ন’হলে এই ভাগত ‘ৰাজ্য’ বুলিলে জম্মু আৰু কাশ্মীৰ ৰাজ্যক অন্তৰ্ভুক্ত নকৰে।

দ্বিতীয় অধ্যায়- কাৰ্যপালিকা

ৰাজ্যপাল

(১৫৩) ৰাজ্যসমূহৰ ৰাজ্যপাল- প্ৰতিখন ৰাজ্যৰ কাৰণে একোজন ৰাজ্যপাল থাকিব :

পৰন্তু, এই অনুচ্ছেদৰ কোনো কথাই একেজন ব্যক্তিকে দুই বা তাতোধিক ৰাজ্যৰ ৰাজ্যপাল নিযুক্ত কৰাত বাধা নিদিয়ে।

(১৫৪) ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা- (১) ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা ৰাজ্যপালৰ ওপৰত ন্যস্ত হ’ব আৰু এই সংবিধান অনুসৰি তেওঁৰ দ্বাৰা পোনপটীয়াকৈ নাইবা তেওঁৰ অধীনস্থ পদাধিকাৰীসকলৰ জড়িয়তে এই ক্ষমতা প্ৰয়োগ হ’ব।

(২) এই অনুচ্ছেদত থকা কোনো কথাই—

(ক)কোনো বৰ্তমান বিধিৰ দ্বাৰা অন্য কোনো প্ৰাধিকাৰীক দিয়া কাৰ্যভাৰ ৰাজ্যপাললৈ হস্তান্তৰ কৰা বুলি গণ্য কৰা নহ’ব; অথবা

(খ) ৰাজ্যপালৰ অধীনস্থ কোনো প্ৰাধিকাৰীৰ ওপৰত বিধিৰ দ্বাৰা কাৰ্যভাৰ অৰ্পণ কৰাৰ পৰা সংসদক নাইবা ৰাজ্যৰ বিধান মণ্ডলক নিবাৰণ কৰিব নোৱাৰিব।

(১৫৫) ৰাজ্যপালৰ নিযুক্তি- কোনো ৰাজ্যৰ ৰাজ্যপাল ৰাষ্ট্ৰপতিৰ দ্বাৰা তেওঁৰ স্বাক্ষৰ আৰু মোহৰযুক্ত অধিপত্ৰৰে নিযুক্ত হ’ব।

(১৫৬) ৰাজ্যপালৰ পদাৱধি-(১) ৰাষ্ট্ৰপতিৰ প্ৰসাদ পৰ্যন্ত ৰাজ্যপালে পদ ধাৰণ কৰিব পাৰে।

(২) ৰাজ্যপালে স্বাক্ষৰিত লিখনৰ দ্বাৰা ৰাষ্ট্ৰপতিক সম্বোধন কৰি তেওঁৰ পদ ত্যাগ কৰিব পাৰে।

(৩) এই অনুচ্ছেদৰ পূৰ্বৰ উপবন্ধাৱলীৰ সাগেক্ষে পদ গ্ৰহণ কৰা তাৰিখৰ পৰা ৰাজ্যপালে পাঁচ বছৰ কাল পদ ধাৰণ কৰিব।

পৰন্তু, নিজ পদৰ কাল অন্ত হোৱা স্বত্বেও তেওঁৰ উত্তৰাধিকাৰীয়ে পদ গ্ৰহণ নকৰা পৰ্যন্ত ৰাজ্যপালে পদ ধাৰণ কৰি থাকিব।

(১৫৭) ৰাজ্যপাল ৰূপে নিযুক্ত হোৱাৰ অৰ্হতাসমূহ- ভাৰতৰ নাগৰিক ন’হলে আৰু পঁয়ত্ৰিশ বছৰ বয়স পূৰ্ণ নহ’লে কোনো ব্যক্তি ৰাজ্যপাল ৰূপে নিযুক্ত হোৱাৰ পাত্ৰ হ’ব নোৱাৰিব।

(১৫৮) ৰাজ্যপালৰ পদৰ চৰ্তসমূহ- (১) ৰাজ্যপাল সংসদৰ কোনো সদন নাইবা প্ৰথম অনুসূচীত বিনিৰ্দিষ্ট যিকোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ সদস্য হ’ব নোৱাৰিব আৰু যদি সংসদৰ কোনো সদন নাইবা তেনেকুৱা ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ সদস্যক ৰাজ্যপাল নিযুক্ত কৰা হয় তেনেহ’লে যি তাৰিখে তেওঁ ৰাজ্যপালৰূপে পদ গ্ৰহণ কৰে সেই তাৰিখেই তেওঁ সেই সদনত তেওঁৰ স্থান ৰিক্ত কৰি দিছে বুলি গণ্য কৰা হ’ব।

(২) ৰাজ্যপালে অন্য কোনো লাভৰ পদ ধাৰণ নকৰিব।

(৩) ৰাজ্যপালে বিনা ভাড়াৰে তেওঁৰ পদাবাস সমূহ ব্যৱহাৰ কৰাৰ অধিকাৰী হ’ব আৰু বিধিৰ দ্বাৰা সংসদে যথা নিৰ্দ্ধাৰিত কৰি দিয়া উপলবদ্ধি, ভাত্তা আৰু বিশেষাধিকাৰ পোৱাৰ তেওঁৰ অধিকাৰ থাকিব আৰু সেই নিমিত্তে তেনেভাৱে উপবন্ধ প্ৰস্তুত নকৰা পৰ্যন্ত দ্বিতীয় অনুসূচীত যথাবিৰ্নিদিষ্ট উপলবদ্ধি, ভাত্তা আৰু বিশেষাধিকাৰৰ অধিকাৰী হ’ব।

(৩) (ক) যেতিয়ানেকি একেজন ব্যক্তিকে দুই বা তাতোধিক ৰাজ্যৰ ৰাজ্যপাল নিযুক্ত কৰা হয়, তেতিয়া ৰাজ্যপালজনক দিবলগীয়া উপলবদ্ধি আৰু ভাত্তা ৰাজ্যসমূহৰ মাজত এনে অনুপাতত আৱন্টিত হ’ব যিটো নেকি ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা নিৰ্দ্ধাৰিত কৰি দিয়ে।

(৪) ৰাজ্যপালৰ পদাৱধিৰ ভিতৰত তেওঁৰ উপলবদ্ধি আৰু ভাত্তা হ্ৰাস হ’ব নোৱাৰিব।

(১৫৯) ৰাজ্যপালৰ শপত গ্ৰহণ বা প্ৰতিজ্ঞান-  প্ৰত্যেক ৰাজ্যপালে নাইবা ৰাজ্যপালৰ কাৰ্যভাৰ বহন কৰা প্ৰত্যেক ব্যক্তিয়ে নিজ পদ গ্ৰহণ কৰাৰ পূৰ্বে ৰাজ্যখনৰ সম্পৰ্কত ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰা উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়াধিপতি অথবা তেওঁৰ অনুপস্থিতিত সেই ন্যায়লয়ৰ সেই সময়ত থকা জ্যেষ্ঠতম ন্যায়ধীশজনৰ উপস্থিতিত তলত দিয়া প্ৰ-পত্ৰত শপত লব বা প্ৰতিজ্ঞান কৰিব আৰু তাত নিজৰ নাম-চহী কৰিব; অৰ্থাত্—

“মই অমুকে, ঈশ্বৰৰ নামত শপত লওঁ/ সত্যনিষ্ঠা সহকাৰে প্ৰতিজ্ঞান কৰো যে, শ্ৰদ্ধা পূৰ্বক____________(ৰাজ্যৰ নাম)ৰ ৰাজ্যপালৰ পদ পালন কৰিম(নাইবা ৰাজ্যপালৰ কাৰ্যভাৰ নিৰ্বহন কৰিম) আৰু সামৰ্থৰ পূৰ্ণ প্ৰয়োগ সহকাৰে সংবিধান আৰু বিধিৰ পৰিৰক্ষণ, সংৰক্ষণ আৰু প্ৰতিৰক্ষণ কৰিম আৰু __________(ৰাজ্যৰ নাম)ৰ লোকসাধাণৰ সেৱা আৰু কল্যাণৰ অৰ্থে আত্মনিয়োগ কৰিম”।

(১৬০) কিছুমান আকস্মিক ক্ষেত্ৰত ৰাজ্যপালৰ কাৰ্যভাৰ নিৰ্বহন- এই অধ্যায়ত উপবন্ধিত নকৰা যিকোনো আকস্মিকতাত কোনো ৰাজ্যৰ ৰাজ্যপালৰ কাৰ্যভাৰ সমূহ নিৰ্বহন কৰাৰ কাৰণে ৰাষ্ট্ৰপতিয়ে যেনে উচিত বিবেচনা কৰে তেনেকৈ উপবন্ধ কৰিব পাৰিব।

(১৬১) কিছুমান গোচৰত ক্ষমা আদি প্ৰদান কৰিবলৈ আৰু দণ্ডাদেশ নিলম্বিত,পৰিহাৰ বা লঘু কৰিবলৈ ৰাজ্যপালৰ ক্ষমতা- ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত হোৱা কোনো বিষয় সম্পৰ্কীয় বিধিৰ বিৰুদ্ধে কৰা কোনো অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা ব্যক্তিৰ দণ্ডৰ ক্ষমা,প্ৰবিলম্বন,বিৰাম বা পৰিহাৰ কৰিবলৈ কিম্বা কোনো দণ্ডাদেশৰ নিলম্বন, পৰিহাৰ বা লঘু কৰিবলৈ সেই ৰাজ্যৰ ৰাজ্যপালৰ ক্ষমতা থাকিব।

(১৬২) ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতাৰ বিস্তৃতি- এই সংবিধানৰ উপবন্ধাৱলী সাপেক্ষে এখন ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা এনেবোৰ বিষয়লৈ বিস্তৃত হ’ব যিবোৰ বিষয়ৰ সম্বন্ধত সেই ৰাজ্যৰ বিধান মণ্ডলৰ বিধি প্ৰণয়ন ক্ষমতা থাকে:

পৰন্তু, যি বিষয়বোৰৰ সম্বন্ধত ৰাজ্যৰ বিধান মণ্ডল আৰু সংসদৰ বিধি প্ৰণয়ন ক্ষমতা থাকে তেনে যিকোনো বিষয়ত ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা এই সংবিধানৰ দ্বাৰা অথবা সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা সংঘৰ বা তাৰ প্ৰাধিকাৰী সমূহৰ ওপৰত স্পষ্ট ভাবে প্ৰদত্ত কাৰ্যপালিকা ক্ষমতাৰ অধীনস্থ আৰু তাৰ দ্বাৰা পৰিসীমীত হ’ব।

মন্ত্ৰী-পৰিষদ

(১৬৩) ৰাজ্যপালক সহায়তা কৰিবলৈ আৰু মন্ত্ৰণা দিবলৈ মন্ত্ৰী-পৰিষদ- (১) এই সংবিধানৰ দ্বাৰা বা অধীনত ৰাজ্যপালে স্ববিবেক মতে নিৰ্বহন কৰিবৰ বাবে আপেক্ষিত হোৱা তেওঁৰ কাৰ্যভাৰ সমূহ বা তাৰ কোনোটোৰ ব্যতিৰেকে ৰাজ্যপালক কাৰ্যভাৰ নিৰ্বহন কৰাত সহায় কৰিবলৈ আৰু মন্ত্ৰণা দিবলৈ মুখ্যমন্ত্ৰীক গুৰিয়াল স্বৰূপে লৈ এখন মন্ত্ৰী-পৰিষদ থাকিব।

(২) এই সংবিধানৰ দ্বাৰা বা অধীনত ৰাজ্যপালে কোনো বিষয়ত স্ববিবেকেৰে কাৰ্য কৰিবলৈ আপেক্ষিত হয় নে নহয় সেই সম্বন্ধে প্ৰশ্ন উঠে তেনেহ’লে সেই বিষয়ে স্ববিবেকেৰে কৰা ৰাজ্যপালৰ সিদ্ধান্ত চূড়ান্ত হ’ব আৰু ৰাজ্যপালে স্ববিবেকেৰে কৰা উচিত আছিল নে নাছিল এই হেতুত ৰাজ্যপালে কৰা কোনো কামৰ মান্যতা সম্বন্ধে কোনো আপত্তি নেখাটিব।

(৩) মন্ত্ৰী সকলে ৰাজ্যপালক কিবা মন্ত্ৰণা দিছিল নে আৰু যদি দিছিল সেই সম্পৰ্কে কোনো ন্যায়লয়ত তদন্ত কৰিব নোৱাৰিব।

(১৬৪) মন্ত্ৰী সকল সম্বন্ধীয় অন্যান উপবন্ধসমূহ- (১) মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্ত কৰিব আৰু মুখ্যমন্ত্ৰীৰ মন্ত্ৰণা অনুযায়ী ৰাজ্যপালে অন্যান মন্ত্ৰীসকলক নিযুক্ত কৰিব আৰু মন্ত্ৰীসকলে ৰাজ্যপালৰ প্ৰসাদ পৰ্যন্ত পদ ধাৰণ কৰিব :

পৰন্তু, ছট্টিচগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উৰিষ্যা এই চাৰিখন ৰাজ্যত জনজাতিৰ কল্যাণৰ ভাৰ বহনৰ কাৰণে এজন মন্ত্ৰী থাকিব আৰু তেওঁ নিজ কাৰ্যভাৰ বহন কৰাৰ উপৰিও অনুসূচিত জাতি আৰু অনুন্নত সম্প্ৰদায়ৰ কল্যাণ বা অন্য কামৰ দ্বায়িত্ব বহন কৰিব পাৰিব।

(২) মন্ত্ৰী- পৰিষদ সামূহিকভাৱে ৰাজ্যৰ বিধানসভাৰ ওচৰত উত্তৰ দায়ী হ’ব।

(৩) মন্ত্ৰী এজনে পদ গ্ৰহণ কৰাৰ পূৰ্বে তৃতীয় অনুসূচীত এই প্ৰয়োজনৰ বাবে দিয়া হোৱা প্ৰ-প্ৰত্ৰ সমূহৰ অনুসাৰে ৰাজ্যপালে তেওঁক পদ আৰু গোপনীয়তাৰ শপত লোৱাব।

(৪) কোনো মন্ত্ৰী একেৰাহে ছয়মাহ কাল ৰাজ্যৰ বিধান মণ্ডলৰ সদস্য নহ’লে উক্ত কাল শেষ হোৱাৰ পাছত তেওঁ মন্ত্ৰী হৈ নাথাকিব।

(৫) ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা সময়ে সময়ে স্থিৰ কৰা অনুযায়ী আৰু বিধান মণ্ডলে তেনেকৈ স্থিৰ নকৰা পৰ্যন্ত দ্বিতীয় অনুসূচীত বিৰ্নিদিষ্ট কৰাৰ দৰে মন্ত্ৰীসকলৰ বেতন আৰু ভাত্তা হ’ব।

ৰাজ্যৰ মহাধিবক্তা

(১৬৫) ৰাজ্যৰ মহাধিবক্তা- (১) প্ৰত্যেক ৰাজ্যৰ ৰাজ্যপালে উচ্চ ন্যায়লয়ৰ ন্যায়ধীশ নিযুক্ত হোৱাৰ অৰ্হতা থকা কোনো এজন ব্যক্তিক ৰাজ্যৰ মহাধিবক্তা ৰূপে নিযুক্ত কৰিব।

(২) ৰাজ্যখনৰ চৰকাৰক এনে বিধি সম্বন্ধীয় বিষয়ত মন্ত্ৰণা দিয়া আৰু বিধিপ্ৰকৃতিগত এনে অন্যান্য কৰ্তব্য পালন কৰা যিবিলাক নেকি ৰাজ্যপালৰ দ্বাৰা সময়ে সময়ে তেওঁলৈ পঠোৱা বা অৰ্পণ কৰা হয় আৰু এই সংবিধান বা সেই সময়ত বলবত্ থকা আন কোনো বিধিৰ দ্বাৰা বা অধীনত তেওঁৰ ওপৰত প্ৰদত্ত কাৰ্যভাৰসমূহ বহন কৰা মহাধিবক্তাৰ কৰ্তব্য হ’ব।

(৩) ৰাজ্যপালৰ প্ৰসাদ পৰ্যন্ত মহাধিবক্তাই পদ ধাৰণ কৰিব আৰু ৰাজ্যপালৰ দ্বাৰা নিৰ্দ্ধাৰিত পাৰিশ্ৰমিক পাব।

চৰকাৰৰ কাৰ্য পৰিচালনা

(১৬৬) ৰাজ্য চৰকাৰৰ কাৰ্য পৰিচালনা- কোনো চৰকাৰৰ সকলো কাৰ্যপালিকা কাৰ্যবাহী ৰাজ্যপালৰ নামত হোৱা বুলি অভিব্যক্ত হয়।

(২) ৰাজ্যপালৰ নামত প্ৰস্তুত আৰু অনুষ্ঠিত সকলো আদেশ আৰু অন্যান লেখা ৰাজ্যপালে প্ৰস্তুত কৰিবলগা নিয়মাৱলীত যথা বিনিৰ্দিষ্ট ৰীতিমতে প্ৰমাণীকৃত কৰিব লাগিব আৰু তেনেকৈ প্ৰমাণিকৃত কৰা আদেশ বা লেখাৰ মান্যতাৰ বিৰুদ্ধে এই আধাৰৰ ওপৰত কোনো আপত্তি নাখাটিব যে সেইটো ৰাজ্যপালৰ দ্বাৰা প্ৰস্তুত বা নিষ্পাদিত আদেশ বা লেখা নহয়।

(৩) ৰাজ্য চৰকাৰৰ কাৰ্য অধিক সুবিধাজনক ভাৱে কৰিবৰ বাবে আৰু এই সংবিধানৰ দ্বাৰা বা অধীনত ৰাজ্যপালে স্ববিবেকমতে, কাম কৰিবলৈ আপেক্ষিত নোহোৱা উক্ত কাৰ্যবোৰ মন্ত্ৰীসকলৰ মাজত বণ্টন কৰিবলৈ ৰাজ্যপালে নিয়মাৱলী প্ৰস্তুত কৰিব।

(১৬৭) ৰাজ্যপালক সংবাদ জ্ঞাত কৰা আদি বিষয়ত মুখ্যমন্ত্ৰীৰ কৰ্তব্য- প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কৰ্তব্য হ’ব-

(ক) ৰাজ্যৰ কাৰ্য প্ৰশাসন সম্বন্ধীয় আৰু বিধি প্ৰণয়নৰ প্ৰস্তাৱ সম্বন্ধীয় মন্ত্ৰী পৰিষদৰ সকলো সিদ্ধান্ত ৰাজ্যপালক জনোৱা;

(খ) ৰাজ্যপালে জানিব খোজা ৰাজ্যৰ কাৰ্য প্ৰশাসন সম্বন্ধীয় আৰু বিধি প্ৰণয়নৰ প্ৰস্তাৱ সম্বন্ধীয় তেনে কোনো সংবাদ ৰাজ্যপালক জনোৱা

(গ) কোনো এজন মন্ত্ৰীয়ে সিদ্ধান্ত কৰা কিন্তু মন্ত্ৰী পৰিষদে বিচাৰ নকৰা কোনো বিষয় ৰাজ্যপালে আৱশ্যক বুলি ভাবিলে মন্ত্ৰী পৰিষদৰ বিচাৰাৰ্থে দাখিল কৰা।

4 1 vote
Article Rating
Subscribe
Notify of
guest
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
bhodrawati boruah
bhodrawati boruah
3 years ago

সুন্দৰ

trackback

[…] সংবিদা সমূহ- (১) সংঘ বা কোনো এখন ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা প্ৰয়োগ কৰি কৰা সকলো সংবিদা […]

दिवियाश
3 years ago

Thanks for sharing this updates. Visit mparivahan app to know details of governments information 2021

3
0
Would love your thoughts, please comment.x
()
x