আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুপিমফা – ত্ৰয়োদশজন আহোম স্বৰ্গদেউ

(চুপিমফা আছিল আহোমৰ ত্ৰয়োদশজন স্বৰ্গদেউ। স্বৰ্গদেউ চুপিমফা সম্পৰ্কে সাৰথিৰ পাঠকসকলৰ বাবে চমুকৈ আগবঢ়ালো।)

১৪৯৩ খ্ৰীষ্টাব্দত দ্বাদশজন আহোম স্বৰ্গদেউ চুহেনফাক হত্যা কৰা হ’ল। মৃত্যুৰ সময়ত স্বৰ্গদেউ চুহেনফাই তিনিজন কোঁৱৰ এৰি থৈ গৈছিল। চুহেনফা স্বৰ্গদেউক হত্যা কৰোৱাই খেনলুং বুঢ়াগোঁহায়ে তেওঁৰ পছন্দৰ আহোম কোঁৱৰক আহোম ৰাজসিংহাসনত অধিষ্ঠিত কৰাব বিচাৰিছিল কিন্তু আহোম ডা-ডাঙৰীয়াসকলে তেওঁৰ ষড়যন্ত্ৰৰ বিষয়ে বিষয়ে গম পাই স্বৰ্গদেউ চুহেনফাৰ বৰপুত্ৰ চুপিমফাক আহোম ৰাজসিংহাসনত অধিষ্ঠিত কৰিলে। ৰজা হৈ চুপিমফাই প্ৰথমতে তেওঁৰ পিতৃ স্বৰ্গদেউৰ হত্যাৰ সৈতে জড়িত লোকসকলক বিচাৰি শাস্তি প্ৰদান কৰিছিল।

স্বৰ্গদেউ চুপিমফাৰ ৰাজত্বকালৰ বৰগোঁহাই আৰু বুঢ়াগোঁহাই :-

স্বৰ্গদেউৰ চুপিমফাৰ ৰাজত্বকালত প্ৰথমে খেনলুং বুঢ়াগোঁহাই আছিল কিন্তু পৰৱৰ্তী সময়ত চুপিমফা স্বৰ্গদেৱে তেখেতক বুঢ়াগোঁহাই পদবীৰ পৰা ভাঙি খুনলুং খামপেঙ্গক বুঢ়াগোঁহাই পাতে আৰু চুপিমফাই তেখেতক ৰাজমন্ত্ৰী বাবো প্ৰদান কৰে। স্বৰ্গদেউ চুপিমফাৰ ৰাজত্বকালত তেখেতৰ পিতৃ চুহেনফাৰ দিনৰে বৰগোঁহাই নাংৰাঙে বৰগোঁহাই পদবীত অধিষ্ঠিত হৈ আছিল।

পিতৃ ৰজা চুহেনফাৰ হত্যাকাৰীক শাস্তি প্ৰদান :-

স্বৰ্গদেউ চুপিমফাই আহোম ৰাজসিংহাসনত অধিষ্ঠিত হৈয়েই প্ৰথম তেখেতৰ পিতৃ স্বৰ্গদেউ চুহেনফাৰ হত্যাকাৰীৰ অনুসন্ধান কৰিছিল। আৰু অৱশেষত অনুসন্ধান লাভ কৰি চুপিমফাই তেওঁৰ পিতৃসন্তা লানতুৰুবান আৰু তেওঁৰ পুত্ৰদ্বয় তাওফ্ৰঙ আৰু খুনতাওক হত্যা কৰোৱালে। লগতে এই ষড়যন্ত্ৰৰ মূল ব্যক্তি খেনলুং বুঢ়াগোঁহাইকো চুপিমফাই অনুসন্ধানত ধৰা পেলালে আৰু খেনলুং বুঢ়াগোঁহাইক বুঢ়াগোঁহাই পদবীৰ পৰা বহিষ্কাৰ কৰিলে শাস্তি প্ৰদান কৰিলে।

কনচেংৰ জন্ম বৃত্তান্ত :-

স্বৰ্গদেউ চুহেনফাৰ দিনৰে পৰাই নগা নায়কসকলে বছৰি আহোম স্বৰ্গদেউক উপহাৰ-পাতি দিবলৈ আহোম ৰাজ্যলৈ আহিছিল। স্বৰ্গদেউ চুপিমফাৰ দিনত খুনবাও নামৰ সুদৰ্শন ৰূপৰ নগা নায়ক এজনে আহোম স্বৰ্গদেউ চুপিমফাক বছেৰেকীয়া উপহাৰ প্ৰদান কৰিবলৈ আহিছিল। চুপিমফাৰ এগৰাকী চমুৱা কুঁৱৰীয়ে ভিতৰৰ পৰা খুনবাওক চাই আছিল। স্বৰ্গদেউ চুপিমফা ৰাজপ্ৰসাদৰ ভিতৰলৈ অহাত চমুৱা কুঁৱৰীগৰাকীয়ে ৰজা চুপিমফাৰ আগত খুনবাওৰ ৰূপ-গুণৰ প্ৰশংসা কৰিলে। কিন্তু পত্নীৰ মুখত পৰপুৰুষৰ প্ৰশংসা শুনি চুপিমফা ক্ষোভিত হ’ল আৰু চমুৱা কুঁৱৰীগৰাকীক মোতকৈ নগাহে ভাল দেখিলি বুলি কৈ নানা ককৰ্থনা কৰিলে আৰু এই চমুৱা কুঁৱৰীগৰাকীক খুনবাওক দি দিয়ে। সেইসময়ত চমুৱা কুঁৱৰীগৰাকী সগৰ্ভা আছিল। আৰু নগাচাঙলৈ যোৱা কিছুদিন পাছতেই চমুৱা কুঁৱৰীৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম হয় আৰু এই পুত্ৰ সন্তানৰ নাম দিয়া হয় কনচেং। পিছত কালক্ৰমত পৰৱৰ্তী আহোম স্বৰ্গদেউ চুহুংমুঙে এই বিষয়ে সম্ভেদ পাই নিজ সতীয়া ভাতৃ কনচেংৰ বাবে আহোম ৰাজসভাত এটা নতুন পদবীৰ সৃষ্টি কৰিলে আৰু সেই পদবীটোয়েই আছিল বৰপাত্ৰগোঁহাই পদবী।

স্বৰ্গদেউ চুপিমফাৰ মৃত্যু :-

১৪৯৩ খ্ৰীষ্টাব্দৰ পৰা ১৪৯৭ লৈ কেৱল মাত্ৰ চাৰি(৪)বছৰহে স্বৰ্গদেউ চুপিমফাই আহোম ৰাজ্যত ৰাজত্ব কৰে আৰু ১৪৯৭ খ্ৰীষ্টাব্দত ত্ৰয়োদশজন আহোম স্বৰ্গদেউ চুপিমফাৰ মৃত্যু হয়। বহুত বুৰঞ্জীবিদে চুপিমফাৰ মৃত্যুক হত্যা বুলি কব খোজে আৰু বহুতে চুপিমফাৰ মৃত্যু স্বাভাৱিক বুলিও কয়। পদ্মনাথ গোহাঞি বৰুৱাৰ”অসমৰ বুৰঞ্জী” আৰু কাশীনাথ তামুলী ফুকনৰ “আসাম বুৰঞ্জী পুথি” অনুসৰি স্বৰ্গদেউ চুপিমফাৰ স্বাভাৱিক মৃত্যু হৈছিল। কিন্তু ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাৰ “আসাম বুৰঞ্জী”ত উল্লেখ থকা অনুসৰি স্বৰ্গদেউ চুহেনফাৰ হত্যাৰ পাছত আহোম ৰাজ্যখন বহু দুখ-দুৰ্গতি তথা সমস্যাৰ সন্মুখীন হৈছিল। সেয়ে, স্বৰ্গদেউ চুপিমফাক ডা-ডাঙৰীয়াসকলেই হত্যা কৰি প্ৰাকৃতিক মৃত্যু সংঘটিত হৈছে বুলি প্ৰচাৰ কৰি দিলে।

স্বৰ্গদেউ চুপিমফাৰ চাৰিবছৰীয়া এই চমু ৰাজত্বকালটোত প্ৰজাৰ নানা দুখ-দুৰ্গতি হৈছিল কিয়নো চুপিমফাই তেখেতৰ পিতৃৰ হত্যাৰ সৈতে জড়িত ব্যক্তিসকলক বাছি বাছি উলিয়াই আনি প্ৰাণে মাৰিছিল আৰু অত্যন্ত কঠোৰ শাস্তি প্ৰদান কৰিছিল।

সহায়ক গ্ৰন্থপঞ্জী :-

১) আহোমৰ দিন :- হিতেশ্বৰ বৰবৰুৱা
২) ইতিহাসে সোঁৱৰা ছশটা বছৰ :- সৰ্বানন্দ ৰাজকুমাৰ
৩) অসমৰ বুৰঞ্জী – পদ্মনাথ গোহাঞি বৰুৱা
৪)  আসাম বুৰঞ্জী পুথি – কাশীনাথ তামুলী ফুকন 
৫) আসাম বুৰঞ্জী – গুণাভিৰাম বৰুৱা 

আৰু পঢ়ক – ডাকৰ বচন 

0 0 votes
Article Rating
Subscribe
Notify of
guest
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Biplob Borah
Biplob Borah
3 years ago

Bhal lagil❤️

Biplob Borah
Biplob Borah
3 years ago

Hundar bhal lagil❤️

trackback

[…] আৰু পঢ়ক চুপিমফা- আহোমৰ ত্ৰয়োদশজন স্বৰ্গদেউ […]

3
0
Would love your thoughts, please comment.x
()
x