আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুহুংমুং – আহোমৰ চতুৰ্দশজন স্বৰ্গদেউ

১৪৯৭ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুপিমফাৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাই আহোম ৰাজ্যৰ ৰাজপাটত অধিষ্ঠিত হ’ল। স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজা অসমৰ তথা আহোম ৰাজ্যৰ এজন অন্যতম শ্ৰেষ্ঠ ৰজা আছিল। স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালতে আহোম ৰাজ্যৰ সীমা সৰ্বদিশে ব্যাপ্ত হৈছিল। আহোম ৰাজ্যখন সংগঠিত কৰাত স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালতে মুছলমানে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল আৰু চুহুংমুঙৰ নেতৃত্বত আহোম সেনাই সেই আক্ৰমণ সফলতাৰে প্ৰতিহত কৰিছিল। লগতে স্বৰ্গদেউ চুহুংমুঙে কছাৰী আৰু চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাই নতুন নতুন বিষয়া নিয়োগ কৰি আহোম প্ৰশাসনক এটা নতুন ৰূপ প্ৰদান কৰিছিল। স্বৰ্গদেউ চুহুংমুঙক স্বৰ্গনাৰায়ণ ৰজা বুলিও কোৱা হয়। চুহুংমুঙৰ ৰাজত্বকালৰ পৰাই আহোম ৰজাসকলক স্বৰ্গদেউ অভিধাৰে অভিহিত কৰা প্ৰথা আৰম্ভ কৰা হয়।

বৰপাত্ৰগোঁহাই পদবীৰ সৃষ্টি 

স্বৰ্গদেউ চুকাফাৰ পৰা চুপিমফালৈ আহোম ৰাজ্যত দুজন মন্ত্ৰীহে আছিল – বুঢ়াগোঁহাই আৰু বৰগোঁহাই। স্বৰ্গদেউ চুহুংমুঙে আহোম প্ৰশাসনত বৰপাত্ৰগোঁহাই নামৰ এক নতুন পদবীৰ সংযোজন ঘটাইছিল। যিহেতু আহোম ৰাজ্যৰ পৰিধি বাঢ়ি গৈ আছিল। সেয়ে,কেৱল দুজন মন্ত্ৰীয়ে ভালদৰে ৰাজ্য শাসন কৰিবলৈ অসুবিধা পাব বুলি ভাবি চুহুংমুঙে বৰপাত্ৰগোঁহাই পদবীৰ সৃষ্টি কৰিলে।

আহোমৰ প্ৰথম বৰপাত্ৰগোঁহাই আছিল চুহুংমুঙৰ বৈমাতৃয় ভাতৃ কনচেং। চুহুংমুঙৰ পিতৃ চুপিমফায়ে তেওঁৰ এগৰাকী চমুৱা কুঁৱৰীক নগা নায়ক খুনবাওৰ লগত নগাচাঙলৈ পঠিয়াই দিছিল কিন্তু তেওঁ গম পোৱা নাছিল যে সেইসময়ত সেই চমুৱা কুঁৱৰীগৰাকী সগৰ্ভা আছিল। এই চমুৱা কুঁৱৰীগৰাকীয়ে নগাচাঙত গৈ কনচেংক জন্ম দিলে। চুহুংমুং আহোমৰ স্বৰ্গদেউ হিচাপে সিংহাসনত অধিষ্ঠিত হোৱাৰ পাছত এই ঘটনাৰ বিষয়ে গম পায় আৰু অৱশেষত বিচাৰ-খোচাৰ কৰাত কনচেংৰ গাত ৰাজলক্ষণ দেখা পায়। নিজ সতীয়া ভাতৃ বুলি গম পাই চুহুংমুঙে কনচেংক আহোম ৰাজ্যলৈ আনি বৰপাত্ৰগোঁহাই নামৰ এক নতুন পদবী সৃষ্টি কৰি থাপিলে।

বৰগোঁহাই আৰু বুঢ়াগোঁহাই 

স্বৰ্গদেউ চুহুংমুঙৰ দীঘলীয়া ৰাজত্বকালত তিনিজন বুঢ়াগোঁহাই আৰু পাঁচজন বৰগোঁহায়ে চেগা-চোৰোকাকৈ নিজৰ দায়িত্ব পালন কৰিছিল। চুহুংমুঙৰ ৰাজত্বকালত বুঢ়াগোঁহাই পদত অধিষ্ঠিত কেইজন আছিল ক্ৰমানুসাৰে- খুনলুং খামপেং, ত্যাওচেংৰাই আৰু লাঙিধুপুৰা। চুহুংমুঙৰ ৰাজত্বকালত বৰগোঁহাই পদত অধিষ্ঠিত কেইজন আছিল ক্ৰমানুসাৰে – নাঙৰাং, ফ্ৰাচেংমুং(১ম বাৰ),কিলিংখাম,তনখাম, ফ্ৰাচেংমুং(২য় বাৰ) আৰু লাইলাং।

আহোম ৰাজবংশৰ ফৈদ

স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাই আহোম ৰাজকোঁৱৰসকলক শৃংখলাবদ্ধভাৱে সংগঠিত কৰিবৰ বাবে ফৈদৰ সৃষ্টি কৰিছিল। স্বৰ্গদেউ চুহুংমুঙে নিজৰ চাৰিজন কোঁৱৰক চাৰিটা ফৈদত সংস্থাপিত কৰিছিল। চুহুংমুঙে নিজৰ চাৰি পুতেক ক্ৰমে চুক্লেন, চুৰেং, চুখ্ৰেং আৰু চ্যুতিংক ক্ৰমে দিহিং, চাৰিং, তিপাম আৰু তুংখুঙত  নগৰ পাতি দিহিঙীয়া, চাৰিঙীয়া,তিপমীয়া আৰু তুংখুঙীয়া নামৰ চাৰিটা ফৈদ পাতিলে। চুহুংমুং নিজেই দিহিঙীয়া ফৈদত থাকিল বাবে তেওঁক দিহিঙীয়া ৰজা বা ওপৰজনা দিহিঙীয়া ৰজা বুলি অভিহিত কৰা হয়। স্বৰ্গদেউ চুহুংমুঙৰ পঞ্চমজন পুত্ৰ চুক্ৰাংৰ ফৈদক পৰৱৰ্তী সময়ত পৰ্বতীয়া ফৈদৰূপে অভিহিত কৰা হয়।

বকতালৈ ৰাজধানী স্থানান্তৰণ 

বকতা আহোম ৰাজ্যৰ তৃতীয়খন ৰাজধানী। স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাই চৰগুৱাৰ পৰা দিহিঙৰ পাৰৰ বকতালৈ আহোমৰ ৰাজধানী স্থানান্তৰিত কৰে। বকতা কেৱল চুহুংমুঙৰ ৰাজত্বকালতহে আহোম ৰাজ্যৰ ৰাজধানী আছিল।

আহোম-চুতীয়াৰ সংঘৰ্ষ

স্বৰ্গদেউ চুহুংমুং অথবা ৰজা স্বৰ্গনাৰায়ণৰ ৰাজত্বকালত ১৫১৩ খ্ৰীষ্টাব্দত আহোম-চুতীয়াৰ সংঘৰ্ষ আৰম্ভ হয়। সেইসময়ত চুতীয়া ৰজা আছিল ধীৰনাৰায়ণ। এটা সামান্য কথাৰ পৰাই আহোম-চুতীয়াৰ সংঘৰ্ষ আৰম্ভ হৈছিল। চুতীয়াৰাজ ধীৰনাৰায়ণৰ পৰিকল্পনামৰ্মে চুতীয়া সৈন্যই দিখৌমুখত পচলাগড় বান্ধি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ উদ্যত হ’ল। তেনেসময়তে স্বৰ্গদেউ চুহুংমুঙে ফ্ৰাচেংমুং বৰগোঁহাই আৰু খুনলুং খামপেং বুঢ়াগোঁহাইৰ নেতৃত্বত এটা সবল সৈন্যবাহিনী চুতীয়া সৈন্যৰ বিপক্ষে প্ৰেৰণ কৰে। আহোমসকলে নৌযুদ্ধ আৰু স্থলযুদ্ধৰ বলেৰে চুতীয়াসকলক পৰাস্ত কৰিলে আৰু দিখৌমুখৰ পৰা খেদি পঠিয়ালে আৰু দিচাং আৰু দিহিং নৈৰ মাজৰ বিস্তৰ অঞ্চল আহোমসকলে দখল কৰি ললে।

স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত পুনৰ ১৫২০ খ্ৰীষ্টাব্দত আহোম-চুতীয়াৰ সংঘৰ্ষ আৰম্ভ হ’ল। চুতীয়া ৰজা ধীৰনাৰায়নৰ নেতৃত্বত চুতীয়া সৈন্যই দিহিংমুখৰ মুঙখ্ৰংত থকা  আহোমৰ কোঠ আক্ৰমণ কৰিলে। এই আক্ৰমণত আহোমৰ সেনাপতিজন ৰণত পৰিল আৰু আহোম সৈন্যই পৰাজয় স্বীকাৰ কৰি পিছহুহকি আহিল। ফলত আহোমৰ অধীনত থকা এক বৃহৎ অঞ্চল চুতীয়াসকলে দখল কৰি লয়।

স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালতে আহোম-চুতীয়াৰ মাজৰ চূড়ান্ত সংঘৰ্ষ সংঘটিত হয়। ধীৰনাৰায়নৰ মৃত্যুৰ পাছত তেওঁৰ কোনো পুত্ৰ নথকাত তেওঁৰ জোঁৱায়েক নীতিপাল চুতীয়া ৰাজসিংহাসনত অধিষ্ঠিত হয়। নীতিপাল এজন নিম্ন বৰ্ণৰ লোক আছিল আৰু ভাগ্যৰ বলত তেওঁ চুতীয়া ৰাজসিংহাসনত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল। এই কথাটোত কিন্তু চুতীয়া ৰাজ্যৰ উচ্চ শ্ৰেণীৰ বিষয়াসকলে সহজভাৱে ল’ব পৰা নাছিল আৰু বিদ্রোহতো নামি পৰিছিল। আহোম স্বৰ্গদেউ চুহুংমুঙে তেওঁৰ ১৫২০ খ্ৰীষ্টাব্দৰ পৰাজয়ৰ পোতক তুলিবলৈ এইটো পৰিস্থিতিলৈয়ে বাট চাই আছিল আৰু এটা সামান্য কথাতে ১৫২৩ খ্ৰীষ্টাব্দত আহোম-চুতীয়াৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।

চুতীয়া ৰাজ্য শদিয়া দখল

স্বৰ্গদেউ চুহুংমুঙে ফ্ৰাচেংমুং বৰগোঁহাই আৰু খুনলুং খামপেং বুঢ়াগোঁহাইৰ নেতৃত্বত এটা সবল আহোম সৈন্যদল চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিলে। ডিব্ৰু নৈৰ পাৰত হোৱা প্ৰাৰম্ভিক যুদ্ধত আহোম পক্ষই জয়লাভ কৰিলে আৰু প্ৰায় পাঁচ হাজাৰ চুতীয়া যোদ্ধা এই যুদ্ধত ৰণত পৰিল আৰু বাকী থকা চুতীয়া সৈন্যক আহোম সৈন্যবাহিনীয়ে খেদাই নিলে। পৰিস্থিতি ভয়াৱহ হোৱাৰ উমান পাই চুতীয়া ৰজা নীতিপালে আহোম স্বৰ্গদেউ চুহুংমুঙলৈ মিত্ৰতাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিলে। কিন্তু আহোম স্বৰ্গদেউ চুহুংমুঙে চুতীয়া ৰাজবংশৰ ঐতিহাসিক কুবেৰদত্ত সম্পত্তি আহোমক দিলেহে মিত্ৰতাৰ প্ৰস্তাৱত সন্মতি জনাম বুলি ক’লে। কিন্তু নীতিপালে কুবেৰদত্ত সম্পত্তি কোনোপধ্যেই কাকো দিয়া নহ’ব বুলি জনালে।

স্বৰ্গদেউ চুহুংমুঙৰ আদেশত আহোম সৈন্যই পুনৰ উদ্যত হৈ চুতীয়া ৰাজ্য আক্ৰমণ কৰে আৰু চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া দখল কৰে। উপায়হীন হৈ পৰিয়াল আৰু বিষয়া-বৰ্গসহিতে নীতিপালে চন্দ্ৰগিৰি পৰ্বতত অৱস্থান কৰে। আহোম সৈন্যই বিচাৰ-খোচাৰ কৰি চন্দ্ৰগিৰি পৰ্বতত নীতিপাল আৰু চুতীয়া মন্ত্ৰী-বিষয়াক পাই নিৰ্মমভাৱে হত্যা কৰিলে আৰু চুতীয়াৰাজ নীতিপালৰ কটা মূৰ স্বৰ্গদেউ চুহুংমুঙলৈ লৈ আহিল। কিন্তু আহোম সৈন্যই চুতীয়াসকলৰ কুবেৰদত্ত সম্পত্তি অধিকাৰ কৰিব নোৱাৰিলে কিয়নো নীতিপালৰ পত্নী তথা চুতীয়া ৰাণী সতী সাধনীয়ে কুবেৰদত্ত সম্পত্তি বুকুত বান্ধি লৈ চন্দ্ৰগিৰি পাহাৰৰ পৰা নদীত জঁপিয়াই আত্মহত্যা কৰে। এনেদৰে, স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত ১৫১৩ ৰ পৰা ১৫২৪ লৈ চলা আহোম-চুতীয়া সংঘৰ্ষৰ অন্ত পৰিল আৰু ১৫২৪ ত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল কৰা হয়।

শদিয়াখোৱা গোঁহাইৰ নিযুক্তি

১৫২৩ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুহুংমুঙে চুতীয়া ৰাজ্য অধিগ্ৰহণ কৰাৰ পাছত চুতীয়া ৰাজ্য শাসন কৰিবলৈ এক নতুন পদবীৰ সৃষ্টি কৰিলে আৰু সেই পদবীটোৱেই আছিল “শদিয়াখোৱা গোঁহাই”। প্ৰথম “শদিয়াখোৱা গোঁহাই”ৰূপে স্বৰ্গদেউ চুহুংমুঙে ফ্ৰাচেংমুং বৰগোঁহাইক নিযুক্তি দিছিল। শদিয়াখোৱা গোঁহাই পদবীত প্ৰথমে বৰগোঁহাই বংশৰ লোকক নিযুক্তি দিছিল কিন্তু পৰৱৰ্তী সময়ত এই পদত বুঢ়াগোঁহাই বংশৰ লোকক নিযুক্তি দিছিল।

নৰা বিদ্ৰোহ দমন

১৫২৪ খ্ৰীষ্টাব্দত আইতনীয়া নৰাই খামজঙ্গীয়া গোঁহাইৰ সৈতে লগ লাগি আহোম ৰাজ্য আক্ৰমণ কৰে। কিন্তু নৰা ৰজা যুদ্ধত পৰাস্ত হৈ পলাই যায় আৰু বিভিন্ন বঁটা-বাহন আৰু এগৰাকী নৰা কন্যা চুহুংমুং ৰজালৈ দি বশ্যতা স্বীকাৰ কৰি মিত্ৰতা স্থাপন কৰে।

আহোম – কছাৰী সংঘৰ্ষ আৰু চুহুংমুং

স্বৰ্গদেউ চুহুংমুঙে পূব দিশে চুতীয়া ৰাজ্য জয় কৰাৰ পাছত তেওঁৰ ক্ষমতালিপ্সা বৃদ্ধি পাই গৈ আছিল। এইবাৰ চুহুংমুঙে ৰাজ্য বিস্তাৰৰ বাবে পশ্চিমফালৰ কছাৰী ৰাজ্যৰ ফালে মনোনিৱেশ কৰিলে আৰু তেওঁ তাৰ দায়িত্ব অৰ্পণ কৰিলে কনচেং বৰপাত্ৰগোঁহাইক। স্বৰ্গদেউ চুহুংমুঙৰ আদেশত কনচেং বৰপাত্ৰগোঁহায়ে অভিযান আৰম্ভ কৰিলে। পোনপ্ৰথমে,কছাৰীসকলক ৰণত পৰাভূত কৰি দেৰগাঁৱলৈকে কিছুমান অঞ্চল অধিকাৰ কৰি ললে। কনচেং বৰপাত্ৰগোঁহায়ে এইবাৰ চলেৰে দেৰগাঁও অধিকাৰ কৰাৰ পাং পাতিলে আৰু কনচেঙে বুদ্ধি পাঙি কছাৰী সেনাপতিলৈ এইবুলি প্ৰস্তাৱ প্ৰেৰণ কৰিলে যে আহোম আৰু কছাৰী দুয়োটা পক্ষই দেৰগাঁৱত এটাকৈ বলি দিব আৰু যাৰ বলি একে ঘাপতে ছিঙিব দেৰগাঁও সেইপক্ষই লাভ কৰিব। আহোম সেনাপতি কনচেংৰ এই প্ৰস্তাৱত কছাৰী সেনাপতি মান্তি হ’ল। অৱশেষত, সৌভাগ্যক্ৰমে আহোমৰ বলি একেঘাপতে ছিঙিল কিন্তু কছাৰীৰ নিছিঙিল আৰু দেৰগাঁও আহোমে লাভ কৰিলে।

স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহোম-কছাৰীৰ মাজত পুনৰ সংঘৰ্ষ সংঘটিত হয় মৰঙ্গী অঞ্চলটোক লৈ। কনচেং বৰপাত্ৰগোঁহায়ে এইবাৰো পুনৰ যুদ্ধনীতি ত্যাগ কৰি কূটনীতিৰ আশ্ৰয় লয়। কনচেঙ বৰপাত্ৰগোঁহায়ে কছাৰী সেনাপতিলৈ এইবুলি প্ৰস্তাৱ প্ৰেৰণ কৰিলে যে দুয়োপক্ষই মৰঙ্গীত ন হাত দ দুটা পুখুৰী খন্দাব আৰু যিটো পক্ষৰ পুখুৰীত প্ৰথম পানী ওলাব আৰু ওচৰত থকা গছজোপাই যাৰ ৰাজ্য বুলি ক’ব সেই পক্ষই মৰঙ্গী লাভ কৰিব। কছাৰী সেনাপতি কনচেংৰ এই প্ৰস্তাৱত মান্তি হ’ল আৰু দুয়োপক্ষই তাৎক্ষণিকভাৱে পুখুৰী খন্দাত লাগিল। পুখুৰী খান্দি আহোমসকলে মনে মনে সম্পূৰ্ণ পুখুৰীৰ তল মাটিৰে লিপি বাঁহৰ চুঙাৰে কঢ়িয়াই সম্পূৰ্ণ পুখুৰী পানীৰে উপচাই থলে আৰু সেই নিৰ্দিষ্ট গছজোপাৰ ধোন্দত মানুহ সোমোৱাই থলে। কছাৰী আহি আহোমৰ পুখুৰীত পানী দেখি গছজোপাক সুধিব গ’ল যে তাত কাৰ ৰাজ। তেতিয়া গছজোপাত সোমাই থকা আহোম সৈন্যজনে ক’লে যে তাত আহোমৰ ৰাজ। আৰু এনেদৰেই কূটনীতিৰে আহোমে ধনশিৰিলৈকে কছাৰী ৰাজ্যৰ বহু অংশ লাভ কৰিলে।

ডিমাপুৰ দখল

অৱশেষত,কছাৰীসকলে আহোমসকলৰ কূটনীতি বুজি পালে আৰু ১৫২৬ খ্ৰীষ্টাব্দত আহোমৰ বিপক্ষে মুখামুখি সংঘৰ্ষত লিপ্ত হ’ল। দুয়োপক্ষৰ মাজত হোৱা প্ৰথমখন যুদ্ধত আহোমসকল পৰাভূত হৈছিল যদিও দ্বিতীয়খন যুদ্ধত আহোমে কছাৰীসকলক পৰাভূত কৰিলে। কিন্তু দুয়োপক্ষৰ মাজত কোনো সন্ধি স্থাপন নহ’ল। আহোম স্বৰ্গদেউ চুহুংমুঙে কছাৰী ৰাজ্যৰ সীমান্তৱৰ্তী মৰঙ্গীত আহোমৰ কোঠ স্থাপন কৰিলে। এই কাৰ্য্যত তেতিয়াৰ কছাৰী ৰজা খুনখৰা অসন্তুষ্ট হ’ল আৰু ভায়েক ডেটচুংৰ নেতৃত্বত এটা বিশাল সৈন্যবাহিনী আহোম সেনাবাহিনীৰ বিপক্ষে প্ৰেৰণ কৰিলে। স্বৰ্গদেউ চুহুংমুঙে নিজ পুত্ৰ চুক্লেন আৰু চুৰেংক কছাৰী সৈন্যৰ বিপক্ষে প্ৰেৰণ কৰিলে।

আহোম সৈন্যবাহিনীয়ে কছাৰী সৈন্যবাহিনীক পৰাভূত কৰিলে আৰু কছাৰী ৰাজধানী ডিমাপুৰ অধিকাৰ কৰিলে। কছাৰী ৰজা খুনখৰাই ৰাজ্য ত্যাগ কৰি পলায়ন কৰিলে। এজন কছাৰী ৰাজকোঁৱৰ ডেটচুঙে আহোম স্বৰ্গদেউ চুহুংমুঙক সোণ,ৰূপ, নানাধৰণৰ সামগ্ৰী আৰু নিজৰ ভনীয়েকক বিয়া দি আহোমৰ বশ্যতা স্বীকাৰ কৰিলে। তাৰপাছতেই স্বৰ্গদেউ চুহুংমুঙে ডেটচুংক কছাৰী ৰাজ্যৰ কৰতলীয়া ৰজা পাতিলে। কিন্তু কিছুবছৰ পাছতেই ডেটচুঙে আহোম ৰাজ্যৰ বিপক্ষে বিদ্ৰোহ কৰাত স্বৰ্গদেউ চুহুংমুঙে আহোম সৈন্য-সামন্ত প্ৰেৰণ কৰি ১৫৩৬ খ্ৰীষ্টাব্দত কছাৰী ৰাজ্য আহোম ৰাজ্যত চামিল কৰিলে।

মৰঙ্গীখোৱা গোঁহাইৰ নিযুক্তি

কছাৰী ৰাজ্য অধিকাৰ কৰি আহোম স্বৰ্গদেউ চুহুংমুঙে এই ৰাজ্যখণ্ড শাসন কৰিবলৈ মৰঙ্গীখোৱা গোঁহাই নামৰ এক নতুন বিষয়াৰ নিযুক্তি দিয়ে। এই মৰঙ্গীখোৱা গোঁহাইক বুঢ়াগোঁহাই ফৈদৰ পৰা নিযুক্তি দিয়া হৈছিল। প্ৰথম মৰঙ্গীখোৱা গোঁহাই হিচাপে চুহুংমুঙে চুৰ্পা বৰচেতিয়াক নিযুক্তি প্ৰদান কৰিছিল।

ভূঞা দমন

স্বৰ্গদেউ চুহুংমুঙে স্বাধীন ভূঞাসকলক দমন কৰি আহোম ৰাজ্যৰ নিৰাপত্তা সুদৃঢ় কৰিবলৈ সক্ষম হৈছিল। স্বৰ্গদেউ চুহুংমুঙে ভূঞা নেতাসকলক ভাগ ভাগ কছাৰী ৰাজ্যৰ সীমাত সংস্থাপন কৰিছিল আৰু ইয়াৰ দ্বাৰা ভূঞাসকলক একতা ভঙ্গ হৈছিল আৰু তেওঁলোকে কছাৰী আক্ৰমণৰ বিপক্ষে সদায় সতৰ্ক হৈ থাকিব লগা হৈছিল।

স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালতে সাধাৰণ অপৰাধতে আহোম সৈন্যই শংকৰদেৱৰ জোঁৱায়েক হৰিক শিৰচ্ছেদ কৰিছিল আৰু শংকৰদেৱে আহোম সৈন্যৰ উপদ্ৰৱত আহোম ৰাজ্যৰ পৰা গৈ কোঁচ ৰাজ্যত প্ৰৱেশ কৰিছিল।

আহোম – মুছলমানৰ সংঘৰ্ষত চুহুংমুং

স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালতে প্ৰথমবাৰৰ বাবে মুছলমান সৈন্যই আহোম ৰাজ্য আক্ৰমণ কৰিছিল। সেইসময়ৰ বংগৰ চুলতান নছৰত খাই আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ সৈন্য প্ৰেৰণ কৰিছিল। স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত মুছলমানসকলৰ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল বৰউজীৰৰ নেতৃত্বত ১৫২৭ খ্ৰীষ্টাব্দত। আহোম-কছাৰী সংঘৰ্ষত পৰাভূত হোৱা কছাৰী ৰজা খুনখৰাও বৰউজীৰৰ লগত আহোম ৰাজ্য আক্ৰমণৰ বাবে আহিছিল। স্বৰ্গদেউ চুহুংমুঙে এক শক্তিশালী আহোম সৈন্যদল প্ৰেৰণ কৰে আৰু আহোমসকলে এই যুদ্ধত বৰউজীৰ নেতৃত্বাধীন মুছলমান সেনাক পৰাস্ত কৰে আৰু বুৰৈ নৈলৈকে খেদি যায় আৰু লগতে মুছলমানৰ চল্লিশ(৪০)টা ঘোঁৰা আৰু প্ৰায় বিশ(২০)ৰ পৰা চল্লিশ(৪০)টামান বৰটোপ হস্তগত কৰে। এই জয়লাভৰ পাছতেই আহোম স্বৰ্গদেউ চুহুংমুঙে বুৰৈ নৈৰ পাৰতে এটা কোঠ মৰায় আৰু এটা আহোম সৈন্য চাউনি স্থাপন কৰে।

তাৰপাছতেই বিতমালিক নামৰ এজন সেনাপতিৰ নেতৃত্বত পুনৰ মুছলমানসকল আহোম ৰাজ্য আক্ৰখন কৰিবলৈ আহে ১৫৩১ খ্ৰীষ্টাব্দত। বিতমালিকৰ এই সৈন্যবাহিনীত প্ৰায় লক্ষাধিক সৈন্য আছিল। কনচেং বৰপাত্ৰগোঁহাইৰ নেতৃত্বত আহোম সৈন্যই মহাশক্তিৰে এই যুঁজত অৱতীৰ্ণ হয় আৰু বিতমালিকক হেংদাঙেৰে কাটি দুচেও কৰে। নিজ সেনাপতিৰ এনে মৃত্যুত মুছলমান সৈন্যসকল ভয়ত কম্পমান হয় আৰু তাৰপৰা মুছলমান সৈন্যদল পলাই যায়। আহোম সৈন্যই মুছলমান সৈন্যক পিছে পিছে খেদি যায় আৰু আহোম ৰাজ্যৰ সীমা পাৰ কৰি থৈ আহেগৈ। এই যুদ্ধটো আহোম সৈন্যই মুছলমানসকলৰ প্ৰায় বিশ(২০)টা ঘোঁৰা আৰু অনেক বন্দুক,বৰটোপ হস্তগত কৰে।

তুৰ্বকৰ আক্ৰমণ

স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালৰ মুছলমানসকলৰ আটাইতকৈ ভয়াৱহ আক্ৰমণটো আছিল ১৫৩২ খ্ৰীষ্টাব্দৰ তুৰ্বক খানৰ আক্ৰমণ। তুৰ্বকে প্ৰায় ত্ৰিশ(৩০) টা হাতী,এহেজাৰ(১০০০)টা ঘোঁৰা,অনেক অস্ত্ৰ-শস্ত্ৰ আৰু লক্ষাধিক সৈন্য লৈ আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহে। তুৰ্বক খানে প্ৰথমে আহি শিঙৰীত কোঠ মাৰে। আহোম স্বৰ্গদেউ চুহুংমুঙে ফ্ৰাচেংমুং বৰগোঁহাই আৰু নিজৰ কেউজন পুত্ৰক তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ দিবলৈ কনচেং বৰপাত্ৰগোঁহাইক সহায় কৰিবলৈ পঠালে। যিহেতু আহোমসকলৰ নিয়ম অনুসৰি ৰণলৈ যোৱাৰ আগতে কুকুৰাৰ ঠেঙৰে মঙ্গল চোৱায়। মঙ্গল চাই বাইলুং,দেওধাইসকলে ক’লে যে যি পক্ষই নৈ পাৰ হৈ আহি আক্ৰমণ কৰিব,সেই পক্ষৰ যুদ্ধত পৰাজয় হ’ব।

সেয়ে,আহোম সৈন্যই নিজ কোঠ এৰি গৈ মুছলমান সৈন্যক আক্ৰমণ কৰা নাছিল,কেৱল মাজে সময়ে সৰু-সুৰা আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছিল। বহুদিন পাৰ হৈ যোৱাৰ পাছত ধৈৰ্য ধৰিব নোৱাৰি ৰাজকোঁৱৰ চুক্লেনে জ্যোতিষীৰ কথা পেলাই নৈ পাৰ হৈ তুৰ্বকৰ সৈন্যক আক্ৰমণ কৰে। তুৰ্বকৰ সৈন্যই ভয়াৱহভাৱে প্ৰত্যাক্ৰমণ কৰে আৰু এই যুদ্ধত প্ৰায় ১৩০০ মান আহোম সৈন্য ৰণত পৰে। ৰাজকোঁৱৰ চুক্লেন গুৰুতভাৱে আঘাতপ্ৰাপ্ত হয় আৰু কোনোমতেহে প্ৰাণ লৈ উভতি আহিবলৈ সক্ষম হয়। এই যুদ্ধত ফ্ৰাচেংমুং বৰগোঁহাইকে ধৰি প্ৰায় আঠজন আহোম সেনাপতি ৰণত পৰে। এই যুদ্ধত পৰাজয়ৰ পাছতে আহোম সৈন্যৰ মনোবল হ্ৰাস প্ৰায় আৰু আহোম সৈন্যসকলে শলাৰ স্বৰ্গদেউ চুহুংমুঙৰ কোঠলৈকে পিছুৱাই আহে। মুছলমান সৈন্যবাহিনীয়ে এইসময়তে সুবিধা পাই কলিয়াবৰত কোঠ মাৰে।

মূলাগাভৰু

এনে সংকটৰ মুহূৰ্ততে আহোম সৈন্যবাহিনীৰ হেৰুওৱা মনোবল ঘূৰাই আনে মৃত ফ্ৰাচেংমুং বৰগোঁহাইৰ বিধৱা পত্নী মূলগাভৰুয়ে। এক মহিলা যোদ্ধাৰ দলক নেতৃত্ব দি মূলাগাভৰুয়ে পতিহন্তা তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু প্ৰাণত্যাগ কৰে। মূলাগাভৰুৰ মহান ত্যাগে আহোম সৈন্যৰ মনত পুনৰবাৰ আশাৰ সঞ্চাৰ কৰে আৰু মুছলমান সেনাৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ কৰে। আহোম সৈন্যৰ প্ৰত্যাক্ৰমণত মুছলমান সৈন্য পিছহুহকি যাবলৈ বাধ্য হয়। ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত দুইমুনি শিলাত এখন নৌযুদ্ধ সংঘটিত হয়। এই যুদ্ধত আহোম সৈন্যবাহিনীয়ে জয়লাভ কৰে আৰু প্ৰায় ২৫০০ মুছলমান সৈন্য ৰণত পৰে।

এইসময়তে হুছেইন খান নামৰ এজন সেনাপতিৰ নেতৃত্বত হাজাৰোধিক মুছলমান সৈন্যই তুৰ্বকৰ বাহিনীৰ লগ লাগেহি আৰু দিকৰাই মুখত তেওঁলোকৰ কোঠ স্থাপন কৰে। স্বৰ্গদেউ চুহুংমুঙৰ আদেশত আহোম সেনাপতিসকলে মুছলমানৰ কোঠৰ ওচৰতে নিজৰ কোঠ মাৰে। ইয়াতেই দুয়োপক্ষৰ মাজত চেগা-চোৰোকাকৈ সংঘৰ্ষ হৈ থাকে যদিও একো ফলাফল নোলাল। অৱশেষত,পাছদিনা স্বৰ্গদেউ চুহুংমুঙৰ আদেশমৰ্মে আহোম সৈন্যই মুছলমান সৈন্যক আক্ৰমণ কৰে। মুছলমান সৈন্যই নিজ কোঠ এৰি পলায়ন কৰে আৰু আহোম সৈন্যই পিছে পিছে খেদি যায় আৰু অনেক মুছলমান সৈন্যক হত্যা কৰে। ভৰলী নদীৰ পাৰত হোৱা অন্তিম যুদ্ধত আহোম সৈন্যই মুছলমান সৈন্যক কচু কটা দিয়ে।

মুছলমান সেনানায়ক হুছেইন খান ৰণত পৰে আৰু কনচেং বৰপাত্ৰগোঁহায়ে নিজ হেংদাঙেৰে তুৰ্বকৰ মূৰ কাটে আৰু বাকী থকা মুছলমান সৈন্যক খেদি নি কৰতোৱা নদী পাৰ কৰি থৈ আহেগৈ। তেতিয়াই আহোম ৰাজ্যৰ সীমা কৰতোৱালৈকে সম্প্ৰসাৰিত হৈছিল। যুদ্ধৰ পৰা উভতি আহি আহোম সৈন্যই তুৰ্বক আৰু হুছেইন খানৰ মূৰ চৰাইদেওত মৈদাম দিয়ে। এই যুদ্ধৰ পৰা আহোমসকলে আঠাইশ(২৮)টা হাতী,৮৫০ টা ঘোঁৰা আৰু বহুতো অস্ত্ৰ-শস্ত্ৰ আৰু ধন-সোণ লাভ কৰিছিল।

মৰিয়াৰ সৃষ্টি

স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত হোৱা আহোম-মুছলমান সংঘৰ্ষৰ পৰৱৰ্তী কালতে অসমত মৰিয়াৰ উদ্ভৱ হয়। মৰিয়াসকল আছিল সেই যুদ্ধত বন্দী হোৱা মুছলমান সৈন্যসকল। তেওঁলোকক প্ৰথমে আন আন কাম দিয়া হৈছিল যদিও সেইবোৰ ভালকৈ কৰিব নোৱাৰাত তেওঁলোকে পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা আৰম্ভ কৰে। সেয়ে তেওঁলোকক কালক্ৰমত মৰিয়া হিচাপে জনা যায়।

আহোম-কোঁচ সম্পৰ্ক

কনচেং বৰপাত্ৰগোঁহায়ে মুছলমানক কৰতোৱা নদী পাৰ কৰি খেদি থৈ আহোঁতে বাটত কোঁচ ৰাজ্যখনো আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল কিন্তু নতুনকৈ গঢ়ি উঠা কোঁচ ৰাজ্যৰ ৰজা বিশ্বসিংহই নানা মূল্যৱান সামগ্ৰী দি আহোমৰ বশ্যতা স্বীকাৰ কৰে। কিন্তু তাৰ কিছুবছৰ পাছতেই স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালতে ১৫৩৭ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ বিশ্বসিংহ শিঙৰীলৈকে আগুৱাই আহে কিন্তু তেওঁলোকৰ সৈন্যৰ ৰচদ-পাতি শেষ হোৱাত পুনৰ নিজৰ ৰাজ্যলৈ উভতি যায় আৰু নানা উপহাৰ প্ৰেৰণ কৰি আহোম স্বৰ্গদেউ চুহুংমুঙৰ লগত মিত্ৰতা স্থাপন কৰে।

স্বৰ্গদেউ চুহুংমুঙৰ মৃত্যু

স্বৰ্গদেউ চুহুংমুঙে ১৪৯৭ খ্ৰীষ্টাব্দৰ পৰা ১৫৩৯ খ্ৰীষ্টাব্দলৈ প্ৰায় ৪২ বছৰ আহোম ৰাজ্য শাসন কৰে। স্বৰ্গদেউ চুহুংমুঙৰ তেখেতৰ পুত্ৰ  চুক্লেনৰ লগত বহু কথাত মতান্তৰ হৈছিল আৰু এই মতান্তৰৰ ফলত পিতা-পুত্ৰৰ মাজত ৰণো সংঘটিত হৈছিল। আৰু অৱশেষত,বহু চল কৰি পুত্ৰ চুক্লেনেই লেহেতীয়া নামৰ এক কছাৰী যুৱকৰ হতুৱাই স্বৰ্গদেউ চুহুংমুঙক যাঠিৰে খুচি হত্যা কৰোৱালে আৰু এনেকৈয়ে আহোমৰ এজন অন্যতম শ্ৰেষ্ঠ স্বৰ্গদেউৰ মৃত্যু ঘটিল।

স্বৰ্গদেউ চুহুংমুঙক “অসম নেপোলিয়ন” বুলি অভিহিত কৰা হয়। তেওঁৰ ৪২ বছৰীয়া ৰাজত্বকালত তেওঁ আহোম ৰাজ্যৰ সকলো দিশৰ প্ৰতি মনোনিৱেশ কৰিছিল। পূৱ-পশ্চিম দুয়োফালেই চুহুংমুঙে নিজ ৰাজ্যৰ বিস্তাৰ কৰিছিল আৰু আহোম ৰাজ্যৰ শক্তি সকলোকে প্ৰমাণ কৰি দেখুৱাইছিল। স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালতে আহোম ৰাজ্যৰ সীমাই কৰতোৱা নদীলৈকে স্পৰ্শ কৰিছিল আৰু ইয়েই আছিল পশ্চিম দিশত আহোম ৰাজ্যৰ সৰ্বোচ্চ বিস্তাৰ। স্বৰ্গদেউ চুহুংমুং কেৱল ৰাজ্য বিস্তাৰতে ব্যস্ত হৈ থকা নাছিল আহোম ৰাজ্যখন পুনৰ সংগঠন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ভালেমান নতুন নতুন পদবীৰ সৃষ্টি কৰিছিল। লগতে তেওঁ পৰাভূত কৰা কছাৰী,চুতীয়া,ভূঞাসকলৰ কৃষ্টি-সংস্কৃতিও আহোমৰ কৃষ্টি-সংস্কৃতিৰ মাজত একাকাৰ কৰি সম্প্ৰীতিৰ এনাজৰী বান্ধিছিল। স্বৰ্গদেউ চুহুংমুঙেই পৰৱৰ্তী আহোম ৰজাসকলক সাম্ৰাজ্যবাদী নীতি গ্ৰহণৰ বাবে অনুপ্ৰেৰণা যোগাইছিল।

সহায়ক গ্ৰন্থপঞ্জী :-

১) আহোমৰ দিন :- হিতেশ্বৰ বৰবৰুৱা
২) ইতিহাসে সোঁৱৰা ছশটা বছৰ :- সৰ্বানন্দ ৰাজকুমাৰ
৩) অসমৰ বুৰঞ্জী – পদ্মনাথ গোহাঞি বৰুৱা
৪)  আসাম বুৰঞ্জী পুথি – কাশীনাথ তামুলী ফুকন 
৫) আসাম বুৰঞ্জী – গুণাভিৰাম বৰুৱা 

আৰু পঢ়ক চুপিমফা- আহোমৰ ত্ৰয়োদশজন স্বৰ্গদেউ

2.5 2 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] খ্ৰীষ্টাব্দত চতুৰ্দশজন আহোম স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাক তেখেতৰ পুত্ৰ […]

2
0
Would love your thoughts, please comment.x
()
x