তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

হেমচন্দ্ৰ বৰুৱা

(ভাষাৰ ওজা পণ্ডিত হেমচন্দ্ৰ বৰুৱা আছিল অসমীয়া ভাষাৰ এজন বিদগ্ধ পণ্ডিত। হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে সাৰথিৰ পাঠকসকলৰ বাবে আমাৰ এটি চমু লেখা)

মানৰ আক্ৰমণ আৰু ইংৰাজৰ অসম দখলৰ ফলত নিশকতীয়া হৈ পৰা অসমীয়া জাতিটোক কলমেৰে নেতৃত্ব দিবলৈ সেই যুগসন্ধিৰ সময়ছোৱাতেই ওলাই আহিছিল এজন বীৰ পুৰুষ। তেওঁৰ নেতৃত্বতেই প্ৰাণৰ তাড়নাত মূমুৰ্ষ হৈ পৰি থকা অসমীয়া ভাষাটোৱে সঞ্জীৱনী লাভ কৰাই নহয় ই সময়ৰ সোঁতত লাহে লাহে সুন্দৰ, সুঠাম ৰূপো ধাৰণ কৰিলে। সেই বীৰপুৰুষজনেই হ’ল ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা। সেইসময়ত অসমৰ পঢ়াশালি, আদালত, চৰকাৰী কাৰ্যালয় আদিত অসমীয়া ভাষাৰ ঠাইত বাংলা ভাষা চলিছিল। আনকি সেইসময়ত শিক্ষিত অসমীয়া মানুহেও বাংলা ভাষাতেই চিঠি-পত্ৰ দিয়াৰে পৰা আৰম্ভ কৰি শিক্ষিতৰ চিনস্বৰূপে কেতিয়াবা বাংলা ভাষা কোৱাও আৰম্ভ কৰিছিল। অসমীয়া ভাষাই মাতৃভূমিতেই নিজ সন্তানৰ হাততেই এলাগী হৈ পৰিছিল।

সেই সময়তে এই কাল অমানিশা দূৰ কৰাৰ নিমিত্তে তেওঁ লিখি উলিয়ালে প্ৰথমখন বৈজ্ঞানিকভাৱে পদ্ধতিগত অসমীয়া অভিধান আৰু ব্যাকৰণ। লিখি উলিয়ালে পঢ়াশলিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথি আৰু সাহিত্যিক মূল্য নিহিত হৈ থকা কেইবাখনো গ্ৰন্থ। কেৱল সিমানেই নহয় তেওঁ উনবিংশ শতিকাৰ অসমীয়া আৰু ভাৰতীয় সমাজখনত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংসস্কাৰবোৰৰো সজোৰেৰে বিৰোধিতা কৰি এটা বিজ্ঞানমষ্ক আৰু প্ৰগতিশীল মনৰ দৃষ্টান্ত দাঙি ধৰিছিল। তেওঁ সতী দাহ প্ৰথাৰ বিৰোধিতা কৰিছিল, বিধৱা বিবাহৰ সমৰ্থন কৰিছিল আৰু সেই সময়ত প্ৰচলিত “ইংৰাজী শিকিলে জাত যায়’’ বোলা কথাষাৰৰ বিৰুদ্ধে গৈ সেই সময়ৰ ইংৰাজী জনা মুষ্টিমেয় অসমীয়া মানুহ কেইজনৰ এজন হৈ পৰিছিল।  সেয়ে হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোক (১০ ডিচেম্বৰ) ২০০৫ চনৰ পৰা ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস’ হিচাপে ‘ইলোৰা বিজ্ঞান মঞ্চ’ই পালন কৰি আহিছে।

হেমচন্দ্ৰ বৰুৱাৰ জন্ম আৰু শৈশৱ

হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল বিখ্যাত বেজবৰুৱা বংশত। তেওঁলোকৰ উপৰি পুৰুষৰ নাম আছিল কলিবৰ। তেওঁ শাস্ত্ৰবিদ্যাত পাৰ্গত এজন কনৌজ দেশীয় ব্ৰাহ্মণ আছিল। তেওঁ আয়ুৰ্বেদ শাস্ত্ৰত  বিশেষভাৱে পাৰ্গত হোৱাৰ বাবে স্বৰ্গদেউ জয়ধ্বজ সিংহই তেওঁক বেজসকলৰ প্ৰধান বেজবৰুৱা পাতিলে। সেই কলিবৰ বেজবৰুৱাৰে বংশধৰ মুক্তাৰাম বৰুৱাৰ পুত্ৰ হিচাপে ১৮৩৫ চনৰ ১০ ডিচেম্বৰ তাৰিখে দেৰগাঁৱৰ ৰজা-বাহৰত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ মাতৃৰ নাম আছিল ৰূপহী দেৱী। তেখেতৰ পিতৃ মুক্তাৰাম বৰুৱা এজন সংস্কৃত আৰু আয়ুৰ্বেদত পাৰ্গত লোক আছিল। হেমচন্দ্ৰ বৰুৱাৰ তুলসীৰাম আৰু কমলচন্দ্ৰ নামেৰে দুজন ভাতৃ আৰু পূৰ্ণা দেৱী নামেৰে এগৰাকী ভগ্নী আছিল। তেখেতে শৈশৱ কালটো খেল-ধেমালিৰ মাজেৰে পাৰ কৰাইছিল। তেওঁৰ আত্মজীৱনীত উল্লেখ থকা মতে তেখেতৰ ৯ বছৰ বয়সলৈকে তেখেতৰ দেউতাকে তেওঁক শিক্ষা দিয়াৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লোৱা নাছিল। কিয়নো দেউতাকে মুক্তাৰাম বৰুৱাই প্ৰথমা পত্নীৰ সন্তান যোগেশ্বৰ বৰুৱাক বিদ্যা- শিক্ষা দি একেবাৰে পাৰ্গত কৰি তুলিছিল। কিন্তু পুত্ৰ যোগেশ্বৰৰ ১৮ বছৰ বয়সতে অকাল মৃত্যু হোৱাত মুক্তাৰাম বৰুৱাই মনৰ দুখত একেবাৰে ভাগি পৰিছিল আৰু হেমচন্দ্ৰ বৰুৱাৰ ক্ষেত্ৰতো একে হয় বুলি ভাবিয়েই দেউতাকে তেওঁক শিক্ষাৰ দিয়াৰ পৰা বিৰত আছিল।

হেমচন্দ্ৰ বৰুৱাৰ শিক্ষা গ্ৰহণ আৰু শিক্ষা নবিচ হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি-

যিহেতু হেমচন্দ্ৰ বৰুৱাৰ পিতৃয়ে তেখতৰ শিক্ষাত বিশেষ মন দিয়া নাছিল সেয়ে তেওঁ অন্যলোকৰ মুখৰ পৰা শুনিয়েই সংস্কৃত আৰু অসমীয়া বৰ্ণমালাবোৰ আয়ত্ব কৰিছিল। কিন্তু তাতকৈ বিশেষ তেওঁ আগুৱাব পৰা নাছিল। অৱশেষত ৯ বছৰ মান বয়সত তেখেতৰ পিতৃয়ে তেওঁৰ বিদ্যাৰম্ভ কৰালে। আত্মজীৱনীত উল্লেখ থকা মতে, দেউতাকে তেওঁক সংস্কৃত বৰ্ণমালাৰ সৈতে পৰিচয় নকৰোৱাকৈয়ে আখৰ জোঁটনিৰ শিক্ষা দিছিল। এনেকৈয়ে লাহে লাহে তেওঁ সংস্কৃত পঢ়িব পৰা হৈছিল। ইয়াৰো উপৰিও তেওঁ সেই সময়তে দ্ৰোণপৰ্ব্ব, কৰ্ণপৰ্ব্ব আদি অসমীয়া পদপুথি আৰু দুই- এখন বঙালী নীতিকথা আৰু মনোৰঞ্জনৰ পুথি পঢ়িও অসমীয়া আৰু বঙালী ভাষাৰ শিক্ষা লৈছিল। তাৰ পাছতেই তেওঁক দেউতাকে তেওঁক সংস্কৃত ব্যাকৰণৰ শিক্ষা দিয়া আৰম্ভ কৰে। সেই সময়তে তেখেতৰ দেউতাক কলেৰা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাত তেখেতৰ শিক্ষাগ্ৰহণ সিমানতে সমাপ্ত হোৱাৰ লগতে তেখেতৰ পৰিয়ালটোলৈকো কাল অমানিশা নামি আহে।

সেইসময়তে তেওঁলোকৰ পৰিয়ালটোক এই দুৰ্যোগৰ পৰা উদ্ধাক কৰে মুক্তাৰাম বৰুৱাৰ খুৰাকৰ পুতেক লক্ষ্মীনাথ বৰুৱাই। মুক্তাৰাম বৰুৱাৰ মৃত্যুৰ বাতৰি পায় লক্ষ্মীনাথে তেওঁৰ কাকয়েকৰ পৰিয়ালৰ সকলোকে শিৱসাগৰলৈ লৈ যায় আৰু তেওঁলোকৰ চোৱা- চিতাৰ দ্বায়িত্বও মূৰ পাতি লয়। সেইসময়ত লক্ষ্মীনাথ বৰুৱাই শিৱসাগৰত কালেক্টৰী চিৰস্তদাৰৰ চাকৰি কৰিছিল। তেওঁ চৰকাৰী কাম শিকিবৰ বাবে হেমচন্দ্ৰ বৰুৱাক মাহে চাৰি টকা দৰ্মহাত শিক্ষা-নবিচ নিযুক্ত কৰে। যাৰ ফলত দেউতাকৰ মৃত্যুৰ পাছত ৰৈ যোৱা তেওঁৰ শিক্ষা জীৱন পুনৰ আৰম্ভ হয়। তেওঁ দৈনিক কাছাৰীত বঙলা লিখিবলৈ-পঢ়িবলৈ শিকি পুৱা-গধূলি উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ পঢ়াশালিত সংস্কৃত শিকিবলৈ লয়।

হেমচন্দ্ৰ বৰুৱাৰ ইংৰাজী শিক্ষা

হেমচন্দ্ৰ বৰুৱাৰ দদায়েক লক্ষ্মীনাথ ইংৰাজী শিক্ষাৰ ঘোৰ বিৰোধী আছিল। সেয়ে তেওঁৰ ইংৰাজী শিকিবলৈ মন থকা স্বত্ত্বেও ইংৰাজী শিকিব নোৱাৰিছিল। কিন্তু তেওঁ মাজে সময়ে শিৱসাগৰ জিনাৰ অধিপতি কেপ্তেইন ব্ৰডী চাহাবৰ ঘৰলৈ গৈ দেৱনাগীৰি লিপিৰে লিখিত হিন্দী ভাষাৰ শিক্ষা লয় আৰু হিন্দী ভাষাৰ কিতাপ-পত্ৰ পঢ়িব পৰা হয়। সেইসময়তে তেওঁ ব্ৰডী চাহাবৰ সহায়তেই লুকাই-চুৰকৈ ইংৰাজী ভাষাৰ বৰ্ণমালা পৰ্যন্ত শিক্ষা লয়। কিন্তু এই কথা দদায়েকৰ কাণত পৰাত ক্ষোভত জৰ্জৰিত হৈ তেওঁ হেমচন্দ্ৰ বৰুৱাক পঢ়া-শুনা এৰুৱাই ঘৰলৈ মাতি আনিলে। সিমানতে তেওঁৰ ইংৰাজী শিক্ষাৰ লগতে সংস্কৃত শিক্ষাও অন্ত পৰে বুলি ক’ব পাৰি।

ইমানবোৰ ঘটনা হৈ যোৱাৰ পাছতো কিন্তু বৰুৱাই তেওঁৰ বিদ্যোত্সাহী মনটোক ইংৰাজী শিকাৰ পৰা বিৰত ৰাখিব নোৱাৰিলে। এদিন হঠাত্ তেওঁৰ বন্ধু ইংৰাজী স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ কুশৰাম গগৈৰ সৈতে সাক্ষাত্ হোৱাত বন্ধুজনে তেওঁক ইংৰাজী শিকিবলৈ পৰামৰ্শ দিয়ে। আৰু তেওঁৰ পৰামৰ্শকে সৰোগত কৰি তেওঁ পুনৰ ইংৰাজী শিক্ষা আৰম্ভ কৰিবলৈ মনস্থিৰ কৰিলে। তেওঁৰ বন্ধুজনে তেওঁক ইংৰাজী ভাষা শিক্ষাৰ দুই-এখন কিতাপ দি সহায় কৰাৰ লগতে পঢ়াতো সহায় কৰি দিবৰ বাবে গাত লয়। ইয়াৰউপৰিও তেওঁৰ কেইবাজনো বন্ধুৱে তেওঁক এই কাৰ্যত সহায় কৰে। হেমচন্দ্ৰ বৰুৱাই তেওঁৰ আত্মজীৱনীত তেওঁৰ ইংৰাজী শিক্ষাৰ ক্ষেত্ৰত পৰমানন্দ ভৰালী (শিক্ষক) আৰু প্ৰিয়লাল বৰুৱা (প্ৰথম অসমীয়া ডেপুটি ইন্সপেক্টৰ) নামৰ দুজন ভদ্ৰলোকৰ পৰাও বিশেষভাবে সহায় পোৱাৰ কথা উল্লেখ কৰিছে। শেষত তেওঁ এই বিষয়ত অধিক শিক্ষা লাভ কৰিবৰ বাবে আমেৰিকান মিছনেৰীসকলৰ কাষ চাপে। তেওঁলোকেই বৰুৱাক পৰম আগ্ৰহেৰে ইংৰাজী শিক্ষা দিবলৈ লয়। এসময়ত সকলোৰে সহযোগত তেওঁ ইংৰাজী বিষয়ত এজন পাৰ্গত লোক হৈ উঠে।

হেমচন্দ্ৰ বৰুৱাৰ চাকৰি জীৱন

মাত্ৰ চাৰি টকা দৰ্মহাৰে কৰ্ম জীৱন আৰম্ভ কৰা হেমচন্দ্ৰ বৰুৱাই সেই সময়ত এজন শিক্ষিত অসমীয়াই নিযুক্তি পাব পৰা বহুকেইটা উচ্চ পদবীত নিযুক্তি পাইছিল। এই ক্ষেত্ৰত তেওঁক সহায় কৰিছিল অত্যন্ত প্ৰত্যাহ্বানৰ মাজেৰে আয়ত্ব কৰা ইংৰাজী বিষয়ৰ জ্ঞানে। তেওঁ কৰ্মজীৱন আছিল চমুকৈ এনেধৰণৰ—

১) গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদত ৬ মাহৰ বাবে যোগদান।

২) শিৱসাগৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষা প্ৰদান।

৩) পুনৰ ৰাজহ বিভাগৰ ৰেভিনিউ মহাফেজ চাকৰিত যোগদান। (১৮৬২ চনলৈকে)

৪) অসমৰ জুডিচিয়েল কমিছনাৰ মেজৰ-জেনেৰেলৰ আদালতত ট্ৰেন্সলেটৰ বা ভাষা ভঙা কাকতী হিচাপে যোগদান।

৫) অসমৰ জুডিচিয়েল কমিছনাৰ মেজৰ-জেনেৰেলৰ কাৰ্যালয়ৰ অধীক্ষক (চুপাৰিণ্টেডেণ্ট) পদলৈ পদোন্নতি লাভ আৰু অৱসৰ গ্ৰহণ।

ব্যক্তিগত জীৱন

হেমচন্দ্ৰ বৰুৱাই গুৱাহাটালৈ চাকৰিসূত্ৰে অহাৰ আগে আগে বিয়া কৰাইছিল বুলি জনা যায় যদিও তেখেতৰ পত্নীৰ নাম জনা নাযায়। তেওঁলোকৰ এটি কন্যা সন্তান আছিল। সন্তানটিৰ নাম আছিল সাৰদা দেৱী (অন্য নাম পদ্মাৱতী)। পিছে বিয়াৰ দুবছৰৰ পাছতেই তেওঁৰ পত্নী কলেৰা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। কিন্তু আচাৰ্যজনকভাবে তেওঁ পুনৰ বিবাহ নকৰালে। ইয়াৰ সপক্ষে তেওঁ যুক্তি দিলে যদিহে পত্নীৰ মৃত্যু নহৈ তেওঁৰ মৃত্যু হ’লহেতেন তেতিয়াহ’লেতো তেওঁ পত্নীয়ে বিধৱা হৈয়ে জীৱন কটাব লাগিলহেঁতেন সেয়ে তেৱোঁ পুনৰ বিবাহ কৰাটো যুক্তিসংগত নহয়। উল্লেখযোগ্য যে, তেওঁ চৰকাৰী বিষয়া হৈ থকা কালত বিধৱা বিবাহৰ সপক্ষে ইংৰাজ বিষয়াসকলৰ আগত মতামত দাঙি ধৰিছিল।

‘হেমকোষ’ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা

অসমীয়া ভাষাৰ প্ৰথমখন অভিধান হৈছে মাইলছ ব্ৰনছন প্ৰণীত ‘অসমিয়া অভিধান’। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এজন ব্যক্তিয়ে কৰা এই কামক হেমচন্দ্ৰ বৰুৱাই প্ৰশংসা কৰিছিল যদিও এই অভিধানৰ বৰ্ণক্ৰম, আখৰ জোঁটনি আৰু বানান আদি কথাবোৰ তেওঁ মানি লবলৈ টান পাইছিল। তাৰ বিপৰীতে বৰুৱাই সংস্কৃতৰ অনুকৰণত অসমীয়া ভাষাৰ বৰ্ণক্ৰম, আখৰ জোঁটনি আৰু বানান হ’ব লাগে বুলি মত পোষণ কৰিছিল। সেয়ে হ’লেহে অসমীয়া ভাষাটো অধিক প্ৰণালীবদ্ধ আৰু বৈজ্ঞানিক হ’ব বুলি মত পোষণ কৰিছিল। সেই অসমীয়া ভাষাৰ চলি থকা দুৰাৱস্থা দেখি তেওঁ নিজেই এই দ্বায়িত্ব মুৰ পাতি লয়। আজিৰ পাৰ ডেৰশ বছৰ আগতেই তেওঁ সাতবছৰ অকলে পৰিশ্ৰম কৰিয়েই ‘হেমকোষ’ অভিধান লিখি উলিয়াইছিল। সেই সময়ত অসমত স্কুল-কলেজ নাছিল, পণ্ডিত সমাজ নাছিল, পুথি ভঁৰাল নাছিল আনকি তেওঁ নিজে লেখা কেইখনৰ বাহিৰে আধুনিক অসমীয়া ভাষাত লিখা কিতাপ- পত্ৰও বৰ-বেছি নাছিল অথচ এনে এটা পৰিবেশতেই কাছাৰীৰ চিৰস্তাদাৰ হেমচন্দ্ৰ বৰুৱাই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে ৪০ হাজাৰ শব্দযুক্ত ‘হেমকোষ’ অভিধানখন লিখি উলিয়াইছিল। প্ৰায় ডেৰ শতাব্দী পাৰ হৈ যোৱাৰ পিছতো আজিও সেইখনেই অসমীয়া ভাষাৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বমান্য অভিধান বুলি কোৱা হয়।

পিছে দুখৰ কথা যে, তেওঁৰ জীৱনকালত এই অভিধানখনে বিভিন্ন অসুবিধাৰ বাবে প্ৰকাশৰ মুখ দেখা নাপালে। তেওঁৰ মৃত্যুৰ চাৰি বছৰৰ পাছতহে ১৯০০ চনত হেমচন্দ্ৰ গোস্বামীৰ উদ্যোগত আৰু অসম চৰকাৰৰ অৰ্থ সাহাৰ্যত ‘হেমকোষ’ প্ৰকাশিত হৈ অসমীয়া মানুহৰ হাতত পৰিল। তেওঁ মূল ‘হেমকোষ’ৰেই এক ক্ষুদ্ৰ সংস্কৰণ হিচাপে ‘পঢ়াশালিয়া অভিধান’ আৰু ‘সংক্ষিপ্ত হেমকোষ’ নামৰ আন দুখন অভিধানো লিখিছিল।

‘অসমীয়া ব্যাকৰণ’ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা

ভাষা এটাৰ মূল ভিত্তি হৈছে ব্যাকৰণ। অসমীয়া ভাষাটো কথিত লিখিত উভয় ধৰণেই অসম মুলুকত হাজাৰ বছৰ ধৰি চলি আহিছিল যদিো নিদিৰ্ষ্ট নিয়ম-কানুনেৰে আবদ্ধ ইয়াৰ কোনো ব্যাকৰণ অসমীয়া ভাষাত লিখা হোৱা নাছিল। এই কাম কৰিবলৈ প্ৰথম বাৰৰ বাবে আগবাঢ়ি আহিছিল হেমচন্দ্ৰ বৰুৱা। ১৮৫৯ চনত তেওঁ লিখি উলিয়াইছিল ‘অসমীয়া ব্যাকৰণ’ নামেৰে প্ৰথমখন অসমীয়া ব্যাকৰণ। আৰু ইয়াক প্ৰকাশ কৰি উলিয়াইছিল আমেৰিকান মিছনেৰীসকলে। তেওঁৰ অসমীয়া ব্যাকৰণৰ আৰ্হি আছিল সংস্কৃত ব্যাকৰণ। ঠায়ে ঠায়ে তেওঁ সংস্কৃত ব্যাকৰণৰ সূত্ৰসমূহৰ উদ্ধৃতিও দিছিল। অসমীয়া ভাষাৰ সমাস, প্ৰত্যয়, ধাতু, ছন্দ আদিৰ আলোচনাও প্ৰথমবাৰৰ কাৰণে তেওঁৰ ব্যাকৰণতে পোৱা যায়।

হেমচন্দ্ৰ বৰুৱাৰ অন্যান্য সাহিত্যৰাজি আৰু সংবাদ সেৱা

হেমচন্দ্ৰ বৰুৱাৰ অন্যান্য সাহিত্যৰাজি হৈছে– কানীয়াৰ কীৰ্ত্তন(১৮৬১), বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী (১৮৭৬), স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়। ইয়াৰ উপৰিও তেওঁ অসমীয়া ল’ৰাৰ আদিপাঠ আৰু পাঠমালা নামেৰে দুখন পাঠ্যপুথিও ৰচনা কৰিছিল। হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা ৰচিত একমাত্ৰ ইংৰাজী গ্ৰন্থখন হৈছে- আচামিজ মেৰেইজ চিষ্টেম।

অতিকৈ আচৰিত কথা যে, আদালতৰ ব্যস্ততাপূৰ্ণ চাকৰি কৰা স্বত্ত্বেও তেওঁ ‘আচাম নিউচ’ নামৰ এখন সাতদিনীয়া বাতৰি কাকতৰো সম্পাদকৰ দ্বায়িত্ব লৈছিল। সেইখন ইংৰাজী-অসমীয়া দ্বিভাষী বাতৰি কাকত আছিল। কাকতখনত ব্যৱহৃত হোৱা শুদ্ধ অসমীয়া ভাষাৰ বাবে কাকতখন বিশেষ ভাৱে বিখ্যাত আছিল। কাকতখনত ব্যৱহৃত হোৱা বানান আৰু আখৰ জোঁটনি আজিও অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয় বুলি জানিব পৰা গৈছে। কাকতখন ১৮৮২ চনৰ পৰা ১৮৮৫ চনলৈকে তিনিবছৰ ধৰি প্ৰকাশিত হোৱাৰ পাছত ইয়াৰ অকাল মৃত্যু ঘটিছিল বুলি জনা যায়।

মৃত্যু

জীৱনৰ শেষৰ ফালে হেমচন্দ্ৰ বৰুৱাই আঁঠুৰ বাত বিষত আক্ৰান্ত হয়। এই ৰোগত তেওঁ অশেষ কষ্ট ভুগিছিল বুলিও জনা যায়। অৱশেষত ৰোগ ক্ৰমাত্ বাঢ়ি অহাত তেওঁ ১৮৯৬ চনৰ ১৭ মে’ তাৰিখে ৬১ বছৰ বয়সত মৃত্যুৰ কোলাত ঢলি পৰে।

আৰু পঢ়ক-পিয়লি ফুকন-স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x