তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

সত্যনাথ বৰা

(সত্যনাথ বৰা আছিল অসমীয়া সাহিত্যৰ এজন পুৰোধা ব্যক্তি। সাৰথিৰ পাঠকসকলৰ বাবে সত্যনাথ বৰা সম্পৰ্কে এটি চমু লেখা)

সেই সময়ত আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি হৈছিলহে মাত্ৰ। অসমীয়া ভাষাত কবিতা, নাটক আদিৰ ৰচনা হ’বলৈ লৈছে। পৰীক্ষামূলকভাবে দুই-এটা চুটিগল্প আৰু দুই-এখন উপন্যাসো লিখাৰ আৰম্ভণি হৈছে। অসমীয়া ভাষায়ো বঙালী আৰু ইংৰাজৰ ষড়যন্ত্ৰ নেউচি অসমৰ পঢ়াশালি আৰু আদালতত নিজৰ ঠাই অধিকাৰ কৰি লৈছেহি। পিছে সেই সময়ত অসমীয়া ভাষাত ইমানেই সংস্কৃত আৰু বঙলুৱা শব্দৰ ব্যৱহাৰ হৈছিল যে, লিখিত অসমীয়া ভাষাই আকৌ স্বকীয়তা হেৰুৱাৰ উপক্ৰম হৈছিল। সেই সময়তে এজন লেখকে নিভাঁজ ঘৰুৱা অসমীয়া ভাষাৰে সুৱলা আৰু তত্ত্বগধুৰ গদ্য ৰচনা কৰি সকলোকে চমকিত কৰি তুলিলে। তেৱেই আছিল সাহিত্যিক সত্যনাথ বৰা। তেওঁৰ বিষয়ে পদ্মনাথ গোহাঞিবৰুৱাই লিখি গৈছে- “সত্য বৰাৰ ভাষা নিভাঁজ অসমীয়া। মনোভাব ব্যক্ত কৰিবলৈ নিভাঁজ অসমীয়া শব্দ বিচাৰি নোপোৱালৈকে তেওঁ অনুস্বাৰ-বিসৰ্গ-বৰ্জিত বঙলুৱা-সংস্কৃতীয়া শব্দ ব্যৱহাৰ নকৰিছিল।‘’ তেওঁৰ দ্বাৰা লিখিত গ্ৰন্থৰ সংখ্যা সৰহ নহয় যদিও সেইবোৰৰ অসমীয়া ভাষাৰ বাবে একো একেটা মণি-মুকুটা স্বৰূপ। আহকচোন তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে বহলাই আলোচনা কৰোঁ।

জন্ম আৰু শৈশৱ কাল 

সত্যনাথ বৰাৰ জন্ম হৈছিল ১৯৬০ চনত গুৱাহাটীৰ ভৰলুমুখত। তেওঁৰ পিতৃৰ নাম আছিল দয়ানাথ বৰবৰা আৰু মাতৃৰ নাম অময়া বৰবৰা আছিল। দয়ানাথ বৰবৰাৰ পিতৃ ৰাধানাথ বৰবৰা; ৰাধানাথ বৰবৰাৰ পিতৃ জীউনাথ বৰবৰা। পূৰ্বতে তেওঁলোকৰ ঘৰ তেজপুৰৰ নদুৱাৰ অঞ্চলৰ হেৰাপুৱা গাঁৱত আছিল। আহোম ৰজাৰ দিনত, জীউনাথ বৰবৰা কলিয়াবৰ অঞ্চলৰ ৰাজপ্ৰতিনিধি সলাল বৰগোহাঞিৰ তলৰ এজন ৰাজবিষয়া আছিল। সেই সময়ত গুৱাহাটীত বদনচন্দ্ৰ বৰফুকন ৰাজপ্ৰতিনিধি আছিল। গুৱাহাটীত বদনচন্দ্ৰৰ ৰাজদ্ৰোহিতাৰ উমান পায়, স্বৰ্গদেউ গৌৰীনাথ সিংহই  সেই অঞ্চলত বছা-বছা বিষয়া নিয়োগ কৰাৰ ব্যৱস্থা কৰে। ৰজাৰ নিৰ্দেশ পায় জীউনাথ বৰবৰাই তেজপুৰৰ পৰা গুৱাহাটীৰ ভৰলুমুখলৈ গৈ নিগাজিকৈ বসতি কৰিবলৈ লয়। গুৱাহাটীলৈ অহাৰ পাছতে জীউনাথ বৰবৰাৰ মৃত্যু হয় আৰু তেওঁৰ বিষয়বাব তেওঁৰ পুতেক ৰাধানাথে পায়। ৰাধানাথৰ দিনতে মানে অসম আক্ৰমণ কৰিছিল কাৰণে তেওঁক ‘মানৰ দিনৰ বৰবৰা’ বুলিও কোৱা হয়। কিন্তু তাৰ পাছতেই আহোম ৰাজশাসনৰ অন্ত পৰাত তেওঁৰ পুত্ৰ অৰ্থাত্ সত্যনাথ বৰাৰ পিতৃ দয়ানাথ বৰবৰাৰ বিশেষ একো সংস্থাপন নাছিল।

সত্যনাথ বৰা সৰুতেই ঘাট মাউৰা হৈছিল। তেওঁৰ বয়স সাত বছৰ হওঁতেই মাতৃৰ মৃত্যু হয় আৰু তেওঁ ন বছৰত ভৰি দিওঁতেই পিতৃৰো বিয়োগ হয়। গতিকে সত্যনাথ বৰা আৰু হেমকান্তী নামৰ তেওঁৰ চাৰি বছৰীয়া ভনীয়েকজনী তেওঁলোকৰ একমাত্ৰ অভিভাৱক বুঢ়ীমাক সূৰ্যা বৰবৰাণীৰ প্ৰতিপালনত ডাঙৰ-দীঘল হ’ব লগীয়া হয়। সূৰ্য বৰবৰাণী উত্তৰ-গুৱাহাটীৰ মজিন্দাৰ বৰুৱা ঘৰৰ জীয়াৰী আছিল আৰু তেওঁৰ সজবংশসুলভ ভালেমান সজ গুণেৰে বিভূষিতা আছিল। কিন্তু ভাগ্যৰ এনে বিড়ম্বনা যে, তাৰ দুবছৰ মানৰ পাছতেই তেওঁলোকৰ একমাত্ৰ আশা-ভৰষাৰ থল বুঢ়ীমাকৰো মৃত্যু হয়।

সত্যনাথ বৰাৰ শিক্ষা জীৱন

দেউতাক জীয়াই থকা অৱস্থাত পাঁচ বছৰ বয়সতে সত্যনাখ বৰাৰ শিক্ষা জীৱন আৰম্ভ হয়। সেই সময়ত অসমৰ পঢ়াশালিত অসমীয়া ভাষাৰ সলনি বাংলা ভাষাহে চলিছিল। সেয়ে সত্যনাথে মদনমোহন তৰ্কালঙ্কাৰৰ ‘শিশুশিক্ষা’ আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ‘বৰ্ণ পৰিচয়’ কিতাপৰ জৰিয়তে ক খ শিকি ‘মধ্য বঙ্গ বিদ্যালয়’ৰ ছাত্ৰবৃত্তি পৰীক্ষালৈকে বঙলা সাহিত্য অধ্যয়ন কৰিব লগীয়া হৈছিল।

সৰুতেই ঘাট মাউৰা হোৱা সত্যনাথে বুঢ়ীমাকৰ প্ৰচেষ্টাতেই অতি কষ্টৰে লেখা-পঢ়া চলাই নিয়ে। সেই সময়ত তেওঁলোকৰ ইমানেই আৰ্থিক দুৰৱস্থা আছিল যে, কেতিয়াবা ভাত মুঠিৰ অভাৱত সত্যনাথে ভীমকল খায়েই স্কুললৈ যাব লগা হৈছিল। বিদ্যুত্সাহী বুঢ়ীমাকে এনে অৱস্থাতেই সত্যনাথক ইংৰাজী হাইস্কুলত নাম লগাই দিয়ে। কিন্তু তেওঁৰ এনে দুৰ্ভাগ্য যে, তাত দুবছৰ মান পঢ়োতেই ভনীয়েক আৰু তেওঁৰ একমাত্ৰ জীৱনধৰণী বুঢ়ীমাকৰো মৃত্যু হয়।

এইবাৰ সত্যনাথ একেবাৰে নিঠৰুৱা হৈ পৰিল। স্কুলত পঢ়াতো দূৰৰে কথা, পেটৰ ভাতমুঠিও নিমিলা হ’ল। গতিকে স্কুল এৰি সত্যনাথে ভনীয়েকৰ সৈতে কোনোমতে এসাঁজ খাই এসাঁজ নাখাই দিন নিয়াবলৈ ধৰিলে। কিন্তু সৰুৰে পৰা পঢ়া-শুনাত অতি চোকা বুদ্ধিৰ পৰিচয় দিয়া সত্যনাথে স্কুল এৰি দিয়া কথাটো স্কুলৰ শিক্ষকসকলে সহজভাবে লব নোৱাৰিলে। সেয়ে শিক্ষকসকলে সত্যনাথ বৰাৰ দদায়েক সোণাৰাম বৰাক সত্যনাথৰ পঢ়া-শুনাৰ দ্বায়িত্ব লবলৈ অনুৰোধ কৰিলে। সেই সময়ত সোণাৰাম বৰা এজন অত্যন্ত আঢ্যবন্ত লোক আছিল। শিক্ষকসকলৰ অনুৰোধ মৰ্মে তেওঁ সত্যনাথ আৰু ভনীয়েকৰ পোহ-পালৰ দ্বায়িত্ব লোৱাৰ লগতে সত্যনাথক পুনৰ হাইস্কুলত নাম লগাই দিয়ে।

কলেজীয়া শিক্ষা

১৯৮১ চনত দ্বিতীয় বিভাগত এন্ট্ৰেঞ্চ পাচ কৰি সত্যনাথ বৰাই কলিকতাত পঢ়িবলৈ যাবলৈ মন মেলে। বিদ্যুত্সাহী দদায়েকেও পৰম আগ্ৰহেৰে তেওঁৰ উচ্চ শিক্ষাৰ দ্বায়িত্ব ল’লে। দদায়েকৰ আশীৰ্বাদতেই তেওঁ সেই বছৰেই কলিকতাৰ চিটি কলেজৰ এফ. এ. শ্ৰেণীত নাম ভৰ্তি কৰেগৈ। সেই সময়ত কলিকতাপ্ৰবাসী অসমীয়া ছাত্ৰ সকলে কলিকতাৰ ১০৪ নং আমহাৰ্ষ্ট ষ্ট্ৰীটত এটা ছাত্ৰাবাস পাতিছিল; সত্যনাথ বৰায়ো এজন বন্ধুৰ সৈতে গৈ তাতে আশ্ৰয় ল’লেগৈ। সেই চিটি কলেজৰ পৰাই তেওঁ এফ. এ. মহলাত উত্তীৰ্ণ হয়।

তাৰ পাছত তেওঁ চিটি কলেজত বি. এ. শ্ৰেণী নথকাৰ বাবে আন কলেজত গৈ নামভৰ্তি কৰেগৈ। গভীৰ মনোযোগেৰে পঢ়া স্বত্বেও তেওঁ প্ৰথমবাৰ বি.এ. পৰীক্ষাত অকৃতকাৰ্য হয়। সত্যনাথে পিছে চেষ্টা নেৰিলে। তেওঁ পুনৰ বাৰ বি. এ. পৰীক্ষা দিবলৈ মনস্থ কৰিলে। কিন্তু এই সময়ছোৱাত তেওঁ দদায়েকৰ অৰ্থ সাহাৰ্যৰে চলি থাকিবলৈ বেয়া পালে। সেই তেওঁ কলিকতাৰ পৰা কিছু আঁতৰত অৱস্থিত এৰিদপুৰৰ এখন হাইস্কুলত গৈ শিক্ষকতা কৰি নিজৰ জীৱিকা অৰ্জন কৰিবলৈ ধৰিলে। আৰু মাহে মাহে দৰমহাৰ ধন কিছু পৰিমাণে ৰাহি কৰি পুনৰ কলিকতাত পঢ়িবৰ বাবে এটি পুঁজি গঠন কৰিলে। এনেকৈয়ে তেওঁ এটা বছৰৰ ভিতৰতে পুনৰ বি.এ. পৰীক্ষাত অৱৰ্তীণ হয় আৰু পৰীক্ষাত উত্তীৰ্ণ হৈ গ্ৰেজুৱেট হয়। তাৰ পাছতে তেওঁ নিজৰ সাঁচতীয়া ধন আৰু দদায়েকৰ অৰ্থ সাহায্যৰে দুবছৰ আইন পঢ়ি যথাসময়ত বি. এল. ডিগ্ৰীও আহৰণ কৰে। ইমানতেই তেওঁ শিক্ষা জীৱন সমাপ্ত কৰি জন্মভূমি অসমলৈ উভতে।

সত্যনাথ বৰাৰ কৰ্মজীৱন

বি. এল. পৰীক্ষা পাছ কৰি আহি সত্যনাথ বৰাই ১৮৮৯ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰেহি। তেতিয়ালৈকে গুৱাহাটীত অসমীয়া বি. এল. উকীল নাছিল। সেয়ে গুৱাহাটীবাসী অসমীয়া ৰাইজে আপোন মানুহ এজনক পায় বৰ আনন্দ পালে আৰু নানা গোচৰ আদি গোটাই দি তেওঁক সহায় কৰিবলৈ ধৰিলে। তাৰ ফলত উকীল সত্যনাথ বৰাৰ হাতত ইমানেই গোচৰ হৈ পৰিল যে, তেওঁ সকলোবোৰ গোচৰ সমানভাবে চম্ভালিবলৈ সময়েই নোপোৱা হ’ল। কিন্তু সত্যনাথ বৰাৰ ওকালতিৰ এটা বিশেষ বৈশিষ্ট্য আছিল যে, যিবোৰ গোচৰ তেওঁ মিছা, জাল, অমুলক বুলি বুজি পাইছিল, সেইবোৰত তেওঁ ওকালতি কৰিবলৈ মান্তি নহৈছিল। সত্যনাথে সত্য ৰক্ষা আৰু সত্যৰ জয়ক অৰ্থে প্ৰাণটাকি যুদ্ধ কৰিছিল। ওকালতিৰ উপৰিও তেওঁ ৰাজহুৱা কাম-কাজত ৰাইজক বুদ্ধি-পৰামৰ্শ দিয়া আৰু সাহিত্য চৰ্চাকো নিজৰ কৰ্তব্যৰ ভিতৰত ধৰাৰ বাবে তেওঁ এক নিয়মিত পৰিমাণেহে গোচৰ লব পাৰিছিল। সত্যনাথ বৰাৰ সত্যনিষ্ঠা ইমানেই প্ৰবল আছিল যে লগৰীয়া উকীল সকলেও তেওঁক শলাগিবলৈ বাধ্য হৈছিল। সেই সময়ৰ গুৱাহাটীৰ বিখ্যাত উকীল, সত্যনাথ বৰাৰ অন্যতম প্ৰতীদ্বন্দী ৰায়বাহাদুৰ মহেন্দ্ৰমোহন লাহিড়ীয়ে এদিন তেওঁৰ বিষয়ে কৈছিল- He was most honourable in his profession.

এনেদৰেই কেইবছৰ মান ওকালতি কৰাৰ পাছতেই সত্যনাথ বৰা গুৱাহাটীৰ এজন আঢ্যৱন্ত লোক হৈ পৰিল। ইয়াৰ পাছত ১৯০১ চনত গুৱাহাটীত অসমৰ প্ৰথমখন কলেজ ‘কটন কলেজ’ৰ প্ৰতিষ্ঠা হোৱাত তাত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে নিযুক্ত হয়। আকৌ ১৯১৫ চনত অসমৰ প্ৰথম খন আইন মহাবিদ্যালয় ‘আৰ্ল ল’ কলেজ’ প্ৰতিষ্ঠা হোৱাত তাতো আইন বিষয়ৰ প্ৰবক্তাৰ পদ গ্ৰহণ কৰে। ইমান কেইটা দ্বায়িত্ব একেলগে লব লগা হোৱাত তেওঁৰ ওকালতিৰ বাবে সময় কমি যোৱাত তেওঁ কেৱল কমিচনাৰ আৰু জজৰ আদালতৰ ডাঙৰ ডাঙৰ আপীল গোচৰ আদিতহে উপস্থিত থাকিবলৈ সময় উলিয়াব পাৰিছিল। কিন্তু ইমানৰ পাছতো তেওঁৰ মুখ্য আগ্ৰহৰ বিষয় সাহিত্য চৰ্চাৰ বাবে সময়ৰ নাটনি হোৱাত কটন কলেজৰ অধ্যাপকৰ দৰে শোভনীয় পদটোও এৰি দিবলৈ বাধ্য হৈছিল।

সত্যনাথ বৰাৰ কৰ্মক্ষেত্ৰ কেৱল ওকালতি আৰু সাহিত্যই নাছিল। তেওঁ এগৰাকী নিৰৱ ৰাজনৈতিক কৰ্মীও আছিল। সেই সময়ৰ অসমৰ উন্নতিৰ বাবে আৰু ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ গুচাবৰ নিমিত্তে চৰকাৰলৈ আবেদন-নিবেদন আদি প্ৰস্তুত কৰা কামত আৰু সেই উদ্দেশ্যে সভা-সমিতি পাতি ৰাইজে কৰা আন্দোলন আদিত সত্যনাথ বৰাই নিৰৱে যোগদান কৰিছিল। ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা ‘অসম এচোচিয়েচন’ৰ পঞ্চদশ বাৰ্ষিক অধিৱেশনৰ সভাপতিৰ পদো অলংকৃত কৰিছিল সত্যনাথ বৰাই। সভাপতিৰ আসন গ্ৰহণ কৰি বৰাদেৱে পাঠ কৰা তেখেতৰ সাৰুৱা, শুৱলা আৰু জ্ঞানগৰ্ভ ইংৰাজী অভিভাষণটোৱে উপস্থিত সকলো ৰাইজকে মোহিত কৰিছিল।

সত্যনাথ বৰাৰ পাৰিবাৰিক জীৱন

সত্যনাথ বৰাই গুৱাহাটীৰ লক্ষ্মীলাল বৰুৱাৰ জীয়াৰী ভুবনমোহিনী বৰুৱাক বিয়া কৰাইছিল। তেওঁ এগৰাকী শান্তিময়ী মহিলা আৰু পাকৈত শিপিনী আছিল। দুটি সুযোগ্য পুত্ৰ সন্তানৰ সৈতে তেওঁলোকৰ এখন সুখৰ সংসাৰ আছিল। প্ৰথম পুত্ৰ অম্বিকানাথ বৰা কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু দ্বিতীয় পুত্ৰ জ্ঞাননাথ বৰা কলিকতা উচ্চ ন্যায়লয়ৰ অধিবক্তা আছিল।

সত্যনাথ বৰাৰ সাহিত্যৰাজি

ছাত্ৰাৱস্থাৰে পৰাই সত্যনাথ বৰাই সাহিত্য ক্ষেত্ৰত বিশেষ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। কলিকতাত পঢ়ি থকা সময়ত তেওঁ কলিকতাৰ অসমীয়া ছাত্ৰ সকলৰ সাহিত্য আলোচনাৰ মঞ্চ এ. এচ. এল. ক্লাবৰ সদস্য আছিল। তাত তেওঁ প্ৰায়েই মৌখিক বক্তৃতা আদি দিয়াৰ লগতে ৰচনা আদিও পাঠ কৰিছিল। তাৰ উপৰিও কলিকতাৰ অসমীয়া ছাত্ৰ সকলে লগলাগি এবাৰ মহাকবি চেইক্সপিয়েৰৰ ‘কমেডি অব এৰ্ৰচ’ নাটকখন অসমীয়ালৈ অনুবাদ কৰি ‘ভ্ৰমৰঙ্গ’ নাম দি প্ৰকাশ কৰোতো সেই নাটকখনৰ গীতবোৰ লিখাৰ দ্বায়িত্ব পৰিছিল সত্যনাথ বৰাৰ ওপৰত। সেই ছেগতে তেওঁ আৰু কেইটামান গীত ৰচনা কৰি মুঠ ২৮ টা গীতেৰে ‘গীতাৱলী’ নামেৰে এখন সৰু গানৰ কিতাপ ৰচনা কৰি প্ৰকাশ কৰে। এইখন কিতাপকে বহুতো অসমীয়া পণ্ডিতে প্ৰথম অসমীয়া আধুনিক গীতৰ কিতাপ বুলি ক’ব খোজে।

তাৰ পাছত অসমলৈ ওভতি আহি সত্যনাথ বৰাই ওকালতিৰ সমান্তৰালভাবে সাহিত্য চৰ্চাও চলাই গৈছিল। তেখেতে নিভাঁজ ঘৰুৱা ভাষাৰে লিখা ৰচনাবোৰে অসমীয়া পাঠকক এক নতুন সোৱাদ দিছিল। তেওঁৰ কেইখনমান লেখত ল’বলগীয়া গ্ৰন্থ হ’ল- সাৰথি, চিন্তাকলি, কেন্দ্ৰসভা, সাহিত্য বিচাৰ, গীতা, আকাশ ৰহস্য আৰু বহল ব্যাকৰণ।

সত্যনাথ বৰাৰ আটাইতকৈ বিখ্যাত গ্ৰন্থখন হৈছে- ‘সাৰথি’। ১৯১১ চনত প্ৰকাশিত ‘সাৰথি’ পুথিখনত বৰাদেৱৰ নিজৰ জীৱনৰ অভিজ্ঞতা আৰু তেওঁৰ দাৰ্শনিক চিন্তাধাৰা প্ৰতিফলিত হৈছে। কিতাপখন মৌলিকত্ব আৰু ৰচনা ৰীতিলৈ লক্ষ্য কৰি সত্যনাথ বৰাক অসমীয়া সাহিত্যৰ পণ্ডিত মহেশ্বৰ নেওগ আৰু সত্যেন্দ্ৰনাথ শৰ্মাই ইংৰাজ লেখক ফ্ৰান্সিচ বেকন আৰু চেমুৱেল স্মাইছৰ লগত তুলনা কৰিছে। তেখেতৰ দ্বাৰা ৰচিত ‘বহল ব্যাকৰণ’ নামৰ কিতাপখনক অসমীয়া ভাষাৰ এখন উল্লেখযোগ্য ব্যাকৰণ বুলি ধৰা হয়। হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণখনৰ পাছতেই এইখন ব্যাকৰণকেই অসমীয়া পণ্ডিত সকলে অন্যতম মৌলিকতা থকা ব্যাকৰণ বুলি কৈ গৈছে।

বিভিন্ন বিষয়ৰ কিতাপ ৰচনা কৰাৰ উপৰিও সত্যনাথ বৰাই সেই সময়ৰ বিভিন্ন অসমীয়া আলোচনীতো বিভিন্ন বিষয়ৰ মৌলিক সাৰুৱা প্ৰবন্ধ-পাতি লিখিছিল। তাৰ ভিতৰত ‘আসাম বন্ধু’, ‘জোনাকী’, ‘মৌ’, ‘বিজুলী’, ‘ঊষা’ আদিত প্ৰকাশ পোৱা প্ৰবন্ধবোৰ বিশেষ ভাবে উল্লেখযোগ্য। ইয়াৰ উপৰিও চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰতিষ্ঠা কৰা ‘জোনাকী’ আলোচনীখন কলিকতাৰ পৰা একেৰাহে ছয় বছৰ কাল ধৰি প্ৰকাশ হৈ বন্ধ হোৱাৰ পাছত, ১৯০১ চনত গুৱাহাটীৰ পৰা পুনৰ সত্যনাথ বৰাৰ সম্পাদনাতেই ‘জোনাকী’ নামেৰে কিছু বছৰৰ বাবে প্ৰকাশ হৈছিল।

অসম সাহিত্য সভাৰ সৈতেও সত্যনাথ বৰা জন্ম লগ্নৰে পৰা জড়িত হৈ আছিল আৰু ১৯১৯ চনৰ বৰপেটা অধিৱেশনৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল।

মৃত্যু

১৯২৫ চনৰ ১৩ ডিচেম্বৰ তাৰিখে সত্যনাথ বৰাই গুৱাহাটীৰ নিজা বাসভৱনত জীৱন নাটৰ সামৰণি মাৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৫ বছৰ। আন নহ’লেও এই কথা ন দি কব পাৰি যে, ‘সাৰথি’ৰ সুৱলা আৰু সুললিত প্ৰবন্ধবোৰৰ বাবেই নিজ মাতৃভূমি আৰু মাতৃভাষাৰ আজীৱন সেৱক এইজনা মহান পুৰুষ আমাৰ মাজত যুগযুগান্তৰলৈ জীয়াই থাকিব ।  

4 2 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ বৰুৱা, সত্যনাথ বৰা, কনকলাল বৰুৱা আদি কলিকতালৈ পঢ়িবলৈ […]

trackback

[…] বন্ধু’ত প্ৰকাশ পোৱা ‘বিশ্বাস’। সত্যনাথ বৰা, ভোলানাথ দাস, কমলাকান্ত ভটাচাৰ্য আদি […]

2
0
Would love your thoughts, please comment.x
()
x