অসমীয়া অনুবাদ সাহিত্যৰ গতি-প্ৰকৃতি

(সাহিত্যৰ এটা শক্তিশালী ধাৰা হৈছে অনুবাদ সাহিত্য। অসমীয়া অনুবাদ সাহিত্য আৰু ইয়াৰ গতি-প্ৰকৃতি সম্পৰ্কে এক গৱেষণাধৰ্মী লেখা সাৰথিৰ পাঠকসকললৈ আগবঢ়োৱা হৈছে। লেখাটি আমালৈ যুগুতাই পঠাইছে মৰাণ  মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ৰিঞ্জুমণি হাজৰিকাই।)

অসমীয়া সাহিত্যৰ ইতিহাসত অনুবাদৰ বিশেষত্বপূৰ্ণ ভূমিকা লক্ষ্য কৰা যায়। চতুৰ্দশ শতিকাৰ হেম সৰস্বতী, মাধৱ কন্দলী আদি সাহিত্যিকসকলে অনুবাদৰ জৰিয়তে অসমীয়া সাহিত্যৰ স্বৰ্ণযুগৰ সূচনা কৰিছিল। পৰৱৰ্তী কালত যুগ আৰু পৰিৱেশ সাপেক্ষে অসমীয়া সাহিত্যৰ ইতিহাসত অনূদিত সাহিত্যৰ ভূমিকা ভিন্নধৰণেৰে প্ৰতিফলিত হৈছে৷ অসমীয়া লিখিত সাহিত্যৰ ভেটি প্ৰতিষ্ঠাৰে পৰা সাম্প্ৰতিক সময়লৈকে জাতীয় সাহিত্যৰ সমৃদ্ধি, প্ৰতিষ্ঠা আৰু বিকাশত অনুবাদ সাহিত্যৰ স্বৰূপ বিশ্লেষণেৰে অসমীয়া অনূদিত সাহিত্যৰ গতি-প্ৰকৃতি নিৰ্ধাৰণ কৰিব৷ এই আলোচনাত অসমীয়া অনূদিত সাহিত্যক ছটা ভাগত ভগাই আলোচনা আগবঢ়োৱা হৈছে।

১. প্ৰাক্ শংকৰী যুগৰ অসমীয়া অনুবাদ সাহিত্য

অসমীয়া সাহিত্যৰ প্ৰাচীন যুগৰ সাহিত্যসমূহ, অৰ্থাৎ চতুদৰ্শ শতিকাৰ প্ৰাৰম্ভৰ পৰা পঞ্চদশ শতিকাৰ শেষভাগলৈকে ৰচিত সাহিত্যসমূহক প্ৰাক্শংকৰী যুগৰ অন্তৰ্গত কৰি আলোচনা কৰিব পাৰি৷ এই যুগৰ সাহিত্য সম্পূৰ্ণৰূপে অনুবাদকেন্দ্ৰিক আছিল৷ হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত খনক এইক্ষেত্ৰত প্ৰথম নিদৰ্শন হিচাপে ধৰা হয়৷ এই যুগৰ অন্যান্য কবিসকল হ’ল ৰুদ্ৰ কন্দলী, মাধৱ কন্দলী, হৰিবৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতী৷ ঘাইকৈ সমসাময়িক ৰজাসকলৰ পৃষ্ঠপোষকতাত এই কবিসকলে সাহিত্য চৰ্চা কৰিছিল৷ সেই সময়ত কবিসকলৰ সন্মুখত কেৱল সংস্কৃত ভাষা আছিল বাবে তেওঁলোক সেই ভাষাত পাৰ্গত আছিল৷ গতিকে সংস্কৃত ভাষাত প্ৰাপ্ত জ্ঞান বা শাস্ত্ৰসমূহ অনুবাদৰ জৰিয়তে স্থানীয় ভাষাত উপলব্ধ কৰিবলৈ চেষ্টা কৰিছিল৷ সংস্কৃত পুৰাণ শাস্ত্ৰৰ অন্তৰ্গত ধাৰ্মিক, আধ্যাত্মিক, নৈতিক আদি বিভিন্ন বিষয়ৰ অনুবাদ ৰজা আৰু প্ৰজাৰ উপযোগী কৰি অনুবাদ কৰিছিল৷

হেম সৰস্বতীয়ে কমতা ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল৷ প্ৰহ্লাদ চৰিত আৰু হৰ-গৌৰী সংবাদ তেওঁৰ দুখন উল্লেখযোগ্য ৰচনা৷ সংস্কৃত ভাষাৰ বামণ পুৰাণৰ পৰা প্ৰহ্লাদ চৰিত গ্ৰন্থখন ৰচনা কৰা বুলি হেম সৰস্বতীয়ে উল্লেখ কৰি গৈছে৷ কালিদাসৰ কুমাৰ সম্ভৱম্ আৰু কালিকা পুৰাণৰ প্ৰভাৱত হৰ-গৌৰী সংবাদ খন ৰচনা কৰা হৈছিল৷ মহাভাৰতৰ ‘দ্ৰোণ-পৰ্ব’ৰ আধাৰত ৰুদ্ৰ কন্দলীয়ে দ্ৰোণ পৰ্ব ৰচনা কৰিছিল৷ ৰুদ্ৰ কন্দলীৰ অনুবাদ মূলানুগ আছিল যদিও স্থানীয় ৰূপক, উপমা আদি ব্যৱহাৰ কৰি পাঠকৰ মন জয় কৰিছিল৷ হৰিবৰ বিপ্ৰই বব্ৰুবাহনৰ যুদ্ধ, তাম্ৰধ্বজৰ যুদ্ধ আৰু লৱ-কুশৰ যুদ্ধ নামৰ তিনিখন কাব্যপুথি ৰচনা কৰিছিল৷ ‘জৈমিনীয় মহাভাৰত’ৰ আধাৰত এই কাব্যকেইখন ৰচনা কৰা হৈছিল যদিও স্থানীয় পৰিৱেশৰ ৰহনে কাব্যকেইখন মৌলিক যেন কৰি তুলিছে৷ মহাভাৰতৰ ‘দ্ৰোণ পৰ্ব’ৰ আধাৰত কবিৰত্ন সৰস্বতীয়ে জয়দ্ৰথ বধ ৰচনা কৰিছিল৷

মাধৱ কন্দলীৰ অনুবাদ সাহিত্য

মাধৱ কন্দলী প্ৰাক্শংকৰী কালৰ বিশিষ্ট অনুবাদক৷ তেওঁ বাল্মীকিৰ ৰামায়ণৰ পঞ্চকাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল৷ সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে উত্তৰ ভাৰতৰ প্ৰান্তীয় ভাষাত ৰচিত ৰামায়ণৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণেই প্ৰাচীনতম কন্দলীৰ অনুবাদৰ নীতি ‘লম্ভা পৰিহৰি সাৰোদ্ধৃতে’ আছিল যদিও মূলপাঠৰ প্ৰয়োজনীয় প্ৰতিটো অংশই অনুবাদ কৰিছিল৷ কন্দলীৰ অনুবাদ যোগাযোগমূলক আছিল৷ স্থানীয় নৈসৰ্গিক পৰিৱেশ আৰু সামাজিক পৰিৱেশৰ লগত খাপ খোৱাই কৰা অনুবাদে বাল্মীকিৰ ৰামায়ণক অভিনৱত্ব প্ৰদান কৰিছে৷  মূলপাঠৰ ভাব আৰু বিষয়বস্তু অক্ষুণ্ণ ৰাখিও কন্দলীৰ সৃষ্টিশীলতা অনূদিত পাঠত অটুট ৰখাটো এটা তাৎপৰ্যপূৰ্ণ বিষয়৷ ‘দেৱজিত’ নামৰ অন্য এখন কাব্য কন্দলীৰ নামত পোৱা যায় যদিও মাধৱ কন্দলীৰ নাম ব্যৱহাৰ কৰি অন্য কোনো ব্যক্তিয়ে সেইখন ৰচনা কৰা বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মত-পোষণ কৰিছে৷ এইখন কাব্যত কন্দলীৰ অনুবাদৰ নীতি আৰু ভাষাৰ প্ৰভাৱশালিতা ৰক্ষিত হোৱা নাই৷ প্ৰাক্শংকৰী যুগৰ অসমীয়া অনুবাদ সাহিত্যৰ বিশ্লেষণে তলৰ দিশসমূহ স্পষ্ট কৰে –

■  এই যুগৰ অনুবাদ সাহিত্যই অসমীয়া লিখিত সাহিত্যৰ সুদৃঢ় ভেটি প্ৰতিষ্ঠা কৰিছিল।

■ এই যুগৰ অনুবাদ প্ৰয়োজনৰ তাগিদাত কৰা অনুবাদ আছিল৷ ঘাইকৈ ৰাজ-পৃষ্ঠপোষকতাত ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ আধাৰত কবিসকলে সাহিত্য ৰচনা কৰিছিল৷ ফলস্বৰূপে বিষয়বস্তুৰ বিচিত্ৰতা প্ৰদান তেওঁলোকৰ অনুবাদৰ বৈশিষ্ট্য আছিল৷

■ এই যুগৰ অনুবাদকসকলৰ সমুখত কেৱল সংস্কৃত গ্ৰন্থসমূহ আছিল বাবে তেওঁলোকে তাৰ পৰাই অনুবাদ কৰিছিল৷ ৰুদ্ৰ কন্দলী, কবিৰত্ন সৰস্বতী, হেম সৰস্বতী আদিসকলে মূলৰ কাহিনীভাগ আয়ত্ত কৰি অসমীয়া ভাষাত পুনৰ লিখি উলিয়াইছিল৷ কিন্তু মাধৱ কন্দলী আৰু হৰিবৰ বিপ্ৰই সমসাময়িক অসমীয়া সমাজ আৰু প্ৰাকৃতিক পৰিৱেশৰ লগত সংযোগ স্থাপন কৰিহে অনুবাদ কৰিছিল৷ বিশেষকৈ মাধৱ কন্দলীৰ ৰামায়ণৰ অনুবাদ মৌলিক ৰচনা যেন বোধ হয়৷ সেই সময়ছোৱাতে কন্দলীয়ে অনুবাদৰ নীতি নিৰ্ধাৰণ কৰি লোৱাটো বিশেষত্বপূৰ্ণ৷

২. শংকৰী যুগৰ অসমীয়া অনুবাদ সাহিত্য

অসমীয়া সাহিত্যৰ ইতিহাসৰ প্ৰাচীন কালৰ যুগ নিৰ্ধাৰক মাপকাঠী আছিল শংকৰদেৱ৷ শংকৰদেৱ আৰু সমসাময়িক সাহিত্যিকসকলৰ বিষয়-বৈচিত্ৰ্যসম্পন্ন ৰচনাসমূহে অসমীয়া সাহিত্যক সবল- শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছিল৷ মূলতঃ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে এই যুগৰ সাহিত্যসমূহ ৰচনা কৰা হৈছিল৷ প্ৰভাৱশালী লেখক শংকৰদেৱে এই যুগত ৰচনা কৰা সাহিত্যসমূহৰ প্ৰাসংগিকতা বৰ্তমানলৈকে আছে৷ অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ অৱদান বহুমুখী আছিল৷ কাব্য, নাটক, ভক্তিতত্ত্ব বিষয়ক, বৰগীত, নাম-প্ৰসংগ আদি বিভিন্ন দিশৰ সাহিত্য ৰচনাৰে শংকৰদেৱে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে৷ শংকৰদেৱৰ ৰচনাৰ এক বৃহৎ অংশ অনুবাদমূলক আছিল৷

শংকৰদেৱৰ অনুবাদ সাহিত্য

সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থকেইখন হ’ল- (ক) ভাগৱত ১ম, ২য়, ৬ষ্ঠ (অজামিল উপাখ্যান মাত্ৰ), ৮ম (বলিচলন, অমৃত মথন), ১০ ম, ১১ শ, ১২ শ স্কন্ধ আৰু (২ উত্তৰাকাণ্ড ৰামায়ণ৷  শংকৰদেৱৰ দ্বাৰা অনূদিত দশম স্কন্ধ ভাগৱতক দশম  নামেৰে জনা যায়৷ দশম স্কন্ধ ভাগৱতৰ নব্বৈটা অধ্যায়ৰ ভিতৰত শংকৰদেৱে প্ৰথম ঊনপঞ্চাশটা অধ্যায়ৰহে অনুবাদ কৰিছিল৷ তেনেদৰে একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ ভাগৱতৰ অনুবাদতো ভক্তিতত্ত্ব আৰু দাৰ্শনিক ধাৰণাসমূহক প্ৰাধান্য দিহে শংকৰদেৱে অনুবাদ কৰিছিল৷ শংকৰদেৱে অনুবাদ কৰোতে লক্ষ্য পাঠকক সদায় সন্মুখত ৰাখিছিল৷ অৰ্থাৎ অসমীয়া পাঠকৰ বাবে উপযুক্ত ৰূপত আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ সহায়ক হোৱাকৈ মূলপাঠৰ সংকোচন-প্ৰসাৰণ কৰি তেওঁ অনুবাদ কৰিছিল৷

মাধৱদেৱৰ অনুবাদ সাহিত্য

মাধৱদেৱেও যথেষ্টসংখ্যক ৰচনাৰে এই যুগৰ সাহিত্য সমৃদ্ধ কৰিছিল৷ বাল্মীকিৰ ৰামায়ণৰ ‘আদিকাণ্ড’ মাধৱদেৱে অনুবাদ কৰিছিল৷ নামঘোষা মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ৷ নামঘোষা ৰ এহেজাৰ ঘোষাৰ ভিতৰত প্ৰায় ছশমান ঘোষা বিভিন্ন পুৰাণৰ ভক্তিপ্ৰধান শ্লোকৰ অনুবাদ আছিল৷ শংকৰ-মাধৱৰ সমসাময়িক অনন্ত কন্দলী, ৰাম সৰস্বতী, ৰত্নাকৰ কন্দলী, শ্ৰীধৰ কন্দলী আদিসকলেও এই যুগৰ অনুবাদ সাহিত্যলৈ অৱদান আগবঢ়াইছিল৷ শংকৰী যুগত অনুবাদ সাহিত্যৰ লগতে যথেষ্ট পৰিমাণে মৌলিক সাহিত্য ৰচনা হৈছিল যদিও অনুবাদ কেন্দ্ৰীয় স্থানত আছিল৷ অৰ্থাৎ মৌলিক সাহিত্য সৃষ্টিৰ প্ৰেৰণা আৰু প্ৰকৃতি অনুবাদৰ জৰিয়তেহে আয়ত্ত কৰিছিল৷ এই যুগৰ সাহিত্য ৰচনাৰ ক্ষেত্ৰতো সমসাময়িক ৰজাসকলে পৃষ্ঠপোষকতা প্ৰদান কৰিছিল৷ শংকৰী যুগৰ অনুবাদ সাহিত্যৰ বৈশিষ্ট্যপূৰ্ণ দিশকেইটা হৈছে–

■ এই যুগৰ সাহিত্যই প্ৰচাৰ লাভ কৰাৰ মূলতে আছিল ভক্তি আন্দোলন৷ বিষুৰ মহিমা প্ৰচাৰ আৰু নৱ-বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰিবলৈ ভাগৱত, হৰিবংশ আদি সংস্কৃত ভাষাত ৰচিত গ্ৰন্থসমূহৰ অনুবাদ যথেষ্ট পৰিমাণে কৰা হৈছিল৷ ভক্তি আন্দোলনে শংকৰী যুগৰ অনুবাদ সাহিত্যক এক নতুন গতি প্ৰদান কৰিছিল৷

■ এই যুগটোত অসমীয়া মৌলিক সাহিত্যৰ সবল ভেটি এটা নাছিল আৰু সমকালীন সামাজিক বা ধাৰ্মিক অৱস্থাও সংকটজনক আছিল৷ তেনেস্থলত ভক্তিধৰ্মৰ প্ৰচাৰ বা সামাজিক-সাংস্কৃতিক সংস্কাৰৰ বাবে প্ৰভাৱশালী সাহিত্য ৰচনাৰ প্ৰয়োজন হৈছিল৷ সেয়ে ভাষা সাহিত্যৰ দুৰ্বল স্থিতিক সবল কৰিবলৈ সেই যুগৰ সাহিত্যিকসকলে সংস্কৃত গ্ৰন্থসমূহৰ অনুবাদত গুৰুত্ব দিছিল৷

■ এই যুগত অনূদিত হোৱা প্ৰচুৰ পৰিমাণৰ সাহিত্যই পাঠক-শ্ৰোতাক নতুন ধ্যান-ধাৰণাৰে আন্দোলিত কৰি মৌলিক সাহিত্য সৃষ্টিৰ প্ৰেৰণা যোগাইছিল৷ ফলস্বৰূপে অনূদিত আৰু মৌলিক সাহিত্যৰ স্বৰূপ-বৈশিষ্ট্য ইত্যাদি সমধৰ্মী হৈছিল৷

■ মূল সংস্কৃত ভাষাৰ পৰা কৰা অনুবাদৰ সাৰ্থক লক্ষ্যভাষাৰূপে অসমীয়া ভাষাক গঢ় দিব পাৰিছিল কাৰণেও সেই সময়ত অনূদিত সাহিত্যৰ পৰিমাণ আৰু জনপ্ৰিয়তা বৃদ্ধি পাইছিল৷

৩. শংকৰোত্তৰ যুগৰ অসমীয়া অনুবাদ সাহিত্য

শংকৰী যুগত গঢ় লৈ উঠা সাহিত্য চৰ্চাৰ আৰ্হিতে শংকৰোত্তৰ যুগৰ সাহিত্যও সৃষ্টি হৈছিল৷ এই সময়ছোৱাত অৰ্থাৎ সপ্তদশ শতিকাৰ প্ৰাৰম্ভৰ পৰা শেষলৈকে অসমৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক জীৱনলৈ বহুতো পৰিৱৰ্তন আহিছিল৷ এই পৰিৱৰ্তনসমূহে সাহিত্যকো প্ৰভাৱিত কৰিছিল৷ শংকৰ-মাধৱৰ তিৰোধানৰ পাছত চৰিত পুথি আৰু গদ্যসাহিত্য এই যুগৰ সাহিত্যৰ নতুন সৃষ্টি৷ আহোম ৰাজ-পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহো সেই যুগৰ এক বিৰল অৱদান৷ ব্যৱহাৰিক সাহিত্য ৰচনাৰ ধাৰাটোও এই যুগতে বিকশিত হৈছিল৷

প্ৰাক্ শংকৰী আৰু শংকৰী যুগৰ দৰেই শংকৰোত্তৰ যুগৰ সাহিত্যতো অনুবাদে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ ভট্টদেৱ এই যুগৰ এজন উল্লেখযোগ্য সাহিত্যিক, যি অনুবাদৰ মাধ্যমেৰে অসমীয়া গদ্য সাহিত্যৰ আৰম্ভণি কৰিছিল৷ ভট্টদেৱে কথা-ভাগৱত, কথা-গীতা আৰু কথা-ৰত্নাৱলী নামৰ তিনিখন তত্ত্বগধুৰ সংস্কৃত গ্ৰন্থ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰি অসমীয়া গদ্য সাহিত্যৰ সূচনা কৰিছিল৷ গদ্যৰ লগতে কাব্য, নাট আদিৰ অনুবাদো এই সময়ছোৱাত হৈছিল৷ শংকৰোত্তৰ যুগত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ সংস্কৃত পুথি অসমীয়ালৈ অনুবাদ কৰা হৈছিল৷

কবিৰাজ চক্রৱৰ্তীয়ে ভাস্বতী নামেৰে জ্যোতিষ শাস্ত্ৰৰ পুথি, শুভংকৰে নৃত্য আৰু মুদ্ৰা বিষয়ৰ পুথি শ্ৰীহস্তমুক্তাৱলী, সুকুমাৰ বৰকাঠে হস্তীবিদ্যাৰ্ণৱ  আদি পুথি অসমীয়ালৈ অনুবাদ কৰে৷ বকুল কায়স্থৰ গণিতৰ পুথি কিতাবৎ মঞ্জৰী আৰু কবিৰত্ন দ্বিজৰ লীলাৱতী এই দুখনো সেই যুগৰ দুখন প্ৰসিদ্ধ ব্যৱহাৰিক পুথি৷ এই পুথিসমূহ অনুবাদ কৰাৰ ক্ষেত্ৰত সমসাময়িক আহোম ৰজাসকল, কোচ ৰজা নৰনাৰায়ণ আৰু দৰঙী ৰজাই যথেষ্ট সহায় কৰিছিল৷ শংকৰোত্তৰ যুগৰ সামগ্ৰিক সাহিত্যৰ বিশ্লেষণত তলৰ দিশসমূহ স্পষ্ট হয়–

■ শংকৰী যুগৰ আৰ্হিৰে এই যুগৰ সাহিত্যিকসকলে সাহিত্য ৰচনা কৰিছিল কাৰণে এই যুগৰ সাহিত্যৰ অধিকাংশই অনুবাদ কৰ্ম আছিল৷ ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ লগতে ভক্তিতত্ত্ব আৰু ব্যৱহাৰিক দিশৰ বিভিন্ন সংস্কৃত সাহিত্যৰ অনুবাদ এইসময়ত হৈছিল৷

■ শংকৰোত্তৰ যুগৰ সাহিত্যক অনুবাদে নতুনত্ব প্ৰদান কৰিছিল৷ ভট্টদেৱে অনুবাদৰ জৰিয়তে অসমীয়া গদ্য সাহিত্যৰ আৰম্ভণি কৰিছিল৷ তেনেদৰে অনুবাদৰ জৰিয়তেই উপলব্ধ হোৱা ব্যৱহাৰিক সাহিত্যসমূহৰ কথাও ক’ব পাৰি৷ অৱশ্যে চৰিত পুথি, বুৰঞ্জী সাহিত্য আদি মৌলিক ৰূপতেই এই যুগত বিকশিত হৈছিল৷

■ এই যুগৰ অনুবাদকসকলে ৰাজ-পৃষ্ঠপোষকতাৰ সমান্তৰালভাৱে সত্ৰীয়া পৰিৱেশতো সাহিত্য ৰচনা কৰিছিল৷

৪. ঊনবিংশ শতিকাৰ অসমীয়া অনুবাদ সাহিত্য

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়৷ ইয়াৰ পূৰ্বৱতী সময়ত মানৰ আক্রমণ, মায়ামৰীয়া বিদ্ৰোহ আদিয়ে অসমীয়া জন-জীৱন এনেদৰে অস্থিৰ কৰি ৰাখিছিল যে সাহিত্যৰ ক্ষেত্ৰত স্থবিৰতা আহি পৰিছিল৷ ইংৰাজসকলে ১৮৩৬ খ্ৰীষ্টাব্দৰ পৰা অসমত অসমীয়া ভাষা আঁতৰাই বাংলা ভাষা প্ৰৱৰ্তন কৰে৷ সেই সময়তে আমেৰিকাৰ খ্ৰীষ্টান মিশ্যনেৰীসকল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিছিল আৰু তেওঁলোকৰ চেষ্টাতে ১৮৭৩ চনত অসমীয়া ভাষাই পূৰ্বৰ মৰ্যাদা ঘূৰাই পাইছিল৷ প্ৰায় সাতত্ৰিশ ৩৭ বছৰ স্ব-ভাষাৰ পৰা বঞ্চিত হৈ থকাৰ ফলত অসমীয়া সাহিত্যলৈ আহি পৰা জড়তা দূৰ কৰাৰ ক্ষেত্ৰত মিছনেৰীসকলে যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ ড০ উইলিয়াম কেৰীয়ে আত্মাৰাম শৰ্মাৰ সহযোগত ১৮১৩ খ্ৰীষ্টাব্দত বাইবেলৰ ‘নিউ টেষ্টামেন্ট’ৰ অসমীয়া অনুবাদ ছপা কৰি উলিয়াইছিল৷ বাইবেলৰ অনুবাদেই আধুনিক অসমীয়া সাহিত্যৰ বাটকটীয়া বুলি গৱেষকসকলে ক’ব খোজে৷ ইংৰাজসকল অসমলৈ অহাৰ আগতেই অসমীয়া ভাষালৈ এনে এখন গ্ৰন্থৰ অনুবাদ হোৱাটো গুৰুত্বপূৰ্ণ দিশ৷ কেৰীৰ সহযোগত আত্মাৰাম শৰ্মাই বাইবেলৰ ‘অ’ল্ড টেষ্টামেন্ট’ৰো অনুবাদ কৰে৷ তদুপৰি বহুতো খ্ৰীষ্টধৰ্মীয় প্ৰচাৰ পুস্তিকাৰ অনুবাদো সেই সময়ত হৈছিল৷

মিছনেৰীসকলৰ প্ৰচেষ্টাত অসমীয়া অনুবাদ সাহিত্য

১৮৪৬ চনত খ্ৰীষ্টান মিশ্যনেৰীসকলৰ প্ৰচেষ্টাত প্ৰথমখন অসমীয়া আলোচনী আৰু সংবাদপত্ৰ অৰুনোদই প্ৰকাশ হৈছিল, যি অসমীয়া সাহিত্যৰ সামগ্ৰিক দিশত পৰিৱৰ্তন আনিছিল৷ নাথান ব্ৰাউন সেইসময়ৰ এজন বিশিষ্ট অনুবাদক৷ ব্ৰাউনে ‘নিউ টেষ্টামেন্ট’ৰ অসমীয়া ভাঙনি (১৯৪৮) আৰু বাইবেলৰ মেথিউ, লিউক, মাৰ্ক আদি চাৰিটা খণ্ড ভাঙি ‘খ্ৰীষ্টৰ বিৱৰণ’ আৰু ‘শুভবাৰ্তা’ নামেৰে প্ৰকাশ কৰে৷ ‘জাত্ৰিকৰ জাত্ৰা’ নামৰ কাহিনী এটাও ব্ৰাউনে অনুবাদ কৰিছিল৷ মাইলছ বন্সনেও ভালেমান স্তুতি অসমীয়ালৈ অনুবাদ কৰিছিল৷ এ. কে. গাৰ্ণীয়েও কানি বেহেৰুৱাৰ কথা, এলোকেশী বেশ্যাৰ কথা, কামিনীকান্তৰ চৰিত্ৰ, ফুলমণি আৰু কৰুণাৰ কাহিনী ইত্যাদি অনুবাদ কৰিছিল৷ নিধিৰাম ফাৰৱেল সেই সময়ৰ খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰা অসমীয়া লেখক আছিল৷ তেওঁ ১৮৬৫ খ্ৰীষ্টাব্দত শিৱসাগৰ মিশ্যনেৰী প্ৰেছৰ পৰা ‘ভাৰতীয় দণ্ডবিধি আইন’ৰ অসমীয়া অনুবাদ প্ৰকাশ কৰিছিল৷ অৰুনোদই (১৮৪৬ চন) আলোচনীৰ পাততে আত্মপ্ৰকাশ কৰা হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা অসমীয়া ভাষা-সাহিত্যৰ দুজন বিশিষ্ট সাহিত্যিক৷ তেওঁলোকে অসমীয়া সাহিত্যক মিশ্যনেৰী প্ৰভাৱৰ পৰা মুক্ত কৰি স্বাধীন ৰূপত গঢ়িবলৈ চেষ্টা কৰিছিল৷

সৃষ্টিশীল সাহিত্যৰ ক্ষেত্ৰখনলৈ নতুন দৃষ্টিভংগী আনিবলৈ সক্ষম হোৱা হেমচন্দ্ৰ বৰুৱাই অনুবাদৰ জৰিয়তেও অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল৷ হেমচন্দ্ৰ বৰুৱাই ছাত্ৰ-ছাত্ৰীৰ উপযোগী কৰি স্বাস্থ্যৰক্ষাৰ উপায় (Way to Health) নামৰ গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল৷ হেমচন্দ্ৰ-গুণাভিৰামৰ সমসাময়িক লম্বোদৰ বৰাই কালিদাসৰ ‘শকুন্তলা’ নাটৰ অসমীয়া অনুবাদ আগবঢ়াই গৈছে৷ ঊনবিংশ শতিকাৰ প্ৰায় শেষৰ দশকত প্ৰকাশিত জোনাকী (১৮৮৯ চন) আলোচনীয়ে অসমীয়া ভাষা-সাহিত্যৰ স্বতন্ত্ৰতাৰ বাবে যুঁজ দিছিল৷

জোনাকী আলোচনীত অসমীয়া অনুবাদ সাহিত্য

লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ বৰুৱা, সত্যনাথ বৰা, কনকলাল বৰুৱা আদি কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰসকলৰ একাণপতীয়া প্ৰচেষ্টাত ১৮৮৯ চনৰ পৰা জোনাকী নামৰ আলোচনীখন প্ৰকাশ পাইছিল৷ এই আলোচনীখনে প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাবধাৰাৰ মাজত সংযোগ স্থাপন কৰিছিল৷ আলোচনীখনৰ লগত জড়িতসকলৰ মূল উদ্দেশ্য আছিল মৌলিক ৰূপত অসমীয়া সাহিত্যক সুস্থ-সবল কৰা; সেয়ে ন ন প্ৰকাৰৰ সাহিত্য সৃষ্টিৰে আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটো শক্তিশালী কৰি তুলিবলৈ তেওঁলোকে চেষ্টা কৰিছিল৷ মৌলিক ৰচনাক অধিক গুৰুত্ব দিয়া এই সময়ছোৱাতো অনুবাদে বিশেষত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ জোনাকী আলোচনীৰ এটা উদ্দেশ্যই আছিল ‘সংস্কৃত বা আন ভাষাৰ পৰা ভাল ভাল পুথিৰ অনুবাদকৰণ’৷

লক্ষ্মীনাথ বেজবৰুৱা এইসময়ৰ এজন মাৰ্গদৰ্শক সাহিত্যিক৷ ইংৰাজ কবি শ্যেলী, চেম্পিয়ন, হেৰিক, বাৰ্ণছ, ৱৰ্ডছৱৰ্থ আদিসকলৰ কবিতাৰ ভাববস্তুক হৃদয়ংগম কৰি সম্পূৰ্ণ অসমীয়া ৰূপ দিয়াৰ ক্ষেত্ৰত বেজবৰুৱা সিদ্ধহস্ত আছিল৷ হেমচন্দ্ৰ গোস্বামীয়েও পেট্টাকীয় চনেটৰ আৰ্হিত প্ৰথমটো অসমীয়া চনেট কবিতা এই সময়তে ৰচনা কৰিছিল৷ আনন্দচন্দ্ৰ আগৰৱালায়ো মৌলিক কবিতাৰ লগতে মৌলিক যেন লগাকৈ কেইবাটাও কবিতা অসমীয়ালৈ অনুবাদ কৰিছিল৷ ঊনবিংশ শতিকাৰ অসমীয়া নাট্য সাহিত্যতো অনুবাদে প্ৰভাৱ পেলাইছিল৷ ১৮৮৮ চনত শ্বেইক্সপীয়েৰৰ কমেডী অৱ এৰৰচ খন ‘ভ্ৰমৰঙ্গ’ নামেৰে ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অনুবাদ কৰিছিল৷ এই অনুবাদত স্থান-কাল আৰু পাত্ৰৰ নাম সম্পূৰ্ণ অসমীয়াকৰণ কৰাৰ লগতে মূলৰ ‘ব্লেংক ভাৰ্চ’ৰ পৰিৱৰ্তে গদ্যৰ ব্যৱহাৰ কৰিছে৷ ঊনবিংশ শতিকাৰ সাহিত্যৰ পটভূমিত  সামগ্ৰিকভাৱে অনুবাদ সাহিত্যৰ বিচাৰ কৰিলে তলৰ দিশসমূহ স্পষ্ট হয়–

■ অসমীয়া সাহিত্যলৈ আধুনিকতাৰ আগমন অনুবাদৰ জৰিয়তে হৈছিল৷ বাইবেলৰ অসমীয়া অনুবাদৰ জৰিয়তেই ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্যৰ আধুনিক ধাৰাটোৰ জন্ম হৈছিল যদিও প্ৰাচীন যুগৰ ধৰ্মকেন্দ্ৰিক ধাৰাটো সৃষ্টিশীল সাহিত্যৰ ধাৰালৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰতো এই সময়ৰ অনুবাদ সাহিত্যৰ ভূমিকা আছে৷

■ সংস্কৃত ভাষাৰ মূলৰ পৰা অনুবাদ কৰাৰ সমান্তৰালভাৱে ইংৰাজী ভাষাৰ পৰাও এই সময়ৰ অধিকাংশ অনুবাদ হৈছিল৷ সমকালীন সমাজৰ শাসন ব্যৱস্থা আৰু পাশ্চাত্য শিক্ষাৰ প্ৰভাৱে এইক্ষেত্ৰত অৰিহণা যোগাইছিল৷

■ এই সময়ৰ অনূদিত সাহিত্যক বৈচিত্ৰ্য প্ৰদান কৰাৰ ক্ষেত্ৰত আলোচনীসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ বিশেষকৈ অসমীয়া ভাষা-সাহিত্যৰ প্ৰথমখন আলোচনী অৰুনোদই আৰু পৰৱৰ্তী জোনাকী আলোচনীয়ে মৌলিক অসমীয়া সাহিত্যৰ বিকাশৰ লগতে অনূদিত সাহিত্যকো সমৃদ্ধ কৰিছিল৷

■ জোনাকী আলোচনীৰ এটা মূল উদ্দেশ্যই আছিল সংস্কৃত বা আন ভাষাৰ পৰা অনুবাদৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধিশালী কৰা; কিন্তু বাস্তৱ ক্ষেত্ৰত এই উদ্দেশ্য ফলপ্ৰসুভাৱে কাৰ্যকৰী কৰা দেখা নগ’ল৷

■ অনুবাদৰ শৈলীকো এই সময়ছোৱাত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হৈছিল৷ ‘ভ্ৰমৰঙ্গ’খনৰ অনুবাদৰ প্ৰসংগ এইক্ষেত্ৰত উল্লেখনীয়৷

■ এই সময়ছোৱা অসমীয়া ভাষা-সাহিত্যৰ পুনঃপ্ৰতিষ্ঠাৰ সময় আছিল৷ ৩৭ বছৰ বাংলা ভাষাৰ আগ্ৰাসনত থকা অসমীয়া ভাষাই প্ৰাচীন ঐতিহ্য হেৰুৱাই পেলাইছিল৷ সেয়ে ঊনবিংশ শতিকাৰ লেখকসকলে ভাষা-সাহিত্যক পুনৰোজ্জীৱিত কৰিবলৈ মৌলিক সাহিত্য ৰচনাত অধিক মনোনিৱেশ কৰিছিল৷ এইক্ষেত্ৰত অনুবাদে সক্রিয় ভূমিকা গ্ৰহণ কৰাৰ থল আছিল যদিও অসমীয়া লেখকসকলে সেই দৃষ্টিভংগীৰে অনুবাদ কাৰ্যত প্ৰবৃত্ত হোৱা নাছিল৷

৫. বিংশ শতিকাৰ অসমীয়া অনুবাদ সাহিত্য

বিংশ শতিকাৰ অসমীয়া সমাজ-সাহিত্যক আলোড়িত কৰিব পৰা কেইবাটাও ঐতিহাসিক কাৰণ আছিল৷ ১৯১৪ চনৰ পৰা ১৯১৮ চনলৈকে প্ৰথম বিশ্বযুদ্ধ আৰু  ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈকে হোৱা দ্বিতীয় বিশ্বযুদ্ধই সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছিল৷ তদুপৰি প্ৰায় দুশ বছৰ ৰাজত্ব কৰাৰ পাছত ইংৰাজে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰিছিল৷ এইবোৰ কাৰকে সমসাময়িক অসমৰ সমাজ জীৱনলৈ পৰিৱৰ্তন আনিছিল৷ বিংশ শতিকাৰ অসমীয়া সাহিত্য ৰচনাৰ পৰিৱেশলৈ লক্ষ্য কৰিলে দেখা যায় যে,  প্ৰথম চাৰিটামান দশকৰ সাহিত্য ৰোমাণ্টিক ভাবধাৰাই আচ্ছন্ন কৰি ৰাখিছিল৷

১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত বাঁহী আলোচনীয়ে এই সময়ৰ সাহিত্যৰ গতি-প্ৰকৃতিলৈ পৰিৱৰ্তন আনিছিল৷ মৌলিক ৰচনাৰে স্ব-ভাষাৰ সাহিত্য সমৃদ্ধ কৰাৰ লগতে অনুবাদতো এই সময়ৰ সাহিত্যিকসকলে গুৰুত্ব দিছিল৷ বেজবৰুৱাই শ্যেলীৰ Love’s Philosophy ৰ অসমীয়া অনুবাদ কৰিছিল ‘শ্যেলীৰ প্ৰেমৰ দৰ্শন’ শীৰ্ষকেৰে৷ জৰ্জ ডাৰ্লিৰ Loveliness of Love-ৰ আৰ্হিত তেওঁ ‘প্ৰিয়তমাৰ সৌন্দৰ্য’ নামৰ কবিতা লিখিছিল৷ হিতেশ্বৰ বৰবৰুৱায়ো মাইকেল মধুসূদন দত্তৰ ৰচনাৰ প্ৰেৰণাত বিৰহিনী বিলাপ, আভাস  আদি পুথিৰ কবিতাসমূহ ৰচনা কৰিছিল৷ বৰবৰুৱাৰ আন দুখন কাব্য পুথি ডেচডিমোনা আৰু অঙ্গিলা ১৯১৭ চনত প্ৰকাশ পায়৷ শ্বেইক্সপীয়েৰৰ অথেলো  নাটকক কেন্দ্ৰ কৰি ডেচডিমোনা আৰু গল্ডস্মিথৰ ভাঁইকাৰ অৱ ৱেকফিল্ডৰ আধাৰত অঙ্গিলা কাব্য ৰচনা কৰা হৈছে৷

বাঁহী কাকতে সৃষ্টি কৰা এজন শক্তিশালী লেখক হৈছে যতীন্দ্ৰনাথ দুৱৰা৷ ১৯২৬ চনত তেওঁ   কমি ওমৰ খায়ামৰ ৰুৱায়ত খন ওমৰতীৰ্থ নামেৰে অসমীয়ালৈ অনুবাদ কৰে৷ ফিটজেৰাল্ডে ইংৰাজী ভাষালৈ কৰা অনূদিত ৰূপৰ পৰা দুৱৰাই অসমীয়ালৈ অনুবাদ কৰিছিল৷ এইখন অনূদিত পুথিৰ প্ৰভাৱশালিতা বৰ্তমানলৈকে আছে৷ দুৱৰাই ১৯৩৩ চনত ৰুছ সাহিত্যিক টুৰ্গেনিভৰ Poems in prose-খন কথা কবিতা শীৰ্ষকেৰে গদ্যৰূপত অসমীয়ালৈ অনুবাদ কৰিছিল৷ সেই সময়ছোৱাত অসমীয়া গ্ৰন্থও ইংৰাজীলৈ অনূদিত হৈছিল৷ বেণুধৰ ৰাজখোৱাই নামঘোষা, গুণমালা, কাণখোৱা আৰু কীৰ্তনৰ ‘বিপ্ৰ দামোদৰ আখ্যান’ ইংৰাজীলৈ অনুবাদ কৰিছিল৷ বিংশ শতিকাৰ এই দশককেইটাত মূলতঃ  ইংৰাজী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ হৈছিল৷ লক্ষেশ্বৰ শৰ্মাই লিটনৰ Last days of Pompeii আৰু গ্ৰেজিয়াৰ ডালেডাৰ ‘মাদাৰ’ নামৰ উপন্যাস দুখন পম্পিয়াৰ প্ৰলয় কাহিনী আৰু মাতৃ নামেৰে অনুবাদ কৰিছিল৷ হেনৰী উদৰ ইষ্ট-লিনি আৰু  চাৰ্লচ ৰিডৰ ক্লাইষ্টাৰ এণ্ড ডি হাথ  উপন্যাস দুখন শান্তিৰাম দাসে ছদ্মৱেশী  আৰু মিলন মন্দিৰ  নামেৰে অনুবাদ কৰিছিল৷ শ্বেইক্সপীয়েৰৰ নাটকসমূহৰ অনুবাদো এইছোৱা সময়ত হৈছিল৷

বিংশ শতিকাৰ চতুৰ্থ- পঞ্চম দশকমানৰ পৰা অসমীয়া অনুবাদ সাহিত্যৰ গতি-প্ৰকৃতিলৈ নানা পৰিৱৰ্তন আহিছিল৷ এফালে মহাযুদ্ধ শেষ হৈছিল আৰু আনফালে দেশে স্বাধীনতা লাভ কৰিছিল৷ এনে অৱস্থাত সমকালীন সমাজৰ লগতে সাহিত্যৰ বিভিন্ন ৰূপসমূহতো পৰিৱৰ্তন আহিছিল৷ বিংশ শতিকাৰ প্ৰথমৰ দশককেইটাতে দেশী-বিদেশী বহু ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কাৰ্য হৈছিল, শেষৰ দশককেইটাত ইয়াৰ পৰিমাণ আৰু বাঢ়িছিল৷ ফলস্বৰূপে কবিতা, নাটক, উপন্যাস, গল্প, জীৱনী, প্ৰবন্ধ, আত্মজীৱনী, আত্মোৎকৰ্ষমূলক আৰু জ্ঞান-বিজ্ঞানৰ বিভিন্ন সাহিত্যৰ অনুবাদে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে৷  অসমীয়া ভাষাত প্ৰকাশিত আলোচনীসমূহেও অনূদিত সাহিত্যক এখন বিশেষ ক্ষেত্ৰ প্ৰদান কৰিছিল৷ এইক্ষেত্ৰত আৱাহন, ৰামধেনু আদি আলোচনীৰ প্ৰসংগ উল্লেখ কৰিব পাৰি৷ ১৯৫০ চনৰ পৰা ৰামধেনু  নামেৰে প্ৰকাশিত আলোচনীখনে নতুন ধ্যান-ধাৰণা আৰু তত্ত্ব অসমীয়া ভাষালৈ প্ৰবাহিত কৰিবলৈ অনুবাদৰ সহায় লৈছিল৷ ১৯৯২ চনত কবীন ফুকনৰ সম্পাদনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা অনুবাদ শীৰ্ষক এখন আলোচনী প্ৰকাশ পাইছিল৷ ১৯৯৪ চনলৈকে প্ৰকাশিত এই আলোচনীখনেও অসমীয়া অনুবাদ সাহিত্যলৈ যথেষ্টখিনি  বৰঙনি আগবঢ়াই থৈ গৈছিল৷

কাব্য সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত দিলীপ বৰুৱা, অজিৎ বৰুৱা আদিসকলে ৰামধেনু যুগতে দ্য লভ চঙ অৱ আলফ্ৰেড প্ৰুফেক, দ্য ৱেষ্ট লেণ্ড আদি অনুবাদ কৰিছিল৷ হোমেন বৰগোহাঞিয়েও বডলেয়াৰ, মাৰিয়া, হেনৰী মিলাৰ আদি কবিসকলৰ কবিতাৰ প্ৰভাৱত কবিতা ৰচনা কৰিছিল৷ ৰামধেনুৰ পাতত চীনা কবিতাৰ অনুবাদো প্ৰকাশ পাইছিল৷ প্ৰাচীন চীনা কাব্য ‘শ্লি চিও’ৰ পৰা পল্লৱ বৰুৱাই এটি কবিতা অনুবাদ কৰিবলৈ যত্ন কৰিছিল৷ অসমৰ বিভিন্ন জনজাতি যেনে–খামতি, মিচিং আদি লোকগীতৰ অনুবাদো এই সময়ত হৈছিল৷ সুজয়ানন্দ ভীক্ষুৱে খামতি বনগীত আৰু বচনচন্দ্ৰ পেগুৱে মিচিং ঐনিতম অসমীয়ালৈ অনুবাদ কৰিছিল৷ ১৯৬০ চনত প্ৰকাশিত মণিদীপ আলোচনীত হোমেন বৰগোহাঞিৰ দ্বাৰা অনূদিত বহুসংখ্যক কবিতা প্ৰকাশ পাইছিল৷ ১৯৬৮ চনত প্ৰকাশিত অসমীয়া আলোচনীত নীলমণি ফুকনে কৰা জাপানী কবিতাৰ অনুবাদ প্ৰকাশিত হৈছিল৷ নাটকৰ অনুবাদো এইছোৱা সময়ত যথেষ্ট পৰিমাণে হৈছিল৷

ৰামধেনু আলোচনীত জাঁ পল ছাৰ্ত্ৰেৰ  Muisclees নাটকখন ‘ৰুদ্ধদুৱাৰ’ নামেৰে অমিয়চৰণ গোহাঞিয়ে অনুবাদ কৰিছিল৷ অসমীয়া ভাষালৈ শ্বেইক্সপীয়েৰৰ নাটকৰ অনুবাদৰ সংখ্যাই অধিক যদিও বিংশ শতিকাৰ এই দশককেইটাত বিভিন্ন ভাষাৰ নাটকৰ অনুবাদ হৈছিল৷ নৰৱেৰ নাট্যকাৰ ইবছেনৰ নাটকৰ অনুবাদ কেইবা প্ৰকাৰেও হৈছিল৷ ইবছেনৰ The Vikings of Helgeland নাটকৰ আধাৰত সুৰেশ গোস্বামীয়ে ৰুণুমী নাটকখন লিখি উলিয়াইছিল৷ তেনেদৰে, পুতলা ঘৰ (A Doll’s House, অনুবাদক : পদ্ম বৰকটকী), বনহংসী (The Wild Duck, অনুবাদ : সত্যপ্ৰসাদ বৰুৱা), ভূত (Ghosts, অনুবাদক : মহেন্দ্ৰ বৰা) শীৰ্ষকেৰে অন্য তিনিখন নাটকো অসমীয়ালৈ অনুবাদ কৰা হৈছে৷

ষ্টেনলী  হুটন, কনষ্টানচ হ’ম, লুই নেপোলিয়ন, লেডী গ্ৰেগৰী আদি বিশ্ববিখ্যাত নাট্যকাৰৰ নাটকৰ অনুবাদ এই সময়ত হৈছিল৷ শৈলেন ভৰালীয়ে চেমুৱেল বেকেটৰ ৱেইটিং ফৰ গ’ড’ৰ অনুবাদ কৰিছিল গডোৰ অপেক্ষাত শীৰ্ষকেৰে৷ মণিয়েৰৰ দি মাইজাৰ নাটকখন দুলাল ৰয়ে মাছৰ তেলেৰে মাছ  শীৰ্ষকেৰে অনুবাদ কৰিছিল৷ বিভিন্ন বিদেশী ভাষাৰ লগতে সংস্কৃত, হিন্দী, বাংলা, মালয়ালম আদি ভাষাৰ পৰাও নাটকৰ অনুবাদ হৈছিল৷ নিৰুপমা ফুকনে আশাৰ ৰেঙণি, ৰাজহাড়, আহুতি আদি নাটক হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল৷ নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগতো মালয়ালম, পঞ্জাৱী, মাৰাঠী, গুজৰাটী, হিন্দী আদি বিভিন্ন ভাষাৰ পৰা একাংকিকা নাট অসমীয়ালৈ অনুবাদ কৰা হৈছিল৷

অনূদিত উপন্যাসৰ ক্ষেত্ৰতো মূলৰ ভাষা-বৈবিধ্য পৰিলক্ষিত হয়৷ ৰামধেনু আলোচনীত দয়ানন্দ বৰুৱাই মেক্সিম গৰ্কীৰ উপন্যাস মাদাৰ, মাতৃ নামেৰে অসমীয়ালৈ অনুবাদ কৰে৷ ১৯৫০ চনত দীননাথ শৰ্মাই  ন্যুট হামচনৰ দ্য গ্ৰোথ অৱ দ্য ছয়ল উপন্যাসখন মাটি আৰু মৰম শীৰ্ষকেৰে অনুবাদ কৰে৷ বীৰেন বৰকটকীয়ে দ্য ভাৰ্জিন ছয়ল উপন্যাসখন কুমাৰী পৃথিৱী নামেৰে অনুবাদ কৰে৷ মণিদীপ আলোচনীত লক্ষ্যহীৰা দাসে অস্কাৰ ৱাইল্ডৰ উপন্যাস দ্য পিকচাৰ অৱ দ্য ডোৰিয়ান গ্ৰে-ৰ অনুবাদ প্ৰকাশ কৰিছিল৷ অমূল্য কুমাৰ চক্রৱৰ্তীয়ে পৃথিৱী বিখ্যাত মহাকাব্য ইলিয়াদ, ওডিছী, ইনীদ আদি এই শতিকাতে অসমীয়ালৈ অনুবাদ কৰিছিল৷

১৯৭৫ চনত চন্দ্ৰপ্ৰসাদ শইকীয়াই সম্পাদনা কৰা প্ৰকাশ আলোচনীত এখন জাপানী উপন্যাস খণ্ড খণ্ডকৈ প্ৰকাশ পাইছিল৷ এই সময়ত অনূদিত কেইখনমান বিখ্যাত উপন্যাস হ’ল — বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দেৱ দুন্দুভি বাজে কাৰ বাবে, নগেন ঠাকুৰৰ ধীৰে বৈ যায় ডন, হাৰুণাৰ ৰচিদৰ গুড আৰ্থ, যতীন্দ্ৰনাথ গোস্বামীৰ বুঢ়া আৰু সাগৰ, প্ৰণীতা দেৱীৰ জীৱন লালসা আদি৷ বিদেশী উপন্যাসৰ লগতে অন্যান্য দেশীয় ভাষাৰ উপন্যাসৰ অনুবাদো যথেষ্ট পৰিমাণে হৈছিল৷ নেশ্যনেল বুক ট্ৰাষ্ট, সাহিত্য অকাদেমি আদিৰ উদ্যোগতো কিছুমান দেশীয় ভাষাৰ উপন্যাস অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছিল৷

গল্পৰ অনুবাদৰ ক্ষেত্ৰতো একেই গতি-প্ৰকৃতি পৰিলক্ষিত হয়৷ এই সময়ৰ সৰহসংখ্যক অনূদিত গল্পই বাতৰি কাকত, আলোচনী, সাপ্তাহিক কাকত আদিত সিঁচৰতি হৈ থকা দেখা যায়৷ অনূদিত গল্প সংকলনৰ পৰিমাণ তুলনামূলকভাৱে কম৷ নিৰুপমা ফুকন (বিশ্ব গল্প চয়নিকা), তোষপ্ৰভা কলিতা (বিশ্ব সাহিত্যৰ এমুঠি গল্প, হে মহাজীৱন), ইন্দিৰা দত্ত (প্ৰেমচন্দৰ শ্ৰেষ্ঠ গল্প) আদি লেখকসকলে সংকলিত ৰূপত গল্পৰ অনুবাদ প্ৰকাশ কৰিছে৷ গল্পৰ অনুবাদৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া দিশটো হ’ল ইংৰাজী বা অন্য বিদেশী ভাষাৰ তুলনাত ভাৰতীয় ভাষাসমূহৰ গল্পৰ অনুবাদৰ পৰিমাণ বেছি৷ উদাহৰণস্বৰূপে, তিলক হাজৰিকাৰ ফণীশ্বৰ নাথ ৰেণুৰ শ্ৰেষ্ঠ কাহিনী, মহেন্দ্ৰ বৰঠাকুৰৰ সমকালীন মালয়ালম গল্প, অণু বৰুৱাৰ তামিল কাহিনী,  ইমদাদ উল্লাহৰ গুজৰাটী গল্প সংকলন আদি নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগত অনূদিত হৈছিল৷

অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰত মৌলিক সাহিত্যতকৈ অনুবাদৰ পৰিমাণ বেছি৷ বিশ্বসাহিত্যৰ উল্লেখযোগ্য শিশু পুথিসমূহৰ অনুবাদ এই সময়ছোৱাত হৈছিল৷ মহেন্দ্ৰ বৰাই পিন্নোকিও, ডন কুইকচোট, গালিভাৰ, পিটাৰ পেন, নীল সাগৰৰ সাধু আদি গ্ৰন্থৰ অনুবাদ কৰিছিল৷ আন কেইজনমান উল্লেখযোগ্য শিশু সাহিত্যৰ অনুবাদক হ’ল — আজলী তৰা নেওগ (আলাদ্দিন, আলিবাবা); অতুলচন্দ্ৰ হাজৰিকা (গ্ৰীমৰ সাধু, এণ্ডাৰছনৰ সাধু, নীলা চৰাই); নবীন চন্দ্ৰ বৰদলৈ (হাতেম তাই); হাৰুণাৰ ৰছিদ (টম খুড়াৰ জুপুৰী, ৰত্নদীপ); প্ৰণীতা দেৱী (গ্ৰীচ আৰু ৰোমৰ সাধু); এম. আব্দুল মজিদ খান (জাপান দেশৰ সাধু) আদি৷ এওঁলোকে মূলতঃ বিদেশী ভাষাৰ পৰা অনুবাদ কৰিছিল৷ ভাৰতীয় ভাষাসমূহৰ পৰাও ভিন্ন প্ৰকাৰৰ শিশু সাহিত্য অসমীয়ালৈ অনুবাদ হৈছে৷ সাহিত্যৰ অন্যান্য প্ৰকাৰসমূহৰ অনুবাদেও বিংশ শতিকাৰ অনুবাদ সাহিত্যক সমৃদ্ধ কৰিছিল৷ তদুপৰি বিশ্বায়নমুখী অসমীয়া সাহিত্যত সাহিত্যভিন্ন বিষয়সমূহৰ অনুবাদৰ গুৰুত্বও বৃদ্ধি পাইছিল৷ গতিকে বিজ্ঞান, চিকিৎসা, আইন, ধৰ্ম, কৃষি আদি বিষয়ক গ্ৰন্থসমূহৰ অনুবাদৰ চাহিদা বৃদ্ধি পাইছিল৷

বিংশ শতিকাৰ শেষৰ দশক কেইটাত দেশ-বিদেশৰ বিভিন্ন ভাষাৰ, ভিন্ন প্ৰকাৰৰ সাহিত্যই অসমীয়া ৰূপ পৰিগ্ৰহণ কৰা দেখা গ’ল৷  অসমীয়া সাহিত্যৰ অনুবাদো অন্য ভাষালৈ হৈছিল৷ নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ পুথিখন পদ্মধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে ১৯২৮ চনত ইংৰাজীলৈ অনুবাদ কৰিছিল বুলি জনা যায়৷ ১৯৭৫ চনত নীলমণি ফুকন সম্পাদিত সংজ্ঞা আলোচনীতো চীনা, জাপানী স্পেনিছ কবিতাৰ অনুবাদ প্ৰকাশিত হৈছিল৷ আলোচনীকেন্দ্ৰিকভাৱে দেশী-বিদেশী ভাষাৰ কবিতাৰ অনুবাদ হোৱাৰ লগতে কবিতা পুথিৰ অনুবাদতো বহুসংখ্যকে গুৰুত্ব দিছিল৷ নৱকান্ত বৰুৱাই গ্যেটেৰ ফাউষ্টৰ লগতে ভাস্কোপপাৰ কবিতাও অনুবাদ কৰিছিল৷

দেৱীপ্ৰসাদ বাগড়োদিয়াই ১৯৯৫ চনত জ্যোতিপ্ৰসাদৰ সমস্ত ৰচনাৱলী জ্যোতিপ্ৰভা শীৰ্ষকেৰে হিন্দীলৈ অনুবাদ কৰিছিল৷ বিৰিঞ্চি কুমাৰ বৰুৱাই লক্ষ্মীনাথ বেজবৰুৱাৰ  ‘ভদৰী’ গল্পটো ইংৰাজীলৈ অনুবাদ কৰিছিল৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয়  ইংৰাজীলৈ অনুবাদ কৰিছিল ধীৰেন বেজবৰুৱাই৷ ঊষাৰঞ্জন ভট্টাচাৰ্যই ২০০০ চনত মৃত্যুঞ্জয়ৰ বাংলা অনুবাদৰ কাৰণে সাহিত্য অকাদেমিৰ অনুবাদ বঁটাও পাইছিল৷ অন্য ভাৰতীয় ভাষাসমূহলৈও এই গ্ৰন্থৰ অনুবাদ হৈছিল৷ মামণি ৰয়ছম গোস্বামীৰ আধা লেখা দস্তাবেজ খনো বিভিন্ন ভাৰতীয় ভাষালৈ অনূদিত হৈছিল৷ শংকৰ-মাধৱৰ ৰচনাসমূহো বিভিন্ন ভাষালৈ অনূদিত হৈছে৷ বিংশ শতিকাৰ অসমীয়া অনুবাদ সাহিত্যৰ গতি-প্ৰকৃতিৰ আলোচনাই তলৰ দিশসমূহ স্পষ্ট কৰে-

■ এই শতিকাৰ অনুবাদ সাহিত্যক অসমীয়া আলোচনীসমূহে এক বহল প্ৰেক্ষাপট প্ৰদান কৰিছিল৷ বাঁহী, ৰামধেনু, মণিদীপ, প্ৰকাশ, অসমীয়া, সংজ্ঞা, অনুবাদ আদি আলোচনীত বহুকেইজন অনুবাদকে সাহিত্যৰ বিভিন্ন প্ৰকাৰসমূহৰ অনুবাদ কৰিছিল৷

■ এই সময়ছোৱাত ইংৰাজী, জাপানী, চীনা আদি ভাষাসমূহৰ লগতে ভাৰতীয় বিভিন্ন ভাষাসমূহৰ পৰাও অসমীয়া ভাষালৈ যথেষ্ট পৰিমাণে অনুবাদ হৈছিল৷ তদুপৰি অসমৰ জনজাতীয় ভাষাসমূহৰ পৰাও অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰক্রিয়া এই সময়তে আৰম্ভ হৈছিল৷

■ বিভিন্ন ভাষাৰ পৰা অনূদিত হোৱাৰ লগতে অনূদিত সাহিত্যসমূহৰ  বিষয়বস্তুৰ ক্ষেত্ৰতো বৈচিত্ৰ্য আহিছিল৷ গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ, নাটক, জীৱনী আদিৰ লগতে সাহিত্যভিন্ন বিবিধ বিষয়ৰ অনুবাদ এই সময়ছোৱাত হৈছিল৷

■ অনুবাদকসকলে দেশ-বিদেশৰ বিখ্যাত সাহিত্যিকসকলৰ মহৎ সাহিত্যৰাজিৰ অনুবাদতহে অধিক গুৰুত্ব প্ৰদান কৰিছিল৷ একেখন গ্ৰন্থৰে অসমীয়ালৈ অনূদিত কেইবাটাও ৰূপো পোৱা গৈছিল৷

■ বিংশ শতিকাৰ অনুবাদ সাহিত্যই অসমীয়া অনূদিত সাহিত্যৰ পৰিমাণ বৃদ্ধি কৰিছিল যদিও অধিকাংশ অনুবাদেই দুখন সমাজ, সাহিত্য-সংস্কৃতিৰ মাজত যোগাযোগ স্থাপন কৰাত বিশেষ সফল হোৱা নাছিল৷

■ বিংশ শতিকাৰ অসমীয়া অনুবাদ সাহিত্যই উপযুক্ত মৰ্যাদা আৰু বিশিষ্ট ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলেও নেশ্যনেল বুক ট্ৰাষ্ট, সাহিত্য অকাদেমিৰ দৰে প্ৰকাশন আৰু প্ৰতিষ্ঠানে লোৱা বিশেষ উদ্যোগে দেশী-বিদেশী বিভিন্ন ভাষাৰ সাহিত্যক অসমীয়া ভাষাত উপলব্ধ কৰোৱাইছিল৷ অসমীয়া অনুবাদ সাহিত্যলৈ ই এক ইতিবাচক দিশ৷

■ এই সময়ত বহুসংখ্যক অসমীয়া গ্ৰন্থও অন্য ভাষালৈ অনুবাদ কৰা হৈছিল৷ কীৰ্তন-নামঘোষাৰ পৰা আৰম্ভ কৰি বহুকেইজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিকৰ গ্ৰন্থ ভাৰতীয় ভাষাসমূহৰ লগতে ইংৰাজী বা বিদেশী ভাষালৈও অনূদিত হৈছিল৷

■ বিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্যত সুস্থিৰ আৰু সমৃদ্ধ পৰিৱেশ এটা আছিল৷  অসমীয়া ভাষাও যিকোনো প্ৰকাৰৰ সাহিত্যৰ লক্ষ্যভাষা হ’ব পৰাকৈ উপযুক্ত হৈছিল৷  গতিকে সমাজ, সাহিত্য আৰু সংস্কৃতিৰ সামগ্ৰিক দিশক প্ৰভাৱিত কৰিব পৰা সাহিত্যৰ অনুবাদে অসমীয়া সাহিত্যক শক্তিশালী কৰাৰ থল আছিল৷ বিশ্বায়নমুখী বৰ্তমানৰ সমাজ কেৱল এক ভাষিক সাহিত্যৰ মাজতে আবদ্ধ থাকিলে বৌদ্ধিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে৷ কিন্তু, বহুভাষিক অসমীয়া সাহিত্যিকসকলে এই দিশত বিশেষ গুৰুত্ব দিয়া দেখা নগ’ল৷

৬. সাম্প্ৰতিক সময়ৰ অসমীয়া অনুবাদ সাহিত্য

অতি সাম্প্ৰতিক সময়ত অসমীয়া ভাষাত বহুল ৰূপত অনুবাদ গ্ৰন্থ প্ৰকাশ হোৱা পৰিলক্ষিত হয়৷ বহু প্ৰকাশকে ব্যৱসায়ৰ দৃষ্টিৰেও অনুবাদ গ্ৰন্থ প্ৰকাশৰ প্ৰতি আগ্ৰহ দেখুৱাইছে৷ অসম প্ৰকাশন পৰিষদ, নেশ্যনেল বুক ট্ৰাষ্ট, শৰাইঘাট প্ৰকাশন আদিয়ে ভিন্ ভিন্ সময়ত দেশ-বিদেশৰ বিভিন্ন সাহিত্য অসমীয়ালৈ অনুবাদ কৰাৰ এলানি প্ৰচেষ্টা লৈছিল৷ বিশেষকৈ শৰাইঘাট প্ৰকাশনে ‘কালজয়ী সাহিত্য’ৰ চিৰিজ এটা প্ৰকাশ কৰাৰ উদ্দেশ্যে দুকুৰিৰো অধিক যুগজয়ী সাহিত্যৰ অনুবাদ কৰিছিল৷ দীনেশচন্দ্ৰ গোস্বামীৰ সম্পাদনাত সাম্প্ৰতিক সময়ছোৱাত শৰাইঘাট প্ৰকাশনে প্ৰকাশ কৰা কেইখনমান গ্ৰন্থ হ’ল ৰহস্যময় দ্বীপ (মূল : জুল ভাৰ্ণ, অনুবাদ : অভিজিৎ শৰ্মা বৰুৱা); কেষ্টাৰব্ৰিজৰ মেয়ৰ (মূল : টমাছ হাৰ্ডি, অনুবাদ : বন্দিতা গোস্বামী শইকীয়া); ৰূপান্তৰ (মূল : ফ্ৰান্জ কাফ্কা, অনুবাদ : শীলভদ্ৰ); শ্বাৰল্ক হোমছৰ ৰহস্য কাহিনী (মূল : আৰ্থাৰ কণন ডয়াল, অনুবাদ : বন্দিতা ফুকন); ফ্ৰেংকেনষ্টাইন (মূল : মেৰী ৱলষ্ট’নক্রেফট শ্বেলী, অনুবাদ : অভিজিৎ শৰ্মা বৰুৱা); সময় যন্ত্ৰ (মূল : এইচ. জি. ৱেলচ, অনুবাদ : ক্ষীৰধৰ বৰুৱা) ইত্যাদি৷

বীণা লাইব্ৰেৰী নামৰ প্ৰকাশনেও বহুতো গ্ৰন্থৰ অনুবাদ প্ৰকাশ কৰিছে৷ প্ৰকাশনটোৱে ডেল কাৰ্ণেগী, নৰ্মান ভীনচেন্ট পীল আদিৰ গ্ৰন্থৰ লগতে বাংলা ভাষাৰ সাহিত্যৰ অনুবাদত বিশেষ প্ৰাধান্য দিছে৷ পাৰ্থ চট্টোপাধ্যায়, তছলিমা নাছৰিন, সুনীল গংগোপাধ্যায়, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ আদি ন-পুৰণি বাংলা সাহিত্যিকৰ বিভিন্ন প্ৰকাৰৰ গ্ৰন্থৰ অনুবাদ প্ৰকাশ কৰি অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰিছে৷ তেনেদৰে জ্যোতি প্ৰকাশন আৰু বাণী মন্দিৰ আদি প্ৰকাশনেও কিছুমান দিশত বিশেষত্বপূৰ্ণ গ্ৰন্থ কিছুমানৰ অনুবাদ প্ৰকাশ কৰি উলিয়াইছে৷ সাম্প্ৰতিক প্ৰকাশিত আলোচনীসমূহেও অসমীয়া অনুবাদ চৰ্চাত এক গতি প্ৰদান কৰিছে৷ কথা গুৱাহাটী, গৰীয়সী, সাতসৰী আদি আলোচনীয়ে অনুবাদৰ বিশেষ সংখ্যা প্ৰকাশ কৰি অনুবাদৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশৰ বিকাশত সহায় কৰিছে৷ তদুপৰি এই আলোচনীসমূহত অনুবাদৰ কাৰণে সুকীয়া শিতানো আছে৷ অসম সাহিত্য সভাৰ মুখ্য পত্ৰিকা অসম সাহিত্য সভাৰ পত্ৰিকায়ো অনুবাদ বিশেষ সংখ্যা প্ৰকাশ কৰিছিল৷

গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ ‘অনুবাদ বিশেষ’ কৰি প্ৰকাশ কৰা কাৰ্যয়ো সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যত অনুবাদৰ প্ৰাসংগিকতা নিৰূপণ কৰে৷ উদাহৰণস্বৰূপে, ২০০৭ চনত প্ৰকাশিত যোৰহাট গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ প্ৰজ্ঞা ৰ নাম উল্লেখ কৰিব পাৰি৷ অসমীয়া ভাষালৈ সম্প্ৰতি অনুবাদ হৈ থকা গ্ৰন্থসমূহৰ পৰ্যবেক্ষণত স্পষ্ট হয় যে কালজয়ী বা বিশিষ্ট গ্ৰন্থসমূহৰ অনুবাদ হৈ আছে যদিও জীৱন-কলা সম্পৰ্কীয় অনূদিত গ্ৰন্থৰ চাহিদা বাঢ়িছে৷ যান্ত্ৰিক যুগে ভংগুৰ কৰি পেলোৱা মানৱ জীৱন আৰু মনৰ পথ্যস্বৰূপেই হয়তো এনেধৰণৰ কিতাপৰ চাহিদা বৃদ্ধি কৰিছে৷ সেয়ে ডেল কাৰ্ণেগী, নৰ্মান ভিনচেন্ট পীল, এ. পি. জে. আব্দুল কালাম, পাৰ্থ চট্টোপাধ্যায় আদি বিভিন্ন লেখকৰ জীৱনমুখী হ’বলৈ শিকোৱা গ্ৰন্থসমূহৰ অনুবাদ প্ৰচুৰ পৰিমাণে হৈছে৷

এ. পি. জে. আব্দুল কালামৰ গ্ৰন্থসমূহে তৰুণ প্ৰজন্মক বিশেষভাৱে আকৃষ্ট কৰিছে৷ সুৰেশ শৰ্মাই অনুবাদ কৰা কালামৰ কেইখনমান গ্ৰন্থ হ’ল – অগ্নিৰ ডেউকা (উইংছ অৱ ফায়াৰ), তেজস্বী মন (ইগ্নাইটেড মাইণ্ড), মিছন ইণ্ডিয়া (মিছন ইণ্ডিয়া), পথ প্ৰদৰ্শক আত্মা (গাইডিং ছ’লছ), ভাৰতবৰ্ষ ২০২০ (ইণ্ডিয়া২০২০ সমগ্ৰ ভাৰতৰ যুৱ প্ৰজন্ম কালামৰ কৰ্তব্যনিষ্ঠা আৰু আদৰ্শৰ অনুৰাগী৷ অসমীয়া পাঠক সমাজত কালামৰ অনূদিত গ্ৰন্থৰ আদৰেও এই কথাৰ প্ৰমাণ দাঙি ধৰে৷

জীৱন-কলা সম্পৰ্কীয় গ্ৰন্থৰ অনুবাদ

এই সময়ছোৱাত আত্মোৎকৰ্ষমূলক বা জীৱন-কলা সম্পৰ্কীয় গ্ৰন্থসমূহৰ অনুবাদত গুৰুত্ব দিয়া দুজন বিশেষ অনুবাদক হ’ল প্ৰফুল্ল কটকী আৰু আমিনুৰ ৰহমান৷ প্ৰফুল্ল কটকীৰ দ্বাৰা অনূদিত এনে কেইখনমান গ্ৰন্থ হ’ল – জীৱনবোধ (মূল : লিন য়ুটাং ), যথাৰ্থ ভদ্ৰলোক (মূল : বাল্টাছাৰ গ্ৰেছিয়ান), জীৱনৰ মহত্ত্ব (মূলঃ লিন য়ুটাং), কৰ্তব্যবোধ (মূল : ছেমুৱেল স্মাইলচ), আস্থা আৰু অভিজ্ঞতা (মূল : নৰ্মান ভিনচেন্ট পীল), অনাড়ম্বৰ জীৱন যাপন আৰু উচ্চ চিন্তা (মূল : ডব্লিউ এইচ. আডামছ) ইত্যাদি৷ প্ৰফুল্ল কটকী অসমীয়া সাহিত্যৰ এজন অন্যতম অনুবাদক৷ ২০০৬ চনত আন্টাচেব্ল্চ উপন্যাসৰ অনুবাদৰ কাৰণে সাহিত্য অকাদেমি অনুবাদ বঁটা লাভ কৰা কটকীয়ে বিভিন্ন প্ৰকাৰৰ সাহিত্য অসমীয়ালৈ অনুবাদ কৰিছে৷

আমিনুৰ ৰহমানে মূলতঃ আত্মোৎকৰ্ষমূলক সাহিত্যৰ অনুবাদত মনোনিৱেশ কৰিছে৷ তেওঁৰ দ্বাৰা অনূদিত কেইখনমান গ্ৰন্থ হ’ল – আত্মবিশ্বাস, সফল জীৱনৰ চাবি-কাঠি, মানুহৰ মন জয় কৰাৰ উপায়, সাফল্যৰ গোপন ৰহস্য, সুখী জীৱন গঢ়াৰ সাধনা (ডেল কাৰ্ণেগীৰ গ্ৰন্থৰ পৰা অনূদিত), নেপোলিয়ন হিলৰ আত্মোন্নতি, জীৱনৰ প্ৰত্যাহ্বান, উৎকৰ্ষৰ সাধনা ইত্যাদি৷ হেমন্ত কুমাৰ ভৰালীয়েও জীৱন-কলা সম্পৰ্কীয় গ্ৰন্থৰ অনুবাদ কৰাৰ লগতে জাঁ পল ছাৰ্ত্ৰেৰ আত্মজীৱনী ৱৰ্ডছ খন শব্দ শীৰ্ষকেৰে অসমীয়ালৈ অনুবাদ কৰিছে৷ বিংশ শতিকাৰ দৰে এই সময়ছোৱাতো যথেষ্ট পৰিমাণৰ অসমীয়া গ্ৰন্থ অন্য ভাষালৈ অনূদিত হৈছে৷

সাম্প্ৰতিক সময়ত অসমীয়া ভাষালৈ যথেষ্ট পৰিমাণৰ অনুবাদ হৈছে যদিও অসমীয়া ভাষা-সাহিত্যত সৰ্বাত্মক প্ৰভাৱ পেলাব পৰা, জাতীয় জীৱনৰ পৰিৱৰ্তন আৰু জাগৰণত ভূমিকা গ্ৰহণ কৰিব পৰা অনুবাদৰ অভাৱ দেখা যায়৷ বিংশ শতিকাৰে পৰা অনুবাদ সম্পৰ্কীয় চিন্তা-চৰ্চা বা অনুবাদ অধ্যয়নৰ পদ্ধতিত নতুন দিশ সংযোজিত হৈছিল৷ সাম্প্ৰতিক সময়ত অনুবাদ অধ্যয়নে সমাজ-সংস্কৃতিৰ সামগ্ৰিক দিশ সামৰি এক বহুমাত্ৰিক ৰূপ লাভ কৰিছে৷ কিন্তু অসমীয়া ভাষালৈ অনুবাদ কৰি থকাসকলে অনুবাদৰ শেহতীয়া ধ্যান-ধাৰণাৰ সৈতে পৰিচিত নোহোৱাকৈয়ে অনুবাদ কাৰ্য কৰাৰ ফলত প্ৰায়বিলাকে সমাজ-সংস্কৃতিৰ লগত যোগাযোগ হেৰুৱাইছে৷ তদুপৰি বিশ্বায়ন প্ৰভাৱিত অসমীয়া পাঠক সমাজৰ বাবে কেনেধৰণৰ সাহিত্যৰ প্ৰয়োজন হৈছে, সেই দিশৰ অধ্যয়ন নকৰাকৈ কৰা অনুবাদ সমাজৰ ওচৰ চাপিব পৰা নাই৷ অৰ্থাৎ কোনবিলাক বিষয়ৰ অনুবাদৰ অধিক প্ৰয়োজন তাৰ সমীক্ষা কৰি সেই অনুসৰি অনুবাদ কৰিলেহে অনুবাদ কাৰ্য ফলপ্ৰসূ হ’ব৷ অৱশ্যে অনুবাদ সম্পৰ্কীয় কৰ্মশালা, আলোচনা-সভা আদিৰ সঘনে আয়োজন কৰি অসমীয়া অনুবাদ সাহিত্যৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশত নতুন দৃষ্টিভংগী আনিবলৈ চেষ্টা কৰি থকা হৈছে৷

লেখিকাঃ  ৰিঞ্জুমণি হাজৰিকা,

সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ

মৰাণ মহাবিদ্যালয় 

3.8 5 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x