যুগজয়ী মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ

    মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ অসমীয়া সমাজৰ এক সৰ্বজনবিদিত নাম। প্ৰতিজন অসমীয়াৰ অন্তৰত বাস কৰে শ্ৰীশ্ৰী মাধৱদেৱ। মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ সৈতে লগ হৈ অসমত ভক্তি-ধৰ্মৰ প্ৰসাৰ সাধন কৰিছিল আৰু জাতি,ধৰ্ম,বৰ্ণ, ভাষা নিৰ্বিশেষে এক একতাৰ ডোলেৰে অসমীয়া জাতিক বান্ধিছিল। মাধৱদেৱ আছিল এক জ্ঞানৰ আকৰ। শ্ৰীশ্ৰী মাধৱদেৱ আছিল একেধাৰে নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ, অভিনেতা,গায়ক,বাদক ইত্যাদি। অসমীয়া সমাজক শ্ৰীকৃষ্ণৰ বাল্যকালৰ মহিমাৰ লগত চিনাকি কৰোৱাই দিয়া ব্যক্তিজনেই আছিল শ্ৰীশ্ৰী মাধৱদেৱ। শংকৰদেৱক অনুসৰণ কৰিয়েই তেখেতৰ আদৰ্শেৰে মাধৱদেৱে অসমীয়া জাতি গঢ়োতা সেঁতু নিৰ্মাণ কৰিছিল। 

    মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম হৈছিল লক্ষীমপুৰৰ নাৰায়ণপুৰত ১৪৮৯ খ্ৰীষ্টাব্দ অৰ্থাৎ ১৪১১ শকৰ জেঠ মাহৰ কৃষ্ণা প্ৰতিপদ তিথিত। সেইদিনা আছিল ৰবিবাৰ। মাধৱদেৱৰ পিতৃ আছিল গোবিন্দগিৰি আৰু মাতৃ আছিল মনোৰমা। মাধৱদেৱৰ জন্মৰ সময়ত তেওঁৰ পিতৃ-মাতৃ হৰশিঙা বৰা উজীৰৰ ঘৰত। জন্মৰ পাছতে দৈৱজ্ঞই গণনা কৰোঁতে মাধৱদেৱৰ নামকৰণ কৰিলে ৰত্নাকৰ বুলি। 

    এনেদৰেই লাহে লাহে ডাঙৰ-দীঘল হৈ মাধৱদেৱে লিখা-পঢ়া আৰম্ভ কৰে। মাধৱদেৱে কালক্ৰমত অনেক পুথি-পাজি অধ্যয়ন কৰি বিদ্যা অৰ্জন কৰিলে। তাৰপাছতেই ভনীয়েক উৰ্বশীক ৰামদাসলৈ বিয়া দিয়ে। ভনীয়েকক বিয়া দিয়া কিছুদিনৰ পাছত মাকক ভনীয়েক-ভনী জোঁৱায়েকৰ সৈতে থৈ মাধৱদেৱে পিতৃ গোবিন্দগিৰিৰ সৈতে পিতৃগৃহ বাণ্ডুকালৈ যায়। তাতে মাধৱদেৱে পিতৃ গোবিন্দগিৰিৰ প্ৰথম ভাৰ্য্যাৰ পুত্ৰ দামোদৰ অৰ্থাৎ ককায়েকক লগ পায়। এনেদৰেই বাণ্ডুকাতে মাধৱদেৱে বহুদিন থাকে আৰু তাতে তেওঁৰ পিতৃ গোবিন্দগিৰিৰ দেহাৱসান ঘটে। 

    তাৰপাছতেই মাধৱদেৱে পিতৃৰ শ্ৰাদ্ধ কাৰ্য্য সম্পন্ন কৰি ককায়েক দামোদৰক বাণ্ডুকাতে এৰি মাতৃক চাবলৈ মাতৃৰ ওচৰলৈ গুচি আহে। আহি মাধৱদেৱে মাতৃক পিতৃ বিয়োগৰ দুখজনক বাৰ্তা দিয়ে আৰু মাধৱদেৱৰ মাতৃ মনোৰমা কান্দি-কাটি আউলি-বাউলি হয়। 

    কিছুবছৰ মাকৰ লগত কটাই মাধৱদেৱ পুনৰ তেওঁৰ নিজৰ ভাগৰ বস্তু আনিবলৈ ককায়েক দামোদৰৰ কাষলৈ বাণ্ডুকালৈ গ’ল। তাত মাধৱদেৱে মজিন্দাৰী কামত নিযুক্ত হ’ল। কিন্তু হিচাপত খেলি-মেলি কৰাৰ বাবে ককায়েক দামোদৰে মাধৱদেৱক তিৰস্কাৰ কৰি কামৰ পৰা উলিয়াই দিলে। তাৰপাছতেই মাধৱদেৱে ককায়েকক পৈত্রিক সম্পত্তিৰ ভাগ খুজি ঘৰলৈ আহিবলৈ ওলাল। ককায়েক দামোদৰে মাধৱদেৱক পৈত্রিক সম্পত্তিৰ ভাগ দিয়াৰ পাছতে তেওঁ পুনৰ ককায়েকক সেইখিনি ঘূৰাই দি মাতৃৰ ওচৰলৈ উভতি আহিবলৈ লয়। কিন্তু আহোঁতে বাটতে মাধৱদেৱৰ বৰগ্রহনী ৰোগে ধৰাত ককায়েকে পুনৰ মাধৱদেৱক ঘৰলৈ উভতাই নি সেৱা-শুশ্ৰূষা কৰি সুস্থ কৰিলে। সুস্থ হোৱাৰ পাছত মাধৱদেৱ ঘৰলৈ উভতি আহে। 

    মাধৱদেৱ ঘৰলৈ উভতি আহোঁতে বাটত বাতৰি পালে যে মাকৰ টান নৰীয়া। সেইবুলি গম পাই মাধৱদেৱে গোসাঁনী পূজাত দিবলৈ এযোৰ বগা পাঠা দিবলৈ আগ কৰিলে। কিন্তু ঘৰলৈ আহি দেখিলে যে মাকৰ নৰীয়া ইতিমধ্যে ভাল হৈছে। তাৰ কিছুদিনৰ পাছতেই গোসাঁনী পূজাৰ সময় সমাগত হোৱাত মাধৱদেৱে ৰামদাসক টকা-সিকা দি বলি দিবৰ নিমিত্তে এযোৰ পাঠা আনিবলৈ ক’লে। কিন্তু ৰামদাসে মাধৱদেৱক পাঠা আনি নিদিলে আৰু ক’লে যে জীৱহত্যা কৰিব নাপায়। জীৱহত্যা কৰিলে নিজে নৰকত পৰিবা। তেতিয়া মাধৱদেৱ আৰু ৰামদাসৰ মাজত তৰ্কসদৃশ পৰিৱেশৰ সৃষ্টি হ’ল আৰু ৰামদাসে ক’লে যে কাইলৈ পুঁৱা ওলাবা আমি দুয়ো শংকৰদেৱৰ ওচৰলৈ যাম। আৰু তেওঁ তোমাক সকলোৰে সাৰমৰ্ম বুজাই দিব। 

    পাছদিনা শংকৰদেৱৰ ওচৰলৈ দুয়ো পোৱা গৈ পোৱাত ৰামদাসে শংকৰদেৱৰ ওচৰত মাধৱদেৱক পৰিচয় কৰাই দিলে আৰু সম্পূৰ্ণ বিৱৰণ দিলে। তাৰপাছতেই ধোঁৱাহাট বেলগুড়িত শংকৰদেৱ আৰু মাধৱদেৱৰ তৰ্কযুদ্ধ আৰম্ভ হ’ল আৰু বেলি পৰালৈকে  তৰ্কযুদ্ধ চলিল। শেষত,শংকৰদেৱে তৰুমুল শ্লোকৰ দ্বাৰা তৰ্কযুদ্ধৰ অন্ত পেলালে। আৰু মাধৱদেৱে শংকৰদেৱক গুৰু মানি তেখেতৰ ভৰিত চুলে। এই শংকৰ-মাধৱৰ মিলনেই হ’ল বিখ্যাত মণিকাঞ্চন সংযোগ। 

    শ্ৰীশ্ৰী মাধৱদেৱ অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। মাধৱদেৱৰ অবিহনে অসমীয়া জাতি আধৰুৱা। আৰু মৰাপুৰুষ শংকৰদেৱো মাধৱদেৱৰ অবিহনে আধৰুৱা হৈ থাকি গ’লহেতেন। শংকৰ-মাধৱৰ মিলনৰ ফলত অসম তথা অসমীয়াৰ জনজীৱনত এক প্ৰাণৰ সঞ্চাৰ ঘটিল। মাধৱদেৱ আছিল শংকৰদেৱৰ প্রিয় শিষ্য। গুৰুভক্তি কেনেকৈ কৰিব লাগে সেইয়া সকলোৱে শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা শিকা উচিত। তেওঁ ইমান বিজ্ঞ, বিদ্বান হৈও কিন্তু নিজৰ গুৰুক  কেতিয়াও অৱজ্ঞা কৰা নাছিল আৰু গুৰুবাক্য সদায় মানিছিল। অসমীয়া সমাজ জীৱন থাকে মানে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নামো চিৰদিনলৈ প্ৰবাহিত হৈ যাব।

4.5 2 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] মাধৱদেৱে অনুবাদ কৰিছিল৷ নামঘোষা মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ৷ নামঘোষা ৰ […]

trackback

[…] আৰু পঢ়ক- মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ […]

2
0
Would love your thoughts, please comment.x
()
x