তথ্যকোষসাময়িকী

অসম চৰকাৰৰ “অৰুণোদয়” আঁচনি সম্পৰ্কে কিছু কথা

    নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত আঁচনিৰ বৰষুণ বুলি প্ৰতিটো নিৰ্বাচনৰ সময়ত সদায় পৰিগণিত হৈ আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। অসম চৰকাৰে ২০২০-২১ৰ বাৰ্ষিক বাজেটত ঘোষণা কৰা “অৰুণোদয়” শীৰ্ষক এখন নতুন আঁচনি আৰম্ভণি কৰাৰ কথা ঘোষণা কৰিছে। অহা ২ অক্টোবৰৰ পৰা এই আঁচনিৰ শুভাৰম্ভণি কৰা হ’ব। এই “অৰুণোদয়” আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় সোতৰ(১৭) লক্ষাধিক পৰিয়ালক মাহিলী পোনপটীয়াকৈ বেংকযোগে ৮৩০ টকাকৈ প্ৰদান কৰা হ’ব। প্ৰথম পৰ্যায়ত অসমৰ প্ৰত্যেকটো সমষ্টিৰ ১৫০০০ হিতাধিকাৰীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিব। মহিলাসকলহে এইখন আঁচনিৰ হিতাধিকাৰী হ’ব। অহা অক্টোবৰৰ পৰা প্ৰত্যেক মাহৰ প্ৰথম দিনাই ঘৰৰ নির্দিষ্ট মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত এই আঁচনিৰ নিৰ্দিষ্ট টকা জমা হ’ব। 

■ “অৰুণোদয়” আঁচনিৰ দ্বাৰা উপকৃত হ’বলৈ দুটামান প্ৰয়োজনীয় চৰ্তৰ বিষয়ে অৱতাৰণা কৰা হৈছে। সেই চৰ্তসমূহ হৈছে –

১) আবেদনকাৰীজন অসমৰ স্থায়ী বাসিন্দা হোৱাটো বাধ্যতামূলক। 

২) আবেদনকাৰীয়ে বৰ্তমান সময়ত অসমতেই বসবাস কৰি থাকিব লাগিব। 

৩) আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় দুই(২) লাখতকৈ কম হ’ব লাগিব অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলেহে এই আঁচনিৰ হিতাধিকাৰী হ’বলৈ আবেদন জনাব পাৰিব। 

৪) আবেদনকাৰী(নিৰ্দিষ্ট মনোনীত মহিলা সদস্য)ৰ নিজৰ নামত বেংক একাউন্ট থকাটো বাধ্যতামূলক আৰু বেংক একাউণ্টত থকা নাম আবেদন পত্ৰত দিয়া নামটোৰ সৈতে একে হ’ব লাগিব। আবেদনকাৰীৰ নিজৰ নামত একাউন্ট নাথাকিলে নিজৰ নামত একাউণ্ট খুলিহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। 

■ চৰকাৰৰ এই নতুন আঁচনি “অৰুণোদয়”ৰ হিতাধিকাৰী হ’বলৈ নিম্নোক্ত ধৰণৰ পৰিয়ালে অগ্ৰাধিকাৰ লাভ কৰিব –

১) যি পৰিয়ালত বিধৱা,অবিবাহিতা, বিবাহ বিচ্ছেদিত,স্বামীৰ পৰা পৃথকে বাস কৰা মহিলা আছে। 

২) যি পৰিয়ালত বিশেষভাৱে সক্ষম লোক(PWD)  আছে। 

৩) যিসমূহ পৰিয়ালৰ খাদ্য সুৰক্ষা আইনৰ অধীনৰ পৰিচয় পত্ৰ অৰ্থাৎ ৰেচন কাৰ্ড নাই। 

■ চৰকাৰৰ এই নৱতম আঁচনি “অৰুণোদয়”ৰ বাবে নিম্নোক্তধৰণৰ পৰিয়ালসমূহ অযোগ্য বিবেচিত হ’ব-

১) যিটো পৰিয়ালত কোনো মহিলা সদস্য নাই। 

২) যিটো পৰিয়ালত প্ৰাক্তন তথা বৰ্তমানৰ বিধায়ক/সাংসদ আছে। 

৩) যিটো পৰিয়ালত স্থানীয় পঞ্চায়ত বা নগৰ-নিকায়ৰ কোনো সদস্য আছে। 

৪) যিটো পৰিয়ালত বৰ্তমান কৰ্মৰত বা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আছে। 

৫) যিটো পৰিয়ালত নিয়মীয়াকৈ সমবায় সমিতিত কৰ্মৰত কৰ্মচাৰী আছে। 

৬) যিটো পৰিয়ালত উকীল,অভিযন্তা,চিকিৎসক, স্থপতিবিদ,চাৰ্টাৰ্ড একাউনটেণ্ট আৰু পঞ্জীয়নভুক্ত ঠিকাদাৰ আছে। 

৭) যিটো পৰিয়ালত আয়কৰ পৰিশোধকাৰী ব্যক্তি আছে। 

৮) যিটো পৰিয়ালৰ পোন্ধৰ(১৫)  বিঘা বা তাতোতকৈ অধিক কৃষিভূমি আছে। 

৯) যিটো পৰিয়ালত চাৰিচকীয়া বাহন,বেটাৰীচালিত নাওঁ বা ট্ৰেক্টৰ আছে। (দুচকীয়া বাহন মটৰ,চাইকেল স্কুটি আৰু তিনিচকীয়া বাহন ৰিক্সা,অটোৰিক্সা, ই-ৰিক্সা এই আওঁতাত নপৰে) 

১০) যিটো পৰিয়ালত ৰেফ্ৰিজাৰেটৰ, ৱাছিং মেচিন বা এয়াৰ কণ্ডিচনাৰ(AC)  আছে। 

    এই “অৰুণোদয়” আঁচনিৰ বাবে ২০২০-২১ ৰ বাজেটত চৰকাৰে প্ৰায় ২৮০০ কোটি টকা ধার্য কৰিছিল। “অৰুণোদয়” আঁচনিখনৰ প্ৰকৃত হিতাধিকাৰী নিৰ্বাচন কৰিবলৈ প্ৰথম পৰ্যায়ত গাঁও পঞ্চায়ত,নগৰ নিকায়ভিত্তিত তালিকা প্ৰস্তুত কৰা হ’ব। দ্বিতীয় পৰ্যায়ত নিৰ্দিষ্ট বিধানসভাৰ সমষ্টিভিত্তিক তালিকা প্ৰস্তুত কৰা হ’ব আৰু তৃতীয় পৰ্যায়ত সকলো ঠিক কৰি অন্তিম আৰু চূড়ান্ত তালিকা প্ৰস্তুত কৰি নিৰ্দিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ’ব। 

    “অৰুণোদয়” অসমীয়াৰ এক আৱেগ কিয়নো “অৰুণোদয়” আলোচনীয়ে অসমীয়া ভাষাৰ অমৃতময় ধাৰা পুনৰ জীয়াই তুলিবলৈ সক্ষম হৈছিল। সেয়ে,চৰকাৰৰ এই “অৰুণোদয়” আঁচনিত যাতে কোনো পক্ষপাতিত্বমূলক,দুৰ্নীতি বা স্বজন-তোষন নহয় আৰু অসমৰ দৰিদ্ৰ শ্ৰেণীৰ জনগণই “অৰুণোদয়”ৰ যোগেদি অকণমান সহাৰি বা সকাহ তাৰবাবেই নিৰ্দিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান। মুঠৰ ওপৰত প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰৰ এই “অৰুণোদয়” আঁচনিৰ সুবিধাসমূহ পাব লাগে। আমাৰ মাজত এনে এচাম লোকো আছে যাৰ ঘৰত সকলো উভৈনদীকৈ থকাৰ পাছতো কিন্তু  চৰকাৰী সুবিধাবোৰ পালে ল’বলৈ দৌৰি যায়। দেশৰ কিছুমান নাগৰিকৰ এনেকুৱা প্ৰৱণতাই সকলোবোৰ আঁচনিৰে যি নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য তাৰ পৰা কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰায়। 

    “অৰুণোদয়” আঁচনিৰ যোগেদি যেন অসমৰ মহিলাৰ সৱলীকৰণৰ যোগেদি পৰিয়াল সৱলীকৰণ হয় আৰু তেতিয়াই শক্তিশালী হ’ব আমাৰ সোণৰ অসম। অসম যাতে “অৰুণোদয়”ৰ জৰিয়তে পুনৰুত্থানৰ পথত ধাৱমান হয় তাৰেই আশা। “অৰুণোদয়” যাতে কেৱল মাত্ৰ এক নিৰ্বাচনী প্ৰতিশ্ৰুতিয়েই নহয়,অৰুণোদয় হওক দৰিদ্ৰৰ সম্বল। অৰুণোদয়ে আনক হাঁহি অসমৰ জনগণৰ।

2.4 7 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x