স্বাধীনতা আন্দোলনত নেতাজী আৰু আজাদ হিন্দ ফৌজৰ গঠন
১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই ব্ৰিটিছৰ বান্ধোনৰ পৰা মুক্ত হয় আৰু স্বাধীনতা লাভ কৰে। ভাৰতে স্বাধীনতা লাভ কৰিছিল ভাৰতীয় জনগণৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত। প্ৰায় ১৯০ বছৰীয়া ব্ৰিটিছ শাসনৰ সূৰ্য্য মাৰ নিয়াই নিজ মাতৃভূমিৰ বাবে স্বাধীনতা ঘূৰাই অনাটো মুঠেই সহজসাধ্য নাছিল। কিন্তু অগণন ভাৰতত বীৰ-বীৰাংনাই নিজ মাতৃভূমিক নিজৰ জীৱন দি হ’লেও স্বাধীন কৰি থৈ গ’ল। আবাল বৃদ্ধ-বণিতাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি দেশৰ মাটিত নিজৰ স্বাক্ষৰ ৰাখি থৈ গ’ল। ভাৰতৰ এই স্বাধীনতা সংগ্ৰামৰ ইতিহাস প্ৰায় ১ শতাব্দীৰ। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভণি কৰি ১৯৪৭ লৈকে ভাৰতীয়সকলে অবিৰতভাৱে দেশৰ পৰাধীনতাৰ শিকলি চিঙিবলৈ প্রাণেপণে যোগ দিলে আৰু অৱশেষত প্ৰায় ৯০ বছৰৰ অন্তত দেশৰ সূৰ্যোদয় হ’ল আৰু বিদেশী শক্তিয়ে ভাৰত ত্যাগ কৰিলে। ব্ৰিটিছৰ সূৰ্য্য মাৰ নোযোৱা জাতিৰ গৌৰৱ সমূহ ভাৰতীয়ই থান-বান কৰিলে অবিৰত স্বাধীনতা যুঁজেৰে।
ভাৰতৰ এক স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল ১৮৫৭ চনত মঙ্গল পাণ্ডেৰ আত্মত্যাগেৰে আৰু ই খ্যাত হৈছিল চিপাহী বিদ্ৰোহ বুলি আৰু এই বিদ্ৰোহে স্বীকৃতি পাইছিল ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলনৰূপে। তাৰপাছত কালক্ৰমত বংগ ভংগ আন্দোলন,অসহযোগ আন্দোলন,আইন অমান্য আন্দোলন,ভাৰত ত্যাগ আন্দোলন – এনেদৰেই ভাৰতীয় মুক্তিকামী জনতাই দেশক মুক্ত কৰিলে পৰাধীনতাৰ শিকলিৰ পৰা আমি লাভ কৰিলো স্বাধীনতা যি আমাৰ জন্মস্বত্ব।
ভাৰতৰ স্বাধীনতা আন্দোলনত বহুতো লোকে অংশগ্ৰহণ কৰি দেশমাতৃৰ হকে নিজৰ প্ৰাণ উচৰ্গা কৰিছিল। আৰু বহুতো সংগঠনো আছিল যি দেশমাতৃৰ স্বাধীনতা লাভত অশেষ বৰঙণি দি থৈ গ’ল কিন্তু তাৰে কিছুমান বিস্মৃতিৰ গৰাহত। তাৰ ভিতৰত অন্যতম আছিল নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজ। নেতাজী সুভাষ চন্দ্ৰ বসু আৰু তেওঁৰ আজাদ হিন্দ ফৌজে ভাৰতৰ স্বাধীনতাত প্ৰভূত বৰঙনি যোগাইছিল। যাৰ বাবে ভাৰতে ব্ৰিটিছ শাসনতন্ত্ৰৰ শিৰনত কৰোৱাই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ’ল।
নেতাজী সুভাষ চন্দ্ৰ বসুঃ
১৮৯৭ খ্রীঃ ২৩ জানুৱাৰী কটক চহৰত সুভাষচন্দ্র বসুৰ জন্ম হয়। ৰামমকৃষ্ণ,বিবেকানন্দৰ আদৰ্শৰ প্রতি অনুবাগ থকা সুভাষচন্দ্রই বাল্য বয়সৰ পৰাই অনন্য সাধাৰণ প্রতিভাৰ পৰিচয় দিছিল। প্রবেশিকা পৰীক্ষাত তেওঁ দ্বিতীয় স্থান অধিকাৰ কৰে। ১৯১৯ খ্রীঃত তেওঁ স্কটিচ্ছ চার্চ কলেজৰ পৰা পৰীক্ষা দি দর্শন বিভাগত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্রথম শ্রেণীৰ প্রথম স্থান অধিকাৰ কৰে। বিলাতৰ আই. চি. এছ পৰীক্ষাত তেওঁ চতুর্থ স্থান লাভ কৰি চাকৰি পায় যদিও তেওঁ ইয়াক প্রত্যাখ্যান কৰি দেশমাতৃৰ সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয়।
দেশবন্ধু চিত্তৰঞ্জন দাসৰ নিৰ্দেশত সুভাষচন্দ্র বসুয়ে বঙ্গদেশ কংগ্রেছ স্বেচ্ছাসেৱক বাহিনী গঠন কৰি ১৯২১ ৰ অসহযোগ আন্দোলনত সক্রিয় ভূমিকা গ্ৰহণ কৰে। ইয়াৰ বাবে সুভাষচন্দ্র গ্রেপ্তাব হয় আৰু কাৰাবাস খাটিব লগাত পৰে। ইয়াৰ পাছত চিত্তৰঞ্জন দাসে স্বৰাজ দলৰ সংগঠন কার্যভাৰো তেওঁৰ ওপৰতে ন্যস্ত কৰে। সেই সময়ৰ বানপানী ক্ষতিগ্রস্ত উত্তব-বঙ্গৰ লােকসকলৰ সেৱা কাৰ্যত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা আছিল আৰু ‘বাংলা কথা’ আৰু “ফৰৱার্ড” নামৰ সংবাদপত্র দুখন পৰিচালনা কৰি তেওঁ প্ৰভূত বৰঙণি যোগাইছিল।
সুভাষচন্দ্র বসু ভাৰতৰ স্বাধীনতা সংগ্রামৰ এজন নির্ভীক নেতা আছিল। দেশৰ দুঃসাহসিকতা,নতুন পন্থা উদ্ভাৱন, অসাধাৰণ সাংগঠনিক শক্তি প্রভৃতিয়ে অতি কম সময়তে তেওঁক সমগ্র ভাৰতবর্ষৰ জনপ্রিয় নেতাৰ আসনত অধিষ্ঠিত কৰে। কিন্তু কংগ্রেছৰ নৰমপন্থী নেতাসকলে তেওঁৰ এই নীতিক সমর্থন কৰা নাছিল। ১৯৩৯ খ্রীঃত তেওঁ জাতীয় কংগ্রেছৰ সভাপতি পদৰ বাবে নির্বাচিত হােৱাৰ পাছত গান্ধীজীৰ লগত মতানৈক্য ঘটাত সুভাষচন্দ্রই কংগ্ৰেছ ত্যাগ কৰি ফৰৱার্ড ব্লক’ (Forward Block) নামৰ এটা নতুন দল গঠন কৰে। ১৯৪০ খ্রিঃ তেওঁক ইংৰাজ কর্তৃপক্ষই নিৰাপত্তা আইনৰ দ্বাৰা গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাত পুলিচৰ পহৰাত নিজৰ ঘৰত থাকিব দিয়ে।
গান্ধীজীৰ নেতৃত্বত হােৱা ভাৰতীয় জাতীয় আন্দোলনৰ ব্যর্থতাত সুভাষচন্দ্র বসু অতীষ্ঠ হৈ পৰে আৰু ব্রিটিছৰ বিৰুদ্ধে সশস্ত্র সংগ্রামৰ পৰিকল্পনা কৰি ১৯৪১ খ্রীষ্টাব্দৰ ১৭ জানুৱাৰীত ছোভিয়েট ইউনিয়নৰ সহায় বিচৰাৰ উদ্দেশ্যে গৃহবন্দী হৈ থকা অৱস্থাৰ পৰাই গােপনে আফগানিস্তানেৰে ভাৰত ত্যাগ কৰে। কিন্তু ১৯৪১ জুন মাহত ছোভিয়েট ইউনিয়নে ইংৰাজ তথা মিত্র পক্ষৰ লগত যােগ দিয়াত তেওঁ জাৰ্মানীৰ ৰাজধানী বার্লিনলৈ যায় আৰু হিটলাৰৰ সহযােগত ভাৰতীয় যুদ্ধ বন্দীসকলক লৈ এটা সৈন্যবাহিনী গঠন কৰে। জার্মান সামৰিক কৰ্মচাৰী সকলৰ সাহায্যত ভাৰতীয় সেনাবাহিনীক উপযুক্ত প্রশিক্ষণ দিয়া হয়।
ইতিমধ্যে জাপানে ইংলেণ্ড আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰি (৭ ডিচেম্বৰ, ১৯৪১ খ্রীঃত) দ্রুতগতিত মালয়, ছিঙ্গাপুৰ আৰু ব্ৰহ্মদেশ দখল কৰে। সেই সময়ত ভাৰতবৰ্ষৰ এক অন্যতম বিপ্লবী ৰাসবিহাবী বসু জাপানত আছিল। তেওঁ দক্ষিণ পূব এছিয়াত থকা ভাৰতীয়সকল তথা জাপানৰ হাতত বন্দী হৈ থকা ভাৰতীয় সেনাসকলক লৈ ভাৰতক স্বাধীন কৰাৰ পৰিকল্পনা কৰে। এই উদ্দেশ্যে ১৯৪২ খ্রীঃৰ ১৫ জুনত বেংককত ভাৰতীয়সকলৰ এক বিৰাট সমাবেশ ঘটে আৰু ভাৰতৰ ত্রিৰঙ্গ জাতীয় পতাকা উত্তোলন কৰা হয়। ইয়াৰ এক প্রস্তাৱ অনুসাৰে সুভাষচন্দ্র বসুক দক্ষিণ-পূব এছিয়ালৈ নিমন্ত্ৰণ কৰা হয়। ৰাসবিহাবী বসু, ভাৰতীয় সেনাবাহিনীৰ কেপ্টেইন মোহন সিং আৰু জাপানী কর্তৃপক্ষ প্রচেষ্টাত ভাৰতবৰ্ষক স্বাধীন কৰাৰ মানসেৰে এক সৈন্যদল গঠন কৰা হ’ল। ১৯৪২ খ্রীঃ ১ছেপ্টেম্বৰত আজাদ হিন্দ ফৌজেৰ প্রতিষ্ঠা ঘােষণা কৰা হয়।
সুন্দৰ
thnx…a lot
[…] […]