ভাৰতৰ স্বাধীনতা সংগ্ৰামত আজাদ হিন্দ ফৌজ
আজাদ হিন্দ ফৌজৰ গঠন হোৱাৰ পাছত নতুন পৰিস্থিতিৰ দ্বাৰা উৎসাহিত হৈ ভাৰত স্বাধীন কৰা মানসেৰে সুভাষ চন্দ্র হিটলাৰৰ সহযােগত চাবমেৰিনৰ যোগে জাৰ্মানীৰ পৰা আহি জাপানত উপস্থিত হয় ১৩ জুন, ১৯৪৩ খ্রীঃত। জাপানৰ প্রধানমন্ত্রী টুজুয়ে তেওঁক সাদৰ অভ্যর্থনা কৰি ঘােষণা কৰে যে, জাপানে ভাৰতৰ ৰাজনৈতিক মুক্তি বাবে যথাসাধ্য সাহায্য কৰিব। টকিঅ’ৰ পৰাই সুভাষচন্দ্রই ভাৰতৰ স্বাধীনতাৰ পৰিকল্পনাৰ কথা প্রচাৰ কৰে আৰু লগে লগে দক্ষিণ-পূব এছিয়া প্রবল উদ্দীপনা আৰু উত্তেজনাৰ সৃষ্টি হ’ল। সুভাষচন্দ্রই আজাদ হিন্দ ফৌজ অৰ্থাৎ ভাৰতীয় জাতীয় বাহিনী (Indian National Army) সর্বাধিনায়ক পদবী ১৯৪৩ চনৰ ২৫ আগষ্টত গ্ৰহণ কৰিলে। তেওঁৰ ব্যক্তিত্বৰ প্রভাৱত হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ সৈনিকে সুভাষ চন্দ্র ‘নেতাজী বুলি অভিহিত কৰে।
১৯৪৩ চনৰ ২৯ অক্টোবৰত নেতাজীয়ে ‘আজাদ হিন্দ’ অর্থাৎ স্বাধীন ভাৰত চৰকাৰৰ প্রতিষ্ঠাৰ কথা ঘােষণা কৰিলে। দুদিনৰ পাছত অর্থাৎ ৩১ অক্টেবৰত এই চৰকাৰে ইংলেণ্ড আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিলে আৰু ‘দিল্লী চলো’ শ্লোগানেৰে ভাৰত অভিমুখে প্ৰস্তুতি তীব্ৰ গতিত চলাবলৈ ধৰিলে। আজাদ হিন্দ ফৌজ তিনি মূল ব্রিগেডত বিভক্ত কবি সেইকেইটাৰ নাম— গান্ধী, আজাদ আৰু নেহৰু ব্রিগেড ৰখা হয়। নাৰীসকলক লৈ ৰাণী ঝান্সী নামৰ এটা মহিলা ব্রিগেডাে গঠন কৰা হয়।
১৯৪৪ খ্রীঃৰ জানুৱাৰী মাহত নেতাজীয়ে ৰেঙ্গুনত তেওঁৰ প্রধান সামৰিক দপ্তৰ প্রতিষ্ঠা কৰে। ইয়াৰ পাছতে আৰম্ভ হ’ল আজাদ হিন্দ ফৌজৰ ভাৰত অভিযান। ফৌজৰ প্ৰথম ডিভিজনটো জাপানী সৈন্যৰ লগত অগ্রসৰ হৈ আহি ভাৰতৰ সীমান্তত অৱস্থিত মর্ডদক নামে ঠাইত ব্রিটিছ সৈন্যৰ ওপৰত আক্রমণ কৰে। ব্রিটিছ সৈন্য পলায়ন কৰিবলৈ বাধ্য হ’ল। আজাদ হিন্দ ফৌজে স্বদেশৰ মাটিত প্রৱেশ কৰিলে আৰু দিল্লী চলো ধ্বনি দি অগ্ৰসৰ হ’ব ধৰিলে। আজাদ হিন্দ ফৌজে শীঘ্ৰেই ইম্ফল অধিকাৰ কৰি অসমৰ মাজেদি বঙ্গদেশত প্রৱেশৰ আঁচনি ল’লে। কিন্তু দুর্ভাগ্যক্রমে সেই সময়তে আমেৰিকা বিশাল যুদ্ধ সম্ভাৰ লৈ জাপানৰ দিশত অগ্ৰসৰ হ’লত যুদ্ধৰ পৰিস্থিতি দ্রুত পৰিৱর্তন হ’ল। স্বদেশ ৰক্ষাৰ হকে জাপানী সৈন্যই ব্রহ্মদেশ পৰিত্যাগ কৰে আৰু আজাদ হিন্দ ফৌজ পিছুৱাবলৈ বাধ্য হ’ল। ইংলেণ্ড আৰু আমেৰিকাৰ সুসজ্জিত সৈন্যবাহিনীয়ে ব্রহ্মদেশৰ ওপৰত প্রচণ্ড আক্রমণ চলালে।
ৰছদ-পাতিৰ অভাৱ আৰু নানা প্রতিকূল অৱস্থাৰ বাবে কিছুদিন যুদ্ধ কৰি অৱশেষত আজাদ হিন্দ ফৌজে আত্মসমর্পণ কৰিবলৈ বাধ্য হয়। আৰু নেতাজী সুভাষচন্দ্র বসুৰ ১৯৪৫ চনৰ ২৩ আগষ্টৰ এক বিমান দুর্ঘটনাত মৃত্যু হয় বুলি জনা যায়। অৱশ্যে এই বিষয়ে এতিয়ালৈকে কোনাে সর্বজনগৃহীত সিদ্ধান্তত উপনীত হ’ব সম্ভৱ হোৱা নাই। কোনোৱে কয় বিমান দুৰ্ঘটনাৰ পাছতো তেওঁ জীয়াই আছিল কিন্তু কোনোৱে কয় তেওঁৰ মৃত্যু হয় সেই বিমান দুৰ্ঘটনাতে। ভাৰতৰ চৰকাৰসমূহে নেতাজীৰ মৃত্যুৰ তদন্ত কৰিবলৈ বহুতো আয়োগো গঠন কৰি দিয়ে কিন্তু তাৰ কোনো ফল নধৰিল। ভাৰতৰ এক অন্যতম সুপুত্ৰ সুভাষ চন্দ্ৰ বসু কালৰ গ্ৰাসত হেৰাই গ’ল। তেওঁৰ লগতে থাকি গ’ল তেওঁৰ জীৱন মৃত্যুৰ সত্য-অসত্যৰ বতৰা। আজিও তেওঁৰ মৃত্যুৰ কথাটো এটা বিতৰ্ক। কোনেও নাজানে নেতাজী ক’ত বা তেওঁ জীয়াই আছিল নে মৃত্যু হৈছিল সেই বিমান দুৰ্ঘটনাত। কিন্তু নেতাজীয়ে ত্যাগ,কষ্টেৰে আমাক এখন স্বাধীন দেশ প্ৰদান কৰি থৈ গ’ল।
সীমাহীন প্রতিকূলতা,বাধা-বিঘিনি, খাদ্য আৰু অস্ত্র-শস্ত্ৰৰ অভাৱসত্ত্বেও সুভাষচন্দ্র বসু আৰু তেওঁৰ আজাদ হিন্দ ফৌজে যি পৰাক্ৰম আৰু আত্মত্যাগৰ আদৰ্শ দেখুৱালে,ই ভাৰতৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত সােণােৱালী আখৰেৰে লিখা থাকিব। আজাদ হিন্দ ফৌজে ভাৰত সীমান্তৰ প্রায় ডেৰশ মাইল অভ্যন্তৰলৈ প্রৱেশ কৰিবলৈ সমর্থ হৈ নিৰাশ, অসহায় ভাৰতৰ জাতীয়তাবাদীসকলৰ মনতাে যি আশা- উদ্দীপনাৰ সঞ্চাৰ কৰিছিল,ই সঁচাকৈয়ে গুৰুত্বপূর্ণ। ভাৰতবর্ষই স্বাধীনতা অর্জনত আজাদ হিন্দ ফৌজ আৰু ইয়াৰ নেতা সুভাষচন্দ্র বসুৱে পৰোক্ষভাৱে যে বিশেষ সহায় কৰিছিল, এই বিষয়ত ভাৰতবাসীৰ মনত কোনাে সন্দেহৰ থল নাই। ইয়াৰ উপৰিও ভাৰতীয় সৈনিকসকলৰ দ্বাৰা আজাদ হিন্দ ফৌজ গঠনে ব্রিটিছ চৰকাৰক এই কথা ভালধৰণে উপলব্ধি কৰালে যে, ভাৰতীয় সৈন্যৰ ভৰসাত ভাৰতবৰ্ষৰ ওপৰত ব্রিটিছ আধিপত্য আৰু বজাই ৰখা সম্ভৱ নহয়। আৰু তাৰ বলতেই আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ব্ৰিটিছক বাধ্য কৰালে আমাৰ দেশ ত্যাগ কৰিবলৈ।
আজি দেশে স্বাধীনতা লাভ কৰা ৭৪ টা বছৰ পাৰ হৈ গ’ল। কত বীৰ-বীৰাংনাই নিজৰ ৰক্তেৰে দেশমাতৃক স্বাধীনতাৰ ক্ষেত্ৰত অৱদান দি গ’ল।কত লোক পুলিচৰ গুলীত শ্বহীদ হ’ল,কত কত লাঠিৰ কোব, বেয়নেটৰ আঘাটত ঘূণীয়া হ’ল কিন্তু তথাপিও নিজৰ দেশমাতৃৰ ত্ৰিৰংগ ধ্বজ কেতিয়াও নত হ’ব নিদিলে। আৰু তাৰ ফলত সৃষ্টি হ’ল সুবিশাল ভাৰতীয় গণতন্ত্ৰৰ।
শত শত বীৰ-বীৰাংনাৰ লগতে আমি সুঁৱৰিব লাগিব নেতাজী সুভাষ চন্দ্ৰ বসু নেতৃত্বাধীন আজাদ হিন্দ ফৌজৰ সেই বীৰসকলক যি আমাক দি গ’ল সাহস,শক্তি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ। তেওঁলোকে নিজৰ ৰক্তদানেৰে দেশৰ স্বাধীনতাত ভেঁটি গঢ়িলে। আৰু আমি সেই ভাৰতবৰ্ষতে আজি স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে বাস কৰি আছো। সেইসকল সদায় আমাৰ চিৰনমস্য। সমূহ ভাৰতীয়ই সেইসকলক সদায় শ্ৰদ্ধা আৰু সন্মান কৰা উচিত যাৰ বাবে আমি আজি স্বাধীন জীৱন-যাপন কৰি আছো।
দেশৰ ৭৪ তম স্বতন্ত্ৰতা দিৱসত আজিও আমি তেওঁলোকক সুৱঁৰিছো যাৰ বাবে ভাৰতৰ জনতাই অত্যাচাৰী বিদেশী শোষকৰ পৰা পৰিত্ৰাণ পালে। আমাৰ দেশৰ বাবে এই পৱিত্ৰ দিনটোত এই হাজাৰ- বিজাৰ স্বতন্ত্ৰতা সংগ্ৰামী আৰু শ্বহীদসকললৈ শত শত প্ৰণাম।
বন্দে মাতৰম
জয় হিন্দ
ভাৰত মাতা কী জয়