তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়- ভাৰতীয় সংবিধান(৬-গ)

পঞ্চম অধ্যায়

ৰাজ্য সমূহৰ উচ্চ ন্যায়ালয়সমূহ

(২১৪) ৰাজ্যসমূহৰ কাৰণে উচ্চ ন্যায়ালয়সমূহ- প্রত্যেক ৰাজ্যৰ কাৰণে একোখন উচ্চ ন্যায়ালয় থাকিব।

(২১৫) উচ্চ ন্যায়ালয়সমূহ অভিলেখ ন্যায়লয় হ’ব- প্রত্যেক উচ্চ ন্যায়ালয় অভিলেখ ন্যায়ালয় হ’ব আৰু নিজক অৱমাননা কৰাৰ কাৰণে দণ্ড দিয়া ক্ষমতাকে অন্তর্ভুক্ত কৰি এনে ন্যায়ালয়ৰ সকলো ক্ষমতা থাকিব।

(২১৬) উচ্চ ন্যায়ালয় সমূহৰ গঠন- প্রত্যেক উচ্চ ন্যায়ালয় এজন মুখ্য ন্যায়াধিপতি আৰু ৰাষ্ট্রপতিয়ে সময়ে সময়ে আৱশ্যক বিবেচনা কৰি নিযুক্ত কৰা তেনেকুৱা অন্য ন্যায়াধীশ সকলৰে গঠিত হ’ব। (২১৭) উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশৰ নিযুক্তি আৰু পদৰ চৰ্তসমূহ- (১) ভাৰতৰ মুখ্য ন্যায়াধিপতি, সেই ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্য ন্যায়াধিপতিৰ বাহিৰে অন্য ন্যায়াধীশ নিযুক্তিৰ সময়ত সেই ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিৰে সৈতে পৰামর্শ কৰাৰ পিচত ৰাষ্ট্রপতিয়ে স্বহস্তাক্ষৰ আৰু মোহৰ যুক্ত অধিপত্ৰৰ দ্বাৰা উচ্চ ন্যায়ালয়ৰ প্রত্যেক ন্যায়াধীশক নিযুক্ত কৰিব  আৰু সেই ন্যায়াধীশে অতিৰিক্ত বা কাৰ্য্যকৰী ন্যায়াধীশৰ ক্ষেত্ৰত ২২৪ অনুচ্ছেদত উপবন্ধিত অনুসাৰে আৰু আন যিকোনো ক্ষেত্ৰত তেওঁৰ [বাষষ্টি বছৰ] বয়স নোহোৱা পৰ্য্যন্ত পদ ধাৰণ কৰিবঃ পৰন্তু-

(ক) কোনো ন্যায়াধীশে ৰাষ্ট্রপতিক সম্বোধিত স্বাক্ষৰিত লিখনৰ দ্বাৰা নিজৰ পদ ত্যাগ কৰিব পাৰে; 

(খ) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক পদৰ পৰা অপসাৰিত কৰিবৰ কাৰণে এই সংবিধানৰ অনুচ্ছেদ ১২৪ৰ খণ্ড (৪)ত উপবন্ধিত ৰীতিৰে ৰাষ্ট্ৰপতিৰ দ্বাৰা কোনো ন্যায়াধীশক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব;

(গ) কোনো ন্যায়াধীশক ৰাষ্ট্রপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত কৰিলে অথবা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত আন কোনো উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিলে সেই ন্যায়াধীশৰ পদ ৰিক্ত হ’ব।

(২) কোনো ব্যক্তি কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্ত হ’বলৈ যোগ্য নহ’ব, যদিহে তেওঁ ভাৰতৰ নাগৰিক নহয়, আৰু

(ক) ভাৰতৰ ৰাজ্যক্ষেত্ৰত অন্ততঃ দহ বছৰ ন্যায়িক পদ ধাৰণ নকৰে, অথবা

(খ) কোনো উচ্চ ন্যায়ালয়ত অথবা তেনেকুৱা দুই বা ততোধিক ন্যায়ালয়ত একেলেথাৰিয়ে অন্ততঃ দহ বছৰ কাল অধিবক্তা নহয়।

স্পষ্টীকৰণ — এই খণ্ডৰ প্রয়োজনার্থে—

(ক) কোনো ব্যক্তিয়ে ভাৰতৰ ৰাজ্যক্ষেত্ৰত ন্যায়িক পদ ধাৰণ কৰি থকা কালাৱধিৰ সংগণনা কৰোতে, তেনে ন্যায়িক পদ ধাৰণ কৰাৰ পিচত যি কালাৱধিৰ বাবে তেওঁ কোনো উচ্চ ন্যায়ালয়ৰ অধিবক্তা হৈ থাকে বা কোনো ন্যায়াধিকৰণৰ সদস্যৰ পদ ধাৰণ কৰে অথবা সংঘ বা ৰাজ্যৰ অধীনত বিধিৰ বিশেষ জ্ঞানৰ প্ৰয়োজন হোৱা কোনো পদ ধাৰণ কৰে সেই কালাৱধিও তাৰ অন্তৰ্গত হ’ব।

(ক) কোনো ব্যক্তি উচ্চ ন্যায়ালয়ৰ অধিবক্তা হৈ থকা কালাৱধিৰ সংগণনা কৰোতে, অধিবক্তা হোৱাৰ পিচত যি কালাৱধিৰ বাবে তেওঁ ন্যায়িক পদ ধাৰণ কৰে বা কোনো ন্যায়াধিকৰণৰ সদস্যৰ পদ ধাৰণ কৰে অথবা সংঘ বা ৰাজ্যৰ অধীনত বিধিৰ বিশেষ জ্ঞানৰ প্ৰয়োজন হোৱা কোনো পদ ধাৰণ কৰে, সেই কালাৱধিও তাৰ অন্তৰ্গত হ’ব।

(খ) কোনো ব্যক্তিয়ে ভাৰতৰ ৰাজ্যক্ষেত্ৰত ন্যায়িক পদ ধাৰণ কৰি থকা অথবা কোনো উচ্চ ন্যায়লয়ৰ অধিবক্তা হৈ থকা কালাৱধিৰ সংগণনা কৰোতে সেই ব্যক্তিয়ে ১৯৪৭ চনৰ ১৫ আগষ্টৰ পূর্বে, ভাৰত চৰকাৰ অধিনিয়ম, ১৯৩৫ ত পৰিভাষিত ভাৰতত সমাবিষ্ট কোনো ক্ষেত্ৰত এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূর্বে যথাস্থিতি ন্যায়িক পদ ধাৰণ কৰা অথবা এনেকুৱা কোনো ক্ষেত্ৰত কোনো উচ্চ ন্যায়ালয়ৰ অধিবক্তা হৈ থকা কোনো কালাৱধিও তাৰ অন্তৰ্গত হ’ব।

(৩) যদি উচ্চ ন্যায়ালয়ৰ কোনা ন্যায়াধীশৰ বয়সৰ সম্পৰ্কত কোনো প্রশ্নৰ উদ্ভৱ হয়, তেনেহ’লে ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ লগত পৰামৰ্শ কৰি সেই প্রশ্ন বিনিশ্চিত কৰা হ’ব আৰু ৰাষ্ট্ৰপতিৰ বিনিশ্চয়েই চূড়ান্ত হ’ব।

(২১৮) উচ্চতম ন্যায়লয় সম্বন্ধীয় কিছুমান উপবন্ধ উচ্চ ন্যায়লয়সমূহত প্ৰয়োগ- অনুচ্ছেদ ১২৪ ৰ খণ্ড (৪) আৰু (৫) ৰ উপবন্ধ সমূহত উচ্চতম ন্যায়ালয়ৰ প্ৰতি থকা নির্দেশৰ পৰিৱৰ্ত্তে উচ্চ ন্যায়ালয়ৰ প্ৰতি থকা নির্দেশ বুলি লৈ সেই উপবন্ধ সমূহ উচ্চতম ন্যায়ালয় সম্বন্ধে প্রয়োগ হোৱাৰ দৰে উচ্চ ন্যায়ালয় সম্বন্ধেও প্রয়োগ হ’ব।

(২১৯) উচ্চ ন্যায়লয়ৰ ন্যায়ধীশ সকলৰ দ্বাৰা শপত আৰু প্ৰতিজ্ঞান- কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হোৱা প্রত্যেক ব্যক্তিয়ে নিজৰ পদ গ্রহণ কৰাৰ পূৰ্ব্বে সেই ৰাজ্যৰ ৰাজ্যপালৰ অথবা তেওঁৰ দ্বাৰা সেই উদ্দেশ্যে নিযুক্ত কোনো ব্যক্তিৰ সন্মুখত তৃতীয় অনুসূচীত এই প্রয়াজনৰ কাৰণে দিয়া হোৱা প্র-পত্র অনুসাৰে শপত লব বা প্রতিজ্ঞান কৰিব আৰু তাত স্বাক্ষৰ কৰিব। (২২০) স্থায়ী ন্যায়ধীশ হোৱাৰ পাছত বিধি-বৃত্তিৰ ওপৰত নিৰ্বন্ধন- এই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচত কোনো উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশৰ পদ ধাৰণ কৰা কোনো ব্যক্তিয়ে, উচ্চতম ন্যায়ালয় বা আন উচ্চ ন্যায়ালয় সমূহৰ বাহিৰে ভাৰতৰ কোনো ন্যায়ালয়ত বা কোনো প্রাধিকাৰীৰ আগত ওকালতি বা কাৰ্য্য নকৰিব ।

স্পষ্টীকৰণ– এই অনুচ্ছেদত ‘উচ্চ ন্যায়ালয়’ বুলিলে সংবিধান (সপ্তম সংশোধন) অধিনিয়ম,১৯৫৬ ৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে বিদ্যমান থকা প্রথম অনুসূচীৰ ‘খ’ ভাগত বিনির্দিষ্ট কোনো ৰাজ্যৰ কোনো উচ্চ ন্যায়ালয়ক অন্তর্গত নকৰে।

(২২১) ন্যায়ধীশসকলৰ বেতন আদি- (১) প্রত্যেক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক এনে বেতন দিয়া হ’ব যি সংসদে বিধিৰ দ্বাৰা অৱধাৰিত কৰে আৰু যেতিয়ালৈকে এই মর্মে এনে প্ৰকাৰৰ উপবন্ধ কৰা নহয় তেতিয়ালৈকে এনে বেতন দিয়া হ’ব যি দ্বিতীয় অনুসূচীত বিনিৰ্দিষ্ট কৰা হৈছে। 

(২) প্রত্যেক ন্যায়াধীশ এনেকুৱা ভাত্তা আৰু অনুপস্থিতিৰ ছুটী আৰু অৱসৰ বেতন সম্পর্কে এনেকুৱা অধিকাৰ সমূহৰ হকদাৰ হ’ব যিবিলাকনেকি সংসদ কৰ্ত্তৃক বিধিৰ দ্বাৰা বা অধীনত সময়ে সময়ে নিৰ্দ্ধাৰিত কৰা হয় আৰু তেনেদৰে নিৰ্দ্ধাৰণ নকৰা পৰ্য্যন্ত দ্বিতীয় অনুসূচীত যথা বিনির্দিষ্ট ভাত্তা আৰু অধিকাৰ সমূহৰ অধিকাৰী হ’বঃ

পৰস্তু, কোনো ন্যায়াধীশৰ অনুপস্থিতিৰ ছুটী বা অৱসৰ বেতন সম্পর্কীয় তেওঁৰ অধিকাৰ সমূহৰ নিযুক্তিৰ পিচত তেওঁৰ প্ৰতিকূলে কোনো পৰিৱৰ্তন কৰা নহ’ব।

(২২২) কোনো ন্যায়ধীশক এখন উচ্চ ন্যায়ালয়ৰ পৰা আন এখনলৈ স্থানান্তৰ- (১) ৰাষ্ট্রপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ সৈতে পৰামৰ্শ কৰি কোনো ন্যায়াধীশক এখন উচ্চ ন্যায়ালয়ৰ পৰা আন যিকোনো উচ্চ ন্যায়ালয়লৈ স্থানান্তৰ কৰিব পাৰে ।

(২) যেতিয়া কোনো এজন ন্যায়াধীশক এনেদৰে স্থানান্তৰ কৰা হয় বা কৰা হৈ যায় তেতিয়া সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ৰ প্ৰাৰম্ভণিৰ পিচত তেওঁ আনখন উচ্চ ন্যায়ালয়ত ন্যায়াধীশ ৰূপে সেৱা কৰা কালাৱধিত তেওঁৰ বেতনৰ উপৰিও এনে ক্ষতি পূৰণাত্মক ভাত্তা যিটোনেকি সংসদে বিধিৰ দ্বাৰা নিৰ্দ্ধাৰিত কৰি দিয়ে আৰু এনেদৰে নিৰ্ধাৰিত নোহোৱা পৰ্য্যন্ত এনে ক্ষতিপূৰণাত্মক ভাত্তা যিটোনেকি ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা নিয়ত কৰে, তাক পোৱাৰ অধিকাৰী হ’ব । 

(২২৩) কাৰ্যকৰী ন্যায়ধিপতিৰ নিযুক্তি- যেতিয়া কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি পদ খালি হয় বা যেতিয়া তেনেকুৱা কোনো মুখ্য ন্যায়াধিপতিয়ে অনুপস্থিতি বা অন্য কোনো কাৰণত তেওঁৰ পদৰ কৰ্ত্তব্য সমূহ পালন কৰিবলৈ অসমর্থ হয়, তেতিয়া সেই পদৰ কৰ্তব্য সমূহ সেই ন্যায়ালয়ৰ আন ন্যায়াধীশ সকলৰ মাজৰ এনে এজন ন্যায়াধীশৰ দ্বাৰা পালন কৰা হ’ব যাক নেকি ৰাষ্ট্রপতিয়ে সেই প্রয়োজনৰ বাবে নিযুক্তি দিয়ে। 

(২২৪) অতিৰিক্ত আৰু কাৰ্যকৰী ন্যায়ধীশৰ নিযুক্তি- (১) যদি কোনো উচ্চ ন্যায়ালয়ৰ কাৰ্য্যৰ কোনো অস্থায়ী ভাবে হোৱা বৃদ্ধিৰ কাৰণে বা তাত কামৰ বাকী পৰি থকাৰ কাৰণে ৰাষ্ট্রপতিয়ে দেখে যে সেই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সেই সময়ৰ বাবে বৃদ্ধি কৰা উচিত, তেনেহ’লে ৰাষ্ট্রপতিয়ে যথাৰীতি অৰ্হতাসম্পন্ন ব্যক্তিক দুবছৰৰ অনধিক এনে কালাৱধিৰ বাবে যিটো নেকি তেওঁ বিনিৰ্দিষ্ট কৰি দিয়ে, সেই ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হ’বলৈ নিযুক্ত কৰিব পাৰে।

(২) যেতিয়া কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিৰ বাহিৰে আন কোনো ন্যায়াধীশে অনুপস্থিতিৰ কাৰণে বা আন কোনো কাৰণ বশতঃ তেওঁৰ পদৰ কৰ্তব্য সমূহ পালন কৰিবলৈ অসমর্থ হয় অথবা মুখ্য ন্যায়ধিপতি ৰূপে অস্থায়ী ভাবে কাৰ্য্য কৰিবলৈ তেওঁ নিযুক্ত হয়, তেতিয়া ৰাষ্ট্রপতিয়ে যথাৰীতি অৰ্হতা সম্পন্ন কোনো ব্যক্তিক স্থায়ী ন্যায়াধীশজনে তেওঁৰ কৰ্ত্তব্য পুনৰ গ্ৰহণ নকৰা পৰ্য্যন্ত সেই ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে কাৰ্য্য কৰিবলৈ নিযুক্ত কৰিব পাৰে।

(৩) কোনো উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত বা কাৰ্যকৰী ন্যায়াধীশৰূপে নিযুক্ত কোনো ব্যক্তিয়ে বাষষ্ঠি বছৰ বয়স প্রাপ্ত হোৱাৰ পিচত পদ ধাৰণ নকৰিব ।

(২২৪ (ক)) উচ্চ ন্যায়লয়ৰ বৈঠকত অৱসৰ প্ৰাপ্ত ন্যায়ধীশৰ নিযুক্তি- এই অধ্যায়ত যিকোনো কথা থকা সত্ত্বেও যিকোনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিয়ে যিকোনো সময়তে ৰাষ্ট্ৰপতিৰ পূর্ব সন্মতিক্রমে সেই উচ্চ ন্যায়ালয়ৰ বা আন কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদ ধাৰণ কৰি অহা যিকোনো ব্যক্তিক সেই ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে বহিবলৈ আৰু কাৰ্য্য কৰিবলৈ অনুৰোধ কৰিব পাৰিব, আৰু এনেকৈ অনুৰোধ কৰা তেনে প্রত্যেক ব্যক্তিয়েই তেনেকৈ বহা আৰু কাৰ্য্য কৰা কালত এনে ভাত্তাৰ অধিকাৰী হ’ব যিটোনেকি ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা নিৰ্দ্ধাৰিত কৰে, আৰু সেই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সকলো ক্ষেত্ৰাধিকাৰ, ক্ষমতা আৰু বিশেষাধিকাৰ লাভ কৰিব, কিন্তু অন্যাথা তেওঁ সেই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বুলি গণ্য নহ’বঃ

পৰন্তু, উপৰোক্ত তেনে কোনো ব্যক্তিয়ে তেনে কৰিবলৈ সন্মত নহ’লে , এই অনুচ্ছেদৰ কোনো কথাই তেওঁক সেই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে বহিবলৈ আৰু কাৰ্য্য কৰিবলৈ বাধ্য কৰোৱা বুলি নুবুজাব।

(২২৫) বিদ্যমান উচ্চ ন্যায়লয় সমূহৰ ক্ষেত্ৰাধিকাৰ- এই সংবিধানৰ উপবন্ধ সমূহ আৰু এই সংবিধানৰ দ্বাৰা বিধান মণ্ডলক প্রদত্ত ক্ষমতাৰ আধাৰত সমূচিত বিধান মণ্ডলৰ দ্বাৰা প্রস্তুত কোনো বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে কোনো বিদ্যমান উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ আৰু তাত প্রশাসিত বিধি আৰু ন্যায়ালয়ৰ নিয়মাৱলী প্রস্তুত কৰা কোনো ক্ষমতা আৰু সেই ন্যায়ালয়ৰ বৈঠক বোৰ আৰু অকলে বা খণ্ড ন্যায়ালয়ত বহা তাৰ সদস্য সকলৰ বৈঠকবোৰ বিনিয়মন কৰাৰ যিকোনো ক্ষমতাক অন্তর্গত কৰি সেই ন্যায়ালয়ত কৰা ন্যায় প্রশাসন সম্পর্কে সেই ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ নিজ নিজ ক্ষমতা এই সংবিধানৰ অব্যৱহিত পূৰ্বৰ দৰে একে হ’ব :

পৰন্তু, ৰাজস্ব সম্পর্কীয় বা ৰাজস্ব সংগ্রহ কৰোতে আদেশিত বা কৃত হোৱা কোনো কাৰ্য্য সম্পর্কীয় কোনো বিষয়ত উচ্চ ন্যায়ালয় সমূহৰ যিকোনো খনৰ প্ৰাৰম্ভিক ক্ষেত্ৰাধিকাৰ প্রয়োগ এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বে যি নিবন্ধনৰ অধীনত আছিল সেই নিবন্ধনৰ কোনোটোৱেই এনেকুৱা ক্ষেত্ৰাধিকাৰ প্ৰয়োগত আৰু প্রযোজ্য নহ’ব ।

(২২৬) কেতবোৰ লেখ জাৰি কৰিবলৈ উচ্চ ন্যায়লয়সমূহৰ ক্ষমতা- (১) অনুচ্ছেদ ৩২ ত যিকোনো কথা থকা স্বত্ত্বেও প্রত্যেক উচ্চ ন্যায়ালয়ে যি ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত নিজ ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰে সেই ৰাজ্যক্ষেত্ৰৰ সর্বত্র তৃতীয় ভাগৰ দ্বাৰা প্রদত্ত অধিকাৰ সমূহৰ যিকোনোটো বলবত্ কৰাৰ কাৰণে আৰু অন্য যিকোনো প্রয়োজনৰ কাৰণে সেই ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনো ব্যক্তি বা প্রাধিকাৰীলৈ বা সমুচিত ক্ষেত্ৰত কোনো চৰকাৰৰ প্রতি নির্দেশ, আদেশ অথবা বন্দী প্রত্যক্ষীকৰণ, পৰমাদেশ, প্রতিষেধ, অধিকাৰ-পৃচ্ছা আৰু উত্প্ৰোষণ লেখৰ প্ৰকৃতিৰ লেখ অন্তর্গত কৰি লেখ সমূহ অথবা তাৰ যিকোনোটো জাৰি কৰিব পৰা ক্ষমতা থাকিব।

(২) কোনো চৰকাৰৰ, প্ৰাধিকাৰী বা ব্যক্তিৰ প্রতি নির্দেশ, আদেশ বা লেখ জাৰি কৰিবলৈ খণ্ড (১) ৰ দ্বাৰা প্রদত্ত ক্ষমতা, এনে ক্ষমতা প্রয়োগ কৰিবৰ বাবে হেৱা বাদ হেতুক পূর্ণতঃ বা অংশতঃ যি ৰাজ্যক্ষেত্ৰৰ ভিতৰত উদ্ভৱ হয় তেনে ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত ক্ষেত্ৰাধিকাৰ প্ৰয়েগ কৰা যিকোনো উচ্চ ন্যায়ালয়ৰ দ্বাৰাও প্রয়োগ কৰিব পাৰিব– লাগিলে এনে চৰকাৰ বা প্রাধিকাৰীৰ স্থান বা এনে ব্যক্তিৰ বাসস্থান সেই ৰাজ্যক্ষেত্ৰৰ ভিতৰত নহওকেই।

(৩) যেতিয়া খণ্ড (১) ৰ অধীনত কৰা আবেদনৰ ওপৰত বা তেনে আবেদন সম্পর্কীয় কোনো কাৰ্যবাহীত কোনো পক্ষৰ বিৰুদ্ধে নিষেধাজ্ঞা হিচাপেই হওক বা স্থগিতকৰণ হিচাপেই হওক বা আন কোনো ধৰণেই হওক কোনো অন্তঃকালীন আদেশ –

(ক) তেনে পক্ষক তেনে আবেদনৰ আৰু অন্তঃকালীন আদেশৰ যুক্তিৰ সমৰ্থনত দিয়া নথি-পত্ৰৰ প্ৰতিলিপিসমূহ নিদিয়াকৈ আৰু

(খ) তেনে পক্ষক শুনানীৰ সুযোগ নিদিয়াকৈ দিয়া হয়;

তেতিয়া যদি তেনে পক্ষই সেই আদেশ বাতিলকৰণৰ বাবে উচন্যায়ালয়লৈ আবেদন কৰে আৰু যি পক্ষৰ অনুকুলে তেনে আদেশ দিয়া হৈছিল সেই পক্ষক বা সেই পক্ষৰ বিধি উপদেষ্টাক তেনে আবেদনৰ প্রতিলিপি দিয়ে তেনেহলে উচ্চ ন্যায়ালয়ে তেনে আবেদন প্রাপ্ত কৰা তাৰিখৰ অথবা তেনে আবেদন প্রতিলিপি দিয়া তাৰিখৰ যিটোৱেই পৰৱৰ্তী হয়, তাৰ পৰা দুসপ্তাহ কালৰ ভিতৰত অথবা যি ক্ষেত্ৰত তেনে কালাবধিৰ শেষৰ দিনা উচ্চ ন্যায়ালয় বন্ধ থাকে তেনে ক্ষেত্ৰত যি দিনাই ন্যায়ালয় খোলা হয় সেই দিনটোৰ অৱসানৰ পূৰ্ব্বে সেই আবেদন নিষ্পত্তি কৰিব; আৰু যদি আবেদনখন সেইদৰে নিষ্পত্তি কৰা নহয় তেনেহ’লে সেই কালাৱধিৰ অৱসানৰ লগে লগে অথবা যথাস্থিতি উপৰোক্ত পৰৱৰ্তী দিনৰ অৱসানৰ লগে লগে অন্তঃকালীন আদেশ বাতিল হ’ব।

(৪) এই অনুচ্ছেদৰ দ্বাৰা উচ্চ ন্যায়ালয়ৰ ওপৰত প্রদত্ত ক্ষমতাৰ দ্বাৰা অনুচ্ছেদ ৩২ ৰ খণ্ড (২) ৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ ওপৰত প্রদত্ত ক্ষমতাৰ অল্পীকৰণ নহ’ব।

(২২৬(ক)) অনুচ্ছেদ ২২৬ ৰ অধীনত অনুষ্ঠিত কাৰ্যবাহীত কেন্দ্রীয় বিধিৰ সাংবিধানিক বিধিমান্যতা বিবেচনা কৰা নহ’ব- সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৩৯ ৰ দ্বাৰা অন্তঃস্থাপিত আৰু সংবিধান (ত্রিচত্বাৰিংশ সংশোধন অধিনিয়ম, ১৯৭৭ ৰ ধাৰা ৮ ৰ দ্বাৰা নিৰসিত (১৩-৪-৭৮ তাংৰ পৰা)।

(২২৭) সকলো ন্যায়ালয়ৰ ওপৰত উচ্চ ন্যায়লয়ৰ অধীক্ষকৰ ক্ষমতা-(১) প্রত্যেক উচ্চ ন্যায়ালয়ে যি ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰে তাৰ সৰ্বত্ৰ সকলো ন্যায়ালয় আৰু ন্যায়াধিকৰণ অধীক্ষণ কৰিব।

(২) ওপৰৰ উপবন্ধৰ ব্যাপকতাৰ ওপৰত প্রতিকূল প্ৰভাৱ নপৰাকৈ উচ্চ ন্যায়ালয়ে–

(ক) তেনেকুৱা ন্যায়ালয় সমূহৰ পৰা প্রবিৱৰণ খুজি পঠাব পাৰে;

(খ) তেনেকুৱা ন্যায়ালয় সমূহৰ কাৰ্য্যপ্রণালী আৰুকাৰ্য্যবাহী বিনিয়মনৰ কাৰণে সাধাৰণ নিয়মাৱলী প্রস্তুত আৰু জাৰি কৰিব পাৰে আৰু প্ৰ-পত্ৰ বিহিত কৰিব পাৰে; আৰু –

(গ) তেনেকুৱা ন্যায়ালয় সমূহৰ যিকোনোটোৰ পদাধিকাৰী সকলে ৰাখিবলগীয়া পুস্তক, প্রবিষ্টি আৰু হিচাপ সমূহৰ প্ৰপত্ৰ বিহিত কৰিব পাৰে।

(৩) উচ্চ ন্যায়ালয়ে তেনেকুৱা ন্যায়ালয়ৰ শেৰিফ আৰু সকলো লিপিক আৰু পদাধিকাৰী সকলক আৰু তাত বিধি বৃত্তি কৰা ন্যায়বাদী, অধিবক্তা আৰু উকীল সকলক দিবলগীয়া ফিজৰ তালিকা স্থিৰ কৰিব পাৰে৷

পৰন্তু, খণ্ড (২) বা খণ্ড (৩) ৰ অধীনত প্রস্তুত কৰা কোনো নিয়মাৱলী অথবা নির্দিষ্ট কোনাো প্রপত্র বা স্থিৰীকৃত কোনো তালিকা সেই সময় বলবত্ থকা কোনো বিধিৰ উপবন্ধৰ লগত অসংগত হ’ব নোৱাৰিব আৰু ইয়াৰ কাৰণে ৰাজ্যপালৰ পূর্ব অনুমোদনৰ আৱশ্যক হব।

(৪) এই অনুচ্ছেদৰ কোনো কথাই উচ্চ ন্যায়ালয়ক সশস্ত্র বাহিনী সম্বন্ধীয় বিধিৰ দ্বাৰা বা অধীনত গঠিত কোনো ন্যায়ালয় বা ন্যায়াধিকৰণ অধীক্ষণৰ ক্ষমতা অর্পণ কৰা বুলি গণ্য নহ’ব।

(২২৮) উচ্চ ন্যায়ালয়লৈ কেতবাৰ গোচৰৰ হস্তান্তৰ- উচ্চ ন্যায়ালয়ৰ যদি এই বুলি ধাৰণা হয় যে ইয়াৰ অধীনত কোনো ন্যায়ালয়ত বিচাৰাধীন হৈ থকা কোনো গোচৰত এই সংবিধানৰ নিবর্বচন বিষয়ক এনে কোনো সাৰবান বিধি প্রশ্ন জড়িত আছে যাৰ নিৰ্দ্ধাৰণ কৰাটো গোচৰটোৰ নিষ্পত্তিৰ কাৰণে আৱশ্যক হয়, তেনেহলে উচ্চ ন্যায়ালয়ে সেই গোচৰটো নিজৰ হাতলৈ আনিব আৰু

 (ক) হয় নিজে গোচৰটো নিষ্পত্তি কৰিব পাৰে, অথবা

(খ) উক্ত বিধি প্রশ্ন নিৰ্দ্ধাৰণ কৰিব পাৰে আৰু তেনেকুৱা প্ৰশ্নৰ ওপৰত দিয়া নিজৰ নির্ণয়ৰ এটা প্রতিলিপি সহ সেই গোচৰটো যি ন্যায়ালয়ৰ পৰা সেইদৰে উঠাই আনিছিল সেই ন্যায়ালয়লৈ ওভোতাই দিব পাৰে আৰু উক্ত ন্যায়ালয়ে সেই গোচৰটো পোৱাৰ পিচত তেনেকুৱা নির্ণয়ৰ অনুসৰণক্রমে গোচৰটো নিষ্পত্তিৰ বাবে আগবাঢ়িব পাৰে।

(২২৮(ক)) ৰাজ্যিক বিধিৰ সাংবিধানিক বিধিমান্যতা সম্পৰ্কীয় প্রশ্নৰ নিষ্পত্তিৰ বিষয়ে বিশেষ উপবন্ধসমূহ সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ দ্বাৰা আন্তঃস্থাপিত আৰু সংবিধান (ত্রিচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ৰ ধাৰা ১০ ৰ দ্বাৰা নিৰসিত ( ১৩-৪-৭৮তাংৰ পৰা)।

(২২৯) উচ্চ ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱকসমূহ আৰু ব্যয়সমূহ-(১) উচ্চ ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সমূহৰ নিযুক্তি সেই ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি অথবা তেওঁৰ দ্বাৰা যথা নির্দেশিত সেই ন্যায়ালয়ৰ আন কোনো ন্যায়াধীশ বা পদাধিকাৰীৰ দ্বাৰা কৰা হ’বঃ

পৰন্তু, সেই ৰাজ্যৰ ৰাজ্যপালে নিয়মৰ দ্বাৰা এইটো অপেক্ষিত কৰিব পাৰে যে নিয়মত যথা বিনির্দিষ্ট অৱস্থা সমূহত আগতে ৰাজ্যিক লোক সেৱা আয়োগৰ লগত পৰামৰ্শ নকৰাকৈ ইতিমধ্যে ন্যায়ালয়ৰ লগত জড়িত নথকা কোনো ব্যক্তিক ন্যায়ালয় সম্বন্ধীয় কোনো পদত নিযুক্ত নকৰিব।

(২) ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্রণীত কোনো বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে কোনো এখন উচ্চ ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকলৰ সেৱাৰ চৰ্তাৱলী সেই ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিৰ দ্বাৰা প্ৰস্তুত অথবা মুখ্য ন্যায়াধিপতিয়ে সেই প্রয়োজনৰ কাৰণে নিয়মাৱলী প্রস্তুত কৰিবলৈ প্ৰাধিকৃত কৰা সেই ন্যায়ালয়ৰ আন কোনো ন্যায়াধীশ বা পদাধিকাৰীৰ দ্বাৰা প্রস্তুত নিয়মাৱলীৰ দ্বাৰা বিহিত কৰাৰ দৰে হ’বঃ

পৰন্তু, এই খণ্ডৰ অধীনত বেতন, ভাত্তা, ছুটী বা অৱসৰ বেতন সম্বন্ধে প্রস্তুত কৰা নিয়ম সমূহৰ বাবে  সেই ৰাজ্যৰ ৰাজ্যপালৰ অনুমোদনৰ আৱশ্যক হ’ব।

(৩) ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱক সকলক বা তেওঁলোকৰ সম্বন্ধত দিবলগীয়া সকলো দৰমহা, ভাত্তা আৰু অৱসৰ বেতন সমূহক অন্তর্গত কৰি কোনো উচ্চ ন্যায়ালয়ৰ প্ৰশাসনীয় ব্যয় সমূহ ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত হ’ব আৰু সেই ন্যায়ালয়ৰ দ্বাৰা গ্ৰহণ কৰা যিকোনো ফিজ বা অন্যান্য ধন সেই নিধিৰ অংশ হ’ব।

(২৩০) সংঘ ৰাজ্যক্ষেত্ৰ সমূহলৈ উচ্চ ন্যায়লয়সমূহৰ ক্ষেতাধিকাৰ বিস্তাৰ- (১) সংসদে বিধিৰ দ্বাৰা কোনো উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ যিকোনো সংঘ ৰাজ্যক্ষেত্রলৈ বিস্তাৰ কৰিব অথবা কোনো উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ যিকোনো সংঘ ৰাজ্যক্ষেত্ৰৰ পৰা বহির্ভূত কৰিব পাৰে।

(২) যেতিয়ানেকি কোনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ে কোনো সংঘ ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত ক্ষেত্ৰাধিকাৰ প্রয়োগ কৰে, তেতিয়া- (ক) এই সংবিধানৰ কোনো কথাই সেই ৰাজ্যৰ বিধান মণ্ডলক সেই ক্ষেত্ৰাধিকাৰ বৰ্ধন, সংকোচন বা বিলোপন কৰিবলৈ ক্ষমতা প্রদান কৰা বুলি অর্থ নকৰিব; আৰু

(খ) অনুচ্ছেদ ২২৭ ত ৰাজ্যপালৰ প্ৰতি থকা নির্দেশে, সেই ৰাজ্যক্ষেত্ৰত অৱস্থিত অধীনস্থ ন্যায়ালয় সমূহৰ বাবে থকা কোনো নিয়মাৱলী, প্রপত্র বা তালিকা সমূহৰ সম্বন্ধত ৰাষ্ট্ৰপতিৰ প্ৰতি থকা নির্দেশ বুলি অর্থ কৰিব।

(২৩১) দুই বা তাতোধিক ৰাজ্যৰ বাবে এখন উমৈহতীয়া উচ্চ ন্যায়লয়ৰ স্থাপন- (১) এই অধ্যায়ৰ পূবর্বৱৰ্ত্তী উপবন্ধ সমূহত যিকোনো কথা থকা সত্ত্বেও সংসদে বিধিৰ দ্বাৰা দুই বা ততোধিক ৰাজ্যৰ বাবে অথবা দুই বা ততোধিক ৰাজ্য আৰু এখন সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে এখন উমৈহতীয়া উচ্চ ন্যায়ালয় স্থাপন কৰিব পাৰে।

(২) এনেকুৱা যিকোনো উচ্চ ন্যায়ালয়ৰ সম্বন্ধত, —

(ক) অনুচ্ছেদ ২১৭ ত ৰাজ্যখনৰ ৰাজ্যপালৰ প্ৰতি থকা নির্দেশে যি কেইখন ৰাজ্যৰ সম্বন্ধত উচ্চ ন্যায়ালয়খনে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰে তেনে আটাইকেইখন ৰাজ্যৰ ৰাজ্যপাল সকলৰ প্ৰতি থকা নির্দেশ বুলি অর্থ কৰিব;

(খ) অনুচ্ছেদ ২২৭ ত ৰাজ্যপালৰ প্ৰতি থকা নির্দেশে অধীনস্থ ন্যায়ালয় সমূহৰ বাবে থকা কোনো নিয়মাৱলী, প্রপত্র বা তালিকা সমূহৰ সম্বন্ধত যি ৰাজ্যত সেই অধীনস্থ ন্যায়ালয় সমূহ অৱস্থিত সেই ৰাজ্যৰ ৰাজ্যপালৰ প্ৰতি থকা নির্দেশ বুলি অর্থ কৰিব; আৰু

(গ) অনুচ্ছেদ ২১৯ আৰু ২২৯ত ৰাজ্যৰ প্ৰতি থকা নির্দেশে যি ৰাজ্যত উচ্চ ন্যায়ালয়খনৰ মুখ্য স্থান থাকে সেই ৰাজ্যৰ প্ৰতি থকা নির্দেশ বুলি অর্থ কৰিবঃ

পৰন্তু, যদি এনে মুখ্য স্থান কোনো সংঘ ৰাজ্যক্ষেত্রত হয়, তেনেহলে অনুচ্ছেদ ২১৯ আৰু ২২৯ ত ৰাজ্যপাল, লোক সেৱা আয়োগ, বিধান মণ্ডল আৰু ৰাজ্যৰ সঞ্চিত নিধিৰ প্ৰতি থকা নির্দেশে ক্ৰমে ৰাষ্ট্রপতি, সংঘ লোক সেৱা আয়োগ, সংসদ আৰু ভাৰতৰ সঞ্চিত নিধিৰ প্ৰতি থকা নির্দেশ বুলি অর্থ কৰিব।

ষষ্ঠ অধ্যায় 

অধীনস্থ ন্যায়ালয় সমূহ

(২৩৩) জিলা ন্যায়ধীশসকলৰ নিযুক্তি-(১) কোনো ৰাজ্যত জিলা ন্যায়াধীশ হ’ব লগীয়া ব্যক্তি সকলৰ নিযুক্তি আৰু তেওঁলোকৰ পদস্থাপনা আৰু পদোন্নতি সেই ৰাজ্যৰ সম্বন্ধে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰা উচ্চ ন্যায়ালয়ৰ লগত পৰামৰ্শ কৰি ৰাজ্যখনৰ ৰাজ্যপালৰ দ্বাৰা কৰা হ’ব।

(২) ইতিমধ্যে সংঘ বা ৰাজ্যৰ সেৱাত নথকা কোনো ব্যক্তি যদি নুন্যতম সাত বছৰ অধিবক্তা বা উকীল হৈ থাকে আৰু নিযুক্তিৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰা চুপাৰিছপ্রাপ্ত হয় তেনেহলে জিলা ন্যায়াধীশৰ নিযুক্তিৰ পাত্র হ’ব ।

(২৩৩(ক)) কোনো কোনো জিলা ন্যায়ধীশৰ নিযুক্তি আৰু তেওঁলোকে দিয়া নিৰ্ণয় আদিৰ বিধিমান্যতা- কোনো ন্যায়ালয়ৰ কোনো নির্ণয়, ডিক্রী বা আদেশ থকা সত্ত্বেও,–

(ক) (i) ইতিমধ্যে কোনো ৰাজ্যৰ ন্যায়িক সেৱাত থকা কোনো ব্যক্তিক বা নুন্যতম সাত বছৰ কাল অধিবক্তা বা উকীল হৈ থকা কোনো ব্যক্তিক সেই ৰাজ্যৰ জিলা ন্যায়াধীশ হ’বলৈ কৰা কোনো নিযুক্তি, আৰু

(ii) জিলা ন্যায়াধীশৰূপে এনে কোনো ব্যক্তিৰ পদস্থাপনা, পদোন্নতি বা স্থানান্তৰণ,

যিবিলাক নেকি সংবিধান (বিংশ সংশোধন) অধিনিয়ম, ১৯৬৬ ৰ প্ৰাৰম্ভণিৰ পূর্বে যিকোনো সময়ত অনুচ্ছেদ ২৩৩ বা অনুচ্ছেদ ২৩৫ ৰ উপবন্ধ সমূহৰ অনুসৰণ ভিন্ন অন্যথা কৰা হৈ যায়, সেইবিলাক কেৱল এই তথ্যৰ কাৰণেই অবৈধ বা বাতিল বুলি বা কেতিয়াও অবৈধ বা বাতিল হোৱা বুলি গণ্য কৰা নহ’ব যে- তেনে নিযুক্তি, পদস্থাপনা, পদোন্নতি অথবা স্থানান্তৰণ উক্ত উপবন্ধ সমূহৰ অনুসৰি হোৱা নাই;

(খ) অনুচ্ছেদ ২৩৩ বা অনুচ্ছেদ ২৩৫ ৰ উপবন্ধ সমূহৰ অনুসৰণ অন্যথা যিকোনো ৰাজ্যত জিলা ন্যায়াধীশ ৰূপে নিযুক্ত, পদস্থাপিত, পদোন্নীত বা স্থানান্তৰিত কোনো ব্যক্তিৰ দ্বাৰা বা আগত, সংবিধান (বিংশ সংশোধন) অধিনিয়ম, ১৯৬৬ ৰ প্ৰাৰম্ভণিৰ পূৰ্বে প্রয়োগ কৰা কোনো ক্ষেত্ৰাধিকাৰ, দিয়া বা জাৰি কৰা কোনো নির্ণয়, ডিক্রী, দণ্ডাদেশ বা আদেশ তথা কৰা হোৱা কোনো কাৰ্য্য বা হাতত লোৱা কোনো কাৰ্য্যবাহী কেৱল এই তথ্যৰ কাৰণেই অবৈধ বা অবিধিমান্য বুলি বা কেতিয়াবা অবৈধ বা অবিধিমান্য হোৱা বুলি গণ্য নহব যে- তেনে নিযুক্তি পদস্থাপনা, পদোন্নতি অথবা স্থানান্তৰণ উক্ত উপবন্ধ সমূহৰ অনুসৰি হোৱা নাই।

 (২৩৪) ন্যায়িক সেৱাত জিলা ন্যায়ধীশৰ বাহিৰে অন্যলোকৰ ভৰ্তি- জিলা ন্যায়াধীশৰ বাহিৰে অন্য ব্যক্তিক ৰাজ্যৰ ন্যায়িক সেৱাত নিযুক্তি, ৰাজ্যৰ লোক সেৱা আয়োগ আৰু তেনেকুৱা ৰাজ্য সম্বন্ধে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰা উচ্চ ন্যায়ালয়ৰ লগত পৰামৰ্শ কৰাৰ পিচত ৰাজ্যপালৰ দ্বাৰা তেওঁ সেই উদ্দেশ্যে প্রস্তুত কৰা নিয়মাৱলী অনুসাৰে হ’ব।

(২৩৫) অধীনস্থ ন্যায়লয়সমূহৰ নিয়ন্ত্ৰণ- কোনো ৰাজ্যৰ ন্যায়িক সেৱাৰ অন্তর্ভুক্ত আৰু জিলা ন্যায়াধীশতকৈ নিম্নতৰ কোনো পদ ধাৰণ কৰা ব্যক্তি সকলৰ পদস্থাপনা, পদোন্নতি আৰু ছুটী মঞ্জুৰীক অন্তর্গত কৰি জিলা ন্যায়ালয় সমূহৰ আৰু সেইবোৰৰ অধীনস্থ ন্যায়ালয় সমূহৰ নিয়ন্ত্ৰণ উচ্চ ন্যায়ালয়ৰ ওপৰত ন্যস্ত হ’ব, কিন্তু এই অনুচ্ছেদৰ কোনো কথাই এনেকুৱা কোনো ব্যক্তিৰপৰা তেওঁ সেৱাৰ চৰ্ত বিনিয়মন কৰা বিধিৰ অধীনে পোৱা আপীল কৰাৰ কোনো অধিকাৰ হৰণ কৰা বুলি বা তেনেকুৱা বিধিৰ অধীনত বিহিত তেওঁৰ সেৱাৰ চৰ্ত্তসমূহৰ অনুসাৰত বাহিৰে অন্যথা তেওঁৰ লগত আচৰণ কৰিবলৈ উচ্চ ন্যায়ালয়ক প্রাধিকাৰ দিয়া বুলি অর্থ নকৰিব।

(২৩৬) নিৰ্বচন- এই অধ্যায়ত–

(ক)“জিলা ন্যায়াধীশ” বুলিলে চিটী চিভিল ন্যায়ালয়ৰ ন্যায়াধীশ, অতিৰিক্ত জিলা ন্যায়াধীশ, যুটীয়া জিলা ন্যায়াধীশ, সহকাৰী জিলা ন্যায়াধীশ, লঘুবাদ-ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, মুখ্য প্রেসিডেন্সী দপ্তাধিকাৰী, অতিৰিক্ত মুখ্য প্রেসিডেন্সী দণ্ডাধিকাৰী, চেছন ন্যায়াধীশ, অতিৰিক্ত চেছন ন্যায়াধীশ আৰু সহকাৰী চেছন ন্যায়াধীশ ইয়াৰ অন্তর্গত হ’ব ;

 (খ) “ন্যায়িক সেৱা” বুলিলে জিলা ন্যায়াধীশৰ পদ আৰু জিলা ন্যায়াধীশৰ পদতকৈ, নিম্নতৰ অন্য চিভিল ন্যায়িক পদসমূহ পূৰণ কৰিবলৈ অভিপ্রেত ব্যক্তি সকলেৰে একচেতীয়াভাবে গঠিত সেৱাক বুজাব ।

(২৩৭) কোনো বিশেষ শ্ৰেণী বা শ্ৰেণী সমূহৰ দণ্ডাধিকাৰী সকলৰ ক্ষেত্ৰত এই অধ্যায়ৰ উপবন্ধসমূহৰ প্ৰয়োগ- ৰাজ্যপালে সার্বজনিক অধিসূচনাৰ দ্বাৰা অধিসূচনাত যথা বিনির্দিষ্ট ব্যতিক্ৰম আৰু সালসলনি সমূহৰ সাপেক্ষে নির্দেশ দিব পাৰে যে এই অধ্যায়ৰ পূৰ্ব্বগামী উপবন্ধ সমুহ আৰু তাৰ অধীনত প্রস্তুত কৰা কোনো নিয়মাৱলী সেই উদ্দেশ্য তেওঁৰ দ্বাৰা নিয়ত কৰা তাৰিখৰ পৰা ৰাজ্যৰ ন্যায়িক সেৱাত নিযুক্ত হোৱা ব্যক্তি সকলৰ সম্বন্ধত প্রয়োগ হোৱাৰ দৰে ৰাজ্যৰ যিকোনো শ্রেণী বা শ্রেণী সমূহৰ দণ্ডাধিকাৰীসকলৰ সম্বন্ধটো প্রয়োগ হ’ব।

আৰু পঢ়ক- মণিৰাম দেৱান – ১৮৫৭ চনৰ বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ 

0 0 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] সংঘ ৰাজ্যক্ষেত্ৰ সমূহৰ কাৰণে উচ্চ ন্যায়লয়– (১) সংসদে বিধিৰ দ্বাৰা কোনো সংঘ […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

2
0
Would love your thoughts, please comment.x
()
x