তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

মণিৰাম দেৱান – ১৮৫৭ চনৰ বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ 

মণিৰাম দেৱান, অসম বুৰঞ্জীৰ এটা অতি পৰিচিত নাম। চিপাহী বিদ্ৰোহ অৰ্থাৎ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ আছিল মণিৰাম দেৱান। জীৱনৰ প্ৰথম কালছোৱা ব্ৰিটিছৰ একান্ত ভক্ত মণিৰাম দেৱান পৰৱৰ্তী কালত ব্ৰিটিছৰ ঘোৰ বিদ্ৰোহীৰূপে পৰিচয় লাভ কৰে আৰু অৱশেষত তেওঁ ফাঁচীকাঠৰ ওলমিব লগা হয়। মণিৰাম দেৱান আছিল একেধাৰে এজন প্ৰকাশক, সাহিত্যিক, উদ্যোগপতি তথা বিপ্লৱী। আহোম ৰাজবিষয়াৰ পৰা ব্ৰিটিছৰ বিষয়া হোৱা শিক্ষিত মণিৰাম দেৱানেই অসমৰ প্ৰথমজন অসমীয়া ব্যক্তি হিচাপে চাহ খেতি আৰম্ভ কৰি অসমৰ প্ৰথমজন উদ্যোগপতি হিচাপে পৰিগণিত হৈছিল।

মণিৰাম দেৱানৰ জন্ম :-

মণিৰাম দেৱানৰ জন্ম হৈছিল ১৮০৬ চনৰ ২৭ এপ্ৰিলত ঐতিহাসিক শিৱসাগৰ জিলাৰ চাৰিঙত।  মণিৰাম দেৱানৰ পিতৃৰ নাম আছিল ৰাম দত্ত দোলাকাষৰীয়া বৰুৱা আৰু মাতৃৰ নাম আছিল কৌশল্যা। মণিৰাম দেৱানৰ পিতৃ আছিল আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দোলাকাষৰীয়া বৰুৱা।  মণিৰাম দেৱানৰ পূৰ্বপুৰুষসকল অত্যন্ত সম্ভ্ৰান্ত আছিল। মণিৰাম দেৱানৰ সম্পূৰ্ণ নাম আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান।

মণিৰাম দেৱান
মণিৰাম দেৱানৰ আলোকচিত্ৰ

মণিৰাম দেৱানৰ শিক্ষা :-

মণিৰাম দেৱানৰ জন্মৰ কিছুকাল পাছতেই মানে অসম আক্ৰমণ কৰে। মানৰ অসম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিজৰ প্ৰাণৰক্ষা কৰিবলৈ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ লগত মণিৰাম দেৱানৰ পিতৃ ৰাম দত্ত পৰিয়ালসহ বংগদেশৰ চিলমাৰীলৈ পলাই গৈছিল। মণিৰাম দেৱানৰ শৈক্ষিক জীৱন বঙ্গদেশৰ চিলমাৰীতে আৰম্ভ হয়। তাত তেওঁক নৱদ্বীপৰ ঘৰুৱা শিক্ষকে শিক্ষাদান কৰিছিল। তাত প্ৰাৰম্ভিক শিক্ষা লাভ কৰাৰ পাছত তেওঁৰ পৰিয়ালটো গোৱালপাৰালৈ উঠি আহে আৰু তাতেই তেখেতে পৰৱৰ্তী পৰ্য্যায়ৰ শিক্ষা লাভ কৰে। মণিৰাম দেৱান ভূগোল, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি আদি প্ৰায় সকলো বিষয়তে পাৰ্গত হৈ উঠে আৰু তেওঁৰ ওপৰত ব্ৰিটিছৰ সু-দৃষ্টি পৰে।

ব্ৰিটিছ প্ৰশাসনৰ তলত মণিৰাম দেৱানৰ কৰ্মজীৱন :-

মণিৰাম দেৱান আছিল অত্যন্ত আঢ্যৱন্ত পৰিয়ালৰ সন্তান। পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰীসূত্ৰে তেওঁ বহুতো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি লাভ কৰিছিল। পূৰ্বপুৰুষৰ পৰা এই সম্পত্তিসমূহ পোৱাৰ উপৰিও মণিৰামৰ নিজৰ কিছুমান গুণ আছিল। সেইসমূহ আছিল তেওঁৰ চতুৰতা, ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰত দক্ষতা। এই গুণকেইটাৰ বাবে মণিৰাম দেৱানে অতি সোনকালে ব্ৰিটিছৰ উচ্চপদস্থ বিষয়াৰ কাষ চাপিবলৈ সক্ষম হৈছিল। প্ৰথম ইংগ-বাৰ্মী যুদ্ধৰ সময়ছোৱাত ডেভিড স্কট যেতিয়া মানক পৰাভূত কৰিবলৈ অসমলৈ আহিছিল সেইসময়ত ডেভিড স্কটৰ পথ প্ৰদৰ্শক আছিল মণিৰাম দেৱান কিয়নো অসমৰ ভূগোল সম্পৰ্কে মণিৰাম দেৱানৰ যথেষ্ট জ্ঞান আছিল। তেওঁ ব্ৰিটিছ বিষয়াসকলক অসমৰ বিষয়ে বহু তথ্যৰ যোগান ধৰিছিল আৰু ব্ৰিটিছৰ বিশ্বাসযোগ্য ব্যক্তি হৈ পৰিছিল।

মণিৰাম দেৱানৰ কাৰ্যদক্ষতা দেখি উজনি অসমৰ পলিটিকেল এজেন্ট কেপ্টেইন নিউভিলে ১৮২৮ চনত মণিৰাম দেৱানক উজনি অসমৰ চিৰস্তাদাৰ-তহছিলদাৰ পদত নিযুক্তি দিয়ে। চিৰস্তাদাৰ-তহছিলদাৰ পদত তেওঁ যথেষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল আৰু ব্ৰিটিছৰ কোষাগাৰ চহকী কৰি তুলিছিল। তেওঁ ৰাজহ সংগ্ৰহৰ বাবে নতুন পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল আৰু তেওঁৰ এই নীতিসমূহৰ বাবেই উজনি অসমৰ ৰাজহ ১৮২৭-২৮ চনত ৩৮,৮৩৬ টকাৰ পৰা ১৮২৯-৩০ চনত প্ৰায় ১ লাখ টকালৈ বৃদ্ধি কৰিছিল। এই কাৰ্যৰ বাবে মণিৰাম দেৱানে ব্ৰিটিছ চৰকাৰৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ব্ৰিটিছে মানক খেদি অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ ব্ৰিটিছক দেৱৰাজ ইন্দ্ৰৰ লগত তুলনা কৰিছিল আৰু অসমত হাজাৰ হাজাৰ বছৰ ব্ৰিটিছৰ শাসনৰ কামনা কৰিছিল। সেইসময়ত পিয়লি ফুকন, গমধৰ কোঁৱৰ আদি অসমপ্ৰেমী যুৱকে কৰা বিদ্রোহক মণিৰাম দেৱানে ঘৃণা কৰিছিল আৰু বিদ্রোহীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে বুলি ব্ৰিটিছক কৈছিল।

স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজসভাত মণিৰাম দেৱানৰ বিষয়-বাব :-

১৮৩৩ চনৰ ৯ মাৰ্চ তাৰিখে উজনি অসমত স্বৰ্গদেউ পুৰন্দৰ সিংহক ব্ৰিটিছৰ কৰতলীয়া ৰজা হিচাপে সংস্থাপিত কৰা হৈছিল। স্বৰ্গদেউ পুৰন্দৰ সিংহৰ প্ৰশাসনত মণিৰাম দেৱানে ৰজাৰ বৰভাণ্ডাৰ বৰুৱা পদবী লাভ কৰিছিল আৰু ৰজাৰ মুখ্য পৰামৰ্শদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। লগতে স্বৰ্গদেউ পুৰন্দৰ সিংহই সেইসময়ত মণিৰাম দেৱানক কিছুমান ৰাজহ গোট আৰু মৌজা নিৰীক্ষণ কৰিবলৈও দায়িত্ব অৰ্পণ কৰিছিল। স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু ব্ৰিটিছ শাসনৰ মাজৰ যোগাযোগৰ মাধ্যম আছিল মণিৰাম দেৱান। সেইসময়ত মণিৰাম দেৱানৰ প্ৰতিপত্তি ইমানেই আছিল যে তেওঁক সকলোৱে “কলিতা ৰজা” অভিধাৰেও অভিহিত কৰিছিল।

কিন্তু সেইসময়তে বছৰি ৫০,০০০ কৈ ধার্য কৰা কৰ একেৰাহে তিনিবছৰ দিব নোৱাৰাৰ অজুহাতত ১৮৩৮ চনৰ ২৬ ছেপ্টেম্বৰৰ দিনা ব্ৰিটিছে পুৰন্দৰ সিংহক উজনি অসমৰ সিংহাসনৰ পৰা সিংহাসনচ্যুত কৰে(বহুতৰ মতে পুৰন্দৰ সিংহই ব্ৰিটিছক দিবলৈ ডেৰ লাখ টকা মণিৰাম দেৱানক দি পঠিয়াইছিল। মণিৰাম দেৱানে কাশীনাথ তামুলী ফুকন আৰু লথৌ খাৰঘৰীয়া ফুকনক লৈ ডেৰ লাখ টকাৰ লালবন্দী দিবলৈ বংগদেশলৈ গৈছিল কিন্তু তেওঁ লালবন্দীৰ ডেৰ লাখ টকা অজ্ঞাত কাৰণত ব্ৰিটিছক জমা নিদিলে। তাৰফলতেই পুৰন্দৰ সিংহই নিজ ৰাজ্য হেৰুৱাব লগা হৈছিল। )

মণিৰাম দেৱান ক্ষমতাৰ বাবে অধিক উচ্চাকাংক্ষী হৈ পৰিছিল। পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰি উজনি অসমৰ ক্ষমতা ব্ৰিটিছ প্ৰশাসনে হস্তগত কৰাত পুৰন্দৰ সিংহৰ ৰাজসভাত থকা মণিৰাম দেৱানৰ বিষয়-বাবো নাইকিয়া হ’ল। উজনি অসম ব্ৰিটিছে অধিগ্ৰহণ কৰাৰ পাছত ১৮৩৮ চনত তেওঁ কলিকতালৈ যায় আৰু তাত ডেপুটি গৱৰ্নৰ থমাছ কেম্পৱেল ৰবাৰ্টছনক সাক্ষাৎ কৰি  আহোম ৰাজবংশৰ কোনোবা এজন কোঁৱৰক উজনি অসমৰ ৰজা পাতিবৰ বাবে অনুৰোধ কৰিলে আৰু তাৰপাছত মণিৰাম দেৱানে কলে যে– ৰাজবংশৰ কাৰোবাক ৰাজপদ দিব নিবিচাৰিলে তেওঁকে সেই পদ দি দিয়ক। আৰু যদি ৰাজপদ তেওঁক দিয়ে তেন্তে সেইদিনাই তেওঁ ব্ৰিটিছক তিনিবছৰৰ লালবন্দী ডেৰ লাখ টকা দিবলৈ ৰাজী হৈছিল। কিন্তু মণিৰামৰ প্ৰস্তাৱত ব্ৰিটিছ মান্তি নহ’ল আৰু তেওঁক এক সন্মানজনক পদবী দিব বুলি প্ৰতিশ্ৰুতি দিলে। কিন্তু তাৰপাছতেই নতুনকৈ শিৱসাগৰৰ প্ৰিন্সিপাল এচিষ্টেণ্ট হিচাপে যোগদান কৰা লেফ্টটেনেণ্ট ব্রডীয়ে মণিৰাম দেৱানক কেৱল তিনিটা মৌজা দি বাকীকেইটা মৌজা কাঢ়ি লয়।

অসম চাহ কোম্পানীৰ অধীনত মণিৰাম দেৱানৰ কৰ্মজীৱন:-

মণিৰাম দেৱানক ব্ৰিটিছে ১৮৩৯ চনৰ ১ জুনত অসম চাহ কোম্পানীৰ দেৱানৰূপে নিযুক্তি প্ৰদান কৰিলে। সেইসময়ত তেওঁৰ বেতন আছিল ছশ(৬০০) টকা। মণিৰাম দেৱানৰ নেতৃত্বত অসম চাহ কোম্পানীয়ে দোপদদোপে উন্নতি কৰিলে। তাৰ কাৰণ আছিল মণিৰাম দেৱানৰ স্থানীয় পৰিস্থিতিৰ বিষয়ে গভীৰ জ্ঞান আৰু অভিজ্ঞতা। তেওঁ অসম চাহ কোম্পানীৰ বাগান দুগুণলৈ বৃদ্ধি কৰিলে। কিন্তু ক্ৰমান্বয়ে ইংৰাজ চাহাবসকলৰ উদ্ভণ্ডালি আৰু মইমতালিত তেওঁ অতিষ্ঠ হৈ পৰিছিল আৰু লগতে ১৮৪৪ চনত অসম চাহ কোম্পানীত দ্বিতীয়জন দেৱান নিযুক্তি দি তেওঁৰ পদমৰ্য্যাদাৰ লগতে দৰমহাও দুশ(২০০) টকালৈ হ্ৰাস কৰিছিল। এইবোৰ কাৰণত মণিৰাম দেৱান অসন্তুষ্ট হ’ল আৰু ১৮৪৫ চনত অসম চাহ কোম্পানীৰ দেৱান পদৰ পৰা পদত্যাগ কৰিলে।

প্ৰথম অসমীয়া চাহ খেতিয়ক হিচাপে মণিৰাম দেৱান:-

মণিৰাম দেৱান আৰু চাহ গছৰ সম্পৰ্ক আছিল অতি নিবিড়। অসমত চাহ গছৰ আৱিষ্কাৰৰ লগত জড়িত থকা মূল ব্যক্তিজন হৈছে মণিৰাম দেৱান। পৰোক্ষভাৱে ৰবাৰ্ট ব্ৰুচক চাহ গছ আৱিষ্কাৰ কৰাত সহায় কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান। তেঁৱেই চিংফৌ গামজনৰ পৰা চাহ গছৰ বিষয়ে গম পাই ৰবাৰ্ট ব্ৰুচক এইবিষয়ে অৱগত কৰিছিল। চেমুৱেল ৱেইল্ডন নামৰ এজন ব্ৰিটিছ লেখকে তেওঁৰ “Tea in Assam” শীৰ্ষক গ্ৰন্থত মণিৰাম দেৱানকহে অসমৰ চাহৰ আচল আৱিষ্কাৰক বুলি কৈছে।  “Tea Industry in India“শীৰ্ষক এখন গ্ৰন্থত মণিৰাম দেৱান সম্পর্কত এইদৰে উল্লেখ কৰা আছে -“The first attempt to compete with the Britishers was made by Maniram Dewan, who is regarded as the first Indian discoverer of indigenous tea plant in Assam.”

মণিৰাম দেৱান আছিল প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক। অসম চাহ কোম্পানীৰ দেৱান হিচাপে তেওঁৰ যথেষ্ট অভিজ্ঞতা হৈছিল আৰু সেয়ে তেওঁ অসম চাহ কোম্পানীৰ দেৱান পদৰ পৰা পদত্যাগ কৰি নিজাববীয়াকৈ যোৰহাটত দুখন চাহ বাগিচা খুলিলে। মণিৰাম দেৱানৰ সেই বাগিচা দুখন আছিল – চিনামৰা আৰু চেংলুং।

মণিৰাম দেৱানৰ ব্ৰিটিছৰ প্ৰতি বিৰাগ ভাৱ:-

চাহ বাগিচা খুলি মণিৰাম দেৱানে ঈৰ্ষণীয় সফলতা লাভ কৰিছিল। উচ্চ মানদণ্ডৰ হোৱা বাবে তেওঁৰ চাহপাতৰ মূল্য আৰু জনপ্ৰিয়তা বৃদ্ধি হৈ গৈছিল। মণিৰাম দেৱানৰ চাহে সমাদৰ লাভ কৰাত ব্ৰিটিছ শংকিত হ’ল আৰু তেওঁৰ চাহ খেতিৰ ব্যৱসায় ধ্বংস কৰিবলৈ উঠি-পৰি লাগিল। ব্ৰিটিছ চৰকাৰে ইউৰোপীয় চাহ খেতিয়কসকলক দিয়াৰ দৰে মণিৰাম  দেৱানক কম পইচাত চাহ বাগানৰ বাবে আবাদী মাটি  দিবলৈ অমান্তি হ’ল। অধিক খাজনা ভৰিব লগা হোৱা বাবে তেওঁ বহুতো মাটি এৰি দিব লগা হ’ল। তাৰ সমান্তৰালকৈ শিৱসাগৰৰ নতুন প্ৰিন্সিপাল এচিচষ্টেণ্ট চাৰ্লছ হলৰয়ড চাহাবে ১৮৫১ চনত মণিৰাম দেৱানৰ লগত থকা তিনিটা মৌজাও কাঢ়ি ললে। ইয়াৰ ফলত মণিৰাম দেৱান এজন সাধাৰণ লোকত পৰিণত হ’ল আৰু নিজৰ ওঠৰ(১৮) জনীয়া পৰিয়ালটো চলাবলৈকে তেওঁৰ সমস্যাৰ সৃষ্টি হ’ল।

ইয়াৰ পৰাই মণিৰাম দেৱানৰ ব্ৰিটিছৰ প্ৰতি বিৰাগ জন্ম হ’ল। সোণৰ চামুচ মুখত লৈ জন্ম হোৱা মণিৰাম ব্ৰিটিছৰ ক্ষমতাৰ বলত সাধাৰণ শ্ৰেণীৰ লোকলৈ পৰিৱৰ্তন হ’ল। আচলতে, চাবলৈ গলে ব্ৰিটিছে মণিৰাম দেৱানক অসমত তেওঁলোকৰ লাভৰ বাবে ব্যৱহাৰ কৰিছিল। ব্ৰিটিছে অসমখনৰ সৈতে ভালদৰে পৰিচয় লাভ কৰাৰ পাছত মণিৰাম দেৱান তেওঁলোকৰ বাবে প্ৰয়োজনহীন হৈ পৰিল।

মণিৰাম দেৱানে পলমকৈ লাহে লাহে ব্ৰিটিছৰ সাম্ৰাজ্যবাদী তথা ক্ষমতালোভী চৰিত্ৰৰ কথা বুজি পাইছিল। কিন্তু তেতিয়ালৈ হয়তো পলম হৈ গৈছিল। পোনপ্ৰথমে মণিৰাম দেৱানে আৱেদন-নিবেদনৰ দ্বাৰা অসমত পুনৰ আহোম ৰাজত্ব স্থাপন কৰিবলৈ চেষ্টা কৰিলে। সেইসময়ত অসমলৈ এন্দ্ৰিও জন মফট মিলছ আহোঁতে মণিৰাম দেৱানে কৰতলীয়া ৰজাৰূপে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক উজনি অসমৰ শাসনভাৰ দিবলৈ আৱেদন জনাইছিল। কিন্তু মিলছে মণিৰাম দেৱানৰ এই আৱেদন অগ্রাহ্য কৰিলে আৰু লগতে তেওঁ অসমৰ ব্ৰিটিছ চৰকাৰক এইবুলি সকীয়াই থৈ গ’ল “মণিৰাম দেৱান এজন চতুৰ কিন্তু বিশ্বাসযোগ্যহীন আৰু ষড়যন্ত্ৰকাৰী লোক।”

অৱশেষত মণিৰামে অন্তিমবাৰৰ বাবে আৱেদন-নিবেদনেৰে এটা চেষ্টা কৰি চাবলৈ কলিকতালৈ গ’ল। তাত তেওঁ লেফ্টটেনেণ্ট গৱৰ্ণৰ ছাৰ জন কেম্পবেলক উজনি অসমৰ শাসনভাৰ কৰতলীয়া ৰজাস্বৰূপে কন্দৰ্পেশ্বৰ সিংহক দিবলৈ অনুৰোধ জনালে। কিন্তু তাৰপৰা কোনো সদিচ্ছা নেদেখাত ১৮৫৭ চনৰ ৬ মে’ৰ দিনা মণিৰাম দেৱানে গৱৰ্ণৰ জেনেৰেললৈ এখন আৱেদন প্ৰেৰণ কৰিলে। কিন্তু মণিৰামৰ এই অন্তিম চেষ্টাতো চেঁচাপানী পৰিল আৰু মণিৰামে এইবাৰ আৱেদন-নিবেদনৰ অধ্যায় সামৰি বিদ্ৰোহৰ আশ্ৰয় ললে।

মণিৰাম দেৱানৰ নেতৃত্বত অসমত ১৮৫৭ চনৰ বিদ্ৰোহ:-

আৱেদন-নিবেদন কৰিও ব্ৰিটিছ কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি লাভ নকৰাত মণিৰাম দেৱানে এইবাৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পাং পাতিলে। মণিৰাম কলিকতাত তেওঁৰ বাত বিষৰ চিকিৎসাত ব্যস্ত হৈ থাকোতেই সেইসময়ত সমগ্ৰ ভাৰততে চিপাহী বিদ্ৰোহৰ জুই জ্বলি উঠিল। ভাৰতীয় চিপাহীৰ দ্বাৰা দিল্লী অধিকাৰৰ বাৰ্তা লাভ কৰি মণিৰাম দেৱান উৎফুল্লিত হ’ল আৰু তেওঁ অসমতো ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে অনুপ্ৰেৰণা লাভ কৰিলে। মণিৰাম নিজেই কলিকতাত থাকিয়েই বিদ্ৰোহৰ দিহা কৰিলে। চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহ, পিয়লি বৰুৱাকে আদি কৰি অসমৰ প্ৰভাৱশালী লোকসকলৰ লগত তেওঁ গোপনে যোগাযোগ কৰিলে আৰু বিদ্ৰোহৰ প্ৰস্তুতি আৰম্ভ কৰিলে।

তেওঁ সেইসময়ত চিকিৎসাত ব্যস্ত থাকিব লগা হোৱাত কলিকতাৰ পৰা বাঙালী ভদ্ৰলোক মধু মল্লিকক বিদ্ৰোহৰ পৰামৰ্শদাতা হিচাপে অসমলৈ পঠিয়াই দিছিল। মণিৰাম দেৱানৰ নেতৃত্বত অসমৰ লোকসকল বিদ্ৰোহৰ বাবে সংগঠিত হ’ল। মণিৰাম দেৱানৰ উপদেশমৰ্মে পিয়লি বৰুৱাই অসমত থকা ভাৰতীয় চিপাহীৰ সহায় আদায় কৰা আৰু অস্ত্ৰ-শস্ত্ৰ, ৰচদ-পাতি গোটোৱা আদি কামত আগ-ভাগ লৈছিল। ইয়াৰোপৰি বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ, মহীধৰ মুক্তিয়াৰ আদি লোকে অসমৰ ব্ৰিটিছ বিৰোধী বিদ্রোহত হাত উজান দিছিল।

চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহৰ বাসভৱন বিদ্ৰোহৰ প্ৰধান আলোচনাত কেন্দ্ৰ আছিল। বিদ্ৰোহীসকলে ব্ৰিটিছক আভুৱা ভাৰিবলৈ ভাওনা, নাচ-গানৰ অচিলা লৈ আলোচনাৰ আয়োজন কৰিছিল। মণিৰাম দেৱানৰ পৰামৰ্শমতে সকলোৱে নিজ নিজ দায়িত্ব পালন কৰি বিদ্ৰোহৰ বাবে সাজু হৈছিল। অসমৰ চিপাহীসকলেও ব্ৰিটিছ বিৰোধী এই বিদ্রোহত সমৰ্থন আগবঢ়াইছিল। মণিৰাম দেৱান অস্ত্ৰ-শস্ত্ৰসহ দূৰ্গা পূজাৰ সময়ত অসমলৈ অহাত কথা আছিল আৰু দূর্গা পূজাৰ দশমীৰ দিনাখন বিদ্রোহীসকলে বিদ্ৰোহ কৰাৰ পাং পাতিছিল।

ব্ৰিটিছ চৰকাৰে অসমৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ আভাস ১৮৫৭ চনৰ আগষ্ট মাহৰ মাজভাগতে লাভ কৰিছিল। ব্ৰিটিছৰ অনুগত দাৰোগা হৰনাথ পৰ্বতীয়া বৰুৱাই বিদ্ৰোহৰ লগত জড়িত তথ্য সম্বলিত মণিৰাম দেৱানৰ কেইখনমান চিঠি উদ্ধাৰ কৰে। চিঠি উদ্ধাৰ কৰি তেওঁ প্ৰিন্সিপাল এচিচষ্টেণ্ট হলৰয়ডক অৰ্পণ কৰে আৰু ইয়াৰ ফলত অসমৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহ কলিতেই নিপাত হোৱাৰ উপক্ৰম হ’ল।

বিদ্ৰোহৰ বিষয়ে আভাস পাই কোনো পলম নকৰাকৈ  ব্ৰিটিছ কৰ্তৃপক্ষই বিদ্ৰোহ নিপাত কৰিবলৈ আৰম্ভ কৰিলে। ১৮৫৭ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰিলে আৰু কলিকতাৰ আলিপুৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিলে। একেসময়তে কলিকতাৰ ব্ৰিটিছ কৰ্তৃপক্ষই মণিৰাম দেৱানকো গ্ৰেপ্তাৰ কৰিলে আৰু আলিপুৰ কাৰাগাৰলৈ নিক্ষেপ কৰিলে। তাৰ সমান্তৰালকৈ পিয়লি বৰুৱা, মধু মল্লিক, বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী, দুতিৰাম বৰুৱা  আৰু অন্যান্য বহুতকে গ্ৰেপ্তাৰ কৰিলে। আৰু ইমানতে অসমত ১৮৫৭ চনৰ ব্ৰিটিছ বিৰোধী জাগৰণৰ অন্ত পৰিল।

মণিৰাম দেৱানৰ ফাঁচী:-

১৮৫৭ চনৰ শেষত বিচাৰ কৰিবলৈ মণিৰাম দেৱানক জাহাজেৰে যোৰহাটলৈ অনা হ’ল। ১৮৫৮ চনৰ ২৩ ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ লগতে আন সকলো বিদ্রোহীৰ বিচাৰ হ’ল। এই বিচাৰ প্ৰক্ৰিয়া ১৪ নম্বৰ আইন অনুসৰি হৈছিল। মণিৰাম দেৱান আৰু সকলো বিদ্রোহীৰ বিচাৰ কৰিছিল শিৱসাগৰৰ প্ৰিন্সিপাল এচিচষ্টেণ্ট চাৰ্লছ হলৰয়ডে।

এই বিচাৰত ৰাজদ্ৰোহৰ অপৰাধত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ’ল। লগতে বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী, দুতিৰাম বৰুৱা, মধু মল্লিক আদি বিদ্রোহীৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰি কলীয়াপানী অৰ্থাৎ আন্দামানলৈ নিৰ্বাসিত কৰা হ’ল। চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক গুৱাহাটীত পেঞ্চন দি নজৰবন্দী কৰি ৰখা হ’ল।

১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা যোৰহাট নগৰৰ মাজ-মজিয়াতে ৰাজহুৱাকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়। অসমবাসীৰ ক্ৰন্দনৰ মাজত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই বিদায় লয়।

দেশ স্বাধীনৰ বাবে বিদ্ৰোহৰ অগ্নি জ্বলাই মণিৰাম দেৱান শ্বহীদ হ’ল। মণিৰাম দেৱান চিপাহী বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ। জীৱনৰ প্ৰথম সময়ছোৱাত ব্ৰিটিছৰ ঘোৰ সমৰ্থক মণিৰাম দেৱানে পৰৱৰ্তী কালত ব্ৰিটিছৰ আচল চৰিত্ৰৰ কথা উমান পাই ব্ৰিটিছৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লৈ দেশমাতৃৰ হকে শ্বহীদ হ’ল। মণিৰাম দেৱানে কেৱল দেশপ্ৰেমেৰেই নহয় চাহ খেতি কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথো অসমীয়াক প্ৰদৰ্শন কৰি থৈ গ’ল।

মণিৰাম দেৱানৰ সাহিত্যিক কৰ্ম :-

মণিৰাম দেৱান এজন অধ্যয়নশীল ব্যক্তি আছিল।  তেওঁ “বুৰঞ্জী বিবেক ৰত্ন” শীৰ্ষক অসম বুৰঞ্জীৰ এখন গুৰুত্বপূৰ্ণ সমল পুথি ৰচনা কৰি থৈ গৈছে। অনুমান কৰা যায় যে “বুৰঞ্জী বিবেক ৰত্ন”ৰ দুটা খণ্ড মণিৰাম দেৱানে লিখিছিল কিন্তু বৰ্তমান “বুৰঞ্জী বিবেক ৰত্ন” দ্বিতীয়টো খণ্ডহে পোৱা গৈছে। প্ৰথম খণ্ডটোৰ বিষয়ে কোনো সম্ভেদ পোৱা নাযায়।  বুৰঞ্জী বিবেক ৰত্নত মণিৰাম দেৱানে অসমীয়া ভাষাৰ উপৰিও ফাৰ্চী, উৰ্দু, বাংলা, ইংৰাজী, সংস্কৃত আদি ভাষাৰো প্ৰয়োগ কৰিছে। ইয়াৰ পৰা জনা যায় যে মণিৰাম দেৱানে বিভিন্ন ভাষা জানিছিল।

ইয়াৰোপৰি মণিৰাম দেৱানে কলিকতাৰ কাকত “সমাছাৰ দৰ্পণ”টো বিভিন্ন প্ৰৱন্ধ লিখিছিল। তথ্য অনুসৰি লণ্ডনৰ ইংৰাজী কাকতত প্ৰৱন্ধ লিখা তেঁৱেই প্ৰথম অসমীয়া। তেওঁ চাহ উদ্যোগ তথা চাহ খেতিৰ ওপৰত সেই ইংৰাজী প্ৰৱন্ধটো লিখিছিল।

অসমীয়া ৰূপালী পৰ্দাত মণিৰাম দেৱান :-

১৮৫৭ চনৰ চিপাহী বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ মণিৰাম দেৱানৰ আত্মত্যাগৰ তথা দেশপ্ৰেমৰ কাহিনী অসমৰ চলচ্চিত্ৰ জগততো চিত্ৰিত হৈছে। সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ পৰিচালনাত “মণিৰাম দেৱান” বোলছবিখন নিৰ্মাণ কৰা হৈছিল। এই ছবিখনৰ প্ৰযোজনা কৰিছিল অপূৰ্ব চৌধুৰীয়ে। এই ছবিখন নিৰ্মাণত প্ৰায় দুই লক্ষাধিক টকাখৰছ হৈছিল। এই বোলছবিখনৰ সংগীত পৰিচালনা কৰিছিল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই। বেণুধৰ শৰ্মাৰ “মণিৰাম দেৱান” গ্ৰন্থ আৰু প্ৰবীণ বৰুৱাৰ “মণিৰাম দেৱান” নাটকৰ আধাৰত এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে।

maniram-dewan-1964
মণিৰাম দেৱান চলচ্চিত্ৰৰ এক দৃশ্য

১৯৬৪ চনৰ ১০ জানুৱাৰীৰ দিনা অসমৰ চাৰিটা চিত্ৰগৃহত মণিৰাম দেৱান বোলছবি মুক্তি দিয়া হৈছিল। ফণী শৰ্মাৰ এই বোলছবিত মণিৰাম দেৱানৰ চৰিত্ৰত অভিনয় কৰিছিল। ফণী শৰ্মাই নিজৰ অভিনয়ৰ জৰিয়তে মণিৰাম দেৱান চৰিত্ৰটো জীৱন্ত ৰূপত ৰূপালী পৰ্দাত উপস্থাপন কৰিছিল। উৎপল দত্ত, কমল চৌধুৰী, ইভা আচাও,  ৰেবেকা আচাও আদি কলা-কুশলীয়ে এই চলচ্চিত্ৰত অভিনয় কৰিছিল।

“মণিৰাম দেৱান” চলচ্চিত্ৰই ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক  লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে এই ছবিখনে ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিছিল। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু কণ্ঠৰোপিত সুমধুৰ গীত “বুকু হম হম কৰে মোৰ আই” এই ছবিৰ এটা অন্যতম উল্লেখযোগ্য গীত।

মণিৰাম দেৱানৰ গীত

অসমৰ লোক-সংস্কৃতিৰ পথাৰখনতো মণিৰাম দেৱান আৰু তেওঁৰ জীৱন কাহিনীক লৈ এক শ্ৰেণীৰ কাহিনীগীত বা মালিতা ৰচিত হৈছে যাক মণিৰাম দেৱানৰ গীত বুলি জনা যায়। বুৰঞ্জীমূলক মালিতাৰ অন্তৰ্গত এই শ্ৰেণীৰ কাহিনী গীতত মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰি শ্বহীদ হোৱাৰ কৰুণ ইতিহাসৰ বৰ্ণনা পোৱা যায়।  উদাহৰণস্বৰূপে-

“সোণৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম
ৰূপৰ ধোঁৱাখোৱাত খালি;
কিনো ৰজাঘৰত দোৰোহ আচৰিলি
ডিঙিত চিপেজৰী ল’লি।”

বিহুসুৰীয়া এই শ্ৰেণীৰ মালিতা অসমীয়া বুৰঞ্জীমূলক মালিতাৰ ভিতৰত বিশেষভাৱে জনপ্ৰিয় আৰু অসমীয়া লোক-সংস্কৃতিত ইয়াৰ এক উল্লেখযোগ্য ভূমিকা আছে। 

সহায়ক গ্ৰন্থঃ

১। মণিৰাম দেৱান- বেণুধৰ শৰ্মা

3.8 4 votes
Article Rating
Subscribe
Notify of
guest
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- মণিৰাম দেৱান – ১৮৫৭ চনৰ বিদ্রোহত অসমৰ … […]

trackback

[…] চিপাহী বিদ্রোহত উদগনি যোগোৱাৰ বাবে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই ফাঁচিকাঠত […]

issha
2 years ago

yes i join

Rekhamoni saikia
Rekhamoni saikia
8 months ago

সমাজ বিজ্ঞন

4
0
Would love your thoughts, please comment.x
()
x