ভাৰতৰ স্বাধীনতা সংগ্ৰাম – এক সংক্ষিপ্ত ইতিহাস
(স্বাধীনতা দিৱস আৰু ইয়াৰ ইতিহাস সম্বন্ধীয় এটি চমু লেখাৰে সাৰথিৰ পাঠকবৃন্দক স্বাধীনতা দিৱসৰ ওলগ জনাইছো…)
আজি ২০২১ চনৰ ১৫ আগষ্ট, প্ৰতিবছৰে সমগ্ৰ ভাৰতবাসীয়ে উলহ-মালহেৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰে কিয়নো ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখেই ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল। এই দিনটোতেই ১৮৫৭ ৰ পৰা ১৯৪৭ চনলৈ প্ৰায় ৯০ বছৰীয়া সংগ্ৰাম আৰু আত্মবলিদানৰ অন্তত ভাৰতবাসীয়ে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ স্বাধীনতাৰ হকে কত লোক শ্বহীদ হ’ল, কত লোক ঘূণীয়া হ’ল, কত নিখোজো হ’ল আৰু এইসকল লোকৰ ত্যাগৰ বিনিময়তেই ভাৰতে স্বাধীনতা লাভ কৰিলে।
ভাৰতৰ স্বাধীনতা আন্দোলনৰ দুটামান গুৰুত্বপূৰ্ণ পৰ্যায় বা ঘটনা আছে। এই পৰ্যায়কেইটা হ’ল –
- ১) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ বা ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ,
- ২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন,
- ৩) স্বদেশী আন্দোলন বা বংগ ভংগ আন্দোলন
- ৪) অসহযোগ আন্দোলন
- ৫) আইন অমান্য আন্দোলন
- ৬) ভাৰত ত্যাগ আন্দোলন
- ৭) আজাদ হিন্দ ফৌজৰ গঠন
১) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ বা ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ –
১৮৫৭ চনৰ চিপাহী বিদ্রোহক ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ ঘটনাৰূপে অভিহিত কৰিব পাৰি। ভাৰতৰ প্ৰায় ৯০ বছৰীয়া স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল ১৮৫৭ চনৰ এই চিপাহী বিদ্ৰোহৰ মাধ্যমেৰে। বেৰেকপুৰত মংগল পাণ্ডেৰ লগতে ঈশ্বৰী পাণ্ডেৰ ফাঁচীৰ পাছতেই জ্বলা ব্ৰিটিছবিৰোধী বিক্ষোভে চূড়ান্ত ৰূপ লয় উত্তৰ প্ৰদেশৰ মীৰাটত। আৰু মীৰাটতেই ১৮৫৭ চনৰ ১০ মে’ৰ দিনা চিপাহী বিদ্ৰোহৰ আনুষ্ঠানিক আৰম্ভণি ঘটে আৰু এই বিদ্রোহত হাত উজান দিয়ে সেইসময়ৰ ভাৰতীয় চিপাহীসমূহৰৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ ৰজা-ৰাণীসকলে।
বিদ্ৰোহীসকলে অন্তিমজন মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহক ভাৰতৰ সম্ৰাটৰূপে স্বীকৃতি দি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰে। ১৮৫৭ চনৰ এই বিদ্রোহত মুখ্য ভূমিকা লয় ঝান্সী ৰাণী লক্ষ্মীবাই, নানা চাহেব, তাঁতীয়া টুপী, কোঁৱৰ সিং, বেগম হজৰত মহল, আচফ উড দৌল্লা আদিয়ে। দেশমাতৃৰ বাবে তেওঁলোকে ব্ৰিটিছৰ হাতত নিজৰ প্ৰাণ হেৰুৱাইছিল কিন্তু দেশৰ মান ৰাখিবলৈ দেশৰ স্বাধীনতাৰ হকে যুঁজ দিছিল।
অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল কলিতা ৰজাখ্যাত মণিৰাম দেৱানে। ইয়াত লগতে তেওঁৰ লগত যুক্ত হৈছিল চাৰিং ৰজা কন্দপেশ্বৰ সিংহ, পিয়লি বৰুৱা, মধু মল্লিক, বাহাদুৰ গাওঁবুঢ়া, ফৰ্মুদ আলি, দুতিৰাম বৰুৱা আদি উচ্চশ্ৰেণীৰ আহোম লোকসকল। কিন্তু দুৰ্ভাগ্যবশত অসমৰ বিদ্ৰোহীসকলৰ পৰিকল্পনা ব্ৰিটিছৰ হাতত লাগে। অৱশেষত, চিপাহী বিদ্রোহত উদগনি যোগোৱাৰ বাবে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই ফাঁচিকাঠত ওলমিবলগীয়া হৈছিল। ইয়াৰোপৰি ফৰ্মুদ আলি আৰু বাহাদুৰ গাওঁবুঢ়াক কলীয়াপানী অৰ্থাৎ আন্দামান নিকোবৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু বাকীসকলৰো সম্পত্তি বাজেয়াপ্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। কন্দপেশ্বৰ সিংহক গুৱাহাটীত পণবন্দী কৰি ৰখা হৈছিল।
১৮৫৭ চনৰ এই বিদ্রোহত বহুতো ভাৰতীয়ই দেশমাতৃৰ স্বতন্ত্ৰতাৰ হেতুকে আত্মবলিদান দিলে কিন্তু ব্ৰিটিছে এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হ’ল। কিন্তু এই বিদ্ৰোহৰ পৰা ভাৰতবাসীয়ে পুনৰ বিদ্ৰোহ কৰাৰ প্ৰেৰণা লাভ কৰিলে। ১৮৫৭ চনৰ বিদ্রোহক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলিও অভিহিত কৰা হয়।
২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন –
তাৰপাছত চেগা-চোৰোকাকৈ ভাৰতৰ বিভিন্ন ঠাই সাপেক্ষে স্বাধীনতা সংগ্ৰাম চলি আহিছিল যদিও ভাৰতৰ স্বাধীনতা আন্দোলনে এক সাৰ্বজনীন ৰূপ লাভ কৰা নাছিল আৰু অৱশেষত ভাৰতৰ স্বাধীনতা আন্দোলনে সাৰ্বজনীন ৰূপ লাভ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত। ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল ১৮৮৫ চনৰ ডিচেম্বৰ মাহত উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত। সেইসময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিন আৰু এলেন অক্টোভিয়ান হিউমৰ পৰামৰ্শত কংগ্ৰেছৰ গঠন হৈছিল। প্ৰথম অৱস্থাত কংগ্ৰেছে আৱেদন নিবেদনৰ জৰিয়তে নিজৰ কাৰ্য্য ক্ৰমণিকা চলাই আছিল যদিও পৰৱৰ্তী সময়ত ব্ৰিটিছৰ শোষণমূলক নীতিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবাসীৰ নেতৃত্ব গ্ৰহণ কৰি ভাৰতৰ স্বাধীনতাৰ হকে ব্যাপক আন্দোলনৰ সূচনা কৰে। আৰু ইয়েই ভাৰতৰ স্বাধীনতা আন্দোলনৰ টাৰ্ণিং পইণ্ট বুলি ক’ব পাৰি।
৩) স্বদেশী আন্দোলন বা বংগ ভংগ আন্দোলন –
১৯০৫ চনত ভাৰতত আৰম্ভ হয় বংগ ভংগ আন্দোলন ওৰফে স্বদেশী আন্দোলন। এই আন্দোলনৰ আৰম্ভ হৈছিল বংগ দেশৰ বিভাজন ৰোধ কৰিবলৈ। ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে তেতিয়াৰ ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিছিল। ব্ৰিটিছে বংগৰ বাঙালী জাতীয়তাবাদ ভঙ্গৰ বাবে বংগ দেশ বিভাজন কৰাৰ সিদ্ধান্ত লৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিততেই সমগ্ৰ ভাৰততে স্বদেশী আন্দোলনৰ সূচনা হয়। এই বংগ ভংগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল বাল গংগাধৰ তিলক, লালা লাজপত ৰয়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ আদিৰ দৰে লোকে। সেইসময়ত সমগ্ৰ ভাৰততে লাল-বাল-পালৰূপে বিখ্যাত আছিল লালা লাজপত ৰয়,বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল। অসমত অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে লোকৰ পৰিচালনাত এই বংগ ভংগ আন্দোলনে প্ৰসাৰতা লাভ কৰিছিল। এই আন্দোলনৰ ফলত ব্ৰিটিছে হাৰ মানি ১৯১১ চনৰ ২ ডিচেম্বৰত দিল্লীত দৰবাৰ পাতি বংগ দেশক ভঙ্গ কৰাৰ আঁচনি ৰদ কৰে।
৪) অসহযোগ আন্দোলন –
বংগ ভংগ আন্দোলনৰ পাছতেই ভাৰতত আৰম্ভ হয় গান্ধী যুগৰ। এই গান্ধীযুগ হৈছে মোহনদাস কৰমচাদ গান্ধী ওৰফে মহাত্মা গান্ধীৰ। মহাত্মা গান্ধী আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ কেন্দ্ৰীয় চৰিত্ৰ। গান্ধীজীক কেন্দ্ৰ কৰিয়েই ভাৰতৰ স্বাধীনতা আন্দোলন পৰিচালিত হৈছিল। ১৯১৬ চনত গোপাল কৃষ্ণ গোখলেৰ অনুৰোধত গান্ধীজী ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰে আৰু লক্ষ্ণৌত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত যোগদান কৰে। গান্ধীজীৰ নেতৃত্বতেই ১৯২০ চনৰ ৪ ছেপ্টেম্বৰত আৰম্ভ হয় অসহযোগ আন্দোলন। এই অসহযোগ আন্দোলন গান্ধীজীৰ সত্যাগ্ৰহ তথা অহিংসাৰ এক পৰম অস্ত্ৰ আছিল।
এই অসহযোগ আন্দোলনৰ যোগেদি ভাৰতবাসীয়ে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ আঁচনি গ্ৰহণ কৰিছিল। এই আন্দোলনৰ পৰাই ভাৰতবাসীয়ে ব্ৰিটিছৰ বিভিন্ন কাৰ্য্যত সহযোগ কৰা বন্ধ কৰি দিছিল। ভাৰতৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে ব্ৰিটিছৰ পৰিচালিত স্কুল, কলেজ ত্যাগ কৰিছিল। উকীলসকলে ওকালতি ত্যাগ কৰিছিল আৰু চাকৰিয়ালসকলে চাকৰি ত্যাগ কৰিছিল। অসহযোগ আন্দোলনত অসমৰ নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ আদিৰ দৰে বিখ্যাত লোকসকলে আগ-ভাগ লৈছিল।
ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকে এই আন্দোলনৰ কাৰাগাৰবৰণ কৰিছিল আৰু ইয়াৰ লগতে বহুতো ভাৰতীয়ই শ্বহীদ বৰণো কৰিছিল। মহাত্মা গান্ধীয়ে ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলনৰ সমাপ্তিৰ ঘোষণা কৰে কিয়নো কিছু হিংসাত্মক আন্দোলনকাৰীয়ে ১৯২২ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে চৌৰীচৌৰাত এটা পুলিচ চকী জ্বলাই কেইজনমান পুলিচ বিষয়াক হত্যা কৰিছিল।
৫) আইন অমান্য আন্দোলন –
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰম্ভ হয় আইন অমান্য আন্দোলন। মহাত্মা গান্ধীৰ নেতৃত্বতেই ভাৰতত ১৯৩০ চনত আইন অমান্য আন্দোলনৰ সূচনা হৈছিল। এই আইন অমান্য আন্দোলনৰ মূলতে আছিল ১৯২৯ চনৰ লাহোৰ কংগ্ৰেছৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ। জৱাহৰলাল নেহৰুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা লাহোৰ কংগ্ৰেছত পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ পাছতেই গান্ধীজীৰ নেতৃত্বত কংগ্ৰেছে আইন অমান্য আন্দোলনৰ আৰম্ভ কৰে। ১৯৩০ চনৰ ১২ মাৰ্চত গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা গান্ধীজীয়ে লগত ৭৮ জন অনুগামী লৈ দাণ্ডি যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰে আৰু ৫ এপ্ৰিলত দাণ্ডিত উপস্থিত হৈ গান্ধীজীৰ নেতৃত্বত এই দলটোৱে ৬ এপ্ৰিলত ব্ৰিটিছৰ লোণ আইন ভংগ কৰে আৰু ইয়েই আইন অমান্য আন্দোলনৰ সূচনা কৰে।
অসমৰ লীলাধৰ বৰুৱাই গান্ধীজীৰ সৈতে এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। আইন অমান্য আন্দোলনৰ জৰিয়তে ব্ৰিটিছ আইনসমূহ ভংগ কৰা হৈছিল আৰু ইয়াৰ লগতে ধৰ্ণা, পিকেটিং, আন্দোলন, বিদেশী বস্তু বৰ্জন কাৰ্যসূচীও চলি আছিল। অসমত বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বুল্লা, চন্দ্ৰপ্ৰভা শইকীয়ানী, হেম বৰুৱা, অমিয় কুমাৰ দাস আদিৰ দৰে লোকে এই আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰিছিল। এই আন্দোলনত বিশেষকৈ ভাৰতৰ মহিলাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এই আইন অমান্য আন্দোলনৰ সমাপ্তি ঘটোৱা হয় ১৯৩৪ চনত। এই আন্দোলনৰ মাজতেই ১৯৩১ চনৰ ৫ মাৰ্চত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ লগতে তিনিখন ঘূৰণীয়া মেজমেলো এই কালছোৱাতে অনুষ্ঠিত হৈছিল। গান্ধীজীয়ে ইয়াৰে দ্বিতীয়খনত অংশগ্ৰহণ কৰিছিল।
৬) ভাৰত ত্যাগ আন্দোলন –
আইন অমান্য আন্দোলনৰ পাছতেই ভাৰতত আৰম্ভ হয় ভাৰত ত্যাগ আন্দোলন যি আন্দোলনে ব্ৰিটিছক ভাৰত ত্যাগ কৰাৰ চিন্তা কৰিবলৈ বাধ্য কৰিছিল। ১৯৪২ চনত মুম্বাইৰ গোৱালিয়ৰ টেংকৰ ফিল্ডত ৯ আগষ্টৰ নিশা গান্ধীজীৰ নেতৃত্বত মৌলানা আবুল কালাম আজাদৰ সভাপতিত্বত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু ইয়েই ভাৰতৰ স্বাধীনতা আন্দোলনক এক ব্যাপক ৰূপ প্ৰদান কৰে। গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” বুলি শ্লোগান দি ভাৰতবাসীক স্বাধীনতাৰ হকে উদ্বুদ্ধ কৰি তুলিছিল। এই ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণৰ পাছতেই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল আদিৰ দৰে কংগ্ৰেছৰ শীৰ্ষস্থানৰ নেতাক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল।
এনে সময়তে ভাৰত ত্যাগ আন্দোলন এক হিংসাত্মক আন্দোলনলৈ পৰ্যবসিত হয় আৰু সমগ্র ভাৰততে ৰে’ল বগৰোৱা, বোমা বিস্ফোৰণ, গুলীচালনা আদিৰ দৰে কাৰ্য্য আৰম্ভ হয়। অসমতো এই আন্দোলনত আবাল বৃদ্ধ বণিতাই অংশগ্ৰহণ কৰিছিল। গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মাক কংগ্ৰেছৰ বোম্বাই অধিবেশনৰ পৰা উভতি আহোঁতেই গ্ৰেপ্তাৰ কৰে। এনেক্ষেত্ৰত নেতাবিহীন হৈ ভাৰত ত্যাগ আন্দোলনে অসমতো হিংসাত্মক ৰূপ লয়। অসমৰ বহু ঠাইত ব্ৰিটিছৰ বিৰুদ্ধে কূটাঘাতমূলক আঁচনি লোৱা হয়।
ব্ৰিটিছৰ পুলিচ থানাত ভাৰতৰ ত্ৰিৰংগ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা বৰুৱা,ভোগেশ্বৰী ফুকননী, মুকুন্দ কাকতি আদিয়ে পুলিচৰ গুলি খাই মৃত্যুক সাৱটি লয়। সৰুপথাৰৰ ৰে’ল বগৰোৱা কাণ্ডত বিনা দোষত ব্ৰিটিছে কুশল কোঁৱৰৰ দৰে গান্ধীবাদী বীৰক ফাঁচীকাঠত ওলোমায়। এনেদৰেই বহু বীৰ বীৰাংগনাই দেশমাতৃৰ বাবে শ্বহীদ বৰণ কৰিছিল। এই আন্দোলনৰ কালছোৱাত সমগ্ৰ ভাৰতত বহুতো লোকে প্ৰাণ আহুতি দিছিল আৰু ইয়াৰ সমান্তৰালকৈ বহুলোক ঘুনীয়াও হৈছিল আৰু বহুতো লোক কাৰাৰুদ্ধও হৈছিল।
৭) আজাদ হিন্দ ফৌজৰ গঠন –
আজাদ হিন্দ ফৌজৰ গঠন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ঘটনা। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বন্দী ভাৰতীয় সৈনিকসকলক লৈ ১৯৪২ চনত ৰাসবিহাৰী বসুৰ নেতৃত্বত আজাদ হিন্দী ফৌজে জন্মলাভ কৰিছিল। আৰু অৱশেষত নেতাজী সুভাষ চন্দ্ৰ বসুৱে এই ফৌজৰ দায়িত্ব গ্ৰহণ কৰে আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়ে। আজাদ হিন্দ ফৌজৰ সহযোগতেই নেতাজী সুভাষ চন্দ্ৰ বসুৱে জাপানত ভাৰতৰ এখন অস্থায়ী চৰকাৰ গঠন কৰিছিল। এই ফৌজে ব্ৰিটিছৰ মনত ত্ৰাসৰ সৃষ্টি কৰিছিল।
অৱশেষত বহুতো ব্যক্তিৰ আত্মবলিদান তথা দেশমাতৃৰ প্ৰতি প্ৰেমৰ বাবেই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষ ব্ৰিটিছৰ পৰা স্বাধীন হয়। এই স্বাধীনতাৰ বাবে ভাৰতে হেৰুৱাব লগা হৈছিল দেশপ্ৰেমিক ভগত সিং, সুখদেৱ, ৰাজগুৰু, ৰাম প্ৰসাদ বিস্মিল, চন্দ্ৰশেখৰ আজাদ, সুভাষ চন্দ্ৰ বসু, লালা লাজপত ৰয় আদিৰ দৰে মহান বীৰক। ভাৰতৰ স্বাধীনতা লাভৰ হেতু মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, ৰাজেন্দ্ৰ প্ৰসাদ, চক্ৰৱৰ্তী ৰাজাগোপালচাৰি, মৌলানা আব্দুল কালাম আজাদ, সৰোজিনী নাইডুকে আদি কৰি লক্ষ লক্ষ ভাৰতীয়ই কাৰাবাস খাটিবলগীয়া হৈছিল। এই ব্যক্তিসকলৰ মহৎ ত্যাগৰ ফলত অৱশেষত ব্ৰিটিছে ভাৰত এৰি যাব লগীয়া হৈছিল আৰু ভাৰতবাসীয়ে স্বাধীনতা অৰ্জন কৰিছিল। ভাৰতৰ স্বাধীনতাৰ আজিৰ এই ৭৫ তম জয়ন্তীত এই বীৰ স্বাধীনতা সংগ্ৰামীসকলক আমি শ্ৰদ্ধাৰে সুৱৰিছোঁ।
বন্দে মাতৰম
ভাৰত মাতা কী জয়
[…] হাতত প্ৰাণ আহুতি দিয়ে। তেখেতেই আছিল স্বাধীনতা সংগ্ৰামত প্ৰথম অসমীয়া মহিলা শ্বহীদ তথা উত্তৰ […]
ভাৰতবৰ্ষৰ স্বাধীনতাৰ সংগ্ৰামত শিৱসাগৰ জিলাৰ মুক্তি যুঁজাৰু সকলৰ ওপৰত ৰচনা লিখা
ভাৰতবৰ্ষৰ স্বাধীনতাৰ সংগ্ৰামত শিৱসাগৰ জিলাৰ অসমীয়া মুক্তি যুঁজাৰু সকলৰ ভূমিকা/অৱদান?
[…] ভাৰতৰ স্বাধীনতা আন্দোলনত কাশ্মীৰী লোকসকলে ব্যাপকভাৱে অংশ লৈছিল। তেওঁলোকে কেৱল ব্ৰিটিছ শাসনৰ পৰা মুক্তি পোৱাই নহয়, নিজৰ লক্ষ্যত উপনীত হোৱাৰ পিছত কেতিয়াও ডোগ্ৰা বংশৰ শাসনৰ অধীনত থাকিব বিচৰা নাছিল। কাশ্মীৰীসকলে ৰাজতন্ত্ৰতকৈ গণতন্ত্ৰক অগ্ৰাধিকাৰ দিছিল। জম্মু-কাশ্মীৰ সদায় এখন ধৰ্মনিৰপেক্ষ ৰাজ্য আছিল – হিন্দু, মুছলমান আৰু শিখ শাসনৰ ইতিহাস থকা। ইয়াৰ সংখ্যাগৰিষ্ঠ জনসংখ্যা মুছলমান হ’লেও তেতিয়া কিন্তু ইয়াৰ হিন্দু জনসংখ্যাও এক উল্লেখযোগ্য মাত্ৰাৰ আছিল। ভাৰতে ১৯৪৭ চনত কাশ্মীৰী জনসাধাৰণৰ আকাংক্ষা জানিবলৈ জনমত অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল। শ্বেখ আব্দুল্লাৰ দৰে জম্মু-কাশ্মীৰৰ নেতাসকলে উমৈহতীয়া মূল্যবোধ – ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ, আৰু সৰ্বভাৰতীয় জাতীয়তাবাদক বিশ্বাসত লৈ জনমত অনুষ্ঠিত হ’লে ভাৰত জয়ী হ’ব বুলি আত্মবিশ্বাসী আছিল। […]