ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া নাৰী

মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, “অসমীয়া নাৰীয়ে কাপোৰত সপোন ৰচিব পাৰে।” আৰু অসমৰ মহিলাসকলে প্ৰমাণ কৰি দিছিল যে তেওঁলোকে কেৱল কাপোৰতে নহয় কাৰ্যক্ষেত্ৰত দেশৰ স্বতন্ত্ৰতাৰ সপোন ৰচিব পাৰে। আবাল বৃদ্ধ বণিতাৰ ত্যাগৰ ফলশ্ৰুতিত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত ব্ৰিটিছৰ পৰা স্বাধীন হয়। ভাৰতৰ স্বাধীনতা লাভত নাৰীসকলকৰ ভূমিকা অনন্য আছিল। আৰু এইক্ষেত্ৰত পিছপৰি থকা নাছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকল। সেইসময়ত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য ব্ৰিটিছ শাসনাধীন অবিভক্ত অসমৰ অন্তৰ্গত আছিল।

উত্তৰ পূৰ্বাঞ্চলত আন্দোলনৰ উকমুকনি

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলত ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধৰ উকমুকণি ঘটিছিল। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ আত্মত্যাগেৰে সামৰণি পৰা এই বিদ্রোহত ৰূপহী আইদেউ আৰু লুমেই আইদেউ বিদ্ৰোহৰ সহায়কাৰীৰূপে অভিযুক্ত হৈছিল আৰু তেওঁলোকে শাস্তিও ভোগ কৰিবলগীয়া হৈছিল।

১৯২১ চনৰ অসহযোগ আন্দোলনৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক ব্ৰিটিছ বিৰোধী সংগ্ৰাম আৰম্ভ হয়। পুৰুষসকলৰ লগতে মহিলাসকলেও এই আন্দোলনত ব্যাপকৰূপত অংশগ্ৰহণ কৰিবলৈ লয়। ইয়াৰ মূলতে আছিল ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰা অসম ভ্ৰমণ। মহাত্মা গান্ধীয়ে তেওঁৰ অসম ভ্ৰমণৰ কালছোৱাত মহিলাৰ বাবে বিশেষ সভাৰ আয়োজন কৰিছিল যাতে অসমৰ মহিলা স্বাধীনতাৰ হকে জাগ্ৰত হয়। তেওঁ অসমৰ নাৰীসকলক বস্ত্ৰ আন্দোলনৰ জৰিয়তেই দেশৰ স্বাধীনতা আনিবলৈ পৰামৰ্শ দিয়ে। আৰু অসমৰ মহিলাসকলে গান্ধীৰ এই পৰামৰ্শক আগত লৈয়েই স্বাধীনতা আন্দোলনত যোগ দিয়ে। গান্ধীৰ এই অসম ভ্ৰমণৰ কালছোৱাত তৰুণৰাম ফুকনৰ ঘৰৰ কাষৰ জুবিলী ফিল্ডত হোৱা বস্ত্ৰমেধ যজ্ঞত শ শ অসমীয়া মহিলাই বিদেশী বস্ত্ৰ দাহন কাৰ্য্যসূচীত ভাগ লয়। গান্ধীয়ে অসম ভ্ৰমণৰ পৰা উভতি গৈয়েই “ইয়ং ইণ্ডিয়া” কাকতত “লভলী আসাম” শীৰ্ষক এটা প্ৰৱন্ধ লিখে আৰু তেতিয়াই তেওঁ অসমীয়া নাৰীৰ বস্ত্ৰ শিল্পৰ ভূয়সী প্ৰশংসা কৰে।

অসহযোগ আন্দোলনত নাৰী

অসহযোগ আন্দোলনৰ প্ৰাৰম্ভিক পৰ্যায়ত কেৱল অভিজাত নাৰীসকলেহে আগভাগ লৈছিল। তাৰে ভিতৰত হেমন্ত কুমাৰী দেৱী, নলিনীবালা দেৱী, স্নেহলতা ভট্টাচাৰ্য, বিজুলী ফুকন, ধৰ্মদা দেৱী আদি আছিল উল্লেখযোগ্য। কিন্তু পৰৱৰ্তী পৰ্যায়ত চন্দ্ৰপ্ৰভা শইকীয়ানী, ৰাজবালা দাসকে ধৰি নতুন প্ৰজন্মৰ গৰিষ্ঠসংখ্যক মহিলাই আন্দোলনৰ গুৰি ধৰে। স্বদেশী বস্তুৰ ব্যৱহাৰ আৰু বিদেশী বস্তুৰ দাহন – এই উদ্দেশ্যক সাৰোগত কৰিয়েই সেইসময়ত মহিলাসকলে অসহযোগ আন্দোলনত যোগদান কৰে। অসহযোগ আন্দোলনতে বৰাক উপত্যকাত মদ নিবাৰণ কাৰ্যত অংশগ্ৰহণ কৰি লালমাটি চাহ বাগিছাৰ মহিলা শ্ৰমিক মালতী মেম ওৰফে মুঙৰীয়ে ব্ৰিটিছৰ হাতত প্ৰাণ আহুতি দিয়ে। তেখেতেই আছিল স্বাধীনতা সংগ্ৰামত প্ৰথম অসমীয়া মহিলা শ্বহীদ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা শ্বহীদ।

অসহযোগ আন্দোলনত অসমীয়া নাৰী

অসহযোগ আন্দোলনত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কাৰাবাস খটা প্ৰথম অসমীয়া মহিলা আছিল ৰত্নেশ্বৰী ফুকননী আৰু দেৱেশ্বৰী হাজৰিকা। ব্ৰিটিছ পুলিচৰ ৰঙা চকুলৈও ভয় নকৰি মহিলাসকলে মাদক দ্ৰৱ্য নিবাৰণ, স্বদেশী গ্ৰহণ আৰু বিদেশী বৰ্জন আদিৰ কাৰ্যসূচী লৈছিল। তেওঁলোকে “তিলক স্বৰাজ পুঁজি”ৰ বাবে গাঁৱে-নগৰে দান-বৰঙণি তুলিছিল আৰু এই পুঁজিত অসমীয়া মহিলাই টকা-সিকাৰ লগতে নিজৰ আ-অলংকাৰো দান দিছিল।

১৯২৬ চনত পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনৰ মূল আকৰ্ষণ আছিল খাদী। কৃষ্ণনাথ শৰ্মাৰ নেতৃত্বত সৰ্বমুঠ ২৫০০০ মানুহ বহিব পৰা প্ৰতিনিধি শিবিৰটো অসমীয়া মহিলাই নিজ হাতেৰে বোৱা খাদী কাপোৰেৰে নিৰ্মাণ কৰা হৈছিল। কংগ্ৰেছৰ পাণ্ডু অধিৱেশনৰ ৭৫০ গৰাকী স্বেচ্ছাসেৱকৰ ভিতৰত ২৫ গৰাকী মহিলা আছিল।

মহিলাৰ আন্দোলন

১৯৩০ চনত মহাত্মা গান্ধীয়ে দাণ্ডিত লোণ আইন ভঙ্গ কৰাৰ লগে লগেই সমগ্ৰ ভাৰততে আইন অমান্য আন্দোলনৰ সূচনা হয়। আইন অমান্য আন্দোলনত অসমৰ অভিলেখসংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল। সেয়ে, এই আন্দোলনক প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই “মহিলাৰ আন্দোলন” বুলি অভিহিত কৰিছে। এই আন্দোলনতো স্বদেশী গ্ৰহণ আৰু বিদেশী বৰ্জন, বন্ধ পালন, বিক্ষোভ, পিকেটিং, হৰতাল আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। গুণেশ্বৰী দেৱী, চন্দ্ৰপ্ৰভা শইকীয়ানী, কিৰণবালা বৰা, দ্বাৰিকী দাস আদিৰ ভূমিকা এই আন্দোলনত আছিল উল্লেখনীয়। গুণেশ্বৰী দেৱীয়ে আন্দোলনৰ সময়ছোৱাত ব্ৰিটিছৰ বিৰূদ্ধে মহিলাসকলক সংগঠিত কৰিছিল আৰু ইয়াৰ বাবে তেওঁ তিনিবাৰকৈ পুলিচৰ হাতত গ্ৰেপ্তাৰবৰণ কৰিবলগীয়া হৈছিল। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰথম অসমীয়া মহিলাৰূপে চাইকেল চলাই গৈ গাঁৱে-ভূয়ে গৈ স্বাধীনতা আন্দোলনৰ বাণী বিলাইছিল আৰু নাৰী সমাজক জাগ্ৰত কৰিছিল। নগাঁৱৰ কিৰণবালা বৰায়ো ব্ৰিটিছবিৰোধী সংগ্ৰামসমূহৰ নেতৃত্ব দিছিল আৰু ইয়াৰ বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। তেওঁ মহিলাসকলক আখলমুখী নহৈ আন্দোলনমুখী হ’বলৈ পৰামৰ্শ দিছিল। দ্বাৰিকী দাসে গৰ্ভৱতী হৈ থকা অৱস্থাতো ব্ৰিটিছবিৰোধী কাৰ্যসূচীত ভাগ লৈছিল। এই অৱস্থাতে ব্ৰিটিছ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাবাস দিয়ে। তেওঁৰ এই মহান ত্যাগ সঁচাই স্মৰণীয়। অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে এই আন্দোলনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত নাৰীসকলক স্বাধীনতা আন্দোলনৰ বাবে জাগ্ৰত কৰি বিভিন্ন ঠাইত সভা সমিতিত ভাগ লৈছিল।

আন্দোলনত ছাত্ৰীৰ ভূমিকা

আইন অমান্য আন্দোলনত অসমৰ ছাত্ৰীসকলৰ ভূমিকাও আছিল অন্যতম। কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত ছাত্ৰীসকলে পিকেটিং আৰু হৰতালত অংশগ্ৰহণ কৰে। ১৯৩১ চনৰ ২৩ মাৰ্চত ব্ৰিটিছে ভগৎ সিঙক মৃত্যুদণ্ড দিয়াৰ প্ৰতিবাদত পানবজাৰ হাইস্কুলৰ ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদিকা পুষ্পলতা দাসৰ নেতৃত্বত এক বিক্ষোভ হয় আৰু ইয়াৰ বাবে পুষ্পলতা দাসক বিদ্যালয় কৰ্তৃপক্ষই বহিস্কাৰ কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পুষ্পলতা দাসৰ নেতৃত্বত “মুক্তিসংঘ” নামৰ এটা ছাত্ৰীৰ সংগঠন গঠন কৰা হয়। সংগঠনৰ ছাত্ৰীসকলে ভাৰতৰ পৰা বিদেশী ব্ৰিটিছক খেদাৰ পণ লয় আৰু নিজৰ আঙুলি কাটি আঙুলিৰ তেজেৰে চহী কৰে।

একেসময়তে নগাসকলকো স্বাধীনতা আন্দোলনৰ বার্তাই স্পৰ্শ কৰিছিল। নাগালেণ্ডত ৰাণী গাইডালুৰ নেতৃত্বত মণিপুৰ আৰু নাগালেণ্ডৰ পৰা ব্ৰিটিছক খেদিবলৈ মহিলাসকল সংগঠিত হয়। তেওঁ মাত্ৰ ১৩ বছৰ বয়সতে ১৯২৭ চনতে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হয়। মহাত্মা গান্ধীৰ নেতৃত্বত তেওঁ দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ পূৰ্ণোদ্যমে জঁপিয়াই পৰিছিল। তেওঁ গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ লৈ ব্ৰিটিছৰ লগত সশস্ত্ৰ সংগ্ৰামতো লিপ্ত হৈছিল। ১৯৩২ চনত তেওঁক গ্ৰেপ্তাৰ কৰি ব্ৰিটিছ চৰকাৰে আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। ভাৰতৰ স্বাধীনতাৰ সময়লৈকে প্ৰায় ১৫ বছৰকাল তেওঁ কাৰাৰুদ্ধ হৈয়েই আছিল। তেওঁৰ আত্মত্যাগৰ বাবে তেওঁক ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে “ৰাণী” উপাধি প্ৰদান কৰিছিল।

নিৰ্বাচনত অসমীয়া নাৰী

১৯৩৫ চনত সেইসময়ৰ প্ৰথম বিধানসভা নিৰ্বাচনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰতিদ্বন্দিতা কৰাৰ মানস কৰিছিল যদিও কংগ্ৰেছে তেওঁক টিকট প্ৰদান কৰা নাছিল। সেইবাৰেই শ্বিলঙৰ পৰা মিচডন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৩৭ চনত অসম মহিলা সমিতিয়ে তেওঁলোকৰ বাৰ্ষিক সভাত ৰাজকুমাৰী অমৃত কৌৰক নিমন্ত্ৰণ জনাইছিল আৰু তেওঁ একমুখে স্বাধীনতা আন্দোলনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাৰ অংশগ্ৰহণক ভূয়সী প্ৰশংসা কৰি থৈ যায়।

১৯৪২ চনত সমগ্ৰ দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ জোৱাৰ উঠে। এই আন্দোলনত অসমৰ মহিলাসকলৰ ভূমিকা আছিল সৰ্বাত্মক। এই আন্দোলনৰ বাবে গান্ধীজীয়ে ব্যক্তিগত সত্যাগ্ৰহ কৰিবলৈ আহ্বান জনাইছিল। মহিলাসকলকো সত্যাগ্ৰহৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। অসমৰ বহুতো মহিলাই ব্যক্তিগত সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিল। অমলপ্ৰভা দাস, পুষ্পলতা আদিৰ দৰে স্বাধীনতাকামী অসমীয়া মহিলাই ব্যক্তিগত সত্যাগ্ৰহত ভাগ লৈ কাৰাবৰণ কৰিবলগীয়া হৈছিল। এইসময়তে অসমত পুষ্পলতা দাস আৰু অমলপ্ৰভা দাসৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশৰ মহিলা বিভাগ গঠন কৰা হৈছিল।

অসমৰ নাৰী শ্বহীদ

ভাৰত ত্যাগ আন্দোলনত অসমত শান্তি সেনা আৰু মৃত্যু সেনা গঠন কৰা হৈছিল। অসমৰ ভালেমান মহিলা এই দুয়োটা সেনাতে পঞ্জীয়নভুক্ত হৈছিল। এই আন্দোলনত অসমৰ বহুকেইগৰাকী মহিলাই দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়ে। তাৰে ভিতৰত কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, কুমলী দেৱী, খহুলী দেৱী, তিলেশ্বৰী বৰুৱা আদি উল্লেখযোগ্য। ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত গহপুৰ থানাত ভাৰতৰ জাতীয় পতাকা উৰুৱাবলৈ গৈ ষোড়শী গাভৰু কনকলতাই পুলিচৰ গুলী বুকুত পাতি মৃত্যুক সাৱটি লয়। একেদিনাই ঢেঁকীয়াজুলিত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ গৈ আঘাতপ্ৰাপ্ত হোৱা নিজ পুত্ৰক বচাবলৈ যাওঁতে কুমলী দেৱীয়ে ব্ৰিটিছ পুলিচৰ গুলী খাই মৃত্যুক সাৱটি লয়। খহুলী দেৱীয়ে অন্তঃসত্বা অৱস্থাতে ব্ৰিটিছবিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰি পুলিচৰ গুলী খাই মৃত্যুক সাৱটি লয়। লগতে এই সংগ্ৰামত মাত্ৰ ১২ বছৰ বয়সৰ তিলেশ্বৰী বৰুৱাই পুলিচৰ গুলীত নিজৰ প্ৰাণ হেৰুৱায়। বৰহমপুৰত ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈ ভোগেশ্বৰী ফুকননীয়ে পুলিচৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।

ইয়াৰ সমান্তৰালকৈ ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত লিপ্ত হৈ বহুতো মহিলা আঘাতপ্ৰাপ্ত হৈ চিৰদিনলৈ ঘূনীয়া হয় আৰু বহুতো মহিলাই কাৰাবাস খাটিবলগীয়া হয়। পুনৰ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনত জড়িত নহও বুলি শপত নোলোৱাৰ বাবে পুলিচে বুদ্ধেশ্বৰী হাজৰিকাৰ আঙুলিত বেজী সুমুৱাই শাস্তি দিছিল।

ভাৰত ত্যাগ আন্দোলনত অহিংসামূলক কৰ্মপন্থাৰ লগতে কিছু হিংসাত্মক কৰ্মপন্থাও গ্ৰহণ কৰা হৈছিল। অসমৰ মহিলাসকলেও এইক্ষেত্ৰত যোগদান দিছিল। টীয়কৰ আইকন ভূঞাই ব্ৰিটিছ পৰিচালিত বিদ্যালয় জ্বলাই দিছিল আৰু আন সাধাৰণ জনতাকো ব্ৰিটিছৰ সম্পত্তি ধ্বংস কৰিবলৈ উদ্বুদ্ধ কৰিছিল। বুদ্ধেশ্বৰী হাজৰিকাই ব্ৰিটিছ সেনা বাহিনীৰ কাৰ্গ ব’ট নদীত ডুবুৱাত সহায় কৰিছিল। ইয়াৰ সমান্তৰালভাৱে বহুতো মহিলাই আত্মগোপনকাৰী নেতাৰ গুপ্তচৰৰ কাম কৰিছিল আৰু কিছুমান মহিলাই আত্মগোপনকাৰী স্বাধীনতা সংগ্ৰামীসকলক গাঁৱে-ভূয়ে, চহৰে-নগৰে আশ্ৰয় আৰু খাদ্যৰ যোগান ধৰিছিল। এইসকল মহিলাকো আমি পাহৰি গলে নহ’ব যি পৰোক্ষভাৱে দেশৰ স্বাধীনতাত অৰিহণা যোগাইছিল।

গ্ৰুপিং বিৰোধী আন্দোলনত অসমীয়া নাৰী

অসমীয়া মহিলাই গ্ৰুপিং বিৰোধী আন্দোলনতো এক অন্যতম ভূমিকা লৈছিল। তেওঁলোকে বিভিন্ন ঠায়ে-ঠায়ে গ্ৰুপিং বিৰোধী সভা আৰু শোভাযাত্ৰাৰ আয়োজন কৰিছিল আৰু তেওঁলোকৰ তেজোদ্দীপ্ত ভাষণ প্ৰদান কৰিছিল। গ্ৰুপিংৰ বিৰোধিতা কৰিবলৈ দিল্লীলৈ যোৱা অসম কংগ্ৰেছৰ ৯ গৰাকী সদস্যৰ ভিতৰত পুষ্পলতা দাস আছিল অন্যতম। অসম মহিলা সমিতিয়ে ১৯৪৭ চনৰ ৭ ফেব্ৰুৱাৰী দিনটো গ্ৰুপিং বিৰোধী দিৱসৰূপে পালন কৰিছিল।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নাৰীয়ে এনেদৰেই নিজৰ অভূতপূৰ্ব যোগদানেৰে ভাৰত মাতৃক ব্ৰিটিছৰ সাম্ৰাজ্যেবাদী হাতোৰাৰ পৰা মুক্ত কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাৰ অংশগ্ৰহণ সঁচাই প্ৰশংসনীয়। তেওঁলোকে কেৱল অংশগ্ৰহণ কৰিয়েই ক্ষান্ত হোৱা নাছিল, দেশমাতৃৰ বাবে তেওঁলোকে আত্মবলিদান দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। নিজৰ জীৱন, সংসাৰ আদিৰ মোহ ত্যাগ কৰি সেইসময়তেই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাই দেশৰ স্বাধীনতাৰ হকে ওলাই আহিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁলোকৰ ভূমিকা চিৰস্মৰণীয় হৈ থাকিব।

5 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Sanjuma
Sanjuma
4 months ago

অসমৰ স্বাধীনতা আন্দোলনত মহিলাৰ ভূমিকাবোৰ আৰু ইয়াৰ উদ্দেশ্যে বোৰ

1
0
Would love your thoughts, please comment.x
()
x