মহাবীৰ লাচিত বৰফুকন
(লাচিত বৰফুকন – এইজনা অসমীয়াৰ পৰাক্ৰমী সাহসী বীৰ সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উত্স। লাচিত বৰফুকন সম্পৰ্কে সাৰথিৰ পাঠকবৃন্দলৈ এটি চমু লেখা- )
লাচিত ফুকন ! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!
দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ।
দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ!
নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ।
দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন,
জাতিৰ বুকুত জগাই তুলিলা, দুৰ্ম্মদ যৌৱন। ’
(দেৱকান্ত বৰুৱাদেৱৰ “লাচিত ফুকন”)
লাচিত বৰফুকন, অসমীয়াৰ এটা অতি পৰিচিত নাম। বীৰ বুলি ক’লেই মনলৈ প্ৰথমতেই অহা নামটোৱেই হৈছে লাচিত বৰফুকন। অসমীয়াৰ আৱেগ, বিবেক সকলো অধিকাৰ কৰি আছে লাচিত বৰফুকনৰ বীৰত্বই। অসমৰ বীৰসমূহৰ ভিতৰত আটাইতকৈ পৰাক্ৰমী বীৰজনেই নিশ্চয় মহাবীৰ লাচিত বৰফুকন। যি সময়ত অসম দেশ আৰু অসমীয়া জাতিৰ ভৱিষ্যত বিদেশী বঙালৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছিল, ঠিক সেইসময়তেই অসম দেশ ৰক্ষাৰ ভাৰ লাচিত বৰফুকনে শিৰ পাতি গ্ৰহণ কৰিছিল।
লাচিত বৰফুকনৰ জন্ম আৰু শিক্ষা:-
মহাবীৰ লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে বৰ বিশেষ তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬১২ খ্ৰীষ্টাব্দত আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি জনা যায়। তেওঁৰ পিতৃ আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ কণিষ্ঠ পুত্ৰ। লাচিত বৰফুকন আছিল লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ লোক।
লাচিত বৰফুকন ল’ৰালিকালৰে পৰাই আছিল অতি সাহসী। সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা আৰু স্পষ্টবাদিতাৰ দৰে গুণবোৰ লাচিতে সৰুতেই পিতাক মোমাই তামুলীৰ পৰা আহৰণ কৰিছিল।
লাচিত বৰফুকনে পোনপ্ৰথমে নিজ গৃহতেই প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ঘৰৰ চৰাঘৰেই আছিল লাচিতৰ বাবে এখন বিদ্যালয়ৰ দৰে। বৰবৰুৱাৰ চৰাৰ দৈনন্দিন ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আলোচনাৰ পৰাই লাচিতে যথেষ্ট শিক্ষা আহৰণ কৰিছিল।
পিতৃ মোমাই তামুলী বৰবৰুৱাই লাচিত বৰফুকনক শিক্ষা প্ৰদান কৰিবলৈ উপযুক্ত শিক্ষক নিয়োগ কৰিছিল। লাচিত বৰফুকনে তেতিয়াই আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰিছিল। দেশৰ বুৰঞ্জী আৰু শাসনকাৰ্য সম্পৰ্কীয় জ্ঞানো তেওঁ লাভ কৰিছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ বিভিন্ন অস্ত্ৰচালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল আৰু সকলো ক্ষেত্ৰতে ক্ৰমান্বয়ে পাৰ্গত হৈ উঠিছিল। বৰবৰুৱাৰ পুত্ৰ হিচাপে স্বৰ্গদেউৰ বৰচৰালৈও লাচিতৰ সঘন আহ-জাহ আছিল। ইয়াৰ ফলত ৰাজসভাৰ আদব-কায়দাসমূহো তেওঁ অতি সোনকালেই শিকিছিল।
আহোম ৰাজ্যৰ বিষয়াৰূপে লাচিত বৰফুকন:-
লাচিত একেদিনাই আহোম ৰাজ্যৰ বৰফুকন পদবীত অধিষ্ঠিত হোৱা নাছিল। বহু কষ্ট তথা অধ্যৱসায়ৰ বলতহে তেওঁ আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতিৰ পদ অধিকাৰ কৰিছিল।
লাচিত প্ৰথমে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ “হাঁচতিধৰা তামুলী”ৰ পদত নিযুক্তি লাভ কৰিছিল। এই পদটো ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ বুলি জনা যায়। ৰাজমন্ত্ৰীৰ লগত তেওঁ ৰজাৰ পাত্ৰ-মন্ত্ৰীৰ বৈঠকত উপস্থিত থাকিব পাৰিছিল। এইটোৱেই আছিল আহোম ৰাজ্যৰ ৰাজনীতিত লাচিতৰ প্ৰথম প্ৰৱেশ। তাৰপাছৰ পৰাই লাচিতে দোপতদোপে উন্নতিৰ জখলা বগাই আগুৱাই গৈছিল।
ৰাজমন্ত্ৰীৰ “হাঁচতিধৰা তামুলী”ৰ পাছতেই লাচিতে ঘোঁৰাবৰুৱাৰ পদত নিযুক্তি লাভ কৰিছিল। লাচিতে সঠিকভাৱে ঘোঁৰাসমূহৰ তত্ত্বাৱধান লৈছিল। নিজ কাৰ্যকালত লাচিতে ভালেমান দুৰ্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। আহোম স্বৰ্গদেউ লাচিতৰ কাৰ্যত প্ৰসন্ন হৈছিল আৰু পাছত ৰজাই লাচিতক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। তাৰপাছতেই শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া হিচাপে লাচিতে শিমলুগুৰিয়া ফুকনৰ পদবীত নিযুক্তি লাভ কৰিছিল। কিছুদিনৰ পাছতেই লাচিতে দোলাকাষৰীয়া বৰুৱাৰ পদবী লাভ কৰে। দোলাকাষৰীয়া বৰুৱাই ৰজা দোলাত যাওঁতে ৰজাৰ পালি-পহৰীয়া(চাওদাং)সকলক নিয়ন্ত্ৰণ কৰিছিল। এই পদৰ বাবে লাচিত এজন উপযুক্ত ব্যক্তি আছিল। এনে সময়তে মিৰজুমলাই অসম আক্ৰমণ কৰোঁতে আহোম সৈন্য মিৰজুমলাৰ হাতত পৰাস্ত হৈছিল। পৰাস্ত হলেও কিন্তু লাচিতে দিখৌমুখত সাহসেৰে মিৰজুমলাৰ সৈন্যবাহিনীৰ বিৰুদ্ধে যুদ্ধ দিছিল।
লাচিতৰ গুণবোৰলৈ লক্ষ্য কৰি আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতক আহোমৰ প্ৰধান সেনাপতি পদত নিযুক্তি দিবলৈ মন মেলিলে। বৰফুকন পদবীত নিযুক্তি পোৱাৰ সময়ত লাচিত আহোম ৰাজ্যৰ দোলাকাষৰীয়া বৰুৱা পদবীত আছিল।
এবাৰ স্বৰ্গদেউ চক্ৰধ্বজ সিংহ দোলাত বহি থাকোঁতে লাচিতৰ পৰীক্ষা কৰি চাবলৈ মন মেলিলে। স্বৰ্গদেৱে লাচিতক দোলাকাষৰীয়া লোকসকলক নিজ কৰ্তব্য সম্পাদন সম্পৰ্কে ভালদৰে বুজাবলৈ নিৰ্দেশ দিয়ে। লাচিতে ভালকৈ বুজাই দিয়াত স্বৰ্গদেৱে সন্তোষ পালে আৰু কলে— “ বঙাল শত্ৰু ওচৰতে আছে। কেনেকৈ চৈয়দ ফিৰােজ আৰু চৈয়দ চানাক ধৰিব পৰা যাব?অধিকাৰী যাক পাতিম সিও গাঢ় হব লাগিব।” এই কথাষাৰৰ উত্তৰত লাচিতে ক’লে “স্বৰ্গদেৱৰ ৰাজ্যতনাে মানুহ নাই নেকি? বঙালনাে কি ? মানুহহে। আমাৰ ৰাজ্যত নােলাব নেকি তেনে মানুহ ? স্বৰ্গদেৱে ধূলা দিবহে লাগে। মন কৰি চাওঁক। ” লাচিতৰ মুখৰ পৰা এই কথা শুনি তেতিয়াই স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতক অসমীয়া সৈন্যৰ প্রধান সেনাপতি পাতিবলৈ স্বৰ্গদেৱে ঠিৰাং কৰিলে। স্বৰ্গদেৱৰ এই সিদ্ধান্তত মন্ত্রীসকলেও হয়ভৰ দিলে।
লাচিতক আহোম ৰাজ্যৰ প্ৰধান সেনাপতি পতা কথাটো ঘােষণা কৰাৰ পূর্বে তেওঁৰ নিৰ্ভীকতা, সাহসীকতা আৰু আত্মমর্যাদাবােধৰ প্রমাণ চাবৰ কাৰণে স্বৰ্গদেৱে ইচ্ছা কৰিলে। লাচিতক স্বৰ্গদেৱৰ বৰচৰালৈ মাতি অনা হ’ল। স্বৰ্গদেৱৰ আগত আঁঠু লোৱাৰ সময়ত স্বৰ্গদেউৰ ইংগিতমৰ্মে লিগিৰা এটাই বেগেৰে আহি লাচিতৰ মূৰৰ বস্ত্র থাপ মাৰি কাঢ়ি লৈ গ’ল। এইদৰে মূৰত পিন্ধা কাপােৰ কাঢ়ি নিয়াটো বৰ অপমানজনক কথা। লাচিত ক্ৰোধিত হ’ল আৰু তেওঁ খাপৰ পৰা হেংদাং উলিয়াই লিগিৰাটোক কাটিবলৈ খেদি গ’ল। লাচিতৰ পৰা বচাৰ কোনো উপায় বিচাৰি নাপাই লিগিৰাটোৱে স্বৰ্গদেৱৰ সিংহাসনৰ তলত সােমাল। লাচিতে উগ্ৰমূৰ্তি ধৰি তালৈকে লিগিৰাটোক কাটিবলৈ খেদা মাৰি গ’ল। এনেতে স্বৰ্গদেৱে হস্তক্ষেপ কৰিলে আৰু লাচিতৰ অসীম সাহসৰ প্ৰমাণ লাভ কৰি তেওঁক স্বৰ্গদেৱে প্রশংসা কৰিবলৈ ধৰিলে। লাচিতক স্বৰ্গদেৱে সোণোৱালী হেংদাং আৰু মর্যাদা অনুসৰি অন্যান্য খিতাপ প্ৰদান কৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে। এনেদৰেই বহুকেইটা পদত অধিষ্ঠিত হৈ লাচিত অৱশেষত বৰফুকন হ’ল।
আহোম ৰাজ্যৰ বৰফুকন হিচাপে মহাবীৰ লাচিতৰ গুৱাহাটী দখল:-
বৰফুকন পদত অধিষ্ঠিত হৈয়েই লাচিতে দেশৰ সৈন্য সংগঠনত গুৰুত্ব দিছিল। ১৬৬৭ খ্ৰীষ্টাব্দৰ বাৰিষাৰ আগতেই আহোমৰ যুদ্ধ প্ৰস্তুতি সমাপ্ত হয়। ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলায়। ১৬৬৭ চনৰ ২০ আগষ্টত আহোমে গুৱাহাটী উদ্ধাৰৰ বাবে মোগলক আক্ৰমণ কৰে। কলিয়াবৰৰ পৰা আহোম সৈন্য দুভাগত বিভক্ত হৈ গুৱাহাটী অভিমুখে গ’ল। লগতে কলিয়াবৰৰ পৰা থকা মোগল সৈন্য কোঠসমূহ ধ্বংস কৰি গ’ল। অৱশেষত, ব্ৰহ্মপুত্ৰৰ উত্তৰৰ বাঁহবাৰীত আহোম-মোগল সমুখ সমৰত লিপ্ত হ’ল। কাজলীৰ দুৰ্গকে ধৰি গুৱাহাটীৰ ওচৰ-পাজৰৰ অনেক গুৰুত্বপূৰ্ণ স্থান লাচিত বৰফুকনৰ নেতৃত্বাধীন আহোম সৈন্যবাহিনীয়ে লাভ কৰিলে। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱালে। ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ দিনা মাজনিশা আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰিলে। চৈয়দ চানা আৰু ফিৰোজ খাক আহোম সৈন্যই বন্দী কৰিলে। ভালেমান মোগল সৈন্যৰ এই আক্ৰমণত মৃত্যু হ’ল। আহোম সৈন্যই বহুতো অস্ত্ৰ-শস্ত্ৰকে ধৰি আন বহুতো সামগ্ৰী অধিকাৰ কৰিলে। মিৰজুমলাই বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যকো মোকলাই আনিবলৈ সক্ষম হ’ল। এনেদৰেই দুমাহৰ ভিতৰতে লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই হেৰোৱা ৰাজ্যখণ্ড পুনৰ মোগলৰ পৰা উদ্ধাৰ কৰিলে। লাচিত বৰফুকনক লৈ আহোম ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা হ’ল। লাচিত বৰফুকনৰ বীৰত্বৰ কথা আজিও গুৱাহাটীৰ শিলৰ স্তম্ভত লিখিত আছে।
লাচিত বৰফুকনৰ নেতৃত্বত গুৱাহাটীৰ প্ৰশাসনৰ লগতে সৈন্য বাহৰ:-
গুৱাহাটী পুনৰ অধিকাৰ কৰাৰ পাছত আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহই সেই অঞ্চল শাসন কৰিবলৈ ভালেমান নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে। আহোম সৈন্যৰ বাহৰ চামধৰাৰ পৰিৱৰ্তে গুৱাহাটীত স্থাপন কৰা হ’ল। স্বৰ্গদেউৰ পৰামৰ্শমৰ্মে লাচিত বৰফুকনে নামনি অসমৰ শাসনকৰ্তা হিচাপে সামৰিক, অৰ্থনৈতিক সকলো ক্ষেত্ৰতে আহোম প্ৰশাসন ব্যৱস্থা পুনৰ সংগঠিত কৰিলে। লাচিত বৰফুকনে গুৰুত্বপূৰ্ণ সামৰিক স্থানত সুদক্ষ সেনাপতিৰ নেতৃত্বত আহোম সৈন্য নিয়োগ কৰিলে। যিহেতু পুনৰ মোগলৰ আক্ৰমণ নিশ্চিত আছিল সেয়ে গুৱাহাটীৰ চাৰিওদিশে গড় নিৰ্মাণৰ ব্যৱস্থা হাতত লোৱা হ’ল। লাচিত বৰফুকনে কৈছিল, “গুৱাহাটীত বহি যুদ্ধ কৰা নিজৰ ঘৰতে থাকি যুদ্ধ কৰাৰ দৰে।”
এনেদৰে লাচিত বৰফুকনে চিকাৰ কৰাৰ অচিলাৰে গুৱাহাটীৰ বাট-পথ, হাবি-জংঘল সকলোতে দৃষ্টি নিক্ষেপ কৰিছিল আৰু আহোম সৈন্য সংস্থাপনৰ দিহা কৰিছিল। ইটাখুলিৰ নামনিত লাচিত বৰফুকনে নিজৰ ঘাটি পাতিছিল।
তেনেতে ১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগল সৈন্যবাহিনী আহিছিল। তাৰপাছতেই আহোম সৈন্যবাহিনী আগতকৈ সাৱধান হ’ল আৰু আগতকৈ বেগত গড়, বাট-পথ বন্ধাত লাগিল। লাচিত বৰফুকনে সৈন্যৰ মাজত সাৱধানবাণী শুনাই দিছিল-যি সৈন্য বা বিষয়াই কৰ্তব্যত অৱহেলা কৰিব, তেওঁক শিৰচ্ছেদ কৰা হ’ব, স্বৰ্গদেৱে পাছতহে হস্তক্ষেপ কৰিব পাৰিব। “আহোম সৈন্যসকলক এক নতুন পদ্ধতিত সজোৱা হৈছিল আৰু সৈন্যসকলক প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰা হৈছিল। ইয়াৰ লগতেই গুৱাহাটী এক দুৰ্ভেদ্য দুৰ্গত পৰিণত হৈছিল।
ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ গােটেই খণ্ড প্ৰধান সেনাপতি লাচিত বৰফুকনৰ তলত আছিল। তেওঁৰ ছাউনি আছিল শুক্রেশ্বৰ বা ইটাখুলি পাহাৰত। তৰােৱাল আৰু ধনুৰে তেওঁ সুসজ্জিত হৈ আছিল। মূৰত তেওঁ ৰণটুপি পিন্ধিছিল। তেওঁৰ মুখ আছিল বহল, পূর্ণিমাৰ পূৰ্ণচন্দ্ৰটোৰ দৰে। তেওঁৰ গাম্ভীৰ্যত কোনেও তেওঁৰ মুখলৈ চাবলৈ সাহ নকৰিছিল।
ৰামসিংহ অহাৰ বাতৰি চোৰবচা সৈন্যৰ পৰা লাচিত বৰফুকনে মুহূর্তে মুহূর্তে পাই আছিল। ৰামসিংহৰ সৈন্যক মানাহ নদীৰ পাৰত ৰখাবলৈ যত্ন কৰা হৈছিল যদিও আহোম সৈন্য কৃতকার্য হোৱা নাছিল। সেইদেখি লাচিত বৰফুকনে বুদ্ধি পাঙি আহোম সৈন্যৰ আত্মৰক্ষাৰ হেতু ৰামসিংহক আহোম ৰণবেহুৰ মাজলৈ অনাৰ চেষ্টা কৰিলে আৰু এইক্ষেত্ৰত প্ৰায় সফল হ’ল।
আহোম সৈন্যৰ ৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাছিল বাবে লাচিত বৰফুকনে বুদ্ধিৰে এই ৰণ পিছুৱাবলৈ যত্ন কৰিছিল। ১৬৬৯ আৰু ১৬৭০ খ্ৰীষ্টাব্দত দুয়োপক্ষৰ মাজত কূটনৈতিক যুদ্ধ, শান্তি প্ৰস্তাৱ আৰু যুদ্ধ চেগা-চোৰোকাকৈ চলি আছিল।
আলাবৈ ৰণ আৰু লাচিত বৰফুকন:-
১৬৬৯ খ্ৰীষ্টাব্দত আহোম-মোগলৰ মাজত আলাবৈৰ ৰণ সংঘটিত হৈছিল। লাচিত বৰফুকনে এই ঠাইত ৰণত লিপ্ত হ’ব বিচৰা নাছিল যদিও স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আদেশমৰ্মে ৰণত নামিবলৈ বাধ্য হৈছিল। আৰু এই ৰণ আহোমৰ বাবে এক ধ্বংসাত্মক কাৰ্য হিচাপে বিবেচিত হৈছিল। এই ৰণত একেদিনাই আহোমৰ দহ(১০)হাজাৰ সৈন্য ৰণত পৰিছিল। প্ৰধান সেনাপতি লাচিত বৰফুকন এই ৰণৰ পাছত বিচলিত হৈছিল কিন্তু ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাইৰ সাহসত লাচিত পুনৰ দুগুণ স্পৃহাৰে ৰণৰ প্ৰস্তুতিত জঁপিয়াই পৰিছিল। আতন বুঢ়াগোঁহায়ে কৈছিল, “বাৰীৰ ভিতৰৰ পুখুৰী সিঁচিলেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে। ৰণতনো কিয় দুই চাৰি মানুহ নপৰিব?”
মোমাইকটা লাচিত বৰফুকন:-
লাচিত বৰফুকনে কৰ্তব্যত অৱহেলা কৰাৰ বাবে নিজ মোমায়েকক হত্যা কৰা বুলি কোৱা হয়। ৰামসিংহই গুৱাহাটী আক্ৰমণ কৰিবলৈ লোৱা সময়ত লাচিতে মোমায়েকক এটা গড় একেৰাতিৰ ভিতৰত নিৰ্মাণ কৰাবলৈ দিছিল কিন্তু মোমায়েকে এই কাৰ্যত অৱহেলা কৰিছিল আৰু মাজনিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল। দেশৰ এই সংকটকালত দেশদ্ৰোহ কৰিছে বুলি লাচিতে খাপৰ পৰা হেংদাং উলিয়াই “দেশতকৈ মোমাই ডাঙৰ নহয় বুলি” নিজ মোমায়েকক শিৰচ্ছেদ কৰিছিল। কিছুমানৰ মতে লাচিতে নিজৰ মোমায়েকক নহয় মোমেইক হে শিৰচ্ছেদ কৰিছিল। মোমেই সেই সময়ৰ গড় নিৰ্মাণকাৰী অভিযন্তা আছিল।
শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকন:-
ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ বাবে লাচিত বৰফুকন আজি মহাবীৰৰূপে প্ৰখ্যাত হৈ আছে।
এনেদৰে চেগা-চোৰোকা যুদ্ধ কৰি ৰামসিংহৰ আমুৱাইছিল। এইবাৰ শৰাইঘাটত দুয়োপক্ষ সমুখ সমৰত লিপ্ত হ’ল। আহোম সৈন্যক চূড়ান্ত আক্ৰমণ কৰিবলৈ ৰামসিংহ সাজু হৈছিল। বিশেষকৈ আহোমৰ প্ৰধান সেনাপতি লাচিত বৰফুকনৰ টান নৰিয়াৰ বিষয়ে গম পাই আন্ধাৰুবালিৰ গড়ৰ সুৰংগৰে সোমাই আহোমসকলক আক্ৰমণ কৰিবলৈ ৰামসিংহই পৰিকল্পনা কৰিলে।
মোগল সৈন্যই আন্ধাৰুবালিৰ গড়ৰ সুৰংগৰে সোমাই আহোম সৈন্যৰ লগত যুদ্ধত লিপ্ত হ’ল। যিহেতু আহোমৰ প্ৰধান সেনাপতি লাচিত বৰফুকন সেইসময়ত টান নৰিয়াত। প্ৰধান সেনাপতিৰ যুদ্ধক্ষেত্ৰত অৱৰ্তমানত আহোম সৈন্য চেদেলি-ভেদেলি হ’ল। আহোম সৈন্যই ৰণভূমি ত্যাগ কৰিবলৈ উদ্যত হৈছিল। কিন্তু সেইসময়ত লাচিত বৰফুকনৰ দেশপ্ৰেমী মনোভাৱে সকলো অসমীয়া সৈন্যক ৰণক্ষেত্ৰলৈ ঘূৰাই আনিলে। লাচিত বৰফুকনে কৈছিল, “মই ইয়াতে মৰিম। যুদ্ধ ত্যাগ কৰি মই কাপুৰুষ নহওঁ। চিলা পৰ্বতৰ ওপৰত চাৰি কড়া মাটি কিনি থৈছোঁ তাতে মোক মৈদাম দিবি। “
তাৰপাছতেই লাচিত বৰফুকন নৰিয়া দেহাৰেই নাঁৱতেই চালপিৰাসহ যুদ্ধৰ বাবে সাজু হ’ল। হিলৈ বৰটোপ মাৰি লাচিত বৰফুকনৰ নাওঁ মোগলৰ লগত যুঁজিবলৈ গ’ল আৰু লাচিত বৰফুকনে চিঞৰি চিঞৰি কলে, “বঙালে মোক ধৰি লৈ যাওক, ৰাজ্য সুখ-শান্তিৰে ঘৰলৈ উভতি যাওক। ” এই কথাত আহোম সৈন্যৰ মাজত প্ৰাণৰ সঞ্চাৰ হ’ল আৰু আহোম সৈন্যসকলে পুনৰ যুদ্ধত জঁপিয়াই পৰিল আৰু অৱশেষত লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যই বিজয়মালা ধাৰণ কৰিলে।
পৰাজয়ী মোগল সৈন্যৰ সেনাপতি ৰামসিংহই লাচিত বৰফুকন নেতৃত্বাধীন আহোম সৈন্যৰ বল-বীৰ্য্যৰ কথা স্বীকাৰ কৰি গৈছে। তেওঁ কৈ গৈছে – “ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি। প্ৰতিজন অসমীয়া সৈন্য নাওঁ চলোৱা, কাঁড় মৰা, হিলৈ মৰা, খাৱৈ খন্দা সকলো ক্ষেত্ৰতে পাকৈত। মই ৰামসিংহই যুদ্ধত থাকি কোনো ছিদ্ৰকে নাপালোঁ। এনে অপূৰ্ব সৈন্য মই ভাৰতৰ কোনো ঠাইতে দেখা নাই”
লাচিত বৰফুকনৰ মৃত্যু:-
শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছতেই ১৬৭২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ মৃত্যু হয়। তেওঁক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়।
মহাবীৰ লাচিত বৰফুকনৰ মৃত্যু হ’ল কিন্তু থাকি গ’ল তেওঁৰ বীৰগাঁথা। তেওঁ যি বীৰত্ব আৰু সাহসৰ প্ৰদৰ্শনেৰে নিজ সৈন্যবাহিনীৰ মাজত বিজুলী সঞ্চাৰ কৰি মনোবল ঘূৰাই আনিছিল তাৰ বাবেই শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্য বিজয়ী হৈছিল। লাচিত বৰফুকনৰ বীৰত্বৰে নিদৰ্শনে আজিও অসমীয়াক অনুপ্ৰাণিত কৰে। লাচিত বৰফুকনৰ নেতৃত্বত যদি অসমীয়া সৈন্যই শৰাইঘাটৰ ৰণত জয়ী নহ’লহেতেন তেতিয়া হয়তো অসমৰ ইতিহাসৰ গতিয়েই সলনি হৈ গ’লহেতেন। লাচিত বৰফুকনে যি বুদ্ধিদীপ্ততাৰে সকলো সমস্যাৰ সমাধান কৰিছিল সেইয়া সঁচাই প্ৰশংসনীয়। তেঁৱেই প্ৰথম গেৰিলা যুদ্ধ পদ্ধতিৰ সূচনা কৰিছিল আৰু ই ৰণনীতিগত ক্ষেত্ৰত এক ব্যাপক ইন্ধন যোগাইছিল। আজিৰ অসমীয়াৰ বাবে আদৰ্শ হওক লাচিত বৰফুকন। লাচিত বৰফুকনক স্মৰণ কৰিবলৈ ভাৰত চৰকাৰে ১৯৯৯ চনৰ পৰা প্ৰতিবছৰে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ শ্ৰেষ্ঠ কেডেটজনক “লাচিত বৰফুকন সোণৰ পদক” প্ৰদান কৰি আহিছে।
সহায়ক গ্ৰন্থপঞ্জী:-
১) লাচিত বৰফুকন – ডঃ সূৰ্যকুমাৰ ভূঞা
[…] আৰু পঢ়ক- মহাবীৰ লাচিত বৰফুকন […]
Thanks sir
About Lachit Barphukan