তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

জগন্নাথ বৰুৱা

ইংৰাজৰ শাসনকালত যিকেইজন মুষ্টিমেয় অসমীয়াই ইংৰাজৰ পৰা প্ৰকৃতাৰ্থত সমীহ আৰু সন্মান আদায় কৰিব পাৰিছিল তেওঁলোকৰ ভিতৰত জগন্নাথ বৰুৱা অন্যতম। যোৰহাটত জন্ম লাভ কৰা জগন্নাথ বৰুৱা আছিল উজনি অসমৰ প্ৰথমজন আৰু অসমৰ দ্বিতীয়জন গ্ৰেজুৱেট। উচ্চ শিক্ষিত এইজনা অসমীয়াই উচ্চ পদস্থ প্ৰশাসনিক বিষয়াৰ চাকৰি পায়ো সেই চাকৰিলৈ মোহ নকৰি স্বাধীনভাৱে চাহখেতি কৰিবলৈ লয় আৰু কিছুবছৰৰ ভিতৰতে ইংৰাজ চাহ খেতিয়কৰ লগত সমানে সমানে ফেৰ মাৰিব পৰা হয়গৈ। এইজনা মহান মনীষীয়ে অসমীয়াক শিকাই গৈছিল প্ৰকৃত গণতান্ত্ৰিক অধিকাৰ কি? শিকাইছিল শিক্ষা লাভৰ প্ৰকৃত অৰ্থ যে কেৱল এটা চাকৰিতে সীমাবদ্ধ নহয়। তেওঁৰ নামৰেই উজনি অসমৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ‘জগন্নাথ বৰুৱা মহাবিদ্যালয়’ৰ  নামাকৰণ কৰা হৈছে। আহকচোন এইজন মহান অসমীয়াৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে কিছু বহলাই আলোচনা কৰো।

জগন্নাথ বৰুৱাৰ জন্ম আৰু শিক্ষা-

জগন্নাথ বৰুৱাৰ জন্ম হৈছিল যোৰহাটৰ ৰাজহাউলীত ১৮৫১ চনৰ ২৯ অক্টোবৰত। তেখেতৰ দেউতাক হেমধৰ বৰুৱা এজন বিচক্ষণ পণ্ডিত আছিল আৰু তেওঁ প্ৰথন অৱস্থাত দাৰোগা হিচাপে চাকৰি জীৱন আৰম্ভ কৰি শেষত ডেপুটি কালেক্টৰ হিচাপে অৱসৰ লৈছিল।

জগন্নাথ বৰুৱাৰ শিক্ষা জীৱন আৰম্ভ হৈছিল দেউতাকৰ ওচৰত লোৱা সংস্কৃত শিক্ষাৰে। তেখেতে ১৮৬৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষা পাছ কৰে। 

গুৱাহাটীত কটন কলেজ প্ৰতিষ্ঠা কৰাৰ ৩২ বছৰ মানৰ আগেয়ে ‘গুৱাহাটী গভমেণ্ট চেমিনাৰী হাইস্কুল’ৰ লগত এফ. এ.(ফাৰ্ষ্ট আৰ্টছ) পৰ্যন্ত এখন দ্বিতীয় শ্ৰেণীৰ কলেজ প্ৰমাণমূলক ভাবে স্থাপন কৰা হৈছিল। প্ৰেচিডেঞ্চি কলেজত বি. এ. শ্ৰেণীত নাম লগোৱাৰ আগেয়ে বৰুৱা ডাঙৰীয়াই সেই কলেজৰ পৰাই এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ চৰকাৰী জলপানি পাই প্ৰেচিডেঞ্চি কলেজলৈ পঢ়িবলৈ যায় আৰু ১৮৭২ চনত উজনি অসমৰ প্ৰথমজন বি.এ. ডিগ্ৰীধাৰী হিচাপে প্ৰচিডেন্সি কলেজৰ পৰা স্নাতক পৰীক্ষা পাছ কৰে। তেতিয়াৰ পৰাই তেওঁ বি. এ. জগন্নাথ হিচাপে সমগ্ৰ অসমত জনাজাত হয়।

বি. এ. পৰীক্ষা দিবলৈ এমাহ থাকোতেই তেখেতৰ দেউতাকৰ মৃত্যু হোৱাত তেখেতে পৰীক্ষা দিয়েই ঘৰলৈ আহিব লগা হয়। আৰু তেখেতৰ আনুষ্ঠানিক শিক্ষাও সিমানতে শেষ হয়।

চাহ খেতিয়ক জগন্নাথ বৰুৱা

কলিকতাত শিক্ষা সমাপ্ত কৰি আহি জগন্নাথ বৰুৱাই ‘নেটিভ চিভিল ছাৰ্ভিচ’ পৰীক্ষা দিয়ে আৰু সেই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত তেওঁক বংগদেশৰ চৰকাৰে প্ৰথম শ্ৰেণীৰ চাব ডেপুটি কালেক্টৰৰ পদবী যাচে। কিন্তু সেইসময়তে তেওঁৰ মন সেই বিষয়ৰ পৰা আঁতৰি যায় আৰু স্বাধীনভাৱে চাহ খেতি কৰিবলৈ মন মেলে। তেওঁ চাহ খেতি কৰিবৰ বাবে দেউতাক পুলিচ ইন্সপেক্টৰ হেমধৰ বৰুৱাই চৰকাৰ পৰা উপঢৌকণ হিচাপে  যিখিনি গ্ৰাণ্ট মাটি পাইছিল সেই মাটি মোকোলাই চাহ বাৰী প্ৰস্তুত কৰে। মাটিৰ পৰিমাণ আছিল ৩০ একৰ। চৰকাৰে দিয়া সন্মানীয় চাকৰিটো নোলোৱাত বহুতেই তেওঁক বেয়া পাইছিল। আনকি তেওঁৰ এজন অতি ঘনিষ্ঠ বন্ধুৱেও এবাৰ তেওঁক বলিয়া বুলি ইতিকিং কৰিছিল। তেওঁ সেই বন্ধুজনক হাঁহি হাঁহি কৈছিল-” ২০ বছৰৰ ভিতৰত মই তোমাক দেখুৱাম যে, চাকৰি নকৰিও মানুহে মানুহ বুলাই খাব পাৰে।” ঠিক ২০ বছৰৰ পাছত সফল চাহ খেতিয়ক জগন্নাথ বৰুৱাই সেই বন্ধুজনক চাহ খোৱা মেলত সুধিছিল- “তুমি আজিকালি স্বীকাৰ কৰা নে যে, চাকৰি নকৰিও মানুহে মানুহ বুলাই খাব পাৰে।”

জগন্নাথ বৰুৱাই খোলা চাহ বাগিছা কেইখন আছিল-লেটেকুজান চাহ বাগিছা,টিপমীয়া চাহ বাগিছা আৰু বচাবাৰী চাহ বাগিছা। পিছলৈ তিৰুৱাল, বাঁহনি আৰু ৰৰৈয়াৰ বাগিছাও এই তালিকাত যোগ হয়। ইয়াৰে তিৰুৱাল চাহ বাগিছা ৰাধাকান্ত সন্দিকৈয়ে ক্ৰয় কৰিছিল আৰু জগন্নাথ বৰুৱাৰ সহযোগত ইয়াক পৰিচালনা কৰিছিল। ৰৰৈয়া বাগিছা জগন্নাথ বৰুৱা আৰু কৰ্ণেল ড° শিৱনাথ বৰাই যুটীয়াভাৱে ক্ৰয় কৰিছিল। আনহাতে চন্দ্ৰকান্ত গগৈয়ে বাঁহনিত বৰুৱাৰ সহযোগতেই চাহ খেতিৰ আৰম্ভণি কৰিছিল।

বৃটিছ যুগত যি দুই-এজন অসমীয়া মানুহে চাহ-বাগিছা খুলিছিল সেই সকলে জগন্নাথ বৰুৱাই দেখাই যোৱা পথৰেই পথিক আছিল বুলি ক’ব পাৰি। কিয়নো এজন উচ্চ শিক্ষিত মানুহে যেতিয়া পথ দেখুৱাইছিল, তেতিয়া বাকী ধনাঢ্য অসমীয়া সকলেও সেই পথেৰে যাবলৈ কোনো দ্বিধাবোধ কৰা নাছিল।

‘সাৰ্বজনিক সভা’ৰ স্থাপন

ঊনৈশ শতিকাৰ অসমত শিক্ষা-দীক্ষাৰ প্ৰচলন প্ৰায় নাছিল বুলিবই পাৰি। সেই সময়ত অসমত জনমত বা সৰ্বসাধাৰণৰ মত বোলা কথাটোৰো কোনো ধাৰণা নাছিল। কলিকতাত শিক্ষা লাভ কৰা জগন্নাথ বৰুৱাই কলিকতাৰ সমাজখনত জনমতৰ প্ৰভাৱ কি সেয়া দেখি আহিছিল। তেখেতে মনে প্ৰাণে বিচাৰিছিল অসমতো তেনে এটা পৰিৱেশ গঢ়ি উঠক। অসমৰ মানুহেও বুজি উঠক গণতন্ত্ৰ কি? এনে উদ্দেশ্য আগত ৰাখিয়েই তেওঁ যোৰহাট নগৰত গঢ়ি তুলিছিল ‘সাৰ্বজনিক সভা’ নামেৰে এটা ৰাজহুৱা অনুষ্ঠানৰ। ১৮৭৫ চনত প্ৰতিষ্ঠা কৰা এই সভাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহেই নিজৰ মতামত দাঙি ধৰিব পাৰিছিল। সভাত আগবঢ়োৱা প্ৰস্তাৱ এটা যদি সৰ্বগ্ৰহণযোগ্য হয়, তেনেহ’লে তাক চৰকাৰৰ ঘৰলৈও পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল।

এই অনুষ্ঠানৰ জৰিয়তে যােৰহাটত তেতিয়া বহুতো কাম সম্পন্ন হৈছিল। তাৰ ভিতৰত মাজুলী আৰু ব্ৰহ্মপুত্ৰৰ চাপৰিত উৎপন্ন হােৱা গাখীৰ, মাছ, মাহ, সৰিয়হ, শাক-পাচলি আদিৰ বেহা-বেপাৰ যােৰহাট নগৰৰ সৈতে সুচল কৰিবলৈ কঁকিলামুখৰ পৰা যােৰহাট নগৰলৈ ১০ মাইল দীঘল আলি বন্ধোৱা হয়। এই সার্বজনিক সভাৰ জৰিয়তে এবাৰ ইংৰাজ চৰকাৰে খাজনা বঢ়োৱাৰ বাবে তীব্র আন্দোলন গঢ়ি ভােলা হয়। সেই আন্দোলনত চৰকাৰে ভালে কেইজন লােকক গ্রেপ্তাৰ কৰিছিল। সেই মােকর্দমাত বি. এ. জগন্নাথে নিজৰ ধন খৰচ কৰি কলিকতাৰ পৰা ডাঙৰ উকীল আনিছিল আৰু মােকর্দমাত জয়লাভ কৰি গ্ৰেপ্তাৰ হােৱা লােকসকলক মুক্ত কৰিছিল। এই সভাই অসমত কানিৰ প্ৰচলন বন্ধ কৰাৰ বাবেও বিভিন্ন পন্থা হাতত লৈছিল। এই সার্বজনীন সভাই সমগ্ৰ অসমত বিস্তৃতি লাভ কৰি ‘অসম এছ’ছিয়েছন’ নামেৰে শক্তিশালী অনুষ্ঠানৰ ৰূপ পাইছিল আৰু ৰাইজৰ বিভিন্ন দাবীত সৰব হৈ পৰে। এই এছ’ছিয়েছনখনৰ তিনিগৰাকী মূল ব্যক্তি আছিল – মাণিকচন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা আৰু গৌৰীপুৰৰ জমিদাৰ প্ৰভাত চন্দ্ৰ বৰুৱা।

জগন্নাথ বৰুৱাৰ পাৰিবাৰিক জীৱন

১৮৭৫ চনৰ ফেব্ৰুৱাৰী মাহত জগন্নাথ বৰুৱাই গুৱাহাটীৰ উজান বজাৰৰ পৰ্বতীয়া ফুকনৰ ঘৰৰ লীলাৱতী দেৱীক বিয়া কৰায়। লীলাৱতী দেৱীয়ে এটা পুত্র আৰু এজনী কন্যা সন্তান জন্ম দিয়াৰ পাছত অকাল মৃত্যুক সাৱতি লয়। মনৰ দুখত কেইবছৰমান বিয়া নকৰালেও বাধ্যত পৰি জগন্নাথে প্রথম অসমীয়া ৰায়বাহাদুৰ পূৰ্ণানন্দ বৰুৱাৰ কণিষ্ঠা কন্যা ত্রৈলােকেশ্বৰী দেৱীক ১৮৮৮ চনৰ ১৯ জুনত বিয়া কৰায়। ত্ৰৈলোকেশ্বৰী দেৱীৰ ফালৰ পৰা জগন্নাথ বৰুৱাৰ কোনাে সা-সন্তান নাছিল। জগন্নাথ বৰুৱাৰ একমাত্র পুত্র দেবেন্দ্রনাথ বৰুৱা চাহ ব্যৱসায়ী হোৱাৰ ওপৰিও কবি, গীতিকাৰ, সুৰকাৰ আৰু শিল্পী আছিল। জগন্নাথ বৰুৱাৰ একমাত্ৰ কন্যা স্বৰ্ণশশী দেবীক বিয়া কৰাইছিল কবি-সাহিত্যিক চন্দ্ৰধৰ বৰুৱাই।

মৃত্যু

এক টান নৰিয়াত পৰি ১৯০৭ চনৰ ২১ এপ্ৰিল তাৰিখে এইজন মহান অসমীয়াৰ কলিকতা নগৰীত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৫৬ বছৰ।

জগন্নাথ বৰুৱাৰ জীৱনৰ কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাটো আছিল জগন্নাথ বৰুৱাই কলিকতাত পঢ়ি থকা সময়ৰ। সেই সময়ত তেওঁৰ পৰম বন্ধু আৰু সহপাঠী আছিল মাণিক চন্দ্ৰ বৰুৱা। তেওঁলোক দুয়োজনেই কলিকতা অসমীয়া সাহিত্য সভাৰ সদস্য আছিল। সেই সময়তেই অৰ্থাৎ ১৮৭২ চনত তেওঁলোক দুইজনে মিলি ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড নৰ্থব্ৰুক চাহাবক এখনি আবেদন পত্ৰ দিয়ে। সেই সময়ত ভাৰতৰ মুখ্য প্ৰশাসনিক বিষয়া ভাইচৰয় চাহাবক  অসমৰ দৰে এখন পাছ পৰা ঠাইৰ যোৱা দুজন ছাত্ৰই লগ ধৰাতো একপ্ৰকাৰৰ মৰসাহেই আছিল। আনকি এই ঘটনাটোৱে কলিকতীয়া বাতৰি কাকতৰ শিৰোনামো দখল কৰিছিল। অতি উচ্চ মানৰ ইংৰাজীৰে লিখা এই পত্ৰখনত তেওঁলোকে অসমতো ভাৰতৰ আন ৰাজ্যৰ দৰে ৰে’ল চলাচলৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাইছিল। তেওঁলোকৰ দাবীৰ মতেই অসমত তাৰ ১০/১২ বছৰৰ পাছত ৰেল চলিবলৈ লৈছিল।

১৯০২ চনত সপ্তম এডৱাৰ্ডৰ অভিষেক-উৎসৱ উপলক্ষে ইংৰাজ চৰকাৰে তেওঁক অসমৰ অতিথি হিচাপে নিমন্ত্ৰণ কৰে। তেওঁৰ লগত সহকাৰী হিচাপে গৈছিল ইংৰাজী-অসমীয়া অভিধানৰ প্ৰণেতা বুধীন্দ্ৰনাথ দিলীহিয়াল ভট্টাচাৰ্য। বৰুৱা বক্তা নাছিল যদিও সেই সভাৰ ভোজ মেলত অভ্যাগতসকলক সম্বোধন কৰি দিয়া চিনাকী বক্তৃতাটো ইমান শুদ্ধ আৰু শুৱলা আছিল যে, ইংলেণ্ডৰ কেইবাখনো বাতৰি কাকতে বক্তৃতাটোৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে এনে  বক্তৃতা ১০০ জন ইংৰাজৰ ভিতৰত ৯৯ জনেই দিব নোৱাৰে বুলি মন্তব্য কৰিছিল।

ইংৰাজী, সংস্কৃত, বাংলা, অসমীয়া আদি কেইবাটাও ভাষাৰ পণ্ডিত জগন্নাথ বৰুৱাক ১৮৯৮-৯৯ চনত  ইংৰাজ চৰকাৰে অসমৰ বাণিজ্য ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ৰায়বাহাদুৰ উপাধিৰে বিভূষিত কৰিছিল। তেওঁ অতি উদাৰ মনৰ মানুহ আছিল। অসমীয়া, বঙালী, ইংৰাজ সকলোৱে তেওঁক সমানেই ভাল পাইছিল।

জগন্নাথ বৰুৱাই উজনি অসমৰ প্ৰধান নগৰ যোৰহাটত এখন কলেজ খোলাৰ সপোন দেখিছিল যদিও তেওঁৰ অকাল মৃত্যু হোৱা বাবে সেয়া সম্ভৱ হৈ নুঠিল। তেওঁৰ মৃত্যুৰ পিছত ১৯৩৮ চনত নাতিয়েক মুৰুলীধৰ বৰুৱাই সমস্ত মাটিৰে সৈতে তেওঁলোকৰ বাসগৃহ ‘বৰপাত্ৰ কুটীৰ’ ‘জগন্নাথ বৰুৱা মহাবিদ্যালয়’ৰ বাবে দান কৰে।

আৰু পঢ়ক- মহাবীৰ লাচিত বৰফুকন

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

0
Would love your thoughts, please comment.x
()
x