অসমৰ ৰাস উৎসৱ
ৰাস উৎসৱ অসমৰ এটা অতি গুৰুত্বপূৰ্ণ তথা জনপ্ৰিয় উৎসৱ। ঈশ্বৰৰ ভক্তি ৰসৰ সৈতে জড়িত এই ৰাস উৎসৱ এক ধৰ্মীয় উৎসৱ। মাজুলীত উৎপত্তি হোৱা ৰাস উৎসৱ বৰ্তমান অসমৰ চুকে-কোণে উদযাপন কৰা হয়। ৰাস উৎসৱ হৈছে নৱ-বৈষ্ণৱ ধৰ্মৰ এটা অপৰিহাৰ্য অংগ। শৰত কালৰ পূৰ্ণিমাত উদযাপন কৰা এই ৰাস বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ প্ৰধান উৎসৱ।
ৰাস শব্দৰ উৎপত্তি আৰু অৰ্থ:-
ৰাস শব্দটি মূলতঃ “ৰস” শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয়। ৰস মানে হৈছে আনন্দ। ইয়াৰ পাৰমৰ্থিক অৰ্থ হৈছে-ভক্ত আৰু ভগৱানৰ মিলনৰ আনন্দ। ৰাসৰ বুৎপত্তিগত অৰ্থ হৈছে “ৰসাস্বাদ্যতে ইতি ৰাস”। কীৰ্ত্তন ঘোষাত উল্লেখ থকামতে ৰসৰ আস্বাদনেই হৈছে ৰাস।
ৰাস শব্দটি গঠিত হৈছে – ৰ, আ আৰু স এই তিনিটি বৰ্ণৰ সমাহাৰেৰে। ‘ৰ’ মানে ৰমণ, ‘আ’ মানে আনন্দ আৰু ‘স’ মানে সংযোগ বা মিলন। প্ৰভু শ্ৰীকৃষ্ণই গোপীসকলৰ লগত ৰমণ কৰি পোৱা আনন্দ আৰু এই আনন্দত গোপীৰ মিলন হোৱাৰ বাবেই ৰাসৰ উৎপত্তি হৈছে।
ৰাস উৎসৱ কি ?
ভাগৱত পুৰাণৰ ওপৰত আধাৰিত ভগৱান শ্ৰীকৃষ্ণৰ লীলাই হৈছে ৰাসৰ মূল উৎস। ভাগৱতৰ ২৯ ৰ পৰা ৩৩ তম অধ্যায়লৈ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বিষয়ে সন্নিৱিষ্ট আছে।
ৰাস উৎসৱ হৈছে এক আধ্যাত্মিক তথা পবিত্র উৎসৱ। ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত থাকোঁতে লিপ্ত হোৱা কাৰ্যবোৰকেই ৰাস উৎসৱত প্ৰদৰ্শন কৰা হয়। আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হয়।
ভাগৱতৰ ঊনবিংশ অধ্যায় অনুসৰি, শৰতকালৰ পূৰ্ণিমাৰ নিশা শ্ৰীকৃষ্ণৰ বাঁহীৰ শব্দত গোপীসকলে নিজৰ সকলো কাম-বন ত্যাগ কৰি শ্ৰীকৃষ্ণৰ কাষলৈ ঢাপলি মেলে। কিন্তু শ্ৰীকৃষ্ণই সকলোকে নিজ কৰ্তব্যৰ কথা কৈ ঘূৰি যাবলৈ কয়। ত্রিংশ অধ্যায় অনুসৰি, ৰাধাক লৈ শ্ৰীকৃষ্ণ অন্তৰ্ধান হয় আৰু গোপীসকলে শ্ৰীকৃষ্ণক বিচাৰি চলাথ কৰে। একত্রিংশ অধ্যায় অনুসৰি, শ্ৰীকৃষ্ণৰ অন্তৰ্ধানৰ ফলত গোপীসকল বিৰহত ডুব যায়। দ্বাত্রিংশ অধ্যায় অনুসৰি, কালিন্দী নদীৰ পাৰত শ্ৰীকৃষ্ণক গোপীসকলে পুনৰ লগ পায়। ত্রয়োত্রিংশ অধ্যায় অনুসৰি, গোপীসকলৰ লগত শ্ৰীকৃষ্ণ মহাৰাসত মিলিত হয়।
ৰাস উৎসৱৰ ইতিহাস:-
ৰাস উৎসৱৰ ইতিহাস বহু পুৰণি। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰে পৰাই ৰাস উৎসৱৰ আৰম্ভণি হোৱা বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা “কেলিগোপাল” নাটখনকেই অসমৰ ৰাস উৎসৱৰ মূল ভেঁটি বুলি কোৱা হয়। শংকৰদেৱে ভাতৃ ৰামৰায়ৰ অনুৰোধত “কেলিগোপাল” নাটখন পাটবাউসীত ৰচনা কৰে। অসমৰ কোনো কোনো সত্ৰত কিন্তু “ৰাস ঝুমুৰা” নাটকৰ আধাৰত ৰাস অনুষ্ঠিত কৰা হয়।
মাজুলীৰ ৰাস উৎসৱ:-
মাজুলী হৈছে সত্ৰনগৰী। মাজুলী সৰু-বৰ অনেক সত্ৰৰে ভৰপূৰ। নৱ-বৈষ্ণৱ ধৰ্মৰ পৃষ্ঠভূমি হৈছে মাজুলী। ৰাস হৈছে মাজুলীৰ প্ৰধান উৎসৱ।
মাজুলীত পোনপ্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল দক্ষিণপাট সত্ৰত। জনশ্ৰুতিমতে, ১৭৬২ শকত দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বাসুদেৱ দেৱগোস্বামীয়ে ৰাতি সপোনত ভগৱানৰ আজ্ঞা অনুসৰি গীত-নৃত্য সমন্বিত এখন ৰাসলীলাৰ নাটক ৰচিছিল। সেয়াই আছিল আৰম্ভণি, তেতিয়াৰে পৰাই দক্ষিণপাট সত্ৰত প্ৰতি ৰাস পূৰ্ণিমাতে ৰাস উৎসৱ উদযাপন কৰি অহা হৈছে।
মাজুলীৰ ৰাস উৎসৱ বিশ্ববিখ্যাত। মাজুলীৰ দক্ষিণপাট সত্ৰৰ উপৰিও গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ আদিকে ধৰি সকলো সত্ৰতে ৰাস উৎসৱ পালন কৰা হয়। মাজুলীৰ ৰাস আজিও বৈদিক ক্ৰিয়া-কলাপৰ মাজেৰেই অনুষ্ঠিত হৈ আহিছে। ৰাসলীলা অভিনয় অনুষ্ঠিত কৰাৰ লগতে সত্ৰসমূহত ৰাস পূজাৰো আয়োজন কৰা হয়। মাজুলীৰ কিছুমান সত্ৰত ৰাসলীলাৰ লগত সংগতি ৰাখি নিজে ৰচনা কৰা নাটো অভিনয় কৰা হয়।
মাজুলীৰ সত্ৰসমূহৰ ৰাস উৎসৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে পুৰুষকেন্দ্ৰিক অভিনয়। ৰাসলীলাৰ নাটকৰ পুৰুষ, নাৰী উভয়ৰে চৰিত্ৰ পুৰুষৰ দ্বাৰাই ৰূপায়ন কৰা হয়।
দক্ষিণপাট সত্ৰৰ ৰাসৰ ভাগ:-
অসমৰ ভিতৰতে মাজুলীৰ ৰাসৰ যেনেকৈ বিশেষত্ব আছে তেনেদৰে মাজুলীত দক্ষিণপাট সত্ৰৰ ৰাসৰো বিশেষত্ব আছে। মাজুলীৰ দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ ৰাস উৎসৱ পালন কৰা হয়। প্ৰথম দিনটোক অধিবাস, দ্বিতীয় দিনটোক ৰাস আৰু তৃতীয় দিনটোক ইন্দ্ৰাভিষেক বুলি কোৱা হয়।
সত্ৰৰ নামঘৰৰ মণিকূটৰ সন্মুখত বৈদিক মন্ত্ৰ জপ কৰি ৰাসৰ মণ্ডপ সজাই-পৰাই তোলা হয়। ৰাস মণ্ডপৰ চাৰিওফালে শুভ প্ৰতীকৰূপে কলপুলি লগাই নানা ৰং-বিৰঙী কাপোৰেৰে মেৰিয়াই চন্দ্ৰতাপ আঁৰি আমডালি, ফুলৰ মালা আদি গাঁঠি মণ্ডপটো সু-সজ্জিত কৰা হয়। দক্ষিণপাট সত্ৰৰ ৰাসৰ এই মণ্ডপটোক “বৃন্দাবন পূজা মণ্ডপ” বুলি কোৱা হয়। দক্ষিণপাট সত্ৰৰ এই ৰাস পূজাত “বৃন্দাবন চন্দ্ৰ”ৰ মূৰ্তি ব্যৱহাৰ কৰা হয়। ৰাস পূজাৰ মণ্ডপৰ চাৰিওফালে চাৰিখন দুৱাৰ আৰু প্ৰতি দুৱাৰত দুজনকৈ দ্বাৰপাল থাকে। ইয়াৰ লগতে প্ৰতিখন দুৱাৰত এটাকৈ গৰুড়ৰ মূৰ্তি ৰখা হয়। প্ৰতিখন দুৱাৰত পিঠা গুড়িৰে চাকি সাজি ঘিউ বন্তি জ্বলাই মঙ্গল আৰতি কৰা হয়। সন্ধ্যা সময়ত বৃন্দাবন চন্দ্ৰক সত্ৰৰ বাটচৰালৈ আনি ভ্ৰমণ কৰাই পুনৰ নামঘৰলৈ অনা হয় আৰু তাৰপাছৰ পৰাই অধিবাস আৰম্ভ হয়। অধিবাসৰ দিনা বৃন্দাবন চন্দ্ৰৰ মূৰ্তিৰ লগতে মণ্ডপৰ দ্বাৰপালসকল আৰু আন মূৰ্তিসমূহকো পূজা কৰা হয়। আউনীআটী সত্ৰত এই ৰাস পূজাৰ মণ্ডপ আঠকোণীয়াকৈ সজা হয়।
ৰাস উৎসৱৰ দ্বিতীয় দিনা হৈছে মূল ৰাস। দক্ষিণপাট সত্ৰত সেইদিনা বৃন্দাবন চন্দ্ৰক পূজা কৰাৰ লগতে নাটকত সন্নিৱিষ্ট সকলো দেৱ-দেৱীৰ লগতে ভক্ত-পাৰিষদসকলক পূজা কৰা হয়। সেইদিনা ৰাতিপুৱাৰ পৰাই ৰাসপূজা আৰম্ভ কৰা হয়। ইয়াৰ লগতে নাম-প্ৰসংগ, বিভিন্ন পুথি পাঠ আদি চলি থাকে। ৰাতি ৰাস পূজা চলি থকাৰ সময়তে ৰাসলীলাৰ অভিনয় আৰম্ভ হয়। প্ৰথমে গায়ন-বায়নে শুভাৰম্ভণি কৰাৰ পাছতেই বলোৰাম-কৃষ্ণই গোপ বালকসকলৰ লগত উপস্থিত হয়। তেওঁলোক উপস্থিত হোৱাৰ পাছতেই সকলোৱে সেৱা জনায় আৰু পূজাৰীয়ে পূজাৰ আৰম্ভণি ঘটায়। দক্ষিণপাট সত্ৰত মহিলাসকলৰ বাবে পৃথককৈ দিনত ৰাস প্ৰদৰ্শন কৰা হয়। ইয়াত অৰিষ্টাসুৰ বধলৈকে ৰাসলীলা প্ৰদৰ্শন কৰা হয়। আন সত্ৰসমূহত আকৌ কৃষ্ণৰ মহাৰাসলৈকে ৰাসলীলা প্ৰদৰ্শন কৰা হয়। কিন্তু মহিলাৰ বাবে পৃথককৈ ৰাস প্ৰদৰ্শনৰ ব্যৱস্থা নাই।
ৰাস উৎসৱৰ তৃতীয় দিনটো হৈছে ইন্দ্ৰাভিষেক। এই নিৰ্দিষ্ট দিনটোৰ পুৱা বৃন্দাবন চন্দ্ৰক সোণ-ৰূপ, অষ্টধাতু আৰু মাটিৰ ঘটৰ পানীৰে স্নান কৰায় আৰু বৃন্দাবন চন্দ্ৰৰ লগতে আৰু বহুতো দেৱ-দেৱীৰ পূজা অৰ্চনা কৰা হয়। তাৰপাছত, দাম-সুদাম আৰু অন্যান্য অপ্সৰাসকলকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাসকলক নৃত্য-গীত পৰিৱেশন কৰে। আৰু বৃন্দাবন চন্দ্ৰক উদ্দেশ্য কৰি দাম-সুদামৰ উপস্থিতিত সত্ৰাধিকাৰসহ সকলো ভক্তপ্ৰাণ বৈষ্ণৱে দক্ষিণা দি আশীৰ্বাদ লয়। ইয়াৰ পাছতেই মঙ্গল উৰুলিৰ ধ্বনিৰ মাজেৰে বৃন্দাবন চন্দ্ৰক ৰাস মণ্ডপৰ পৰা বাহিৰলৈ নি ফুৰোৱা হয় আৰু পুনৰ নামঘৰৰ ভিতৰলৈ ঘূৰাই অনা হয়। অভিনয় শেষ হোৱাৰ লগে লগেই পূৰ্বৰ দৰেই বৃন্দাবন চন্দ্ৰক পুনৰ মণিকূটত সংস্থাপন কৰা হয় আৰু আৰতি কৰি ৰাস উৎসৱৰ সামৰণি পেলোৱা হয়।
মাজুলীৰ ৰাসৰ প্ৰসাৰ:-
মাজুলীৰ ৰাস মহোৎসৱে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থকাৰ লগতে বিশ্বৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। পূৰ্বতে ৰাস কেৱল সত্ৰৰ ভিতৰতে অনুষ্ঠিত হৈছিল ইয়াৰ কোনো প্ৰসাৰ হোৱা নাছিল। মাজুলীৰ ৰাস উৎসৱক সত্ৰৰ বাহিৰলৈ উলিয়াই আনে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে। তেখেতৰ এই পদক্ষেপে ৰাস উৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰে। তেখেতে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণপাট সত্ৰত ৰঙ্গমঞ্চ নিৰ্মাণ কৰি নিজে লিখা “ৰাসলীলা” নাটক মঞ্চস্থ কৰিছিল। ইয়াৰ লগতে এই নাটকত তেখেতে অভিনয়ো কৰিছিল।
ইয়াৰ পাছৰ পৰাই সত্ৰনগৰী মাজুলীত সত্ৰৰ লগতে ৰঙ্গমঞ্চটো নাট প্ৰদৰ্শনৰ যাত্ৰা আৰম্ভ হয় আৰু ইয়াত লগতে সমগ্ৰ অসমতে সত্ৰ, নামঘৰৰ উপৰিও ৰঙ্গমঞ্চত ৰাসলীলা প্ৰদৰ্শন কৰা হয়। ইয়াৰ পৰাই ৰাস উৎসৱে অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হ’ল। লগতে ৰাস উৎসৱৰ আনন্দ উপভোগ কৰিবলৈ দেশ-বিদেশৰ বহু লোক শৰত কালৰ ৰাস পূৰ্ণিমা তিথিৰ সময়ত অসমলৈ আহিবলৈ ল’লে।
নলবাৰীৰ ৰাস:-
উজনি আৰু নামনিৰ ৰাসৰ মাজত কিছু প্ৰভেদ আছে। মাজুলীৰ ৰাস যেনেদৰে জনপ্ৰিয়, তেনেদৰেই জনপ্ৰিয় নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ। ই ভাৰতৰ এখন অন্যতম ৰাস উৎসৱ। নলবাৰীৰ ৰাস উৎসৱত নানা ৰং তুলিকাৰে মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শন কৰা হয়। শ্ৰীকৃষ্ণৰ জীৱনৰ সৈতে জড়িত বিভিন্ন কৰ্ম-কাণ্ড এই মূৰ্তিসমূহৰ জৰিয়তে প্ৰকাশ কৰা হয়। এই মূৰ্তিসমূহৰ জৰিয়তে মহাভাৰত, ৰামায়ণ, গীত, ভাগৱত আদিৰ আখ্যানৰ লগত জড়িত ভগৱানৰ মাহাত্ম্য প্ৰকাশ পায়। নলবাৰীৰ ৰাসত ওজাপালি, ঢুলীয়া অভিনয়, নাগাৰা নাম আদিৰ দৰে অনুষ্ঠানৰ ৰসো পোৱা যায়। নলবাৰীৰ দৰে নামনি অসমৰ পলাশবাৰী, হাউলি, মঙলদৈ আদিতো ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হয়।
বৰ্তমানৰ ৰাস উৎসৱ:-
বৰ্তমান অসমৰ বিভিন্ন স্থানত ৰাস অনুষ্ঠিত হয়। সত্ৰভূমি মাজুলীতেই শৰতকালত বিভিন্ন স্থায়ী-অস্থায়ী মঞ্চত প্ৰায় এশখনমান মঞ্চত ৰাসলীলা মঞ্চস্থ কৰা হয়। পূৰ্বতে ৰাস উৎসৱত কেৱল আধ্যাত্মিক ভাৱধাৰা আছিল কিন্তু বৰ্তমান এই আধ্যাত্মিক ভাৱধাৰাৰ লগতে ৰাস উৎসৱতআন বহুতো বাহ্যিকতাৰ সমন্বয় হৈছে। পূৰ্বতে কেৱল গায়ন-বায়নৰ শব্দতেই ৰাস উৎসৱ অনুষ্ঠিত হৈছিল কিন্তু এতিয়া পোহৰ, নানা বাদ্যযন্ত্ৰৰ শব্দ সংমিশ্ৰণ আদিৰ সমন্বয়ত ৰাস উৎসৱ অনুষ্ঠিত হয়। ইয়াৰোপৰি অভিনেতা-অভিনেত্ৰীৰ সাজ-সজ্জা আদিতো আধুনিকতাৰ পৰশ পৰিলক্ষিত হৈছে। ৰাস উৎসৱৰ বৰ্তমান বাণিজ্যিকীকৰণ হৈছে। আজিকালি বহুতো নামী-দামী অভিনেতা-অভিনেত্ৰীয়েও ৰাসৰ ৰঙ্গমঞ্চসমূহত অভিনয় কৰে। প্ৰত্যেক বছৰে ৰাস উৎসৱ উপভোগ কৰিবলৈ মাজুলী আৰু নলবাৰীলৈ দেশ-বিদেশৰ নানা পৰ্যটক আহে আৰু বহুতো লোকে বৰ্তমান ৰাস উৎসৱৰ বিষয়ে গৱেষণাও আৰম্ভ কৰিছে।
ৰাস উৎসৱ অসমৰ গৌৰৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ ৰাস উৎসৱ অনুষ্ঠিত হৈ আহিছে। যদিও সময়ৰ তাড়নাত তথা আধুনিকতাৰ পৰশত ৰাস উৎসৱৰ কিছু মহত্ব লোপ পাইছে কিন্তু ৰাস উৎসৱ অসমীয়া ভক্তপ্ৰাণ বৈষ্ণৱ ৰাইজৰ আধ্যাত্মিক ভাৱধাৰাৰ লগত আজিও একাত্ম হৈ আছে আৰু চিৰদিন থাকিব।
[…] আৰু পঢ়ক – অসমৰ ৰাস উত্সৱ […]