কল্পবিজ্ঞান সাহিত্য
(কল্পবিজ্ঞান সাহিত্য সম্পৰ্কে বিজ্ঞানপ্ৰেমী পাঠকৰ আগ্ৰহৰ অন্ত নাই। সেয়ে কল্পবিজ্ঞান সাহিত্য সম্পৰ্কে সাৰথিৰ পাঠকসকললৈ এটা চমু লেখা)
কুৰি শতিকাৰ আদিভাগতে বিকশিত হোৱা কল্পবিজ্ঞান বা বিজ্ঞানভিত্তিক কল্পকাহিনী আধুনিক সাহিত্যৰ এটা প্রতিষ্ঠিত শাখা। কল্পবিজ্ঞান সাহিত্যই বিজ্ঞানক ভিত্তি কৰি বিশ্বাসযোগ্যকৈ লিখা এক শ্রেণীৰ কল্পকাহিনীক বুজায়। এই কাহিনীত কল্পনাৰে বিজ্ঞানৰ আৱিষ্কাৰ, আৱিষ্কাৰৰ সুফল অথবা কুফল আৰু মানুহৰ বিভিন্ন ক্রিয়া প্রতিক্রিয়া আদিক দেখুওৱা হয়। কল্পবিজ্ঞান সাহিত্যত কল্পনাৰে বিজ্ঞানৰ চমৎকাৰী দিশ আৰু ইয়াৰ সম্ভাৱনীয়তাক প্রকাশ কৰাৰ চেষ্টা কৰা দেখা যায়। আধুনিক বিজ্ঞানৰ অগ্ৰগতি আৰু মানুহৰ জীৱনলৈ বিজ্ঞানে আনি দিয়া পৰিৱর্তনৰ ফলত ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ একাংশ বুদ্ধিদীপ্ত লেখকে পশ্চিমীয়া দেশত এই শ্রেণীৰ সাহিত্য প্রথমে ৰচনা কৰিছিল।
কল্পবিজ্ঞান সাহিত্যৰ আৰম্ভণি –
ঊনবিংশ শতিকাত ইংলেণ্ডৰ মেৰী শ্বেলীয়ে ১৯১৮ চনত ‘ফ্রেংকেষ্টাইন’ লিখি, প্রকৃত লক্ষ্যযুক্ত এনে কল্পবিজ্ঞান কাহিনীৰ জন্ম দিয়ে। ইয়াৰ পাছতে জুল ভার্ন, এইচ. জি. ৱেলছ্, এলেন এডগাৰ পো, ৰবার্ট লুই ষ্টিভেনশ্যন আদিয়ে উৎকৃষ্ট মানৰ কল্পবিজ্ঞান কাহিনী ৰচনা কৰি এই শ্ৰেণীৰ সাহিত্যৰ এটা ধাৰা সৃষ্টি কৰি থৈ যায়।
কল্পবিজ্ঞান সাহিত্য সম্পৰ্কে বিভিন্নজনৰ মত –
কল্পবিজ্ঞান সাহিত্যনো কেনেধৰণৰ সাহিত্য সেই সম্পৰ্কে কেইবাজনো অসমীয়া সমালোচকে মত আগবঢ়াইছে। এই মতসমূহৰ সহায়ত কল্পবিজ্ঞান সাহিত্যৰ সম্পৰ্কে এটি পৰিচয় আৰু কিছু বৈশিষ্ট্যৰ ধাৰণা কৰি ল’ব পাৰি। কল্পবিজ্ঞান সাহিত্যৰ পৰিচয় এ. কে. জিয়াউদ্দিন আহমেদে এইদৰে আগবঢ়াইছে- “এক সামাজিক পটভূমিত যি ঘটনা আজি ঘটা নাই কিন্তু কাইলৈ ঘটিব পাৰে বা অতীতত ঘটিছিল তাৰে আলমত ৰচিত হয় কল্পবিজ্ঞান বা ‘ছাইন্স ফিক্সন’ (Science fiction)। পিছে ই বিজ্ঞান আৱিস্কাৰৰ কাহিনী নহয় বাবে ই কোনো অজ্ঞাত বা এতিয়াও অনাবিষ্কৃত কথাৰ ভিত্তিতহে ৰচিত হয়। লেখকৰ কল্পনাৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত বিজ্ঞানৰ জনা কথাবোৰৰ পৰা নজনা কথাবোৰলৈ ঘটনাৰাজিয়ে গতি কৰে। এই ঘটনাৰাজি সম্পূর্ণ মানৱিক, কিন্তু ইয়াত বিজ্ঞানৰ কথাও এনেদেৰে গঁথা থাকে যে তাক বাদ দিলে ঘটনাৰ গতি ৰুদ্ধ হৈ যাব। লক্ষণীয় যে বৈজ্ঞানিক তত্ত্ব বা প্রতিক্রিয়াৰ লগত পোনপটীয়া সম্পর্ক এটা থকাৰ বাবেই এই কল্পবিজ্ঞান কাহিনীবোৰ ফেন্টাছি (fantasy) বা অলীক কাহিনীতকৈ সম্পূর্ণ পৃথক”
অসমীয়া লেখকৰ মতে কল্পবিজ্ঞান সাহিত্য-
কল্পবিজ্ঞান সাহিত্য সম্পৰ্কে অসমীয়া বিজ্ঞান সাহিত্য তথা কল্পবিজ্ঞান সাহিত্যৰ এজন উৎকৃষ্ট লেখক দীনেশ চন্দ্র গোস্বামীয়ে এনেধৰণে মত আগবঢ়াইছে – “কল্পবিজ্ঞান ৰচনা কৰোঁতে বিজ্ঞানৰ প্ৰকৃত জগতখনৰ নিশ্চিত তথ্য বা তত্বৰ ওপৰত ভিত্তি কৰি ৰচনা কৰাতকৈ কল্পনাৰ বান্ধ কিছু ঢিলাই দি প্রকৃত জগতখনৰ পৰা সম্ভাৱ্য বিজ্ঞানৰ জগত এখনলৈ আগবাঢ়ি গৈ, তাত সৃষ্টি হোৱা পৰিস্থিতিৰ ভিত্তিত এটা কল্পিত কাহিনী ৰচনা কৰা হয়। এই কাহিনীও মানুহৰ বা অন্য কোনো চৰিত্ৰৰ সাফল্য, সংঘাত, হৰ্ষ-বিষাদৰ কাহিনী, মাত্ৰ বিজ্ঞানখিনি বা সম্ভাৱ্য বিজ্ঞানখিনি তাৰ উপজীৱ্য; তাক বাদ দি সেই কাহিনী ৰচিত হ’ব নোৱাৰে। সেইবাবে সি হ’ল বিজ্ঞানভিত্তিক কল্পকাহিনী বা কল্পবিজ্ঞান কাহিনী।” আন এজন সমালোচক গোবিন্দ প্রসাদ শৰ্মাই দিয়া কল্পবিজ্ঞান সাহিত্যৰ সংজ্ঞাটো হৈছে- “বিজ্ঞানৰ অৱদানবোৰৰ কথা মনত ৰাখি বা আজিৰ বিজ্ঞানৰ বা ভৱিষ্যতৰ সম্ভাৱ্য আৱিষ্কাৰৰ সুফল বা কুফলবোৰ চকুৰ আগত ৰাখি বিজ্ঞানৰ কাল্পনিক কাহিনী ৰচনা কৰিলে তাক ‘চায়েন্স ফিকছন্’ বা বিজ্ঞানভিত্তিক কল্পকাহিনী বোলা হয়।”
কল্পবিজ্ঞান সাহিত্যৰ বৈশিষ্ট্য-
উপৰোক্ত সাহিত্য সম্পর্কীয় সংজ্ঞা বা ধাৰণাসমূহ অধ্যয়নৰ দ্বাৰা কল্পবিজ্ঞান সাহিত্যত এই কেইটা বৈশিষ্ট্য পৰিলক্ষিত হয় বুলি ক’ব পাৰি-
(ক) কল্পবিজ্ঞান সাহিত্য বিজ্ঞান আধাৰিত সাহিত্য আৰু ইয়াত কল্পনাৰ পয়োভৰ থাকে।
(খ) কল্পবিজ্ঞান কাহিনীত বিজ্ঞান প্রযুক্তিৰ পৰিৱৰ্তনত মানুহৰ প্রতিক্রিয়া সম্পৰ্কে দেখুৱায়।
(গ) কল্পবিজ্ঞান সাহিত্যত বর্তমান, ভৱিষ্যতৰ কথা মনত ৰাখি বিজ্ঞানৰ সুফল আৰু কুফলবোৰক দেখুওৱা হয়।
প্ৰসংগ সূত্ৰ-
১। এ. কে. জিয়াউদ্দিন আহমেদঃ অসমীয়া কল্পবিজ্ঞান সাহিত্য, অসম বিজ্ঞান সমিতি(সম্পাঃ), অসমীয়া বিজ্ঞান সাহিত্য অতীতৰ পৰা বৰ্তমানলৈ, পৃষ্ঠা-১০৭
২। মদন শৰ্মা,(সম্পাঃ), বিশ্বকোষ, পঞ্চমখণ্ড, পৃষ্ঠা-১৩৫
৩। গোবিন্দ প্ৰসাদ শৰ্মা, উপন্যাস আৰু অসমীয়া উপন্যাস, পৃষ্ঠা-২৮০
আৰু পঢ়ক – অসমৰ ৰাস উত্সৱ