তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

ড০ লক্ষ্মীনন্দন বৰা – সৰস্বতী সন্মান লাভ কৰা অসমীয়াজন

ড০ লক্ষ্মীনন্দন বৰা অসমীয়া সাহিত্যৰ এটা পৰিচিত নাম। “নিশাৰ পূৰৱী”ৰ পৰা “গঙা চিলনীৰ পাখি”, “যাকেৰি নাহিকে উপাম”, “পাতাল ভৈৰৱী” হৈ “কায়কল্প”লৈ লক্ষ্মীনন্দন বৰাদেৱক চিনি নোপোৱা বা তেওঁৰ কিতাপৰ নাম নুশুনা মানুহ অসমত প্ৰায় নায়েই। ড০ লক্ষ্মীনন্দন বৰা একেধাৰে আছিল এজন সাহিত্যিক, সাংবাদিক তথা বিজ্ঞানী। ড০ লক্ষ্মীনন্দন বৰা এজন কথাশিল্পী যি অসমীয়া উপন্যাসৰ জগতত এক নতুন ধাৰাৰ সংযোজন ঘটাইছিল। ড০ লক্ষ্মীনন্দন বৰাই অসমীয়া সাহিত্যৰ জগতলৈ তেখেতৰ অমূল্য অৱদানেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

ড০ লক্ষ্মীনন্দন বৰাৰ জন্ম আৰু শিক্ষাঃ

লক্ষ্মীনন্দন বৰাদেৱৰ জন্ম হৈছিল ১৯৩২ চনৰ ১ মাৰ্চ তাৰিখে নগাঁও জিলাৰ কুজীদাহ নামে গাঁৱত। লক্ষ্মীনন্দন বৰাদেৱৰ পিতৃৰ নাম আছিল ফেটুৰাম বৰা আৰু মাতৃৰ নাম আছিল ফুলেশ্বৰী বৰা। নিজ গাঁৱৰ বিদ্যালয়তে তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে। চৈধ্য(১৪) বছৰ বয়সলৈকে তেওঁ নিজ গাঁৱত থাকিয়েই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰে। কিন্তু তাৰপাছত তেওঁ উন্নত শিক্ষাৰ বাবে নগাঁও চহৰত ছাত্ৰাবাসত থাকি পঢ়া-শুনা কৰিবলৈ লয়। লক্ষ্মীনন্দন বৰাদেৱে ১৯৪৮ চনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।

প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ লক্ষ্মীনন্দন বৰাদেৱে কটন মহাবিদ্যালয়ৰ আই. এছ. চি. মহলাত নামভৰ্তি কৰে। ১৯৫০ চনত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে আই. এছ. চি. পৰীক্ষাত উত্তীৰ্ণ হয়। পুনৰ তেওঁ কটন মহাবিদ্যালয়তে পদাৰ্থ বিজ্ঞান বিষয়ত অনাৰ্ছ লৈ স্নাতক মহলাফ নামভৰ্তি কৰে আৰু ১৯৫২ চনত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাত নামভৰ্তি কৰে আৰু ১৯৫৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ড০ লক্ষ্মীনন্দন বৰাৰ সাংসাৰিক জীৱন –

১৯৬০ চনত লক্ষ্মীনন্দন বৰাই বিবাহপাশত আবদ্ধ হৈছিল ডাঃ মহানন্দ বৰুৱাদেৱৰ জ্যেষ্ঠা কন্যা মাধুৰী বৰুৱাৰ সৈতে।

ড০ লক্ষ্মীনন্দন বৰাৰ কৰ্মজীৱনঃ

পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিয়েই লক্ষ্মীনন্দন বৰাই ১৯৫৫ চনত শ্বিলঙৰ চেইণ্ট এন্থনী কলেজত প্ৰৱক্তাৰূপে নিজৰ কৰ্মজীৱনৰ পাতনি মেলে। তাৰপাছত ক্ৰমানুসাৰে তেওঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, কটন মহাবিদ্যালয় আৰু ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অধ্যাপনা কৰে। ইয়াৰ পাছতে লক্ষ্মীনন্দন বৰাদেৱে অসমৰ প্ৰথম তথা একমাত্ৰ কৃষি বিশ্ববিদ্যালয়  যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। কৰ্মজীৱনৰ সমান্তৰালকৈ লক্ষ্মীনন্দন বৰাদেৱে গৱেষণাও কৰি আছিল। ১৯৭৭ চনত তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয়টো আছিল “The Water Balance and Draught Climatology of Assam and Vicinity”। ১৯৯২ চনত ড০ লক্ষ্মীনন্দন বৰাদেৱে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰোপৰি ড০ লক্ষ্মীনন্দন বৰাদেৱে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

সাংবাদিক হিচাপে ড০ লক্ষ্মীনন্দন বৰাঃ

সংবাদ জগতলৈও ড০ লক্ষ্মীনন্দন বৰাই তেখেতৰ অমূল্য অৱদান আগবঢ়াইছে। ১৯৭৯ চনৰ পৰা তেওঁ কলিকতাৰ পৰা প্ৰকাশিত এখন সৰ্বভাৰতীয় বাতৰি কাকত “দা ইকনমিক্স টাইম”ৰ যোৰহাটৰ স্থানীয় সংবাদদাতা হিচাপে নিযুক্ত হৈছিল। ইয়াৰ পিছতে ১৯৯২ চনৰ পৰা ১৯৯৫ চনলৈ তেওঁ “ৰংপুৰ” নামৰ এখন সাপ্তাহিক কাকতৰো সম্পাদনা কৰিছিল।

ড০ লক্ষ্মীনন্দন বৰাৰ বিদেশ ভ্ৰমণঃ

ড০ লক্ষ্মীনন্দন বৰা পদাৰ্থ বিজ্ঞানৰ এজন নামজ্বলা অধ্যাপক আছিল। তেওঁ শিক্ষাদানৰ বাবে ভাৰতৰ বাহিৰলৈও নিমন্ত্ৰণ লাভ কৰিছিল। ভাৰতৰ “নেচনেল চায়েন্স একাডেমী“ৰ একচেঞ্জ প্ৰ’গ্ৰামৰ অধীনত ড০ লক্ষ্মীনন্দন বৰাদেৱ ১৯৮৯ চনত জাৰ্মানীলৈ গৈছিল। তাত তেওঁ জাৰ্মানীৰ গুটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞান বিভাগৰ ভিজিটিং প্ৰফেছৰ নিযুক্ত হৈছিল। ইয়াৰ পিছত ১৯৯১ চনত তেওঁ আমেৰিকাবাসী অসমীয়াৰ নিমন্ত্ৰণত আমেৰিকা আৰু কানাডা ভ্ৰমণ কৰে। ড০ লক্ষ্মীনন্দন বৰাদেৱে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত পুনৰ জাৰ্মানীলৈ বিজ্ঞান বিষয়ক কাৰ্যত ভাগ ল’বলৈ যায়।

সামাজিক অনুষ্ঠান আৰু ড০ লক্ষ্মীনন্দন বৰাঃ

ড০ লক্ষ্মীনন্দন বৰা সামাজিক অনুষ্ঠানবিলাকৰ লগত জড়িত এজন সমাজহিতৈষী ব্যক্তি। ড০ লক্ষ্মীনন্দন বৰাদেৱ ১৯৮৭-৮৮ চনত অসম সাহিত্য সভাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ লগতে তেওঁ ১৯৮৭-৮৮ চনত অসম বিজ্ঞান সমিতিৰো উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯৫ চনত ড০ লক্ষ্মীনন্দন বৰাদেৱ অসম সেউজ সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। বৰাদেৱে অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বোকাখাট অধিৱেশনত সভাপতিত্ব কৰে।

সাহিত্যিক হিচাপে ড০ লক্ষ্মীনন্দন বৰা –

অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়োৱা এজন অন্যতম সাহিত্যিক হৈছে ড০ লক্ষ্মীনন্দন বৰা। বিংশ শতিকাৰ ষষ্ঠ দশকৰ পৰা বৰ্তমান একবিংশ শতিকাৰ তৃতীয়টো দশকলৈ অসমীয়া সাহিত্যলৈ তেওঁ বহুতো অমূল্য অৱদান আগবঢ়াই থৈ গৈছে।

ড০ লক্ষ্মীনন্দন বৰাই বাল্যকালৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে। বিশেষকৈ স্নাতকোত্তৰ শ্ৰেণীৰ পৰা তেওঁ সক্ৰিয়ভাৱে সাহিত্য চৰ্চা কৰিছিল। তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজত পঢ়ি থাকোতে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি থাকোঁতেই প্ৰথমবাৰৰ বাবে ৰামধেনু আলোচনীলৈ প্ৰকাশৰ বাবে এটা গল্প লিখি পঠিয়াইছিল। ১৯৫৪ চনৰ আগষ্ট মাহত পঠিওৱা এই গল্পটো সেইবছৰৰ ডিচেম্বৰত প্ৰকাশিত হ’ল। লক্ষ্মীনন্দন বৰাৰ এই বিখ্যাত গল্পটোৱেই আছিল “ভাওনা” যিটো আলোচনীত ছপা হোৱা তেখেতৰ প্ৰথম লেখা। “ভাওনা” গল্পৰ যোগেদি ১৯৫৪ চনত অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰে লক্ষ্মীনন্দন বৰাই তাৰপাছত আৰু সাহিত্য চৰ্চাত পিছলৈ ঘূৰি চোৱা নাই।

তাৰপাছত তেওঁ ক্ৰমান্বয়ে সেইসময়ত প্ৰকাশিত আলোচনীসমূহলৈ তেওঁৰ গল্পসমূহ পঠিয়াবলৈ আৰম্ভ কৰিলে। ৰামধেনুৰ যোগেদি গল্পকাৰৰূপে প্ৰতিষ্ঠা লাভ কৰা লক্ষ্মীনন্দন বৰাৰ গল্পই নতুন অসমীয়া, অৰুণাচল আদি আলোচনীৰো পৃষ্ঠা শুৱনি কৰিছিল। সেইসময়ত বেণুধৰ শৰ্মা, হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আদি প্ৰতিষ্ঠিত অসমীয়া সাহিত্যিকসকলেও লক্ষ্মীনন্দন বৰাদেৱৰ গল্প ভাল পাইছিল আৰু লিখিবলৈ লক্ষ্মীনন্দন বৰাদেৱক উদগনি যোগাইছিল। লক্ষ্মীনন্দন বৰাৰ লোকসেৱা আয়োগৰ পৰীক্ষাত বহাৰ ইচ্ছা আছিল যদিও সাহিত্য চৰ্চা কৰিবলৈ কলেজৰ চাকৰি কৰি ভাল হ’ব বুলিয়েই তেওঁ লোকসেৱা আয়োগৰ পৰীক্ষা দিয়াৰ ইচ্ছা ত্যাগ কৰিছিল।

ড০ লক্ষ্মীনন্দন বৰাদেৱৰ প্ৰথমখন উপন্যাস আছিল নিশাৰ পূৰৱী। এই উপন্যাসখন ১৯৬২ চনত প্ৰকাশিত হৈছিল। ইয়াৰ পাছত তেওঁ ধাৰাবাহিকভাৱে উপন্যাস লিখি আহিছে। বৰ্তমানলৈ লক্ষ্মীনন্দন বৰাদেৱৰ পঁচিছ(২৫)খনতকৈ অধিক উপন্যাস ৰচনা কৰিছে। ইয়াৰোপৰি তেখেতে চুটিগল্প,  নাটক আৰু ভ্ৰমণ কাহিনীও ৰচনা কৰিছে।

ড০ লক্ষ্মীনন্দন বৰাদেৱে ৰচনা কৰা উপন্যাসসমূহ হৈছে –

১) নিশাৰ পুৰৱী(১৯৬২)

২) গঙা চিলনীৰ পাখি(১৯৬৫)

৩) ছাঁ জুইৰ পোহৰত(১৯৬৬)

৪) শিখাৰ সুৰভি(১৯৬৮)

৫) মেঘালী দুপৰ(১৯৬৮)

৬) বলুকাত বিজুলী(১৯৬৯)

৭) আকাশ চমকি ৰয়(১৯৬৯)

৮) মাটিৰ মেঘৰ ছাঁ(১৯৭০)

৯) উত্তৰ পুৰুষ(১৯৭০)

১০) দহন দুলড়ি(১৯৭১)

১১) পতন(১৯৭৯)

১২) আকৌ শৰাইঘাট(১৯৮০)

১৩) ৰাধিকাপুৰ(১৯৮২)

১৪) মা লক্ষ্মী নিকেতন(১৯৮২)

১৫) ঘাতক পলাতক(১৯৮৫)

১৬) পাতাল ভৈৰৱী(১৯৮৬)

১৭) প্ৰতিৰোধ(১৯৮৭)

১৮) বিপন্ন সময়(১৯৮৮)

১৯) গণেশগুৰি(১৯৮৮)

২০) কাল ডিঙৰাৰে পাল(১৯৮৮)

২১) হিয়াত তিৰেবিৰাই(১৯৮৮)

২২) যাকেৰি নাহিকে উপাম(১৯৯৩)

২৩) মদাৰ গছৰ পাণ(১৯৯৫)

২৪) মৎস্য কন্যা(১৯৯৬)

২৫) সেহি গুণনিধি(১৯৯৭)

২৬) মেঘত মাদল বাজে(১৯৯৯)

২৭) কায়কল্প(২০০২) 

২৮) চতুৰংগ(২০০৩)

২৯) তেজস্বিনী(২০০৩)

৩০) গতি মতি ভকতি(২০০৫)

৩১) সেহি সব্যসাচী(২০১৪)

ড০ লক্ষ্মীনন্দন বৰাৰ প্ৰথম প্ৰকাশিত চুটি গল্পৰ পুথি আছিল -দৃষ্টিৰূপা। ১৯৫৮ চনত এই চুটিগল্প পুথিখন প্ৰকাশিত হৈছিল। তেখেতে বৰ্তমানলৈ বহুকেইখন চুটিগল্প পুথি প্ৰকাশ কৰিছে।

লক্ষ্মীনন্দন বৰাদেৱৰ চুটিগল্পৰ পুথিসমূহ হৈছে –

১) দৃষ্টিৰূপা(১৯৫৮)

২) সেই সুৰে উতলা(১৯৬০)

৩) কাঁচিয়লিৰ কুঁৱলী(১৯৬১)

৪) গোপন গধূলি(১৯৬১)

৫) মন মাটি মেঘ(১৯৬২)

৬) অচিন কইনা(১৯৬৩)

৭) এই ৰূপ এই ছন্দ(১৯৬৩)

৮) কঠিন মায়া(১৯৬৬)

৯) দেৱতাৰ ব্যাধি(১৯৬৬)

১০) আৱেশ ইন্দ্ৰজাল(১৯৬৭)

১১) মাজত তুষাৰ নৈ(১৯৬৭)

১২) ব্যতিক্ৰম(১৯৭৬)

১৩) নিষিদ্ধ চেতনা(১৯৭৬)

১৪) সেহি অনুৰাগে(১৯৮০)

১৫) এৰাবাৰীৰ লেচেৰী(১৯৮৩)

১৬) দুষ্টৰ কাৰাগাৰ(১৯৮৪)

১৭) প্ৰেয়সী(১৯৯৩)

১৮) মন বিৰিখৰ জোখ(২০০১)

১৯) মুক্ত পুৰুষ(২০০২)

২০) মন মাটি পিৰীতি(১৯৬২)

২১) লক্ষ্মীনন্দন বৰাৰ গল্প সমগ্ৰ[প্ৰথম খণ্ড](২০০৪)

২২) আলাসত খৰিকাজাই(২০০৬)

২৩) লক্ষ্মীনন্দন বৰাৰ চাৰিটা দশকৰ গল্প সমগ্ৰ(২০০৭)

২৪) বাসন্তী বাসনা(২০১৭)

ড০ লক্ষ্মীনন্দন বৰাদেৱৰ দ্বাৰা প্ৰকাশিত ভ্ৰমণ কাহিনী হৈছে –
পশ্চিমৰ পম খেদি(১৯৯১), জোৰালগা জাৰ্মানীত(১৯৯৩), সীমাৰ পৰিধি ভাঙি(১৯৯৭)। তেখেতে কেইখনমান নাটকো লিখি থৈ গৈছে। তাৰ ভিতৰত হৈছে – সিপুৰীৰ আঁচনি(১৯৭১), একাংক যুগল(১৯৭২), মহে গুণ গুণ কৰে ইত্যাদি।

তেওঁ জীৱনীমূলক গ্ৰন্থও ৰচনা কৰি থৈ গৈছে। সেইকেইখন হ’ল – স্বামী বিবেকানন্দ(১৯৯৭), শঙ্কৰদেৱঃএটি মহাজীৱন(১৯৯৯) আৰু মহাপুৰুষ মাধৱদেৱ(১৯৯৯)।

ডঃ লক্ষ্মীনন্দন বৰাদেৱে এখন আত্মজীৱনীমূলক গ্ৰন্থও ৰচনা কৰিছে। সেই গ্ৰন্থখন হৈছে “কালবলুকাত খোজ”। ২০১০ চনত প্ৰকাশিত হৈছিল তেখেতৰৰ এই আত্মজীৱনীমূলক গ্ৰন্থখন।

ডঃ লক্ষ্মীনন্দন বৰাই বহুকেইখন আলোচনীৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল। ২০০৪ চনত তেওঁ “অভিমত” আলোচনী সম্পাদনাৰ দায়িত্ব লাভ কৰে। ২০০৯ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ “গৰীয়সী” আলোচনীৰ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আছিল।

ডঃ লক্ষ্মীনন্দন বৰাদেৱে লাভ কৰা বঁটা-সন্মান –

ডঃ লক্ষ্মীনন্দন বৰাদেৱে সাহিত্যিক ক্ষেত্ৰত অৱদানৰ বাবে ভালেকেইটা বঁটা তথা সন্মান লাভ কৰিছে।তেওঁ লাভ কৰা বঁটাসমূহ হৈছে –

  • ১৯৬০ চনত “গাঁৱৰে সৰগ ৰচোঁ গ্ৰন্থৰ বাবে ৰাষ্ট্ৰীয় “নিউ লিটাৰেটছ বঁটা” লাভ কৰে।
  • ১৯৮৮ চনত “পাতাল ভৈৰৱী” উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
  • ১৯৯৫ চনত “যাকেৰি নাহিকে উপাম” উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ কৰে।
  • ২০০৪ চনত অসমীয়া সাহিত্যৰ ক্ষেত্ৰত জীৱনজোৰা অৱদানৰ বাবে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে।
  • ২০০৮ চনত “কায়কল্প” উপন্যাসৰ বাবে সৰস্বতী সন্মান লাভ কৰে।
  • ২০১৫ চনত ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।

ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যু –

সৰস্বতী সন্মান লাভ কৰা বৰেণ্য সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যু হয় ২০২১ চনৰ ৩ জুন তাৰিখে। কোভিড মহামাৰীৰ সংক্ৰমণৰ ফলত এইজনা বৰেণ্য অসমীয়া সাহিত্যিকৰ দেহাৱসান ঘটে। প্ৰায় এপষেক ধৰি কোভিড ১৯ৰ লগত যুঁজি অৱশেষত গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত লক্ষ্মীনন্দন বৰাই মৃত্যুক সাৱটি লয়।

ডঃ লক্ষ্মীনন্দন বৰা অসমীয়া সাহিত্যৰ এজন মহীৰূহ আছিল। তেখেতৰ সাহিত্যত তত্ত্বগধূৰ ভাৱ, শব্দৰ গাঁথনি, চৰিত্ৰ সৃষ্টি, পৰিস্থিতিৰ বৰ্ণনা আদিত বিশেষ পাৰদৰ্শিতা লক্ষ্য কৰা যায়। লক্ষ্মীনন্দন বৰাই অসমীয়া সাহিত্যৰ উপন্যাস আৰু গল্পক এক নতুন ভংগী প্ৰদান কৰিছিল। তেখেতৰ অধিকাংশ ৰচনাই গাঁৱৰ পটভূমিত ৰচিত।

ড০ লক্ষ্মীনন্দন বৰাৰ “গঙা চিলনীৰ পাখি” উপন্যাসখনৰ আলমত চলচ্চিত্ৰ পৰিচালক পদুম বৰুৱাই একে নামেৰে এখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল। তেখেতৰ “পাতাল ভৈৰৱী” উপন্যাসৰ কাহিনীৰ আধাৰত জনপ্ৰিয় চেটেলাইট চেনেল “ৰং”ত একে নামেৰেই এখন ধাৰাবাহিক সম্প্ৰচাৰ কৰা হৈছিল আৰু এই ধাৰাবাহিকখনে অসীম জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

লক্ষ্মীনন্দন বৰাদেৱৰ গ্ৰন্থই কেৱল চলচ্চিত্ৰ বা ধাৰাবাহিকৰ ৰূপেই লাভ কৰা নাই। তেখেতৰ ভালেকেইখন উপন্যাসে ভ্ৰাম্যমাণ থিয়েটাৰতো নাট্যৰূপ লাভ কৰিছে। ইয়াৰ ভিতৰত উল্লেখ কৰিব লাগিব লক্ষ্মীনন্দন বৰাদেৱে সাহিত্য অকাডেমি বঁটা লাভ কৰা উপন্যাস “পাতাল ভৈৰৱী”ৰ কথা। ১৯৮৭-৮৮ চনত কহিনুৰ থিয়েটাৰত নাট্যৰূপ দি মঞ্চস্থ কৰা হৈছিল লক্ষ্মীনন্দন বৰাদেৱৰ “পাতাল ভৈৰৱী” উপন্যাসখন। এই নাট্যৰূপ দিছিল অতুল বৰদলৈয়ে।

অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যিকসমূহৰ ভিতৰত লক্ষ্মীনন্দন বৰাও অন্যতম। অসমীয়া সাহিত্যৰ এই মহীৰূহজনে অসমীয়া উপন্যাস সাহিত্যত এক নতুনত্বৰ সূচনা কৰিছিল। আজীৱন সাহিত্য সাধনাৰে লক্ষ্মীনন্দন বৰাই অসমীয়া জাতিৰ আৰু অসমীয়া ভাষাৰ হেতু অৱদান আগবঢ়াই থৈ গ’ল। অসমীয়া সাহিত্যলৈ লক্ষ্মীনন্দন বৰাৰ অৱদান অসমীয়াই চিৰদিন মনত ৰাখিব। লক্ষ্মীনন্দন বৰাৰ অৱদান অসমীয়া সাহিত্যত অনন্তকাললৈ সোণালী অক্ষৰেৰে জিলিকি থাকিব।

আৰু পঢ়ক- ভোলানাথ বৰুৱা

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

0
Would love your thoughts, please comment.x
()
x