ভোলানাথ বৰুৱা
অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে- এই অভিযোগটো অসমীয়া মানুহৰ গাত অতীজৰে পৰাই আছে। কিন্তু এজন মানুহে ঊনৈশ শতিকাতেই এই কথা মিছা বুলি প্ৰমাণ কৰি গৈছিল। অতি উচ্চ খাপৰ ব্যৱসায়িক বুদ্ধি থকা এইজন মানুহক গোটেই অসমেই জানিছিল সদাগৰ ভোলানাথ বৰুৱা নামেৰে। ইংৰাজ আৰু ভাৰতবাসীৰ মাজত পৰিচিত আছিল বি. বৰুৱা নামেৰে। সেইসময়ৰ অন্যান্য অসমীয়া ব্যৱসায়ীসকল আৰু তেওঁৰ মাজত পাৰ্থক্য এয়াই আছিল যে, তেওঁ অসমৰ বাহিৰত থাকি অসমৰ বাহিৰতে ব্যৱসায় কৰিছিল আৰু সমগ্ৰ ভাৰতৰে ভিতৰত এজন লেখত লবলগীয়া ধনী মানুহ হৈ পৰিছিল। আনকি তেওঁ ১৯০৮ চনত এটা বিশেষ কাম সমাধা কৰিবলৈ ইংলেণ্ডলৈ যাওঁতে তাতো চাৰি- পাঁচ মাহৰ বাবে নিজৰ ব্যৱসায়িক অফিচ পাতিছিল। অসমৰ মানুহে সপোনতো ভাবিব নোৱাৰা পৰিমাণৰ ধন তেওঁ কুৰি শতিকাৰ প্ৰথম দশকতে ঘটিছিল আৰু অবিবাহিত হোৱা হেতুকে সেই সমস্ত ধন মৃত্যুৰ পাছত শিক্ষা আৰু সামাজিক কাম-কাজৰ বাবে দান কৰি গৈছিল। এইজন ভোলানাথ বৰুৱাৰ জীৱনৰ বিষয়ে জানি নিশ্চয়কৈ প্ৰতিজন উদ্যমী আৰু স্বাধীনচিতীয়া মানুহেই অনুপ্ৰাণিত হৈ পৰিব। কিন্তু দুখৰ বিষয় এই যে, তেওঁ দ্বাৰা কোনো আত্ম জীৱনী লিখা হোৱা নাছিল। আনকি আন মানুহেও তেওঁ জীৱীত কালত তেওঁৰ কোনো জীৱনী নিলিখিল। তেওঁৰ মৃত্যুৰ সত্তৰ বছৰ পাছতহে সাহিত্যিক যোগেন্দ্ৰনাৰায়ণ ভূঞাই ‘সদাগৰ ভোলানাথ বৰুৱা’ নামেৰে এখন কিতাপ লিখি উলিয়াইছিল। আমাৰ এই লিখনীও এই কিতাপখনক উপজীব্য কৰিয়েই লিখা হৈছে।
ভোলানাথ বৰুৱাৰ জন্ম আৰু শৈশৱ
ভোলানাথ বৰুৱাৰ জন্ম হৈছিল ১৮৫৩ চনত নগাঁৱৰ পুৰণিগুদামত। তেখেতৰ পিতৃৰ নাম আছিল ঘনশ্যাম বৰুৱা আৰু মাতৃৰ নাম ভোগদৈ আছিল।নগাঁও জিলাৰ বিখ্যাত খৰঙী বৰুৱা বংশত তেওঁৰ জন্ম। তেওঁৰ পিতৃ ঘনশ্যাম বৰুৱা মৌজাদাৰ আছিল কিন্তু পাছলৈ মৌজা হেৰুৱাই তেওঁৰ আৰ্থিক আৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল। তাৰ প্ৰভাৱ পুত্ৰ ভোলানাথৰ জীৱনতো পৰিছিল। তেওঁ জীৱনৰ শৈশৱ, কৈশোৰ আৰু ডেকা কালছোৱা অত্যন্ত অভাৱৰ মাজতে কটাইছিল বুলি জানিব পাৰি। তেওঁৰ কৈশোৰ কালৰ এটা বৰ আমোদজনক ঘটনাৰ বিষয়ে এবাৰ তেওঁ সাংবাদিক লক্ষীনাথ ফুকনক কৈছিল—তেওঁ বোলে সৰু কালতে জাৰত ঠেৰেঙা লগা পুহ মহীয়া পুৱা পুখুৰীত ডুব মাৰি পাঁচ টকাৰ বাজি জিকিছিল আৰু পুখুৰীত জোবোৰা মৰাৰ আগতে তেওঁ যে ব্ৰাণ্ডি এটুপিৰে গাটো গৰম কৰি লৈছিল
ভোলানাথ বৰুৱাৰ শিক্ষা জীৱন
ভোলানাথ বৰুৱাই নগাঁৱৰ চৰকাৰী হাইস্কুলত তেতিয়াৰ থাৰ্ড ক্লাছ বা বৰ্তমানৰ অষ্টম শ্ৰেণী পৰ্যন্ত পঢ়িছিল। তেওঁ পুৰণিগুদামৰ নিজৰ ঘৰৰ পৰা নগাঁৱলৈ নিতৌ ৮ মাইল বাট খোজ কাঢ়ি গৈছিল বুলি জানিব পৰা যায়। নগাঁও চৰকাৰী হাইস্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়াৰ পাছত গুৱাহাটীলৈ আহি সম্বন্ধীয় ককায়েক মাণিক চন্দ্ৰ বৰুৱা আৰু ফটিক চন্দ্ৰ বৰুৱাৰ আশ্ৰয়ত থাকি কটন কলেজিয়েট স্কুলত এণ্ট্ৰেন্স পৰীক্ষালৈকে পঢ়িছিল বুলি জনা যায়। সেই সময়ত তেওঁৰ সহপাঠী আছিল সাহিত্যিক কমলাকান্ত ভট্টাচাৰ্য। ভট্টাচাৰ্যই তেওঁৰ আত্মজীৱনীত ভোলানাথ বৰুৱাৰ বিষয়ে এনেদৰে লিখিছিল- অসমত অসমীয়া ভাষা পুনৰ্বাসন ঘটোৱা সম্পৰ্কত ঊনবিংশ শতিকাৰ ৬০ দশকৰ শেষৰ ফালে কলেজিয়েট স্কুলৰ যিকেইজন ছাত্ৰই অহোপুৰুষাৰ্থ কৰিছিল, ভোলানাথো আছিল সেই কেইজনৰে এজন। পাছৰ জীৱনত অসমৰ পৰা দূৰত থাকিও অসমীয়া ভাষা আৰু জাতিক প্ৰকৃততে ভাল পাইছিল তেওঁ।
ভোলানাথ বৰুৱাৰ কৰ্ম-জীৱনৰ আৰম্ভণি-
পঢ়া-শুনা শেষ কৰি ভোলানাথ বৰুৱাই অসমৰ প্ৰথম বৃহৎ পুঁজিৰ কোম্পানী ‘ বৰুৱা-ফুকন ব্ৰাদাৰ্ছ’ৰ কাঠৰ ব্যৱসায় বিভাগৰ মেনেজাৰৰ কামত সোমায়। কিন্তু ১৮৯০ চন মানত সেই কোম্পানী দেউলীয়া হোৱাৰ পাছত তেওঁ নিবনুৱা হৈ পৰে। কিন্তু জীৱনত কোনো দিনে ভাগি নপাৰ ভোলানাথে সেই অভিজ্ঞতাকো আশীৰ্বাদ হিচাপে ল’লে। এইবাৰ তেওঁ নিজেই স্বাধীন ভাৱে ব্যৱসায় কৰাৰ বাবে মন বান্ধিলে। সেই যে তেওঁ মন বান্ধিল সেই বান্ধ কোনো দিনে ঢিলা ন’হল। তেওঁ প্ৰথমে অসমত উৎপাদিত কাপোৰৰ ব্যৱসায় এটাত হাত দিলে। এই ব্যৱসায়ত তেওঁ কিমানদূৰ সফল হৈছিল সেয়া জনা নাযায়। কিন্তু বিফল যে নাছিল সেয়া ধাৰণা কৰিব পাৰি, কিয়নো তেওঁৰ আসাম চিল্কৰ ব্যৱসায়টোৰ বিজ্ঞাপন সেই সময়ৰ আগশাৰীৰ অসমীয়া আলোচনী জোনাকীতো প্ৰকাশ পাইছিল।
কলিকতা যাত্ৰা আৰু লক্ষীনাথ বেজবৰুৱাৰ সৈতে মিলন-
ভোলানাথ বৰুৱাৰ কলিকতা যাত্ৰাৰ সঠিক সময়ৰ বিষয়ে জনাৰ কোনো উপায় নাই। কিন্তু বিভিন্ন লেখকৰ মতৰ পৰা ঠাৱৰ কৰিব পাৰি যে, তেওঁৰ কলিকতা যাত্ৰাৰ সময় ১৮৯১ পৰা ১৮৯২ ৰ ভিতৰত। আগৰে পৰা চিনাকী থকাৰ বাবেই তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ লগতেই আশ্ৰয় ললেগৈ। সেই সময়ত বেজবৰুৱা কলিকতাৰ শোভাৰাম বসাক লেনৰ দুমহলীয়া ঘৰ এটাৰ ওপৰৰ মহলাৰ এটা কোঠালীত ভাড়া কৰি আছিল। তাৰ কাষৰে এটা কোঠালীত ভোলানাথ বৰুৱা নিবাসী হ’লগৈ। ভোলানাথ বেজবৰুৱাতকৈ দহ- পোন্ধৰ বছৰ ডাঙৰ আছিল যদিও তেওঁলোকৰ বিশাল ব্যক্তিত্বই ইজনে-সিজনক আকৰ্ষণ কৰিলে। আৰু কিছুদিনৰ ভিতৰতেই তেওঁলোক সহোদৰ ভাতৃৰ দৰেই হৈ পৰিল। বেজবৰুৱাই তেওঁৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণত লিখিছিল যে, পোনতে কলিকতাই গৈয়েই ভোলনাথ বৰুৱাৰ এটা ডাঙৰ অসুখ হয়।এই অসুখ প্ৰায় দুমাহ আছিল। সেই সময়ত বেজবৰুৱাৰ বি. এল. (আইনৰ স্নাতক) পৰীক্ষালৈ মাত্ৰ পোন্ধৰ দিন বাকী আছিল। কিন্তু সেই সময়ত তেওঁ পৰীক্ষাৰ চিন্তা বাদ দি দিনে-ৰাতিয়ে ভোলানাথ বৰুৱাৰ শুশ্ৰূষাৰ কামতেই ব্যস্ত হৈ আছিল। তাৰ পৰিণাম স্বৰূপে বেজবৰুৱা পৰীক্ষাত অকৃতকাৰ্য হৈছিল কিন্তু তেওঁলোকৰ সম্পৰ্কটোৱে এটা নতুন মাত্ৰা লাভ কৰিছিল।
কলিকতাত ব্যৱসায়ৰ আৰম্ভণি-
কলিকতালৈ গৈ ভোলানাথে পোন-প্ৰথমে গাৰোপাহাৰৰ পৰা কপাহ আনি বিখ্যাত ‘মেকলিউড’ কোম্পানীক বেচিছিল। তাৰ পাছত ‘বি. ব্ৰাদাৰ্ছ’ নামৰ এটা কোম্পানী খুলি চাহ-পাত আৰু চেগুণ কাঠৰ ব্যৱসায় আৰম্ভ কৰিলে। তাৰ পাছত তেওঁ বেংগল-নাগপুৰ ষ্টেচন গুইলেকৰ আৰু মনোহৰপুৰত সৰু-সুৰাকৈ ৰে’লৰ শ্লিপাৰৰ ব্যৱসায় কৰিবলৈ মনস্থ কৰে। আৰু চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা তাকৰীয়াকৈ গছ ৰয়েল্টীত বন্দবস্ত কৰি লৈ সেই কাৰ্যত হাত দিলে।
ইতিমধ্যে বি. এল. পৰীক্ষাত অকৃতকাৰ্য হৈ বেজবৰুৱাইয়ো স্বাধীনভাৱে ব্যৱসায় কৰাৰ বাবে মন মেলিলে। তেওঁ এই কথা ভোলানাথ বৰুৱাক কোৱাত বৰুৱাই তেওঁক দুহাতেৰে আকোঁৱালি ল’লে বুলি আত্মজীৱনীত উল্লেখ কৰি গৈছে। তাৰ পাছৰে পাৰ লক্ষ্মীনাথো ভোলানাথ বৰুৱাৰ ব্যৱসায়ৰ সংগী হৈ পৰিল।
ব্যৱসায়িক সম্প্ৰসাৰণ
ভোলানাথ বৰুৱাৰ সৈতে আৰু লক্ষীনাথ বেজবৰুৱাৰ মিলনৰ পাছৰে পৰা তেওঁলোকৰ ব্যৱসায়ে দোপাতদোপে উন্নতি কৰিবলৈ ধৰিলে। তেওঁলোকৰ ব্যৱসায়ৰ কামত সহায় কৰিবলৈ সেই সময়ত অসমৰ পৰা গোপানাথ বৰুৱা নামৰ এজন সম্বন্ধীয় ভায়েক আৰু মহীনাৰায়ণ বৰা নামৰ এজন ভতিজাকো ভোলানাথে কলিকতালৈ লৈ গৈছিল । তেওঁলোকৰ ব্যৱসায়ৰ কিছু উন্নতি হোৱাৰ পাছতেই তেওঁলোকে শোভাৰাম বসু লেনৰ ঘৰ এৰি ১৯ নম্বৰ গোপীকৃষ্ণ লেনৰ ঘৰ এটালৈ তেওঁলোকৰ ঠিকনা সলনি কৰিলে। তালৈ বেজবৰুৱাই পত্নী প্ৰজ্ঞাসুন্দৰীকো লৈ আহিল। ঘৰটোৰ আগফালৰ অংশটোত আছিল ভোলানাথ আৰু ভিতৰৰ অংশটোত আছিল লক্ষ্মীনাথ আৰু তেওঁৰ পত্নী প্ৰজ্ঞাসুন্দৰী। এইখিনি সময়তেই ভোলানাথ বৰুৱাৰ ‘বি. ব্ৰাদাৰ্ছ’ কোম্পানীটো ‘বি. বৰুৱা কোম্পানী’লৈ পৰিৱৰ্তন হ’ল আৰু তেওঁলোকে মুখ্যতঃ কাঠৰ ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ ধৰিলে।
ব্যৱসায়ে ঠন ধৰি উঠাত ভোলানাথ বৰুৱাৰ পুঁজি আছিল ঘাইকৈ তেওঁৰ বৌদ্ধিক চতুৰতা, বাণিজ্যিক নিপুণতা আৰু আন্তৰিক একাগ্ৰতা। অৱশ্যে এইবোৰৰ লগত যোগ হৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি থকা তেওঁৰ প্ৰশ্নাতীত আস্থাশীলতা। সেই সময়ত ব্যৱসায় সংক্ৰান্তত বা সামাজিক ক্ষেত্ৰত বেজবৰুৱাৰ বিষয়ে ভোলানাথে সদায়ে নিজৰ ভাই বুলিয়েই চিনাকী দিছিল। সেই সময়ত বি. বৰুৱা কোম্পানীৰ গাড়ী-ঘোঁৰা, কেৰাণী-মহৰী আদি নাছিল আৰু কোম্পানীৰ প্ৰায়ভাগ দ্বায়িত্ব বেজবৰুৱাই পালন কৰিব লগা হৈছিল। প্ৰতিষ্ঠা হোৱাৰ পাঁচ বছৰ মান পাছৰ পৰাহে তেওঁলোকৰ আৰ্থিক অৱস্থা স্বচ্ছল হৈছিল। কোম্পানীয়ে গাড়ী-বাগী কিনিছিল, কেৰাণী-মহৰী,মেনেজাৰ আদি ৰাখিব পৰা হৈছিলগ। বেজবৰুৱাৰ দিনলিপিৰ তথ্যমতে, ১৮৯৫ চনত বি. বৰুৱা কোম্পানীয়ে কৰা আৰ্থিক লেন-দেনৰ এক মোটামুটি হিচাপ ১,৫৭,৫৯৩ টকা আৰু ১৯০১ চনত এই হিচাপ বৃদ্ধি পাইছিল ৭,৪৯,২১২ টকালৈ।
বেজবৰুৱাৰ মতে. ভোলানাথ বৰুৱাৰ এটা বিশেষ গুণ আছিল, সেয়া হৈছে মানুহক তেওঁ নানা কৌশলেৰে বশ কৰিব পাৰিছিল। বেংগল টিম্বাৰ ট্ৰেডিং কোম্পানীৰ ফৰেষ্ট মেনেজাৰ আছিল মিষ্টাৰ হুইফিন। তেওঁৰ হেড কোৱাৰ্টাৰ আছিল পানপোছ ষ্টেচনত। ভোলানাথ বৰুৱাই লাহে লাহে হুইফিন চাহাবক সন্তষ্ট কৰি বেংগল টিম্বাৰত শ্লিপাৰ যোগান ধৰিবলৈ বন্দবস্ত কৰিলে। জংঘল লোৱা আৰু শ্লিপাৰ কটোৱা সকলো খৰচ বেংগল টিম্বাৰে প্ৰতি সপ্তাহে বি. বৰুৱা কোম্পানীক দিবলৈ ধৰিলে। সেই সময়তে গাংপুৰৰ ৰজাৰ সৈতে ভালকৈ চিনাকী হৈ বন্ধুত্ব কৰি ভোলানাথ বৰুৱাই শাল কাঠৰ ভাল জংঘল এখন বন্দবস্ত কৰি ল’লে। পাছলৈ বি. বৰুৱা কোম্পানীয়ে পোনপটীয়াকৈ বিভিন্ন ৰেলৱে কোম্পানীক শ্লিপাৰ যোগান ধৰিবলৈ ললে আৰু তেনেকৈয়ে তেওঁ লাখ লাখ টকাৰ লাভ অৰ্জন কৰে।
চাহ-কাঠ আদিৰে ব্যৱসায় আৰম্ভ কৰা ভোলানাথ বৰুৱাই কিছুদিনৰ বাবে কয়লা আৰু কেৰাছিন তেলৰ ব্যৱসায় কৰাৰ কথাও বেজবৰুৱাই তেওঁৰ আত্ম-জীৱনীত লিখি গৈছে। কিন্তু বিশেষ লাভ নোহোৱাত সেই দুটা ব্যৱসায় তেওঁ এৰি দিয়ে। তাৰ পাছত তেওঁ শিলগুটি যোগান দিয়া ব্যৱসায় এটাও কিছুদিনৰ বাবে কৰিছিল। ১৮৯৯ চনৰ আৰম্ভণিৰে পৰা ভোলানাথ বৰুৱাই লোহাৰ বাকচ যোগান দিয়া ব্যৱসায়তো হাত দিছিল। ‘ৰাধা বজাৰ ষ্ট্ৰীট ট্ৰাংক শ্বপ’ আৰু ‘মিছলেনিয়চ ষ্টৰ’ নামৰ দুখন দোকানো আছিল ভোলানাথৰ। এনেকৈয়ে চতুৰ ব্যৱসায়িক বুদ্ধিসম্পন্ন ভোলানাথে বিভিন্ন দিশলৈ তেওঁৰ বাণিজ্যৰ শাখা-প্ৰশাখা মেলি দিছিল। বেজপৰুৱাৰ জীৱনীৰ পৰাই জনা যায় যে, বৰুৱাই তেওঁৰ ব্যৱসায়িক জীৱনৰ বেছিভাগ সময় তেওঁৰ কৰ্মস্থলী উৰিষ্যাৰ ঝাড়সোগড়া নামৰ ঠাইখনহে বাস কৰিছিল। আৰু মাহেকে-পষেকে কেইদিনমানৰ বাবেহে কলিকতালৈ আহিছিল ব্যৱসায়ৰ লেন-দেন কৰিবলৈ বা অৱসৰ বিনোদন কৰিবলৈ।
১৯০৩ চনৰ শেষৰ ফালে লক্ষ্মীনাথ আৰু ভোলানাথ বৰুৱাৰ মাজত সংঘাত আৰম্ভ হয় আৰু ১৯০৪ চনত তেওঁলোকৰ ব্যৱসায়িক সম্বন্ধৰ অন্ত পৰে কিন্তু তেওঁলোকৰ ব্যক্তিগত সম্পৰ্ক আৰু সদ্ভাৱ আজীৱন অটুট আছিল বুলি জনা যায়।
ভোলানাথ বৰুৱাৰ ব্যক্তিগত জীৱন
ভোলানাথ বৰুৱা চিৰকুমাৰ আছিল। তেওঁ জীৱনৰ শেষ সময়ত বিশ্বনাথ বৰুৱা নামৰে তেওঁৰ এজন সম্বন্ধীয় ভতিজাকক হিন্দু ধৰ্মৰ নিয়ম অনুসৰি পুষ্য পুত্ৰ কৰি লৈছিল। পিছে সেই বিশ্বনাথৰ অকাল মৃত্যু হৈছিল বুলি জনা যায়। ঊনৈশ শতিকাৰ নব্বৈ দশকৰ আৰম্ভণিতে অসম এৰি যোৱা ভোলানাথে অসমলৈ তাৰ পাছত মাত্ৰ এবাৰহে কিছুদিনৰ বাবে আহিছিল। কিন্তু অসমৰ বাহিৰত থাকিলেও তেওঁ ঘৰৰ মানুহ আৰু মিতিৰ-কুটুমৰ খা-খবৰ লৈ আছিল আৰু বিপদে-আপদে তেওঁলোকক অৰ্থ সাহাৰ্য দিছিল বুলি জনা যায়। তেওঁ চাহাবী ঢঙত থাকি ভাল পাইছিল বুলি জনা যায়। সাজে-পোচাকে, খোৱা-লোৱাত আনকি দেখিবলৈও তেওঁ চাহাবৰ দৰেই আছিল বুলি তেওঁক লগ পোৱা ব্যক্তিসকলে লিখি গৈছে।
১৯০৮ চনৰ মাৰ্চ মাহত তেওঁ গুণাভিৰাম বৰুৱাৰ পুত্ৰ জ্ঞানদাভিৰাম বৰুৱাৰ সৈতে ব্যৱসায়িক কামত বিলাতলৈ গৈছিল। তাত তেওঁ পাঁচ মাহ কাল আছিল। জানিব পৰা মতে, তেওঁ হেনো জীৱনৰ শেষৰ চোৱা সময় বিলাতহে কটাব খুজিছিল।
ভোলানাথ বৰুৱাৰ সম্পত্তিৰ পৰিমাণ
ভোলানাথ বৰুৱাৰ স্থাৱৰ-অস্থাৱৰ বহুতো সম্পত্তিয়েই আছিল। হেমচন্দ্ৰ গোস্বামীৰ মতে, মৃত্যুৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫০-৬০ লাখ মান টকাৰ আছিল। আজিৰ তাৰিখত তাৰ মুল্য কেইবা শ কোটিও হব। সেইসময়ত তেওঁ ভাৰতৰ ভিতৰতে এজন লেখত লবলগীয়া ধনী মানুহ আছিল। তেওঁৰ দিল্লী, কলিকতা, চিমলা, ছিলং আৰু উৰিষ্যাৰ ঝাড়সোগড়া আদি ঠাইত কেইবাটাও বিলাসী ঘৰ আছিল বুলি জনা যায়। ১৯১০ চন মানতে তেওঁ এখন মটৰ গাড়ীও ক্ৰয় কৰিছিল বুলি জনা যায়। বোধহয় তেঁৱেই আছিল মটৰ গাড়ী ক্ৰয় কৰা প্ৰথমজন অসমীয়া।
ভোলানাথ বৰুৱাই আগবঢ়োৱা দান-বৰঙণি-
বাণিজ্য বীৰ হোৱাৰ উপৰিও ভোলানাথ বৰুৱাক দানবীৰ বুলিও কব পাৰি। ইমান নিঃস্বাৰ্থ ভাবে অৰ্থানুদান দিয়া ব্যক্তি সেইসময়ত আন কোনো নাছিল বুলিবই পাৰি। তেওঁৰ কেইটামান উল্লেখযোগ্য দানৰ বিষয়ে তলত উল্লেখ কৰিলোঁ–
(১)কাশীৰ হিন্দু বিশ্ববিদ্যালয়ৰ বাবে ১ লাখ ২০ হাজাৰ টকা।
(২) অসম চৰকাৰলৈ কাৰিকৰী শিক্ষানুষ্ঠান পাতিবলৈ এক লাখ টকা। সেই ধনৰ সহায়ৰেই ১৯২৭ চনৰ ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে যোৰহাটত ‘প্ৰিন্স অৱ ৱেলছ টেকনিকেল স্কুল’ প্ৰতিষ্ঠা কৰিছিল।
(৩)বিশাখাপট্টনমৰ কিং জৰ্জ হাস্পতালত ১০ হেজাৰ টকা।
(৪) বালিগঞ্জৰ ছোৱালী বিদ্যালয়লৈ ৫ হাজাৰ টকা।
(৫) ঝাড়সোগৰাত জনসাধাৰণৰ বাবে এখন চিকিৎসালয় নিৰ্মাণ।
(৬) হেমচন্দ্ৰ গোস্বামী সংকলিত ৭ টা খণ্ডৰ “অসমীয়া সাহিত্যৰ চানেকী”খন প্ৰকাশৰ অৰ্থে ভোলানাথ বৰুৱাই কলিকতা বিশ্ববিদ্যাসয়ক ১০ হাজাৰ টকা প্ৰদান প্ৰদান কৰিছিল।
ভোলানাথ বৰুৱাৰ উইল
মৃত্যুৰ প্ৰাক-মুহূৰ্তত বৰুৱাই সমস্ত সম্পত্তি “উইল” কৰি থৈ গৈছিল। সেই পত্ৰ মতে, মহীনাৰায়ণ বৰা, তৰুণচন্দ্ৰ বৰুৱা আৰু ককায়েকৰ নাতিয়েক কেশৱকান্ত বৰুৱাই জীয়াই থকালৈকে সম্পত্তিৰ আয় ভোগ কৰিব আৰু তেওঁলোকৰ অবৰ্তমানত সমস্ত সম্পত্তি অসম চৰকাৰলৈ প্ৰদান কৰা হ’ব। সেই সম্পত্তি-ধন অসম চৰকাৰে প্ৰাথমিক শিক্ষাৰ উন্নতিত খটুৱাব।
মৃত্যু
১৯২৩ চনৰ মে মাহৰ ৩১ তাৰিখে পুৱা ২:৩০ বজাত হাওড়াত সদাগৰ ভোলানাথ বৰুৱাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ।
ভোলানাথ বৰুৱাৰ মৃত্যুৰ পাছত তেখেতৰ সোঁৱৰণত অসম চৰকাৰে ১৯৪৩ চনত গুৱাহাটী মহানগত ‘ভোলনাথ বৰুৱা মহাবিদ্যালয়‘ প্ৰতিষ্ঠা কৰে। সেই তেতিয়াতেই অসমৰ পৰা গৈ কলিকতাত নিজৰ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা ভোলানাথ বৰুৱা অসমীয়াৰ বাবে অনুপ্ৰেৰণাৰ উৎস। অতি সাধাৰণ অৱস্থাৰ পৰা তেওঁ বহু কষ্ট স্বীকাৰ কৰি সেইসময়ৰ ভাৰতৰ এজন উল্লেখযোগ্য ব্যৱসায়ী হৈছিলগৈ। ভোলানাথ বৰুৱাৰ জীৱনে আমাক বহু শিক্ষা দি গৈছে। তেওঁ অত্যন্ত ধনৱান আছিল যদিও যথেষ্ট সমাজ-হিতৈষী কাৰ্য হাতত লৈছিল। ভোলানাথ বৰুৱাৰ মাতৃভূমিৰ প্ৰতি থকা টানৰ বাবেই তেওঁ তেখেতৰ সম্পত্তি অসমৰ শিক্ষাৰ বাবে প্ৰদান কৰি থৈ গৈছিল বুলি কব পাৰি।
আৰু পঢ়ক –জগন্নাথ বৰুৱা
[…] আৰু পঢ়ক- ভোলানাথ বৰুৱা […]
[…] ব্ৰাডাৰ্চ’ নামৰ কোম্পানীটোৰ মেনেজাৰ ভোলানাথ বৰুৱাইয়ো গৈ কলিকতাত ভাগ্যৰ অন্বেষণ কৰি […]