তথ্যকোষসাময়িকী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ সমাহাৰেৰে কাজিৰঙা অসমৰ এখন গুৰুত্বপূৰ্ণ পৰ্যটনস্থল। এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা বিশ্ববিখ্যাত। কাজিৰঙাৰ মাটিকালি প্ৰায় ৪৩০ বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সমগ্ৰ বিশ্বতে অসম তথা ভাৰতৰ ধ্বজা বহন কৰি আছে। পৃথিৱীৰ অন্যান্য উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত অন্যতম এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।  

কাজিৰঙা নামৰ উত্‍‍‍‍‍‍পত্তিৰ ইতিহাস 

আহোম শাসনকালত কাজিৰঙাৰ নাম আছিল ভোগদুৱাৰ। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ আৰু ৰুদ্ৰ সিংহই এসময়ত ইয়াত বাহৰ পাতিছিল বুলি জনা যায়। ব্ৰিটিছসকল অসমলৈ অহাৰ পাছৰ পৰাই এই অঞ্চলটোক কাজিৰঙা নামেৰে জনা যায়। কাজিৰঙা নামটোৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতবাদ পোৱা যায়। তাৰে এটা মতবাদ অনুসৰি, “কাজি” আৰু “ৰঙাই” নামৰ এহাল সন্তানহীন দম্পতীয়ে এই অঞ্চলটোত বাস কৰিছিল। তেওঁলোকৰ ৮০ পুৰা মাটিৰ এটা প্ৰকাণ্ড পুখুৰী আছিল। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই এই দম্পতীহালৰ পুখুৰীৰ মাছ খাই তৃপ্তি পোৱা বাবে এই দম্পতীহালৰ নামানুসাৰেই এই অঞ্চলটোৰ নাম কাজিৰঙা হয় বুলি প্ৰচলিত আছে।
অন্য় এটা মতবাদমতে,মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে ফেৰেং হাজৰিকা নামৰ এজন আহোম বিষয়াক এই অঞ্চলতে হত্যা কৰিছিল। এই বিষয়াজনৰ দেহৰ পৰা কজলা বৰণৰ তেজৰ ধাৰা বৈ যোৱা বাবে এই ঠাইখনৰ নাম কাজিৰঙা হয় বুলি প্ৰবাদ আছে। আন এটা মতবাদ অনুসৰি, সংস্কৃত ভাষাৰ “কুঞ্জৰ ৰংগ” শব্দৰ পৰা কাজিৰঙা নামৰ উৎপত্তি ঘটিছে। কিছুমানৰ মতে আকৌ কাৰ্বি ভাষাৰ “কাৰ্জো লাংচ” শব্দৰ পৰা কাজিৰঙা শব্দৰ উৎপত্তি ঘটিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সৃষ্টিৰ ইতিহাস

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সৃষ্টিৰ ইতিহাস বৰ দীঘলীয়া। কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰূপে গঢ় দিয়াত বহুলোকৰ কষ্ট আৰু প্ৰচেষ্টা জড়িত হৈ আছে। তাৰ ভিতৰত প্ৰথমে ল’ব লাগিব নিগনা চিকাৰী আৰু লেডী কাৰ্জনৰ নাম। অসমৰ কাজিৰঙাত এশিঙীয়া গঁড় পোৱা যায় বুলি গম পাই সেইসময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনৰ পত্নী লেডী লেইষ্টাৰ কাৰ্জনে ১৯০৪ চনত কাজিৰঙালৈ এশিঙীয়া গঁড় চাবলৈ আহিছিল আৰু তেখেতক গঁড় দেখুওৱাৰ দায়িত্ব লৈছিল নিগনা চিকাৰীৰূপে বিখ্যাত বলোৰাম হাজৰিকাই। কিন্তু লেডী কাৰ্জন বিমুখ হ’ব লগা হ’ল। তেখেতে কেৱল গঁড়ৰ খোজৰ চিনহে দেখা পালে। নিগনা চিকাৰীয়ে তেতিয়া লেডী কাৰ্জনক সেইসময়ত কাজিৰঙাত চলি থকা গঁড় আৰু অন্য জীৱ-জন্তুৰ অবাধ চিকাৰৰ কথা বৰ্ণনা কৰিলে।
Embed from Getty Images
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱালীৰে সৈতে এজনী মাইকী গঁড়
ইয়াৰোপৰি তেওঁ গঁড় সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে লেডী কাৰ্জনৰ আগত ব্যাখ্যা আগবঢ়ায়। লেডী কাৰ্জন উভতি গৈয়েই স্বামী লৰ্ড কাৰ্জনক এই বিষয়ে অৱগত কৰিলে। লেডী কাৰ্জনৰ প্ৰস্তাৱত ব্ৰিটিছ চৰকাৰ সন্মত হ’ল। ১৯০৫ চনৰ ১ জুনত কাজিৰঙাক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰিলে। সেইসময়ত কাজিৰঙাৰ মাটিকালি আছিল ২৩২ বৰ্গ কিলোমিটাৰ। তাৰপাছত ১৯০৮ চনৰ ৩ জানুৱাৰীত মাটিকালি ১৫২ বৰ্গ কিলোমিটাৰ বৰ্ধিত কৰি কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। ১৯১৬ চনৰ ১০ নৱেম্বৰত কাজিৰঙাক “প্ৰমোদ অভয়াৰণ্য(Game Sanctuary)”ৰূপে ঘোষণা কৰা হয়।
কাজিৰঙাক সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰা বহুবছৰ পাছলৈও কাজিৰঙাত চিকাৰ কাৰ্য চলি আছিল আৰু দৰ্শনাৰ্থীৰ বাবে কাজিৰঙা মুকলি কৰা হোৱা নাছিল। কিন্তু ১৯৩৮ চনত বন সংৰক্ষক এ জে মিলৰয় নামৰ ব্ৰিটিছ বিষয়াজনৰ নেতৃত্বত কাজিৰঙাত চিকাৰ নিষিদ্ধ কৰা হয় আৰু পৰ্যটকৰ বাবে কাজিৰঙা মুকলি কৰা হয়। এইক্ষেত্ৰত মিলৰয়ে মহীচন্দ্ৰ মিৰি নামৰ অসমীয়া বন বিষয়া এজনৰ ব্যাপক সঁহাৰি আৰু পৰামৰ্শ লাভ কৰিছিল। মহীচন্দ্ৰ মিৰিয়ে কাজিৰঙাক ৰক্ষা কৰিবলৈ বহুখিনি কষ্ট স্বীকাৰ কৰিছিল।
১৯৫০ চনত কাজিৰঙাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু অৱশেষত ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানস্বৰূপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙাৰ মাটিকালি আছিল মুঠ ৪৩০ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত UNESCO ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ(World Heritage Site) হিচাপে ঘোষণা কৰে।

কাজিৰঙাৰ ভৌগোলিক অৱস্থান

গোলাঘাট জিলাৰ বোকাখাট মহকুমা আৰু নগাঁও জিলাৰ কলিয়াবৰ মহকুমাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদিয়েই পাৰ হৈ গৈছে। ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙাৰ কাষেদিয়েই পাৰ হৈ গৈছে। কাজিৰঙাৰ মাজেদি মৰা ধনশিৰী আৰু ডিফলু নৈ বৈ গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূবত বোকাখাট নগৰ, পশ্চিমত জখলাবন্ধা নগৰ,উত্তৰত ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণত কাৰ্বি পাহাৰ আছে। মূল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ৪৩০ বৰ্গ কিলোমিটাৰ যদিও কিন্তু ইয়াৰ লগত থকা ন(৯)টা সংযোজনসহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ মাটিকালি প্ৰায় ৯১৫.৩৩ বৰ্গ কিলোমিটাৰ।

কাজিৰঙাৰ প্ৰশাসনিক ভাগ:-

কাজিৰঙা এখন বিশাল ৰাষ্ট্ৰীয় উদ্যান।পৰিচালনাৰ সুবিধাৰ বাবে বিশাল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক পাঁচটা ভাগত বিভক্ত কৰা হৈছে।প্ৰশাসনিক সুবিধাৰ হেতু কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই ভাগকেইটা হৈছে-
১) উত্তৰ
২) মধ্য
৩) পূব
৪) পশ্চিম
৫) বুঢ়াপাহাৰ
কাজিৰঙাৰ উত্তৰভাগৰ মুখ্য কাৰ্যালয় আছে বিশ্বনাথ চাৰিআলিত,মধ্যভাগৰ মুখ্য কাৰ্যালয় আছে কঁহৰাত,পূব ভাগৰ মুখ্য কাৰ্যালয় আছে অগৰাতলিত,পশ্চিমভাগৰ মুখ্য কাৰ্যালয় আছে বাগৰিত আৰু বুঢ়াপাহাৰ ভাগৰ মুখ্য কাৰ্যালয় আছে ঘোঁৰাকাটিত।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু প্ৰায় সেমেকা। ইয়াত শীতকালত সৰ্বোচ্চ উষ্ণতা ২৬ ডিগ্ৰী ছেন্টিগ্ৰেড আৰু নিম্নতম উষ্ণতা ১০ ডিগ্ৰী ছেন্টিগ্ৰেড।ইয়াত গ্ৰীষ্মকালত সৰ্বোচ্চ উষ্ণতা ৩৭ ডিগ্ৰী ছেন্টিগ্ৰেড আৰু নিম্নতম উষ্ণতা ২২ ডিগ্ৰী ছেন্টিগ্ৰেড।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা জীৱকুলৰ বাবে ই বিশ্ববিখ্যাত। এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা বিশ্ববিখ্যাত। বিশ্বৰ এশিঙীয়া গঁড়ৰ প্ৰায় দুই তৃতীয়াংশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে আছে।কাজিৰঙা হৈছে এশিঙীয়া গঁড়ৰ বিচৰণভূমি। কাজিৰঙাত এশিঙীয়া গঁড়ৰ ব্যাপকতাৰ বাবে ইয়াক “কাজিৰঙা দ্যা ৰাইন’লেণ্ড” বুলি আখ্যা দিয়া হয়। বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ২৫০০ টা এশিঙীয়া গঁড় আছে।
Embed from Getty Images
কাজিৰঙাৰ হাতী
এশিঙীয়া গঁড়ৰ উপৰিও কাজিৰঙাত আন বহুতো প্ৰাণী আছে। তাৰ ভিতৰত – ঢেকীয়াপতীয়া বাঘ,নাহৰফুটুকী বাঘ,ঘোঙ,কুকুৰনেজীয়া বাঘ,মেকুৰীজাতীয় আন প্ৰাণী, হাতী, মেথোন, সুগৰী পহু,বনৰীয়া ম’হ,বন গাহৰি,টুপীমুৰীয়া বান্দৰ,সোণালী বান্দৰ,লাজুকী বান্দৰ,মলুৱা বান্দৰ,হলৌ বান্দৰ আদি বিবিধ প্ৰজাতিৰ বান্দৰ,ভালুক,শিয়াল,শহাপহু,বনৰৌ,হৰিণ,বিভিন্ন প্ৰকাৰৰ পহু ইত্যাদি। “বিগ ফাইভ” হিচাপে আখ্যা দিয়া পাঁচোটা জন্তুৱেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। সেইকেইটা হৈছে-গঁড়, হাতী,ঢেকীয়াপতীয়া বাঘ,ম’হ আৰু দল হৰিণ।  কাজিৰঙাত পোৱা প্ৰাণীসমূহৰ ভিতৰত পোন্ধৰ(১৫)টা প্ৰজাতিৰ প্ৰাণীয়েই IUCN ৰ ৰেড লিষ্টত “বিপদশংকুল” প্ৰজাতি হিচাপে আছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ ভিতৰতে বাঘৰ সৰ্বাধিক ঘনত্ব পোৱা যায়। ২০০৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক “টাইগাৰ ৰিজাৰ্ভ” ৰূপে ঘোষণা কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰকাৰৰ সৰীসৃপো পোৱা যায়।তাৰ ভিতৰত অজগৰ,ফেঁটী সাপ,ৰজা ফেঁটী আৰু বিভিন্ন প্ৰজাতিৰ সাপ,গুঁই আৰু অন্যান্য জেঠীজাতীয় বিভিন্ন সৰীসৃপ কাজিৰঙাত পোৱা যায়।ইয়াৰোপৰি কাজিৰঙাত থকা বিল,জান,পুখুৰী,জলাহ আদিত বিভিন্ন প্ৰজাতিৰ মাছ আৰু কাছ পোৱা যায়।কাজিৰঙাত মাছৰ প্ৰায় বিৰাল্লিছ(৪২)টা প্ৰজাতি আছে।ইয়াৰোপৰি বিলুপ্তপ্ৰায় শিহুও কাজিৰঙাত পোৱা যায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৰাই-চিৰিকটি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন দেশী-বিদেশী চৰাই দেখা পোৱা যায়। কাজিৰঙাক দেশৰ সৰ্বোত্তম পক্ষী নিবাস কেন্দ্ৰৰূপেও চিনাক্তকৰণ কৰা হৈছে। শীতকালত কাজিৰঙাত বিভিন্ন পৰিভ্ৰমী পক্ষীৰ সমাহাৰ ঘটা পৰিলক্ষিত হয়। কাজিৰঙাত সৰ্বমুঠ ৪৯০ বিধ পক্ষীৰ প্ৰজাতি আছে। তাৰে ১৯৭ টা অসমৰ স্থানীয় চৰাই,১৬৫ টা বিদেশী পৰিভ্ৰমী চৰাই আৰু ৪৬ টা স্থানীয় পৰিভ্ৰমী চৰাই। কাজিৰঙাত জলচৰ,চিকাৰী আদি বিভিন্ন চৰাই আছে। কাজিৰঙাত দেখা পোৱা চৰাইবোৰ হৈছে- বৰটোকোলা,শামুকভঙা,পেলিকান,হাড়গিলা, মাছৰোকা,পানী কাউৰী,তেলীয়া হাৰেঙ, ফেঁচু,ধনেশ,শগুন, কুলি,কেতেকী,ফেঁচা, কাউৰী,ভাটৌ,কপৌ,শালিকা, বুলবুলি,ঈগল, চিলনী,শেন, বালিমাহী আদি। পূৰ্বতে কাজিৰঙাত শগুনৰ সাতটা প্ৰজাতি পোৱা গৈছিল যদিও আজিকালি কেৱল তিনিটাহে পোৱা যায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ভিদ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তৰু-তৃণৰে আৱৰা। প্ৰকৃতিৰ শ্যামল চাদৰখন কাজিৰঙাত অপৰিসীমভাৱে বিস্তৃত হৈ আছে। কাজিৰঙাত মূলতঃ চাৰি প্ৰকাৰৰ উদ্ভিদ দেখা পৰিলক্ষিত হয়।  সেই প্ৰকাৰকেইটা হৈছে -১)পলসুৱা মাটিৰ ঘাঁহনি, ২)পলসুৱা মাটিৰ অৰণ্য, ৩)পৰ্ণপাতী অৰণ্য আৰু ৪)অৰ্ধ-চিৰসেউজ অৰণ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বৃহত্তৰ অংশ তৃণভূমিৰে আৱৰা। কাজিৰঙাৰ প্ৰায় ৬৬.৪৪ শতাংশ তৃণভূমিৰে আৱৰি আছে। বাকী ২৭.৯৮ শতাংশ গভীৰ অৰণ্যভূমিয়ে আৰু ৫.৫৮ শতাংশ জলাহভূমিয়ে আগুৰি আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম অংশ তৃণভূমি আৰু বিল-জলাহভূমিৰে আৱৰা আৰু পূব অংশ ঘন গছ-গছনিৰে পূৰ্ণ অৰণ্যৰে আৱৰা। কাজিৰঙাত পোৱা ডাঙৰ গছ-গছনিৰ ভিতৰত শিমলু,নাহৰ,পলাশ,আজাৰ, শাল, চেগুন,গমাৰি, তিতাচপা আদি উল্লেখযোগ্য। ইয়াত ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত প্ৰধানতঃ উলু,খাগৰি, ইকৰা, কঁহুৱা,নল,বিৰিণা,খেৰ,বেত আদি উল্লেখযোগ্য। কাজিৰঙাৰ বিল,জলাশয়সমূহতো বিভিন্ন জলজ উদ্ভিদ যেনে পুনি,মেটেকা আদি থকা পৰিলক্ষিত হয়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন:-

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অক্টোবৰৰ পৰা এপ্ৰিল মাহলৈ মুকলি কৰি দিয়া হয়।বাৰিষা বতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা বাবে কাজিৰঙালৈ পৰিবহণত সুবিধা।লগতে পৰ্যটকৰ সুবিধাৰ হেতু ইয়াৰ কাষতে হোটেল,ল’জ আদি গঢ় লৈ উঠিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে এক আকৰ্ষণৰ স্থল। প্ৰতিবছৰে প্ৰায় এক(১)ৰ পৰা দুই(২) লাখ দেশী-বিদেশী পৰ্যটক কাজিৰঙা পৰিদৰ্শন কৰি নৈসৰ্গিক সৌন্দৰ্যৰ সোৱাদ ল’বলৈ আহে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰলৈ পৰ্যটক দুটা মাধ্যমেৰে যাব পাৰে -১)মাউতৰ দ্বাৰা চালিত হাতী আৰু ২)জীপ চাফাৰী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। কাজিৰঙাৰ জৈৱ বৈচিত্ৰতা, নৈসৰ্গিক সৌন্দৰ্য,পৰিৱেশ,বন্য প্ৰাণীসমূহ ইয়াৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।কাষৰীয়া টিলাকেইটা আৰ্য ব্ৰহ্মপুত্ৰ নদীখনৰ লগত কাজিৰঙাৰ সৌন্দৰ্যই সোণত সুৱগা চৰায়।কাজিৰঙাত পানবাৰীত দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হৈছিল।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বহুতো সুবিধা উপলব্ধ। কাজিৰঙা এখন সুন্দৰভাৱে পৰিচালিত ৰাষ্ট্ৰীয় উদ্যান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমস্যা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু সমস্যাও নথকা নহয়। চোৰাং চিকাৰীৰ অবাধ বিচৰণ,গৰাখহনীয়া, বেদখল,বানপানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল সমস্যা। চোৰাং চিকাৰীয়ে কাজিৰঙাৰ অমূল্য সম্পদ এশিঙীয়া গঁড়সমূহক হত্যা কৰি তাৰ খৰ্গ কাটি নিয়ে। ই কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। কিন্তু যোৱা দুবছৰমানত চৰকাৰ তথা প্ৰশাসনে কাজিৰঙাত চোৰাং চিকাৰীৰ গতি কিছু ৰুদ্ধ হৈছে কিন্তু সম্পূৰ্ণৰূপে চোৰাং চিকাৰ নিৰ্মূল কৰিব পৰা নাই। লগতে বাৰিষা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই প্ৰত্যেক বছৰে কাজিৰঙাৰ বহু অঞ্চল নদীৰ সোঁতত উটুৱাই লৈ যায়। ইয়াৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি দখল কৰি বহু লোকে অবৈধভাৱে অধিকাৰ কৰি আছে। ফলত জীৱ-জন্তুৰ চৰণ-ফুৰণৰ বাবে ভূমিৰ অভাৱ ঘটিছে। ইয়াৰ বাবে চৰকাৰে অবৈধ লোকসকলক উচ্ছেদমূলক ব্যৱস্থা হাতত লৈছে যদিও ফলপ্ৰসূ হোৱাগৈ নাই। বানপানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা প্ৰধান সমস্যা। প্ৰতিবছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানপানীত বুৰি যায়। কাজিৰঙাৰ জীৱ-জন্তুসমূহ তেতিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ উঠি যায়। বানপানীত প্ৰতিবছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহু জীৱ-জন্তুৰ হৃদয়বিদাৰকভাৱে মৃত্যু ঘটে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গৌৰৱ। এশিঙীয়া গঁড়কে আদি কৰি বিভিন্ন জীৱ-জন্তু,চৰাই-চিৰিকটি কাজিৰঙাত আছে যিবোৰ চাবলৈ প্ৰত্যেক বছৰে নানা দেশী-বিদেশী পৰ্যটকে কাজিৰঙাত ভিৰ কৰেহি।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ এটা পৰিচয় আৰু সদায় পৰিচয় হৈ থাকিব। শেষত প্ৰকৃতিপ্ৰেমী ৰবীন বেনাৰ্জীদেৱৰ ভাষাত, “পৃথিৱীত যদি স্বৰ্গ আছে,তেন্তে সেইখন হৈছে কাজিৰঙা।”
4 23 votes
Article Rating
Subscribe
Notify of
guest
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান […]

trackback

[…] কৰক। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাক বিশ্ববাসীয়ে যেনেদৰে এশিঙীয়া গঁড়ৰ […]

Alam
1 year ago

কাজিৰঙা থকা জীৱ জন্তু কি কি আছে জানিব পাৰি ম নে

Try To Order
Try To Order
10 months ago

“আপুনি কেনেকৈ জটিল ধাৰণাবোৰক সহজে বুজিব পৰা ধাৰণালৈ ভাঙি পেলায় মই ভাল পাওঁ।”

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

4
0
Would love your thoughts, please comment.x
()
x