চন্দ্ৰকুমাৰ আগৰৱালা – জীৱন আৰু কৰ্মৰাজি

(জোনাকী আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল অসমীয়া সাহিত্যৰ এজন পুৰোধা ব্যক্তি। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা সম্পৰ্কে সাৰথিৰ পাঠকসকললৈ এটি চমু লেখা)

চন্দ্ৰ কুমাৰ আগৰৱালাক যদিও আমি প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ‘বনকুঁৱৰী’ৰ ৰচয়িতা বুলি জানো, কিন্তু অসমীয়া জাতিলৈ তেখেতেৰ তাতকৈও মহত্বৰ অৱদান হৈছে সাহিত্য আলোচনী ‘জোনাকী’ৰ প্ৰতিষ্ঠা আৰু অসমীয়া ভাষাৰ প্ৰথমখন পূৰ্ণাংগ বাতৰি কাকত ‘অসমীয়া’ৰ প্ৰতিষ্ঠা। ছাত্ৰ অৱস্থাতেই কলিকতাৰ পৰা ‘জোনাকী’ আলোচনীৰ প্ৰকাশ কৰিবলৈ গৈ তেখেতে যি মৰসাহৰ পৰিচয় দাঙি ধৰিছিল সেয়া আজিও অসমীয়া ভাষা প্ৰেমী উদ্যোগীসকলৰ বাবে এক উজ্জ্বল দৃষ্টান্ত। তেখেতে সময়োপযোগী এই সিদ্ধান্তটো  নোলোৱা হ’লে অসমীয়া সাহিত্যই হয়তো আজিৰ তাৰিখতকৈও কেইবাদশকো পিছ পৰি থাকিব লাগিলহেতেঁন।

মাথো দুই পুৰুষৰ আগতে সূদূৰ ৰাজস্থানৰ পৰা আহি অসমীয়া ভাষা-সংস্কৃতি আৰু শংকৰী ধৰ্ম গ্ৰহণ কৰি চন্দ্ৰকুমাৰ আগৰৱালা আৰু তেওঁলোকৰ পৰিয়াটোৱে অসমীয়া জাতিৰ সৈতে কেনেদৰে একাত্ম হৈ পৰিছিল আৰু অসমীয়া ভাষা-সংস্কৃতিলৈ তেওঁলোকৰ বহুমূলীয়া অৱদানৰ জড়িয়তে কেনেকৈ অসমীয়া জাতীয় জীৱনত এখন আগশাৰীৰ স্থান দখল কৰিছিল, সেয়া চন্দ্ৰকুমাৰ আগাৰৱালা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জীৱনী অধ্যনয় নকৰাকৈ অনুধাবন কৰিব নোৱাৰি। এককথাত ক’বলৈ গ’লে অসমত আগৰৱালা পৰিয়ালৰ ইতিহাস অধ্যয়ন নকৰাকৈ আধুনিক অসমীয়া সাহিত্য-সংস্কৃতিৰ ইতিহাস অধ্যয়নেই আধৰুৱা হৈ ৰব। সেয়েই চন্দ্ৰকুমাৰৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আমাৰ এই চমু আলোকপাত।

জন্ম আৰু বংশ পৰিচয়

চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল ১৮৬৭ চনৰ ২৭ নৱেম্বৰত, বৰ্তমানৰ বিশ্বনাথ জিলাৰ কলংপাৰ মৌজাৰ ব্ৰহ্মজানত। তেখেতৰ পিতৃৰ নাম আছিল হৰিবিলাস আগৰৱালা আৰু মাতৃৰ নাম আছিল মালমা। তেওঁ পিতৃ-মাতৃৰ ছগৰাকী সন্তানৰ ভিতৰত দ্বিতীয় আছিল।

চন্দ্ৰকুমাৰ আগৰৱালাৰ পূৰ্বপুৰুষৰ নাম আছিল নৱৰঙ্গৰাম আগৰৱালা। তেখেতৰ জন্ম হৈছিল ৰাজস্থানৰ জয়পুৰৰ ‘টাইৰ’ নামৰ এখন গাঁৱত ১৮১১ চনত। সেই গাঁৱৰ পৰা তেওঁলোকৰ পৰিয়ালটো ১৮২১ চনত ৰাজস্থানৰ বিকানীৰ চুৰু নামৰ নগৰখনলৈ উঠি আহে। চুৰু নগৰত থকাৰ সময়তে তেখেতৰ পিতৃৰ মৃত্যু হোৱাত তেওঁলোকৰ পৰিয়ালটোৱে গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হয়। সেয়ে তেওঁ ১৮২৯ চনত ভাগ্য অন্বেষণৰ বাবে মাকৰ সৈতে ভাৰতৰ পূব প্ৰান্তলৈ গুচি আহে। তেওঁ প্ৰথম মুৰ্ছিদাবাদত আশ্ৰয় লৈছিল। তাৰ পাছত তেওঁ সেই সময়ৰ অসমৰ মুখ্য বাণিজ্য কেন্দ্ৰ গোৱালপাৰাত আহি এখন দোকানত কৰ্মচাৰী হিচাপে যোগদান কৰেহি। তেওঁ চাকৰি সূত্ৰেই গোৱালপাৰাৰ পৰা বিশ্বনাথলৈ আহে। তাতে তেওঁ পোনপ্ৰথম বাৰৰ বাবে নিজাকৈ দোকান আৰম্ভ কৰে। কিন্তু বিশ্বনাথত তেওঁৰ ব্যৱসায়িক উন্নতি আশানুৰূপ নোহোৱাত আহোম ৰাজ্যৰ অন্তৰ্গত গমিৰীলৈ তেওঁৰ ব্যৱসায় স্থানান্তৰ কৰে।

সেই সময়খিনি আছিল ১৮৩৩ৰ পৰা ১৮৩৬ চনৰ ভিতৰত। গমিৰীত নৱৰঙ্গৰামৰ ব্যৱসায়ে ঠন ধৰি উঠে। সেয়ে তেওঁ তাতে স্থায়ীভাবে বসতি কৰাৰ সিদ্ধান্ত লয় আৰু অসমৰ স্থানীয় বৈষ্ণৱ ধৰ্মত দিক্ষিত হোৱাৰ উপৰিও ক্ৰমে সাদৰী আৰু সোণপাহী নামৰ দুগৰাকী অসমীয়া গাভৰুক বিয়া কৰায়। সেই সময়তে তেওঁ আহোমৰ ৰজা আৰু ইংৰাজৰ লগতো সদ্ভাৱ গঢ়ি তোলে। পাছলৈ ইংৰাজ চৰকাৰে তেওঁক গমিৰী, ৰাংচালী আৰু বৰঙ্গাবাৰী মৌজাৰ মৌজাদাৰ পাতিলে। লাহে লাহে তেওঁ লক্ষ্মীমপুৰ ডিব্ৰুগড় আদি ঠাইতো দোকান খুলি নিজৰ ব্যৱসায়িক সাম্ৰাজ্যৰ শ্ৰীবৃদ্ধি ঘটায়। তেনেকৈয়ে তেওঁ অতি কম দিনৰ ভিতৰতে গোটেই অসমৰে এজন প্ৰতিপত্তিশালী ব্যক্তি হৈ পৰে। 

নৱৰঙ্গৰাম আৰু তেওঁৰ প্ৰথমা পত্নীৰ সাদৰীৰ তিনিগৰাকী সন্তানৰ ভিতৰত প্ৰথম আছিল বাপিৰাম বা হৰিবিলাস আগৰৱালা। আৰু তেওঁৰেই সুসন্তান আছিল কবি চন্দ্ৰকুমাৰ আগৰৱালা। হৰিবিলাস আগৰৱালাও পিতৃ নৱৰঙ্গৰামৰ দৰে ব্যৱসায়িক বুদ্ধিত অতি চোকা আছিল। তেওঁ ৰবৰ আৰু নিমখৰ আমদানি-ৰপ্তানিৰ ব্যৱসায় কৰিছিল। তেওঁ কলিকতা মহানগৰীলৈকে নিজৰ ব্যৱসায়িক সাম্ৰাজ্যৰ বিস্তাৰ কৰিছিল। ইয়াৰোপৰিও তেওঁ ডিব্ৰুগড়ত অতি যত্নৰে তামোলবাৰী নামেৰে এখন চাহ-বাগিছা গঢ়ি তুলিছিল। হৰিবিলাস আগৰৱালাৰ দেৱেই পোনপ্ৰথমে মহাপুৰুষ ষংকৰদেৱৰ কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী আদি পুথিবোৰ ছপা কৰি উলিয়াই অসমীয়া জনসাধাৰণক সহজতে পঢ়াৰ সুবিধা কৰি দিছিল। ইয়াৰ উপৰিও তেওঁ অসমীয়া ভাষাত ছেগা-চুৰুকাকৈ প্ৰবন্ধ-পাতিও লেখা মেলা কৰিছিল আৰু বিভিন্ন সামাজিক কাম-কাজত আগভাগ লৈছিল।

চন্দ্ৰকুমাৰ আগৰৱালাৰ শৈশৱ আৰু কৈশোৰ

বিশ্বনাথ জিলাৰ ব্ৰহ্মজান আৰু গমিৰীত চন্দ্ৰকুমাৰ আগৰৱালাৰ শৈশৱকাল অতিবাহিত হয়। তাৰ পাছত তেওঁৰ দেউতাক হৰিবিলাসে ব্যৱসায়ৰ উন্নতি আৰু সন্তানসকলৰ সুশিক্ষাৰ বাবে তেজপুৰলৈ উঠি আহে। তাৰ পাছত তেওঁলোকে সপৰিয়ালে কলিকতালৈ যায় আৰু তাতে চন্দ্ৰকুমাৰক হায়াৰ স্কুলত নাম লগায় দিয়ে। কিন্তু এন্ট্ৰেন্স পৰীক্ষা দিয়াৰ আগতেই তেওঁলোকৰ পৰিয়ালটোৱে কলিকতা এৰি গুছি অহাত চন্দ্ৰকুমাৰে আকৌ তেজপুৰৰ হাইস্কুলত পঢ়িবলৈ লয়। তেজপুৰত পঢ়ি থকাৰ সময়ত তেওঁৰ সহপাঠী আছিল আনন্দচন্দ্ৰ আগৰৱালা আৰু লম্বোদৰ বৰা। সেইসময়তে তেওঁলোক তিনিওৰে মনত অসমীয়া সাহিত্য চৰ্চাৰ বীজ অংকুৰিত হৈছিল ধাৰণা কৰা হয়। যি বীজ পাছৰ পৰ্যায়ত কলিকতালৈ গৈ ফলে-ফুলে জাতিষ্কাৰ হৈছিলগৈ।

শিক্ষা জীৱন

স্কুলীয়া অৱস্থাতে কলিকতাত শিক্ষা গ্ৰহণ কৰিছিল যদিও অসমলৈ আহি প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পাছত চন্দ্ৰকুমাৰ আগৰৱালাই পুনৰ কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায় আৰু কলিকতাৰ বিখ্যাত প্ৰেচিডেন্সী কলেজত নামভৰ্তি কৰে। আৰু সেই সময়তে তেওঁ লগ পালে ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱাক। আৰু শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগৰ দৰে তেওঁলোকৰ এই মিলনে অসমীয়া ভাষা-সংস্কৃতিলৈ নতুন ধাৰা বোৱাই আনিলে। এই সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে- “ইৰাজী সাহিত্য চৰ্চা, সংস্কৃত সাহিত্য চৰ্চা আৰু ঘাইকৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হাবিয়াসেই জয় জয়তে আমাৰ ভিতৰত বন্ধুত্বৰ সূত্ৰপাত কৰে। তাৰ ফলত জোনাকী নামৰ মাহেকীয়া কাকতৰ জন্ম আৰু বৃদ্ধি হ’ল।”

লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ লগত সেই সময়ত আহি যোগ দিয়েহি হেমচন্দ্ৰ গোস্বামীয়ে। আৰু এই তিনিজন মহান অসমীয়াই ১৮৮৯ চনত জোনাকী আলোচনীৰ জন্ম দি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰিছিল। সেই সময়ত চন্দ্ৰকুমাৰ আগৰৱালাৰ বয়স আছিল মাত্ৰ ২১ বছৰ। এইদৰে এফ.এ পৰীক্ষা পাছ কৰাৰ পাছত আগৰৱালাই বিলাতলৈ যাবলৈ মন কৰিলে। তেওঁৰ সপোন আছিল বিলাতলৈ গৈ তাৰ পৰা বেৰিষ্টাৰী পাছ কৰি আহি কলিকতাত অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নৰ হকে কিছু কাম কৰা। কিন্তু তেওঁৰ পিতৃয়ে অনুমতি নিদিয়াৰ বাবে বিলাতলৈ নগৈ অসমলৈ ঘূৰি আহে। 

ব্যৱসায়িক জীৱন

অসমলৈ ঘূৰি আহি চন্দ্ৰকুমাৰ আগৰৱালাই কিছুদিন গুৱাহাটীত থাকে। তাৰ পিছত পিতৃ হৰিবিলাস আগৰৱালাই ডিব্ৰুগড়ত আৰম্ভ কৰা ‘তামোলবাৰী চাহ বাগিছা’ৰ চোৱা-চিতাৰ দায়িত্ব মূৰ পাতি লয়। অৱশ্যে চন্দ্ৰকুমাৰে কলিকতাত পঢ়ি থকাৰ সময়তো লালকুঠিত থাকি দেউতাকৰ ব্যৱসায় চম্ভলাত সহায় কৰিছিল। তেওঁৰ বয়স তেতিয়া ১৮-১৯ বছৰ আছিল। ইয়াৰ পাছতেই তেওঁ যিটো ব্যৱসায়ত হাত দিছিল তাক প্ৰকৃতাৰ্থত ব্যৱসায় বুলি কব নোৱাৰি। সেয়া আছিল এক বিপ্লৱহে। সেয়া আছিল অসমীয়া আলোচনী জোনাকীৰ প্ৰকাশ। তেওঁ নিজেই জোনাকী আলোচনীৰ স্বত্বাধিকাৰী হোৱাৰ উপৰিও প্ৰথম দুটা বছৰৰ বাবে আলোচনীখনৰ সম্পাদনাৰ দ্বায়িত্বও লৈছিল।

সেই সময়তে বিদেশী শাসনকাৰীৰ কুচক্ৰান্তৰ বলি হৈ আগৰৱালা পৰিয়ালে ‘লালকুঠি’ৰ ব্যৱসায় এৰিব লগা হয় আৰু তেতিয়াই চন্দ্ৰকুমাৰে কলেজীয়া শিক্ষা আধাতে এৰি ডিব্ৰুগড়ত দেউতাকে প্ৰতিষ্ঠা কৰা তামোলবাৰী চাহ-বাগিচাৰ কামত মনোনিৱেশ কৰেহি। সেই চনটো আছিল ১৮৯০ চন। ব্যৱসায় প্ৰশাসনত চন্দ্ৰকুমাৰ অনন্য প্ৰতিভাৰ অধিকাৰী আছিল। তেওঁ তামোলবাৰী বাগিছাৰ পৰিচালনাৰ ভাৰ হাতত লৈয়ে চাহ-বাগিছাখনক তেওঁলোকৰ পৰিয়ালৰ যৌথ ব্যৱসায়লৈ ৰূপান্তৰিত কৰিলে আৰু তেওঁৰ আটাইকেইজন ভায়েক-ককায়েকক অংশীদাৰ হিচাপে ল’লে। অনুমান কৰা হয় এইটোৱেই অসমৰ প্ৰথমটো প্ৰাইভেট লিমিটেড কোম্পানী।

তামোলবাৰী চাহ-বাগিছাক সুপ্ৰতিষ্ঠিত ৰূপত গঢ়ি তোলাৰ পাছত চন্দ্ৰকুমাৰ আগৱালাৰ সাহিত্যনুৰাগী মনটোৱে পুনৰ ভাষা-সাহিত্য সেৱা কৰিবলৈ হাবিয়াস কৰি উঠিল। ১৯১৮ চনত সদানন্দ দুৱৰা, নীলমণি ফুকন আদি গণ্যমান্য ব্যক্তিসকলক অংশীদাৰ হিচাপে লৈ যৌথ ব্যৱসায়ী সংস্থা ‘আসাম প্ৰিন্টাৰ্ছ এণ্ড পাব্লিছাৰ্চ লিমিটেড” নাম দি এটা ছপাশাল প্ৰতিষ্ঠা কৰে। এই ছপাশালৰ পৰাই প্ৰথম খন পূৰ্ণাংগ বাতৰি কাকত সাদিনীয়া অসমীয়া প্ৰকাশ হবলৈ ধৰে। এই কাকতখন ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল।

কিন্তু পাছলৈ অসমীয়া কাকতখন ডিব্ৰুগড়ৰ পৰা প্ৰকাশ কৰিবলৈ অসুবিধা হোৱাত গুৱাহাটীৰ খাৰঘুলিলত ‘নিউপ্ৰেছ’ প্ৰতিষ্ঠা কৰি তাৰ পৰা প্ৰকাশ কৰিবলৈ লৈছিল। কাকতখনৰ প্ৰকাশ কাল পাছলৈ সাদিনীয়াৰ পৰা তিনিদিনীয়াও হৈছিলগৈ। উল্লেখ্য যে, যৌথ ব্যৱসায়ী সংস্থা ‘আসাম প্ৰিন্টাৰ্ছ এণ্ড পাব্লিছাৰ্চ লিমিটেড”ৰ চন্দ্ৰকুমাৰে লাভৰ পৰিৱৰ্তে লোকচানৰহে সন্মুখীনহে হৈছিল কিন্তু তেওঁ চেষ্টা এৰি দিয়া নাছিল। তেওঁ প্ৰায় অকলেই অসীম সাহসেৰে এই ব্যৱসায় আমৃত্যু চলাই নিছিল। এইবোৰৰ উপৰিও তেওঁ এটা জুইশলা নিৰ্মাণ কোম্পানীৰ প্ৰতিষ্ঠা কৰিছিল যদিও সেই কোম্পানী বেছিদিন নছলিল বুলি জনা যায়।

পাৰিবাৰিক জীৱন

চন্দ্ৰকুমাৰ আগৰৱালাই গোলাঘাটৰ দণ্ডধৰ বৰুৱাৰ প্ৰথমা কন্যা মুক্তা প্ৰভাক বিয়া কৰাইছিল। তেওঁলোকৰ তিনিজন পুত্ৰ সন্তান আছিল- ১) নৱীনকুমাৰ আগৰৱালা ২) অৰুণকুমাৰ আগৰৱালা আৰু ৩) তৰুণকুমাৰ আগৰৱালা। তেওঁৰ দ্বিতীয় পুত্ৰই অৰুণকুমাৰে ডেকা বয়সতে ডিব্ৰুগড়ৰ বাসগৃহত আত্মহত্যা কৰা ঘটনাই তেওঁক বিশেষ মনোকষ্ট দিছিল বুলি জনা যায়। আৰু সেই শোকেই তেওঁৰ জীৱনী শক্তিকো অতি ক্ষীপ্ৰতাৰে কমাই আনিছিল।

সাহিত্যিক চন্দ্ৰকুমাৰ আগৰৱালা 

চন্দ্ৰকুমাৰ আগৰৱালা এজন বৰেণ্য অসমীয়া সাহিত্যিক আছিল। অসমীয়া সাহিত্যক বৰ্তমানৰ ৰূপ দিয়াত চন্দ্ৰকুমাৰ আগৰৱালাৰ যথেষ্ট অৱদান আছিল। লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ সৈতে লগ লাগি চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া সাহিত্যত এক জোৱাৰ সৃষ্টি কৰিছিল। এই জোৱাৰেই অসমীয়া সাহিত্যক এক নতুন ৰূপত প্ৰতিষ্ঠা কৰিছিল। 

চন্দ্ৰকুমাৰ আগৰৱালাদেৱে তেজপুৰতেই শৈক্ষিক জীৱন আৰম্ভ কৰিছিল আৰু তেতিয়াৰ তেওঁৰ সাহিত্যিক প্ৰতিভা বিকশিত হৈছিল। লম্বোদৰ বৰা, আনন্দ চন্দ্ৰ আগৰৱালা আদিৰ অনুপ্ৰেৰণাত চন্দ্ৰকুমাৰ আগৰৱালাদেৱে সাহিত্য চৰ্চাত মনোযোগ দিছিল। কিন্তু সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেওঁক অধিক অনুপ্ৰেৰণা যোগাইছিল তেখেতৰ পিতৃ হৰিবিলাস আগৰৱালাদেৱে।

চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্য চৰ্চা 

চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া কাব্য কাননত ৰমন্যাসবাদৰ সৃষ্টি কৰিছিল। তেওঁ আছিল অসমীয়া ৰোমান্টিকতাবাদৰ পথিকৃত। জোনাকী আলোচনীৰ পাততেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে নিজৰ কবি প্ৰতিভাৰ বিকাশ ঘটাইছিল। চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আলোচনীৰ প্ৰথম বৰ্ষৰ প্ৰথম মাহতেই “বনকুঁৱৰী” নামৰ ৰোমান্টিক কবিতাটি প্ৰকাশ কৰে। “বনকুঁৱৰী”য়েই হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। “বনকুঁৱৰী”য়ে অসমীয়া সাহিত্য ভগতত জগতত ৰমন্যাসবাদৰ জোৱাৰ সৃষ্টি কৰে। ইয়াৰ পাছতেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে জলকুঁৱৰী, তেজীমলা আদি ৰোমান্টিক ভাৱধাৰাৰ কবিতাৰ জৰিয়তে জোনাকীৰ পাত শুৱনি কৰিছিল আৰু পৰৱৰ্তী সময়ত বাঁহী আলোচনীতো তেওঁৰ কবিতা প্ৰকাশিত হৈছিল।

চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা কবিতাপুথি দুখন আৰু সেইকেইখন হ’ল – প্ৰতিমা আৰু বীণ-বৰাগী। এই দুখন কবিতাপুথিত প্ৰকাশ পোৱা কবিতাবোৰৰ অধিকাংশই জোনাকী আৰু বাঁহী আলোচনীত প্ৰকাশিত কবিতা আছিল। প্ৰতিমা কবিতাপুথিখন প্ৰকাশ কৰা পাইছিল ১৯১৩ চনত। অকালতে মৃত্যুবৰণ কৰা চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰথম কন্যা প্ৰতিমাৰ নামানুসাৰেই তেওঁৰ প্ৰথম কবিতাপুথিখনক প্ৰতিমা নামেৰে নামাকৰণ কৰিলে। জোনাকী আলোচনীত প্ৰকাশ পোৱা কবিতাসমূহ প্ৰতিমা কবিতাপুথিত সন্নিৱিষ্ট কৰা হৈছে। প্ৰতিমাত পঁচিশ(২৫) টা কবিতা আছে। এই সুপাঠ্য কবিতাপুথিখনৰ বাবেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱক “প্ৰতিমাৰ খনিকৰ” বুলি অভিহিত কৰা হয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতাপুথিখনৰ বিষয়ে এনেদৰে মন্তব্য আগবঢ়াই থৈ গৈছে “প্ৰতিমাখনি সৰু কিন্তু নিভাঁজ সোণৰ”।

প্ৰতিমাৰ পাছতেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে “বীণ-বৰাগী” নামৰ কবিতাপুথিখন ৰচনা কৰিছিল। ১৯২৩ চনত “বীণ-বৰাগী” কবিতাপুথিখন প্ৰকাশ কৰা হয়। চন্দ্ৰকুমাৰ আগৰৱালাৰ বাঁহী আলোচনীত প্ৰকাশ পোৱা কবিতাসমূহ “বীণ বৰাগী”ত সন্নিৱিষ্ট কৰা হৈছে। ইয়াত মুঠ বাৰ(১২) টা কবিতা আছে।

তদুপৰি ১৯৬৭ চনত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে “চন্দ্ৰামৃত”ৰূপে নামকৰণ কৰি তেওঁৰ অ-প্ৰকাশিত কবিতাসমূহৰ সংকলন প্ৰস্তুত কৰা হয়।

চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতাসমূহ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ কবিতাসমূহত মূলতঃ তিনিটা প্ৰকাশ পায়। সেইকেইটা হৈছে – ১) মানৱ প্ৰেমমূলক, ২) প্ৰকৃতিপ্ৰেমমূলক আৰু ৩) বিশ্বপ্ৰেমমূলক। এইকেইটাৰ উপৰিও আন বহুতো ভাৱধাৰা চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতাত পৰিলক্ষিত হয়।

আলোচনী সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা

চন্দ্ৰকুমাৰ আগৰৱালাদেৱে অসমীয়া ভাষা উন্নতি সাধিনী সভা(অ ভা উ সা)ৰ মুখপত্ৰ জোনাকীৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। জোনাকীৰ সম্পাদনাৰ লগতে জোনাকী আলোচনী প্ৰকাশৰ বাবে তেঁৱেই অধিকাংশ অৰ্থৰ যোগান ধৰিছিল। চন্দ্ৰকুমাৰ আগৰৱালা কলিকতাৰ পৰা অসমলৈ ব্যৱসায় সংক্ৰান্তত পৰৱৰ্তী কালত গুচি আহিছিল যদিও জোনাকীৰ প্ৰকাশৰ বাবে তেওঁ যিমান পাৰি পুঁজিৰ যোগান ধৰি আছিল। লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগতে জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ তৃতীয়জন মূৰ্তিয়েই আছিল চন্দ্ৰকুমাৰ আগৰৱালা। লক্ষ্মীনাথ বেজবৰুৱা কলিকতাৰ পৰা ব্যৱসায় সংক্ৰান্তত সম্বলপুৰলৈ যোৱাত তেওঁ বাঁহী আলোচনী প্ৰকাশ কৰিব নোৱাৰাত পৰে। এনেক্ষেত্ৰত চন্দ্ৰকুমাৰ আগৰৱালা আগবাঢ়ি আহি নিজেই বাঁহী আলোচনী গুৱাহাটীৰ পৰা প্ৰকাশৰ দায়িত্ব লয়।

সাংবাদিক চন্দ্ৰকুমাৰ আগৰৱালা

চন্দ্ৰকুমাৰ আগৰৱালাদেৱ অসমৰ সংবাদক্ষেত্ৰৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। ১৯১৮ চনত তেওঁ দুজনমান সতীৰ্থৰ লগ হৈ “আসাম প্ৰিণ্টাৰ্চ এণ্ড পাব্লিচাৰ্ছ  লিমিটেড” নামৰ এটা প্ৰকাশক গোষ্ঠী প্ৰতিষ্ঠা কৰে আৰু সেইবৰ্ষৰে ১৫ আগষ্টত ডিব্ৰুগড়ৰ অসমীয়া প্ৰেছৰ পৰা “অসমীয়া” নামৰ এখন সাদিনীয়া বাতৰি কাকত প্ৰকাশ কৰে।১৯২১ চনত তেওঁ গুৱাহাটীৰ খাৰঘুলিত “নিউ প্ৰেছ” প্ৰতিষ্ঠা কৰে আৰু তাৰপৰাই সাদিনীয়া “অসমীয়া” বাতৰি কাকত প্ৰকাশ কৰে। ১৯৩০ চনৰ আইন অমান্য আন্দোলনৰ সময়ৰ পৰা সাদিনীয়া “অসমীয়া” তিনিদিনীয়া হৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাদেৱে অসমৰ বাতৰি কাকতৰ জগতত সত্যনিষ্ঠতা আৰু নিৰপেক্ষতাৰ নিদৰ্শন দাঙি ধৰিছিল। সেইসময়ত ব্ৰিটিছ চৰকাৰৰ নিষেধাজ্ঞা স্বত্বেও তেওঁ আন্দোলনৰ লগত জড়িত বাতৰি প্ৰকাশ কৰিছিল আৰু এই কাকতত ব্ৰিটিছৰ নীতিক কঠোৰ সমালোচনা কৰা হৈছিল। ব্ৰিটিছ চৰকাৰৰ ৰঙা চকুলৈও ভয় নকৰি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে প্ৰকৃত সংবাদসেৱকৰ দায়িত্ব বহন কৰিছিল।

অসমীয়া সংগঠন আৰু চন্দ্ৰকুমাৰ আগৰৱালা

চন্দ্ৰকুমাৰ আগৰৱালাদেৱ কিছুমান অসমীয়া সংগঠনসমূহৰ লগতো প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে জড়িত আছিল। ১৮৮৮ চনত কলিকতাত অসমীয়া ছাত্ৰসকল লগ হৈ অসমীয়া ভাষা উন্নতিসাধিনী সভা(অ ভা উ সা) গঠন কৰিছিল। এই অ ভা উ সাৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল চন্দ্ৰকুমাৰ আগৰৱালা। তেওঁক অসম সাহিত্য সভাৰ সভাপতিৰ পদ দুবাৰকৈ যাঁচি দিয়া হৈছিল কিন্তু তেওঁ সেইয়া অগ্ৰাহ্য কৰিছিল। ১৯২৬ চনত অসমৰ পাণ্ডুত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত অভ্যৰ্থনাৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাই দহহাজাৰ টকা প্ৰদান কৰিছিল।

চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু

আহিছে মানুহ        গইছে মানুহ

মানুহ ময়াপী জীৱ;

মানুহ সোঁতৰ        অন্ত নাইকীয়া

বুলিলে মৰত কিয় ?

                  (মানৱ বন্দনা)

চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটিত উল্লেখ কৰাৰ দৰে তেওঁ এদিন এই ধৰালৈ আহিছিল আৰু এদিন গ’লগৈ। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ১৯৩৮ চনৰ ২ মাৰ্চ তাৰিখে মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। গুৱাহাটীৰ উজান বজাৰৰ তেওঁৰ ব্যক্তিগত বাসগৃহতে তেওঁ মৃত্যুক সাৱটি লয়।

চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ পূজাৰী আছিল। তেওঁ ব্যৱসায়ৰ লগত ব্যস্ত হৈ আছিল যদিও তাৰ সমান্তৰালভাৱে তেওঁ অসম তথা অসমীয়া সাহিত্যৰ বাবেও যথেষ্ট অৱদান দি থৈ যায়। তেওঁ এজন জাতীয়তাবাদী ব্যক্তিও আছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত মহাত্মা গান্ধী ডিব্ৰুগড়লৈ আহোঁতে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে তেওঁক ডিব্ৰুগড়ৰ খলিহামাৰীৰ নিজা বাসভৱনত ৰাখিছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ দৰে অসমীয়া সাহিত্যপ্ৰেমী বা জাতিপ্ৰেমী ব্যক্তি আমাৰ সকলোৰে বাবে আদৰ্শ। অসমীয়া ৰোমান্টিক সাহিত্যৰ জন্মদাতা হিচাপে চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ নাম সকলোৱে চিৰদিন মনত ৰাখিব।

তথ্যসূত্ৰ-

১। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিভা – সম্পাদনাঃ অধ্যাপক শশী শৰ্মা

2 1 vote
Article Rating
Subscribe
Notify of
guest
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
दिवियाश

Greate pieces. Keep posting such kind of information on your
site. I am really impressed by your blog. Check complete details about how to get <a href=”https://sarkariiyojana.in/central-scheme/what-is-domicile-certificate/”>Domicile Certificate </a> just by one click

दिवियाश

Thanks for the latest updates >. click here to get intraharyana and complete information

ৰূপজ্যোতি ভৰদ্বাজ
ৰূপজ্যোতি ভৰদ্বাজ
11 months ago

ধন্যবাদ 🙏

3
0
Would love your thoughts, please comment.x
()
x