আহোম যুগৰ বুৰঞ্জী সাহিত্য সম্পৰ্কে
বুৰঞ্জী শব্দটো এটা টাই ভাষাৰ শব্দ। বুৰঞ্জী শব্দৰ বুৎপত্তিগত অৰ্থ হৈছে “মূৰ্খৰ জ্ঞানৰ ভঁৰাল” বা “নজনা কথা জনাৰ ভঁৰাল”। ১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত প্ৰৱেশ কৰাৰ পৰৱৰ্তী সময়ৰ পৰাই অসমত বুৰঞ্জী শব্দৰ ব্যাপক প্ৰচলন হৈছে। আহোমসকলে এই বুৰঞ্জী লিখাৰ প্ৰথা মাওলুংৰ পৰাই লৈ আহিছিল।
আহোম যুগৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক সমল হৈছে এই বুৰঞ্জী সাহিত্য। আহোমসকলৰ ইতিহাস সচেতনতাৰ এক গৌৰৱোজ্জ্বল নিদৰ্শন হৈছে এই বুৰঞ্জী সাহিত্য। পোনপ্ৰথমে স্বৰ্গদেউ চাওলুং চুকাফাৰ নিৰ্দেশমৰ্মেই আহোম ৰাজ্যত সংঘটিত হোৱা গুৰুত্বপূৰ্ণ ঘটনাসমূহ লিপিবদ্ধ কৰি টাই পণ্ডিতসকলে বুৰঞ্জী লিখাৰ পৰম্পৰাৰ আৰম্ভণি ঘটাইছিল। “যেতিয়া যি কথা হয়, যি মৰে, যাক পাওঁ, সকলো কথা পণ্ডিতে লিখি ৰাখিব” এইবুলি স্বৰ্গদেউ চাওলুং চুকাফাই ৰাজ্যৰ টাই পণ্ডিতসকলক বুৰঞ্জী লিখিবলৈ নিৰ্দেশ দিছিল।
বুৰঞ্জী লিখা প্ৰথাৰ আৰম্ভণি –
টাই পণ্ডিত শ্ৰেণীৰ চাৰিটা খেল আছিল – দেওধাই, বাইলুং, চিৰিং আৰু মহনসকল। এই টাই পণ্ডিতসকলৰ নেতৃত্বতে আহোম শাসনৰ প্ৰাৰম্ভিক পৰ্যায়ত আটাইবোৰ বুৰঞ্জী টাই ভাষাত লিখা হৈছিল যদিও কালক্ৰমত আহোম স্বৰ্গদেউসকল ক্ৰমাৎ ব্ৰাহ্মণ্যবাদৰ প্ৰতি আকৃষ্ট হৈ আহোম ৰাজসভাত ব্ৰাহ্মণ পণ্ডিত নিযুক্তি দিয়াত আৰু আহোমসকলে অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথাৰ আৰম্ভণি ঘটিছিল। স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰি লিখোৱা প্ৰথমখন বুৰঞ্জী আছিল “চুকাফাৰ বুৰঞ্জী”। এই বুৰঞ্জীখন চুকাফাৰ নিৰ্দেশত চেংকালু মচাই নামৰ টাই পণ্ডিতজনে ৰচনা কৰিছিল। এইখন বুৰঞ্জীখনত মাওলুংৰ পৰা চৰাইদেউলৈ চুকাফাৰ বৰ্ণিল যাত্ৰাৰ বৰ্ণনা আছে।
স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাৰ ৰাজত্বকালতেই আহোম ৰাজত্বৰ প্ৰথমখন অসমীয়া ভাষাৰ বুৰঞ্জী লিখি উলিওৱা হৈছিল আৰু সেইখন আছিল “শ্ৰীশ্ৰী স্বৰ্গনাৰায়ন মহাৰাজৰ জন্মকথা”। কিন্তু সেইবুলিয়েই এই সময়ছোৱাত টাই ভাষাত বুৰঞ্জী ৰচনা নোহোৱাকৈ থকা নাছিল। অসমীয়া ভাষাত বুৰঞ্জী ৰচনাৰ সমান্তৰালভাৱে টাই ভাষাতো বুৰঞ্জী ৰচনা কৰিছিল। কিন্তু পৰৱৰ্তী আহোম যুগত অসমীয়া ভাষাত ৰচিত বুৰঞ্জীৰ সংখ্যাতকৈ টাই ভাষাত ৰচিত বুৰঞ্জীৰ সংখ্যা তুলনামূলকভাৱে কম।
আহোম যুগৰ বুৰঞ্জীসমূহৰ ৰচনাত জড়িত হৈ আছিল সেইসময়ৰ ৰাজকাৰ্যৰ লগত সংপৃক্ত হৈ থকা ৰাজবিষয়া আৰু আহোম ৰাজসভাৰ বিশিষ্ট পণ্ডিতসমূহ। এই বুৰঞ্জী লিখা কামটো এটা অত্যন্ত দায়িত্বপূৰ্ণ কাম আছিল। চাক্ষুসভাৱে নিৰীক্ষণ কৰি বা বিভিন্ন উৎসৰ পৰা পৰোক্ষভাৱে তথ্য সংগ্ৰহ কৰি এই বুৰঞ্জীসমূহ ৰচনা কৰা হৈছিল। আহোম যুগৰ বুৰঞ্জীসমূহক বিষয়বস্তুৰ ভিন্নতা অনুসৰি বহলকৈ দুভাগত ভাগ কৰিছে। এই ভাগ দুটা হৈছে –
- ১) দেও বুৰঞ্জী আৰু
- ২) দীন বুৰঞ্জী।
দেও বুৰঞ্জী –
দেও বুৰঞ্জী মানে হৈছে দেৱতাৰ বুৰঞ্জী। এই দেও বুৰঞ্জীসমূহত পৃথিৱীত মানুহ সৃষ্টিৰ পূৰ্বৰে পৰা খুনলুং আৰু খুনলায়ে স্বৰ্গৰ পৰা আহি পৃথিৱীত ৰাজ্য স্থাপন কৰালৈকে বিস্তীৰ্ণ সময়ছোৱাৰ কথা বৰ্ণনা কৰা হৈছে।
দীন বুৰঞ্জী –
দীন বুৰঞ্জী মানে হৈছে পৃথিৱীৰ বুৰঞ্জী। এই দীন বুৰঞ্জীসমূহত আহোমসকলৰ পুলিন-পোথাওসকলে পৃথিৱীত ৰাজ্য স্থাপন কৰাৰ পৰা আদি কৰি চাওলুং চুকাফাই সৌমাৰপীঠত ৰাজ্য স্থাপন কৰালৈকে এক বিস্তীৰ্ণ সময়ৰ বৰ্ণনা কৰা হৈছে। দীন বুৰঞ্জীত চুকাফাৰ উত্তৰাধিকাৰীসকলৰ ৰাজত্বকালৰ তথ্য তথা শাসন পদ্ধতি আৰু সামাজিক অৱস্থাৰ বুৰঞ্জীও অন্তৰ্ভুক্ত হৈছে। সংখ্যাভিত্তিত তুলনা চাবলৈ গ’লে দেও বুৰঞ্জীতকৈ দীন বুৰঞ্জীৰ সংখ্যা অধিক।
দীন বুৰঞ্জীক আকৌ ইয়াৰ বিষয়বস্তুৰ বিস্তৃতি অনুসৰি দুটা ভাগত ভাগ কৰিছে। এই ভাগ দুটা হৈছে –
- ১) লাইলিক বুৰঞ্জী আৰু
- ২) লিট বুৰঞ্জী।
সাধাৰণতে যিসমূহ বুৰঞ্জীত এক দীৰ্ঘকালৰ বিৱৰণ উল্লেখ থাকে তেনে বুৰঞ্জীক লাইলিক বা বৰপাহী বুৰঞ্জী বুলি কোৱা হয়। এই বুৰঞ্জীসমূহ আকাৰত ডাঙৰ হয়। টাই ভাষা অনুসৰি লাই মানে ডাঙৰ আৰু লিক মানে কিতাপ। এখন বিখ্যাত লাইলিক বুৰঞ্জী বা বৰপাহী বুৰঞ্জী হৈছে ৰায়বাহাদুৰ গোলাপচন্দ্ৰ বৰুৱাদেৱে টাই ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰা “আহোম বুৰঞ্জী”খন।
আনহাতেদি, এটা নিৰ্দিষ্ট সৰু ঘটনাৰ বিশেষ বিৱৰণ দাঙি ধৰা বুৰঞ্জীত লিট বুৰঞ্জী বা কথা বুৰঞ্জী বোলা হয়। এই বুৰঞ্জীসমূহ আকাৰত সৰু হয়। ইয়াত যিকোনো এটা গুৰুত্বপূৰ্ণ ঘটনাক বুৰঞ্জীৰ বিষয়ৰূপে নিৰ্দিষ্ট কৰে আৰু লেখকে নিজৰ চাক্ষুস অভিজ্ঞতাৰ পৰা এই ঘটনাৰ বৰ্ণনা দিয়ে। এখন উল্লেখযোগ্য লিট বুৰঞ্জী হৈছে তেতিয়া পুৰণি অসমীয়া ভাষাত ৰচনা কৰা “ৰামসিংহৰ যুদ্ধৰ কথা” যি পৰৱৰ্তী সময়ত ডঃ সূৰ্যকুমাৰ ভূঞাদেৱে সম্পাদনা কৰি উলিয়ায়।
আহোম যুগত বুৰঞ্জী প্ৰণয়ন আৰু সংৰক্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল। বুৰঞ্জীবোৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰু সংৰক্ষণ কৰিবলৈ সেইসময়ত এটা বিশেষ বিভাগ গঠন কৰা হৈছিল। এই বিভাগৰ মুখ্য ব্যক্তি আছিল চিৰিং ফুকন। চিৰিং ফুকনৰ তত্বাৱধানত বাইলুং ফুকন, দেওধাই ফুকন, বাইলুং বৰুৱা আৰু দেওধাই বৰুৱাই বুৰঞ্জী লিখাৰ কাম সম্পন্ন কৰিছিল। পৰৱৰ্তী সময়ত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হোৱাৰ পাছত লেখাৰু খেলৰ সৃষ্টি কৰা হ’ল। এই খেলক চোৱা-চিতা কৰিছিল লেখাৰু বৰুৱা নামেৰে এজন বিষয়াই। সেইসময়ত বুৰঞ্জী লিখিবলৈ সাঁচিপাত যোগান ধৰিবৰ বাবে “সাঁচিকটীয়া” নামৰ একশ্ৰেণীৰ মানুহ নিয়োগ কৰিছিল আৰু লগতে সাঁচিপাতত ৰং দিবলৈ “খনিকৰ” নামৰ এটা শ্ৰেণীৰ লোকক নিয়োগ কৰিছিল।
আহোম যুগত ৰাজপ্ৰসাদ অৰ্থাৎ হোলোং ঘৰৰ ভিতৰত গন্ধীয়া ভঁৰাল নামেৰে এটা বৃহৎ ঘৰ আছিল আৰু ইয়াতেই বুৰঞ্জী পুথিসমূহ সংৰক্ষণ কৰি থোৱা হৈছিল। গন্ধীয়া ভঁৰালত বুৰঞ্জী সংৰক্ষণৰ কামটোৰ তদাৰক কৰিছিল গন্ধীয়া ফুকন আৰু গন্ধীয়া বৰুৱাই।
আহোম ৰাজত্বকালৰ ছশ বছৰীয়া স্বৰ্ণিল ইতিহাসত ৰচিত কেইখনমান উল্লেখযোগ্য বুৰঞ্জী পুথি হৈছে –
১) তুংখুঙীয়া বুৰঞ্জী :-
এই বুৰঞ্জীখন শ্ৰীনাথ দুৱৰা বৰবৰুৱাই ৰচনা কৰিছিল। প্ৰকৃততে এই বুৰঞ্জীখনৰ নাম আছিল “তুংখুঙীয়া স্বৰ্গদেৱৰ বংশাৱলী”। স্বৰ্গদেউ গদাধৰ সিংহৰ আহোম ৰাজত্বৰ শেষলৈকে তুংখুঙীয়া শাসকসকলৰ শাসনকালৰ বৰ্ণনা এই বুৰঞ্জীত পোৱা যায়।
২) আসাম বুৰঞ্জী পুথি :-
এই বুৰঞ্জীখন ৰচনা কৰিছিল কাশীনাথ তামুলী ফুকনে। এই বুৰঞ্জীখনে ১২২৮ খ্ৰীষ্টাব্দৰ পৰা আহোম ৰাজত্বৰ সমাপ্তি পৰ্যন্ত আহোমসকলৰ ইতিহাসক সামৰি লৈছে।
৩) ত্ৰিপুৰা বুৰঞ্জী :-
এই বুৰঞ্জীখন ৰচনা কৰিছিল ৰত্ন কন্দলি আৰু অৰ্জুন দাস বৈৰাগী নামৰ দুজন আহোম কটকীয়ে। ১৭২৪ খ্ৰীষ্টাব্দত এই বুৰঞ্জীখন তেওঁলোকে “ত্ৰিপুৰা দেশৰ কথা” নামেৰে প্ৰকাশ কৰে। এই বুৰঞ্জীখনত ত্ৰিপুৰা দেশৰ বিস্তৃত বিৱৰণৰ লগতে আহোম-ত্ৰিপুৰাৰ সম্পৰ্কৰ বিষয়েও উল্লেখ আছে।
৪) বেলিমাৰৰ বুৰঞ্জী :-
এই বুৰঞ্জীখন ৰচনা কৰিছিল বিশ্বেশ্বৰ বৈদ্যধিপ নামৰ এজন আহোম ৰাজবৈদ্যই। এই বুৰঞ্জীখনত ১৭৯২ খ্ৰীষ্টাব্দত কেপ্টেইন ৱেলছৰ অসম আগমনৰ পৰা ১৮১৯ চনত মান সৈন্যই স্বৰ্গদেউ চক্ৰধ্বজ সিংহক আহোম সিংহাসনত পুনৰ অধিষ্ঠিত কৰোৱা সময়ছোৱাৰ কথা বৰ্ণনা কৰা হৈছে।
৫) পাদশ্বাহ বুৰঞ্জী :-
এই বুৰঞ্জীখন গড়গঞা সন্দিকৈ বৰফুকনৰ নিৰ্দেশত ৰচনা কৰা হৈছিল। এই বুৰঞ্জীখনত মোগল বাদশ্বাহৰ ৰাজদৰবাৰৰ লগতে আহোম-মোগলৰ সম্পৰ্কৰ কথাও সন্নিৱিষ্ট হৈ আছে।
৬) চাংৰুং ফুকনৰ বুৰঞ্জী :-
আহোম ৰাজ্যৰ মুখ্য অভিযন্তাজনক চাংৰুং ফুকন বুলি জনা গৈছিল। এই চাংৰুং ফুকনৰ তত্বাৱধানত ৰচনা কৰা বুৰঞ্জীক “চাংৰুং ফুকনৰ বুৰঞ্জী” বুলি জনা যায়। এইপৰ্যন্ত দুখন এইশ্ৰেণীৰ বুৰঞ্জী পুথি উদ্ধাৰ হৈছে। এই বুৰঞ্জীত মূলত বাট-পথ, মঠ-মন্দিৰ, দলং, পুখুৰী, ঘৰ-দুৱাৰ, মৈদাম আদি নিৰ্মাণৰ বিভিন্ন তথ্য-পাতি পোৱা যায়।
৭) সাতসৰী অসম বুৰঞ্জী :-
সাতসৰী অসম বুৰঞ্জীখন ডঃ সূৰ্যকুমাৰ ভূঞাই সম্পাদনা কৰা এখন অন্যতম বুৰঞ্জী। এই বুৰঞ্জীত আহোম ৰাজত্বকালৰ বিভিন্ন সময়ত ৰচিত সৰ্বমুঠ সাতখন বুৰঞ্জীক সংকলিত কৰা হৈছে।
৮) চকৰীফেঁটী বুৰঞ্জী :-
এই বুৰঞ্জীখন নুমলী বৰগোঁহায়ে ৰচনা কৰিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত ৰচনা কৰা এই বুৰঞ্জীখনত সেইসময়ৰ বৰবৰুৱা কীৰ্তিচন্দ্ৰক “জলমবঁটা” বা নকল আহোম হিচাপে উল্লেখ কৰা হৈছিল আৰু সেয়ে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বুৰঞ্জী দাহ যজ্ঞৰ আৰম্ভণি কৰিছিল।
ইয়াৰোপৰি আহোম ৰাজত্বকালৰ সময়ছোৱাত ভালেমান বুৰঞ্জী সাহিত্য ৰচনা কৰা হৈছিল। এই বুৰঞ্জীবোৰে কেৱল আহোম ৰাজ্যৰ ভূগোল, ৰাজনীতি, সংস্কৃতি, অৰ্থনীতি, সমাজনীতি আদি প্ৰতিফলিত নকৰে; এই বুৰঞ্জীসমূহে আহোম ৰাজ্যৰ কাষৰীয়া ৰাজ্যসমূহৰ বিষয়েও ভালেমান গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে যিবোৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সমল।
বুৰঞ্জী সাহিত্য হৈছে এটা জাতিৰ দাপোন। এটা জাতিৰ ইতিহাসক জাতিটোৰ বৰ্তমানৰ লগত পৰিচয় কৰাই দিয়ে বুৰঞ্জী সাহিত্যই। আহোম যুগৰ বুৰঞ্জী সাহিত্যই আমাক আমাৰ অতীতৰ বিষয়ে সোঁৱৰাই দিয়ে। অনাগত দিনতো আহোম যুগৰ বুৰঞ্জী সাহিত্য সম্পৰ্কে অধ্যয়ন তথা গৱেষণাৰ প্ৰয়োজনীয়তা আছে কিয়নো আহোম ৰাজ্যৰ বুৰঞ্জী সম্পৰ্কে বৰ্তমানলৈকে সকলো তথ্য উদ্ধাৰ হোৱা নাই। বহু বুৰঞ্জী কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বুৰঞ্জী দাহকে আদি কৰি বিভিন্ন কাৰ্যৰ বাবে কেতিয়াবাই কালৰ কুটিল গ্ৰাসত হেৰাই গ’ল আৰু বহু বুৰঞ্জী এতিয়াও লোকচক্ষুৰ পৰা বহু যোজন আঁতৰত আছে। ভৱিষ্যতৰ দিনত আহোম যুগৰ এই বুৰঞ্জী সাহিত্যসমূহ উদ্ধাৰৰ প্ৰয়োজনীয়তা আছে।
আৰু পঢ়ক – নোমাডলেণ্ড ছবিখনৰ সম্পৰ্কে কিছু কথা
[…] আৰু পঢ়ক – আহোম যুগৰ বুৰঞ্জী সাহিত্য সম্পৰ্কে […]