নোমাডলেণ্ড – এক যাযাবৰৰ কাহিনী
যোৱা প্ৰায় ৪ বছৰ ধৰি বন্ধ হৈ থকা অসমৰ জাগীৰোডস্থিত ‘নগাওঁ কাগজ কল’ আৰু কাছাৰস্থিত ‘অশোক কাগজ কল’ বিক্ৰী কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে চূড়ান্ত সিদ্ধান্ত লৈছে। অসমৰ প্ৰেক্ষাপটত এয়া এক নতুন ঘটনা হ’লেও বিশ্বৰ পুঁজিবাদী দেশসমূহৰ বাবে এয়া কোনো নতুন ঘটনা নহয়। অষ্টাদশ আৰু উনবিংশ শতিকাত ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ঔদ্যোগিক বিপ্লৱৰ সূচনা হোৱাৰ পাছতে পৰম্পৰাগত উত্পাদন ব্যৱস্থাত এক বৃহত্ পৰিৱৰ্তনৰ সৃষ্টি হৈ বিভিন্ন উদ্যোগ স্থাপনেৰে অৰ্থনীতি টনকিয়াল কৰি তোলা এক ব্যাপক আন্দোলনৰ সূচনা হয়।
বিভিন্ন অত্যাধুনিক যন্ত্ৰ আৰু আহিলাৰে উদ্যোগসমূহ প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনাপূৰ্ণ ঠাইসমূহত গঢ় লৈ উঠে। কালক্ৰমত এই উদ্যোগসমূহত পুঁজিবাদৰ উত্থান ঘটে আৰু কেৱল পুঁজি বা লাভৰ মাত্ৰা বৃদ্ধি কৰাই হৈ পৰে একমাত্ৰ উদ্দেশ্য। যাৰ ফলত এনে উদ্যোগসমূহত কেঁচামালৰ যোগান কমি গ’লে বা লাভ কমি আহিলে কাৰখানা বন্ধ কৰি দিয়া হয় আৰু শ্ৰমিকসকল ৰাতিটোৰ ভিতৰতে হৈ পৰে নিবনুৱা বা কৰ্মহীন। ইয়াৰ লগে লগে উদ্যোগৰ বাবে গঢ় লৈ উঠা সম্পূৰ্ণ আন্তঃগাঁথনি ধ্বংসপ্ৰাপ্ত হৈ পৰে যাৰ ফলশ্ৰুতিত এক অনাকাংক্ষিত বিপদত পৰি ককবকাবলগীয়া হয় সাধাৰণ শ্ৰমিক আৰু কৰ্মচাৰীসকলে; যিটো বৰ্তমান দেখা গৈছে অসমৰ কাগজ কলৰ শ্ৰমিকসকলৰ ক্ষেত্ৰত।
এনে এক বাস্তৱ কাহিনীৰ আধাৰতে নিৰ্মাণ হোৱা এখন ছবি হৈছে- ন’মাডলেণ্ড। ‘স্মৃতিয়েই জীৱন’- বহুৰঙী পৃথিৱীৰ প্ৰান্তে প্ৰান্তে ঘূৰি-ফুৰি মাণিক-মুকুতাৰ দৰে স্মৃতিবোৰ সাঁচি ৰখা আৰু শেষ সময়লৈকে জীৱনটোক উদযাপন কৰাৰ কাহিনী খুব সুন্দৰকৈ ফুটাই তুলিবলৈ যত্ন কৰা হৈছে এই নোমাডলেণ্ড ছবিখনত। ভ্ৰাম্যমাণ যাযাবৰৰ বন্ধুৰ হাতত ভাঙি চুচুৰ্মৈ হৈ পৰা পুৰণি স্মৃতি বিজড়িত প্লেট এখন জোৰা লগাই থকা ফাৰ্ণ, ফাৰ্ণৰ কাণৰ ঘূৰণীয়া কাণফুলিপাতক লৈ প্ৰেম-প্ৰত্যাৱৰ্তনৰ বুজনি দিয়া যাযাবৰ বান্ধৱীসকল, গৃহহীন মানুহৰ জীৱনত আহি পৰা বহু প্ৰত্যাহ্বান, নতুন বন্ধুৰ সৈতে কটোৱা অন্তৰংগ সময়ৰ দৃশ্য আৰু বহু অপূৰ্ব দৃশ্যাংশৰ সমাহাৰেৰে নোমাডলেণ্ড এখন সুন্দৰ বাস্তৱধৰ্মী ছবি।
আমেৰিকান সাংবাদিক ও লেখিকা জেছিকা ব্ৰুডাৰ(Jassica Bruder)ৰ Nomadland: Surviving America in the twenty-first century নামৰ ২০১৭ চনত প্ৰকাশিত গ্ৰন্থখনৰ আধাৰত আমেৰিকা নিবাসী চীনা চলচ্চিত্ৰ পৰিচালক ক্লৱি ঝাও(Chloe Zhao) য়ে নিৰ্মাণ কৰা Nomadland ছবিখনে মুক্তি লাভ কৰে ২০২০ চনৰ ১১ ছেপ্তেম্বৰ তাৰিখে। চাৰ্ছলাইট পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত ছবিখনে মুক্তিৰ পাছৰে পৰা কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ পাছত ২০২১ বৰ্ষত ৯৩ তম অস্কাৰ বঁটা লাভ কৰে।
অস্কাৰ বঁটা গ্ৰহণৰ পাছত পৰিচালক ক্ল’ৱি ঝাও
ছবিৰ কাহিনীভাগ-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেৱাডাস্থিত এম্পায়াৰ চহৰৰ এটা সঁচা কাহিনীৰে নিৰ্মিত হৈছে এই ছবিখন। জিপছাম প্ৰকল্প এটাই সুদীৰ্ঘ ৮৮ বছৰধৰি নেৱাডাৰ এম্পায়াৰ চহৰত ব্যৱসায় চলাই থকাৰ পাছত ২০১১ চনত হঠাতে বন্ধ হৈ পৰে। আৰু ইয়াৰ ছমাহৰ পাছতে সম্পূৰ্ণ ব্যৱসায়িক ঘাটিতো প্ৰাণহীন নিস্তেজ হৈ পৰে। চহৰখনৰ পিন ক’ডটোও উঠাই দিয়া হয়। কোম্পানীৰ শ্ৰমিকসকল সম্পূৰ্ণৰূপে কৰ্মহীন হৈ যাযাবৰী জীৱন কটাবলৈ বাধ্য হয়। আৰু ২০১৩ চনলৈকে এম্পায়াৰ চহৰখনত অতি কমসংখ্যক শ্ৰমিকেহে বসবাস কৰি থাকে। সেই সময়ত এম্পায়াৰ খনি কোম্পানী (Empire Mining Corporation) এটাই চহৰখন কিনি লয় আৰু তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰে। আৰু পূৰ্বৰ জিপছাম প্ৰকল্পৰ বাকী ৰোৱা শ্ৰমিকসকলক নতুন কোম্পানীটোত সংস্থাপন দিয়া হয়। কিন্তু সেয়ে হ’লেও অধিকাংশ শ্ৰমিককে পুঁজিবাদী ব্যৱস্থাটোৱে ইতিমধ্যে বলপূৰ্বকভাৱে যাযাবৰ কৰি তোলে।
এম্পায়াৰত কৰ্মহীন হৈ যাযাবৰ হোৱাৰ সিদ্ধান্ত লোৱা এগৰাকী মহিলা শ্ৰমিক ফাৰ্ণৰ যাযাবৰী যাত্ৰাৰে আৰম্ভ হৈছে ছবিখন। জিপছাম প্ৰকল্পতে জীৱনৰ সুদীৰ্ঘ দিন পাৰ কৰা ফাৰ্ণৰ স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে। কৰ্মহীন হৈ পৰা ফাৰ্ণে জীৱন-জীৱিকাৰ বাবে হাহাকাৰ কৰিবলগা হোৱা সময়তে এখন ভানত সকলোবোৰ অত্যাৱশ্যকীয় সা-সুবিধাৰ ব্যৱস্থা কৰি যাযাবৰী যাত্ৰা আৰম্ভ কৰিছে। ভানখনৰ নাম ৰাখিছে- ভেনগাৰ্ড। এম্পায়াৰ চহৰ এৰি যোৱাৰ সময়ত শোকে খুন্দা মাৰি ধৰিলেও ফাৰ্ণে নিজক সম্বৰণ কৰি অসীম ধৈৰ্যৰে আৰু নতুন উদ্যমেৰে গান গাই গাই ভ্ৰাম্যমাণ আবাস ৰূপে গঢ়ি লোৱা ভানখনত কৰ্মসংস্থান বিচাৰি যাত্ৰা চলাই নিয়ে।
ইয়াৰ পাছতে ফাৰ্ণক দেখা পোৱা যায় আমাজন ডেলিভাৰী কোম্পানীৰ এটা পেকেজিং চেন্টাৰত অস্থায়ী শ্ৰমিকৰূপে নিয়োজিত হোৱা। আৰু ইয়াতে ফাৰ্ণে লগ পায় এগৰাকী যাযাবৰী বন্ধু লিণ্ডাক। ফাৰ্ণক লিণ্ডাই বব্ ৱেলছ নামৰ এজন গুৰুৰ কথা কয়, যিয়ে এই যাযাবৰীসকলৰ বাবে শিবিৰ পাতে আৰু তেওঁলোকক জীৱনবোধৰ কথা কয়। আৰু এনেকৈয়ে এদিন ফাৰ্ণে বব্ ৱেলছৰ অস্থায়ী শিবিৰত যোগ দিয়েহি। তাতেই লগ পায় তেওঁৰ দৰে আন বহুতো যাযাবৰ বন্ধু- সোয়াঙ্কি, ডেভ(ডেভিদ ষ্ট্ৰেথাইৰন) ইত্যাদিক। সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰে, নিজৰ ব্যক্তিগত জীৱনৰ কাহিনী কয় আৰু সুখ-দুখবোৰ ভগাই ল’বলৈ যত্ন কৰে। এনেদৰেই লাহে লাহে ফাৰ্ণে নতুন জীৱনৰ গভীৰতালৈ ডুবিবলৈ আৰম্ভ কৰে। ঝাওৰ চিত্ৰনাট্যত ফাৰ্ণৰ সংলগ্নতা আৰু নিৰ্জনতা, নিৰ্জনতা আৰু একাকীত্বৰ বিৰোধী অৱস্থাবোৰ সুন্দৰভাৱে অন্বেষণ কৰা হৈছে। ডেভৰ(ডেভিদ ষ্ট্ৰেথাইৰন) সৈতে ফাৰ্ণৰ বাৰ্তালাপে সাহচৰ্য আৰু আনন্দৰ প্ৰতিশ্ৰুতি দিয়ে, আনহাতে ফাৰ্ণে ডেভৰ ঘৰলৈ যাবলৈ সংকোচ কৰে। অতিৰিক্ত নগদ ধনৰ বাবে সদায়ে কঠিন আৰু এটা কঠিন কামৰ পৰা আন এটা কাম বিচাৰি যোৱা ফাৰ্ণে বিপদজনক সময়বোৰৰ পৰা কমকৈ হ’লেও আনন্দ লাভ কৰে।
যাযাবৰী বন্ধু ডেভৰ সৈতে ফাৰ্ণ
ফাৰ্ণৰ যাযাবৰ সহকৰ্মী, ৭৫ বছৰীয়া সোয়াঙ্কি এগৰাকী বিধৱা। স্বামীৰ মৃত্যুৰ পিছত, এতিয়া কৰ্কট ৰোগত আক্ৰান্ত হোৱা সোয়াঙ্কিয়ে বাকী থকা জীৱনটো হস্পিটেলৰ বিছনাত নথকাৰ সিদ্ধান্ত লৈছে আৰু ফাৰ্ণক কৈছে-‘জীৱনটো জীয়াই থাকিব লাগিব !’ এই কথাই বাৰে বাৰে ফাৰ্ণক অণুপ্ৰাণিত কৰিছে। তেওঁ পৰম্পৰাগত জীৱন যাপনৰ সুযোগ ল’বলৈ অনিচ্ছুক হৈ পৰিছে। যাৰ বাবে তেওঁ কেলিফৰ্ণিয়াত থকা সচ্ছল ভনীয়েকৰ ঘৰলৈ লৈ যোৱাৰ প্ৰস্তাৱ অস্বীকাৰ কৰে। আকৌ আন এজনসহকৰ্মী ডেভ(ডেভিদ ষ্ট্ৰেথাইৰন)ৰ প্ৰেমকো প্ৰত্যাখ্যান কৰে। গোটেই ছবিখনত ফাৰ্ণে নতুন ঘৰৰ সন্ধান কৰা নাই, বৰঞ্চ স্মৃতিৰ মণিকোঠত তাইৰ হেৰুওৱা ঘৰটো ধৰি ৰাখিছে, যি এতিয়া কেৱল তাইৰ স্মৃতিত বাস কৰে। মানুহ আৰু বস্তুবোৰ বাস্তৱত অস্তিত্বতকৈ অধিক অমূৰ্ত চিন্তাত বাস কৰে। আৰু যদি সেই স্মৃতিবোৰ ম্লান হৈ যায় তেন্তে কি হ’ব? ফাৰ্ণে সেয়া হোৱাটো নিবিচাৰে।
অৱশ্যে ছবিখনৰ শেষৰফালে ফাৰ্ণে তেওঁৰ পুৰণি ঘৰটোলৈ এবাৰ ঘূৰি অহা দেখা যায় যদিও তাত থকাৰ কোনো পৰিকল্পনা নকৰি পুনৰ উভতি যায়।
শেষত ক’ব পাৰি যে, দৰ্শকৰ চকুত পুঁজিবাদী অৰ্থনীতিৰ আটাইতকৈ পুতৌলগা আৰু অমানৱীয় অৱস্থাটো এই ছবিখনে খুব সুন্দৰকৈ প্ৰতিফলিত কৰিছে। কোটি কোটি ভাৰতীয়ৰ সপোনৰ দেশ আমেৰিকাত পুঁজিবাদে সাধাৰণ শ্ৰমজীৱি মানুহৰ জীৱনলৈ কঢ়িয়াই অনা অবৰ্ণনীয় দুখ-দুৰ্দশাৰ প্ৰতীক যেন এই ছবিখন। ছবিখনৰ আটাইতকৈ লক্ষণীয় কথাটো হৈছে- ছবিখনত বহুকেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনেতা-অভিনেত্ৰীৰ সলনি প্ৰকৃত যাযাবৰ বা নমাডে ঠাই পাইছে।
পৰিচালক ক্ল’ৱি ঝাওৱে আমেৰিকাৰ যাযাবৰসকলে কিয়, ক’ত আৰু কেনেদৰে তেওঁলোকৰ জীৱন যাত্ৰা চলাই নিয়ে তাক অতি নিখুঁতভাৱে উপস্থাপন কৰিছে। বন্ধুৰ হাঁহি, নদীত ডুব যোৱা, এজন অচিনাকি ব্যক্তিৰ এক প্ৰকাৰৰ ভঙ্গী- এই সৰল বস্তুবোৰৰ উপস্থাপনেৰে পৰিচালকে ছবিখনত এক অনন্য সৌন্দৰ্য আনিবলৈ চেষ্টা কৰিছে। ছবিখনৰ শেষত আমাৰ অনুভৱ হয় যে আমি সকলোৱে হয়তো ফাৰ্ণৰ জীয়াই থকাৰ সংগ্ৰামখনৰ সৈতে পোনপটীয়াকৈ সম্পৰ্ক স্থাপন কৰিব নোৱাৰোঁ, কিন্তু আমি সকলোৱে সেই অস্থিৰতা আৰু অনিশ্চয়তাৰ অনুভূতি অনুভৱ কৰিব পাৰোঁ।
আৰু পঢ়ক- তালিবান-অফগানিস্তান সংঘাত
Pretty! This has been a really wonderful post. Many thanks for providing these details.
I loved as much as you will receive carried out right here The sketch is attractive your authored material stylish nonetheless you command get got an impatience over that you wish be delivering the following unwell unquestionably come more formerly again since exactly the same nearly a lot often inside case you shield this hike
For the past couple days I’ve been frequently visiting this awesome website, they offer valuable insights for visitors. The site owner is doing a fine job informing the community. I’m happy and hope they persist with their excellent efforts.
Fantastic site A lot of helpful info here Im sending it to some buddies ans additionally sharing in delicious And naturally thanks on your sweat