তথ্যকোষপৰ্যালোচনাসাময়িকী

তালিবান-আফগানিস্তান সংঘাত – অতীত, বৰ্তমান আৰু ভৱিষ্যত

তালিবান বৰ্তমান সমগ্ৰ বিশ্বৰ বাবে এক ত্ৰাসৰ কাৰণ। বিশ্বৰ শান্তিপ্ৰিয় মানৱ সমাজৰ বাবে তালিবান নামৰ উগ্ৰপন্থী সংগঠনটোৱে কঢ়িয়াই লৈ আনিছে অশান্তিৰ বতৰা। সুদীৰ্ঘ বিশ(২০) বছৰৰ অন্তত আফগানিস্তানৰ ক্ষমতা দখল কৰি তালিবান হৈ পৰিছে আফগানিস্তানৰ একছত্ৰী শাসক। তালিবানৰ অত্যাচাৰৰ ভয়ত বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকসকলক সেই দেশসমূহৰ চৰকাৰে আফগানিস্তানৰ পৰা নিজ দেশলৈ উভটাই নিবলৈ চেষ্টা কৰি আছে আৰু ইয়াৰ লগতে বহুতো আফগান লোকো তালিবানৰ অত্যাচাৰৰ ভয়ত বিভিন্ন দেশলৈ প্ৰব্রজন কৰিছে। তালিবানৰ অত্যাচাৰৰ ভয়ত আফগানিস্তানৰ মহিলাসকল ৰাজপথলৈ ওলাবলৈ ভয় কৰিছে আৰু তেওঁলোকক বোৰ্খা পিন্ধিবলৈ তালিবানে বাধ্য কৰি তুলিছে। তালিবানে আফগানিস্তানত প্ৰৱেশ কৰিয়েই নিজৰ নৃশংস ৰূপ প্ৰদৰ্শন কৰিছে আৰু তালিবানী শাস্তিৰে হত্যালীলা আৰম্ভ কৰিছে। তালিবান-আফগানিস্তানৰ সংঘৰ্ষৰ ইতিহাস দীঘলীয়া।

তালিবান কি? 

তালিবান এটা পস্তু বা পাৰ্ছীয়ান শব্দ। তালিবান শব্দৰ ব্যুৎপত্তিগত অৰ্থ হৈছে ছাত্ৰ। তালিবান হৈছে আফগানিস্তানত প্ৰতিষ্ঠা হোৱা এটা দেওবন্দী ইছলামিক ৰাজনৈতিক, ধৰ্মীয় তথা সামৰিক সংগঠন। তালিবান ইছলামিক আইন শ্বৰিয়ত আৰু জেহাদৰ সংমিশ্ৰণত প্ৰতিষ্ঠিত। 

তালিবানৰ সৃষ্টি আৰু প্ৰসাৰ –

তালিবানৰ সৃষ্টি হৈছিল ১৯৯৪ চনৰ ছেপ্টেম্বৰত মোল্লাহ মহম্মদ ওমৰৰ নেতৃত্বত। তেওঁ নিজ গৃহ চহৰ কান্দাহাৰত প্ৰায় ৫০ জনমান মাদ্ৰাছাৰ ছাত্ৰৰ সৈতে লগ হৈ তালিবান সংগঠনটো সৃষ্টি কৰিছিল। তালিবান সৃষ্টিৰ অন্তৰালত বহুতো কাৰণ লুকাই আছে।
মোল্লাহ মহম্মদ ওমৰে কান্দাহাৰৰ সংগ-ই-হিচাৰ মাদ্ৰাছাত অধ্যয়ন কৰিছিল। সেইসময়ত আফগানিস্তানত কমিউনিষ্ট চৰকাৰ চলি আছিল আৰু সেয়ে আফগানিস্তানত ইছলামিক শ্বৰিয়ত আইন বলৱত নোহোৱাত মোল্লাহ মহম্মদ ওমৰ অসন্তুষ্ট হৈ আছিল। আৰু সেইহেতুকে তেওঁ আফগানিস্তানত তালিবান নামৰ সংগঠনটো গঠন কৰিছিল। কেইমাহমানৰ ভিতৰতে প্ৰায় ১৫,০০০ মাদ্ৰাছাৰ ছাত্ৰই তালিবানত যোগদান কৰিলে।
সেইসময়ত তালিবান গঠন কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিল। পুঁজিবাদী দেশ আমেৰিকাই আফগানিস্তানত কমিউনিষ্ট শাসনৰ প্ৰচলন হোৱা পছন্দ কৰা নাছিল। সেয়ে, আমেৰিকা যুক্তৰাষ্ট্ৰই তালিবানক পুঁজিৰ লগতে জেহাদমূলক কাৰ্যকলাপৰ লগত সম্পৰ্কিত পাঠ্যপুথি যোগান ধৰিছিল যাতে তালিবানৰ সমূহ সদস্যই ৰাছিয়াৰ পৃষ্ঠপোষকতাত আফগানিস্তানত গঢ়ি উঠা কমিউনিষ্ট চৰকাৰৰ বিৰুদ্ধে মূৰ দাঙি থিয় দিয়ে। 
ইয়াৰ লগতে আফগানিস্তানৰ তালিবানক পাকিস্তানেও প্ৰত্যক্ষভাৱে সহায় কৰিছিল। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এচ আয়ে(ISI) তালিবানৰ সদস্যসকলক প্ৰশিক্ষণ দিয়াত লগতে পাকিস্তান চৰকাৰে তালিবানক বিত্তীয় সাহাৰ্য আগবঢ়াইছিল। 

আফগানিস্তান –

আফগানিস্তান মধ্য আৰু দক্ষিণ এছিয়াত অৱস্থিত এখন ৰাষ্ট্ৰ। আফগানিস্তানক পাকিস্তান, আফগানিস্তান, তুৰ্কমেনিস্তান, উজবেকিস্তান, তাজিকিস্তান আৰু চীনে চাৰিওফালৰ পৰা আগুৰি আছে। বৰ্তমান আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল।

তালিবানৰ আগমনৰ পূৰ্বে আফগানিস্তানৰ ৰাজনৈতিক ইতিহাস –

পূৰ্বতে আফগানিস্তানত ৰজাৰ শাসন চলিছিল যদিও ১৯৬৪ চনত সংবিধান ৰচনা হোৱাৰ পাছত আফগানিস্তানত প্ৰথমজন অ-ৰাজকীয় প্ৰধানমন্ত্ৰী হৈছিল। সেইসময়ত আফগানিস্তানৰ সম্ৰাট আছিল জাহিৰ শ্বাহ। তেতিয়া আফগানিস্তানক ছোভিয়েট ৰাছিয়াই অধিক সাহাৰ্য প্ৰদান কৰিছিল। তেনেসময়তে ১৯৭৩ চনত আফগানিস্তানৰ সম্ৰাট জাহিৰ শ্বাহ ইটালীত থকাৰ সুযোগ লৈ ডাউদ খানে ৰক্তহীন বিপ্লৱৰ জৰিয়তে ৰাজতন্ত্ৰ উচ্ছেদ কৰে আৰু আফগানিস্তানৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰে।
তাৰপাছত, ১৯৭৮ চনৰ এপ্ৰিলত আফগানিস্তানৰ পিপলছ ডেমক্ৰেটিক পাৰ্টী(PDPA)য়ে ৰাষ্ট্ৰপতি ডাউদ খনৰ বিৰুদ্ধে যুঁজ কৰি ৰক্তক্ষয়ী বিপ্লৱৰ জৰিয়তে আফগানিস্তানৰ ক্ষমতা দখল কৰে। ইয়াক এপ্ৰিল বিপ্লৱ বুলি কোৱা হৈছিল। তাৰপাছত আফগানিস্তানত পিপলছ ডেমক্ৰেটিক পাৰ্টী(PDPA) য়ে আফগানিস্তান গণতান্ত্ৰিক গণৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে। আৰ পিপলছ ডেমক্ৰেটিক পাৰ্টীৰ নেতা নুৰ মহম্মদ তাৰাকীক আফগানিস্তান গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰথমজন নেতা হিচাপে ঘোষণা কৰে। এই ঘটনাটোৰ পাছতেই আফগানিস্তানত কিছুমান ঘটনা ঘটে আৰু ইয়েই আফগানিস্তানক এখন দুখীয়া আৰু শান্তিপূৰ্ণ দেশৰ পৰা সন্ত্ৰাসৰ এখন অশান্তজৰ্জৰ দেশলৈ পৰ্যবসিত কৰে।

গৃহযুদ্ধ

প্ৰথম অৱস্থাত আফগানিস্তানৰ পিপলছ ডেমক্ৰেটিক পাৰ্টীয়ে আফগানিস্তানত ভালেমান সামাজিক, অৰ্থনৈতিক সংস্কাৰৰ কাম হাতত লৈছিল কিন্তু তেওঁলোকৰ বিৰোধিতা কৰাসকলৰ বিৰুদ্ধে তেওঁলোকে বৰ্বৰ অত্যাচাৰ পন্থা অৱলম্বন কৰিছিল। ইয়েই আফগানিস্তানত এক অচলাৱস্থাৰ জন্ম দিছিল আৰু ১৯৭৯ চনত ইয়েই আফগানিস্তানক গৃহযুদ্ধৰ মুখলৈ লৈ যায়। আফগানিস্তানৰ কমিউনিষ্ট চৰকাৰৰ বিৰোধিতা কৰি বহু গেৰিলা মুজাহিদীনে আফগানিস্তানৰ পিপলছ ডেমক্ৰেটিক পাৰ্টী(PDPA)ৰ বিৰুদ্ধে অস্ত্ৰ তুলি লয়।
ইয়াৰ পাছতেই পাকিস্তান চৰকাৰে এই বিদ্ৰোহীসকলক অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰে আৰু ইয়াত লগতে এই গেৰিলা মুজাহিদীনসকলক পাকিস্তানে প্ৰশিক্ষণ প্ৰদান কৰে। এই কাৰ্যত হাত উজান দিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰই মুজাহিদীনসকলক পুঁজি প্ৰদান কৰি আফগানিস্তানৰ কমিউনিষ্ট চৰকাৰ উফৰাই ছোভিয়েট ৰাছিয়াক দুৰ্বল কৰিব খুজিছিল। অন্যহাতেদি আকৌ ছোভিয়েট ৰাছিয়াই আফগানিস্তানৰ পিপলছ ডেমক্ৰেটিক পাৰ্টীৰ চৰকাৰক সহায় কৰিবলৈ আফগানিস্তানলৈ সৈন্য প্ৰেৰণ কৰিছিল। অৱশেষত, আফগানিস্তানৰ গৃহযুদ্ধই পুঁজিবাদী আৰু সাম্যবাদী শিবিৰৰ মাজত ছায়াযুদ্ধৰ সূচনা কৰিছিল।

খালাক আৰু পৰচম –

সেইসময়তে আফগানিস্তানৰ পিপলছ ডেমক্ৰেটিক পাৰ্টীৰ দুটা শিবিৰ – খালাক আৰু পৰচমৰ মাজতো দূৰত্ব বৃদ্ধি হয় আৰু সংঘৰ্ষৰ সূচনা হয়। ১৯৭৯ চনৰ ছেপ্টেম্বৰত আফগানিস্তানৰ পিপলছ ডেমক্ৰেটিক পাৰ্টীৰ সাধাৰণ সম্পাদক নুৰ মহম্মদ তাৰাকীক খালাক সদস্যই হত্যা কৰে আৰু এই হত্যাকাণ্ডৰ মূলতে আছিল সেইসময়ৰ আফগানিস্তানৰ প্ৰধানমন্ত্ৰী হাফিজুল্লা আমিন যিয়ে তাৰাকীক হত্যা কৰাৰ পাছত আফগানিস্তানৰ পিপলছ ডেমক্ৰেটিক পাৰ্টীৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল। 
ইয়াৰ পাছতেই আফগানিস্তানৰ অৱস্থা ক্ৰমাৎ বেয়াৰ ফাললৈ ঢাল খায়। ১৯৭৯ চনৰ ডিচেম্বৰত ছোভিয়েট ৰাছিয়াৰ সৈন্য আফগানিস্তানত প্ৰৱেশ কৰি কাবুল দখল কৰে আৰু হাফিজুল্লা আমিনক হত্যা কৰে। তাৰপাছত, ছোভিয়েট ৰাছিয়াত শাসন চলায় পৰচমৰ মুৰব্বী বাবৰাক কাৰমালে। কাৰমালে এই কাৰ্যত ছোভিয়েট সৈন্যৰ সহযোগিতাও লাভ কৰে। বাবৰাক কাৰমালৰ নেতৃত্বত আফগানিস্তানত শান্তি স্থাপন কৰিবলৈ ছোভিয়েট ৰাছিয়াই সৈন্য সঞ্চালন বৃদ্ধি কৰে আৰু ইয়েই ছোভিয়েট-আফগান যুদ্ধ আৰম্ভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পাকিস্তানে চীন,চৌদি আৰবৰ সহায়ত আফগানিস্তানত বিদ্ৰোহীসকলক সমৰ্থন কৰি থাকিল আৰু ইয়াৰ সমান্তৰালকৈ অস্ত্ৰ-শস্ত্ৰ আৰু পুঁজিও যোগান ধৰি থাকিল।
এই সংঘৰ্ষ প্ৰায় ন(৯)বছৰ জুৰি চলি থাকিল আৰু সংঘৰ্ষসমূহত দুয়োপক্ষৰ বহু ক্ষতি হ’ল ইয়াত লগতে প্ৰায় ২০ লাখমান আফগান নাগৰিকৰ মৃত্যু হ’ল আৰু লগতে প্ৰায় ৬০ লাখমান আফগান নাগৰিক গৃহহীন হ’ল। এই নাগৰিকসকলে ইয়াৰ কাষৰীয়া দেশসমূহলৈ পলায়ন কৰিলে। ছোভিয়েট ৰাছিয়াই আফগানিস্তানত সেনা প্ৰত্যাহাৰ কৰাৰ পাছতো আফগানিস্তানৰ গৃহযুদ্ধ চলিয়েই আছিল। অৱশেষত ১৯৯২ চনত আফগানিস্তানৰ পিপলছ ডেমক্ৰেটিক পাৰ্টীৰ নেতা মহম্মদ নাজিবুল্লাহৰ পতনৰ পাছতহে আফগানিস্তানৰ গৃহযুদ্ধৰ অন্ত পৰে।

তালিবানৰ নেতৃত্বাধীন আফগানিস্তান –

১৯৯৪ চনৰ ৩ নৱেম্বৰত আচম্বিতে আক্ৰমণ কৰি তালিবানে কান্দাহাৰ দখল কৰে আৰু ৪ জানুৱাৰীৰ পূৰ্বে তালিবানে আফগানিস্তানৰ ১২ খন প্ৰদেশ দখল কৰি নিজৰ নিয়ন্ত্ৰণ স্থাপন কৰে। তাৰপাছত তেওঁলোকে কাবুল দখল কৰিবলৈ গতি কৰে কিন্তু তালিবান আহমদ চাহ মাছুদৰ নেতৃত্বাধীন বাহিনীৰ হাতত পৰাস্ত হ’ব লগা হয়। অৱশেষত ১৯৯৬ চনৰ ২৬ ছেপ্টেম্বৰত কাবুলৰ ওপৰত ভয়াৱহ আক্ৰমণ চলাই ২৭ ছেপ্টেম্বৰৰ দিনা তালিবানে কাবুল দখল কৰে আৰু আফগানিস্তানত ইছলামিক এমিৰেট অফ আফগানিস্তান প্ৰতিষ্ঠা কৰে। তালিবানৰ এই জয়ৰ দ্বাৰা পাকিস্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যস্তস্বাৰ্থ পূৰণ হয়।
১৯৯৬ ৰ পৰা ২০০১ চনলৈ আফগানিস্তানৰ প্ৰায় ৯০ শতাংশ অঞ্চল তালিবানৰ শাসনত থাকে। সেই সময়ছোৱাত তালিবানে আফগানিস্তানত ইছলামিক আইন শ্বৰিয়ত বলৱত কৰিছিল আৰু কোৰানৰ নীতি-নিয়মসমূহ বলৱত কৰিছিল। তালিবানে বেছিভাগ ক্ষেত্ৰতে প্ৰায় নিষেধাজ্ঞা জাৰী কৰি হৈছিল। তালিবানে সেই সময়ছোৱাত বিশেষকৈ নাৰীক দমন কৰি থৈছিল। তেওঁলোকে নাৰীক মূৰত পৰা ভৰিৰ আঙুলিলৈ ঢাকি থবলৈ বোৰ্খা পৰিধান কৰা বাধ্যতামূলক কৰিছিল। ইয়াত লগতে নাৰীক বিদ্যালয় তথা স্বাস্থ্য কেন্দ্ৰ তথা চাকৰিলৈ যোৱাৰ ক্ষেত্ৰতো তালিবানৰ দ্বাৰা বাধা-নিষেধ আৰোপ কৰা হৈছিল।
তালিবানৰ আদেশ কোনোবাই অমান্য কৰিলে বৰ্বৰ ৰাজহুৱা শাস্তি প্ৰদান কৰা হৈছিল। ইয়াৰ ভিতৰত পথৰ খুঁটাত বান্ধি শিল দলিওৱা, অংগচ্ছেদ, ফাঁচী দিয়া তথা গুলীওৱা আদি উল্লেখযোগ্য। 
তালিবান সেইসময়ত আন কোনো ধৰ্মৰ প্ৰতিও সহনশীল নাছিল। ২০০১ চনৰ প্ৰাৰম্ভিক পৰ্যায়ত তালিবানে বামিয়ানৰ পুৰণি বুদ্ধ মূৰ্তিটো ধ্বংস কৰিছিল। অৱশেষত ২০০১ চনৰ অন্তিম পৰ্যায়ত আফগানিস্তানত তালিবানৰ ওপৰত আমেৰিকাৰ আক্ৰমণে তালিবানৰ কঁকাল ভাঙে আৰু ইয়েই আফগানিস্তানত তালিবান চৰকাৰৰ পতন ঘটায়।

তালিবানৰ ওপৰত আমেৰিকাৰ আক্ৰমণ আৰু আফগানিস্তানত শান্তি –

তালিবান আফগানিস্তানৰ ক্ষমতাত থকা সময়ছোৱাত অল কায়দাৰ মূৰব্বী ওচামা বিন লাডেন আফগানিস্তানত আশ্ৰয় লৈ আছিল। এই লাডেনেই ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু ৱাছিংটনৰ পেণ্টাগণত আক্ৰমণ চলাইছিল। এই ঘটনাত হাজাৰ-বিজাৰ আমেৰিকান লোক নিহত হৈছিল।
ওচামা বিন লাডেন আফগানিস্তানত আশ্ৰয় লৈ থকাৰ খবৰ পাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ. বুশ্বে অল কায়দা আৰু লাডেনক আমেৰিকাক গতাই দিবলৈ তালিবানক দাবী জনায়। কিন্তু তালিবানে এই দাবীৰ কোনো সুদুত্তৰ নিদিয়াত আমেৰিকাই আফগানিস্তানত তালিবান আৰু অল কায়দাৰ ওপৰত আক্ৰমণ চলায়। আমেৰিকাই আকাশমাৰ্গেৰে তালিবান আৰু অল কায়দাৰ ঘাটিসমূহত আক্ৰমণ চলায়। এনে সময়তে আমেৰিকাক সহায় কৰে নাটো(NATO)ৰ অন্য সহযোগী ৰাষ্ট্ৰকেইখনে আৰু আফগানিস্তানৰ তালিবান বিৰোধী মুজাহিদীন গোটসমূহে। ২০০১ চনৰ ১৩ নৱেম্বৰত তালিবান বিৰোধী সেনাবাহিনীয়ে কাবুলত তীব্র তালিবানৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় আৰু কাবুলৰ পতনৰ ফলত শীঘ্ৰেই আন আন প্ৰদেশৰ পৰাউ তালিবানবাহিনী উৎখাট হ’ল। সকলো লগ লাগি আফগানিস্তানৰ পৰা তালিবান চৰকাৰ উফৰাই পেলায়। অধিকাংশ তালিবান আৰু অল কায়দাৰ শীৰ্ষ নেতা পাকিস্তানলৈ পলায়ন কৰে। 
তাৰপাছত, ২০০৪ চনৰ ২৬ জানুৱাৰীৰ দিনা আফগানিস্তানৰ সংসদত নতুন সংবিধান গ্ৰহণ কৰা হয় আৰু ই আইনৰ ৰূপ পায়। ২০০৪ চনৰ অক্টোবৰত আফগানিস্তানৰ নতুন সংবিধানমৰ্মে আফগানিস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰা হয় আৰু ২০০৪ চনৰ ৭ ডিচেম্বৰত হামিদ কাৰজায়ে আফগানিস্তানৰ নতুন সংবিধানৰ প্ৰথম ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰে। হামিদ কাৰজাই দুটা পাঁচবছৰীয়া কালৰ বাবে আফগানিস্তানৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়।
পৰৱৰ্তী পৰ্যায়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটোৰ আন সদস্য ৰাষ্ট্ৰই আফগানিস্তানত প্রান্তে প্রান্তে তালিবানৰ বিপক্ষে সৈন্য সঞ্চালন আৰম্ভ কৰে। ২০০৯ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই আফগানিস্তানত আমেৰিকাৰ সৈন্য সংখ্যা ১ লাখ ৪০ হাজাৰলৈ বৃদ্ধি কৰে। ইয়াৰ পাছতেই আমেৰিকাই ২০১১ চনৰ ২ মে’ত পাকিস্তানৰ এবটাবাদত অল কায়দাৰ মুৰব্বী ওচামা বিন লাডেনক হত্যা কৰে।
২০১৩ চনৰ ২৩ এপ্ৰিলত পাকিস্তানৰ কৰাঁচীত তালিবানৰ প্ৰতিষ্ঠাপক মূৰব্বী মোল্লা মহম্মদ ওমৰৰ মৃত্যু ঘটে কিন্তু তালিবানে বিশ্ব সম্প্ৰদায়ৰ আগত এই বাতৰি দুবছৰলৈ গোপনে ৰাখে। ২০১৪ চনৰ ২৮ ডিচেম্বৰত নাটোৱে আমেৰিকাত তালিবান বিৰোধী অভিযান অন্ত পেলোৱাৰ কথা ঘোষণা কৰে। আমেৰিকায়ো নিজৰ হাজাৰোধিক সৈন্য নিজ দেশলৈ উভটাই নিয়ে আৰু যিখিনি সৈন্য আফগানিস্তানত আছিল সেই সৈন্যসকলে মূলত আফগান সৈন্য বাহিনীক প্ৰশিক্ষণ আৰু সমৰ্থন কৰাত ধ্যান কেন্দ্ৰিত কৰিছিল।

আমেৰিকা-আফগানিস্তানৰ চুক্তি –

২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত কাটাৰৰ ড’হাত ডোনাল্ড ট্ৰাম্পৰ ৰাষ্ট্ৰপতিত্ব কালত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তালিবানৰ মাজত আফগানিস্তানত শান্তি ঘূৰাই আনিবলৈ চুক্তি স্বাক্ষৰিত কৰে। এই চুক্তিমৰ্মে আমেৰিকা আৰু নাটোৱে পৰৱৰ্তী চৈধ্য(১৪) মাহৰ ভিতৰত আফগানিস্তানৰ পৰা সৈন্য ঘূৰাই নিব। যোৱা ২০২১ চনৰ ১৩ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ঘোষণা কৰে যে ১১ ছেপ্টেম্বৰৰ ভিতৰত আমেৰিকাই আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিব।

বৰ্তমান আফগানিস্তানত পুনৰ তালিবান – 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে আফগানিস্তান এৰি যোৱাৰ আগতেই তালিবান বাহিনীয়ে আফগানিস্তানৰ ক্ষমতা দখল কৰে। যোৱা জুলাই মাহৰ শেষৰ পৰা তালিবানে গজনীৰ পৰা আৰম্ভ কৰি কান্দাহাৰলৈকে দখল কৰি যোৱা ১৬ আগষ্টত অৱশেষতআফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰে আৰু তাৰপৰাই পুনৰ বাৰৰ বাবে আফগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যায়। ইয়াত লগে লগে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্রফ ঘানিয়ে উজবেকিস্তানলৈ পলায়ন কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰই কাবুল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নিজৰ সৈন্য ৰাখিছিল যদিও আমেৰিকাৰ সকলো লোকক আফগানিস্তানৰ পৰা আমেৰিকালৈ পঠিওৱাৰ পাছতে যোৱা ৩০ আগষ্টত আমেৰিকাৰ সকলো সৈন্য আফগানিস্তান ত্যাগ কৰি গুচি যায়। বৰ্তমান সময়ত আফগানিস্তানৰ ৰাজপথত হত্যা-হিংসা,গুলিয়াগুলিৰ যোৱাৰ উঠিছে। তালিবানীসকলে তেওঁলোকৰ বিৰুদ্ধে মাত মতাসকলক তালিবানী শাস্তি প্ৰদানেৰে হত্যা কৰিছে। ইয়াৰ লগতে মহিলাসকলক বোৰ্খা পিন্ধি থাকিবলৈ বাধ্য কৰিছে আৰু দেশত নাৰীৰ ওপৰত অবাধে ধৰ্ষণ,অত্যাচাৰ চলাইছে।
তালিবানে বৰ্তমান আফগানিস্তানৰ এটা অঞ্চলেই দখল কৰিব পৰা নাই আৰু সেইটো হৈছে পঞ্জশিৰ উপত্যকা। আহমেদ মাছুদৰ তালিবান বিৰোধী নেতৃত্বাধীন সৈন্যবাহিনীয়ে আফগানিস্তান চৰকাৰৰ উপ-ৰাষ্ট্ৰপতি আমৰুল্লা চালেহৰ সৈতে লগ লাগি পঞ্জশিৰ ৰক্ষাৰ হকে যুঁজ দি আছে।

তালিবানৰ নেতৃত্বত আফগানিস্তানৰ ভৱিষ্যত –

বৰ্তমান আফগানিস্তানৰ লোকসকল নিজেই নিজৰ ভাগ্য নিয়ন্তা। তালিবানসকলে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে ইছলামিক আইন শ্বৰিয়ত অনুসৰি তালিবানৰ নেতৃত্বত আফগানিস্তানৰ শাসন চলিব। তালিবানে আফগানিস্তানক “ইছলামিক এমিৰেটছ অৱ আফগানিস্তান”ৰূপে নামকৰণ কৰিছে।
অহা দুই-এদিনতে তালিবানে মোল্লা আব্দুল ঘানি বাৰাদাৰৰ নেতৃত্বত তালিবান চৰকাৰ গঠন কৰিব। যদিও তালিবানে নিজ মন্ত্ৰীসভাত নাৰী অন্তৰ্ভুক্ত কৰিব বুলি কৈছে কিন্তু নাৰীৰ প্ৰতি তালিবানৰ দৃষ্টিভঙ্গীৰ ফাললৈ চালে এইটো যে হ’ব সেইটো আশা কৰিব নোৱাৰি।
মুঠৰ ওপৰত তালিবানৰ নেতৃত্বত আফগানিস্তানত পুনৰ অন্ধকাৰ যুগৰ সূচনা হৈছে। বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰে আফগানিস্তানত বন্দী হৈ থকা নিজ দেশৰ নাগৰিকসকলক এয়াৰলিফ্টৰ জৰিয়তে নিজ নিজ দেশলৈ ঘূৰাই নিছে কিন্তু এতিয়াও বহুতো বিদেশী লোক তালিবান দখলীকৃত আফগানিস্তানতে আছে। এই লোকসকলে প্ৰাণৰ সংশয়ত আফগানিস্তানত দিন-ৰাতি অতিবাহিত কৰিছে। আফগানিস্তানৰ নাগৰিকসকলে তালিবানৰ কঠোৰ শাসনৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াৰ কাষৰীয়া বিভিন্ন দেশলৈ পলায়ন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বক্তব্য অনুসৰি তেওঁলোকে আফগানিস্তানত বিশ(২০) বছৰ থাকি যথেষ্ট অৰ্থ ব্যয় কৰিছে আৰু কেইবা হাজাৰো জোৱানক হেৰুৱাইছে। সেয়ে তেওঁলোকে আৰু বছৰ বছৰ আৰু আনৰ দায়িত্ব লৈ থাকিব নোৱাৰে।
তালিবান আফগানিস্তানৰ বাবে আগতেও ত্ৰাসৰ কাৰণ আছিল আৰু এতিয়াও তাৰ ব্যতিক্ৰম হৈ থকা নাই। বৰ্তমান তালিবানক চীন,পাকিস্তান আৰু ৰাছিয়াই আমেৰিকাৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আছে বুলি খবৰ প্ৰকাশ হৈছে। কিন্তু এইটো ক’ব লাগিব যে আমেৰিকাই নিজেই পুঁজি প্ৰদান কৰি সৃষ্টি কৰা সংগঠনটোৱে অৱশেষত তেওঁলোককেই বুকুত কামোৰ মাৰিলে। বিশ্বৰ ভালেকেইটা সংস্থাই তালিবানক মানৱ অধিকাৰ তথা নাৰীৰ অধিকাৰ বাহাল ৰাখিবলৈ অনুৰোধ কৰিছে। এতিয়া আফগানিস্তানৰ ভৱিষ্যত কোন দিশে যায় সেইয়া সময়েহে ক’ব। এতিয়া অপেক্ষা মাথোঁ সময়ৰ।
0 0 votes
Article Rating
Subscribe
Notify of
guest
8 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- তালিবান-অফগানিস্তান সংঘাত […]

Vision Premium
4 months ago

Pretty! This has been a really wonderful post. Many thanks for providing these details.

Restore CBD Gummies Where To buy

Hi there to all, for the reason that I am genuinely keen of reading this website’s post to be updated on a regular basis. It carries pleasant stuff.

Disposable Temporary Email

Usually I do not read article on blogs however I would like to say that this writeup very compelled me to take a look at and do so Your writing taste has been amazed me Thanks quite nice post

alpilean com download bonus books

I do not even understand how I ended up here, but I assumed this publish used to be great

temp mail
3 months ago

Hello, I appreciate your writing tremendously. We maintain a conversation further regarding your topic on AOL. I am in need of an expert in this field to solve my problem. Perhaps you could be that individual. I eagerly await your response.

Gluco Relief ingredients

Pretty! This has been a really wonderful post. Many thanks for providing these details.

Fitspresso Reviews
2 months ago

I do believe all the ideas youve presented for your post They are really convincing and will certainly work Nonetheless the posts are too short for novices May just you please lengthen them a little from subsequent time Thanks for the post

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

8
0
Would love your thoughts, please comment.x
()
x