তথ্যকোষসাময়িকী

মিছৰীয় পিৰামিড সম্পৰ্কে কিছু কথা

‘পিৰামিড’ শব্দটো গ্ৰীক শব্দ পিৰামিচ(Pyramic) ৰ পৰা অহা। ইয়াৰ অৰ্থ হৈছে ঘেঁহুৰ পৰা বনোৱা কেক। অনুমান কৰা হৈছে যে পিৰামিডবোৰৰ আকৃতি ঘেঁহুৰ পৰা বনোৱা কেকবোৰৰ দৰে হোৱাৰ বাবেই এই নাম দিয়া হ’ল। নামটোৰ অৰ্থ যি নহ’লেও মিছৰীয় পিৰামিডবোৰ পৃথিৱীৰ আটাইতকৈ শোভনীয় বস্তুবোৰৰ ভিতৰত অন্যতম। মিছৰীয় পিৰামিডসমূহৰ কেইবাটাও প্ৰকাৰ দেখিবলৈ পোৱা যায়।

চিৰি পিৰামিড(Step Pyramid) –

পৃথিৱীৰ আটাইতকৈ প্ৰাচীন পিৰামিডটোক চিৰি-চিৰিকৈ সজা হৈছিল। পিছৰ পিৰামিডবোৰ এনেদৰে সজা নহৈছিল। এই প্ৰাচীনতম পিৰামিডবোৰক চিৰি পিৰামিড (Step Pyramid) বোলা হৈছিল। পাৰহ ডজুচেৰ নামৰ ৰজাজনে তেওঁৰ সমাধিক্ষেত্ৰৰ স্মৃতিসৌধ হিচাপে চিৰি পিৰামিডক যিমান পাৰি সিমান আকৰ্ষণীয় আৰু বিস্ময়কৰভাৱে সজাব পাৰিছিল। এই পিৰামিডটো ২০০ ফুট ওখ আছিল। পিৰামিডটোৰ চাৰিওফালে দুটা ডাঙৰ স্তম্ভ আছিল। এই পিৰামিডটো আছিল শিলেৰে নিৰ্মিত পৃথিৱীৰ প্ৰথম আটাইতকৈ ডাঙৰ স্তম্ভ।

ৰজা ডজুচেৰৰ(২৬৬৭-২৬৪৮ খ্ৰীঃপূঃ) সমাধিৰ ওপৰত সজা এই পিৰামিডটোক পৃথিৱীৰ আটাইতকৈ পুৰণি শিলেৰে নিৰ্মিত কীৰ্তিস্তম্ভ বুলি জনা যায়। ঢাপে ঢাপে মৈদাম সজা ধাৰণাটো নতুন ন’হলেও এনে পিৰামিডৰ চাৰিওফালে ডাঙৰ দেৱাল থকা আৰু ডাঙৰ চোতাল থকাটোৱে চিৰি পিৰামিডক নতুনত্ব প্ৰদান কৰিছিল। ইয়াত খোদিত কৰা হৈছিল যে ৰজাই নিঃসন্দেহে মৃত্যুৰ পিছত স্বৰ্গলৈ যায়। সেয়ে চিৰি পিৰামিডৰ চিৰিবোৰ ৰজাই স্বৰ্গলৈ উঠি যাবলৈ বনোৱা হৈছিল বুলি অনুমান কৰা হয়। এই পিৰামিডটো সাজোতে স্থপতিবিদ আৰু খনিকৰসকলে সৰু সৰু কঢ়িয়াই নিব পৰা শিলৰ টুকুৰা ব্যৱহাৰ কৰা হৈছিল।

মৈদাম পিৰামিড-

মৈদামৰ ওপৰত পিৰামিড তৈয়াৰ কৰাটো চিৰি পিৰামিডৰ পিছৰ উল্লেখযোগ্য সাফল্য বুলি ধৰা হয়। এই ধৰণৰ পিৰামিডৰ তিনিটা খলপ থাকে। আৰু জ্যামিতীয়ভাৱে ইয়াক শুদ্ধ আৰু নিৰাপদ বুলি ক’ব পাৰি। ৰজা ডজচেৰৰ মৃত্যুৰ ৩০ বছৰৰ পিছত চতুৰ্থ মিছৰীয় সাম্ৰাজ্য স্থাপিত হয় আৰু ৰজা স্নেফৰুৱে ডাদুৰ নামে ঠাইত দুটা অত্যন্ত শক্তিশালী, আকৰ্ষণীয় আৰু অনন্যসুন্দৰ পিৰামিড সাজে। পিছে প্ৰথমটো পিৰামিড ভৰ সহিব নোৱাৰি ভাগি পৰে আৰু পৰিত্যক্ত হয়। থিয়কৈ সজোৱা নিৰ্দিষ্ট কোমল সুৰত বন্ধা স্নেফৰুৰ দ্বিতীয় পিৰামিডটোক ইতিহাসৰ আটাইতকৈ ডাঙৰ কীৰ্তিস্তম্ভ বুলিব পাৰি।

খুফুৰ মহান পিৰামিড-

ৰজা স্নেফৰুৰ পুত্ৰ খুফৱে তেওঁৰ স্মৃতিসৌধ হিচাপে কাইৰো নদীৰ পাৰত গিজা পিৰামিড নিৰ্মাণ কৰে। মিছৰীয় পিৰামিডবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ এই গিজাৰ পিৰামিডটো ৭৫০ ফুট ওখ বা ২০০ মিটাৰ ওখ। প্ৰথমতে অৱশ্যে এই মহান পিৰামিড(Great Pyramid) নামে খ্যাত পিৰামিডটো ৩৮০ ফুটহে ওখ আছিল। পিছত ইয়াৰ পুননিৰ্মাণ কৰা হয়। ইয়াৰ সোঁমাজতে তলৰফালে সোনকালে মানুহে দেখিব নোৱাৰা সমাধি কেইটামান আছে। এই পিৰামিডটো সজোৱাৰ বাবে ২,২৭০ কেজি কেলচিয়াম কাৰ্বনযুক্ত শিল বা চূণশিল নীল নদীৰ ওপৰেদি অতি কষ্টেৰে অনা হৈছিল। খুফুৰ মহান পিৰামিডত ব্যৱহাৰ হোৱা গ্ৰেণাইট পাথৰবোৰ নীল নদীৰ ওপৰেদি আদৱান নামৰ ঠাইৰ পৰা মূলতঃ কঢ়িওৱা হৈছিল।

প্ৰাচীন গ্ৰীক বুৰঞ্জীবিদ, বিশ্ববিখ্যাত হিৰ’ডটাছৰ মতে, খুফু ৰজাৰ তলত প্ৰায় এক লাখ মানুহে ৰাতিয়ে দিনে কাম কৰি, তেজ-ঘাম পেলাই ২৩ বছৰত এই অসাধ্য সাধন কৰিছিল। খুফুৰ মহান পিৰামিডটো স্থাপত্য আৰু অভিযান্ত্ৰিক বিদ্যাৰ চৰম উত্কৰ্ষতাৰ নিদৰ্শন। পিৰামিডবোৰৰ গাঁথনিয়ে এই কথা বিতৰ্কিতভাৱে প্ৰমাণ কৰে যে মিছৰীয়সকলো অবিশ্বাস্যভাৱে সফল অভিযন্তা আছিল। মৃত্যুৰ লগত জড়িত বহু বিশ্বাস আৰু ধৰ্মীয় বিধি-বিধানৰ ফলতেই আহিল পিৰামিড নিৰ্মাণৰ আঁৰৰ কাহিনী।

ৰজা খুফুৰ পৰৱৰ্তী ৰজা খেফৰেই খুফুৰ মহান পিৰামিডৰ প্ৰায় সমানেই এটা হেলনীয়া, নাৰীৰ মূৰ আৰু সিংহৰ দেহযুক্ত প্ৰতীকধৰ্মী পিৰামিড সজাইছিল। ৰজা মেনকিউৱে এই দুটা বিশাল পিৰামিডৰ মাজত এটা সৰু পিৰামিড সজাইছিল। এইটো পিৰামিডক বাকী প্ৰকাণ্ড পিৰামিড দুটাতকৈ সম্পূৰ্ণ পৃথক বুলি বহুতে ক’ব খোজে। এই পিৰামিডটোৱে কেৱল মানৱ সভ্যতাৰ দীপ্তিময়, স্বৰ্ণাভ অতীতকে নুসূচায়, ইয়াৰ দ্বাৰা জ্যোতিৰ্বিদ্যা, মহাকাশ বিজ্ঞান আদিৰ বাবেও কিছু বৰঙণি আগবঢ়োৱা হৈছিল।

মিছৰীয় ৰজাসকলে মুঠতে প্ৰায় ৮০ টা পিৰামিড বনোৱাৰ কথা প্ৰমাণিত হৈছিল। এই গোটেইবিলাক পিৰামিড নীল নদীৰ পৰা ৫০ কিঃমিঃ দূৰত্বৰ ভিতৰত ৫০০ বছৰৰ ভিতৰত নিৰ্মিত হৈছিল। মিছৰৰ এই বিশালাকায় মানৱ সভ্যতাৰ মহীয়ান সম্পদ পিৰামিডবোৰ পৃথিৱীৰ সাতোটা আচৰিত বস্তুৰ ভিতৰত পৰে। ৰোমানসকলেও মিছৰীয়সকলৰ দ্বাৰা অনুপ্ৰাণিত হৈ বগা মাৰ্বল, শিল আদিৰে পিৰামিড সজাইছিল। আফ্ৰিকাত সজোৱা শেষ মহামহিমাযুক্ত পিৰামিডটো ইথিওপিয়ান ৰজাসকলে খ্ৰীঃপূঃ ৩০০ চনত সজাইছিল।

কোৱা বাহুল্য যে, মিছৰীয়সকল জ্যোতিৰ্বিজ্ঞান, গণিত আৰু অভিযান্ত্ৰিক বিদ্যাত পৃথিৱীৰ নেতৃত্বত আছিল বুলি ক’ব পাৰি। সেয়ে এই বিশালাকাৰ পিৰামিডবোৰ এনে ধৰণে সজা হৈছিল যে বিভিন্ন বিখ্যাত তৰা এইবোৰৰ নিৰ্দিষ্ট দিশত থাকে। মই মহাজাগতিক নক্ষত্ৰবোৰৰ লগত ৰজাৰ মৃত্যুৰ পিছতো সম্পৰ্ক ৰখা উচিত বুলি মিছৰীয়সকলৰ কিছু অন্ধবিশ্বাস আছিল, হ’লেও তেওঁলোকৰ গণিত চৰ্চা আৰু জ্যোতিৰ্বিজ্ঞান চৰ্চাই আজি একৈশ শতিকাটো আমাক বিষ্ময়াভিভূত কৰি ৰাখে।

1 1 vote
Article Rating
Subscribe
Notify of
guest
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] এতিয়া অপেক্ষা মাথোঁ সময়ৰ। আৰু পঢ়ক- মিছৰীয় পিৰামিড সম্পৰ্কে 0 0 votes Article […]

Restore CBD Gummies Review

Wow superb blog layout How long have you been blogging for you make blogging look easy The overall look of your site is magnificent as well as the content

fitspresso reviews
7 months ago

For the past few days I’ve been an avid follower of this awesome site, they have brilliant content for fans. The site owner excels at captivating readers. I’m thrilled and hope they keep up their magnificent work.

3
0
Would love your thoughts, please comment.x
()
x