তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

ত্রয়োদশ ভাগ – বেপাৰ, বাণিজ্য আৰু আদান-প্রদান

ত্রয়োদশ ভাগ  

ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত বেপাৰ, বাণিজ্য আৰু আদান-প্রদান

(৩০১) বেপাৰ- বাণিজ্য আৰু আদান-প্ৰদানৰ স্বতন্ত্ৰতা- এই ভাগৰ অন্যান্য উপবন্ধ সাপেক্ষে ভাৰতৰ সমগ্ৰ ৰাজ্যক্ষেত্ৰতে বেপাৰ, বাণিজ্য আৰু আদান-প্রদানৰ স্বতন্ত্রতা থাকিব।

(৩০২) বেপাৰ, বাণিজ্য আৰু আদান-প্ৰদানৰ বিষয়ত নিৰ্বন্ধন আৰোপণ কৰিবলৈ সংসদৰ ক্ষমতা- এখন ৰাজ্য আৰু আন এখনৰ মাজত বা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো ভাগত চলোৱা বেপাৰ, বাণিজ্য বা আদান-প্রদানৰ স্বতন্ত্রতাৰ ওপৰত সংসদে বিধিৰ দ্বাৰা এনে নিবন্ধন আৰোপ কৰিব পাৰে যিবিলাকনেকি লোক-স্বার্থৰ কাৰণে অপেক্ষিত হয়।

(৩০৩) বেপাৰ আৰু বাণিজ্যৰ সম্বন্ধত সংঘ আৰু ৰাজ্যসমূহৰ বিধায়িনী ক্ষমতাৰ ওপৰত নিৰ্বন্ধন-

(১) অনুচ্ছেদ ৩০২ত যিকোনো কথা থকা সত্ত্বেও এখন ৰাজ্যক আন এখনৰ ওপৰত কোনো অগ্রাধিকাৰ দিবলৈ বা দিবৰ কাৰণে প্রাধিকৃত কৰিবলৈ নাইবা সপ্তম অনুসূচীৰ যিকোনো সূচীত থকা বেপাৰ আৰু বাণিজ্য সম্পর্কীয় কোনো প্রবিষ্টিৰ আধাৰত কোনো এখন ৰাজ্য আৰু আন এখন ৰাজ্যৰ মাজত বিভেদ বিচাৰ কৰিবলৈ বা কৰিবৰ কাৰণে প্রাধিকৃত কৰিবলৈ কোনো বিধি প্রণয়ন কৰিবৰ বাবে সংসদৰ বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষমতা নাথাকিব।

(২) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো ভাগত বস্তুৰ নাটনিৰ ফলত দেখা দিয়া অৱস্থাৰ বিৰুদ্ধে উচিত দিহা কৰিবৰ প্ৰয়োজনৰ বাবে তেনে কৰাটো আৱশ্যকীয় বুলি যদি এনে সংশ্লিষ্ট বিধিৰ দ্বাৰা ঘোষণা কৰা হয়, তেনেহলে অগ্রাধিকাৰ দিবলৈ বা দিবৰ কাৰণে প্রাধিকৃত কৰিবলৈ নাইবা বিভেদ বিচাৰ কৰিবলৈ বা কৰিবৰ কাৰণে প্রাধিকৃত কৰিবলৈ কোনো বিধি প্রণয়ন কৰাৰ পৰা খণ্ড (১) কোনো কথাই সংসদক নিবাৰণ নকৰিব।

(৩০৪) ৰাজ্যসমূহৰ মাজত বেপাৰ-বাণিজ্য আৰু আদান-প্ৰদানৰ ওপৰত নিৰ্বন্ধন- অনুচ্ছেদ ৩০১ বা অনুচ্ছেদ ৩০৩ ত যিকোনো কথা থকা সত্ত্বেও কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা — (ক) যাতে আমদানি কৰা বস্তু আৰু নির্মাণ বা উৎপন্ন কৰা তেনে বস্তুৰ মাজত বিভেদ বিচাৰ কৰা নহয় তেনেভাৱে সেই ৰাজ্যৰ ভিতৰত নির্মাণ বা উৎপন্ন কৰা অনুৰূপ বস্তুৰ ওপৰত যি কৰ আৰোপণীয় হয় সেই দৰেই ৰাজ্য [বা সংঘ ৰাজ্যক্ষেত্র] সমূহৰ পৰা আমদানি কৰা বস্তুৰ ওপৰতো তেনে যিকোনো কৰ আৰোপণ কৰিব পাৰে, আৰু

(খ) লোক স্বার্থৰ হকে অপেক্ষিত হোৱা অনুসৰি সেই ৰাজ্যৰ সৈতে বা সেই ৰাজ্যৰ ভিতৰত হোৱা বেপাৰ, বাণিজ্য বা আদান-প্রদানৰ স্বতন্ত্রতাৰ ওপৰত যুক্তিযুক্ত নিবন্ধন আৰোপণ কৰিব পাৰে।

পৰন্তু, ৰাষ্ট্ৰপতিৰ পূর্ব মঞ্জুৰীৰ অবিহনে কোনো ৰাজ্যৰ বিধান মণ্ডলত খণ্ড (খ) ৰ প্রয়োজনৰ বাবে কোনো বিধেয়ক বা সংশোধনী উত্থাপিত বা প্রস্তাৱিত নকৰিব।

(৩০৫) বৰ্তমান বিধি আৰু ৰাজ্যিক একাধিপত্যৰ উপবন্ধ কৰা বিধিৰ ব্যাবৃত্তি- অনুচ্ছেদ ৩০১ আৰু ৩০৩ ৰ কোনো কথাই ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা অন্যথা নির্দেশ নিদিয়া পর্যন্ত কোনো বর্তমান বিধিৰ উপবন্ধ সমূহৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰে, আৰু অনুচ্ছেদ ৩০১ ৰ কোনো কথাই, সংবিধান (চতুর্থ সংশোধন) অধিনিয়ম, ১৯৫৫ ৰ প্ৰাৰম্ভণিৰ পূর্বে প্রণীত কোনো বিধিৰ প্ৰবৰ্তনৰ ওপৰত যেতিয়ালৈকে সেই বিধি অনুচ্ছেদ ১৯ৰ খণ্ড (৬) উপখণ্ড (ii) ত নির্দিষ্ট কোনো বিষয় সম্বন্ধীয় হয় তেতিয়ালৈকে, প্ৰভাৱ বিস্তাৰ নকৰে, অথবা অনুচ্ছেদ ১৯ ৰ খণ্ড (৬) ৰ উপখণ্ড (ii) ত নির্দিষ্ট কোনো বিষয় সম্বন্ধীয় বিধি প্রণয়ন কৰাত সংসদৰ বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ ওপৰত বাধা আৰোপ নকৰে।

(৩০৬) নিৰসিত।

(৩০৭) অনুচ্ছেদ ৩০১ৰ পৰা অনুচ্ছেদ ৩০৪ লৈ থকা প্ৰয়োজনীয়তাসমূহ কাৰ্যান্বিত কৰিবৰ কাৰণে প্ৰাধিকাৰীৰ নিযুক্তি- অনুচ্ছেদ ৩০১, ৩০২, ৩০৩ আৰু ৩০৪ ৰ প্ৰয়োজনীয়তা সমূহ কাৰ্যাম্বিত কৰিব বাবে সংসদে বিধিৰ দ্বাৰা এনেকুৱা প্ৰাধিকাৰীৰ নিযুক্ত কৰিব পাৰে যাক সংসদে সমুচিত বুলি বিবেচনা কৰে আৰু সেইদৰে নিযুক্ত প্ৰাধিকাৰীৰ ওপৰত এনে ক্ষমতা আৰু কৰ্তব্য অৰ্পণ কৰিব পাৰে যিবিলাকক সংসদে আৱশ্যকীয় বুলি ভাবে।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments
DIPANKAR DEKA
DIPANKAR DEKA
2 years ago

অসমীয়া বিভাগৰ শিক্ষাৰ্থী বাবে উপযোগী

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

rummy wealth

rummy nabob

rummy modern

rummy gold

rummy glee

teen patti

teen patti gold

teen patti joy

teen patti master

andar bahar

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

0
Would love your thoughts, please comment.x
()
x