তথ্যকোষসাময়িকী

ষ্টাৰলিংক আৰু ইলন মাস্ক

(ইন্টাৰনেট সংযোগ ব্যৱস্থাত এক বিল্পৱ সৃষ্টি কৰি আৰম্ভ হৈছে ষ্টাৰলিংক। ষ্টাৰলিংক ৰ বিষয়ে আমাৰ এক চমু লেখা)

ষ্টাৰলিংক হৈছে স্পেচ-এক্স নামৰ প্ৰকল্পটোৰ অধীনত সৃষ্টি কৰা এক কৃত্ৰিম উপগ্ৰহমণ্ডলী। মহাকাশত এক নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰা এই উপগ্ৰহমণ্ডলীয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তত উপলদ্ধ কৰিব এক শক্তিশালী ইন্টাৰনেট নেটৱৰ্ক। ২০১৫ বৰ্ষতেই এই প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল আৰু ২০১৮ চনত প্ৰথমবাৰৰ বাবে স্পেচ-এক্সৰ কক্ষপথত প্ৰথমটো উপগ্ৰহৰ সফল স্থাপন সম্পন্ন কৰা হৈছিল। আৰু ইয়াৰ পাছতেই ২০২১ চনলৈকে প্ৰায় ১০০০ কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপন কৰা হৈছে। আৰু শেহতীয়াকৈ ২০২১ চনৰ মে মাহৰ ৯ তাৰিখে আৰু ৬০ টা উপগ্ৰহ স্থাপন কৰি মুঠ ১৬২৫ টা উপগ্ৰহ ইয়াৰ কক্ষপথত স্থাপন কৰিছে। এই স্পেচ-এক্স নামৰ প্ৰকল্পটোৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছে প্ৰায় ১০ বিলিয়ন মাৰ্কিন ডলাৰ আৰু প্ৰকল্পটো হাতত লৈছে প্ৰখ্যাত গাড়ী কোম্পানী টেচলাকে ধৰি কেইবাটাও কোম্পানীৰ মূখ্য সঞ্চালক উদ্যোগপতি এলন মাস্কে।

ষ্টাৰলিংকৰ বিশেষত্ব

সম্প্ৰতি বিশ্বৰ বিশেষভাৱে চৰ্চিত ষ্টাৰলিংক নামৰ এই নেটৱৰ্কিং ব্যৱস্থাটোৰ বিশেষত্ব এয়ে যে ই বৰ্তমান প্ৰচলিত সচৰাচৰ ইন্টাৰনেট ব্যৱস্থাতকৈ বহুগুণে বেছি খৰতকীয়া ইন্টাৰনেট সেৱা পৃথিৱীৰ সকলো স্থানতে উপলদ্ধ কৰিব পাৰিব। আনকি পাহাৰীয়া ঠাই, নদী অথবা সাগৰৰ মাজভাগত অথবা বহু দুৰ্গম স্থানতো অতি ক্ষীপ্ৰ হাৰত ইন্টাৰনেট সেৱা আগবঢ়াব পাৰিব কিয়নো ইয়াৰ বাবে কোনো তাঁৰযুক্ত সংযোগৰ প্ৰয়োজন নাই।

এই ব্যৱস্থাত ইন্টাৰনেট সংযোগৰ বাবে ডিচ টিভি বা দূৰদৰ্শনৰ দৰে এখন ডিচ ঘৰত বহুৱাব লাগিব লগতে এটা ৱাই-ফাই ৰাউটাৰ সংযোগ কৰিব লাগিব। অৱশ্যে এন্ড্ৰইড আৰু আইঅ’এচৰ বাবে দুটা সুকীয়া এপ্লিকেচনো ষ্টাৰলিংকে মুকলি কৰিছে। বৰ্তমান সময়ত আমেৰিকা, কানাডা আৰু ইয়াৰ কাষৰীয়া কেইখনমান দেশতহে এই ব্যৱস্থা চলি আছে যদিও অতি সোনকালে সমগ্ৰ পৃথিৱীৰ মহাকাশতে ষ্টাৰলিংকে উপগ্ৰহ স্থাপন কৰি উচ্চ ক্ষমতাসম্পন্ন ইন্টাৰনেট সেৱা প্ৰদানৰ ব্যৱস্থা কৰিব। ইয়াৰ বাবে প্ৰায় ৩০,০০০ কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপৰ সিদ্ধান্ত লোৱা হৈছে। আৰু ২০২২ বৰ্ষত এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব আৰু ষ্টাৰলিংক সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে। 

ষ্টাৰলিংকৰ ইন্টাৰনেট স্পীড

আৰম্ভণিতে ষ্টাৰলিংকৰ স্পীড হ’ব প্ৰায় ৫০ মেগাবাইটৰ পৰা ১৫০ মেগাবাইট প্ৰতি ছেকেণ্ড। স্পেচ-এক্সৰ কৰ্তৃপক্ষই দাবী কৰা অনুসৰি এই বছৰৰ শেষৰ ফাললৈ ইয়াৰ সৰ্বোচ্চ স্পীড ৩০০ মেগাবাইট প্ৰতি ছেকেণ্ড হ’ব।

ষ্টাৰলিংকৰ বাবে খৰচ

বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো সম্প্ৰতি আৰম্ভ হৈছে ষ্টাৰলিংকৰ বাবে প্ৰি অৰ্ডাৰ বা আগতীয়া ৰেজিষ্ট্ৰেচন ব্যৱস্থা। ইয়াৰ বাবে গ্ৰাহকে স্পেচ-এক্সক দিব লাগিব প্ৰতি মাহে ৯৯ ডলাৰ টকা। স্পেচ-এক্সে বৰ্তমানলৈকে প্ৰায় পাঁচ লক্ষাধিক প্ৰি অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে। টেচলা কোম্পানীৰ মূখ্য কাৰ্যবাহী বিষয়া তথা স্পেচ-এক্সৰ অন্যতম প্ৰতিষ্ঠাপক এলন মাস্কে জানিবলৈ দিয়ামতে অন্যান্য ইন্টাৰনেট ব্যৱস্থাতকৈ ষ্টাৰলিংকৰ গুণাগুণ অতি ভাল হোৱা বাবে এই মূল্য গ্ৰাহকৰ অনুকূল বুলি ধৰিব পাৰি। অৱশ্যে ভাৰতৰ দৰে দেশত ইয়াৰ মূল্যৰ সাল-সলনি হোৱাৰ সম্ভাৱনাও আছে।

তূলনামূলকভাৱে ষ্টাৰলিংক আৰু অপ্টিকেল ফাইবাৰ

ব্ৰডবেণ্ড ইন্টাৰনেটৰ অত্যাধুনিক ৰূপটো হ’ল অপ্টিকেল ফাইবাৰ। বৰ্তমান বিশ্বৰ বহু দেশত উপলদ্ধ এই ব্ৰডবেণ্ড সেৱাকে আটাইতকৈ ক্ষীপ্ৰ ইন্টাৰনেট সেৱা বুলি গণ্য কৰা হয়। সেয়ে হলেও স্পেচ-এক্সৰ দৰে এক ব্যয়বহুল প্ৰকল্প হাতত লোৱাৰ কাৰণ কি এয়া যদি বিশ্লেষণ কৰি চোৱা হয় তেতিয়া দেখা যায় যে, অপ্টিকেল ফাইবাৰৰ সংস্থাপন প্ৰক্ৰিয়া কেৱল সীমিত সংখ্যক চহৰতে সীমাবদ্ধ হৈ আছে। ইয়াৰ ওপৰিও ইয়াৰ খৰচ ব্যৱহাৰযোগ্যতা অনুসৰি খৰচৰ পৰিমাণ বেছি হোৱাটো এটা দুৰ্বলতা। আকৌ দুৰ্গম অঞ্চলত অপ্টিকেল ফাইবাৰৰ দ্বাৰা ইন্টাৰনেট সংযোগ কোনোপ্ৰকাৰে সম্ভৱ নহয়, যিহেতু এই প্ৰক্ৰিয়াত মাটিৰ তলেৰে সংস্থাপিত ফাইবাৰ কেব’লৰ জৰিয়তে ইন্টাৰনেট সংযোগ কৰা হয়।

অন্যহাতেদি, ষ্টাৰলিংকৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো সমস্যা নাই। ষ্টাৰলিংকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা এটা বিশেষ দুৰ্বলতা হ’ল- ডাৱৰীয়া অথবা বেয়া বতৰত ষ্টাৰলিংকৰ ডিচ খনে ইয়াক চেটেলাইটৰ সৈতে সংযোগ কৰাত বাধা আহি পৰিব পাৰে, যিটো আমাৰ ডিটিএইচ বোৰত দেখিবলৈ পোৱা যায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ষ্টাৰলিংকৰ ডিচখন সঠিক স্থানত স্থাপন কৰা প্ৰয়োজন। সেয়া যিয়েই নহওক, স্পেচ-এক্স যিহেতুকে এলন মাস্কৰ এক ব্যয়বহুল প্ৰকল্প, ইয়াৰ বিভিন্ন প্ৰত্যাহ্বানসমূহৰ সৈতে মুখামুখি হৈ ইয়াৰ এক শক্তিশালী ইন্টাৰনেট সংযোগ ব্যৱস্থা কৰি তুলিবলৈ নিশ্চয়কৈ সমৰ্থ হ’ব। ভৱিষ্যত দিনত মঙ্গল গ্ৰহৰ মহাকাশতো ষ্টাৰলিংকে এই একে প্ৰক্ৰিয়াৰে ইন্টাৰনেটৰ যোগাযোগ সম্ভৱ কৰি তুলিব যাতে মঙ্গল অভিযানৰ পাছত গ্ৰহটোলৈ যোৱা আবাসীসকলে ইন্টাৰনেটৰ জৰিয়তে পৃথিৱীবাসীৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে।

ইলন মাস্কৰ বিষয়ে –

১৯৭১ চনৰ ২৮ জুন তাৰিখে দক্ষিণ আফ্ৰিকাৰ প্ৰিটোৰিয়াত জন্মগ্ৰহণ কৰা ইলন মাস্ক সাম্প্ৰতিক বিশ্বৰ এজন প্ৰখ্যাত উদ্যোগপতি তথা ধনৱান ব্যক্তিসকলৰ এজন। টেছলা, চ’লাৰচিটি, নিউৰালিংক, ব’ৰিং কোম্পানী, স্পেচ-এক্সকে ধৰি কেইবাটাও আগশাৰীৰ কোম্পানীৰ প্ৰতিষ্ঠাপক মাস্কে পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধীনত হোৱাৰ্টন স্কুলৰ পৰা ১৯৯৭ চনত পদাৰ্থ বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। আৰু ১৯৯৫ চনত কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত তেওঁ এনাৰ্জি ফিজিক্স বিভাগত গৱেষণাৰ বাবে ভৰ্তি হয় যদিও সেয়া সম্পূৰ্ণ নহ’ল।

সৰুৰে পৰাই ব্যৱসায়ত মন থকা ইলন মাস্কৰ ব্যৱসায়িক জীৱন তাৰ পাছৰে পৰা আৰম্ভ হয়। তেখেতে ১৯৯৫ চনতে নিজ ভাতৃৰ সৈতে লগ হৈ ‘জিপ২’ নামৰ এটা ছফ্টৱেৰ কোম্পানীৰ প্ৰতিষ্ঠা কৰে আৰু ১৯৯৯ চনত এক্স ডট কম নামৰ এটা অনলাইন বেংকৰ প্ৰতিষ্ঠা কৰে আৰু ২০০০ চনত এই কোম্পানীটোৱেই ‘কনফিনিটি’ নামৰ এটা কোম্পানীৰৰ লগত একলগ হৈ বিশ্ববিখ্যাত ‘পে পল’ নামৰ অনলাইন পেমেণ্ট কোম্পানীটোলৈ ৰূপান্তৰিত হয়। ২০০২ চনত ১.৫ বিলিয়ন ডলাৰ মূল্যত ‘পে পল’ক ‘ই বে’ নামৰ কোম্পানীটোৱে কিনি লয়। আৰু এই ধনেৰে ২০০২ চনত স্পেচ-এক্স নামৰ মহাকাশ অন্বেষণৰ কোম্পানীটো প্ৰতিষ্ঠা কৰে।যাৰ লক্ষ্য হৈ মংগল গ্ৰহলৈ মানুহ প্ৰৰণ কৰা আৰু তাত মানুহৰ বাবে বসতি স্থাপন কৰা।

২০০৪ চনত তেখেতে ‘টেছলা’ নামৰ এটা ইলেক্ট্ৰনিক গাড়ী নিৰ্মাণ কোম্পানীত যোগদান কৰে। আৰু কোম্পানীটোলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ২০০৮ চনত তাৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত অধিস্থিত হয়। বৰ্তমান বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ দেশতে ইলেক্ট্ৰিক গাড়ীৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা টেচলা কোম্পানীয়ে এই বৰ্ষৰ পৰা ভাৰততো গাড়ীৰ বিক্ৰী আৰম্ভ কৰিছে।

২০০৬ চনত মাস্কে আৰম্ভ কৰা সৌৰশক্তি সংৰক্ষণ আৰু বিতৰণ কোম্পানী ‘চ’লাৰ চিটি’য়েও বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ২০১৬ চনত মাস্কে প্ৰতিষ্ঠা কৰে নিউৰালিংক নামৰ এটা স্নায়ুপ্ৰযুক্তিৰ কোম্পানী, যি মানৱ মগজুত সংস্থাপন যোগ্য ‘ব্ৰেইন-মেচিন ইন্টাৰফেচ’ বিকাশ কৰে। নিউৰালিংকে এনে এটা ক্ষুদ্ৰ কম্পিউটাৰ বিকাশ কৰিছে, যাক মানৱ মগজুৰ স্নায়ু মণ্ডলীত এটা সৰু চাৰ্জাৰীৰ দ্বাৰা সংস্থাপন কৰিব আৰু ই মানুহৰ মগজুৰ ৰোগ আৰু স্নায়ু ৰোগবোৰ খুব কম সময়তে নিৰাময় কৰিব পাৰিব। ইতিমধ্যে ‘নিউৰালিংকে’ গাহৰি আৰু বান্দৰৰ মগজুত এই যন্ত্ৰটো সংস্থাপন কৰি সুফল পাইছে।

২০১৬ চনত সুৰংগ নিৰ্মাণৰ বাবে ব’ৰিং কোম্পানীৰ প্ৰতিষ্ঠা কৰে। ই যান জঁটৰ সমস্যা সমাধান কৰাৰ ওপৰিও মানুহৰ যাতায়তৰ সময় কম কৰিব। ইয়াৰ উপৰিও অত্যাধুনিক প্ৰযুক্তি খণ্ডত মানুহৰ সুবিধাৰ্থে আন কেইবাটাও অভিলাষী প্ৰকল্প হাতত লৈছে বুলি জানিব পৰা গৈছে।

ইলন মাস্কৰ বিষয়ে একে আষাৰে ক’বলৈ গ’লে তেওঁ হৈছে একবিংশ শতিকাৰ এজন বিস্ময় পুৰুষ। তেওঁ বিকাশ কৰা প্ৰযুক্তিগত অৱদানৰ বাবে এদিন মানুহে এক উন্নত স্তৰৰ আৰু অকল্পনীয় জীৱন যাপন কৰিবলৈ পাব বুলি আশা কৰা হৈছে।

আৰু পঢ়ক- আত্মাৰাম শৰ্মা-জীৱন আৰু কৰ্ম

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x