আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

চুখামফা অথবা খোৰা ৰজা-ষষ্ঠদশজন আহোম স্বৰ্গদেউ

(চুখামফা অথবা খোৰা ৰজা আছিল আহোম স্বৰ্গদেউসকলৰ ভিতৰত এজন বিশেষভাৱে উল্লেখযোগ্য স্বৰ্গদেউ। চুখামফা সম্পৰ্কে সাৰথিৰ পাঠকবৃন্দলৈ একলম-)

পঞ্চদশজন আহোম স্বৰ্গদেউ চুক্লেনমুঙৰ ১৫৫২ খ্ৰীষ্টাব্দত মৃত্যু ঘটিল। তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ বৰপুত্ৰ চুখামফাই আহোম ৰাজ সিংহাসনত আৰোহণ কৰে। ইতিহাসত স্বৰ্গদেউ চুখামফাক খোৰা ৰজা বুলিও জনা যায়। আহোম ৰাজ সিংহাসনত অধিষ্ঠিত হোৱাৰ কিছুদিনৰ পাছতেই এবাৰ স্বৰ্গদেউ চুখামফা হাবিলৈ চিকাৰ কৰিবলৈ যাওঁতে হাতীৰ পৰা বাগৰি পৰাত স্বৰ্গদেউ চুখামফাৰ ভৰি এটা খোৰা হৈছিল। তাৰপৰাই স্বৰ্গদেউ চুখামফাক “খোৰা ৰজা” বুলি অভিহিত কৰা হয়। স্বৰ্গদেউ চুখামফা আহোম ৰাজ্যৰ ইতিহাসত আটাইতকৈ দীৰ্ঘদিন ৰাজত্ব কৰা ৰজা। তেওঁ ১৫৫২ খ্ৰীষ্টাব্দৰ পৰা ১৬০৩ খ্ৰীষ্টাব্দলৈ প্ৰায় একাৱন(৫১) বছৰ আহোম ৰাজ্যৰ ৰজা হৈ আছিল। স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালত বহুকেইটা উল্লেখযোগ্য ঘটনা সংঘটিত হয়।

স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালৰ ৰাজমন্ত্ৰী :-

স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালত প্ৰথমে চৌখাম বুঢ়াগোঁহাই পদত অধিষ্ঠিত হৈছিল আৰু চৌখামৰ পাছতেই পৰৱৰ্তীকালত চাওপ্ৰেতে বুঢ়াগোঁহাই পদবী লাভ কৰিলে। স্বৰ্গদেউ চুহুংমুং আৰু চুক্লেনমুঙৰ ৰাজত্বকালত আহোমৰ বৰগোঁহাই হোৱা তনখামে স্বৰ্গদেউ চুখামফাৰ ৰাজসভাতো বৰগোঁহাই পদবী লাভ কৰিছিল। খামচিনো কিছুবছৰৰ বাবে বৰগোঁহাই পদত অধিষ্ঠিত হৈছিল।  স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালৰ বৰপাত্ৰগোহাঁই আছিল বলিয়া।

সাত কোঁৱৰৰ বিদ্ৰোহ:-

সাত কোঁৱৰৰ বিদ্ৰোহ স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালৰ এক অন্যতম গুৰুত্বপূৰ্ণ ঘটনা। স্বৰ্গদেউ চুখামফাই সিংহাসনত আৰোহণ কৰাৰ কিছুদিনৰ পাছতেই আহোমৰ সাতজন ৰাজকোঁৱৰ লগ লাগি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। সেয়ে,এই বিদ্রোহক সাত কোঁৱৰ বিদ্ৰোহ বুলি জনা যায়।

এই সাতজন কোঁৱৰ লগ লাগি স্বৰ্গদেউ চুখামফাক হত্যাৰ পৰিকল্পনা কৰিছিল কিন্তু তেওঁলোকৰ পৰিকল্পনা কাৰ্যকৰী হোৱাৰ আগতেই আহোম ৰাজ্যৰ চোৰাংচোৱাই এই বিষয়ে গম পায় আৰু এই ষড়যন্ত্ৰকাৰী সাতজন কোঁৱৰক বন্দী কৰে। কিন্তু ডা-ডাঙৰীয়াসকলৰ অনুৰোধত এই সাতজন কোঁৱৰক ক্ষমাদান কৰা হয়। স্বৰ্গদেউ চুখামফাই তেওঁলোকক ক্ষমাদান কৰাৰ পাছতো তেওঁলোকে পুনৰ স্বৰ্গদেউ চুখামফাক হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হয় আৰু অৱশেষত তেওঁলোক পুনৰ ধৰা পৰাত ১৫৫৯ খ্ৰীষ্টাব্দত তেওঁলোকক মৃত্যুদণ্ড দিয়া হয়।

ভূঞা বিদ্ৰোহ:-

ভূঞাসকলেও স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালত বিদ্ৰোহ কৰিছিল। প্ৰতাপৰায় বৰভূঞাৰ বংশৰ নাতিয়েক এজনৰ নেতৃত্বত কেইজনমান মুখিয়াল ভূঞা লগ হৈ আহোম শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু আহোম ৰাজ্যত সোমাই গাঁওসমূহত লুট-পাট কৰি আহোম ৰাজ্যৰ প্ৰজাক অত্যাচাৰ কৰে। আহোম স্বৰ্গদেউ চুখামফাই ভূঞা বাহিনীৰ বিৰুদ্ধে শক্তিশালী আহোম সৈন্যবাহিনী প্ৰেৰণ কৰে আৰু আহোম সৈন্যই দিখৌমুখত ভূঞাসকলক যুদ্ধত পৰাস্ত কৰে আৰু এই যুদ্ধত ভূঞা বিদ্ৰোহৰ মূল বিদ্ৰোহী নায়কজন ৰণত পৰে।

নগা বিদ্ৰোহ:-

স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালত আইটনীয়া আৰু খামটেং নগাই আহোম ৰাজত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। আহোম স্বৰ্গদেউ চুখামফাই এটা শক্তিশালী বাহিনী প্ৰেৰণ কৰি এই নগা বিদ্ৰোহ দমন কৰে।  আহোম সৈন্যৰ আক্ৰমণত নগা বিদ্ৰোহীসকল পলায়ন কৰে আৰু আহোমসকলে নগাসকলৰ পৰা বহুতো সা-সামগ্ৰী অধিকাৰ কৰে। কিন্তু বিজয়মালা পিন্ধি আহোম সৈন্যসকল ঘূৰি আহোঁতে নগাসকলে বাটত লুকাই-চুৰকৈ আক্ৰমণ কৰি ভালেমান আহোম সৈন্যক হত্যা কৰে।

স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালত আহোম-কোঁচৰ দ্বিতীয় সংঘৰ্ষ(১৫৬২):-

স্বৰ্গদেউ চুক্লেনমুঙৰ ৰাজত্বকালত আহোম ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ কৰি পৰাস্ত হোৱা কোঁচ সৈন্যই পুনৰ চিলাৰায়ৰ নেতৃত্বত স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালত আহোম ৰাজ্য আক্ৰমণ কৰে। কোঁচ ৰজা নৰনাৰায়ণৰ আদেশত চিলাৰায়ে এটা বৃহৎ সৈন্যদল লৈ পূৰ্ণ শক্তিৰে আহোম ৰাজ্য আক্ৰমণ কৰে। কোঁচ সৈন্যৰ বল-বিক্ৰম দেখি আহোম স্বৰ্গদেউ চুখামফাই মন্ত্ৰী-পৰিষদৰ সৈতে আলোচনা কৰি বুদ্ধিৰে এই যুঁজ পিছুৱাব বিচাৰিলে আৰু আহোম সৈন্যসকলক লগুণ পিন্ধাই গৰুত উঠাই যুদ্ধলৈ পঠিয়ালে। যিহেতু চিলাৰায় এজন হিন্দু ধর্মৰ অনুগামী আছিল,সেয়ে তেওঁ গো হত্যা আৰু ব্ৰাহ্মণ হত্যাৰ বিৰোধী আছিল। সেয়ে, চিলাৰায়ে যুদ্ধ নকৰি পিছুৱাই পুনৰ কোঁচ ৰাজ্যলৈ উভতি গ’ল।

স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালত আহোম-কোঁচৰ তৃতীয় সংঘৰ্ষ(১৫৬৩):-

কোঁচৰাজ্যত উপস্থিত হৈ চিলাৰায়ে আহোম সৈন্যসকলৰ চল-চাতুৰীৰ কথা গম পালে আৰু তৎক্ষণাত পুনৰ অধিক সৈন্য-সামন্তসহ আহি আহোম ৰাজ্য আক্ৰমণ কৰে। কোঁচ সৈন্যবাহিনীৰ পাছে পাছে কোঁচ ৰজা নৰনাৰায়ণো পত্নীৰ সৈতে কোঁচ সৈন্যবাহিনীক সাহস দিবলৈ আগুৱাই আহে আৰু মাজুলীত শিবিৰ পাতে। চিলাৰায়ৰ নেতৃত্বত কোঁচ সৈন্যই দিখৌমুখত আহোম সৈন্যৰ বিপক্ষে যুদ্ধত অৱতীৰ্ণ হয় আৰু আহোমসকল এই দিখৌমুখৰ যুদ্ধত সম্পূৰ্ণৰূপে পৰাভূত হয় আৰু আহোম ৰাজধানী গড়গাঁৱৰ নিচেই কাষৰীয়া মেচাগড়ত কোঁচ সৈন্যই কোঠ মাৰে আৰু আহোম ৰাজধানীত প্ৰৱেশ কৰি আহোম ৰাজ্য অধিকাৰ কৰি কোঁচ সৈন্যৰ কোঠ মাৰে। নিজ সৈন্যবাহিনীৰ অৱস্থা বিষম দেখি আহোম স্বৰ্গদেউ চুখামফাই নামৰূপৰ চৰাইখোৰোংলৈ বিষয়া-বৰ্গসহ পলায়ন কৰে আৰু নিজ পূৰ্ব-পুৰুষৰ ৰাজ্যখন ৰক্ষা কৰিবলৈ তিনিমাহৰ পাছত তাৰ পৰাই তেওঁ বুঢ়াগোঁহাইক প্ৰেৰণ কৰি কোঁচ ৰজা নৰনাৰায়ণলৈ সন্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰে আৰু নৰনাৰায়ণে কিছুমান চৰ্তত আহোম ৰাজ্যৰ লগত সন্ধি কৰিবলৈ মান্তি হয়। এই সন্ধিৰ জৰিয়তে আহোমে কোঁচৰ বশ্যতা স্বীকাৰ কৰে।

আহোম স্বৰ্গদেউ চুখামফা আৰু কোঁচ ৰজা নৰনাৰায়ণৰ মাজত স্বাক্ষৰিত মাজুলী সন্ধি(১৫৬৩):-

চিলাৰায়ে আহোম সৈন্যৰ সৈতে যুদ্ধ দিয়াৰ সময়ত কোঁচ ৰজা নৰনাৰায়ণ মাজুলীত বাহৰ পাতি আছিল। সেয়ে,আহোম স্বৰ্গদেউ চুখামফা কোঁচ ৰজা নৰনাৰায়ণৰ লগত সন্ধি স্থাপন কৰিবলৈ মাজুলীলৈ  গ’ল। আৰু মাজুলীত আহোম আৰু কোঁচ দুয়োপক্ষৰ মাজত সন্ধি স্থাপন হয় আৰু এই বিখ্যাত সন্ধিকেই মাজুলী সন্ধি বোলা হয়। এই সন্ধিৰ জৰিয়তেই ইন্দ্ৰবংশী আহোম ৰাজ্য পোনপ্ৰথমবাৰৰ বাবে আন এটা বংশৰ তলতীয়া হ’বলগা হয়। মাজুলী সন্ধিৰ চৰ্তসমূহ আছিল –

১) আহোম স্বৰ্গদেউ চুখামফাই কোঁচ ৰজা নৰনাৰায়ণৰ বশ্যতা স্বীকাৰ কৰিব।

২) ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অৱস্থিত সোৱণশিৰি নদীৰ পশ্চিমপাৰৰ সমূহ আহোম ৰাজ্যখণ্ড কোঁচ ৰাজ্যই লাভ কৰিব।

৩) পবনা হাতী,বাখৰ পটোৱা তৰোৱাল কোঁচসকলক প্ৰদান কৰা হ’ব।

৪) যুদ্ধৰ ক্ষতিপূৰণ ৰূপে ষাঠিটা হাতী, ষাঠিযোৰ কাপোৰ,ষাঠিজনী লিগিৰী, তিনিশজন মানুহ আৰু বহু সোণ-ৰূপৰ সৈতে এটা ৰঙা ৰাজকীয় সত্ৰ কোঁচসকলক প্ৰদান কৰিব লাগিব।

৫) সম্পূৰ্ণ ক্ষতিপূৰণ লাভ নকৰা পৰ্যন্ত আহোম স্বৰ্গদেউ চুখামফাৰ পুত্ৰ আৰু পাঁচোজন বিষয়াৰ এজনকৈ পুত্ৰক কোঁচৰাজ্যলৈ জামিন হিচাপে প্ৰেৰণ কৰিব লাগিব।

অৱশ্যে তাৰ পাছৰ বছৰেই অৰ্থাৎ ১৫৬৪ খ্ৰীষ্টাব্দত কোঁচৰজা নৰনাৰায়ণে  আহোম ডা ডাঙৰীয়াৰ পুত্ৰসকলক স-সন্মানে আহোম ৰাজ্যলৈ ঘূৰাই পঠিয়ায়। এই ঘূৰাই পঠিওৱা সম্পৰ্কে আহোম বুৰঞ্জীৰ মতে,কোঁচৰজা নৰনাৰায়ণ আহোম ডেকাসকলৰ লগত পাশাখেলত পৰাস্ত হৈ তেওঁলোকক মুকলি কৰি দিছিল আৰু কোঁচ বুৰঞ্জী মতে,কোঁচ ৰজা নৰনাৰায়ণে আহোম ৰজাৰ সৈতে বন্ধুত্বপূৰ্ণ মিত্ৰতা স্থাপন কৰিবলৈ তেওঁলোকক মোকলাই দিছিল।

নাংব্লক গাভৰু:-

স্বৰ্গদেউ চুখামফা ৰাজত্বকালত নাংব্লক গাভৰু এটা বৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ। নাংব্লক গাভৰু আছিল পূৰ্বৰ স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙীয়া ৰজাৰ জীয়াৰী আৰু স্বৰ্গদেউ চুখামফাৰ পেহীয়েক। তেওঁ আছিল সেইসময়ৰ বৰগোঁহাইৰ পত্নী। সেইসময়ত কোঁচ ৰাজ্যলৈ আহোমৰ কেউজন ডাঙৰীয়াৰ পুত্ৰক প্ৰেৰণ কৰা হৈছিল কিন্তু নাংব্লক গাভৰুৱে নিজ পুত্ৰ ত্যাওপেতক কোঁচ ৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ দিয়া নাছিল আৰু তাৰ বিৰুদ্ধে স্বৰ্গদেউৰ ওচৰত প্ৰতিবাদ কৰিছিল। স্বৰ্গদেউ চুখামফাই নাংব্লক।  গাভৰুৰ  প্ৰতিবাদত সেও মানি বৰগোঁহাইৰ পুত্ৰ ত্যাওপেতৰ সলনি নিজ ভাতৃ চুগাম কোঁৱৰক কোঁচ ৰাজ্যলৈ প্ৰেৰণ কৰিছিল।

চুতীয়া বিদ্ৰোহ:-

স্বৰ্গদেউ চুখামফাৰ ৰাজত্বকালত চুতীয়াসকলেও আহোম শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। যিসময়ত স্বৰ্গদেউ চুখামফা কোঁচ সৈন্যৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি পলাই গৈ নামৰূপৰ চৰাইখোৰোংত আছিল তেতিয়া চুতীয়াসকলে পোনপ্ৰথমে ১৫৬৩ খ্ৰীষ্টাব্দত নামৰূপ আৰু টিপাম আক্ৰমণ কৰে আৰু তেতিয়া টিপামৰ পৰা আহোম স্বৰ্গদেউ চুখামফা পলাই আহিবলগা হয়। তেতিয়া বৰসন্দিকৈয়ে এটা আহোম বাহিনীৰ নেতৃত্ব দি চুতীয়া বিদ্ৰোহ দমন কৰে। চুতীয়াসকলে পুনৰ ১৫৭২ খ্ৰীষ্টাব্দত বিদ্ৰোহ কৰিছিল যদিও আহোম স্বৰ্গদেউ চুখামফা কঠোৰভাৱে এই বিদ্ৰোহ দমন কৰে।

কোঁচ হাজোৰ ৰজা ৰঘুদেৱৰ সৈতে মিত্ৰতা:-

কোঁচ ৰজা নৰনাৰায়ণে নিজৰ ৰাজ্যখন দ্বিখণ্ডিত কৰি এভাগ চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱক দিছিল আৰু সেই অংশক কোঁচ-হাজো নামেৰে জনা যায়। ৰঘুদেৱে ৰাজ্য লাভ কৰাৰ পাছত ১৫৮৫ খ্ৰীষ্টাব্দত প্ৰথম আহোম স্বৰ্গদেউ চুখামফালৈ সংকলা নামৰ এগৰাকী কন্যা বিবাহ দি মিত্ৰতা স্থাপন কৰে। বিনিময়ত চুখামফায়ো ৰঘুদেৱলৈ উপহাৰ প্ৰেৰণ কৰে।

ঢেকেৰী বিদ্ৰোহ:-

সেইসময়ৰ আহোম ৰাজ্যৰ ডেকাৰজাৰে স্বৰ্গদেউ চুখামফাৰ বিবাদ হয় আৰু ডেকাৰজাই ঢেকেৰী ৰাজ্যৰ ৰজাৰ আশ্রয়প্ৰাৰ্থী হয় আৰু ঢেকেৰী ৰজাৰ সৈতে লগ হৈ আহোম ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ দিয়ে কিন্তু এই যুদ্ধত ঢেকেৰী ৰজাৰ পৰাজয় হয়।

আহোম-নৰাৰ সংঘৰ্ষ:-

ব্ৰহ্মদেশৰ ৰজাই নৰাজ্যত আক্ৰমণ কৰাত নৰা ৰজাই আহোম ৰজাৰ সৈতে মিত্ৰতাপাশত আবদ্ধ হয় আৰু ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধত আহোম ৰজাৰ সহায় খোজে আৰু নিজ জীয়েকক আহোম ৰজালৈ বিয়া দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু নৰা ৰজাই নিজ জীয়েকৰ পৰিৱৰ্তে ভনীয়েককহে আহোম ৰজালৈ যৌতুকসহ বিয়া দিয়ে। এইক্ষেত্ৰত আহোম ৰজা অপমানিত হয় আৰু নৰা ৰজাৰ জীয়েকক আনিবলৈ কিছুমান আহোম লোকক প্ৰেৰণ কৰে কিন্তু নৰা ৰজাই এই কথা শুনি তাৰে তিনিজন আহোম লোকক হত্যা কৰে আৰু আহোম ৰাজ্যৰ অন্তৰ্গত কিছু অঞ্চল দখল কৰি লয়। নৰা ৰজাক শিক্ষা দিবলৈ আহোম স্বৰ্গদেউ চুখামফাই আহোমৰ বৰগোঁহাই, বুঢ়াগোঁহাই আৰু বৰপাত্ৰগোঁহাই আটাইকেইজন ডা-ডাঙৰীয়াক প্ৰেৰণ কৰে। আহোম সৈন্যই নৰা ৰজাৰ সৈন্যক যুদ্ধত পৰাস্ত কৰে আৰু অসমৰ মাটিৰ পৰা চিৰদিনলৈ বহিষ্কাৰ কৰে।

সলাল গোঁহাই পদবী সৃষ্টি:-

স্বৰ্গদেউ চুখামফাই সলাল ৰাজ্যত শাসন কৰিবলৈ আহোম ৰাজ্যত সলাল গোঁহাই নামে এটা নতুন পদবীৰ সৃষ্টি কৰে। স্বৰ্গদেউ চুখামফাই প্ৰথম সলাল গোঁহাই হিচাপে বৰগোঁহাই ফৈদৰ লেচাইজং গোঁহাইক নিযুক্তি দিয়ে।

স্বৰ্গদেউ চুখামফাৰ মৃত্যু:-

স্বৰ্গদেউ চুখামফাৰ স্বাভাৱিক মৃত্যু হৈছিল বুলি জনা যায়। তেওঁ শলগুড়িৰ পৰা গড়গাঁৱলৈ আহি টান নৰিয়াত পৰিল আৰু অৱশেষত ১৬০৩ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুখামফাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ তিনিজন পুত্ৰক এৰি থৈ যায়। স্বৰ্গদেউ চুখামফা আহোম ৰাজত্বৰ আটাইতকৈ দীৰ্ঘদিনৰ বাবে ৰাজত্ব কৰা ৰজা। তেওঁ ১৫৫২ পৰা ১৬০৩ খ্ৰীষ্টাব্দলৈ প্ৰায় ৫১ বছৰকাল আহোম ৰাজ্যত ৰাজত্ব কৰিছিল। স্বৰ্গদেউ চুখামফাৰ শাসনকালত আহোম ৰাজ্যত বহু গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। তেওঁৰ দিনতেই ১৫৯৬ খ্ৰীষ্টাব্দত আহোম ৰাজ্যত ভূমিকম্প হৈছিল। লগতে ১৫৬৯ খ্ৰীষ্টাব্দত জাক জাক ফৰিঙে খেতিপথাৰত আক্ৰমণ কৰিছিল আৰু ১৫৭০ খ্ৰীষ্টাব্দত আহোম ৰাজ্যত বানপানী হৈ খেতিপথাৰ ডুবাই ৰাজ্যত আকালৰ সূচনা কৰিছিল। এই সকলো দুৰ্যোগৰ লগত মোকাবিলা কৰি স্বৰ্গদেউ চুখামফাই সুকলমে আহোম ৰাজ্য ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল। পশ্চিমফালৰ পৰা যাতে কোনো শত্ৰুয়ে আহোম ৰাজ্য আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে তেওঁ বোকা আৰু শলাত বৃহৎ কোঠ নিৰ্মাণ কৰোৱাইছিল। স্বৰ্গদেউ চুখামফা ওৰফে খোৰা ৰজা আহোমৰ এজন অন্যতম গুৰুত্বপূৰ্ণ ৰজা আছিল।

সহায়ক গ্ৰন্থপঞ্জী

১) অসম বুৰঞ্জী -পদ্মনাথ গোহাঞিবৰুৱা
২) সাতসৰী অসম বুৰঞ্জী – ডঃ সূৰ্যকুমাৰ ভূঞা
৩) আসাম বুৰঞ্জী – হৰকান্ত বৰুৱা সদৰামিন
৪) আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
৫) The History of Medieval Assam (1228-1603) – নগেন্দ্ৰনাথ আচাৰ্য

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] খ্ৰীষ্টাব্দত ষষ্ঠদশজন আহোম স্বৰ্গদেউ চুখামফা ওৰফে খোৰা ৰজাৰ মৃত্যুৰ পাছত তেওঁৰ […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

1
0
Would love your thoughts, please comment.x
()
x