যদিও অসমীয়া সমাজখনত অতীজৰে পৰাই বিশেষ কুসংস্কাৰ বা ৰক্ষণশীলতাৰ বিশেষ ঠাই নাছিল তথাপিও ক’ব পাৰি যে, অসমত প্ৰকৃত আধুনিক যুগৰ সূচনা অসমলৈ খ্ৰীষ্টান মিছনেৰী সকলৰ আগমণ আৰু ব্ৰটিছৰ শাসন আৰু শিক্ষা ব্যৱস্থাৰ প্ৰচলনৰ পাছৰ পৰাহে হৈছে। এই সময়ছোৱাৰে এজন আধুনিক মনৰ অসমীয়া আছিল আত্মাৰাম শৰ্মা। তেওঁ আছিল প্ৰথম আধুনিক অসমীয়া গদ্য লেখক আৰু বাইবেলৰ অসমীয়া অনুবাদ ‘ধৰ্মপুস্তক’ৰ ৰচয়িতা। উল্লেখ্য যে, আত্মাৰাম শৰ্মা প্ৰণীত ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা পুথিও আছিল। তেওঁ যদিও অসমৰ ইতিহাসৰ এজন উল্লেখযোগ্য ব্যক্তি তথাপিও তেওঁৰ বিষয়ে বৰ বিশেষ তথ্য পাবলৈ নাই। তেখেতৰ বিষয়ে পোনপ্ৰথম বাৰৰ বাবে গুণাভিৰাম বৰুৱাৰ গ্ৰন্থ ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ’ত কিছু পৰিমাণে উল্লেখ কৰিছে।
আত্মাৰাম শৰ্মাৰ জন্ম আৰু প্ৰাৰম্ভিক জীৱন কাল-
আত্মাৰাম শৰ্মাৰ জন্ম সময় সম্পৰ্কে সঠিক তথ্য ক’তো পোৱা নাযায়। অসমীয়া ভাষাৰ বিশিষ্ট পণ্ডিত ড⁰ সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে তেওঁ আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰ লোক আৰু তেওঁৰ জন্ম সম্ভৱত অষ্টাদশ শতিকাৰ সত্তৰ দশকত। পাছলৈ বহুতো বুৰঞ্জীবিদে তেওঁৰ জন্ম চন ১৭৮৭ বুলি ঠাৱৰ কৰিছে। তেখেতৰ জন্ম বুৰঞ্জী প্ৰসিদ্ধ কলিয়াবৰৰ শাকমুঠি গাঁৱৰ এঘৰ ব্ৰাহ্মণ পৰিয়ালত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল পিথুদেৱ শৰ্মা আৰু মাতৃৰ নাম আছিল কান্দুৰী। তেখেতৰ শিশু অৱস্থাৰে পৰা পঢ়াৰ প্ৰতি বিশেষ ৰাপ আছিল আৰু সংস্কৃক ভাষা আৰু ব্যাকৰণত বিশেষ জ্ঞান লাভ কৰিছিল। ল’ৰাকালত তেখেতে চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ হৰিচৰণ আতা আৰু বালিসত্ৰৰ দেহু আতাৰ ওচৰত থাকি ধৰ্মীয় শিক্ষা লৈছিল বুলি জনা যায়। আৰু সেই সময়তে তেখেতৰ পিতৃ-মাতৃৰো মৃত্যু হৈছিল বুলি জনা যায়।
খ্ৰীষ্টান ধৰ্ম গ্ৰহণ আৰু বাইবেলৰ অসমীয়া অনুবাদ
ডেকা বয়সতে আত্মাৰাম শৰ্মা পুৰীৰ জগন্নাথ ক্ষেত্ৰলৈ তীৰ্থভ্ৰমণ কৰিবলৈ গৈছিল। তাৰ পৰা উভতি আহোঁতে শ্ৰীৰামপুৰৰ ব্যপ্তিষ্ট মিছনৰ প্ৰধান অধ্যক্ষ উইলিয়াম কেৰি চাহাবক লগ পায়। কেৰি চাহাবে ইতিমধ্যে ভাৰতৰ প্ৰধান ভাষাবোৰলৈ বাইবেল অনুবাদ কৰাত আত্মনিয়োগ কৰি আছিল আৰু নিজেই বাইবেলখন সংস্কৃত আৰু বঙলা ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল। কেৰি চাহাবে ভাৰতৰ ভালে কেইটা ভাষা জনাৰ উপৰিও কেবাটাও ইউৰোপীয় ভাষা জানিছিল। তেওঁ অসমীয়া ভাষালৈ বাইবেল অনুবাদ কৰাৰ পৰিকল্পনা কৰিছিল যদিও উপযুক্ত পণ্ডিত নোপোৱাত সেই কাম হাতত ল’ব পৰা নাছিল। আত্মাৰাম শৰ্মাক লগ পাই আৰু তেওঁৰ পাণ্ডিত্যৰ প্ৰমাণ পাই বাইবেলৰ অনুবাদৰ দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰে। ১৮০৩ খৃষ্টাব্দত আত্মাৰামে আনুষ্ঠানিকভাবে খৃষ্ট ধৰ্ম গ্ৰহণ কৰিছিল বুলি জনা যায়। তেওঁ সম্ভৱতঃ তেতিয়া অবিবাহিত আছিল আৰু সেই কাৰণেই খৃষ্ট ধৰ্ম গ্ৰহণ কৰাৰ পাছত অসমলৈ উভতি নাহি সেই ঠাইৰে (শ্ৰীৰামপুৰ) স্থানীয় ছোৱালী বিয়া কৰাই নিগাজীকৈ বাস কৰি বাইবেলৰ অসমীয়া অনুবাদত আত্মনিয়োগ কৰে।
বাইবেলৰ ‘নিউ টেষ্টামেণ্ট’ৰ অনুবাদ কাৰ্য ১৮১০ চন মানত সম্পূৰ্ণ কৰি আত্মাৰামে কেৰি চাহাবৰ হাতত অৰ্পণ কৰে। কেৰি চাহাবে সেই অনুবাদ প্ৰয়োজন অনুসৰি সংশোধন কৰি কেবাজনো অসমীয়া পণ্ডিতৰ হতুৱাই পৰীক্ষা কৰাই ছপাশালত দিয়ে ১৮১০ চনত। পিছে দুৰ্ভাগ্যবশতঃ ১৮১২ খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰ মিছনৰ ছপাশালত ঘটা ভয়ঙ্কৰ অগ্নিকাণ্ডত ‘নিউ টেষ্টামেন্ট’ৰ অসমীয়া পাণ্ডুলিপিখনো অন্যান্য পাণ্ডুলিপিৰ লগতে প্ৰায় ধবংসপ্ৰাপ্ত হৈছিল। ড. কেৰী আৰু আত্মাৰাম শৰ্মা দুয়োজনে অক্লান্ত পৰিশ্ৰম কৰি পাণ্ডুলিপিখন উদ্ধাৰ কৰি তাৰ ধবংস হোৱা অংশ পুনৰ অনুবাদ কৰিবলগীয়া হয়। আৰু অৱশেষত ১৮১৩ চনত সেইখন ‘ধৰ্মপুস্তক’ নামেৰে প্ৰকাশ হৈ ওলায়। ১৮৮৯ চনত ইয়াৰ এটা দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছিল বুলি জনা যায়।
ইয়াৰ পাছত বাইবেলৰ ‘অল্ড টেষ্টামেণ্টো’ কেৰি চাহাবৰ নিৰ্দেশত আৰু আত্মাৰাম শৰ্মাৰ অনুবাদতেই প্ৰকাশ হৈছিল। ১৮৩৩ চনত প্ৰকাশ পোৱা এই গ্ৰন্থও শ্ৰীৰামপুৰৰ ছপাশালৰ পৰাই ছপা হৈছিল বুলি জনা যায়। বাইবেলৰ অনুবাদৰ উপৰিও আত্মাৰাম শৰ্মাই অসমীয়া ভাষাত লিখা সেই সময়ৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ পুস্তিকাসমূহো ৰচনা কৰিছিল বুলি জনা যায়। ইয়াৰ উপৰিও গুৱাহাটীলৈ পঠোৱা খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক জেমছ ৰেকো অসমীয়া ভাষাৰ কাৰ্যকৰী জ্ঞান দি পঠাইছিল বুলি জনা যায়।
আত্মাৰাম শৰ্মাৰ ভাষা আৰু গদ্য ৰীতি-
যিহেতু আত্মাৰাম শৰ্মাৰ দিনত অসমীয়া ভাষাৰ কোনো ব্যাকৰণ আৰু অভিধান নাছিল আৰু তেওঁ উলিয়াম কেৰিৰ দ্বাৰা অনুদিত সংস্কৃত বাইবেলৰ পৰাহে বাইবেলৰ অসমীয়া অনুবাদ কৰিছিল, গতিকে তাৰ ভাষাও সংস্কৃতীয়া অসমীয়াই হৈ পৰিছিল। তেওঁ গদ্যবোৰত অত্যধিক হসন্ত চিনৰ প্ৰয়োগ ঘটিছে। তেওঁ এই কাম উচ্চাৰণৰ সুবিধাৰ বাবে কৰিছিল বুলি ধাৰণা কৰা হয়। ধৰ্মপুস্তকক বহু সংখ্যক সংস্কৃত শব্দৰ প্ৰয়োভৰ ঘটিছে যগিও বহু ঠাইত নিভাঁজ ঘৰুৱা অসমীয়া শব্দও প্ৰয়োগ কৰিছে। ক’ব পাৰি যে, প্ৰথম অৱস্থাৰ গদ্য হিচাপে আত্মাৰামে অসমীয়া সাহিত্যত এক প্ৰকাৰৰ অসাধ্যই সাধন কৰিছিল।
১৯১৩ চনত প্ৰকাশিক নিউ টেষ্টামেণ্টৰ অনুবাদৰ এটা নমুনা তলত দাঙি ধৰা হ’ল-
“যিশুখৃষ্টৰ জন্ম এনে আছিল। তেওঁৰ মাক মাৰীয়া য়ুচুফ লৈ বাগদত্তা হ’লত সি বিলাকৰ সংসৰ্গৰ আগেই তেওঁক ধৰ্মাত্মাৰ পৰা গভৰ্ৱতী বুলি জানিলে। তেওঁৰ স্বামী য়ুচুফে পৰমাৰ্থিক মানুহ হৈ আৰু সদৰি কৰি তেওঁক অপযশী কৰিব নুখুজি তেওঁক গুপুতে তিয়াগীবলৈ মন কৰিলে। কিন্তু দেখা ইয়াতে চিন্তা কৰোঁতেই ইশ্বৰৰ দূতে সপোনত দৰিষন দিলে আৰু বুলিলে হেৰা দাৱদৰ সন্ততি য়ুচুফ তোমাৰ ভাৰ্য্যা মাৰীয়াক গ্ৰহন কৰিবলৈ দৰুক নহুবা কিয়নো যেয়ে তাইৰ গভৰ্ত আছে সেয়ে ধমাৰ্ত্মাৰ পৰা। তাই ও পুত্ৰ প্ৰসৱ হ’ব আৰু তেওঁৰ নাম তুমি যিশু থবা কিয়নো তেওঁৰ মনুষ্যহতঁক সিহঁতৰ পাপৰ পৰা তেওঁ উদ্ধাৰ কৰিব।”
মৃত্যু
বাইবেলৰ অনুবাদৰ কাম সমাপ্ত হোৱাৰ পাছত আত্মাৰাম শৰ্মা দেৱ অসমলৈ ঘূৰি আহে আৰু বিভিন্ন ঠাইত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ দ্বায়িত্ব লয়। আৰু এনেদৰেই নগা পাহাৰত ধৰ্ম প্ৰচাৰ কৰি থকা সময়তে ১৮৫৫ চনৰ আগষ্ট মাহত তেওঁৰ মৃত্যু হয়। আৰু খ্ৰীষ্টান যাজকসকলে তেখেতৰ মৃতদেহ নগাঁৱলৈ আনি খ্ৰীষ্টিয়ান নিয়ম মতে সমাধিস্থ কৰে।
সহায়ক গ্ৰন্থঃ
১। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত- সত্যেন্দ্ৰনাথ শৰ্মা
[…] আৰু পঢ়ক- আত্মাৰাম শৰ্মা-জীৱন আৰু কৰ্ম […]