হেমচন্দ্ৰ গোস্বামী
স্বাধীনতাৰ প্ৰায় দুই দশক পূৰ্বেই অসমীয়া ভাষা-সাহিত্যৰ ইতিহাস আৰু স্বকীয় ঐতিহ্যক যুগমীয়া কৰি ৰখাৰ বাবে ছটাকৈ খণ্ডত অসমীয়া সাহিত্যৰ চানেকি আৰু A Descriptive Catalogue of Assamese Manuscripts ৰ দৰে গ্ৰন্থ লিখি অসমীয়া ভাষাৰ ভেঁটি শক্তিশালী কৰি তোলা ব্যক্তিজন আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামী। জোনাকীৰ অন্যতম জন্মদাতা হেমচন্দ্ৰ গোস্বামী দেৱে সেই সময়ৰ ইংৰাজ চৰকাৰৰ ৰাজপত্ৰিত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিও অপৰিসীম জাতীয়তাবোধৰ পৰিচয় দি আজীৱন অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে কাম কৰিছিল।
জন্ম আৰু বংশ পৰিচয়
১৮৭২ চনৰ ৯ জানুৱাৰী তাৰিখে গোলাঘাটৰ গৌৰাংগ সত্ৰত জন্মগ্ৰহণ কৰা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ পূৰ্বপুৰুষ গৌৰাংগদেৱ সুদূৰ কনৌজৰ পৰা আহিছিল। কাশ্যপ গোত্ৰৰ যজুৰ্ব্বেদ শাস্ত্ৰজ্ঞ পণ্ডিত গৌৰাংগদেৱে কনৌজৰ পৰা আহি প্ৰথমে মাজুলীত বসবাস কৰিছিল আৰু বংশীগোপালদেৱৰ সৈতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল। মাজুলীত থকাৰ সূত্ৰে তেওঁ তাতে গৌৰাংগ সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। গৌৰাংগদেৱৰ চাৰি পুৰুষৰ পাছত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত ৰাজবিষয়া মোমাই তামুলী বৰবৰুৱাই গাওঁ সংগঠন কৰাৰ সময়ত গৌৰাংগ সত্ৰ মাজুলীৰ পৰা তুলি নি গোলাঘাটৰ ঢেকিয়ালত প্ৰতিষ্ঠা কৰে। বৰবৰুৱাই পুতি যোৱা শিলৰ খুটা আজিও সত্ৰৰ বাটচৰাত দেখা যায়। এই গৌৰাংগ সত্ৰতে গৌৰাংগদেৱৰ বংশধৰ আৰু সত্ৰাধিকাৰ তথা সমাজ হৈতিষী ব্যক্তি ডম্বৰুধৰ গোস্বামীৰ ঔৰসত আৰু ঘনকান্তী দেৱীৰ গৰ্ভত জন্ম লাভ কৰিছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে।
স্কুলীয়া শিক্ষাঃ
কোনো শিক্ষানুষ্ঠান নথকা ঢেকিয়ালত ডম্বৰুধৰ গোস্বামীয়ে সেই সময়ত সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এখন নিম্ন প্ৰাথমিক বিদ্যালয় স্থাপন কৰি স্থানীয় ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ অহোপুৰোষাৰ্থ কৰিছিল। আৰু এই স্কুলখনতে হেমচন্দ্ৰ গোস্বামীৰ পঢ়াশলীয়া শিক্ষা আৰম্ভ হয়। তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি থকা কালতে ৮ বছৰ বয়সত পিতৃ ডম্বৰুধৰ গোস্বামীয়ে তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ বাৰাণসীত মৃত্যুবৰণ কৰে। ইয়াৰ পাছতে গোস্বামীয়ে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰি গোলাঘাটৰ উইলিয়ামচন মধ্য ইংৰাজী বিদ্যালয়ত পঢ়িবলৈ লয়।
ইয়াৰ পাছত তেওঁ তাত থকাৰ অসুবিধাৰ বাবে শিৱসাগৰলৈ গৈ পেহায়েকৰ ঘৰত থাকি শিৱসাগৰ হাইস্কুলত নাম লগালে। শিৱসাগৰতো তেওঁ পঢ়িবলৈ অসুবিধা পাই পুনৰ ঘৰলৈ ঘূৰি আহে আৰু ইটো-সিটো ঘৰুৱা তথা সামাজিক কামত মনোনিবেশ কৰে। তেতিয়াই তেওঁ অমৰকোষ অভিধানখন মুখস্থ কৰি পেলাইছিল আৰু ৰত্নমালা ব্যাকৰণ পঢ়িছিল। তেতিয়া গোস্বামীৰ মাক ঘনকান্তী দেৱীয়ে হেমচন্দ্ৰক নগাঁৱৰ মোমায়েকৰ ঘৰলৈ পঠালে। নগাঁৱৰ সেই সময়ৰ সামাজিক আৰু শৈক্ষিক পৰিৱেশে হেমচন্দ্ৰৰ মনত সাহিত্য সৃষ্টিৰ বাবে উত্সাহিত কৰিলে। তেওঁ হাইস্কুলীয়া শিক্ষাৰ লগে লগে কবিতা লিখিবলৈ আৰম্ভ কৰিলে আৰু সেই কবিতাসমূহ গুণাভিৰাম বৰুৱাই তেখেতৰ সম্পাদিত ‘আসাম বন্ধু’ আলোচনীত প্ৰকাশ কৰিলে। আৰু এয়াই আছিল হেমচন্দ্ৰ গোস্বামীৰ সাহিত্যিক জীৱনৰ পাতনি। এনেদৰেই ১৮৮৮ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হাইস্কুলীয়া শিক্ষাৰ সামৰণি মাৰে।
কলিকতা যাত্ৰা-
এন্ট্ৰেন্স পৰীক্ষাত দেখুওৱা ভাল ফলাফলৰ বাবে মাহে ২০ টকীয়া এটা বৃত্তি লাভ কৰি হেমচন্দ্ৰ গোস্বামীয়ে কলিকতাত পঢ়িবলৈ যায় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰেছিডেন্সি কলেজত নাম লগায়। সেই কলেজৰ পৰাই তেওঁ ১৮৯০ চনত এফ. এ. পৰীক্ষা পাছ কৰে যদিও দুবাৰকৈ বি. এ. পৰীক্ষা দিও তেওঁ কৃতকাৰ্য হ’ব নোৱাৰিলে। তাৰ কাৰণ আছিল ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ৰ কামত অত্যধিক ব্যস্ততা আৰু পঢ়াৰ প্ৰতি অমনোযোগিতা। সেই সময়ত তেওঁ বি. এ. পঢ়াৰ সমান্তৰাল ভাৱ আইনো পঢ়ি আছিল, কিন্তু কলিকতাৰ পৰা ঘূৰি আহিব লগাত তেওঁৰ আইন শিক্ষাও সমাপ্ত ন’হল।
অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠা
নগাওঁত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকা সময়তে গোস্বামীদেৱৰ মনত সাহিত্য চৰ্চাৰ চিন্তাই পোখা মেলিছিল, কলিকতা মহানগৰীৰ উন্নত আৰু বহল পৰিৱেশত তেওঁৰ এই বাসনা অধিক তীব্ৰ হৈ পৰিছিল। ইয়াৰ আন এটা কাৰণো আছিল সেয়া হ’ল গোস্বামীদেৱৰ সমসাময়িক ভাষা-সাহিত্য আৰু জাতিপ্ৰেমী অসমীয়া ছাত্ৰবন্ধুসকলৰ প্ৰভাৱ আৰু প্ৰেৰণা। ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে প্ৰতিষ্ঠা হোৱা ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ চিন্তাও পোনপ্ৰথমে হেমচন্দ্ৰ গোস্বামীৰ মনলেই আহিছিল।
হেমচন্দ্ৰ গোস্বামীৰ উদ্যোগতেই আগৰেপৰা চলি অহা কিন্তু নিস্তেজ হৈ পৰা ‘অসমীয়া ছাত্ৰৰ সাহিত্য সভা’ নামৰ অনুষ্ঠানটোকে নতুনকৈ সংস্কাৰ কৰি ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰূপে নামাকৰণ কৰিলে। এই সভাৰ উদ্দেশ্য আছিল-(১) পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ কৰা, (২) অসমৰ সকলো শিক্ষানুষ্ঠানতে অসমীয়া ভাষাৰ প্ৰচলন কৰা, (৩) অশুদ্ধ ব্যাকৰণ আৰু বৰ্ণ বিন্যাসৰ ঠাইত শুদ্ধ ব্যাকৰণ আৰু বৰ্ণ বিন্যাসৰ প্ৰচলন কৰা, (৪) সংস্কৃত বা আন ভাষাৰ পৰা ভাল পুথিৰ অসমীয়ালৈ অনুবাদ কৰা, (৫) অসমৰ সামাজিক আৰু ধৰ্মীয় ৰীতি-নীতিৰ বৃত্তান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্ৰণয়ন কৰা আৰু (৬) সাহিত্য আৰু পাঠ্যপুথিৰ অভাৱ দূৰ কৰা ইত্যাদি।
জোনাকী আৰু হেমচন্দ্ৰ গোস্বামী
অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মজিয়াৰ পৰাই এখন সাহিত্যালোচনী প্ৰকাশ কৰাৰ কথা আলোচনা চলিছিল। কিন্তু আলোচনী এখন প্ৰকাশ কৰিবলৈ যি ধনৰ প্ৰয়োজন সেই ধনৰ অভাৱতেই আলোচনীখনৰ প্ৰকাশ হোৱাতো সম্ভৱ হৈ উঠা নাছিল। পাছত যেনিবা ব্যৱসায়ী হৰিবিলাস আগৰৱালাৰ অৱস্থাপন্ন পুত্ৰ চন্দ্ৰকুমাৰ আগৰৱালাই সেই দ্বায়িত্ব ল’লে আৰু নিজেই প্ৰকাশক আৰু সম্পাদকৰ দ্বায়িত্ব লৈ ১৮৮৯ চনৰ জানুৱাৰী মাহৰ পৰাই ‘জোনাকী’ ৰাইজৰ মাজলৈ ওলাল।
কিন্তু এবছৰ কাল সম্পাদকৰ দ্বায়িত্ব পালন কৰাৰ পাছতেই আগৰৱালাই শিক্ষা সমাপ্ত কৰি অসমলৈ আহিব লগা হোৱাত জোনাকীৰ দ্বিতীয় বছৰৰ পৰা সম্পাদনাৰ দ্বায়িত্ব পৰে হেমচন্দ্ৰ গোস্বামীৰ ওপৰত। তেৱো দুবছৰৰ বাবে সম্পাদকৰ দ্বায়িত্ব পালন কৰাৰ পাছত অসমলৈ ঘূৰি অহাৰ সময় আহি পৰে। হেমচন্দ্ৰ গোস্বামীয়ে ‘জোনাকী’ত তেওঁৰ বিখ্যাত ‘প্ৰিয়তমাৰ চিঠি’, ‘পুৱা’ আদি কবিতা সমূহ লিখাৰ উপৰিও দুটা অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখিছিল সেই দুটা হ’ল ‘স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ অসম’ আৰু ‘অসমীয়া ভাষা’।
জোনাকীৰ উপৰি হেমচন্দ্ৰ গোস্বামীয়ে ‘অকণ’ নামৰ এখন শিশু আলোচনীও সম্পাদনা কৰিছিল আৰু এইখন আলোচনীকেই অসমীয়া ভাষাৰ প্ৰথমখন শিশু আলোচনী বুলি অভিহিত কৰা হয়।
অসমলৈ প্ৰত্যাৱৰ্তন আৰু কৰ্মজীৱনৰ আৰম্ভণি
এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে কলিকতালৈ পঢ়িবলৈ যোৱাৰ আগতেই দৰাচলতে হেমচন্দ্ৰ গোস্বামীৰ বিবাহ সম্পন্ন হৈছিল। তেওঁৰ পত্নী আছিল গুৱাহাটীৰ কেশৱ চন্দ্ৰ বৰুৱাৰ কন্যা বামাসুন্দৰী দেৱী। বি. এ. পৰীক্ষাত কৃতকাৰ্য হ’ব নোৱাৰি কলিকতা ত্যাগ কৰাৰ পাছত গুৱাহাটীৰ শহুৰেকৰ ঘৰত থাকিয়েই গোস্বামীদেৱে সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ দ্বায়িত্ব লয়। কিন্তু সেই চাকৰি কৰাৰ কিছু দিনৰ পাছতেই কৰ্তৃপক্ষৰ সৈতে মনোমালিন্য হোৱাত তেওঁ সেই চাকৰি ত্যাগ কৰে।
গেইট চাহাবৰ সৈতে মিলন আৰু বুৰঞ্জীবিদৰূপে প্ৰতিষ্ঠা
১৮৯৪ চনৰ কথা। সেই সময়ৰ অসমৰ অসমৰ অস্থায়ী মুখ্য আয়ুক্ত চি. জে. লয়ালে অসমৰ হাতে লিখা বুৰঞ্জী আৰু অন্যান্য পুৰণি পুথি উদ্ধাৰ কৰাৰ এক পৰিকল্পনা হাতত লয়। তেতিয়া প্ৰখ্যাত বুৰঞ্জীবিদ আৰু ‘অসম বুৰঞ্জী’ৰ লেখক ছাৰ এডৱাৰ্ড গেইট আছিল কৃষি আৰু ৰাজহ বিভাগৰ উচ্চ পদস্থ বিষয়া। তেওঁ এই পৰিকল্পনাৰ এজন মুখ্য ব্যক্তি আছিল। সেইসময়তে গুৱাহাটীত বসবাস কৰিবলৈ লোৱা আহোম যুৱৰাজ ঘনকান্ত সিংহৰ পত্নী মাহিন্দ্ৰী দেৱীৰ ঘৰত পোৱা বুৰঞ্জী এখন ভুৱনৰাম দাসে নি গোস্বামীদেৱৰ হাতত দি ক’লে যে, সেইখন গেইটক দি আহিব লাগে। তেওঁ সেই বুৰঞ্জীখন গেইটক নি দেখুৱাত গেইটে সেইখন ইংৰাজীলৈ অনুবাদ কৰি দিবলৈ কয়। গোস্বামীদেৱে অতি দক্ষতাৰে সেই অনুবাদ প্ৰায় ১০ মাহৰ মূৰত সম্পূৰ্ণ কৰি ১৮৯৫ চনৰ ১৩ আগ়ষ্টৰ দিনাখন গেইটৰ হাতত দিয়েগৈ।
বুৰঞ্জীখন পঢ়ি গোস্বামীদেৱৰ প্ৰতিভাৰ মোল গেইট চাহাবে ভালদৰেই বুজিলে আৰু তাৰ পাছৰে পৰা দুয়োৰে মাজত ঘনিষ্ঠতাও বাঢ়ি গ’ল। গেইট চাহাবেই গোস্বামী দেৱক ইংৰাজ চৰকাৰৰ অধীনত চাকৰি দিয়ালে। তেওঁ ১৮৯৫ চনৰ ২ ডিচেম্বৰত চাকৰিত যোগ দিলে আৰু গেইট চাহাবৰ হস্তক্ষেপত শ্বিলঙৰ সচিবালয়ৰ কাৰ্যালয়ত অসমৰ ঐতিহাসিক অনুসন্ধানৰ কামত নিযুক্ত হ’ল।
শ্বিলঙত চাকৰি আৰম্ভ কৰি তেঁও গেইট চাহাবৰ একেবাৰে ওচৰ চাপি আহিল। ছাৰ এডৱাৰ্ড গেইটে ‘অসম বুৰঞ্জী’ প্ৰণয়ন কৰাৰ সময়ত হেমচন্দ্ৰ গোস্বামীয়েই তেওঁক সকলো ধৰণৰ সমল গোটাই সহায় কৰিছিল। শ্বিলঙৰ সচিবালয়ত হেমচন্দ্ৰ গোস্বামীয়ে অসমৰ পুৰণি বুৰঞ্জীৰ সংৰক্ষণ আৰু সেই সম্পৰ্কীয় কাম কৰি তামৰ ফলি, ৰজাৰ মোহৰ আদিৰ চোৱা-চিতা আৰু অনুবাদৰ কাম কৰিছিল।
চাকৰিত পদোন্নতি
গোস্বামীদেৱৰ কাম-কাজত উচ্চ পদস্থ বৃটিছ বিষয়াসকল মুগ্ধ হয় আৰু ১৮৯৭ চনৰ ১৭ মে’ তাৰিখে তেখেতক চাব ডেপুটি কালেক্টৰ পদলৈ পদোন্নতি দিয়ে। পিছে পদোন্নতি পায়ো তেওঁ এইবোৰ কাম এৰি নিদিলে, বৰং এয়া তেওঁ জাতীয় দ্বায়িত্ব বুলি ভাবি অধিক উত্সাহেৰে কৰিহে গ’ল। চাব ডেপুটি কালেক্টৰ হিচাপে তেওঁ বৰমা, গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, মংগলদৈ আদি বিভিন্ন ঠাইত কাম কৰিছিল। তাৰ পাছত তেওঁ ১৯০৫ চনৰ দুই মে’ৰ দিনাখন পদ্দোন্নতি পাই দণ্ডাধীশ এক্সট্ৰা এছিষ্টেণ্ট কমিছনাৰ হিচাপে পুনৰ তেজপুৰলৈ বদলি হয়। এই পদবীত তেওঁ গুৱাহাটীত কাম কৰি থকা অৱস্থাত তেওঁ কিছুদিনৰ বাবে অসমৰ সেই সময়ৰ কমিছনাৰৰ ‘পাৰ্ছনেল এছিচটেণ্ট’ হিচাপেও কাম কৰিছিল।
এইখিনিতে এটা কথা উল্লেখ কৰা ভাল যে, তেজপুৰত চাকৰি কৰি থকা সময়ছোৱাতে ‘ঊষা’ আলোচনীত তেখেতে ‘শৰাইঘাটৰ যুদ্ধ’ নামেৰে এটা প্ৰবন্ধ লিখিছিল। তাতেই তেওঁ শৰাইঘাটৰ যুদ্ধত লাচিতৰ বীৰত্ব আৰু লাচিতৰ জীৱনৰ বিষয়ে তেওঁৰ গৱেষণালবদ্ধ কিছু কথা লিখিছিল। সেই প্ৰবন্ধৰ যোগেৰেই তেওঁ অসমৰ ৰাইজক ‘লাচিত উত্সৱ’ পতাৰ বাবে উত্সাহ দিছিল। তেতিয়াৰে পৰা অসমৰ ৰাইজে ২৪ নৱেম্বৰ দিনটো অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে ‘লাচিত দিৱস’ পালন কৰিবলৈ আৰম্ভ কৰে।
হেমচন্দ্ৰ গোস্বামীয়ে কটন কলেজৰ অধ্যক্ষ চুডমাৰ্চন চাহাবক বাৰে বাৰে অনুৰোধ জনাইছিল যে, তেতিয়াও অসমৰ বিভিন্ন প্ৰান্তৰত সিঁচৰতি হৈ থকা পুৰণি অসমীয়া পুথিসমূহ উদ্ধাৰ কৰিবলৈ এগৰাকী বিষয়া নিযুক্ত কৰি দিব লাগে। চুডমাৰ্চনৰ চেষ্টাতেই ১৯১২ চনৰ অক্টোবৰৰ পৰা ১৯১৩ চনৰ মাৰ্চ মাহলৈ এই কামত ইংৰাজ চৰকাৰে হেমচন্দ্ৰ গোস্বামীকেই নিযুক্তি দিয়ে। সেই সময়ত তেওঁ অসমৰ বিভিন্ন ঠাইলৈ আনকি কোচবিহাৰ পৰ্যন্ত গৈ মানুহে দিব নোখোজা হেজাৰতকৈও অধিক পুৰণি পুথি সংগ্ৰহ কৰে। সেই সময়ত তেওঁ সংগ্ৰহ কৰা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আছিল হস্তীবিদ্যাৰ্ণৱ, কামৰত্ন তন্ত্ৰ, ঘোৰা নিদান, বৈদ্যকল্পতৰু ইত্যাদি। এই কামত তেওঁ ইমান পৰিশ্ৰম কৰিছিল যে, তেওঁৰ স্বাস্থ্য একেবাৰে ভাগি পৰিছিল।
কামৰূপ অনুসন্ধান সমিতিৰ গঠন
১৯১২ চনত কামাখ্যা পাহাৰৰ ওপৰত এখন সভা অনুষ্ঠিত হৈছিল। তাতে পুণ্যভূমি অসমৰ প্ৰাচীন ঐতিহাসিক সম্পদসমূহ উদ্ধাৰ আৰু ৰক্ষাৰ বাবে কামৰূপ অনুসন্ধান সমিতি নামেৰে এটা অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। এই অনুষ্ঠানৰো মূল মানুহজন আছিল হেমচন্দ্ৰ গোস্বামীয়েই। অসম চৰকাৰৰ তত্ত্বাৱধানত হেমচন্দ্ৰ গোস্বামীয়ে সংগ্ৰহ কৰা পুথি সমূহৰ এটা বৃহত্ অংশ এই সমিতিৰ কাৰ্যালয়তে ৰখা হৈছিল। ১৯১৭ চনৰ পৰা ১৯১৮ চনলৈ তেওঁৰ ইয়াৰ সভাপতি আছিল। বৰ্তমান এই অনুষ্ঠানটিক ‘অসম গৱেষণা সমিতি’ নামেৰে জনা যায়।
হেমকোষ আৰু হেমচন্দ্ৰ গোস্বামী
অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই বহু পৰিশ্ৰমেৰে ‘হেমকোষ’ অভিধানখনি লিখিছিল যদিও অভিধানখনি ছপা হ’বলৈ নাপাওতেই তেওঁ স্বৰ্গগামী হয়। তেওঁৰ অবৰ্তমানত দুলালচন্দ্ৰ চৌধৰী ডাঙৰীয়াই হাতে লিখা ‘হেমকোষ’ অভিধানখনি ছপা কৰি প্ৰকাশ কৰিবৰ বাবে কৰ্ণেল পি আৰ টি গৰ্ডন চাহাবক দিয়ে। গেইট চাহাবে এই ‘হেমকোষ’ অভিধান প্ৰকাশৰ কথা অসম চৰকাৰক বুজাই কোৱাত তেতিয়াৰ চীফ কমিছনাৰ ছাৰ হেনৰী কটন চাহাবে কিছু টকা মঞ্জুৰ কৰে। কিন্তু ১৮৯৭ চনৰ জুন মাহত হোৱা প্ৰবল ভূমিকম্পত শ্বিলঙৰ চৰকাৰী প্ৰেছটো ভাগি চূৰমাৰ হৈ যোৱাত ‘হেমকোষ’ৰ হাতে লিখা নকলটো ইটা, কাঠ আদিৰ মাজত সোমাই পৰিল। গেইট চাহাবে বহুত পৰিশ্ৰম কৰি ‘হেমকোষ’ৰ হাতে লিখা নকলটো বিচাৰি উলিয়ায়। ইয়াৰ পাছত ‘হেমকোষ’ৰ ইংৰাজী ভাগতো গৰ্ডন চাহাবে আৰু অসমীয়া ভাগতো হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়ায়। হেমচন্দ্ৰ বৰুৱাই অশেষ কষ্টৰে অভিধানখনি লিখি উলিয়াইছিল যদিও এইসকল ব্যক্তিৰ অবিহনে ‘হেমকোষ’ৰ আজিৰ অস্তিত্ব সম্ভৱ হ’লহেতেননে, তাত আজিও এটি প্ৰশ্নচিহ্নৰ উদয় হয়।
অসমীয়া সাহিত্যৰ চানেকী আৰু হেমচন্দ্ৰ গোস্বামী
হেমচন্দ্ৰ গোস্বামী যিখন গ্ৰন্থৰ বাবে যুগমীয়া হৈ আছে সেইখনেই হৈছে তেওঁ সংকলন আৰু সম্পাদনা কৰা ‘অসমীয়া সাহিত্যৰ চানেকী’। মুঠ ছটা খণ্ডৰ এই গ্ৰন্থখন তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশুতোষ মুখাৰ্জী দেৱৰ অনুৰোধত লিখিছিল। গ্ৰন্থখন সম্পূৰ্ণ কৰিবলৈ তেওঁক সময় লাগিছিল তিনি বছৰ। এই গ্ৰন্থখনৰ ভিত্তিতেই কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত অসমীয়া ভাষাৰ অন্তৰ্ভুক্ত হৈছিল আৰু অসমীয়া ভাষা যে এটা স্বতন্ত্ৰ ভাষা সেয়া বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছিল। কিতাপখন যদিও কলিকতা বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছিল, ইমান বৃহত্ কলেৱৰৰ এখন কিতাপ প্ৰকাশ কৰিবলৈ ধনৰ অভাৱ হোৱাত অসমীয়া সদাগৰ খ্যাত ভোলানাথ বৰুৱাই অনুদান দিয়া ১০ হাজাৰ টকাৰে এই গ্ৰন্থ প্ৰকাশ কৰা হৈছিল।
হেমচন্দ্ৰ গোস্বামীৰ কবিতা
নগাঁওত থকা অৱস্থাৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰা হেমচন্দ্ৰ গোস্বামীৰ প্ৰথমটো কবিতা আছিল ‘আসাম বন্ধু’ত প্ৰকাশ পোৱা ‘বিশ্বাস’। সত্যনাথ বৰা, ভোলানাথ দাস, কমলাকান্ত ভটাচাৰ্য আদি কবি সকলে যি সাঁচত লিখিছিল, তেৱো সেই সাঁচতেই কবিতা লিখিছিল। পাছলৈ অৱশ্যে তেওঁৰ কবিতাৰ ধাৰা কিছু পৰিৱৰ্তন হয়। তেৱেই পোনপ্ৰথমে ‘জোনাকী’ আলোচনীত ইটালীৰ গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথমটো অসমীয়া চনেট ‘প্ৰিয়তমাৰ চিঠি’ লিখি উলিয়ায়। জোনাকীত প্ৰকাশ পোৱা তেওঁৰ আন এটি বিখ্যাত কবিতা হ’ল ‘পুৱা’। এনেদৰেই অ’ত ত’ত প্ৰকাশ পোৱা সকলো কবিতাৰ সংকলন কৰি ১৯০৭ চনত তেওঁৰ একমাত্ৰ কবিতা পুথি ‘ফুলৰ চাকি’ প্ৰকাশ কৰি উলিয়ায়।
ইয়াৰ উপৰি তেওঁ সম্পাদনা কৰা শিশু আলোচনী ‘অকণ’ৰ বাবে তেওঁ কেইবাটাও শিশু উপযোগী কবিতা লিখিছিল। সেইবোৰ সৰু ল’ৰা-ছোৱালীয়ে পঢ়ি গলেই মুখস্থ থকা বিধৰ আছিল।
অসম সাহিত্য সভাৰ সভাপতি
১৯২০ চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্থ সংখ্যক সভাত হেমচন্দ্ৰ গোস্বামী সভাপতি নিৰ্বাচিত হৈছিল। তেওঁৰ বিভিন্ন ব্যক্তিৰ পৰা পুঁজি সংগ্ৰহ কৰি অসম সাহিত্য সভাৰ ভেটি টনকিয়াল কৰাত যথেষ্ট অৰিহণা আগবঢ়াইছিল বুলি জনা যায়।
তেওঁ কেৱল অসম সাহিত্য সভাৰেই নহয়, অসম আৰু ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠানতো সভাপতিত্ব কৰিছিল আৰু সেইসময়ত তেখেতৰ পাণ্ডিত্যৰ সুৱাস কেৱল অসমতেই নহয়, গোটেই ভাৰততে বিয়পি পৰিছিল।
ব্যক্তিগত জীৱন
হেমচন্দ্ৰ গোস্বামী এজন ধীৰ প্ৰকৃতিৰ সৰ্বজনপ্ৰিয় অমায়িক ব্যক্তি আছিল। তেওঁ কেতিয়াবা মানুহক খুব খুহুতীয়া কথা কৈ হহুৱাবও পাৰিছিল, আকৌ কেতিয়াবা যুক্তিপূৰ্ণ তত্ত্বগধূৰ কথা কৈয়ো মানুহক বিমুগ্ধ কৰিব পাৰিছিল। তেওঁ চৰকাৰৰ অতি উচ্চ পদত অধিষ্ঠিত হৈয়ো সাধাৰণ মানুহৰ সৈতে মিলি থাকিব পাৰিছিল। তেওঁৰ প্ৰিয় কাম আছিল অধ্যয়ন আৰু অসমৰ ঐতিহ্য সম্বলিত বিভিন্ন তথ্য-পাতিৰ সংগ্ৰহ। তাৰ বাবে তেওঁৰ ঘৰতে এটি পুথিভঁৰালো গঢ়ি লৈছিল।
এন্ট্ৰেন্স পৰীক্ষা দিয়েই বিবাহ পাশত আৱদ্ধ হোৱা হেমচন্দ্ৰ গোস্বামীৰ চাৰিজন পুত্ৰ সন্তান আৰু তিনিগৰাকী কন্যা সন্তান আছিল। তেওঁৰ কেউগৰাকী সন্তানেই উচ্চ শিক্ষাৰে শিক্ষিত আছিল। ইয়াৰে ভিতৰত তেওঁৰ বৰপু্ত্ৰ কিৰণচন্দ্ৰ গোস্বামীক তেওঁৰ জীৱনকালতে হেৰুৱাব লগা হৈছিল।
শেষ জীৱন আৰু মৃত্যু
হেমচন্দ্ৰ গোস্বামী যোৰহাটৰ পৰা গুৱাহাটীলৈ বদলি হৈ যোৱাৰ পিছত তেওঁৰ বাত বিষত আক্ৰান্ত হৈ ভালকৈ কলম চলাব নোৱাৰা হ’লত দীঘলীয়াকৈ ছুটি ল’ব লগা হয়। এই ছুটিৰ অন্তত তেওঁ আৰু কামত যোগ দিব নোৱাৰিলে। ১৯২৬ চনৰ ১৫ জানুৱাৰীৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰি মাহে ৩৭৫ টকাকৈ পেঞ্চন লয়। কিন্তু এই পেঞ্চন তেওঁ মাত্ৰ তেওঁ দুবছৰ মানহে ভোগ কৰিবলৈ পালে। অৱশেষত, ১৯২৮ চনৰ ২ মে’ৰ দিনা মাত্ৰ ৫৬ বছৰ বয়সতে অশেষ কষ্ট ভোগ কৰি গুৱাহাটীৰ নিজা ঘৰতে মৃত্যুক সাবতি লয়। তেখেতৰ এই অকাল মৃত্যুৱে কেৱল তেওঁৰ পৰিয়ালবৰ্গকেই নহয়, সমগ্ৰ অসম আৰু ভাৰতৰে বিদ্বান সমাজক শোকস্তবদ্ধ কৰি তুলিছিল।
In addition, I had a wonderful time with that. In spite of the fact that both the narration and the images are of a very high level, you realise that you are anxiously expecting what will happen next. Regardless of whether you choose to defend this stroll or not, it will be essentially the same every time.
Whoa, amazing blog design! How long have you been blogging for? You make it seem so simple. Your site’s overall appearance and content are both amazing.
certainly like your website but you need to take a look at the spelling on quite a few of your posts Many of them are rife with spelling problems and I find it very troublesome to inform the reality nevertheless I will definitely come back again
Hello my darling, I just wanted to express how well written and comprehensive this post is, covering almost all the essential details. More blogs like this one would be nice, in my opinion.
I do trust all the ideas you’ve presented in your post. They are really convincing and will definitely work. Nonetheless, the posts are too short for newbies. May just you please lengthen them a bit from next time? Thank you for the post.
This asset is unbelievable. The wonderful information exhibits the distributer’s earnestness. I’m stunned and anticipate more such astonishing sections.
This stage is fabulous. The magnificent information uncovers the publisher’s excitement. I’m shocked and anticipate additional such mind blowing substance.
I think every concept you put up in your post is strong and will undoubtedly be implemented. Still, the posts are too brief for inexperienced readers. Would you kindly extend them a little bit from now on? I appreciate the post.
I do not even know how I ended up here but I thought this post was great I dont know who you are but definitely youre going to a famous blogger if you arent already Cheers.
I have recommended your blog to all of my friends and family Your words have the power to change lives and I want others to experience that as well