পৰ্যালোচনাসাময়িকী

প্ৰমোদ বড়োৰ উত্থান আৰু বড়ো ৰাজনীতিৰ ভৱিষ্যত

এক ব্যতিক্ৰমী ৰূপেৰে ২০২০ বৰ্ষৰ বি টি চি নিৰ্বাচন অনুষ্ঠিত হৈ গ’ল। বড়ো ৰাইজে এইবাৰৰ নিৰ্বাচনত নাচ-গানো কৰিলে আৰু ভয়-শংকা মুক্ত হৈ ভোটদান কৰি গণতন্ত্ৰৰ জয়গানো গালে। ৰক্তপাতহীন এই নিৰ্বাচনৰ ফলস্বৰূপে বড়ো নেতা হাগ্ৰামা মহিলাৰী ক্ষমতাচুত্য হ’ল আৰু বি টি আৰৰ ৰাইজে পালে এজন নতুন সাংবিধানিক মুৰব্বী প্ৰমোদ বড়োক। ইয়াৰ লগতে ৰাইজে দেখিলে আৰু এটা নতুনত্ব-আগতে কোনো ৰাষ্ট্ৰীয় দলে পাত্তা নিদিয়া বি টি চিৰ নিৰ্বাচনত এইবাৰ দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিয়ে চিলনীয়ে থপিওৱাৰ দৰে দহখন আখন নিজৰ দখললৈ লৈ গ’ল। 

বড়ো ৰাজনীতিৰ ইতিহাস কি?

একবিংশ শতিকাৰ অসমৰ সৰ্ববৃহৎ জনজাতীয় লোকগোষ্ঠীটোৱেই হৈছে বড়ো। পিছে বড়োসকল কেৱল সৰ্ববৃহৎ লোকগোষ্ঠীয়েই নহয়,তেওঁলোকক ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক প্ৰাচীনতম লোকগোষ্ঠীও। আহোমসকলৰ অসম আগমণৰ আগলৈকে যদি অসমৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক ইতিহাস লিখা হয় তেনেহ‍’লে এই ইতিহাসৰ ৯০ শতাংশই হ’ব বড়োসকলৰ ইতিহাস। পিছে আমি যি বড়ো ৰাজনীতিৰ ইতিহাসৰ কথা ক’বলৈ ওলাইছো সেই বড়ো ৰাজনীতি বৃটিছৰ শাসন কালৰ পৰাহে আৰম্ভ হৈছে। 

বৃটিছৰ যুগৰ বড়ো ৰাজনীতি

সময়ৰ পাক লগা গতিত আত্মবিস্মৃত হৈ পৰা বড়োসকলৰ মাজলৈ পোনপ্ৰথম বাৰৰ বাবে আত্মচেতনাৰ কিৰণ প্ৰবাহিত কৰিছিল ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰক গুৰুদেৱ কালীচৰণ ব্ৰহ্মই। সময় আছিল কুৰি শতিকাৰ দ্বিতীয় দশক। কালীচৰণ ব্ৰহ্মৰ দ্বাৰা প্ৰচাৰিত ব্ৰহ্ম ধৰ্ম মূলত এক ধৰ্মীয় আন্দোলন আছিল যদিও ই সেইসময়ৰ অনগ্ৰসৰ বড়ো সমাজখনত সংস্কাৰ আৰু নবজাগৰণৰ পথো প্ৰশস্ত কৰিছিল। কালীচৰণ ব্ৰহ্মৰ মুখ্য পৃষ্ঠপোষকতাত আৰু বড়ো ছাত্ৰ সন্মিলনীৰ উদ্যোগত ১৯২৪ চনৰ পৰা প্ৰকাশ পোৱা ‘বিবাৰ’ নামৰ আলোচনীখনত ব্ৰহ্ম ধৰ্মৰ তত্ত্ব কথা প্ৰকাশ পোৱাৰ লগতে বড়োসকলৰ গৌৰৱোজ্জ্বল ইতিহাস, তেওঁলোকৰ স্বাধিকাৰ আৰু আৰ্থ-সামাজিক ন্যাৰ্য প্ৰাপ্তিৰ কথা বিশেষভাৱে প্ৰকাশ পাইছিল। 

ব্ৰহ্ম আন্দোলনৰ পাছত ৰাজনৈতিকভাৱে শোষিত হৈ থকা বড়োকে আদি কৰি ভৈয়ামৰ পাছপৰা জনজাতিসমূহক প্ৰতিনিধিত্ব কৰিবলৈ ১৯৩৩ চনত গঠন কৰা হৈছিল  ‘ট্ৰাইবেল লীগ’ নামৰ ৰাজনৈতিক দলটো। (প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল Assam backward plains league)।  এই ৰাজনৈতিক শক্তিটোৰ প্ৰধান নেতা আছিল যাদব চন্দ্ৰ খাখলাৰী আৰু ভীমবৰ দেউৰী। ১৯৩৫ চনত ভাৰত শাসন আইন অনুসৰি ট্ৰাইবেল লীগে ভয়ামৰ জনজাতি সকলৰ বাবে অসম বিধান সভাত ৪খন আসনত সংৰক্ষণ লাভ কৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মিত্ৰ দল হিচাপে ১৯৩৮ চনত চৰকাৰো গঠন কৰিছিল। বৃটিছ যুগত ভৈয়ামৰ জনজাতি সকলক পূব বংগৰ মুছলমান প্ৰবজনকাৰীসকলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ প্ৰবৰ্তন কৰা লাইন প্ৰথাৰ দাবীদাৰো আছিল এই ট্ৰাইবেল লীগেই। 

স্বাধীনোত্তৰ বড়ো ৰাজনীতি

স্বাধীনতাৰ পাছত ট্ৰাইবেল লীগৰ নেতাসকলে কংগ্ৰেছ দলত যোগদান কৰিবলৈ আৰম্ভ কৰিছিল আৰু বিধানসভা-লোকসভাতো নিজৰ অধিপত্য বিস্তাৰ কৰিছিল। সেইসময়ছোৱাত তেওঁলোকৰ মানসিকতা পৃথকতাবাদী হোৱাৰ বিপৰীতে এখন বৃহত্তৰ অসম গঢ়াৰ মানসিকতাহে পোষণ কৰিছিল। কিন্তু অসমত অসমীয়া ভাষাক ৰাজ্যভাষা কৰিবলৈ কৰা দীৰ্ঘদিনীয়া আন্দোলনে তেওঁলোকৰ মানসিকতালৈ লাহে লাহে পৰিৱৰ্তন কৰিবলৈ ল’লে। 

বড়ো ৰাজনৈতিক ইতিহাসৰ আৰু এটা উল্লেখযোগ্য ঘটনা হ’ল ১৯৫২ চনৰ,১৬ নবেম্বৰত কোকৰাঝাৰ জিলাৰ বাসুগাওঁত বড়ো সাহিত্য সভাৰ গঠন। ই বড়ো জাতীয়তাবাদৰ বিকাশত প্ৰভূত বৰঙণি যোগাইছিল। আৰু বড়ো জাতীয়তাবাদে লাহে লাহে অসমীয়া জাতীয়তাবাদী ভাৱধাৰাৰ পৰা  ফালৰি কাটিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে আনকি অসমৰ ৰাজ্যভাষা অসমীয়া হোৱাৰ বিপৰীতে হিন্দী হ’ব লাগে বুলিও মত পোষণ কৰিছিল। 

বড়ো জাতীয়তাবাদৰ বিকাশ আৰু বড়ো ৰাজনীতিৰ এটা মাইলৰ খুঁটি আছিল ১৯৬৭ চনৰ,১৫ ফ্ৰেব্ৰুৱাৰীত  নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ গঠন হোৱা ঘটনাটো। এবছুৰ এই মঞ্চখনৰ জড়িয়তেই আধুনিক শিক্ষা আৰু ধ্যান-ধাৰণাৰে পুষ্ট বড়ো যুৱক আৰু ছাত্ৰ সকলে তেওঁলোকৰ আত্ম পৰিচয়ৰ প্ৰতি অধিক সচেতন হৈ পৰাৰ লগতে জাতীয় আত্মপ্ৰতিষ্ঠাৰ বাবে এক নতুন সংগ্ৰামৰো পাতনি মেলে। 

বড়ো ৰাজনৈতিক ইতিহাসৰ আন এটা উল্লেখযোগ্য ঘটনা হৈছে-১৯৬৭ চনত প্লেইন ট্ৰাইবেল কাউন্সিল অৱ আছাম চমুকৈ পিটিচিএ ৰ গঠন।  পিটিচিএ ৰ  নেতা চৰণ নাৰ্জাৰীয়ে অসমৰ জনজাতিসকলৰ বাবে  ‘উদয়াচল’ নামেৰে এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ বাবে দাবী তুলি এক ব্যাপক আন্দোলন গঢ়ি তুলিছিল। যদিও এই আন্দোলন সফল নহ’ল ই পৃথকতাবাদী বড়ো আন্দোলনক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল।

বিদেশী বহিষ্কাৰৰ বড়ো ৰাজনীতি 

ইয়াৰ পাছতেই অসমত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ৬ বছৰ যোৰা অবৈধ বিদেশী বহিষ্কাৰ আন্দোলনৰ সূত্ৰপাত হয়। এই আন্দোলনৰ আৰম্ভণি সময় ছোৱাত বড়ো জনগোষ্ঠীৰ লোকসকলেও খিলঞ্জীয়া অসমীয়াৰ সকলৰ সৈতে একে শাৰীতেই আন্দোলন কৰিছিল যদিও পাছৰ পৰ্যায়ত ই এক উগ্ৰ অসমীয়া জাতীয়তাবাদী ৰূপ লোৱাত বড়ো জনগোষ্ঠীৰ লোকসকলে পাছলৈ ইয়াৰ পৰা ফালৰি কাটি তেওঁলোকে নিজা পথ বাছি লয়। বড়ো নেতৃত্বতই অসম চুক্তি ৬নং দফাৰ ‘অসমীয়া মানুহৰ’ সংজ্ঞাটোৰ মাজত তেওঁলোকক বিচাৰি নোপোৱা যেন অনুভৱ কৰে। ইয়াৰ উপৰি অসম চুক্তি ১০ নং দফাত উল্লেখ থকা ‘ট্ৰাইবেল বেল্ট আৰু ব্লক’ৰ পৰা বেদখলকাৰী উচ্ছেদ কৰাৰ দাবীটোৰ প্ৰতিও তেওঁলোক বিতুস্ত হৈ পৰে কিয়নো এনে অঞ্চলবোৰত বহু সংখ্যক বড়ো জনজাতিৰ লোকেও অবৈধ ভাবে বসবাস কৰি আছিল। 

১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত ১৯৮৭ চনৰ প্ৰথম ভাগৰে পৰাই ‘ডিভাইড আচাম ফিফটি ফিফটি’ শ্লোগানেৰে অধিক তীব্ৰ ৰূপত পৃথক বড়ো ৰাজ্যৰ গঠনৰ দাবী উত্থাপন হবলৈ ধৰে। এই সময়ছোৱাতে গঠন হোৱা আৰু এটা বড়ো ৰাজনৈতিক সংগঠন আছিল ‘বড়ো পিপলছ একছন কমিটি’। এই সংগঠনটোৰ মূল দাবী আছিল এক পৃথক বড়ো ৰাজ্যৰ গঠন। এবছু আৰু বি পি এ চি দাবী সমূহক লৈ ১৯৯১ চনৰ আৰম্ভণিৰে পৰা অসম চৰকাৰ,কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো আন্দোলনকাৰী নেতৃত্বৰ মাজত কেইবালানিও ত্ৰিপাক্ষীক আলোচনা অনুষ্ঠিত হয়।

বড়ো শান্তি চুক্তি 

আৰু অৱশেষত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ উদ্যোগত এবছু আৰু বি পি এ চিৰ মাজত ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰীত প্ৰথমখন বড়ো শান্তি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি মৰ্মে বড়ো স্বায়ত্বশাসিত পৰিষদ চমুকৈ বি এ চি গঠন কৰা হয়। এই চুক্তিয়ে বড়ো সৰ্বসাধাৰণ ৰাইজৰ মনলৈ উচাহ-উদ্দীপনাৰ ঢৌ কঢ়িয়াই অনাৰ লগতে কিছু দিনলৈ বড়োভূমিলৈ শান্তিৰ পৰিৱেশো ঘূৰাই আনে। 

যদিও বড়ো জনসাধাৰণে বি এ চি চুক্তিখন অতি সাদৰেৰে গ্ৰহণ কৰিছিল ইয়াৰ বিপৰীতে কিন্তু বড়ো নেতৃবৰ্গ এই চুক্তিকলৈ বেছিদিন সন্তুষ্ট হৈ থাকিব নোৱাৰিলে। এই পৰিষদ গঠন হোৱাৰ মাত্ৰ তিনিমাহ পাছতেই ইয়াৰ মুখ্য কাৰ্যবাহী সদস্য ছানছুমা খুংগুৰ বিছমুতিয়াৰীয়ে পৰিষদলৈ পৰ্যাপ্ত পুঁজিৰ যোগান নিদিয়াৰ অভিযোগ তুলি পদত্যাগ কৰে। আৰু অৱশেষত ১৯৯৬ চনৰ ২২ এপ্ৰিলত বি এ চি চুক্তিৰ মুল উদ্যোক্তা হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছত বড়ো নেতৃবৃন্দই এই  ‘বড়ো চুক্তি’ প্ৰত্যাখ্যান হোৱা বুলি ঘোষণা কৰি পুনৰ পৃথক বড়োলেণ্ডৰ দাবীত জোৰদাৰ আন্দোলন গঢ়ি তোলে। 1997 চনত এবছুৰ নেতৃত্বত  গঠিত হয় Bodoland  statehood movement council (BSMC)। আৰু তীব্ৰ ৰূপত বড়োলেণ্ডৰ দাবীত আন্দোলন চলাই নিয়ে। 

বড়ো ৰাজনীতিৰ সশস্ত্ৰ ধাৰা

ইমানদিনে অহিংস পন্থাৰে পৰিচালিত হৈ থকা বড়ো পৃথকতাবাদী সংগ্ৰামখনে ৯০ দশকৰ মাজভাগৰ পৰাই লাহে লাহে সশস্ত্ৰ পন্থালৈ গতি কৰিবলৈ আৰম্ভ কৰে। ১৯৯৬ চনৰ ১৮ জানুৱাৰীত আত্মপ্ৰকাশ কৰা বড়ো লিবাৰেচন টাইগাৰ্ছ  চমুকৈ বি এল টিয়ে পৃথক বড়ো ৰাজ্যৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলে। ইয়াৰ সমান্তৰালভাৱে ১৯৮৬ চনৰে পৰা সশস্ত্র সংগ্ৰামত বিশ্বাসী  Bodo  Security Force (BSF) এ1993 ত National Democratic Fronts  of Bodoland ( NDFB) নামেৰে পুনঃগঠিত হৈ সৰ্বভৌম বড়োলেণ্ডৰ দাবীত সশস্ত্ৰ কাৰ্যপন্থা চলাবলৈ আৰম্ভ কৰে। 

অৱশেষত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু বি এল টিৰ মাজত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বি টি চি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি এবছুকে আদি কৰি অন্যান্য বড়ো জনগোষ্ঠীয় সংগঠনে সাদৰেৰে গ্ৰহণ কৰে আৰু বড়োলেণ্ড আন্দোলনৰো অন্ত পৰা বুলি ঘোষণা কৰে। 

২০০৩ চনৰ এই বড়ো শান্তি চুক্তিয়ে বড়োভূমিলৈ বিশেষ একো পৰিৱৰ্তন আনিব নোৱাৰিলেও তাত এজন বিশেষ প্ৰভাৱশালী নেতাৰ জন্ম দিলে- তেওঁ আছিল প্ৰাক্তন বি এল টি ৰ অধ্যক্ষ হাগ্ৰামা মহিলাৰী। তেওঁ ২০০৪ চনৰ ৬ ডিছেম্বৰৰ পৰা ২০২০ চনলৈ প্ৰায় ১৬ বছৰৰো অধিক কাল বি টি চি ৰ শাসনভাৰ চলায়। কিন্তু পৃথক ৰাজ্যৰ দাবীৰে হাতত অস্ত্ৰ তুলি লোৱা হাগ্ৰামাই পৰৱৰ্তী সময়ত বড়ো পৃথকতাবাদক সম্পূৰ্ণ ৰূপে পৰিহাৰ কৰি ভোটৰ ৰাজনীতিৰ পাকচক্ৰত অবড়ো ৰাইজৰ তোষণ আৰু পোষণ কৰা নীতি অৱলম্বন কৰিবলৈ ধৰে। 

শান্তি চুক্তি আৰু বি টি আৰ ৰ গঠন 

কোৱা বাহুল্য যে,এবছুয়ে বি টি চি চুক্তিৰ প্ৰতি আস্থা হেৰুৱাই আকৌ পৃথক বড়ো ৰাজ্যৰ দাবীত পুনৰ বড়ো ভূমিৰ আকাশ-বতাহ উত্তাল কৰি তোলে। আৰু ইয়াৰ সমান্তৰালভাৱে সাৰ্বভৌম বড়োলেণ্ডৰ দাবীত অস্ত্ৰ হাতত তুলি লোৱা এন ডি এফ বিয়েও তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখে। অশান্ত বড়োভূমিত আকৌ নিতৌ সংঘটিত হবলৈ ধৰে ব্যাপক নৰসংহাৰ‌। সংঘটিত হয় ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দৰে অসমৰ ইতিহাসত কালিমাসনা অভিশপ্ত ঘটনাৱলীৰ।

এই সকলোবোৰ অশান্তিৰ ওৰ পেলাবলৈ আকৌ এখন শান্তি চুক্তিৰ প্ৰয়োজন হৈ পৰে আৰু অৱশেষত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু বড়ো নেতৃবৰ্গ বিশেষকৈ এবছু আৰু এন ডি এফ বি ৰ চাৰিটা গোটৰ মাজত তৃতীয়খন বড়ো শান্তি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ ফলত বি টি এ ডিক বি টি আৰ (বড়ো টেৰিটৰিয়েল ৰিজিয়ন) নামেৰে নতুনকৈ নামাকৰণ কৰা হয়‌। এই শান্তি চুক্তিয়ে  বড়ো ভূমিলৈ শান্তিৰ বাতাবৰণ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। কিয়নো এই কিয়নো চুক্তিখন স্বাক্ষৰিত হোৱাৰ তিনিদিন পিছতেই এনডিএফবিৰ ১,৬১৫ জন সংগ্ৰামীয়ে ৩০ জানুৱাৰী,২০২০ৰ দিনা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰে। 

প্ৰমোদ বড়ো কোন?

এটা বাক্যত যদি প্ৰমোদ বড়োৰ পৰিচয় দিবলৈ হয় সেয়া হ’ব- প্ৰমোদ বড়ো এগৰাকী বড়ো জাতীয়তাবাদী নেতা। ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ লগত জড়িত প্ৰমোদ বড়োয়ে ২০০৯ চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হয়। ক্ৰমাৎ স্তিমিত হৈ পৰা পৃথক বড়োলেণ্ড আন্দোলন তেখেতৰ দিনতে পুনৰ সক্ৰিয় হৈ পৰে। আৰু বড়োভূমিত ই এক ব্যাপক জনজাগৰণৰ ৰূপ লয়। তেখেতে তেওঁৰ কাৰ্যকালত অসমৰ সমগ্ৰ বড়ো সমাজত শিক্ষাৰ সজাগতাৰ বাবে এক ব্যাপক প্ৰচাৰ অভিযান চলাইছিল। তেওঁ বিশেষকৈ মাতৃভাষা বড়ো মাধ্যমত শিক্ষা গ্ৰহণৰ ওপৰত গুৰুত্ব দিছিল। 

প্ৰমোদ বড়োৰ জীৱনৰ বিশেষ কৃতিত্ব বুলিলে ক’ব লাগিব তৃতীয় বড়ো শান্তি চুক্তি সফলতাৰে সম্পন্ন কৰা ঘটনাটো। তেখেতে তেওঁৰ ৰাজনৈতিক জীৱনৰ অধিক সময় পাৰ কৰিছিল বড়োভূমিত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ চেষ্টাত। আৰু এই চেষ্টাত তেওঁ বহুলাংশে সফল হৈছে বুলিও ক’ব পাৰি। কিয়নো বি টি আৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতেই এন ডি এফ বিৰ  কেওটা গোটেই অস্ত্ৰ সম্বৰণ কৰিছে।  ইয়াৰ উপৰি  তেখেতে বি টি আৰ চুক্তিৰ জড়িয়তে বি টি চি প্ৰশাসন আৰু চৰকাৰলৈ অধিক ক্ষমতা হস্তান্তৰ কৰাৰ প্ৰতিশ্ৰুতি আদায় কৰিছে। 

তৃতীয় বড়ো শান্তি চুক্তি সফলতাৰে সম্পাদন কৰাৰ পাছত প্ৰমোদ বড়োৱে সংসদীয় ৰাজনীতিলৈ মন মেলে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অৱসৰ লৈ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলত যোগদান কৰে।  ২০২০ চনৰ ১৫ ডিছেম্বৰত ফলাফল ঘোষণা কৰা বি টি চি নিৰ্বাচনত ভাগ লৈ প্ৰমোদ বড়ো নেতৃতাধীন ইউ পি পি এল দলে মুঠ ১২ খন আসন লাভ কৰে আৰু ভাৰতীয় জনতা পাৰ্টি (১১ খন আসন) আৰু গণ সুৰক্ষা পাৰ্টি (১খন আসন)ৰ নিৰ্বাচিত সদস্যসকলৰ লগ হৈ বি টি চিত চৰকাৰ গঠন কৰে। তেওঁ ১৬ বছৰীয়া হাগ্ৰামা ৰাজৰ অন্ত পেলাই বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদত অধিস্থিত হবলৈ সক্ষম হৈছে। 

প্ৰমোদ বড়োয়ে বড়োসকলৰ ৰাজনৈতিক সপোন পূৰণ কৰিব পাৰিবনে?

ৰাষ্ট্ৰীয়তাবাদী দল বিজেপি আৰু বড়োভূমিৰ অবড়োসকলৰ ৰক্ষকস্বৰূপ গণ সুৰক্ষা পাৰ্টিৰ লগত সন্মিলিত চৰকাৰ গঠন কৰাৰ পাছতেই সচেতন ৰাজনৈতিক মহলত প্ৰশ্ন উঠিছে- প্ৰমোদ বড়োয়ে সঁচাকৈয়ে বড়োসকলৰ ৰাজনৈতিক সপোন পূৰণ কৰিব পাৰিবনে? নে তেওঁ আৰু তেওঁৰ দল ক্ৰমাৎ বিজেপিৰ আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদৰ জুইত পুৰি ছগাৰ দৰে নিঃশেষ হৈ যাব। বড়োসকলৰ সপোন হ’ল নিজ জাতি আৰু ভাষাৰ উন্নতি সাধন কৰা, ভাৰতৰ আন ৰাজ্যতকৈ তুলনামূলকভাৱে অনগ্ৰসৰ বড়ো সমাজখনৰ আৰ্থ-সামাজিক উন্নতি সাধন কৰা আৰু যতদূৰ সম্ভৱ এখন পৃথক বড়ো ৰাজ্য নাইবা স্বাধীন ৰাষ্ট্ৰ গঠন কৰা। যদিও পৃথক বড়োলেণ্ড গঠন কৰা সপোনটোত প্ৰমোদ বড়োৱে ইতিমধ্যেই হাৰ মনা যেন অনুভৱ হৈছে।  কিন্তু বি টি আৰৰ সাংবিধানিক মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি বড়ো ভাষা আৰু জাতিৰ উন্নতি সাধন কৰিবলৈ তেওঁ নিশ্চয়কৈ সুযোগ পাব। এই সুযোগৰ তেওঁ কেনেদৰে সদব্যৱহাৰ কৰে সেয়া আগন্তুক দিনত লক্ষণীয় বিষয় হব।

বিজেপি বি টি আৰ চৰকাৰৰ সহযোগী দল হোৱাৰ বাবে নিশ্চয়কৈ বি টি আৰলৈ আগতকৈ অধিক পুঁজিৰ আগমন হ’ব। আইন-শৃংখলা পৰিস্থিতিও পূৰ্বতকৈ অধিক কটকটীয়া আৰু শান্তিপূৰ্ণ হ’ব। যদিও ক্ষমতাৰ কুটিল ৰাজনীতি চলি থাকিব তথাপিও আশাকৰা হৈছে আগন্তুক দিনবোৰত বি টি আৰবাসীয়ে পূৰ্বতকৈ সুস্থ আৰু শান্তিপূৰ্ণ গণতান্ত্ৰিক পৰিৱেশ লাভ কৰিব। কিয়নো ইতিমধ্যে এন ডি এফ বিৰ আটাইকেইটা গোটেই অস্ত্ৰ সম্বৰণ কৰিছে আৰু দাম্ভিক,অহংকাৰী আৰু দূৰ্নীতিপৰায়ণ বুলি অভিযোগ থকা হাগ্ৰামা মহিলাৰীৰো পতন ঘটিছে। ইয়াৰ লগতে আশা কৰা হৈছে বড়োভূমিত এইবাৰ অবড়োসকলো বিশেষ নিৰাপত্তাহীনতাৰ সন্মুখীন নহ’ব।  কিয়নো ইউ পি পি এল দলে লব পৰা যিকোনো অবড়ো বিৰোধী সিদ্ধান্তৰ বিৰোধিতা নিশ্চয়কৈ ৰাষ্ট্ৰীয়তাবাদী বিজেপি আৰু জি এছ পি য়ে কৰিব। 

মিত্ৰজোঁটৰ বড়ো ৰাজনীতি আৰু দূৰ্ভাৱনা

বি টি চিৰ নতুন মিত্ৰজোঁটৰ চৰকাৰখনে যেনেকৈ বহুতো সম্ভাৱনাৰ দিশ মুকলি কৰিছে, ঠিক তেনেকৈ বহুতো দূৰ্ভাৱনাও বড়ো ৰাইজৰ মনলৈ কঢ়িয়াই ননাকৈ থকা নাই। বড়োভূমিত যদিও জাতি হিচাপে আন জাতিতকৈ বড়োসকলৰ সংখ্যাধিক্য আছে কিন্তু অঞ্চলটোৰ জনবিন্যাসে এনে এটা অৱস্থা পাইছেগৈ যে,বড়োসকলে বৰ্তমান কেৱল বড়ো ভোটেৰে চৰকাৰ গঠন কৰিব পৰা সামৰ্থ নাই। সেয়ে বড়ো জাতীয়তাবাদক মুখ্য উদ্দেশ্য কৰি আগবঢ়া প্ৰমোদ বড়োৰ দলটোৱে ৪০ খন আসনৰ ভিতৰত কেৱল ১২ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে তেওঁলোকৰ চৰকাৰৰ স্থায়িত্ব নিৰ্ভৰ বহু পৰিমাণে নিৰ্ভৰ কৰিছে অবড়ো ভোটাৰৰ জনপ্ৰিয় দল বি জেপিৰ দলগত সুস্থ মিত্ৰতাৰ ওপৰত।

এনে এটা অৱস্থাত সদ্য স্বাক্ষৰিত বি টি আৰ চুক্তিখন সঠিক ৰূপত ৰূপায়ন কৰাটো নিৰ্ভৰ কৰিব প্ৰমোদ বড়োৰ ৰাজনৈতিক আৰু কুটনৈতিক বিচক্ষণতাৰ ওপৰতহে। এই ক্ষেত্ৰত যদি তেওঁ বিফল হয় তেনেহ’লে বড়োভূমিত যে আকৌ এটা গণ আন্দোলন নাইবা সশস্ত্ৰ সংগ্ৰামৰ সূত্ৰপাত নহব তাৰ নিশ্চয়তা আজিৰ তাৰিখত দিব নোৱাৰি। সৰ্বশেষত বড়োভূমিৰ ৰাজনীতিত দেখা দিয়া আটাইতকৈ ডাঙৰ দুৰ্ভাৱনাটো আহিছে বিজেপিয়ে অসমত তেওঁলোকৰ দুটাকৈ ৰাজনৈতিক মিত্ৰ দল অগপ আৰু বিপিএফৰ লগত কৰা কুটনৈতিক আচৰণৰ পৰা। মিত্ৰ দলৰ আভ্যন্তৰীণ ৰাজনীতিত প্ৰৱেশ কৰি নেতা আমদানি কৰাৰ কৌশলপূৰ্ণ খেলখন যদি আগন্তুক দিনত বিজেপিয়ে ইউ পি পি এলৰ লগতো খেলিবলৈ হয় তেতিয়াহ’লে সিদিনাৰে আৰম্ভ হব বড়ো জাতীয়তাবাদৰ নিৰ্ঘাত অপমৃত্যু!

আৰু পঢ়ক কৃষক আন্দোলন ২০২০

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x