বিখ্যাত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন

বিশ্ব গণিত দিৱস উপলক্ষে ভাৰতীয় গণিতজ্ঞ ৰামানুজন সম্পৰ্কে এক লেখাঃ

আদিকালৰে পৰাই ভাৰতৰ বুকুত বহু বিখ্যাত মনীষীয়ে জন্মগ্ৰহণ কৰিছে। সেইসকলে বিশ্বৰ বিভিন্ন ক্ষেত্ৰ যেনে- গণিত,বিজ্ঞান,জ্যোতিৰ্বিজ্ঞান,ৰাজনীতি বিজ্ঞান আদিত নিজৰ নিজৰ অৱদান আগবঢ়াই থৈ গৈছে। এই ব্ৰহ্মগুপ্ত,আৰ্য্যভট্ট,বৰাহমিহিৰ,কৌটিল্য আদিৰ দৰে নানা যুগজয়ী বিশ্ববিখ্যাত পুৰুষৰ পুণ্যভূমি ভাৰতত জন্মগ্ৰহণ কৰিছিল আন এজন বিশ্ববিখ্যাত মনীষীয়ে যি বিশ্বৰ গণিতৰ ক্ষেত্ৰখনত তেওঁৰ বিৰল প্ৰতিভাৰ জৰিয়তে নিজৰ স্বাক্ষৰ ৰাখি থৈ যাবলৈ সক্ষম হৈছিল আৰু তেঁৱেই আছিল শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ।

ৰামানুজনৰ জীৱন কাল তেনেই  কম আছিল যদিও ৰামানুজনে নিজ কৰ্মৰ জৰিয়তে বিশ্বৰ প্ৰেক্ষাপটত নিজৰ তথা নিজৰ দেশ ভাৰতৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছিল। গণিতেই আছিল ৰামানুজনৰ জীৱনৰ মূলমন্ত্ৰ আৰু গণিতেই আছিল ৰামানুজনৰ জীৱন আৰু প্ৰেম। গণিতৰ নিচা আঁতৰাবলৈয়ে ৰামানুজনক বিবাহৰ বান্ধোনত বন্ধা হৈছিল কিন্তু ৰামানুজনক এই বিবাহৰ কঠোৰ বান্ধোনেও বান্ধি ৰাখিব নোৱাৰিলে আৰু কালক্ৰমত তেওঁ বিশ্বৰ ভিতৰতে এজন বিখ্যাত গণিতজ্ঞৰূপে পৰিগণিত হ’ল। 

ৰামানুজনৰ প্ৰাথমিক শিক্ষাঃ

শ্ৰীনিবাস ৰামানুজনৰ জন্ম হৈছিল ১৮৮৭ চনৰ ২২ ডিচেম্বৰত দক্ষিণ ভাৰতৰ তামিলনাডুৰ ৰাজধানী মাদ্ৰাজৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰৰ এখন সৰু চহৰ ইৰোডত য’ত ৰামানুজনৰ মোমায়েকৰ ঘৰ আছিল। ৰামানুজনৰ পিতৃৰ নাম আছিল শ্ৰীনিবাস কুপ্পুস্বামী আয়েংগাৰ আৰু তেখেতৰ মাতৃৰ নাম আছিল  কোমলটম্মল। ৰামানুজনৰ পিতৃগৃহ আছিল তাঞ্জাভোৰ জিলাৰ কুম্বকোনমত। সৰু কালৰে পৰাই ৰামানুজন ৰুগীয়া প্ৰকৃতিৰ আছিল আৰু বৰআই ৰোগত ভুগি তেওঁ মৃত্যুমুখৰ পৰা বাছি আহিছিল। 

ৰামানুজনৰ পিতৃ শ্ৰীনিবাস কুপ্পুস্বামী আছিল এখন কাপোৰৰ দোকানৰ হিচাপৰক্ষক। ৰামানুজনৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান স্বচ্ছল নাছিল। সেয়ে,ৰামানুজনক ঘৰৰ কাষৰীয়া কাংগেয়ান প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি দিছিল আৰু এই বিদ্যালয়তে তেওঁ সংস্কৃত আৰু তামিল ভাষাৰ পাঠ গ্ৰহণ কৰিছিল। তেওঁ প্ৰাথমিক বিদ্যালয়তে গণিতৰ বিষয়ত নিজৰ ব্যুৎপত্তি প্ৰদৰ্শন কৰিছিল। ৰামানুজনে প্ৰাথমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে জিলাৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল। তাৰপাছতেই তেওঁ ১৮৯৭ চনত দহবছৰ বয়সত কুম্ভলকোনম টাউন হাইস্কুলত নামভৰ্ত্তি কৰে আৰু এই বিদ্যালয়তে তেওঁ গণিত বিষয়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি শিক্ষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু প্ৰতিবছৰেই বিদ্যালয়ত প্ৰথম হৈ নিজৰ তীক্ষ্ণ মেধাৰ পৰিচয় দিছিল।

হাইস্কুলত অধ্যয়ন কৰি থকাৰ কালতেই প্ৰায় এঘাৰ বছৰ বয়সতে ৰামানুজনে এছ এল লনীৰ ত্ৰিকোণমিতিৰ উপপাদ্য আৰু অনুশীলনী অধ্যয়ন কৰিছিল আৰু অতি সোনকালেই সেইবোৰত তেওঁ ব্যুৎপত্তি অৰ্জন কৰিছিল। ৰামানুজনে গণিত বিষয়ৰ পৰীক্ষাত নিৰ্ধাৰিত সময়ৰ আধাতেই উত্তৰবহী সম্পূৰ্ণ শুদ্ধকৈ কৰি জমা দিছিল। তেওঁ হাইস্কুলত থকাকালত এনেকুৱা হৈছিল যে তেওঁ জনা বহুতো গণিতৰ কথা বিদ্যালয়ৰ শিক্ষকসকলেই নাজানিছিল।

তেওঁ বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ ৰুটিন নিজে ঠিক কৰি অধ্যক্ষক সকাহ দিছিল। গণিতৰ বিস্ময়কৰ যুৱক ৰামানুজনে ১৯০৩ চনৰ ডিচেম্বৰ মাহত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি মেট্ৰিকুলেচন পাছ কৰিছিল। আৰু তেতিয়াই তেওঁ বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণস্বামী আয়াৰৰ পৰা গণিতৰ ব্যুৎপত্তিৰ বাবে লাভ কৰিছিল কে ৰংগনাথন ৰাও বঁটা। 

ৰামানুজনৰ উচ্চশিক্ষাঃ

তাৰপাছতে ৰামানুজনে কুম্বলকোনমৰ গভর্নমেণ্ট আৰ্টছ কলেজত উচ্চ শিক্ষা গ্ৰহণৰ বাবে এক বৃত্তি লাভ কৰে কিন্তু ৰামানুজনে কেৱল গণিত বিষয়তহে তেওঁৰ একান্ত ধ্যান দিব পাৰিছিল বাকী বিষয়সমূহত ৰামানুজনে মেধাৰ পৰিচয় দিব পৰা নাছিল। তাৰপিছত তেওঁ পাঁচয়াপ্পা কলেজত নামভৰ্ত্তি কৰে যদিও এফ এ ডিগ্ৰী লাভ কৰাত অকৃতকার্য হয় কিয়নো তেওঁ কেৱল গণিততহে নিজৰ মেধাৰ পৰিচয় দিব পাৰিছিল বাকী বিষয়বোৰত তেওঁ ভাল প্ৰদৰ্শন দেখাবলৈ অসমৰ্থ হৈছিল। অৱশেষত,ৰামানুজনে এফ এ ডিগ্ৰী নোহোৱাকৈ কলেজ ত্যাগ কৰিবলগা হ’ল। কিন্তু এফ এ পৰীক্ষাত অকৃতকার্য হলেও ৰামানুজনে গণিত চৰ্চা কেতিয়াও ত্যাগ কৰা নাছিল। গণিত আছিল ৰামানুজনৰ জীৱনৰ প্ৰথম আৰু শেষ সম্বল। 

এই ব্যৰ্থতাসমূহৰ পাছত ল’ৰাটোৱে কেৱল গণিত চৰ্চা কৰি থাকে,ঘৰৰ প্ৰতি মন-কাণ নাই বুলি ৰামানুজনৰ পিতৃ-মাতৃয়ে তেওঁক বিয়া পাতি দিবলৈ লয় আৰু দহবছৰীয়া কন্যা জানকী দেৱীৰ লগত ৰামানুজন বিবাহপাশত আবদ্ধ হয় ১৯০৯ চনত। সেইসময়ত ৰামানুজনৰ বয়স আছিল ২২ বছৰ। সাংসাৰিক হোৱাৰ পাছত ৰামানুজনে মাদ্ৰাজ নগৰৰ জৰ্জ টাউনত এটা ভাড়াঘৰত থাকিবলৈ লয়। আৰু গণিতকে সাৰথি কৰি ৰামানুজনে জীৱিকা বিচাৰিবলৈ লয়। কিন্তু বহু চেষ্টা কৰিও তেওঁ এটা চাকৰি যোগাৰ কৰিব পৰা নাছিল। ফলত ৰামানুজন আৰু তেওঁৰ পৰিবাৰে লঘোণে-ভোকে উজাগৰী নিশা যাপন কৰিব লগা হৈছিল।

কৰ্মজীৱনৰ পাতনিঃ

কিন্তু ইমান বিপৰ্যয়ৰ সময়তো ৰামানুজনে গণিত চৰ্চা কৰিবলৈ ত্যাগ কৰে নাছিল। সেইসময়ত তেওঁৰ আৰ্থিক দুৰৱস্থাৰ বাবে গণিতৰ উপপাদ্য,সূত্ৰ লিখিবলৈ তেওঁৰ কাগজ কিনিবলৈ পইচা নাছিল। সেয়ে,তেওঁ জাহাজঘাটত পৰি থকা পেলনীয়া কাগজ বুটলি তেওঁৰ গণিত চৰ্চা অব্যাহত ৰাখিছিল। তাৰ মাজতে ১৯১২ চনত ৰামানুজনে অস্থায়ীভাৱে এটা গাননিকৰ চাকৰি লাভ কৰিছিল। 

সেইসময়তে ৰামানুজনে তেওঁৰ গণিতৰ যি আৱিষ্কাৰ সেইসমূহ দুজনমান বিখ্যাত গণিতৰ অধ্যাপকলৈ প্ৰেৰণ কৰিছিল কিন্তু তেওঁলোকৰ পৰা ৰামানুজনে কোনো সুদুত্তৰ পোৱা নাছিল। তাৰপাছতে ৰামানুজনে এখন পত্ৰৰ লগতে তেওঁৰ গণিতৰ এই ফৰ্মূলাসমূহ কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ গণিতৰ অধ্যাপক তথা বিশ্বৰ এজন বিখ্যাত গণিতজ্ঞ জি এইচ হাৰ্ডিলৈ প্ৰেৰণ কৰে।

এজন অচিনাকি গণিতজ্ঞৰ পৰা পোৱা ন পৃষ্ঠাৰ এই গণিতৰ ফৰ্মূলা তথা উপপাদ্যসমূহ হাৰ্ডিয়ে  প্ৰথমে গুৰুত্ব দিয়া নাছিল। কিন্তু লাহেকৈ লক্ষ্য কৰি হাৰ্ডিয়ে দেখিলে যে ৰামানুজনৰ কিছুমান গাণিতিক সমাধান একেবাৰে নতুন। তাৰপাছত হাৰ্ডিয়ে তেওঁৰ সহকাৰীসকলৰ লগত ৰামানুজনৰ গাণিতিক সমাধান আৰু সূত্ৰসমূহৰ ওপৰত আলোচনা কৰিলে আৰু তেওঁলোক নিশ্চিত হ’ল যে ৰামানুজন এজন বিৰল প্ৰতিভাধাৰী গণিতজ্ঞ। 

ৰামানুজনৰ প্ৰতিভাক বিশ্বত উলিয়াই লৈ যাবলৈ হাৰ্ডি প্ৰতিজ্ঞাবদ্ধ হ’ল আৰু ১৯১৩ চনৰ ৮ ফেব্ৰুৱাৰীত হাৰ্ডিয়ে ৰামানুজনলৈ তেওঁৰ সূত্ৰসমূহৰ আৰু অধিক প্ৰমাণ বিচাৰি এখন চিঠি লিখিলে। আৰু হাৰ্ডিয়ে অতি শীঘ্ৰে ৰামানুজনক কেম্ব্ৰিজলৈ নিয়াৰ বাবেও প্ৰস্তুতি চলালে। ৰামানুজনে প্ৰথমে কেম্ব্ৰিজলৈ যাবলৈ প্ৰস্তুত নাছিল কাৰণ তেওঁ এজন গোড়া হিন্দু আছিল আৰু হিন্দুধৰ্মমতে তেতিয়া সাগৰেৰে বিদেশ যাত্ৰা ধৰ্মবিৰোধী আছিল। কিন্তু হাৰ্ডি ৰামানুজনক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল। 

ৰামানুজনক ১৯১৩ৰ মে’ মাহৰ পৰা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মাহিলী ৭৫ টকাকৈ গণিতৰ অধ্যয়নৰ বাবে দুবছৰলৈ এটা শিক্ষাবৃত্তি দিয়াৰ ব্যৱস্থা কৰা হ’ল। 

বিদেশলৈ ৰামানুজনঃ

সেইসময়ত ১৯১৪ চনত ট্ৰিনিটি কলেজৰ গণিতৰ অধ্যাপক ই এইচ নেভিলে মাদ্ৰাজ বিশ্ববিদ্যালয়ত গণিতৰ ওপৰত বক্তৃতা দিবলৈ আহিছিল আৰু হাৰ্ডিয়ে নেভিলক অনুৰোধ কৰিলে তেওঁ যাতে যেনে-তেনে ৰামানুজনক কেম্ব্ৰিজলৈ লৈ আনে। 

কিন্তু তেতিয়া ইংলেণ্ডলৈ যাবলৈ প্ৰচুৰ অৰ্থৰ দৰকাৰ হৈছিল আৰু সেই অৰ্থ প্ৰদানৰ বাবে হাৰ্ডি আৰু নেভিলে মাদ্ৰাজ বিশ্ববিদ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল। সেইহেতুকে মাদ্ৰাজ বিশ্ববিদ্যালয়ে ৰামানুজনক বছৰি ২৫০ পাউণ্ডকৈ পাঁচবছৰলৈ এটা শিক্ষাবৃত্তি প্ৰদান কৰিছিল। 

ৰামানুজনে ১৯১৪ চনৰ ১৭ মাৰ্চত নেভাদা জাহাজত মাদ্ৰাজৰ পৰা লণ্ডনলৈ গমন কৰে আৰু ১৩ এপ্ৰিলত তেওঁ লণ্ডনত উপস্থিত হয়। তাত প্ৰথমে তেওঁ নেভিলৰ লগতে আছিল যদিও পাছত তেওঁ আন এটা ঘৰলৈ স্থানান্তৰিত হয়। 

কেম্ব্ৰিজত থকাকালত ৰামানুজনৰ অধ্যৱসায়,কৰ্মোদ্যম আদিৰ বাবে সকলো শিক্ষক,ছাত্ৰৰে তেওঁ কেন্দ্ৰবিন্দু হৈ পৰিছিল। শিক্ষকসকলে প্ৰমাণ কৰিব নোৱাৰা ভালেমান গণিতৰ কথাও ৰামানুজনে প্ৰমাণ কৰিছিল। কেম্ব্ৰিজত থকাকালত ৰামানুজনে অধিক সময় গণিতৰ অধ্যয়নতে দিছিল ফলত ১৯১৪,১৯১৫ আৰু ১৯১৬ চনত সৰ্বমুঠ ১২ খন তেখেতৰ মৌলিক গণিত বিষয়ক গৱেষণাপত্ৰ ইংলেণ্ডৰ বিভিন্ন কাকতত প্ৰকাশ পাইছিল। আৰু তেওঁ ইংলেণ্ডত থকা সুদীৰ্ঘ পাঁচবছৰত সৰ্বমুঠ ২১ খন গৱেষণাপত্ৰ ইংলেণ্ডৰ বিভিন্ন কাকতত প্ৰকাশ পাইছিল। আৰু এই গৱেষণাপত্ৰসমূহৰ পাঁচখন ৰামানুজনে হাৰ্ডিৰ সহযোগিতাত প্ৰকাশ কৰিছিল। 

ৰামানুজন ১৯১৮ চনৰ ২৮ ফেব্ৰুৱাৰীত লণ্ডনৰ ৰয়েল ছ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত হয়। ইয়াৰ জৰিয়তে ৰামানুজনে আর্ডাচিৰ কাৰছেটজি ৱাদিয়াৰ পাছত দ্বিতীয়জন ভাৰতীয়ৰূপে লণ্ডনৰ ৰয়েল ছ’চাইটিৰ ফেল’ হিচাপে নিৰ্বাচিত হয়।  তাৰোপৰি,ৰামানুজনে ১৯১৮ চনৰ ১৩ অক্টোবৰত ট্ৰিনিটি কলেজৰ ফেল’ হিচাপে সন্মান লাভ কৰে। এই সন্মান লাভ কৰা ৰামানুজনেই প্ৰথম ভাৰতীয়। সেইসময়তেই ৰামানুজনৰ পুৰণি শিক্ষাবৃত্তিৰ ম্যাদ উকলাত পুনৰ পাঁচবছৰৰ বাবে বাৰ্ষিক ২৫০ পাউণ্ডকৈ মাদ্ৰাজ বিশ্ববিদ্যালয়ে ৰামানুজনক শিক্ষাবৃত্তি প্ৰদান কৰে। আৰু অধ্যয়নৰ শেষত ভাৰতলৈ আহিবলৈ ৰামানুজনৰ খৰছ বহন কৰিবলৈও ৰাজী হয়। 

ভাৰতলৈ প্ৰত্যাৱৰ্তন আৰু মৃত্যুঃ

ৰামানুজনে কেম্ব্ৰিজত ভাৰততকৈ এক পৃথক জলবায়ুৰ ঠাইত বাস কৰিবলগা হৈছিল। তাৰ বাবে ৰামানুজনক যক্ষ্মা ৰোগে আক্ৰমণ কৰিছিল। লগতে কেৱল গণিতৰ অধ্যয়নত ব্যস্ত থকাৰ বাবে ৰামানুজনৰ খাদ্য গ্ৰহণ কৰাও অনিয়মীয়া হৈছিল। ফলত তেওঁৰ স্বাস্থ্য ভাগি পৰে আৰু তেওঁৰ শৰীৰত নানা ৰোগে দেখা দিয়ে। ইয়াৰোপৰি সুদীৰ্ঘ দিন পত্নী আৰু পিতৃ-মাতৃৰ পৰা আঁতৰত থকা বাবে ৰামানুজন মানসিকভাৱেও ভাগি পৰিছিল। ফলত,তেওঁৰ বন্ধু-বৰ্গ আৰু অধ্যাপকসকলে স্বাস্থ্যৰ উন্নতি ঘটিবলৈ স্বদেশ ভাৰতলৈ পঠিয়ায়। ১৯১৯ ৰ ২৭ ফেব্ৰুৱাৰীত ৰামানুজন নাগ’য়া জাহাজেৰে ভাৰতলৈ উভতি আহে। 

ভাৰতলৈ উভতি অহাৰ পাছতো ৰামানুজনৰ স্বাস্থ্যৰ কোনো উন্নতি পৰিলক্ষিত নহ’ল। দিনকদিনে তেওঁৰ স্বাস্থ্য বেয়াৰ ফাললৈহে ঢাল খালে। অৱশেষত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞ ৰামানুজনে নিয়তিৰ ওচৰত হাৰ মানিলে আৰু ১৯২০ চনৰ ২৬ এপ্ৰিলৰ দিনা ৰামানুজনে মৃত্যুক সাৱটি লয়। 

এনেদৰেই এই বিশ্ববিখ্যাত গণিতজ্ঞজনে মাথোঁ ৩২ বছৰ চাৰিমাহ চাৰিদিনতে এই ধৰাৰ পৰা বিদায় মাগিব লগা হয়। বিশ্বৰ গণিতৰ ক্ষেত্ৰত ইমান চুটি জীৱনকালতে ৰামানুজনে অলেখ অৱদান দি থৈ গ’ল। পাইৰ মান গণনা কৰাৰ পৰা আৰম্ভ কৰি হাৰ্ডি-ৰামানুজন সংখ্যা আৱিষ্কাৰলৈ তেওঁ বহুতো অৱদান বিশ্বৰ গণিত ক্ষেত্ৰলৈ দি যায়। সেয়ে শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ আজিও চিৰনমস্য হৈ আছে আৰু যেতিয়ালৈকে গণিত চৰ্চা অব্যাহত থাকে তেতিয়ালৈকে নিশ্চিতভাৱে ৰামানুজনৰ নাম বিশ্বৰ গণিত ক্ষেত্ৰত ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিব। আৰু এইগৰাকী মহান মনীষীৰ অৱদানৰ প্ৰতি স্বীকৃতি জনাই সমগ্র ভাৰতবৰ্ষই তেখেতৰ জন্মদিন অৰ্থাৎ ২২ ডিচেম্বৰৰ দিনটো “ৰাষ্ট্ৰীয় গণিত দিৱস” হিচাপে পালন কৰে ।

4.1 7 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x