যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতা

মানৱ মনৰ সুকুমাৰ প্ৰকাশ কৰা এক উল্লেখযোগ্য মাধ্যম হ’ল কবিতা। মানুহে পোনপটীয়াকৈ যিকোনো মনৰ ভাৱ প্ৰকাশ কৰাতকৈ সুৰীয়াকৈ প্ৰকাশ কৰা ভাৱৰ প্ৰতি সহজেই আকৰ্ষণ অনুভৱ কৰে। পৃথিৱীৰ প্ৰতিটো সভ্য জাতিৰ সাহিত্য হয়তো কাব্যৰ মাজেৰেই আৰম্ভণি ঘটিছিল। অসমীয়া সাহিত্যৰ ইতিহাসো কাব্যৰ জৰিয়তে আৰম্ভণি হৈছিল বুলি ক’ব পাৰি। 

অসমীয়া কবিতাৰ  ইতিহাসক কেইবাটাও স্তৰত ভগাব পাৰি। যেনে –

(ক) আদি বা প্ৰত্ন অসমীয়া কবিতা (৯৫০–১৩০০খ্ৰী:)

(খ) মধ্য যুগ ( ১৩০০–১৮২৬খ্রী:)

     ১. প্ৰাক-শংকৰী (১৩০০)

     ২. শংকৰী (১৪৯০-১৭০০)

     ৩. শংকৰোত্তৰ(১৭০০-১৮২৬)

(গ) আধুনিক যুগ:(১৮২৬-আশী দশক)

     ১. প্ৰাক-ৰোমাণ্টিক(১৮২৬-১৮৮৮)

     ২. ৰোমাণ্টিক(১৮৮৯-১৯৪০)

     ৩. যুদ্ধোত্তৰ(১৯৪১-৮০দশক)

(ঘ) সাম্প্ৰতিক যুগ: (৮০ দশকৰ পৰা বৰ্তমানলৈ)

অসমীয়া কবিতাৰ এই স্তৰকেইটাৰ ভিতৰত যুদ্ধোত্তৰ যুগৰ কবিতাৰ বিষয়ে চমু আলোকপাত কৰা হ’ল –

দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তীকালত অসমীয়া সাহিত্যৰ অন্যান্য শাখাৰ দৰেই কবিতাৰো বিষয়বস্তু, ভাবাদৰ্শ আৰু প্ৰকাশভংগীৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তনৰ সূচিত হয়। বিষয়বস্তু, শব্দচয়ন, ৰচনাৰীতি, ছন্দপ্ৰয়োগ, মানসচিত্ৰ ৰচনা আৰু দৃষ্টিভংগীত নতুন কবিসকল পুৰণি কাব্যৰীতিৰ পৰা সম্পূৰ্ণ আঁতৰি অহা দেখা যায়।

মহেন্দ্ৰ বৰাই নতুন কবিসকলক দুটা বহল ভাগত ভগাইছে। এদল জনতাৰ কবি আনদল নিৰ্জনতাৰ কবি। এই দুই ভিন্নমুখী কাব্যশ্ৰোতৰ সমান্তৰাল গতি নতুন অসমীয়া কবিতাৰ তাত্পৰ্যপূৰ্ণ ৰচনা। জনতাৰ কবিসকলৰ সমাজবাদত বিশ্বাসী। তেওঁলোকে বৰ্তমান সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি এখন শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰে। আনটো দলে ব্যক্তিসকলৰ স্বতন্ত্ৰ স্বীকাৰ কৰিব নোখোজে। তেওঁলোকে বিশ্বাস কৰে যে জীৱনৰ দৰে কাব্যও চিৰগতিশীল।

প্ৰথমটো ভাগত পৰে হেম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,চৈয়দ আব্দুল মালিক, হেমাংগ বিশ্বাস, অমলেন্দু গুহ আৰু ৰাম গগৈ।

হেম বৰুৱাই সমকালীন বিশ্বৰ বহুৰঙী কাব্যধাৰাৰ অধ্যয়নৰ যোগেদি আধুনিক অসমীয়া কবিতালৈ নতুন বাৰ্তা কঢ়িয়াই আনিলে। সেই সময়ত আৰম্ভ হোৱা প্ৰগতিবাদী কবিসকলৰ নব্য-মানৱীয় দৃষ্টিভংগীৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰি হেম বৰুৱায়ো নিৰ্ভীকভাৱে জনতাৰ বাবে নতুন স্বপ্ন ৰচনা কৰিবলৈ আগবাঢ়ি আহিছিল।

‘‘আমাৰ চকুত আশাৰ নেজাল তৰা

এই জ্বলে, এই মৰে……….

তোমাৰ লাৱনী দুবাহুৰ একোটা মেটমৰা ডাঙৰিৰ বল

আমাৰ বাহুত

হেজাৰ যুগৰ শৌৰ্য-বীৰ্য’’-(জাৰৰ দিনৰ সপোন)

কবি জনতাৰ প্ৰতি আস্থাশীল। তেওঁৰ কবিতাৰ সম্পৰ্কে মন্তব্য কৰি মহেন্দ্ৰ বৰাই লিখিছেঃ তেখেতৰ কবিতা যেন পংগু ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ওপৰত খহি পৰা এটা বিৰাট অভিশাপ। বৰ্তমানৰ সমাধিৰ ওপৰতে তেখেতে নতুন দিনৰ সুস্থ সমাজ গঢ়ি তোলাৰ সপোন দেখে। কুমাৰী পৃথিৱী বৰুৱাৰ চকুত সম্ভাৱনাৰে অন্তঃসত্বা। কদৰ্য পৃথিৱীৰ অশ্লীল উষ্মা আৰু দিন সলনিৰ সপোন বৰুৱাৰ কবিতাত সদায় ওচৰা-ওচৰিকৈ আঁউজি থাকে। এই উষ্মা আৰু এই সপোন তেখেতৰ ব্যক্তি মানসত প্ৰতিফলিত হোৱা বেদনাৰ বিস্তৃত প্ৰকাশ।

কবিয়ে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰে আৰু এনে ব্যৱস্থাৰ যোগেদি যাতে দলিত আৰু নিষ্পেষিত জনতাই মুক্তি লাভ কৰিব পাৰে। সেয়ে তেওঁ সম-সাময়িক সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিছিল। হেম বৰুৱাৰ মোৰ প্ৰেম, জাৰৰ দিনৰ সপোন, মমতাৰ চিঠি, পোহৰতকৈ এন্ধাৰ ভাল প্ৰভৃতি কালজয়ী কবিতাই আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰিছে। কবিতাৰ আংগিক আৰু বিষয়বস্তুৰ ক্ষেত্ৰত হেম বৰুৱাই নতুনত্ব আনিবলৈ সক্ষম হৈছিল।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত স্বৰসংগতি আৰু স্বৰ সংঘাতৰ পৰম্পৰাৰে সৃষ্টি কৰা ছন্দৰ অনুৰণনে সহজে পাঠক-পাঠিকাৰ মন-পৰশিব পাৰে। আনহাতে আব্দুল মালিকৰ কবিতাত আছে স্ব উজ্জল মানসচিত্ৰৰ বিচিত্ৰ বৰ্ণালী, যত নিম্ন-মধ্যবিত্তৰ প্ৰাণৰ স্বাক্ষৰ আছে।

ৰাম গগৈৰ কবিতাত সৰ্বহাৰাৰ জীৱনৰ বেদনাই বলিষ্ঠ ৰূপত আত্ম প্ৰকাশ কৰিছে। তেওঁৰ কবিতাত সমাজৰ কল্যাণকামী এক শুভচিন্তাৰ স্বাক্ষৰ স্পষ্ট। সম-সাময়িক আন কবিতকৈ গগৈৰ কবিতাত অধিক সংবেদনশীল মনৰ পৰিচয় পোৱা যায়। পৃথিৱীৰ মানুহৰ সংঘাত আৰু সংঘৰ্ষ, সম্ভাৱনা আৰু প্ৰত্যয়, নিষ্পেষিত জনগণৰ প্ৰতি গভীৰ সহানুভূতি আৰু বলিষ্ঠ আশাবাদৰ লগতে প্ৰেম আৰু আন্তৰিকতাই তেওঁৰ কবিতাসমূহৰ আকৰ্ষণীয় গুণ বৃদ্ধি কৰিছে। হেমাংগ বিশ্বাস, অমলেন্দু গুহ, ৰবীন্দ্ৰ সৰকাৰ প্ৰভৃতিৰ কবিতাতো সমাজবাদী চিন্তাৰ লগে লগে শ্ৰেণীহীন সমাজ গঠনৰ চিন্তাই প্ৰাধান্য লাভ কৰিছে।

আনটো ধাৰাৰ কবিসকল হল- নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, হোমেন বৰগোহাঞি, নীলমণি ফুকন, বীৰেশ্বৰ বৰুৱা, দীনেশ গোস্বামী, হৰি বৰকাকতি, নিৰ্মলপ্ৰভা বৰদলৈ, বীৰেণ বৰকটকী, মহিম বৰা ইত্যাদি। অনুভৱৰ স্বকীয়তা, প্ৰকাশভংগীৰ অনন্য ব্যাপকতা আৰু জীৱনক নিজস্ব দৃষ্টিৰে চোৱাৰ প্ৰয়াস এওঁলোকৰ কবিতাত লক্ষ্য কৰা যায়।

নৱকান্ত বৰুৱাৰ কবিতাত মানৱতাৰ জয়গান ঘোষিত হৈছে। বিষয়বস্তু আৰু আংগিকৰ অভিনৱত্ব, ভাৱবস্তু আৰু ৰূপবস্তুৰ অপূৰ্ব সমন্বয় নৱকান্ত বৰুৱাৰ কবিতাৰ মন কৰিবলগীয়া বৈশিষ্ট্য। আধুনিক অসমীয়া কবিতাক স্বকীয় কাব্যৰীতিৰে সমৃদ্ধ কৰা কবি নৱকান্ত বৰুৱাই পাশ্চাত্যৰ আৰ্হি অনুসৰণ কৰি ভাৱবস্তু, ৰূপবস্তু আদিক আৰু ছন্দ চেতনাৰে আধুনিক কবিতাক এক নতুন দৃষ্টি প্ৰদান কৰিলে।

এইগৰাকী কবিৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যু চেতনা, নিঃসংগতাবোধ, ঈশ্বৰৰ অস্তিত্ব আদি বিষয়সমূহেও প্ৰাধান্য লাভ কৰিছে। তেওঁৰ কাব্যচিন্তাৰ পৰিসৰত শাস্ত্ৰীয় দৰ্শন, ভাৰতীয় উপনিষদীয় চিন্তা আৰু আধ্যাত্মিক চেতনা, দেশী-বিদেশী কবি চিন্তাধাৰাৰ লগতে বৌদ্ধ চিন্তাৰ বিবিধ দিশে ভুমুকি মাৰিছে।

নৱকান্ত বৰুৱাৰ কবিতা সম্পৰ্কে মন্তব্য কৰি মহেন্দ্ৰ বৰাই লিখিছে- এহাতে ৰবীন্দ্ৰনাথ, আনহাতে এলিয়ট। এয়ে বোধকৰো নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ কুমেৰু-সুমেৰু মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা।

নৱকান্ত বৰুৱাৰ কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ সামৰ্থ প্ৰয়োগ লক্ষ্য কৰা যায়। বুদ্ধক পটভূমি হিচাপে লৈ ৰচনা কৰা বোধিদ্ৰুমৰ খৰিত মানুহৰ চিৰন্তন জ্ঞানস্পৃহাক প্ৰতীকৰ মাজেদি প্ৰকাশ কৰাৰ সচেতন প্ৰয়াস মন কৰিবলগীয়া। অভিনৱ চিত্ৰকল্পৰ সংযোগ আৰু প্ৰতীকী ব্যঞ্জনাৰ প্ৰয়োগেৰে নৱকান্ত বৰুৱাই আধুনিক নাগৰিকৰ সভ্যতাৰ অৱক্ষয়ৰ ছবি, ইয়াত নদী আছিল কবিতাৰ মাধ্যমেদি অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে।

তেওঁৰ শৰণীয়াত সন্ধ্যা, এটি দুটি এঘাৰটি তৰা, ক্ৰমশঃ, এদিন, এটা প্ৰেমৰ পদ্য, এদিন আমি নাৱেৰে, বশিষ্ঠত পিকনিক প্ৰভৃতি কবিতা বৰ্ণনাৰ চাতুৰ্য আৰু চিত্ৰকল্পৰ সামৰ্থ প্ৰয়োগৰ দিশৰ পৰা অতি সাৰ্থক। তেওঁৰ কবিতাত ৰবীন্দ্ৰনাথ ঠাকুৰ , জীৱনানন্দ দাস, বুদ্ধদেৱ বসু, অমিয় চক্ৰৱৰ্তী আদিৰ কবিতাৰ আংগিক আৰু কলা-কৌশলৰ প্ৰয়োগ লক্ষ্য কৰা যায়।

হোমেন বৰগোহাঞিৰ কবিতাত মানুহৰ মনোৰাজ্যৰ অদমিত অন্ধকাৰ বাসনা, যৌনকামনা আৰু মৃত্যুৰ আশংকা প্ৰভৃতি বিভিন্ন ভাৱ প্ৰতীকৰ মাধ্যমেদি প্ৰকাশ কৰিছে-

মোৰ চেতনাৰ এই অন্ধ বিশাল নদীৰ

ঘাটে ঘাটে

ফুল হৈ ফুলি ৰোৱা তেজীমলা

তোমাৰ সন্ধ্যাৰ সেই বন্ধ্যা বাসনাৰ

নিৰ্মেষ আকুতি   -(ৰাতি)

হৰি বৰকাকতিৰ কবিতাতো অৱচেতন মনৰ ঐন্দ্ৰজালিক আৱেশে ছন্দৰ সাৱলীল গতি প্ৰদান কৰিছে. তেওঁৰ কাব্যকথনৰীতিত সহজ আৰু অনাড়ম্বৰ যদিও অনুভূতিৰ তীব্ৰতা কম। তেওঁৰ কবিতাত হেম বৰুৱা আৰু নৱকান্ত বৰুৱাৰ স্তিমিত সুৰধ্বনি শুনিবলৈ পোৱা যায়।

আধুনিক অসমীয়া কবিতাৰ ইতিহাসত জাতিষ্মৰৰ কবি ৰূপে পৰিচিত মহেন্দ্ৰ বৰাক কবিতাত আধুনিক সমাজৰ দ্বন্দ্ব, সংঘাত আৰু অন্তঃসাৰশূণ্যতাৰ স্বৰূপ চিত্ৰিত হৈছে।

4 2 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতা […]

Ankur
6 months ago

যুদ্ধোওৰ ঘুগৰ কবিতাৰ বৈশিষ্ট্যসমূহ কি কি ?

2
0
Would love your thoughts, please comment.x
()
x