তথ্যকোষসাময়িকী

সাম্প্ৰতিক অসমীয়া কবিতা আৰু ইয়াৰ বিশেষত্ব

সাম্প্ৰতিক অসমীয়া কবিতা সম্পৰ্কে অসমীয়া সাহিত্যত চলি থকা বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ ওপৰত ভিত্তি কৰি সাম্প্ৰতিক অসমীয়া কবিতাৰ বৈচিত্ৰ্যপূৰ্ণ ধাৰাটোৰ সম্পৰ্কে আমাৰ পাঠক সমাজক কিঞ্চিত আভাস দিয়াৰ নিমিত্তে আমাৰ এক চমু লেখা-

লিখিত সাহিত্যৰ পৰম্পৰাতকৈ মৌখিক সাহিত্য আগত সৃষ্ট। ঠিক সেইদৰে গদ্যতকৈ পদ্য আগত সৃষ্টি হোৱা। অসমীয়া কাব্য সাহিত্যৰ এক গৰিমাময় ইতিহাস আছে। অসমীয়া কবিতাৰ প্ৰাচীনতম বীজ লোকগীতসমূহৰ মাজতেই  বিচাৰি পোৱা যায়। কিয়নো সাধাৰণ অনাখৰী লোকৰ দ্বাৰা সৃষ্টি হোৱা এই লোকগীতসমূহৰ মাজত কবিতাৰ আংগিক কিছুমানো পোৱা যায়। অসমৰ লোকসাহিত্যৰ গীতিময় কাব্যিক ঐতিহ্যৰ পৰা পৰিৱৰ্তন আৰু ৰূপান্তৰৰ মাজেদি হাজাৰ বছৰীয়া পৰিক্ৰমা অতিক্ৰমি অসমীয়া কবিতাই সাম্প্ৰতিক কালত এক বিশিষ্ট ৰূপ লাভ কৰিছে।

সাম্প্ৰতিক অসমীয়া কবিতাক নব্বৈ দশকৰ পৰা বৰ্তমানলৈকে ধৰা হয়। সাম্প্ৰতিক অসমীয়া কবিতা আগতকৈ বৈচিত্ৰ্যপূৰ্ণ হোৱা পৰিলক্ষিত হয়। এই কালৰ কবিসকলে অধ্যয়নলদ্ধ জ্ঞানতকৈ অভিজ্ঞতালদ্ধ অনুভূতিক বেছি গুৰুত্ব দিয়ে। ফলত কবিতাবোৰ স্থিৰ আৰু সুন্দৰ হোৱা পৰিলক্ষিত হয়। সাম্প্ৰতিক কালৰ কবিতাৰ জনপ্ৰিয়তাৰ বতাহ বলিবলৈ ধৰে সনন্ত তাঁতী আৰু সমীৰ তাঁতীৰ কবিতাৰ পৰা।

সনন্ত তাঁতীঃ

সনন্ত তাঁতীৰ কবিতাত প্ৰেম, দেশপ্ৰেম আৰু সমাজ সচেতনতা এটা বিন্দুত অতি মসৃনভাৱে মিলি পৰিছে। সামগ্ৰিকভাৱে তেওঁৰ কবিতা কথা কোৱাৰ ভংগীত ৰচিত। তেওঁৰ কবিতাৰ গ্ৰন্থসমূহ হ’ল- ‘উজ্বল নক্ষত্ৰৰ সন্ধানত’(১৯৮০), ‘মই মানুহৰ অমল উত্সৱ’(১৯৮৫), ‘নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ’(১৯৯০),‘মৃত্যুৰ আগৰ ষ্টপেজত’(১৯৯৬),‘টোপনিত কেতিয়াবা বাৰিষা আহে’(১৯৯৭),‘ধোঁৱা ছাঁইৰ সপোন’ আদি।

সমীৰ তাঁতীঃ

সমীৰ তাঁতীৰ কবিতাত প্ৰতিবাদৰ সুৰ ধ্বনিত হয়। এই প্ৰতিবাদ তেওঁ অগ্ৰজ কবিসকলৰ পৰা লাভ কৰিলেও পুৰণি কবিসকলৰ খং আৰু বিদ্ৰোহৰ ভাৱ তাঁতীৰ কবিতাত সংযত। স্বপ্ন, বিক্ষোভ আৰু প্ৰতিবাদৰ লক্ষণেৰে ভৰা তেওঁৰ কবিতাৰ মাজত এক শক্তিশালী প্ৰকাশৰীতি দেখা যায়। তেওঁৰ প্ৰকাশিত কবিতা সংকলনবোৰ হ’ল- ‘যুদ্ধভূমিৰ কবিতা’(১৯৮৫),‘শোকাকুল উপত্যকা’(১৯৯০),‘সেউজীয়া উত্সৱ’(১৯৯৪)।

হৰেকৃষ্ণ ডেকাঃ

সাম্প্ৰতিক অসমীয়া কাব্যজগতৰ এটি বিশিষ্ট নাম হৰেকৃষ্ণ ডেকা। সত্তৰ দশকতে সুপ্ৰতিষ্ঠিত হোৱা কবিগৰাকীৰ কাব্যসংকলনসমূহ হ’ল- ‘স্বৰবোৰ’(১৯৭৩),‘ৰাতিৰ শোভাযাত্ৰা’(১৯৮১),‘আন এজন’(১৯৮৭),‘ভালপোৱাৰ বাবে এষাৰ’(২০০৩),‘সানমিহলি বৰ্ণনা’(২০১০)।

প্ৰথমে এজন প্ৰতীকবাদী আদৰ্শেৰে প্ৰভাৱিত কবিৰূপে আত্মপ্ৰকাশ কৰা ডেকাৰ কবিতাত পিছলৈ নতুন নতুন আংগিকৰ প্ৰয়োগ লক্ষ্য কৰা যায়। মনৰ মাজৰ আপোন জগতৰ বাতৰিৰ লগতে মানুহৰ জীৱনৰ ধাৰাৰ বিচিত্ৰ ৰূপৰ প্ৰতিও তেওঁ সচেতন। এই সচেতনতা এক বৰ্ণনাধৰ্মী ভাষাৰ মাজত ফুটি উঠিছে আৰু গদ্যমূলক ভাষাৰে তেওঁৰ কবিতাত বিচিত্ৰ সোৱাদৰ সৃষ্টি কৰিছে।

ড০ কৰবী ডেকা হাজৰিকাঃ

সত্তৰ দশকতে কবিতাৰ জগতত ভৰি থোৱা এগৰাকী কবি কৰবী ডেকা হাজৰিকাই আশীৰ দশকৰ পৰা কবিতাৰ জগতত প্ৰতিষ্ঠিত হয়। তেওঁৰ প্ৰকাশিত কবিতাৰ সংকলনসমূহ হ’ল- ‘সুবাসিত যি যন্ত্ৰণা’(১৯৮০), ‘মাটিৰ পৰা মেঘলৈ’(১৯৯২),‘চুলি নাবান্ধিবা যাজ্ঞসেনী’(২০০০),‘পৰীৰ বাঁহী’(২০০৮)। তেওঁ ঘাইকৈ অন্তৰ্জীৱনৰ কবি। মানুহৰ অন্তৰৰ জগতত যিবোৰ ঘটনা ঘটে, যিবোৰ অভিজ্ঞতা লাভ হয়, যিবোৰ বাসনা অনুভূত হয় সেইবোৰেই তেওঁৰ কবিতাৰ প্ৰধান উপজীৱ্য।

কবীন ফুকনঃ

সাম্প্ৰতিক সময়ৰ আন এজন কবি হ’ল কবীন ফুকন। তেওঁৰ কবিতা পুথিকেইখন হ’ল- ‘এনেকৈয়ে দিন এনেকৈয়ে ৰাতি’(১৯৯১),‘কোনে কয় নুপুৱায় আউসীৰ ৰাতি’(১৯৯২),‘তোক দেখি ন জোনে’(১৯৯৩)। ফুকনৰ কবিতাত এলিয়েটৰ আংগিকৰ স্থায়ী প্ৰভাৱ পৰিছে। অথচ সম্পূৰ্ণ অসমীয়া গভীৰ বোধৰ পৰা আহৰিত ঠাঁচত ফুকনৰ কবিতাত প্ৰকাশিত হৈছে অসমীয়া জাতীয় জীৱনৰ স্বৰূপ।

আনিছ উজ জামানঃ

সাম্প্ৰতিক সময়ৰ এজন জনপ্ৰিয় আৰু নিষ্ঠাবান কবি হ’ল আনিছ উজ জামান। তেওঁৰ কবিতাপুথিৰ নাম ‘অজ্ঞাতে’(১৯৮৯),‘গধূলি’(১৯৯৪),‘সেউজীয়া জোন’(১৯৯৯),‘এই বাটেদিয়েই’ আদি। ব্যক্তিগত চেতনাক সমূহীয়া স্তৰলৈ লৈ উন্নীত কৰিব পৰাতে জামানৰ কৃতিত্ব। সংবেদনশীলতা আৰু চিন্তাৰ গভীৰতা তেখেতৰ কবিতাত দেখা যায়। মানুহৰ সুখ-দুখৰ অনুভৱ আৰু বঞ্চিতজনৰ বেদনা তেওঁৰ কবিতাৰ বিষয়বস্তু।

নীলিম কুমাৰঃ

ভাৱ, ভাষা আৰু নতুনত্বৰ ক্ষেত্ৰত এই সময়ৰ এগৰাকী ব্যক্তিত্বশালী কবি হ’ল নীলিম কুমাৰ। আশীৰ দশকত কবিতাৰ জগতত প্ৰৱেশ কৰা কবিজন নব্বৈ দশকৰ পৰা প্ৰতিষ্ঠিত হয় আৰু সমাদৰ আৰু বিতৰ্কৰ দুয়োটাৰে কেন্দ্ৰ হৈ পৰে। তেওঁৰ কবিতাপুথি সমূহ হ’ল- ‘অচিনাৰ অসুখ’(১৯৮৫),‘বাৰী কোঁৱৰ’(১৯৮৮),‘স্বপ্নৰ ৰেলগাড়ী’(১৯৯২),‘শেলুৱৈ গধূলি’(১৯৯৩),‘টোপনিৰ বাগিছা’(১৯৯৬),‘কাইলৈৰ পৰা আপোনাক ভালপাম’(২০০১) আদি।

এই যুগৰ আন কেইজনমান প্ৰতিষ্ঠিত কবি হ’ল- ৰকিবুল হুছেইন, কৌস্তুভমণি শইকীয়া, অনুভৱ তুলসী, বিজয় ৰবি দাস, অনুপমা বসুমতাৰী, বিপুলজ্যোতি শইকীয়া, গংগামোহন মিলি, জীৱন নৰহ, প্ৰণয় ফুকন, তপন বৰুৱা, ৰাজীৱ বৰুৱা, জ্ঞান পূজাৰী, নীলিমা ঠাকুৰীয়া হক, প্ৰাণজিত বৰা, প্ৰদীপ শইকীয়া ইত্যাদি।

সাম্প্ৰতিক কালৰ অসমীয়া কবিতাৰ বিশেষত্বসমূহঃ

১৯৬০ চনৰ পৰা ২০০০ চনলৈ অসমৰ সমাজনীতি, ৰাজনীতি আৰু নৈতিক জীৱনত যি দ্ৰুত পৰিৱৰ্তন হ’ল তেনে ক্ষীপ্ৰ স্থূল পৰিৱৰ্তন অসমৰ ইতিহাসত পূৰ্বে হোৱা নাছিল। দুখনকৈ বিশ্বযুদ্ধ হোৱা স্বত্বেও চল্লিছৰ দশকত অসমৰ মূল্যবোধৰ পৰিৱৰ্তন ইমান খৰতকীয়াকৈ সম্ভৱ হোৱা নাছিল। এই পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে অসমীয়া কাব্য জগততো। সেয়েহে সাম্প্ৰতিক অসমীয়া কবিতা আগতকৈ বেছি বৈচিত্ৰপূৰ্ণ হোৱা পৰিলক্ষিত হয়। সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাত প্ৰতিফলিত হোৱা বৈশিষ্ট্যসমূহ এনেধৰণৰ-

১) ঐতিহ্য চেতনাঃ

সাম্প্ৰতিক অসমীয়া প্ৰায়বোৰ কবিতাতে ঐতিহ্য চেতনা প্ৰতিভাত হোৱা দেখা যায়। ঐতিহ্যবোধ আৰু ঐতিহ্য চেতনা সাম্প্ৰতিক কবিতাৰ উল্লেখযোগ্য বৈশিষ্ট্য। সেয়েহে, মহাকাব্যিক সমল গ্ৰহণ কৰিও সাম্প্ৰতিক অসমীয়া কবিসকলে কবিতা ৰচনা কৰা দেখা যায়। উদাহৰণস্বৰূপে সাম্প্ৰতিক কালৰ এগৰাকী বিশিষ্ট কবি কৰবী ডেকা হাজৰিকাৰ ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ নামৰ কবিতাটো মহাভাৰতৰ এটি কালজয়ী চৰিত্ৰ ‘যাজ্ঞসেনী’ অৰ্থাত দ্ৰৌপদীৰ ওপৰত আধাৰিত। কবিতাটোত যাজ্ঞসেনীক সমাজৰ নিপীড়িতা, নিষ্পেষিতা, লাঞ্চিতা নাৰীৰ প্ৰতিনিধি হিচাপে চিত্ৰিত কৰাৰ লগতে সাম্প্ৰতিক প্ৰেক্ষাপটত সমাজ পৰিৱৰ্তনৰ সম্ভাৱনা আৰু শক্তিৰ প্ৰতীক ৰূপত পুনৰ্নিৰ্মাণ কৰা হৈছে।

২) ষ্পষ্ট বক্তব্য আৰু সমাজৰ নিষ্ঠুৰতাৰ প্ৰতি সজাগ দৃষ্টিঃ

সাম্প্ৰতিক অসমীয়া কবিসকলৰ বক্তব্য ষ্পষ্ট আৰু আৱেগৰ গাঢ়তা কম। কিছুসংখ্যক কবিয়ে প্ৰেম-বিৰহৰ কবিতা ৰচনা কৰিলেও বেছিভাগ কবিৰেই ঘাই বিষয় হ’ল সমাজৰ নিষ্ঠুৰতাৰ প্ৰতি সজাগতা। সামাজিক অসমতাৰ ফলত সৃষ্টি হোৱা নৈৰাশ্যবোধ সাম্প্ৰতিক অসমীয়া কবিতাৰ উল্লেখনীয় বৈশিষ্ট্য।

৩) সৰল, ঘৰুৱা ভংগীৰ ব্যৱহাৰঃ

সাম্প্ৰতিক সময়ৰ কবিসকলৰ মাজত অনাড়ম্বৰ শৈলীৰ প্ৰতি আগ্ৰহ দেখা যায়। জটিল শব্দৰ সমাহাৰ, জটিল প্ৰকাশ ভংগী আওকাণ কৰি কবিসকলে যথাসম্ভৱ সৰলভাৱে নিজৰ কথা, সমাজৰ কথা, দেশৰ কথা ক’বলৈ যত্ন কৰিছে। সেই দিশত নীলিম কুমাৰ, প্ৰাণজিত বৰা আদি কবিৰ কবিতা উল্লেখনীয়।

৪) আংগিকঃ

সাম্প্ৰতিক কবিতাৰ আংগিকত পাশ্চাত্যৰ প্ৰভাৱ কম। বিষয়বস্তুৰ ক্ষেত্ৰত কিছু নতুনত্ব থাকিলেও আজিৰ কবিতাৰ আংগিক অগ্ৰজ কবি নৱকান্ত বৰুৱা, নীলমণি ফুকন আৰু কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতাৰে বাট বুলা। দুই এজন কবিয়ে বিষয়বস্তুৰ ক্ষেত্ৰটো তেওঁলোকৰ পথকেই লৈছে। কিছুসংখ্যক কবিৰ আংগিক আৰু বিষয়ত তিনিওজন কবিৰে ত্ৰিবেণী সংগম ঘটিছে। তথাপি বিপুলজ্যোতি শইকীয়া আৰু ইছমাইল হুছেইনৰ আংগিকত নৱকান্ত বৰুৱা, ৰকিবুল হুছেইন, লুটফা হানুম চেলিমা বেগম আৰু জীৱন নৰহৰ আংগিকত নীলমণি ফুকন আৰু চেনিৰাম গগৈ, দেৱানন্দ ভট্টাচাৰ্য আদিৰ আংগিকত হীৰেণ ভট্টাচাৰ্যৰ পোহৰ ষ্পষ্ট।

৫) জনজাতীয় জীৱনৰ প্ৰতিফলনঃ

জনজাতীয় জীৱনৰ প্ৰতিফলন সাম্প্ৰতিক কবিতাৰ এক লক্ষ্যণীয় বৈশিষ্ট্য। বিশেষকৈ সনন্ত তাঁতী, সমীৰ তাঁতী, জীৱন নৰহ, গংগামোহন মিলি আদি কবিৰ কবিতাত জনজাতীয় জীৱনৰ প্ৰতিফলন দেখা পোৱা যায়।

৬) নাৰীৰ প্ৰতিবাদী ৰূপ চিত্ৰণঃ

সাম্প্ৰতিক অসমীয়া কবিতাত নাৰীসকলক এক প্ৰতিবাদী সত্তাৰূপে চিত্ৰিত কৰা দেখা যায়। পৰিৱেশ, সময় সলনি হৈছে যদিও বৰ্তমানো নাৰীৰ ওপৰত অত্যাচাৰ, অন্যায়, অবিচাৰৰ স্বৰূপ একে আছে। সেয়েহে, সাম্প্ৰতিক যুগৰ কবিতাত নাৰীক প্ৰতিবাদী ৰূপত অংকণ কৰাৰ লগতে তেওঁলোকৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতিবাদ জনাবলৈ আহ্বান জনোৱা হৈছে। উদাহৰণস্বৰূপে কৰবী ডেকা হাজৰিকাৰ ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’ কবিতাটোৰ কথা ক’ব পাৰি। এই কবিতাটো এটা উত্কৃষ্ট নাৰীবাদী কবিতা। কবিতাটোত নাৰীৰ ওপৰত যুগে যুগে চলি অহা অবিচাৰ, অত্যাচাৰ অথবা নিৰ্যাতনৰ প্ৰতিভূ ‘দ্ৰৌপদী’। এইক্ষেত্ৰত কবিতাটিৰ পোনপটীয়া অৰ্থ হ’ল- পঞ্চপতিৰ পত্নী অথবা ৰাণী হৈও যাজ্ঞসেনীয়ে ভূগিবলগা হোৱা ৰজাৰ অন্যায়, সমাজৰ অন্যায়, আত্মীয়পৰিজনৰ অন্যায়, আৰু পতিৰ পত্নীৰ প্ৰতি অসন্মানৰ যন্ত্ৰণাৰ অনুভৱ দাঙি ধৰা। এই অনুভৱৰ যোগেদি আত্মসন্মানৰ চেতনা জাগ্ৰত কৰাৰ লগতে নিজৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতি সচেতন নাৰীয়ে প্ৰতিবাদ আৰু প্ৰতিৰোধৰ ক্ষমতা আহৰণ কৰা উচিত বুলি কবিৰ অনুভৱ কবিতাটোত সংযোজন ঘটোৱা হৈছে।

৭) লোকগীত লোককথাৰ যোগেদি জীৱন প্ৰতি দৃষ্টিঃ

লোকজীৱনৰ আলমত জীৱনৰ সৌন্দৰ্য বিচাৰ সাম্প্ৰতিক সময়ৰ কবিতাৰ বিশেষত্ব। লোকগীত লোককথাৰ যোগেদি জীৱনৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে বিপুলজ্যোতি শইকীয়া, চেনিৰাম গগৈ, অজিত গগৈ সৌৰভ শইকীয়া আদি কবিয়ে।

৮) ছন্দ আৰু চিত্ৰকল্পৰ প্ৰয়োগঃ

ছন্দ আৰু চিত্ৰকল্পৰ প্ৰয়োগৰ কৌশলো সাম্প্ৰতিক কবিতাত কিছু পৰিমাণে সলনি হ’ল। যুদ্ধোত্তৰ যুগতে অসমীয়া কবিতাই যৌগিক ছন্দৰ পৰা আতৰি আহি মুক্তক আৰু স্পন্দিত গদ্য ছন্দক আপোন কৰি ল’লে। এই ছান্দিক কৌশলেই বৰ্তমানো প্ৰচলিত আছে যদিও প্ৰাচীন ছন্দৰ আধুনিক ৰূপান্তৰৰ প্ৰয়াস কিছু পৰিমাণে দেখা যায়। চিত্ৰকল্পভিত্তিক আংগিকৰ প্ৰয়োগো সাম্প্ৰতিক কবিতাৰ অন্যতম বিশেষত্ব।

সাম্প্ৰতিক তৰুণ কবিৰ এক বিশাল অংশ বৰ্তমান নিৰন্তৰ সাধনাত ব্যস্ত। আৰু ন ন বৈশিষ্ট্যৰে সাম্প্ৰতিক কবিতা সমাহিত হ’ব বুলি আশা কৰিব পাৰি।  

প্ৰসংগ পুথিঃ

১। নতুন কবিতা- মহেন্দ্ৰ বৰা

২। অসমীয়া কবিতা ঐতিহ্য আৰু ৰূপান্তৰ- ড° জ্যোতিৰেখা হাজৰিকা

আৰু পঢ়ক যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতা

3.7 3 votes
Article Rating
Subscribe
Notify of
guest

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

1
0
Would love your thoughts, please comment.x
()
x